জনজাতীয় পৰম্পৰা ৰীতি-নীতি

শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱ

post

Share

লেখিকাঃ শিখা দাস

 

অতি প্ৰাচীন কালৰে পৰাই অসমখন বিভিন্ন জনজাতিৰ মিলনৰ ভূ-স্বৰ্গ হৈ আহিছে। প্ৰজাতিগতভাবে অসম খনত অষ্ট্ৰিক, দ্ৰাবিড়. মগোলীয় আৰু ককেছীয় প্ৰজাতিৰ লোক বাস কৰি আহিছে। আনহাতে ভাষাগতভাবে ৰাজ্যখনত অষ্ট্ৰিক, তিব্বতবৰ্মী, আৰ্য আৰু দ্ৰাবিড় ভাষাৰ প্ৰচলন থকা দেখা যায়। মন কৰিবলগীয়া যে অসমত প্ৰজাতিগতভাবে মংগোলীয় গোষ্ঠীৰ লোকৰ সংখ্যা অধিক আৰু ভাষাগতভাবে তিব্বত-বৰ্মী ভাষাৰ প্ৰচলন অধিক।

অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ভিতৰত শৰণীয়া কছাৰীসকল এটি অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠী। ইতিহাসৰ পাতত শৰণীয়া কছাৰীসকলক মংগোলীয় গোষ্ঠীৰ লোক হিচাপে স্বীকৃতি দিয়া হৈছে। “কিৰাত বা কছাৰী মূলৰ পৰা সৃষ্টি হোৱা জনগোষ্ঠী সমূহ হ’ল– বড়ো, ৰাভা, ডিমাছা, শৰণীয়া, সোণোৱাল, ঠেঙাল, হাজং, মেচ, কোচ-ৰাজবংশী, লালুং, মটক আদি। ঐতিহাসিকসকলে কছাৰী মূলীয় এইসকল লোকক মংগোলীয় বুলিও চিনাক্ত কৰিছে।

শৰণীয়া কছাৰী গোষ্ঠীৰ লোকসকল যদিও সমগ্ৰ অসমতে বিয়পি আছে, তথাপিও নামনি অসমত এক বৃহৎ পৰিমাণৰ শৰণীয়া কছাৰী লোক বাস কৰি আহিছে। উজনি অসমৰ দুই এখন জিলাত ছেগাচেৰেকাকৈ হে দুই এটি শৰণীয়া পৰিয়াল আছে। কিন্তু সৰহ সংখ্যক শৰণীয়া কছাৰী লোক নামনি অসমৰ দৰং, ওদালগুৰি, বাক্সা, গোৰেশ্বৰ, তেজপুৰ, বঙাইগাঁও, বৰপেটা আদি ঠাইত আছে।

জাতিগতভাবে ‘শৰণীয়া কছাৰীসকল’ মংগোলীয় গোষ্ঠীৰ লোক। ভাষাগতভাবে চীন তিব্বতীয় ভাষা পৰিয়ালৰ। কিন্তু সময়ৰ গতিত তিব্বতবৰ্মী, অষ্ট্ৰিক, ইণ্ডোআৰ্য আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা আৰ্যমূলীয়া অসমীয়া ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰা দেখা যায়। অৱশ্যে তেওঁলোকে কোৱা মান্য অসমীয়া ভাষাৰ মাজত জনজাতীয় সুৰ সুস্পষ্ট।

‘শৰণীয়া কছাৰী’ জনগোষ্ঠীৰ ইতিহাস বিচাৰিবলৈ যোৱাৰ আগেয়ে ‘শৰণীয়া কছাৰী’ নামটোৰ উৎপত্তি সম্পৰ্কে জানি লোৱাটো অধিক প্ৰয়োজনীয়।

