জনজাতীয় পৰম্পৰা ৰীতি-নীতি

বড়োসকলৰ পৰম্পৰাগত বিধি-বিধান

post

Share

লেখকঃ তৰেণ বঢ়ো

আজিৰ বড়ো-কছাৰীসকল অনাৰ্য, অতীতৰে পৰা চীন, তিব্বত-হিমালয় পাৰ হৈ আহি উত্তৰ-পূব ভাৰতৰ অসমত বাস কৰা ভাৰতৰ প্ৰাচীন ঐতিহ্যপূৰ্ণ জাতি৷ এই জাতিৰ নিজ সভ্যতা, ধৰ্ম, ৰীতি-নীতি, আচাৰ আদি সুকীয়াকৈ আছে৷ বড়োসকলৰ নিজা ধৰ্ম, লোকাচাৰ বুলিবলৈ হ’লে তেওঁলোকে বাথৌ বৗৰাইকে আদি গুৰু ভগৱান হিচাপে মানি আহিছে৷ বাথৌ বৗৰাই হৈছে পঞ্চভূতৰ গৰাকী বা মালিক [holi spirit]৷ অৗং [আকাশ], হ্ৰিং [সূৰ্য], খ্ৰিং [পানী], ফৗৎ [বায়ু], আৰু সে [মাটি]- এই পঞ্চভূতৰ গৰাকী হ’ল বাথৌ৷

বড়োসকলে অতীতৰে পৰা দুটা পৰ্ব বা উৎসৱ পালন কৰি আহিছে৷ বতৰৰ উৎসৱ [seasonal festival] আৰু ধৰ্মীয় উৎসৱ [religious festival]৷ বতৰৰ উৎসৱ বুলি ক’লে প্ৰধানতঃ বিহু বা বৈসাগু পালন কৰে৷ বৈসাগু চ’তৰ সংক্ৰান্তি আৰু প্ৰথম ব’হাগত পালন কৰা হয়৷ এই উৎসৱক বড়োসকলে বতৰৰ উৎসৱ হিচাপে গৰু বিহু আৰু মানুহ বিহু হিচাপে পালন কৰা প্ৰথা এতিয়াও চলি আছে৷ ব’হাগৰ প্ৰথম দিনাখন বড়োসকলে ইষ্ট দেৱতা বাথৌৰ বেদীত পূজা-অৰ্চনা কৰে আৰু ভোগ কৰাৰ আগতে পূৰ্বপুৰুষসকলৰ স্মৰণাৰ্থে ফুল, প্ৰসাদ, পিঠা, লাৰু আদি উচৰ্গা কৰাৰ প্ৰথা এতিয়াও চলি আছে৷ তাৰ পিছতহে খোৱা-লোৱা চলে৷ ৰং-ৰহইচ কৰা, জ্যেষ্ঠজন বা মা-দেউতা, আত্মীয়-কুটুমৰ আশীৰ্বাদ লোৱা আৰু কনিষ্ঠসকলক মৰম-চেনেহ যাঁচি আশীৰ্বাদ প্ৰদান কৰা নিয়ম অতীতৰে পৰা চলি আহিছে৷

ব’হাগ বিহুৰ বাহিৰেও বড়োসকলে মাঘ বিহুক দমাচী হিচাপে পালন কৰে৷ উৰুকাৰ দিনাখন পথাৰত মেজি বা বেলাগুৰ সজাই গোটেই ৰাতি উজাগৰে থাকি ৰাতিপুৱা গা ধুই সমূহীয়াভাৱে মেজি জ্বলোৱাৰ নিয়ম এতিয়াও আছে৷ ইয়াৰ অৰ্থ হৈছে অগ্নিদেৱতাই সকলো অপায়-অমংগল নাশ কৰি সমাজত শান্তি বিৰাজ কৰে৷ তাৰ পিছত বছৰৰ কৃষি কাৰ্য কৰি পোৱা ধান-চাউলৰ পিঠা-পনা, লাৰু বনাই খোৱাৰ নিয়ম আছে৷ সমূহীয়া জলপানৰ লগতে বড়োসকলে নিজে বনোৱা ৰহী বা জৌ বিদৌ কোৱা আৰু অতিথি আপ্যায়নৰ প্ৰথা এতিয়াও চলি আছে৷

