জনজাতীয় পৰম্পৰা ৰীতি-নীতি

কাবিৰ্সকলৰ শ্ৰাদ্ধ অনুষ্ঠান চমাংকানৰ এক অৱলোকন

post

Share

লেখকঃ কল্পজিৎ সোণোৱাল

উৎসৱ-অনুষ্ঠান হৈছে কোনো এটা জাতিৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰাণস্বৰূপ। এই উৎসৱ অনুষ্ঠানসমূহ জন্ম, বিবাহ, মৃত্যু আদিৰ উপৰিও কৃষিৰ লগত জড়িত। বিবিধ লোকাচাৰ, লোকানুষ্ঠান বা উৎসৱ-পাবৰ্ন আদি বহু পূৰ্বৰে পৰা জাতি আৰু জনজাতিসমূহৰ মাজত চলি আহিছে। উৎসৱ-অনুষ্ঠানসমূহত বিশেষকৈ অনেক মানুহ গোট খাই বিহু পৰ্ব, ৰং আনন্দ, ভোজন আদি কৰে। আমি যদি লক্ষ্য কৰোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিমানবোৰ জাতি-জনগোষ্ঠী আছে সেই সকলোবোৰৰে নিজস্ব কিছুমান উৎসৱ-অনুষ্ঠান আছে। প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰে উৎসৱ অনুষ্ঠানসমূহৰ সুকীয়া সুকীয়া নামকৰণ আছে লগতে এই উৎসৱ অনুষ্ঠানসমূহ পালন কৰা পদ্ধতিও ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ মিল দেখা নাযায়।

কাৰ্বি জনগোষ্ঠীঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ ভিতৰত এটি উল্লেখযোগ্য জনগোষ্ঠী হৈছে কাৰ্বিসকল। পূৰ্বতে কাৰ্বিসকলক মিকিৰ বুলিহে জনা গৈছিল। ভাৰতবৰ্ষৰ সংবিধানেও মিকিৰ বুলিয়েই স্বীকৃতি দিছে। কিন্তু কাৰ্বিসকলে নিজকে মিকিৰ বুলি চিনাকি দি ভাল নাপায়। তেওঁলোকে কাৰ্বি বুলিহে চিনাকি দি ভাল পায়। আনহাতে নিজৰ মাজত তেওঁলোকে আৰলেং বুলি চিনাকি দিয়ে। কাৰ্বি শব্দৰ উৎপত্তিক লৈ অনেক কাহিনী পোৱা যায়। “কাবিৰ্সকলৰ ধৰ্মীয় পৰম্পৰা অনুসৰি যিকোনো খাদ্যবস্তু ঈশ্বৰৰ নামত উৎসৰ্গা কৰাৰ পিছতহে গ্ৰহণ কৰাৰ নিয়ম। ইয়াক থেকাৰ কিবি (ঈশ্বৰৰ নামত উৎসৰ্গা কৰা) বোলে। লংকাম টেৰণৰ মতে এই থেকাৰ কিবি-ৰ পৰাই কাৰবি ভাষাৰ উৎপত্তি হৈছে। ৰংবং তেৰাঙৰ মতে মে’ আকাৰ্‌ কেবি (জ্বলি থকা জুইৰ আঙঠা থৈ দিয়া) ব্যাক্যাংশৰ পৰাই কাৰবি ভাষাৰ উৎপত্তি হৈছে। কাৰবিসকলৰ মাজত বৰঘৰৰ কুত্‌নামৰ মূল কুঠাত অবিৰতভাৱে জুই জ্বলাই ৰখাৰ নিয়ম আছিল। তেওঁৰ মতে কাৰবিসকল অগ্নিপূজক। গতিকে অগ্নিক অনিৰ্বাপিত অৱস্থাত ৰখা লোকসকলেই পিছলৈ উল্লিখিত বাক্যাংশৰ আধাৰত কাৰবি নাম পালে। আন কিছুমানৰ মতে কাৰবিসকল ৰামায়ণ মহাকাব্যত উল্লেখ থকা কিষ্কন্ধাৰ ৰজা বালিৰ বংশধৰ। তেওঁলোক একালত কাবেৰী নদীৰ পাৰত বাস কৰিছিল বাবে কাবেৰী শব্দৰ পৰাই কাৰবি হ’ল বুলি বিশ্বাস কৰে।”