‘শৰণীয়া’ শব্দটোৰ উৎপত্তি ‘শৰণ’ পৰা হোৱা বুলি ক’ব পাৰি। শৰণীয়া শব্দটো বিশেষণ বাচক শব্দ। শৰণীয়া শব্দৰ আভিধানিক অৰ্থ শৰণ লোৱা কাৰ্য। হেমচন্দ্ৰ বৰুৱাই হেমকোষত ‘শৰণীয়া’ শব্দৰ অৰ্থ এনেধৰণে দিছে– ‘হিন্দু ধৰ্ম লোৱা। ইয়াৰ অৰ্থ হ’ল- অহিন্দু জাতিৰ লোকে হিন্দু ধৰ্ম ল’লে তেওঁকো শৰণীয়া বোলা হয়। যেনে শৰণীয়া কছাৰী।

ডঃ মহেশ্বৰ নেওগৰ সম্পাদনাত প্ৰকাশিত ‘চলন্ত অভিধান’ত শৰণীয়া শব্দটো বিশেষ্য পদ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে। ‘বৈষ্ণৱ ধৰ্মত শৰণ লোৱা এক শ্ৰেণীৰ জনজাতীয় লোক’ বুলি অভিধান খনত কোৱা হৈছে। অৰ্থাৎ শৰণীয়া শব্দৰে শৰণীয়া কছাৰী জনজাতিক বুজোৱা হৈছে। সাধাৰণ অৰ্থত ‘শৰণ’ মানে ধৰ্মত শৰণ লোৱা, ৰজাত শৰণ লোৱা বা নেতাত শৰণ লোৱা ইত্যাদি বুজায়। ধৰ্মীয় দৃষ্টিকোণেৰে চালে শৰণ মানে বৈষ্ণৱ ধৰ্মত আশ্ৰয় লোৱা বা আত্মসমৰ্পন কৰা বুজায়। আনহাতে ৰাজনৈতিক দৃষ্টি কোণেৰে চালে ‘শৰণীয়া’ শব্দটোৱে কাৰোবাৰ অধীনস্থ বা বহতীয়া কৰা বুজায়। দেওধাই অসম বুৰঞ্জীত শৰণীয়া বঙ্গাল সম্পৰ্কে এনেদৰে উল্লেখ পোৱা যায়– “ৰাজা জয়দেউ, গন্ধৰ্বৰায়, ৰাজাৰায়, কালাৰায়, হৰিৰায়, প্ৰতাপসিংহ, ইন্দ্ৰমণি, নৰসিংহৰায়, ভবান বক্সি এই আঠ ৰাজা দন্তে খেৰ ধৰি বোলে, দেৱৰ শৰণীয়া গোলাম হৈলো। আমাক ৮ক নাকাটিব।”

উপৰিউক্ত কথাৰ পৰা অনুমান কৰিব পাৰি যে ধৰ্মীয় আৰু ৰাজনৈতিক দিশত আত্মসমৰ্পন কৰা লোকক শৰণীয়া বোলা হৈছিল যদিও ধৰ্মীয় দিশত আত্মসমৰ্পন কৰা জনগোষ্ঠীৰ ক্ষেত্ৰত ‘শৰণীয়া কছাৰী’ শব্দটো অধিক প্ৰচলিত হৈছিল। বৈষ্ণৱ ধৰ্মত শৰণ লৈ একাংশ জনজাতিয়ে নিজকে শৰণীয়া কছাৰী হিচাপে পৰিচয় দিছিল আৰু আন জাতি-জনজাতিয়েও তেওঁলোকক শৰণীয়া কছাৰী নামেৰে অভিহিত কৰিছিল আৰু এই কথাখিনিকে প্ৰায়ভাগ বিদ্বান লোকে গ্ৰহণ কৰা দেখা যায়। আনকি ‘শৰণীয়া কছাৰী’ গোষ্ঠীৰ অন্তৰ্গত লোক সকলেও ইয়াকে মানি লোৱা দেখা যায়।