বতৰৰ উৎসৱত বহুতো উল্লেখযোগ্য উৎসৱ বড়োসকলে পালন কৰি আহিছে৷ যেনে- কাতি মাহত ‘কাতিগাছা’ পালন কৰে৷ পথাৰত ধান ওলোৱাৰ সময়ত কীট-পতংগ বিনাশ কৰা বা ৰোৱা ধাননি পথাৰৰ যাতে কোনো অনিষ্ট নহয় তাকেই লোকাচাৰ হিচাপে বিশ্বাস কৰি ঔ টেঙাৰ বাকলিৰে চাকি-বন্তি জ্বলোৱা নিয়ম এতিয়াও দেখা পোৱা যায়৷ অৱশ্যে নগৰ-চহৰত বাস কৰা সকলে এই কাতি বিহু বা কাতিগাছা মাটিৰ চাকি জ্বলাই পালন কৰে৷ ইয়াৰ বাহিৰেও আহাৰ মাহত আমথি বা আমথি চুৱা পালন কৰা নিয়মো আছে৷ লগতে অইন সৰু সৰু কিছুমান বতৰৰ উৎসৱো বড়ো-কছাৰীসকলে পালন কৰে৷ শাওণ-ভাদ মাহত পথাৰত ধান ৰোৱা শেষৰ দিনটোত বোকা ছটিয়াই ছটিয়াই ৰং-ৰহইচ কৰি ‘নাংগৗল জাংখ্ৰা’, প্ৰথম ধান ৰোৱা, কঠিয়া সিঁচা, ছাওৰি [লগে ভাগে হাল বোৱা, ধান ৰোৱা, ধান কটা] আদি প্ৰধান৷ তাৰোপৰি উথুমৈ হানায় [নাড়ি কটা], দৈ সাৰনায় [কেঁচুৱাক ভাত খুওৱা] আদি পৰম্পৰাগতভাৱে চলি অহা উৎসৱ৷

বতৰৰ উৎসৱৰ বাহিৰেও বড়োসকলে ধম¹য় উৎসৱো অতীতৰে পৰা পালন কৰি আহিছে৷ প্ৰধানকৈ ১৮ জোৰা বাঁহৰ খুটি বেৰ দি মাজভাগত সিজু গছক বাথৌ বা ঈশ্বৰৰ প্ৰতীক হিচাপে ৰোপণ কৰি পূজা-অৰ্চনা কৰা হয়৷ বাথৌ পূজা মাঘৰ দ্বিতীয় মংগলবাৰৰ দিনা ৰাজহুৱা বা ব্যক্তিগতভাৱে কৰা হয়৷ আগতে বড়োসকলে বাথৌ পূজা খেৰাই উৎসৱৰ সময়তহে কৰিছিল৷ কিন্তু বাথৌ মহাসভাই নিয়মাৱলী তৈয়াৰ কৰি আজিকালি সময়োপযোগীকৈ বাথৌ পূজা আৰু খেৰাই উৎসৱ পালন কৰে৷ যথেষ্ট পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে৷

বড়ো-কছাৰীসকলে পাঁচটা ভাগত খেৰাই উৎসৱ পালন কৰে৷ সেইকেইটা হৈছে- উমৰাও [ৰাজহুৱা], দৗৰসৗন, মাইনাও [শালি], সংসাৰী আৰু ননি অথাৰ্ৎ ঘৰৰ খেৰাই৷ খেৰাই উৎসৱত দৌদিনী অথাৰ্ৎ ধৌদিনীয়ে ১৮ বাৰ স্বৰলিপিত [Notation] নৃত্য প্ৰদৰ্শন কৰি বিভিন্ন দেৱ-দেৱীক স্মৰণ কৰি মন্ত্ৰপাঠ কৰে৷ ইয়াৰে সুকীয়া সুকীয়া নৃত্যৰ ভাৱ-ভংগীমা সময়ত দেখিবলৈ পোৱা যায়৷ খেৰাইৰ বাহিৰেও এলেকা ভিত্তিত সময়োপযোগী হিচাপে গাৰজা পূজা, ভাচানি, লাংগামাৰা পূজা আদি ভিন্ন ভিন্ন প্ৰথাত বড়ো-কছাৰীসকলে অতীতৰেপৰা ইষ্ট দেৱতাক সন্তুষ্ট কৰাৰ বাবে পূজা-অৰ্চনা কৰি অহা দেখিবলৈ পোৱা যায়৷

