লেখকঃ অসীম শইকীয়া
অৱতৰণিকাঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বাস কৰা জনজাতীয় লোকসকলক বিভিন্ন ভাগত ভাগ কৰা হয়। সেইসমূহ নগা গোষ্ঠী, লুচাই-কুকী গোষ্ঠী, বড়ো গোষ্ঠী। ইয়াৰে বড়ো গোষ্ঠীৰ অন্তৰ্গত অন্যতম জনগোষ্ঠী ৰাভা। ৰাভাসকল মূলতঃ তিব্বত-বৰ্মীয় ভাষাগোষ্ঠীৰ আৰু ইণ্ডো-মংগোলয়ড নৃগোষ্ঠীৰ জনগোষ্ঠীয়। অসমৰ কামৰূপ, গোৱালপাৰা, দৰং, গাৰোপাহাৰ, লখিমপুৰ – এই পাঁচখন জিলাতেই ৰাভাসকলে ঘাইকৈ বাস কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাজত ৰংদানী, পাতি, মাইটোৰী, বিটলীয়া, হানা, চোঙা, টোটলা, দাহুৰি, মদাহী ভাগৰ দ্বাৰাই ৰাভা সমাজ গঠিত। ইয়াৰ ভিতৰত ৰংদানী, পাতি, মাইটোৰী ভাগৰ দ্বাৰাই প্ৰকৃত ৰাভা সমাজ গঠিত। সামাজিক ৰীতি-নীতি, আচাৰ নীতি বজাই ৰখাৰ চেষ্টা কৰা দেখা যায়। ৰাভা সমাজৰ মৃত্যুৰ সৈতে জড়িত বিভিন্ন লোক পৰম্পৰা, ধ্যান ধাৰণা, প্ৰচলন মন কৰিবলগীয়া। পৰম্পৰাগতভাৱে উদযাপিত এনে আচাৰ-অনুষ্ঠানসমূহৰ ভিতৰত শ্ৰাদ্ধ ক্ৰিয়াৰ অনুষ্ঠান হ’ল ফাৰকান্তি।
ফাৰকান্তি উৎসৱৰ জনশ্ৰুতিঃ ৰাভা জনগোষ্ঠীৰ লোকসকল বিশেষভাৱে জন্মান্তৰবাদত বিশ্বাসী হোৱা দেখা যায়। তেওঁলোকে বিশ্বাস কৰে যে মৃত আত্মাই মৃত্যুৰ পিছত কিছুকাল প্ৰেতলোকত অৰ্থাৎ ৰাভাৰ খাগপুৰত কৰ্মফল অনুযায়ী ভুগি পুনৰ নিজৰ বংশত বিপৰীত লিংগৰ মানৱী শিশু হিচাপে জন্ম গ্ৰহণ কৰে আৰু বংশৰ পৰম্পৰা অক্ষুণ্ণ ৰাখে। ইয়াৰ উপৰিও মৃত আত্মাই যাতে সিপুৰীৰ পৰা অতি শীঘ্ৰে মুক্তি লাভ কৰে, পৰজনমত সুস্থ সৱল শৰীৰ লাভ কৰে, আৰু সতি-সন্ততিৰে বংশৰ মৰ্যদা অটুট ৰাখিব পাৰে তাৰ বাবে ৰাভাসকলৰ মাজত বিশেষ আচাৰ-অনুষ্ঠান পালন কৰা দেখা যায়। পৰম্পৰাগতভাৱে পালন কৰি অহা এনে ধৰণৰ আচাৰ-অনুষ্ঠানতে শ্ৰাদ্ধ ক্ৰিয়া ফাৰকান্তিৰ বীজ নিহিত হৈ থকা দেখা যায়।
