Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

জনজাতীয় পৰম্পৰা ৰীতি-নীতি

হাজংসকলৰ জন্ম সম্পৰ্কীয় লোকবিশ্বাস

post

Share

লেখিকাঃ ড পূৰবী কলিতা

লোকবিশ্বাস লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ বুলি কোৱা হয়৷ লোকসংস্কৃতিক ইংৰাজীত ‘Folklore’ বুলি কোৱা হয়৷ এই শব্দটো ব্ৰিটিছ পুৰাতত্ত্ববিদ জন উইলিয়াম থমছে ১৮৪৬ চনৰ ২২ আগষ্টত ‘Athenium’ নামৰ আলোচনীত  লোকজ্ঞান বা অভিজ্ঞতাক বুজাবলৈ ‘Folklore’ পদটো ব্যৱহাৰ কৰিছিল৷ লোকসংস্কৃতিয়ে লোক জীৱনৰ অভিব্যক্তি প্ৰকাশ কৰে৷

অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটা প্ৰাচীন জনগোষ্ঠী হৈছে হাজং জনগোষ্ঠী বা হাজং জনসম্প্ৰদায়৷ মূলতঃ মংগোলীয় মানৱ প্ৰজাতিৰ অন্তৰ্গত এই হাজংসকল চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অধীনৰ আছিল৷ আদিতে এওঁলোক মাতৃপ্ৰধান সমাজ ব্যৱস্থাৰ অন্তৰ্গত আছিল যদিও পিছলৈ জনগোষ্ঠীটোৰ সমাজ ব্যৱস্থা, বিধি-বিধানবোৰ পুৰুষ প্ৰধানলৈ ৰূপান্তৰিত হয়৷ সম্প্ৰতি ভাৰতীয় সংবিধান মতে অসমৰ এই আদিম জনগোষ্ঠীটো অনুসূচীত জনগোষ্ঠীৰূপে স্বীকৃত৷

হাজং কিম্বদন্তীমতে, জনগোষ্ঠীটোৰ আদিম বাসস্থান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত স্থিত ঐতিহাসিক হাজো অঞ্চল বা হাজো ৰাজ্য৷ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পিছত হাজো ৰাজ্য ধবংস হোৱাৰ পৰিপ্ৰেক্ষিতত এই জনগোষ্ঠীটোৰ লোকসকলে তেঁওলোকৰ বীৰ যোদ্ধা কশ্যপৰ নেতৃত্বত হাজো পৰিত্যাগ কৰি ক্ৰমে গাৰো পাহাৰলৈ গৈ তাতে স্থায়ীভাৱে বসতি কৰিবলৈ ধৰিলে৷ উল্লেখযোগ্য যে হাজো অঞ্চলৰ পৰা যোৱা ১২ হাজাৰ হাজং লোকে গাৰো পাহাৰৰ যি ঠাইখণ্ডত গৈ প্ৰথম বসতি স্থাপন কৰিছিল সেই ঠাইখণ্ডৰ লোকসকলৰ সংখ্যাগত নামেৰেই ‘বাৰ হাজাৰী’ বুলি পৰিচিত হৈছিল৷ কালক্ৰমত জনসংখ্যা বৃদ্ধিৰ পৰিণতিত খাদ্য, বাসস্থানৰ সন্ধানত জনগোষ্ঠীটোৰ লোকসকল ইয়াৰ পৰাই ক্ৰমে গাৰো পাহাৰৰ বিভিন্ন ঠাই, গোৱালপাৰা আৰু বাংলাদেশৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজিত হয়৷ এনেদৰে হাজো অঞ্চলৰ পৰা অহা বাবে প্ৰথমে তেওঁলোকে নিজকে ‘হা-জোআৰু পিছলৈ ‘হাজংবুলি পৰিচয় দিবলৈ ধৰিলে৷ অন্যহাতে, আন এক লোকপ্ৰবাদ মতে, কৃষিজীৱী কঠোৰ পৰিশ্ৰমী এই জনগোষ্ঠীটোক ‘হাজংনামটি গাৰোসকলেই দিছিল৷ বিশেষতঃ গাৰো পাহাৰৰ সমতল ভূমিত এই জনগোষ্ঠীটোৰ লোকসকলে বোকাৰে লুতুৰি-পুতুৰি হৈ হাল-কোৰ বাই কঠোৰ পৰিশ্ৰমেৰে খেতি-বাতি কৰিছিল বাবে তেওঁলোকক অঞ্চলটোৰ আদিবাসী গাৰোসকলে হাজং বুলিছিল৷ কাৰণ, গাৰো ভাষাত ‘হামানে মাটি আৰু ‘জংমানে হ’ল পোক অথাৰ্ৎ মাটি পোক৷ একপ্ৰকাৰে ক’বলৈ গ’লে মাটি চহোৱাত অতি পাকৈত লোক বিশেষ৷