অসমৰ কাৰ্বি আংলং জিলাতেই কাবিৰ্সকলৰ প্ৰধান বসতি পোৱা যায়। আনহাতে অসমৰ- নগাঁও, মৰিগাঁও, কামৰূপ, গোলাঘাট, শোণিতপুৰ আদি জিলাৰ উপৰিও অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ আদি ৰাজ্যতো কাবিৰ্সকলৰ বসতি আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত কাৰ্বি ভাষী লোকৰ জনসংখ্যা হ’ল- ৪, ০৬, ১৬০ জন৷

চ’মাংকানঃ কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত চ’মাংকান বা মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱ। এই উৎসৱ পাহাৰীয়া কাবিৰ্সকলে পালন কৰে। কাৰ্বিসকলৰ সমাজত মৃতকৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে মৃত্যুৰ পাছত কৰা কাঠসংস্কাৰ বা খৰি দিয়া কাৰ্যই শেষ নহয়। খৰি দিয়াৰ পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পালন কৰা হয়- চ’মাংকান শ্ৰাদ্ধ অনুষ্ঠান।

চ’মাংকান উৎসৱৰ বাবে গৃহস্থই গাঁৱৰ ‘ছাৰথে’ (গাওঁবুঢ়া) ৰ ওচৰত মাননিসহ চ’মাংকানৰ বাবে নিমন্ত্ৰণ (ছাৰ চ’পাজু) আগবঢ়ায়। ছাৰথেৰ হুকুম মতে শ্ৰাদ্ধ উৎসৱৰ পিছৰ কামখিনি সম্পন্ন কৰা হয়। চ’মাংকান উৎসৱ তিনিদিন ধৰি অনুষ্ঠিত কৰা হয়। উৎসৱৰ প্ৰথম দিনটোক ‘ৰূ-কেহুম’ (মৃতকৰ অস্থি সংগ্ৰহৰ দিন), দ্বিতীয় দিনটোক ‘কানছ্‌’ (সৰু নাচ), আৰু তৃতীয় দিনটোক ‘কান্‌পি’ (বৰ নাচ) বোলে।

প্ৰথম দিনা গাঁৱৰ বাসিন্দা তথা মৃতকৰ বংশ পৰিয়াল সকলো মিলি হাতত ঢাল-তৰোৱাল লৈ গীত-নৃত্য কৰি শ্মশানৰ পৰা মৃতকৰ অস্থি আনি ধান খেৰেৰে সজা মৃতকৰ প্ৰতিকৃতিৰ ভিতৰত সযতনে থৈ দিয়ে আৰু উৎসৱ শেষ নোহোৱালৈকে বৰঘৰৰ কোঠালিত শুৱাই ৰখা হয়৷ চ’মাংকানৰ প্ৰথম ৰাতি গাঁৱৰ সকলো মিলি গাওঁবুঢ়াৰ ঘৰৰ পৰা ৰাতি প্ৰায় ৮ বা ৯ বজাত চ’মাংকান কৰা পৰিয়ালৰ চোতাললৈ সমদলে যাত্ৰা কৰে৷ এই যাত্ৰাৰ নাম ৰংকেতং। এই যাত্ৰাত ‘চং-নক’ (ঢাল-তৰোৱাল), চেং-চেংৱে (ঢোল-ঢোল বজোৱা বেতৰ মাৰি), থেংতম (জুৰ) ইত্যাদিৰ সৈতে ডেকাসকলে গীত গাই গাই নাচে। চ’মাংকান ৰ চোতাল গৈ পোৱাৰ পিছত যুৱকসকলে হাতত ঢাল-তৰোৱাল লৈ ঢোলৰ ছেৱে ছেৱে নৃত্য কৰে। এইদৰে চোতালখনত ২/৩ বাৰ ঘূৰি ঘূৰি নচাৰ পাছত যুৱক-যুৱতীসকলৰ সহ-নৃত্য ‘নিমছ’ ‘কিৰুং’ আৰম্ভ হয়।