অন্যান্য জনগোষ্ঠী সমূহৰ দৰে শৰণীয়া কছাৰীসকলৰো পৃথক সাংস্কৃতিক পৰিচয় আছে। বিভিন্ন উৎসৱ অনুষ্ঠানৰ জৰিয়তে স্বকীয় পৰিচয় লাভ কৰা শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱ এটি অতি জনপ্ৰিয় কৃষি ভিত্তিক লোক উৎসৱ। বসন্ত তথা গ্ৰীষ্মকাল হৈছে শস্য তথা উদ্ভিদৰ বংশবৃদ্ধিৰ উপযুক্ত সময়। কিয়নো এই সময়ছোৱাত উদ্ভিদক তথা শস্য সমূহক প্ৰয়োজন হোৱা পানী পুষ্টিৰ অভাৱ নহয়। সেয়েহে এই সময়ছোৱাত কৃষিভিত্তিক তথা উদ্ভিদকেন্দ্ৰিক বিভিন্ন উৎসৱ অনুষ্ঠান পালন কৰা দেখা যায়।

শৰণীয়া কছাৰীসকলে পালন কৰি অহা বাঁহ গোসাঁই উৎসৱক কৃষি ভিত্তিক লোক উৎসৱ বুলি কোৱা হয় যদিও ইয়াৰ মাজত ধৰ্মীয় দিশটোও প্ৰষ্ফুটিত হোৱা দেখা যায়। শৰণীয়া কছাৰীসকলে বাঁহক মহাদেৱ বা শিৱ জ্ঞান কৰে। তেওঁলোকে বাঁহ গোসাঁই পূজাক বুঢ়া ডাঙৰীয়াৰ পূজা বুলিও কয়। শৰণীয়া কছাৰীসকলৰ মাজত বিশ্বাস আছে যে বাঁহ গোসাঁই পূজাই সমাজৰ পৰা অসূয়া-অপ্ৰীতি, দুখ-যাতনা আদি কাঢ়ি নিব আৰু সমাজত শান্তি স্থাপন কৰিব। সেয়েহে সমাজৰ মংগল কামনা কৰিয়েই শৰণীয়া কছাৰীসকলে বাঁহ গোসাঁই পূজাৰ জৰিয়তে শস্যৰ বিস্তাৰ আৰু প্ৰজননৰ কামনা কৰে।

বাঁহ গোসাঁই উৎসৱ প্ৰধানত চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনাৰ পৰা বহাগ মাহৰ ৬ তাৰিখলৈ কৰা হয়। বাঁহ গোসাঁই পূজাৰ কাৰণে গাঁওত বা চুবুৰিত থকা গোসাঁইঘৰ নিৰ্বাচন কৰা হয়, যিটো গোসাঁই ঘৰৰ পৰা গাঁওখনৰ প্ৰায়বোৰ সামাজিক আৰু ধৰ্মীয় কাম-কাজ পৰিচালনা কৰা হয়। এই গোঁসাই ঘৰতে বাঁহ গোসাঁই বন্ধা হয় বা সজোৱা হয়। ইয়াৰ পৰাই বাঁহ গোসাঁই সৰি ফুৰাবলৈ নিয়া হয় আৰু ইয়াতেই বাঁহ গোসাঁই খহোৱা হয় বা সামৰণি উৎসৱ পতা হয়।

আন আন জনগোষ্ঠীৰ ধৰ্মীয় কাৰ্যবোৰ যেনেদৰে এগৰাকী ধৰ্মীয় যাজক বা ব্ৰাহ্মণে সম্পাদনা কৰে ঠিক তেনেদৰে শৰণীয়া কছাৰী সমাজতো বাঁহ গোসাঁই পূজা সম্পাদন কৰিবলৈ এগৰাকী দেউৰী নিয়োগ কৰা হয়। দেউৰীক সহায় কৰি দিবলৈ দুজন লোক নিয়োগ কৰা হয়। এই লোক দুজনক অকল বাঁহ গোসাঁই পূজাৰ বাবেই নিয়োগ কৰা হয়।