সম্প্ৰতি হাজং জনগোষ্ঠীচোৰ লোকসকল অসমৰ অবিভক্ত গোৱালপাৰা, কামৰূপ, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড়, নগাঁও, কাৰ্বি আংলঙত বিভিন্ন প্ৰান্তত বাস কৰা দেখা যায়৷ সবাৰ্ধিক সংখ্যক লোক গোৱালপাৰাত আছে৷ ইয়াৰ বাহিৰেও মেঘালয়ৰ গাৰো পাহাৰত যথেষ্টসংখ্যক হাজং লোকৰ নিবাসস্থল দেখা যায়৷ ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশতো কিছুসংখ্যক হাজং লোকৰ বসতি আছে৷ আনফালে পশ্চিমবংগৰ অধীনৰ কোচবিহাৰ, জলপাইগুৰি আদিতো হাজং জনগোষ্ঠীৰ অৱস্থিতি লক্ষ্য কৰিব পাৰি৷ চুবুৰীয়া বাংলাদেশৰ শ্ৰীহট্ট, মৈমনসিং জিলা আদিতো হাজং জনগোষ্ঠীৰ লোকসকলে পূৰ্বৰে পৰা বাস কৰি থকা দেখা যায়৷ হাজং জনগোষ্ঠীয় লোকসকল প্ৰধানতঃ হিন্দু ধৰ্মাৱলম্বী৷ এওঁলোকৰ পূজিত আদি দেৱতাজন হ’ল বাউসদেৱ৷ জনগোষ্ঠীটোৰ ধৰ্মীয়-সংস্কৃতিৰ উত্তৰণ লক্ষ্য কৰিলে দেখা যায় আদিতে এওঁলোক শাক্ত-শৈৱপন্থী আছিল৷

যিকোনো সমাজৰেই সৰহখিনি সংস্কৃতিয়েই জন্ম, মৃত্যু, বিবাহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পৰিলক্ষিত হয়৷ হাজঙৰ লোকসংস্কৃতিতো ইয়াৰ প্ৰাচুৰ্যতা কোনোগুণে কম বুলি ক’ব পৰা নাযায়৷ হাজং সমাজতো কিছুমান লোকবিশ্বাস আছে৷ তেনে এক লোকবিশ্বাস হ’ল জন্ম সম্পৰ্কীয় লোকবিশ্বাস৷ সন্তান এটিয়ে গৰ্ভত স্থিতি লোৱা দিনৰে পৰা ভূমিস্থ হোৱালৈকে বা তাৰ পিছলৈকো সন্তান-সম্ভৱা বা সন্তান জন্ম দিয়া মহিলাগৰাকীয়ে বহু নীতি-নিয়মৰ, বিশ্বাসৰ মাজেৰে দিনকেইটা কটাবলগীয়া হয়৷ এগৰাকী গৰ্ভৱতী মহিলাক পৰিয়ালৰ বয়োজ্যেষ্ঠ সকলে সন্তানৰ মঙ্গলৰ কাৰণে মানসিকভাৱে প্ৰস্তুত কৰি তোলে৷ পৰম্পৰাগত সংস্কাৰমতে, এই সময়খিনিত গৰ্ভৱতী মহিলাগৰাকীক কিছু সাৱধানতা অৱলম্বন কৰিব দিয়া হয়৷ জীৱ-জন্তু আদি মাৰিবলৈ দিয়া নহয়৷ বৰশী আদিও টোপাবলৈ দিয়া নহয় কিয়নো জীৱ হত্যা কৰিলে গৰ্ভস্থ সন্তান নষ্ট হোৱাৰ অভিশাপ পাব পাৰে বুলি বিশ্বাস কৰে৷ গৰ্ভৱতী মহিলা গৰাকীৰ লগত গৰ্ভস্থ সন্তানৰ পিতৃয়েও এই নিয়ম মানিব লগা হয়৷ পিতৃয়ে সাপ মাৰিলে সন্তানৰ জিভা দীঘল হয় বুলি বিশ্বাস কৰে৷ ঠিক সেইদৰে অন্য জীৱ-জন্তু মাৰিলেও চকু কেঁৰা, কণা, লেঙেৰা আদি হয় বুলি বিশ্বাস কৰে৷ সেয়েহে সুন্দৰ স্বাস্থ্যৱান, পবিত্ৰ মনৰ সন্তানৰ মাতৃ হ’বৰ কাৰণে এই ন-দহ মাহত শুচিতা ধৰ্ম আৰু অন্যান্য ৰীতি-নীতিবোৰ মাতৃয়ে মানি চলাটো মঙ্গলদায়ক বুলি ধৰা হয়৷ সন্তান গৰ্ভত থকা সময়ছোৱাত মাতৃয়ে যদি সৎ চিন্তা, সৎ সংগ, সৎ আদৰ্শ লৈ থাকে তেনেহ’লে গৰ্ভস্থ সন্তানো সৎ হয়৷ লগতে মাতৃৰ চিন্তাৰ অনুৰূপ সন্তানৰ চৰিত্ৰ গঠিত হয় বুলি বিশ্বাস আছে৷

