Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

জনজাতীয় পৰম্পৰা ৰীতি-নীতি

হাজং সমাজত ব’হাগ মাহৰ বিশেষ বাস্তু পূজা

post

Share

লেখিকা - পম্পী হাজং

হাজং সমাজত বাইস পূজা বা বাস্তু পূজা হ’ল এক অন্যতম প্ৰধান পূজা।অৰ্থাৎ হাজং সমাজত মূল আৰাধ্য দেৱতাই হৈছে বাইস বা বাস্তু দেৱতা। হাজংসকলে প্ৰকৃতিৰ নানা অপায় অমংগলৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুখে সন্তোষে থাকিবৰ কাৰণে বাস্তু দেৱতাৰ পূজা কৰে।হাজংসকলৰ প্ৰতিখন গাওঁ বা একোটা চুবুৰীৰ সমাজৰ মাজত একোটাকৈ বাইসশালী থাকে। তেওঁলোকে বছৰৰ প্ৰথম মাহ ব’হাগত এই পূজা কৰে। বাইস দেওঁক পঠা ছাগলী, কাছ, পাৰ, কোমোৰা আদি বলি দিয়া হয়।পূজাত ঘৰুৱা মদ আদিও আগবঢ়োৱা হয়। হাজংসকলৰ এই বিশেষ পূজাক কৃষি পূজা বুলিও কোৱা হয় কিয়নো কৃষিৰ উৎকৰ্ষ সাধনেই এই পূজাৰ মূল লক্ষ্য।

হাজংসকলৰ বাস্তু পূজাত মূৰ্ত্তিৰ কোনো স্থান নাই বা মূৰ্ত্তিৰ স্থান গৌণ। বাস্তু পূজাক বসতি ৰক্ষক আৰু গাওঁৰ প্ৰতিপালক পূজা বুলি হাজংসকলে যুগে যুগে বিশ্বাস কৰি আহিছে। এই পূজাত কোনো মূৰ্ত্তি স্থাপন কৰা নহয় যদিও মাটি বা আটাৰে নিৰ্মিত ক্ষুদ্ৰাকৃতিৰ ঘোঁৰা আৰু হাতীৰ মূৰ্ত্তি স্থাপন কৰা হয়। কিন্তু এই মূৰ্ত্তি উপাস্য দেৱতাৰ প্ৰতীক বুলিব নোৱাৰি।এই ঘোঁৰাৰ মূৰ্ত্তিয়ে অসমৰ হাজোত থকা হয়গ্ৰীৱ মন্দিৰক প্ৰতিনিধিত্ব কৰে বুলি হাজংসকলে বিশ্বাস কৰে। কিন্তু আচলতে বাস্তু পূজাৰ মূল উপকৰণ হ’ল এটি পাথৰ খণ্ডহে, কোনো মূৰ্ত্তি বা দেৱী প্ৰতিমা নহয়। এই পূজাত মাটিৰে নিৰ্মিত একাঠু বেদীৰ ওপৰত স্থাপিত উক্ত শিলাখণ্ডৰ উপৰিও লক্ষ্মী ঠাকুৰ আৰু বাৰ-দেও নামেৰে আন বাৰটি উপদেৱতা যেনে- কামাখ্যা, লক্ষ্মী, পাৱনী, চৰাবুৰি, আন্দাহুৰা, হমহমী-দমদমী, দাদৰী,খাংখঙী আদি উপদেৱতাক একে শাৰীতে পাৰ, কাছ,পঠা আদিৰে বলিৰে ধূপাৰতি নিবেদন কৰা হয়।

হাজংসকলৰ বাস্তু পূজা বিশেষভাৱে পুৱাৰ ভাগত পতা হয়। কিন্তু এই পূজা পতাৰ কোনো নিৰ্দিষ্ট দিশ বা দিন নাই যদিও বছৰেকীয়াভাৱে বাংলাদেশত পুহ সংক্ৰান্তি আৰু ভাৰতত ব’হাগৰ কোনো এটি শুভ দিনত ৰাজহুৱাভাৱে গাওঁৰ পৰা নিলগত কোনো গছৰ তলত সম্পন্ন কৰা হয়।

হাজং সমাজত বাস্তু পূজা সম্পাদনৰ পূৰ্বে খেতি মাটিত হাল বোৱাৰ নিয়ম নাই। এই পূজাত হাজংসকলৰ সমাজৰ কেইগৰাকীমান সধৱা মহিলাৰ উপস্থিতি জৰুৰী অংগ বুলি বিবেচিত হয়।হাজংসকলে বাস্তু পূজা মণ্ডপৰ পৰা নংটাঙে প্ৰত্যাৱৰ্তন নকৰাকৈ ভোজন কাৰ্য আৰম্ভ হোৱাৰ নিয়ম  নাই।উৰুলী-ধ্বনি, বাদ্য-বাজনা, চালনী বাতিৰে বাস্তুশালীৰ পৰা নংটাঙক আদৰি অনাৰ পিছত তেওঁক ভৰি ধুৱাই গৃহ প্ৰৱেশ কৰা হয় আৰু নংটাঙৰ ভোজনৰ পৰা আশীৰ্বাদ স্বৰূপ সামান্য পৰিমাণৰ চাউল সকলোৱে গ্ৰহণ কৰাৰ প্ৰথা প্ৰচলিত হোৱা দেখা যায়।ইয়াক হাজং ভাষাত ‘লক্ষ্মী চৌল’ বোলে।