বড়ো-কছাৰীসকলে মানুহৰ মৃত্যু হ’লে দাহন কৰা প্ৰথা, পুতি থোৱা প্ৰথা আৰু মৰাশ নদী বা হাবিৰ মাজত পেলাই থৈ অহা প্ৰথা পালন কৰিছিল৷ বেমাৰ-আজাৰ ধবংসৰ বাবে দাহন, পুতি থোৱাত বংশ পৰিয়াল উদঘাটন আৰু মুকলিকৈ পেলাই থৈ আহিলে শিয়াল-কুকুৰে খাই পৰিৱত্ৰতা লাভ কৰিব বুলি বিশ্বাস কৰি আহিছে৷ বড়ো-কছাৰীসকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে শ্ৰাদ্ধ কৰা নিয়ম অতীজৰে পৰা পালন কৰি আহিছে৷ মৃতকৰ আত্মাৰ সদগতিৰ বাবে দাহা [দহা] দহ দিনত আৰু ৰাজহুৱা শ্ৰাদ্ধ পালন কৰে৷ শ্ৰাদ্ধৰ সময়ত মৃতকৰ নামত দান-দক্ষিণা, টকা-পইচা, উচৰ্গিত সামগ্ৰীক ৰাইজে গ্ৰহণ কৰা প্ৰথা অথাৰ্ৎ cheritable offering নিয়ম চলি আহিছে৷ শ্ৰাদ্ধ দুই প্ৰকাৰৰ কৰা দেখা যায়- গিচি [ভজা] আৰু গৗৰান [শুকান], অথাৰ্ৎ ভোজ আৰু চাহ-পানীৰ লগতে লাউপানী, মাংস, শাকতা [নাৰজৈ], অগাৰ খাই মৃতকক বিদায় দিয়া নিয়ম আছে৷ অৱশ্যে আজিকালি অলপ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে৷ ব্ৰহ্ম ধৰ্মৰ বড়ো-কছাৰীসকলে  বৈদিক প্ৰথাৰে যজ্ঞাহুতি দি মাংগলিক অনুষ্ঠানেৰে শ্ৰাদ্ধ বা বিয়া-বাৰু কৰা দেখা যায়৷

বড়োসকলৰ মাজত তুলনি বিয়া বা পুষ্পিতা পৰ্ব নাছিল৷ এতিয়া ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে হ’লেও বড়ো-কছাৰীসকলৰ মাজত পৰিছে৷ লগতে আহিনত মূৰ্তি পূজা, মাৰাই পূজা, বলি বিধানেৰে ঈশ্বৰক সন্তুষ্ট কৰাৰ বাবে পূজা কৰা প্ৰথা এতিয়াও ঠায়ে ঠায়ে চলি থকা কথাটো সৰ্বজনবিদিত৷

বড়ো-কছাৰীসকলৰ বিবাহ সম্পন্ন কৰিবলৈ বহুতো প্ৰথা চলি আহিছে৷ যজ্ঞাহুতি, হাথাচুনি, বাথৌ প্ৰথা, মন্দিৰত বিবাহ সম্পন্ন হোৱা আদি৷ আগতে প্ৰচলিত বহু বিবাহ পদ্ধতি আজিকালি প্ৰায় নোহোৱা হৈছে৷ চৰকাৰৰ তৎপৰতাত বাল্য বিবাহ বন্ধ হৈছে৷ বিধৱা বিবাহ বা ডোংকা [হাবনায়] বিবাহ, বিবাহ বিচ্ছেদ [ফাথৈ লাই বিচিনাই], দৗনখাৰ হাবা [পলাই গৈ বিয়া হোৱা], গন্ধৰ্ব বিবাহ প্ৰথাও চলি আছে৷ বিয়াৰ সময়ত দুই পৰিয়ালৰ লগত সম্বন্ধ ৰক্ষা বা বিয়াৰ বাবে ছোৱালীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত নিৰিক বছনাই [মকৰা চিঙা] প্ৰথা, মামাই মাৰা প্ৰথা আদিও আছে৷ দৰাঘৰে কইনা অনাৰ সময়ত বিবান বা ভাৰ নিয়াৰ নিয়ম কৰা হয়৷

ঠায়ে ঠায়ে ভেকুলী বিয়াৰ বিশ্বাস এতিয়াও গাঁওবিলাকত দেখিবলৈ পোৱা যায়৷ বড়োসকলে বিভিন্ন লোকাচাৰ মানি চলি সংসাৰত বৰ্তি আছে আৰু সমাজক চলাই নিয়াৰ বাবে সংস্কাৰ বা বিচাৰ আদি কৰাৰ বাবে গাঁওবুঢ়া প্ৰথা এতিয়াও চলি আছে৷ এইক্ষেত্ৰত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰৰ বড়ো বাৰো দলৰ কথা উল্লেখ কৰিব লাগিব৷ সেই অঞ্চলৰ বড়ো-কছাৰী লোকে এতিয়াও বহুতো নীতি-নিয়ম সমাজত মানি চলি আহিছে৷ নিজ নিজ বিধি বা উপবিধি তৈয়াৰ কৰি লোকাচাৰ পালন কৰা দেখা যায়৷

বড়োসকলৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰথা বা লোকাচাৰ হৈছে- বাদ খন্থি বা বাদ বিধি৷ এই বিধিৰ দ্বাৰা বড়ো-কছাৰীসকলে বিচাৰ-বিবেচনা কৰি বিভিন্ন সময়ত অপৰাধীক শাস্তি প্ৰদান কৰে৷ ই বড়োসকলৰ এক অতি গুৰুত্বপূৰ্ণ লোকাচাৰ৷ এই পাঁচবিধ বাদ হৈছে- অগৰ বাদ, ফংশ¡দ বাদ, খৌলৗবৗৎ বাদ, দাওখি বাদ আৰু খাওয়ালীবাদ৷ এই পাঁচটা বাদ বা বিধিৰে বড়ো-কছাৰীসকলে সমাজত ঘটা আঁসোৱাহ, ঘটনাবিলাক বিচাৰ-বিবেচনা কৰি দোষীক শাস্তি প্ৰদান কৰে৷ এই বাদৰ দ্বাৰা দোষী সাব্যস্ত কৰি জৰিমনা বা সামাজিক শাস্তি প্ৰদান কৰাৰ বাবে পাণ্ডুলিপি তৈয়াৰ কৰি গাঁওৰ মুখিয়ালজনক কতৃৰ্ত্ব প্ৰদান কৰা হৈছে৷ এই প্ৰথাই বাথৌ ধৰ্মাৱলম্বী বড়ো-কছাৰীৰ মাজত .থেষ্ট প্ৰভাৱ পেলোৱা দেখা গৈছে৷

বাথৌনি বান্দৗআ বান্দৗবা

সিজৌনি সিৰিয়া সিৰিবা

চিফুংনি গুদুঙা গুদুংবা

থাইগিৰনি খঙা খংবা

সুবুংনি আসাৰবৗ-আসাৰবা

অথাৰ্ৎ যেনেদৰে ‘সিফুং’ [বাঁহী]ৰ ফুটা পাঁচটা থাকে, ঔ টেঙাৰ কোষ পাঁচটা থাকে, সিজু গছৰ সিৰ পাঁচটা থাকে, ঠিক তেনেদৰে বাথৌ  [ভগৱান] এ বান্ধি দিয়া বান্ধো পাঁচটা৷ আৰৗ বড়া বৗৰাইৰ তথা অতীততে বুঢ়া-মেথাই বান্ধি দিয়া বড়ো সমাজৰ আচাৰ-নীতিও পাঁচটা৷ মন কৰিবলগীয়া কথাটো হ’ল- বড়োসকলে সকলো ক্ষেত্ৰতে আদিম কালৰ পৰাই ‘বা’ [পাঁচ] শব্দৰে ঘৰুৱা, সামাজিক আৰু ধম¹য় আচাৰ-বিচাৰ, নীতি-নিয়ম, সংখ্যা গণনা পালন কৰি আহিছে৷ বড়োসকলৰ আদি মূল সংখ্যা গণনাও হ’ল পাঁচটা৷ ৰ- সে, ২- নৈ, ৩- থাম, চ্ছ্ৰ- ব্ৰৈ আৰু প্ত- বা৷ সেই কাৰণে পাঁচৰ ধাৰণাৰ গূঢ় তত্ব বাথৌৰ লগত সংযুক্ত হৈ আছে, য’ত বাথৌ ধৰ্ম আৰু বাথৌ দৰ্শন নিহিত হৈ আছে৷ সেইকাৰণে বাথৌ ভগৱানৰ পঞ্চভূত আৰু পাঁচটা বান্ধ মানুহ, জীৱ-জন্তু, পোক-পৰুৱা, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ ওপৰত আৰোপ কৰাৰ দৰে, এজন ব্যক্তিৰ পাঁচ ধৰণৰ আচাৰ-নীতি থকাৰ দৰে, বড়ো সমাজত বড়ো বৗৰাইয়ে প্ৰৱৰ্তন কৰা পাঁচ প্ৰকাৰৰ সামাজিক ৰীতি-নীতিৰ ওপৰত প্ৰাধান্য দি সকলো ধৰণৰ সামাজিক, ধম¹য় আচাৰ-নীতিবোৰ পালন কৰে৷ সেই কাৰণে বাথৌ হ’ল বড়োসকলৰ ধৰ্মৰ নাম আৰু ইয়ে বড়ো ধৰ্মৰ দৰ্শনৰো নাম৷