গাঁৱত বা আত্মীয়ৰ ঘৰত কোনো মানুহ ঢুকালে মৃতকৰ ঘৰলৈ গৰ্ভৱতী মহিলা গৰাকীক যাবলৈ দিয়া নহয়৷ আহিবলগীয়া সন্তানৰ অমঙ্গল হয় বুলি বিশ্বাস কৰে৷ তদুপৰি গৰ্ভৱতী অৱস্থাত নদীৰ পাৰ, জৰী বা বৰগছৰ তলেদি যোৱা ৰাতি অকলে বাহিৰলৈ ওলাবলৈ দিয়া নহয়৷ কোনো অপদেৱতাৰ কোপদৃষ্টি পৰে বুলি বিশ্বাস কৰে যাৰ বাবে কেনেবাকৈ যাবলগীয়া হ’লে মান ধনীয়াৰ পাত লৈহে যাবলৈ দিয়া হয়৷

অসমীয়া সমাজ ব্যৱস্থাত গৰ্ভৱতী মহিলাক পাঁচমাহ হওঁতে মাকৰ ঘৰলৈ আনি পঞ্চমৃত খুওৱা নিয়ম কিন্তু হাজং সমাজত তেনেকুৱা কোনো ধৰা-বন্ধা নিয়ম নাই৷ পতি গৃহতেই যিমানখিনি পাৰি যত্ন লয়৷ সন্তান প্ৰসৱ হোৱাৰ পিছত ঘৰৰ এটা আছুতীয়া কোঠাত বিছনা ৰখা হয়৷ সাধাৰণতে ল’ৰা সন্তান হ’লে পাঁচ দিন আৰু ছোৱালী হ’লে চাৰিদিন বা তাতকৈ বেছিদিনো ৰাখিব পাৰে৷ তাৰ পাছত মহিলাগৰাকীৰ লগতে ঘৰখন শুদ্ধি কৰে৷ শুদ্ধি নোহোৱা পৰ্যন্ত পৰিয়ালৰ মানুহো অন্য মানুহৰ ঘৰলৈ যোৱাত বাধা থাকে৷ আকৌ গাঁৱৰ অন্য মানুহো খবৰ কৰিবলৈ নাহে৷ প্ৰয়োজনীয় কামত আহিব লগা হ’লে সেই ব্যক্তিজনে নখ কাটি, গা-পা ধুইহে নিজৰ ঘৰত সোমাবগৈ পাৰে৷ পুত্ৰ সন্তান জন্ম হ’লে পাঁচ আঙুল আৰু কন্যা সন্তান জন্ম হ’লে চাৰি আঙুল নিলগত নাড়ী কেঁচা সূতাৰে দুই-তিনিপাক দি বান্ধে৷ চিচানেৰে (চেঁচু) নাড়ী কটা নিয়ম আছে৷ নাড়ী সৰিলে কাপোৰেৰে বান্ধি বেৰত ওলোমাই ৰাখে৷ কেতিয়াবা সন্তানৰ পেটৰ অসুখ হ’লে বা মাকৰ গাখীৰ নাখাই কান্দি থাকিলে শুকান নাড়ীডোখৰ পানীত তিয়াই সেই পানী খুৱাই দিয়ে৷ সন্তানৰ নাড়ী সৰিলে বা সাত দিনৰ অন্তত বাহিৰলৈ উলিয়ায়৷ সাত-ন দিনত ‘জাতক চুৱাহৈছে বুলি চুলি খুৰাই দিয়ে৷ নাপিতে চুলি খুৰাই দিয়াৰ আগতে মিঠাতেলৰ চাকি জ্বলায়৷ সেই চাকিগছাক সাক্ষী কৰিয়ে শিশুটোৰ চুলি, নখ আদি কটা হয়৷ এই চুলি কটা কাৰ্যটোক কামানি বুলি কোৱা হয়৷ শিশুটিৰ লগতে মাতৃগৰাকীয়েও নখ, চুলি আদি কাটে৷ তেতিয়াহে নৱজাতক শুদ্ধি হয় বুলি হাজংসকলে বিশ্বাস কৰে৷ কটা চুলিখিনি কলপাতত মেৰিয়াই গোবৰৰ মাজত পুতি থয়৷ সেইদিনাই শিশুটি, মাতৃগৰাকীৰ লগতে ঘৰৰ সকলোৱে ঘৰ-দুৱাৰ, কাপোৰ-কানি তিয়াই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ গৃহ শুদ্ধি কৰে৷ তাৰ পাছত গোঁসাইৰ পৰা পঞ্চ গোবৰৰ (গৰুৰ গোবৰ, মূত, দৈ, ঘিঁ আৰু গাখীৰ) শান্তিজল আনি শিশুটি, মাতৃৰ লগতে পৰিয়ালৰ সকলোকে দি বাকী ঘৰতো ছটিয়াই দি পবিত্ৰ কৰা হয়৷ এনেদৰে গৃহ শুদ্ধি হোৱাৰ পিছতহে অন্য মানুহৰ আহ-যাহ হয়৷