বাঁহ গোসাঁই পূজাৰ বাবে পূৰঠ আৰু পোন জাতিৰ বাঁহৰ ৯ হাত ৫ আঙুলি দীঘল এটি বাঁহৰ টুকুৰা কাটি ল’ব লাগে। এই জোখ দেউৰীয়ে নিজ হাতেৰে লয়। বাঁহৰ উপৰি এখন শৰাই, মুকচা, বগা কাঠাণ্ডা ফুল, ৰঙা জবা ফুল, অপৰাজিতা ফুল, বেলপাত, তুলসী আদি অপৰিহাৰ্য। এই বিলাকৰ উপৰিও বাঁহ, গোসাঁই সজোৱাৰ বাবে কাপোৰৰ জামা (চোলা), চঙাৰ (চোৱাৰ), পিতলৰ মুকুট, ৰঙ-বিৰঙৰ ফুলাম মুকচা, গামোচা, ৰুমাল, ফুলৰ মালা আদি লাগে। সেইদৰে চাকি, মাহ-প্ৰসাদ, কল, কুঁহিয়াৰ, ফুল-জল, ধুপ-ধুনা আদিও বাঁহ গোসাঁই পূজাৰ বাবে প্ৰয়োজন।

বাঁহ গোসাঁই পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ একগোট কৰাৰ পিছত বাঁহ গোসাঁই পূজাৰ পৰ্ব আৰম্ভ কৰা হয়। বাঁহ গোসাঁই পূজাৰ সমগ্ৰ কাৰ্যক্ৰমণিকাক শৰণীয়া কছাৰী সমাজৰ অন্যতম বিদগ্ধ ব্যক্তি তথা সাহিত্যক সোনবৰ বৰুৱাদেৱে ৩টা পৰ্যায়ত ভাগ কৰিছে। পৰ্যায়কেইটা হ’ল–