ফাৰকান্তি উৎসৱৰ বুৎপত্তিঃ ৰাভাসকলৰ মাজত ফাৰকান্তি উৎসৱ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান হিচাপে পালন কৰা দেখা যায়। এই শ্ৰাদ্ধ অনুষ্ঠান বিশেষকৈ ৰাভাসমাজৰ ৰংদানী আৰ মায়তৰী ফৈদত প্ৰচলিত। ৰাভাসকলৰ ফাৰকান্তি শ্ৰাদ্ধানুষ্ঠানত ইনাই-বিনাই বিলাপ কৰি একধৰণৰ শোকগীত পৰিবেশন কৰে, তাক ফাৰকান্তি গীত বোলে। মৃতকৰ শ্ৰাদ্ধ-কৃত্যৰ নামেই ফাৰকান্তি। কোনো মৃতকৰ শ্ৰাদ্ধৰ দিনা তেওঁৰ পৰিয়ালৰ লোকে ইনাই-বিনাই বিলাপ কৰে আৰু এই কান্দোনৰ বিননিৰ শোক গীতেই হ’ল ফাৰকান্তি গীত। জনশ্ৰুতিৰ মতে বন্দন-চন্দন নামৰ দুই চিকাৰী ভাতৃয়ে যম ৰজাৰ ৰাণী গৰাকীৰ জীয়া মানুহ চোৱাৰ বাসনা নিবৃত কৰাৰ বাবে যম পুৰীত প্ৰৱেশ কৰিছিল আৰু তাৰ পৰা উভতি আহি পূৰ্ব-পুৰুষৰ আত্মাৰ সদগতিৰ অৰ্থে মানৱ সমাজত শ্ৰাদ্ধ বিধিৰ প্ৰচলন কৰিছিল। আন এটা জনশ্ৰুতিৰ মতে অতীজতে ৰাভাসকলে গাৰো কোচ সকলৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু তাত সমূহ ৰাভা বীৰ পুৰুষৰ মৃত্যু হৈছিল। যুদ্ধক্ষেত্ৰৰ পৰা বীৰ পুৰুষসকলক ভাগিনীয়েকহঁতে হাতত ঢাল তৰোৱাল লৈ নিজৰ নিজৰ মোমায়েকৰ মূৰ, হাড় চিনাক্ত কৰি তুৰাহকৰ অৰ্থাৎ তুৰাকুণ্ডত অৱস্থিত মেমাংহাখাল-মিছিহাখাল নামৰ সমজুৱা শ্মশানত সৎকাৰ কৰিছিল। সাতদিন সাতৰাতি আড়ম্বৰপূৰ্ণভাৱে ওৰে ৰাতি অস্থিৰ পবিত্ৰ বস্ত্ৰ বোকোচাত বান্ধি এই উৎসৱ উদযাপন কৰিছিল। ওৰে ৰাতি (ফাৰছা) অস্থি-বস্ত্ৰৰে (গান্থি) উদযাপিত অৰ্থত ফাৰছা গান্থি আৰু পাছলৈ ফাৰকান্তি হয় বুলি লোক বুৎপত্তি থকা দেখা যায়।
শ্ৰাদ্ধ অনুষ্ঠান হিচাপে ফাৰকান্তিৰ সময় আৰু প্ৰস্তুতিঃ ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি বা শ্ৰাদ্ধ অনুষ্ঠানৰ আৰম্ভ হয় শৱ দাহৰ দিনা ঢোল বজাই ঘোষণা কৰা দিন-বাৰ অনুযায়ী। বিশেষভাৱে পাঁচজন মতা আৰু পাঁচজনী তিৰোতাক নৃত্য-গীতত ভাগ ল’বলৈ তামোল পাণেৰে আগধৰি মান ধৰিব লাগে। ৰাভাসকলৰ শ্ৰাদ্ধ পৰ্বৰ সৈতে জড়িত উপচাৰ সামগ্ৰী, বলি-বাহন, বাদ্য-বাদক, নৃত্য-নাচনী, পুৰোহিত-ৰাইজৰ মাজত ভালে সংখ্যক পালনীয় লোকাচাৰ আৰু যাদুকৰী অনুষ্ঠান দেখিবলৈ পোৱা যায়। এই শ্ৰাদ্ধ অনুষ্ঠান পৰিয়ালকেন্দ্ৰীক যদিও ই আড়ম্বৰপূৰ্ণ আৰু উৎসৱমুখৰ হোৱা গুণে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে বিভিন্ন কৰণীয় কাজ থকা দেখা যায়। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰে বিভিন্ন কৰণীয় কাজ থকা দেখা যায়। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে শ্ৰাদ্ধৰ বাবে প্ৰয়োজন হোৱা সা-সামগ্ৰী, বলি, কলপাত, খৰি আদিৰ উপৰিও ৰভা-পৰলা দিয়া, অতিথি শুশ্ৰূষা কৰা, নৃত্য-গীত কৰা আৰু বিভিন্ন কাৰ্যৰে গৃহস্থক সহায় কৰে। সিয়ে হ’লেও শ্ৰাদ্ধ অনুষ্ঠানৰ সৰহভাগ কাম স্ব-গোত্ৰীয় লোকৰ বিশেষকৈ মোমায়েক বা ভাগিনীয়েকৰ হাততহে ন্যস্ত কৰা হয়। শ্ৰাদ্ধৰ দিনা বিবাহিত অবিবাহিতসকলৰ বাবে পৃথক পৃথক দুখন ৰভাত বহুৱাৰ ব্যৱস্থা কৰা, আৰু ৰাভাৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোকে যাতে অংশ ল’ব নোৱাৰে তাৰ চকু ৰখা, সকলো অভ্যাসগতক মদ-ভাতৰ যা-যোগাৰ দিয়া কাৰ্যত গাঁৱৰ ডেকা-গাভৰুৰ সহায় আৱশ্যক। তেওঁলোকৰ এই শ্ৰাদ্ধ অনুষ্ঠান বিশেষভাৱে তিনিদিন ধৰি পালন কৰা দেখা যায়। ইয়াৰ উপৰিও বিভিন্ন কাৰণবশতঃ অনুষ্ঠান সমাপন কৰিব নোৱাৰিলে সাতদিন পৰ্যন্ত এই অনুষ্ঠান চলা দেখা যায়। এই উৎসৱত মদ, গাহৰি-কুকুৰাৰ মাংসৰে আমীষাহাৰ আৰু বিড়ী, তামোল-পাণ পিণ্ড হিচাপে অৰ্থাৎ ৰাভাৰ মায়-চকো আৱশ্যক। ৰাভাসকলে নিয়মৰ জৰিয়তে জীৱ হত্যা কৰি পুৰি, ৰান্ধি, পৰম্পৰাগত প্ৰথাৰে মাংস প্ৰস্তুত কৰে, ইয়াত কোনো ধৰণৰ তেলৰ ব্যৱহাৰ দেখা নাযায়।
ৰাভাসকলৰ ফাৰকান্তি উৎসৱৰ পিণ্ডদান ব্যৱস্থাঃ ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠান ফাৰকান্তিত পিণ্ডদান বিশেষভাৱে ঘৰৰ চুকত, চোতালত দিয়া ৰভাৰ ভিতৰত বেদী সাজি কলপাতত আগ কৰা দেখা যায়। পিণ্ডৰ অন্য এটা অংশ নদীৰ পাৰত বা নতুনকৈ খন্দা কুঁৱাত দিয়া যায়। এনে কৰিলেও শ্ৰাদ্ধাদিৰ অন্তত এই সকলোবোৰ পিণ্ড পাত্ৰত তুলি শোভাযাত্ৰা কৰি মৃতকৰ শ্মশানত পুতি থৈ অহাৰ নিয়ম। ৰাভাসকলৰ মাজত একে সময়তে কেবাজনো মৃতকৰ শ্ৰাদ্ধ-অনুষ্ঠান পতাৰ নিয়ম আছে। এওঁলোকৰ পিণ্ডদান প্ৰক্ৰিয়াতো বিশেষকৈ আত্মীয়-স্বজন আৰু নিজৰ গোত্ৰৰ মাজত সীমাবদ্ধ থাকে।