আগতে উল্লেখ হৈছে যে ‘বাথৌ বান্দৗআ বান্দৗবা’ অথাৰ্ৎ ভগৱানৰ বান্ধ বা নীতি পাঁচটা৷ বড়োসকলে বিশ্বাস কৰে-

লাওবা লাউচৗম

খাওবা খাওসৗম

আদা গৗসৗম

দৈয়াও বাৰসৗম৷

পঞ্চ ইন্দ্ৰিয়ৰ কথা প্ৰধানকৈ বিশ্বাস কৰে৷ বড়োসকলে বাথৌৰ বিধি-বিশ্বাস অতীতৰে পৰা বিশ্বাস কৰি আহিছে৷

আনফালেদি বড়ো-কছাৰীসকলৰ কলা-কৃষ্টিৰ সুকীয়া স্থান আছে৷ বড়োসকলৰ কলা-কৃষ্টি বুলি ক’লে বাগৰুম্বা নৃত্যৰ কথা ক’ব লাগিব৷ ইয়াৰ বাহিৰে বাৰদৈচিখ্‌লা, দাওশ্ৰি দেলাই, খেৰাই, ছত্ৰালী, মৗছাগ্লাংনাই আদি জাতীয় নৃত্য হিচাপে পৰিগণিত হৈ আহিছে৷

বৈসাগু বা বিহু গীতৰ নিজা নিজা স্বৰলিপি আছে৷ বাগৰুম্বা নৃত্যৰ লগত বৈসাগু গীতৰ সম্পৰ্ক নাই৷ বৈসাগু গীতত ৰং-ৰহইচৰ চৰিত্ৰ অধিক৷ ইয়াৰ স্বৰলিপি অইন ভাৰতীয় গীত বা নৃত্যৰ লগত মিল নাই৷ বৈসাগু গীত-মাত, যাত্ৰা গানৰ গীত-মাত, পুতলা নাচৰ গীত-মাত, নাটক বা বোলছবিৰ গীত-মাত ইত্যাদি নিজ নিজ বৈশিষ্ট্য আছে৷ ইয়াক বাগৰুম্বা নৃত্য বা গীতৰ লগত তুলনা কৰিব নোৱাৰি৷

বড়োসকলৰ সাজ-পাৰৰ সুকীয়া বৈশিষ্ট্য আছে৷ শিপিনীসকলে নিজে এড়ি সূতা কাটি এণ্ডি কাপোৰ, দখনা ফালি [জৗমগ্ৰা], আৰনাই আৰু অন্যান্য সাজ-পাৰ বনাই পিন্ধে৷ আজিকালি অৱশ্যে ব্যৱসায়িক হ’বলৈ ধৰিছে৷ বড়োসকলে এতিয়াও নিজ নিজ কলা-কৃষ্টি বজাই ৰাখি সুকীয়াকৈ চহকী জাতি ৰূপে চলি আছে৷ বড়োসকলৰ নিজ কলা-কৃষ্টি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত আছে৷

আপুনিও ভাল পাব পাৰে!