ক) বাঁহ গোসাঁই বান্ধা বা সজোৱা

খ) বাঁহ গোসাঁই সৰি ফুৰোৱা বা পৰিভ্ৰমণ কৰোৱা

গ) বাঁহ গোসাঁই খহোৱা বা সামৰণি মাৰা

উক্ত তিনিওটা পৰ্যায়ৰ মাজেৰেই বাঁহ গোসাঁই পূজা আগবাঢ়ে আৰু সামৰণি পৰে।

বাঁহ গোসাঁই পূজাৰ প্ৰথম পৰ্যায়টো হৈছে বাঁহ গোসাঁই বান্ধা বা সজোৱা পৰ্ব। বাঁহ গোসাঁইক সজোৱাৰ আগমুহূৰ্তত বাঁহ গোসাঁই আনিবৰ বাবে দেউৰী সহ ভক্তপ্ৰাণ ৰাইজে শংখ বজাই, চাপৰি মাৰি বাঁহ কাটিব যায়। উল্লেখযোগ্য যে যি ডাল বাঁহক গোসাঁই হিচাবে অনা হ’ব সেই বাঁহডাল জাতিবাঁহ এচোপৰ পুৰঠ বাঁহ হ’ব লাগিব। নিৰ্বাচিত বাঁহডালৰ গুৰিত দেউৰীয়ে তামোল পানেৰে নৈবদ্য আগবঢ়াই তেওঁলোকৰ উপাস্য দেৱতা বুঢ়া ডাঙৰীয়া বা শিৱৰ পৰা অনুমতি বিচাৰি। স্মৰ্তব্য যে যি গৰাকী দেউৰী আৰু তেওঁৰ সহযোগী দুজনে বাঁহ কাটিব তেওঁলোকে বাঁহ কাটিব যোৱাৰ আগদিনা অধিবাস খাটিব লাগে। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত কৰা বাঁহ গোসাঁই উৎসৱৰ প্ৰথম দিনা দেউৰীয়ে সকলোৰে মংগল কামনা কৰি গোসাঁই ঘৰৰ মণিকুটত ৩ গছি বন্তি আৰু বাটচৰাৰ ভেটিত এগচি বন্তি জ্বলাই। পূজা অৰ্চনা শেষ হোৱাৰ পিছত দেউৰী আৰু দুজন সংগী সহিতে তথা ভক্তপ্ৰাণ ৰাইজৰ লগত বাঁহ কাটিবলৈ যায়। লগত লৈ যায় দা, সহস্ৰবাতিৰ থাল, শংখ। ভক্তপ্ৰাণ ৰাইজে ঢোল-তাল, শংখ-ঘণ্টা, বৰকাহ, ঢোল-ডগৰ বজাই পিছে পিছে যায়। লগতে হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে গোটেই অঞ্চলজুৰি। যেন সেয়া আন এক দ্বিতীয় বৃন্দাবনহে। বাঁহ কাটিবলৈ ধৰাৰ আগ মুহূৰ্তত দেউৰীয়ে মন্ত্ৰ-বাক্য মাতে। মন্ত্ৰ-বাক্যৰ অন্তত দেউৰীৰ নিৰ্দেশ মৰ্মে লগত অহা সংগী দুজনে বাঁহ কাটে। বাঁহডাল মাটিত নপৰাকৈ দুয়োজন সংগীয়ে কান্ধত লৈ আহে গোসাঁই ঘৰলৈ। গোসাঁই ঘৰত দেউৰীয়ে আকৌ বাঁহডালক শান্তিজল চটিয়াই শুদ্ধিকৰণ কৰে। শুদ্ধিকৰণৰ পিছত দেউৰীয়ে নিজহাতেৰে ৯ হাত ৫ আঙুলি জোখত সংগী দুজনক টুকুৰা কৰিবলৈ কয়। টুকুৰা কৰাৰ পিছত পুণৰাই শান্তিজল চটিয়াই মিঠাতেল সানি গোসাঁই ঘৰত প্ৰৱেশ কৰায়। গোসাঁই ঘৰত বাঁহ গোসাঁইক প্ৰৱেশ কৰোৱাৰ পিছতে দেউৰী আৰু সংগী দুজনে বগা জামা পিন্ধায়। দেউৰী আৰু সংগী দুজনে জামা আৰু চঙাৰ পিন্ধোৱাৰ পিছতে ভক্তপ্ৰাণ ৰাইজে ৰঙীণ গোমোচা, মোকচা, ৰুমাল আদি বাঁহডালত গাঠি মাৰি দিয়ে। তাৰ পিছত দেউৰীয়ে নিজে বাঁহ গোসাঁইৰ শিৰত পিতলৰ মুকুট পিন্ধাই তেল-সেন্দুৰ সানি দিয়ে, ফুলৰ মালা পিন্ধায় দিয়ে। এনেদৰে বাঁহৰ গোসাঁইক সুন্দৰ আৰু চকুত লগাকৈ সজায় পৰাই তোলা হয়।

বাঁহ গোসাঁই উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হৈছ বাঁহ গোসাঁই ফুৰোৱা বা পৰিভ্ৰমণ কৰোৱা উৎসৱ। বহাগ মাহৰ পহিলা তাৰিখে ভক্তপ্ৰাণ ৰাইজে বাঁহ গোসাঁইক পূজা অৰ্চনা কৰি গাঁও ফুৰাবলৈ নিয়ে। গাঁও ফুৰাবলৈ নিয়াৰ আগমুহূৰ্তত বাঁহ গোসাঁইক গোঁসাই ঘৰটোৰ চাৰিওফালে দক্ষিণৰ পৰা আৰম্ভ কৰি সাতপাক ঘুৰায়। সাতপাক ঘুৰা শেষ হোৱাৰ পিছত বাঁহ গোসাঁইক সৰি ফুৰাবলৈ লৈ যায়। সৰি ফুৰাওতে দেউৰী বা গাঁওখনৰ মুখিয়াল ব্যক্তিয়ে প্ৰথমতে তেওঁলোকৰ ঘৰলৈ আদৰণি জনোৱা দেখা যায়। তাৰ পিছতহে গাওঁখনৰ অইন ব্যক্তিসকলে তেওঁলোকৰ নিজা ঘৰলৈ বাঁহ গোসাঁইক আদৰণি জনোৱা দেখা যায়। প্ৰতিঘৰ গৃহস্থই বাঁহ গোসাঁইক আদৰণি জনাবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ছোৱালী বা মহিলা সকলে হাত হাতত ধূপ-ধুনা, শলা-বন্তি, তামোল-পাণ লৈ আদৰিবলৈ ৰৈ থাকে। বাঁহ গোসাঁই পদুলি মুখত উপস্থিত হোৱাৰ পিছতেই গৃহস্থই গোসাঁইৰ চৰণ ধুৱায় এখিলা পানেৰে নিজৰ চোতাললৈ বৰি নিয়ে। গৃহস্থই বাঁহ গোসাঁই আদৰি নিয়া ঠাইৰ পৰা চোতাললৈ চেলেং চাদৰ পাৰি দিয়ে। সেই চেলেং চাদৰৰ ওপৰেদি ভক্তপ্ৰাণ ৰাইজে বাঁহ গোসাঁই গৃহস্থৰ চোতাললৈ নিয়ে। চোতালত সজাই ৰখা নৈবদ্যৰ ওচৰত আগলতি কলপাত এখনত বটাসহ বাঁহ গোসাঁই উপৱেশন কৰায়। গৃহস্থই সাধ্যানুসাৰে মাননি দি নতজানু হৈ পূজা অৰ্চনা কৰি আশীৰ্বাদ লয়। সেই সময়খিনিত ভক্তপ্ৰাণ ৰাইজে ইষ্টদেৱতা বুঢ়া ডাঙৰীয়া বা শিৱক স্মৰণ কৰি, আধ্যাত্মিক নাম গায়।

