আমাৰ বিষয়ে

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সমাজ-জীৱন, আধ্যাত্মিক চিন্তাদৰ্শ, সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য নিৰ্ভৰ আলোচনা-গৱেষণাৰ উপৰি ইয়াৰ জনসমুদায়ৰ আত্মমৰ্যাদা তথা সাংবিধানিক সুৰক্ষা আদি বিষয়ত গভীৰভাৱে আত্মনিয়োগ কৰি থকা ‘হেৰিটেজ ফাউণ্ডেশ্যন’ হ’ল মূলতঃ এক দাতব্য অনুষ্ঠান৷ বৌদ্ধিক স্তৰত বিভিন্ন পুথি-পাঁজি, আলোচনী প্ৰকাশ কৰা, সভা-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত কৰা আৰু সাংগঠনিক দিশত বিভিন্ন বিভাগৰ সংশ্লিষ্ট কতৃৰ্পক্ষ তথা বিভিন্ন ভাষা-ভাষীৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলা আদি দিশত ‘হেৰিটেজ ফাউণ্ডেশ্যনে’ এটা নিৰৱ অথচ সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ২০০২ চনৰ পৰা ইংৰাজী ভাষাত ‘হেৰিটেজ এক্সপ্লৰাৰ’ নামে ইংৰাজী ভাষাৰ আলোচনী প্ৰকাশন আৰম্ভ কৰাৰ পিছত ২০১৭ চনৰ পৰা অসমীয়া ভাষাত ‘ঐতিহ্য বাৰ্তা’ নামে আলোচনী প্ৰকাশন কৰে। আলোচনীখনৰ মূল লক্ষ্য-উদ্দেশ্য হ’ল উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া সমাজখনৰ আধ্যাত্মিক-সাংস্কৃতিক পৰম্পৰা তথা সমাজ-ঐতিহ্যৰ বিষয়ে মৌলিক চিন্তা-চৰ্চাৰ তথ্য সমৃদ্ধ প্ৰবন্ধ-পাতি প্ৰকাশৰ যোগেদি সিবিলাকৰ প্ৰচাৰ-প্ৰসাৰত এক যোগাত্মক পৰিৱেশ ৰচনা কৰা৷ভাৰত চৰকাৰৰ কাকত-আলোচনীৰ পঞ্জীয়ন বিভাগ RNI ত পঞ্জীভুক্ত হোৱাৰ উপৰিও National Science Library Indian National Center for ISSN ৰ পৰাও আলোচনীখনে স্বীকৃতি লাভ কৰিছে।২০১৭ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই থকা আলোচনীখনে শেহতীয়াভাৱে গণৰাজ্য দিৱস উপলক্ষে ‘জনজাতীয় আধ্যাত্মিকতাঃ আচৰণবিধি, অনন্যতা আৰু গৌৰৱবোধ’ শীৰ্ষক বিষয়ৰে বিশেষ সংখ্যা প্ৰকাশ কৰে।