উৎসৱৰ দ্বিতীয় দিনা কান্‌ছ (সৰুনাচ) ৰ ৰাতিত নিমন্ত্ৰিত দূৰ-দূৰণিৰ গাওঁবোৰে ঢোল, ঢাল-তৰোৱাল, জাম্বিলি, আথন আদি লৈ চ’মাংকানত যোগ দি ৰং ধেমালি আৰু আনন্দ কৰে৷ জাম্বিলি আথন অনা প্ৰতিখন গাওঁকে সুকীয়া সুকীয়াকৈ মাননি ‘কাংথুম কাৰ্ণে’ আগবঢ়োৱা হয়। চ’মাংকানত যোগ দিয়া সকলো শ্ৰেণীৰ মানুহলৈ যথোপযুক্ত মান (চিচা বটলত ভৰোৱা হৰলং) আগবঢ়োৱা হয়। সেইদিনা চ’মাংকান ৰ চোতালত বিভিন্ন নৃত্যৰ লগতে ডেকা-গাভৰুহঁতৰ সহ-নৃত্য ‘নিম্‌ছ’ কিৰুং’ নৃত্য কৰা হয়।

চ’মাংকানৰ তৃতীয় দিনটোক ‘কান্‌পি’ অৰ্থাৎ বৰনাচ বুলি কোৱা হয়। তৃতীয় দিনা চ’মাংকান ৰ বাবে সুকীয়াকৈ সজা এটা নিৰ্দিষ্ট ঘৰত দুপৰীয়া আহাৰৰ (লাং পাৰাই প্ৰথা) ব্যৱস্থা কৰা হয়। বিয়লি পৰত সকলো একত্ৰিত হৈ চ’মাংকান ৰ শেষ পৰ্য্যায়ত কামত উঠি পৰি লাগে৷ চ’মাংকান ৰ বিশেষ পৰ্য্যায়ৰ ‘দুহুইদি’ য়ে শ্মশানলৈ যোৱা তালত ঢোল বজায়। লগে লগে মৃতকৰ প্ৰতিকৃতি ভিতৰৰ পৰা উলিয়াই মৰিশালি অভিমুখে যাত্ৰা কৰে। সেইদিনা কঢ়িয়াই অনা অস্থি পুনৰ পৈতৃক বংশধৰৰ শ্মশান বেদীত সৎকাৰ কৰা হয়। তেওঁলোকৰ বিশ্বাস অনুযায়ী যমপুৰীৰ অলংকৃত গৃহস্বৰূপ ‘বান্‌জাৰ’ শ্মশান বেদীৰ কাষতেই সজাই চ’মাংকান উৎসৱৰ পৰিসমাপ্তি ঘটোৱা হয়।

কাৰ্বিসকলে পালন কৰা চ’মাংকান উৎসৱত এটা তাৎপৰ্য নিহিত হৈ আছে। “কাৰ্বি জনগোষ্ঠীৰ লোকসকলে জন্মান্তৰাবাদ বিশ্বাস কৰে। মৃত্যুৰ পিছত কিছুকাল ‘চম আৰং’ অৰ্থাৎ প্ৰেতলোকৰ কৰ্মফল অনুযায়ী ভুগি পুনৰ বংশ বা ফৈদত বিপৰীত লিংগৰ মানৱী শিশু হিচাপে জন্ম ধাৰণ কৰি বংশ পৰম্পৰাৰ নীৰৱচ্চিন্ন ধাৰা অক্ষুণ্ণ ৰখাটোৱে তেওঁলোকৰ ধাৰণাত আত্মাৰ প্ৰকৃত উদ্দেশ্য। ” মৃতকৰ আত্মাই যাতে সম্পূৰ্ণৰূপে পাপ, দুখ, ক্লেশ আদিৰ পৰা মুক্ত লাভ কৰি পৰজন্মত সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু লাভ কৰে, তাৰ কামনা কৰি আত্মীয়-স্বজনসকলে পৰম্পৰাগতভাৱে শ্ৰাদ্ধ ক্ৰিয়া চ’মাংকান উৎসৱ উদ্‌যাপন কৰে।

চ’মাংকান শব্দৰ বুৎপত্তি সম্বন্ধে কাৰ্বিসকলৰ মাজত বহুধৰণৰ ব্যাখ্যাও আছে। তাৰ ভিতৰত- চ’মাং মানে যম, আৰু কান মানে উৎসৱ বা নাচ। অৰ্থগত ফালৰ পৰা চ’মাংকান হ’ল ‘খাছিনৃত্য’। কাৰ্বি ডেকা-গাভৰুসকলে ‘চ’মাং অৰ্থাৎ খাছিসকলৰ পৰা নৃত্য শিকি তাক শ্ৰাদ্ধত আবৃত্তি কৰিবলৈ লোৱাৰ পৰা সেই নৃত্য জড়িত শ্ৰাদ্ধ অনুষ্ঠাটোকে চ’মাংকান বুলিবলৈ ল’লে। সমাজতাত্ত্বিকসকলৰ মতেও কাবিৰ্সকলে “চ’মাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’ কেৰুং নাচৰ সৈতে খাছিসকলৰ নংক্ৰেম নাচ আৰু এই উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণনৃত্যৰ সৈতে খাছিসকলৰ অইন এটি ৰণনৃত্য পাছতিয়েচ মাছতিয়েছৰ বিশেষ মিল আছে৷ ”