গৃহস্থই নতজানু হৈ আশীৰ্বাদ লৈ থকা সময়তে ভক্তপ্ৰাণ ৰাইজৰ কোনোবা এজনে পদুলিত পাৰি দিয়া চেলেংচাদৰ গৃহস্থৰ মূৰৰ ওপৰেদি তিনিবাৰ চোঁচৰাই নি আশীৰ্বাদ দিয়ে। তাৰ পাছত পূজা অৰ্চনা শেষ হয়। গৃহস্থই নিৰ্মালী লয়। বাঁহ গোসাঁইক মুকচা, গামোচা, ফুলৰ মালা আদি পিন্ধাই দিয়ে। এনেদৰে সৰি ফুৰোৱা বা পৰিভ্ৰমণৰ অন্তত সন্ধিয়াৰ আগে আগে বাঁহ গোসাঁইক ঘৰলৈ আনি যথাস্থানত উপৱেশন কৰায়। ইয়াৰ লগে লগে বাঁহ গোসাঁই উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে।

উল্লেখযোগ্য যে ১ বহাগৰ পৰা ৬ বহাগলৈ বাঁহ গোসাঁই সৰি ফুৰোৱা হয়। ২ বহাগৰ পৰা ৬ বহাগলৈ গোসাঁই ঘৰৰ চাৰিওফালে বাঁহ গোসাঁইক নুঘুৰায়। ৭ বহাগৰ দিনাহে গোসাঁই ঘৰৰ চাৰিওফালে বাঁহ গোসাঁইক ঘুৰায়।

বাঁহ গোসাঁই উৎসৱৰ তৃতীয় পৰ্যায়টো হ’ল বাঁহ গোসাঁই খহোৱা বা সামৰণি উৎসৱ। ৭ বহাগৰ দিনা বাঁহ গোসাঁই খহোৱা উৎসৱ পালন কৰা হয়। সেইদিনা ৰাতিপুৱাৰে পৰাই গোসাঁই ঘৰ প্ৰাংগনত ভক্তপ্ৰাণ ৰাইজে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। ভক্তপ্ৰাণ ৰাইজে মনত লৈ থোৱা মানসবোৰৰ লগত মাহ প্ৰসাদ দিয়ে। কোনোবা গোসাঁইলৈ হাঁহ, পাৰ, ছাগলী আদি নিবেদন কৰে। ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্চা পূৰণ কৰিবলৈ ভগৱানৰ ওচৰত আগবঢ়াই দিয়া জীৱবোৰ বলি দিয়া নহয়। ভগৱানৰ নামত আগবঢ়াই দিয়া জীৱবোৰ এৰি দিয়া হয়। এইদৰে ভক্তপ্ৰাণ ৰাইজে শিৰ নত কৰি বাঁহ গোসাঁইক শেষ শ্ৰদ্ধা নিবেদন জনাই নিৰ্মালী লয়। তাৰ পাছত দুগৰাকী ব্যক্তিয়ে (আগধন আৰু গোৰধৰাই) বাঁহ গোসাঁই কান্ধত তুলি লৈ দক্ষিণ দিশৰ পৰা আৰম্ভ কৰি গোসাঁই ঘৰৰ চাৰিওফালে ৭ পাক ঘুৰায়।