হাজংসকলৰ মাজত এই বাস্তু পূজা আৰম্ভ হোৱাৰ দুদিন মান আগৰে পৰা মিলা প্ৰীতি, সমূহীয়া ভাৱ আদান-প্ৰদান, পিঠা-পনা আদিৰে এক মধুৰ সমন্বয়ৰ বান্ধোনেৰে বান্ধ খাই থাকে। কিন্তু ঠাইভেদে হাজংসকলৰ এই বিশেষ বাস্তু পূজাৰ কিছু পৰিৱৰ্তন দেখা যায়।সাধাৰণতে অসমৰ হিন্দু হাজংসকলে ভিন্ন ৰূপত এই পূজা প্ৰতিবছৰে পালন কৰা পৰিলক্ষিত হয়।এই পূজা সম্পন্ন হ’লে যথা সময়ত নংটাঙে সকলোৰে সৈতে পথাৰত হাল বাবলৈ যায়।এক বিশেষ পদ্ধতিৰে অৰ্থাৎ সিদিনা তেওঁ বেলি উঠাৰ আগতে যাত্ৰাপথত কাৰো সৈতে মাত বোল নকৰাকৈ বা কতো নৰৈ পথাৰত হাল বাবলৈ যায়।পথাৰৰ পথত কিবা অশুভ লক্ষণ দেখা পালে বা অমঙ্গল হ’লে সিদিনাৰ বাবে কৰ্ষণ-যাত্ৰা বাতিল কৰি শুভ দিন বাৰ চাই অইন এদিন আকৌ যাত্ৰাৰাম্ভ কৰা নিয়ম।

জানিব পৰা মতে গোৱালপাৰাৰ অন্তৰ্গত মেচপাৰা অঞ্চলৰ কিছু কিছু হাজং সমাজত এই বাস্তু পূজা কৰা নহয়।অৰ্থাৎ মেচপাৰা এলেকাৰ কিছু ঠাইত বাস্তুশালী বা বাস্তু পূজা পূৰ্বৰ পৰাই পালিত নহয় বুলি জানিব পৰা যায়।তাৰোপৰি বৰ্তমান হাজং সমাজত এই পূজাৰ গুৰুত্ব আৰু প্ৰাধান্য হ্ৰাস পাইছে বুলি ক’ব পাৰি। তথাপি ধেমাজি নিৱাসী হাজং সকলে কম-বেছি পৰিমাণে এই বাস্তু পূজা নিগাজীকৈ পাতি অহা পৰিলক্ষিত হৈছে।

হাজংসকলৰ এই বাস্তু পূজাৰ আন এটা প্ৰকাৰ হ’ল পাগলা বাস্তু পূজা।আনকি হাজং সসমাজত এই বাস্তু পূজা কৰা পূজাৰী অৰ্থাৎ নংটাঙক নিৰ্বাচন কৰা প্ৰক্ৰিয়াও সুকীয়া। এই নিৰ্বাচনী পদ্ধতি দুই প্ৰকাৰৰ- হিলজা গা আৰু বান তোলা পদ্ধতি।হাজং সমাজত বাস্তু পূজাৰ বাবে দুই ধৰণৰ পদ্ধতিৰে পূজাৰী বা নংটাঙ নিৰ্বাচিত কৰি পূজাভাগ সমাপন কৰা হয়।

পূৰ্বে এই পূজা হেনো বাদ্য বাজানা বজাই পালিত কৰা হৈছিল।এই বাস্তু পূজাৰ তাৎপৰ্য আৰু গুৰুত্বলৈ চাই হাজংসকলক ‘বাস্তু জাতি’ বুলি অভিহিত কৰা হয়।হাজং সমাজত এই বাস্তু পূজাৰ এক বিশেষ মৰ্যাদা তথা গুৰুত্ব আছে। এই বাস্তু পূজাৰ লগত সংগতি ৰাখি পাৱনী দেওৰ পূজাও কৰা হয়।

হাজংসকলে পৰম্পৰাগতভাৱে পালন কৰি অহা এই কৃষ্টি কালত তেওঁলোকৰ স্বকীয় বৈশিষ্ট যে আছে, সেই কথা তুলনামূলকভাৱে অধ্যয়ন-গৱেষণা কৰিলেই প্ৰতীয়মান হয়।বৃত্তিত হাজংসকল কৃষিজীৱি।ভাতেই প্ৰধান খাদ্য। হাজংসকল হিন্দু ধৰ্মাৱলম্বী।হাজংসকল অতিশয় পৰিশ্ৰমী। শ্ৰমৰ মাজতেই তেওঁলোকে আনন্দ বিচাৰি পায়।

আপুনিও ভাল পাব পাৰে!