কাৰ্বিসকলৰ অতীজতে শ্মশান যাত্ৰাৰ এই উৎসৱটিৰ নাম আছিল ‘আৰলেং আৰ্হি’; পিছলৈ খাছি সংস্কৃতিৰ প্ৰভাৱেৰে পৰিপুষ্ট হৈ চ’মাংকান কাবিৰ্সকলৰ প্ৰধান উৎসৱত পৰিণত হ’ল। কাৰ্বিসকলে অতি আড়ম্বৰপূৰ্ণ ভাৱে উদ্‌যাপন কৰা চ’মাংকান উৎসৱ তিনিপ্ৰকাৰৰঃ

                                    [ক] উচ্ছখাপৰ ‘হাৰ্‌ণে’ চ’মাংকান৷

                                    [খ] মধ্যমীয়া পৰ্য্যায়ৰ ‘লাংটুক’ চ’মাংকান৷

                                    [গ] সাধাৰণ পৰ্য্যায়ৰ ‘কানফ্লাফ্লা’ চ’মাংকান৷

সাধাৰণতে সামাজিক স্বীকৃতি থকা মৃত ব্যক্তিৰ সামাজিক অনুমতি সাপেক্ষে হাৰ্‌ণে আৰু লাংটুক অনুষ্ঠান পালন কৰা হয়৷ কানফ্লাফ্লা হৈছে কাবিৰ্সকলৰ সাধাৰণ শ্ৰাদ্ধ উৎসৱ। ঘৰৰ সমুখৰ চোতালখনেই এই শ্ৰেণীৰ চ’মাংকানৰ স্থলী।

চ’মাংকানত বিলাপ গীতৰ লগতে ডেকা-গাভৰুৰ যৌৱন সুলভ মিলন কেন্দ্ৰীক নৃত্য গীতৰ পয়োভৰ মন কৰিবলগীয়া। ‘নিমছ্‌’ কিৰুং নৃত্যত যোগ দিয়াৰ অধিকাৰ কেৱল ডেকা-গাভৰুৰ মাজতেই সীমাবদ্ধ। বিবাহিত পুৰুষ-মহিলা অথবা বিবাহ স্থিৰ হোৱা ল’ৰা-ছোৱালীয়েও এই নৃত্যত যোগদান কৰাৰ পৰা বিৰত থাকিব লাগে।

কাৰ্বি জনগোষ্ঠীৰ সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ হ’লে কাৰ্বিসকলৰ লোক উৎসৱ চ’মাংকান উদ্‌যাপন কৰাটো নিতান্তই প্ৰয়োজন। এই উৎসৱৰ মাজেৰে কাৰ্বিসকলৰ জাতীয় পৰম্পৰা, ঐতিহ্য আৰু লোক-সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয়। বৰ্তমান আধুনিকতাৰ প্ৰভাৱত কাবিৰ্সকলৰ পৰম্পৰাগত চ’মাংকান, নিম্‌ছ’কিৰুং চমছিনাং, কেংতিৰ কেকান আদি লোকনৃত্য ৰাজহুৱা মঞ্চতো পৰিবেশন কৰা হৈছে। সাজপাৰ, আ-অলংকাৰৰ ক্ষেত্ৰতো নতুনত্বৰ প্ৰয়োগ ঘটিছে৷

প্ৰসঙ্গ সূত্ৰঃ

১. গণেশ নাৰায়ণ ডেভী (সম্পা) -অসমৰ ভাষা, পৃষ্ঠা- ২২৪৷

২. যুগল খাঘৰীয়া (সম্পা) - অসমীয়া জনপ্ৰৱাহৰ সংস্কৃতি, পৃষ্ঠা- ১৫০৷

৩. উপেন ৰাভা হাকাচাম - অসমৰ জনজাতীয় সংস্কৃতি, পৃষ্ঠা- ১১৮৷

আপুনিও ভাল পাব পাৰে!