ফাৰকান্তি উৎসৱত গীত-বাদ্যৰ ব্যৱহাৰঃ ৰাভাসকলৰ ফাৰকান্তি উৎসৱত শ্ৰাদ্ধ গীত গাবৰ বাবে একাধিক অভিজ্ঞ বয়োবৃদ্ধ বিধবা তিৰোতাৰ উপস্থিতি বাধ্যতামূলক। এওঁলোকৰ তোদান নেকায়ে বজোৱা বাদ্য বিশেষভাৱে ঢোল বাদ্য ৰাভাৰ খামত চেও তুলি মৃতকৰ আশা আকাংক্ষা, দোষ-গুণ আৰু মৃত আত্মাই সুকলমে যমপুৰী পাব পৰা পথৰ নিৰ্দেশেৰ, আৰু পুনৰ নিজৰ গোত্ৰত জন্মৰ কামনা কৰি শোক গীত গোৱা একান্তই কাম্য। ৰাভাসকলে গীত পৰিবেশনত বিলাপ কৰি কান্দিব পৰা এক বিশেষ ব্যক্তিক সূত্ৰধাৰ হিচাপে লোৱা দেখা যায়। এই সূত্ৰধাৰী কান্দোতাই কাণ টুকুৰী নামৰ সৰুতাল বজাই বিননি তোলে আৰু তেওঁৰ লগত সুৰ মিলাই আত্মীয়-স্বজনসকেল বিনায়। ইয়াৰ লগে লগে কাঁহ, কাৰাবাঁহী, খাম, শিঙা আদিৰো সুৰৰ মুৰ্চ্ছনা বাজি উঠে আৰু সেই সুৰৰ মুৰ্চ্ছনাত সকলোৱে লয়লাস ভঙ্গীৰে নৃত্য কৰা আৰম্ভ কৰে। ফাৰকান্তি উৎসৱৰ গীতসমূহত কেৱল কৰুণ ৰসেই প্ৰকাশ লাভ কৰা দেখা নাযায়। কোনো কোনো ঠাই সপক্ষে হাস্যৰস, শৃংগাৰ ৰস আদিয়েও ভূমুকি মাৰে। ফাৰকান্তি উৎসৱৰ গীত পদসমূহ চৰম অশ্লীল আৰু ঠাট্টা মস্কৰাৰে পৰিপূণ। এওঁলোকৰ নৃত্য গীতসমূহত প্ৰধানভাৱে ডেকা-গাভৰুসকলেহে ভাগ লয় যদিও বিশেষ কিছুমান নাচত অন্যান্য পুৰুষ-মহিলাসকলেও ভাগ লোৱা দেখা যায়। ইয়াৰ উপৰিও ভিন ভিন গাঁৱৰ পৰা মানছালেংকা, তামঝাংকা, তুপু বোদা আদি নৃত্যৰ সঁজুলিৰে ডেকাই আৰু ঢাল তৰোৱাল লৈ গাভৰুসকলে স্বৰ্তঃস্ফুৰ্তভাৱে অংশ লোৱা দেখা যায়।
ফাৰকান্তি উৎসৱত যাদুধৰ্মীয় লোকাচাৰঃ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ শ্ৰাদ্ধ অনুষ্ঠান ফাৰকান্তিত ভালেমান যাদুধৰ্মী লোকাচাৰ পালন কৰা দেখা যায়। ৰাভাসকলে শ্ৰাদ্ধৰ দিনাখন খেৰ-বাঁহেৰে দুৱাৰবিহীন সৰু জুপুৰী ঘৰ এচা সাজি তাত চাৰিডাল বাঁহ পুতি চাৰিখন পতাকা, কেবা তৰপীয়া চন্দ্ৰতাপ তৰি দিয়া আৰু তাৰ ভিতৰত মৃতক আছে বুলি কল্পনা কৰি লৈ মদ-ভাত দিয়া যাদুধৰ্মী লোকাচাৰ থকা দেখা যায়। এই জনগোষ্ঠীৰ শ্ৰাদ্ধ পৰ্বৰ আৰম্ভণি হয় মৃতকৰ আত্মা অয়ন আৰু বোধন (ৰাভাৰ গান্থি ৰাছামকায়) অনুষ্ঠানৰ জৰিয়তে। ৰাভাৰ পৰম্পৰা মতে অতীজতে মৃতকৰ ভাগিনীয়েক এগৰাকীয়ে একে ৰাতিৰ ভিতৰতে বৈ উলিওৱা পবিত্ৰ দোতাৰি নামৰ কাপোৰখনত শ্মশানৰ পৰা মৃত মোমায়েকৰ হাড় বা অস্থি বোকোচাত বান্ধি হাতত ঢাল তৰোৱাল লৈ ঘৰলৈ অনা নিয়ম। এনেদৰে আনোতে বাটত কোনো এটা নিজৰা বা নদীৰ ঘাটত শিলৰ আসনত সেই হাড় বা অস্থি স্থাপন কৰি পানীৰে ধুৱাই দুডোখৰ কাপোৰেৰে গাঠি দি মদ ভাত আদি দি ঘৰ সুমুৱাইছিল। পৰৱৰ্তী সময়ত মৃতকৰ সৎকাৰৰ আগে আগে তুলি অনা ৰঙা-বগা দহহতীয়া দুখন কাপোৰেৰে দুতৰপীয়াকৈ ভাগিনীয়েকগৰাকীৰ গাত বিশেষভাৱে বান্ধি ঘৰলৈ অনা হয়। শ্ৰাদ্ধ আয়োজন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সেই গাঁঠি দিয়া কাপোৰ নতুন পীৰা এখনৰ ওপৰত প্ৰতিষ্ঠা কৰা হয় আৰু পুৱা-গধূলি মদ ভাত দিয়া হয়। শ্ৰাদ্ধৰ দিনা সন্ধিয়া আন্যান্যপূৰ্বপুৰুষৰ সৈতে যমৰজাক এভাগিকৈ মুঠ সাত বা তিনিভাগ আসন বেদী এখনত বহুৱাই ঢোলৰ জৰিয়তে তিনিজনী গাভৰু আৰু ডেকাই শোভাযাত্ৰা কৰি, লগতে বৃদ্ধ তিৰোতাসকলো শ্মশানলৈ গৈ মদ-ভাত আগ কৰি মৃতকক শ্ৰাদ্ধ গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা জনায় আৰু নৃত্য-গীত কৰা লোকাচাৰৰ প্ৰচলন থকা দেখা যায়। এনেদৰে বিভিন্ন লোকাচাৰৰ জৰিয়তে ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠান ফাৰকান্তি আৰম্ভ কৰা দেখা যায়।
সামৰণিঃ ৰাভাসমাজে বিশ্বাস কৰা ফাৰকান্তি উৎসৱ শোকৰ উৎসৱ হ’লেও ইয়াত ৰং-ৰহইচ অপৰিহাৰ্য হোৱা দেখা যায়। ৰাভাসমাজৰ ফাৰকান্তি একান্ত পাৰিবাৰিক শ্ৰাদ্ধ অনুষ্ঠান হোৱাৰ সত্বেও সমূহ স্বজাতীয় লোকৰ উপস্থিতিৰে, জাতীয় নৃত্য-গীতৰ উপস্থাপন আৰু জাতীয় ধ্যান ধাৰণাৰ পৰিস্ফুটনৰ মাজেদি সম্পাদন কৰা হয় বাবে বৰ্তমানে এই অনুষ্ঠান ৰাজহুৱা অনুষ্ঠানলৈ উত্তৰণ হৈছে। এনেদৰে বিভিন্ন লোকাচাৰ আৰু পৰম্পৰাৰ মাজেৰে ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি উৎসৱ পালন কৰা দেখা যায়।