কামানিৰ দিনা চুলি কটা নাপিত জনক নতুন কাপোৰ, সামৰ্থ অনুসৰি মাননি, অন্যান্য সামগ্ৰী যেনে কাঁহৰ বাতি, থাল আদিত দান কৰে৷ প্ৰসৱৰ সময়ত যিকেইগৰাকী ধাইয়ে সহায় কৰে, তেওঁলোকক সুবিধা অনুযায়ী ভাত-পানীৰে আপ্যায়িত কৰি মাননি হিচাপে টকা-পইচা বা নতুন বস্ত্ৰ দিয়াৰ ৰীতি আছে৷ হাজং সমাজত নামকৰণ পতাৰ নিয়ম নাই৷ হাজং সমাজত সন্তানক বাহিৰলৈ উলিওৱা বুলি কোনো নীতি-নিয়ম নাথাকে৷ জন্ম হোৱাৰ লগে লগে কেঁচুৱাটোক হালধি মিহলোৱা পানীৰে গা ধুওৱা হয়৷ মাহ-হালধিক মানুহে পবিত্ৰ জ্ঞান কৰে৷ সেইবাবে সন্তানটিক হালধি পানীৰে গা ধুৱাই পবিত্ৰ কৰি পৰিয়ালৰ লোকে কোলাত লয়৷ এনে কৰিলে সন্তানটিয়ে ভৱিষ্যতে ঘৰৰ সকলো কথা মানি চলিব বুলি বিশ্বাস হাজং সমাজত বিদ্যমান৷ আকৌ জন্মৰ পিছতে নৱজাতক শিশুটিৰ ওঁঠত মৌ চেলেকুৱা পৰম্পৰাও আছে৷ এনে কৰিলে সন্তানটিৰ ভৱিষ্যত সুখময় হয় বুলি তেওঁলোকৰ বিশ্বাস৷ জন্মৰ পাছত কেঁচুৱাটিয়ে বেছিকৈ কান্দি থাকিলে অপদেৱতাই লম্ভিছে বুলি বিশ্বাস কৰে৷ সেয়ে অপদেৱতাৰ সন্তুষ্টিৰ অৰ্থে গুটি কল, গুৰ, পিঠা, মান ধনীয়াৰ পাত দি বাৰভাগ পূজা আগবঢ়োৱা হয়৷ এনে কৰাৰ পাছতে কেঁচুৱাৰ কন্দা বন্ধ হয় বুলি তেওঁলোকে বিশ্বাস কৰে৷ ইয়াৰ উপৰিও অপশক্তিৰ পৰা ৰক্ষাৰ হেতু সন্তান আৰু মাতৃগৰাকীৰ শোৱাপাটীৰ তলত লোৰ কটাৰী ৰাখে৷

শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে দাঁত গজি ভাত খাব পৰা হ’লে ভাত চোৱা পৰ্ব অন্নপ্ৰসনৰ দৰে অনুষ্ঠান  পতা হয়৷ উক্ত দিনা ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি চোতালত চাৰিটা কলপুলি পোতা হয়৷ তাত মিঠাতেলৰ চাকি জ্বলাই শিশুটিক সন্মুখত বহিবলৈ দিয়া হয়৷ লগতে ফলি পুথি, কলম, ভাত, নানা ব্যঞ্জনযুক্ত খাদ্যবস্তু আগবঢ়াই দিয়া হয়৷ ইয়াৰ পিছত শিশুটিক সমাজৰ আগত আশীৰ্বাদ লোৱাই পৰিয়ালৰ এজনে ভাত খুৱাই দিয়ে৷ এই নীতি-নিয়মৰ অৰ্থ এয়ে যে শিশুটি যাতে জ্ঞান বুদ্ধিৰে আগুৱাই যাব পাৰে৷ পৰিয়াল তথা আত্মীয়সকলেও শিশুটিক আশীৰ্বাদ দিয়ে৷ শিশুটিৰ ভাতখোৱা পৰ্ব শেষ হোৱাৰ পিছত সমাজৰ সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰে৷ শিশুটি ছয় বছৰ হোৱাৰ লগে সত্ৰৰ গোঁসাই বা অধিকাৰীৰ ওচৰত শৰণ দিয়া হয়৷ তেওঁলোকে বিশ্বাস কৰে যে এটি শিশু পাঁচ বছৰ বয়সলৈকে নিষ্পাপ হৈ থাকে৷ এইখিনি সময়ত অপকৰ্ম কৰিলেও পাপ নহয়, যিহেতু অবুজন হৈ থাকে৷ শৰণ দিয়াৰ পিছত তেওঁৰ হাতেৰে সমাজৰ সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰে৷ অসমীয়া সমাজত এতিয়াও এটি নিয়ম বৰ্তি আছে যে বালক অৱস্থাত গুৰুৰ পৰা শৰণ ল’ব নোৱাৰিলেও বিয়াৰ আগত শৰণ লোৱাটো বাধ্যতামূলক৷ অসমীয়া সমাজ যিহেতু বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি  সেয়ে হাজং সমাজতো এই নিয়মৰ ব্যতিক্ৰম নহয়৷

সাম্প্ৰতিক সময়ত সংস্কাৰী মনোভাৱ, বিশ্বায়ন আদিৰ পৰিণতিত স্বকীয় ৰূপ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ প্ৰাচীন মানসিক স্থিতি আৰু পৰম্পৰাৰ ভালেমান দিশ লুপ্তপ্ৰায়৷ হাজংসকলে বিভিন্ন ঠাইলৈ প্ৰব্ৰজনহৈ থকা বা বিভিন্ন জনগোষ্ঠীৰ মাজত সঘন মিলা-মিছা হৈ থকাৰ ফলতো তেঁওলোকৰ ৰীতি-নীতিত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ তথাপিও জন্ম সম্পৰ্কীয় বিভিন্ন ৰীতি-নীতিৰ ক্ষেত্ৰত হাজং সমাজত এতিয়াও স্বকীয় বৈশিষ্ট্য বিৰাজমান৷ সন্তান জন্মৰ সময়ত এনেধৰণৰ কিছুমান ৰীতি-নীতি, লোকবিশ্বাস বৰ্তি আছে৷

সহায়ক গ্ৰন্থঃ

 

১) ৰাজখোৱা, ড সংগীতাঃ হাজং লোক সাহিত্যৰ ৰূপৰেখা, ২০২১

২) শইকীয়া, হেমন্ত কুমাৰ, দত্ত, দিব্যলতা (সম্পাদনা) ঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ জন্ম সম্পৰ্কীয় বিশ্বাস আৰু অন্যান্য (২০১৩)

৩) গগৈ, সাৱিত্ৰীঃ অসমৰ বৰ্ণিল জনগোষ্ঠী (২০১৬)

৪) ফুকন, নীলমণি [সম্পাদনা] ঃ সংস্কৃতায়ন (কলা-সংস্কৃতি বিষয়ক প্ৰবন্ধ সংকলন), ২০১৫

৫) অন্যান্য বাৰ্তা আলোচনীৰ পৰা তথ্য সংগ্ৰহ৷

ভ্ৰাম্যভাষঃ ৮৬৩৮২৪৭৮৮৫       

আপুনিও ভাল পাব পাৰে!