আয়তীসকলে নাম গায়–

“গোসাঁই সাত পাক ঘুৰে

পাউৰা বুলনে বুলে।

গোসাঁইৰ আগতে চঙাৰে বৰিছে

আগে হালি জালি কৰে।” (সংগৃহীত)

গোসাঁই ঘৰৰ চাৰিওফালে ঘুৰোতে গোসাঁইঘৰৰ দুৱাৰমুখ পোৱাৰ লগে লগে প্ৰতিবাৰতেই বাঁহ গোসাঁইৰ মুকুটটো গোসাঁইঘৰৰ পিনে হেলনীয়াকৈ দোৱাই সেৱা কৰে। সাতপাক ঘুৰা শেষ হোৱাৰ পাছত বাঁহ গোসাঁই গোসাঁই ঘৰত সোমায়। গোসাঁই ঘৰৰ ভিতৰত আগধৰা আৰু পাছধৰাই কান্ধত লৈ থকা অৱস্থাতে বাঁহ গোসাঁইৰ চাঙৰ, মুকুটা, গামোচা, ৰুমাল আদি সোলোকাই দেউৰীৰ নিৰ্দেশ মতে এক নিৰ্দিষ্ট স্থানত সযত্নে ৰখা হয়। তাৰ পাছত সেই বাঁহডাল গোসাঁই ঘৰৰ আটালত তুলি নাইবা গোসাঁই ঘৰৰ খুটাত সংলগ্ন কৰি থোৱা হয়। ঠাই বিশেষে বাঁহ গোসাঁইক পানীত উটুৱাই দিয়া হয়। বিসৰ্জনৰ অন্তত ভক্তপ্ৰাণ ৰাইজে মাহ-প্ৰসাদ গ্ৰহণ কৰে। এনেদৰে বাঁহ গোসাঁই উৎসৱৰ সামৰণি পৰে।

বাঁহ গোসাঁই উৎসৱ শৰণীয়া কছাৰী সমাজৰ কাৰণে জাতীয় উৎসৱ সদৃশ। শৰণীয়া কছাৰী সমাজৰ ডেকা-বুঢ়া, ল’ৰা-ছোৱালী, আবল বৃদ্ধ বনিতা সকলোৱে বাঁহ গোসাঁই উৎসৱত দেহ মন উজাৰি যোগদান কৰে। শুদ্ধ চিত্তে, শুদ্ধ মনে একান্তভাবেৰে কেৱল বুঢ়া ডাঙৰীয়া মহাদেৱ শিৱক স্তুতি কৰে। বাঁহ গোসাঁই উৎসৱৰ লগত নামনি অসমত প্ৰচলিত ভথেলী উৎসৱৰ সামঞ্জস্য থকা দেখা যায়।

বাঁহ গোসাঁই উৎসৱৰ উদ্দেশ্যে যিদৰে সমাজৰ পৰা অসূয়া-অপ্ৰীতি, অশান্তি আদি আঁতৰ কৰি সমাজত শান্তি স্থাপন কৰা সেইদৰে বাঁহ গোসাঁইৰ উৎসৱৰ আন এটি উদ্দেশ্য হ’ল মিলনৰ তীৰ্থভূমি। সকলো জাতি-জনগোষ্ঠীয়ে যেন বাঁহ গোসাঁইৰ তলত এক হোৱাৰ পণ কৰে। বাঁহ গোসাঁই  উৎসৱে শৰণীয়া কছাৰীসকলৰ সাংস্কৃতিক ঐতিহ্য তথা লোক জীৱনকো চহকী কৰি তুলিছে

আপুনিও ভাল পাব পাৰে!