Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

বৰ্ষা বৰ্ণনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত অসমীয়াৰ জনজীৱন

post
<

Share

লেখকঅজয় বৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি ৰাজিত অসমীয়া সমাজ জীৱন, অসমৰ প্ৰকৃতি, গ্ৰাম্য জীৱনৰ অতুলনীয় চিত্ৰ অংকন কৰি গৈছে৷ গুৰুজনাই প্ৰকৃতিৰ পৰা জীৱনবোধৰ সমল, প্ৰকৃতিৰ অনুপম সম্পদ শইচ-পথাৰ, ঋতু অনুযায়ী আদি লৈ প্ৰস্তুত কৰা কৰ্মসংস্কৃতি অসমীয়াক দি গৈছে৷ যাৰ সৈতে নিবিড় সম্পৰ্ক কৰি ৰ্মী আৰু সামাজিক জী যাত্ৰা আগবাঢ়ি গৈছে৷ তেওঁৰ ধৰ্ম প্ৰচাৰ কিম্বা সাহিত্য সংস্কৃতিৰ সৃষ্টিয়েই হওক সকলোতে বিৰাজমান চালিকা শক্তি ভগবান শ্ৰীকৃষ্ণ৷ তেওঁৰ জীৱন ধাৰণ সৰুৰ পৰাই কৃষক, গো-ধন কিম্বা গাঁৱৰ নান্দনিক পৰিবেশৰ লগত ওটপোটভাৱে জড়িত আছিল৷ গো-ধন ভাৰতীয় জীৱনৰ পৰম সম্পদ আৰু ইয়াৰ সৈতে উৎপাদন ব্যৱসায় সম্পৰ্ক গুৰুত্বপূৰ্ণ৷ ভগবান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামে ব্যৱহাৰ কৰা নাঙলে আমাক কৃষিৰ কথা, কৃষি কৰ্মৰ কথা সোঁৱৰাই দিয়ে৷ এনেদৰে তেতিয়াৰ পৰা কৃষি কৰ্ম কৰাই অহা নিদৰ্শন বিদ্যমান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ জনজীৱনৰ সবাটোতকৈ আপোন ৰ্ষা ঋতুৰ কথা ভাগৱতত বৰ্ণনা কৰিছে ...

শুকমুনি পৰীক্ষিত ৰাজাত কহিল৷

গ্ৰীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল ৷৷

বিবিধ মণ্ডলে কৰৈ সূয্যৰ্ৰ প্ৰকাশ৷

তাৰে ৰশ্মি চিকমিক দেখিয় আকাশ ৷৷

বহে খৰ্ব বায়ু নুশুনিয়া মাতবোল৷

গগনক ঢাকি মহা মেঘৰ আন্দোলন ৷৷

ভাগৱতৰ দশম স্কন্ধৰ ৭৭৬ নং পদৰ পৰা ৮২১ নং পদলৈ ৰ্ষা ঋতুৰ বৰ্ণনা পোৱা যায়৷ কৃষিভিত্তিক অসমৰ জনজীৱন ৰ্ষা ঋতুত প্ৰবল বৃষ্টি, বানপানী কেতিয়াবা খৰাং, এইবোৰৰ মাজটো কৃষকে সৃষ্টিৰ অপৰিসীম আনন্দ লভে৷ বছৰৰ প্ৰায় আঠমাহ সূৰ্যৰ প্ৰখৰ উত্তাপে দহন কৰা পৃথিৱীৰ ৰস নোহোৱা হৈ যায় আৰু বাৰিষা কালত প্ৰবল বৰষুণে সৃষ্টিৰ বতৰা কঢ়িয়াই আনে৷ খাল-বিল, নদ-নদী, জান-জুৰিয়ে পূৰ্ণতা পায়৷

খাল বাম ভৰি ভূমি ভাগি বৱৈ জান৷

যেন মহামহন্তে দুখীক দিলা ধান৷

গুৰুজনাই বৰ্ষা ঋতুৰ স্বাভাৱিক ৰূপৰ মাজেদি মানৱীয় ৰূপৰ মূল্যৰ প্ৰয়াস কৰিছে৷ ৰ্ষাকালত প্ৰবল বেগেৰে নামি অহা বৰষুণৰ পানীয়ে পৃথিৱী পৰিষ্কাৰ কৰাৰ দৰে জল-স্থলবাসী মনোহৰ হৈ উঠাৰ দৰে হৰিভক্তিয়ে মানুহৰ মন পৰিশুদ্ধ কৰে৷ সহজ সৰল গাঁৱলীয়া জন-সমাজক হৰিভক্তি মাহাত্ম্য বুজাবলৈ বেছি কথাৰ প্ৰয়োজন নাই মাথোঁ অন্তৰ শুদ্ধ হলে মানসিক দিগন্ত প্ৰসাৰিত হয়, চিন্তাৰ পৰিধি বিশাল হয়৷ মানুহৰ মনৰ দৃঢ়তা অটুট ৰাখিবলৈ আৱশ্যক হয় এক অৱলম্বন৷ গুৰুজনাই ভগৱান কৃষ্ণক সেই অৱলম্বন হিচাপে লৈছে৷ মানসিক দৃঢ়তাৰ ওচৰত সকলো অসুভ শক্তি, সমস্ত বাধা-বিঘিনি পৰাভূত হয়৷

যদ্যপি মূষলধাৰে মেঘে বৰষিল

তথাপি পৰ্বতে পীড়া কিছু নজানিল৷

যি জনৰ ভৈল মন কৃষ্ণত প্ৰৱেশ৷ তাক যেন লংঘিবে নুৱাৰৈ দুখ ক্লেশ৷কৃষিক অৱলম্বন কৰি জীয়াই থকা অসমৰ কৃষিজীৱি ৰাইজ বাৰিষাৰ সৈতে এক নিটোল সম্বন্ধ৷ কৃষকৰ হাঁড়ভগা শ্ৰমত শস্য পথাৰ শ্যামলী হয়৷ গুৰুজনাই এই সমস্ত কথাকে নিপুন হাতেৰে অংকন কৰিছে

বৃষ্টি জল পায়া শস্য কৰৈ হলফল৷

দেখি কৃষকৰ মনে মহা কৌতূহল৷৷

বাৰিষাই আনে সৃষ্টিৰ প্ৰতিশ্ৰুতি৷ পথাৰত সিঁচা খেতিৰ বাৰিষাৰ জলপান কৰি গছ-গছনি, ডাল-পাত মেলি ফল-ফুলেৰে জাতিস্কাৰ হৈ উঠে৷ একেদৰে পৰম দুখৰ সময়ত, নানা সমস্যাত শক্তিহীন হৈ পৰাৰ সময়ত হৰি ভক্তিয়ে নতুন শক্তি যোগান ধৰে৷ মানুহৰ জীৱনত থকা ৰিপুবোৰ বাৰিষাৰ ফেনফোটোকাৰৰ লগত তুলনা কৰি গৈছে যে বাৰিষাৰ নদীৰ ভৰুণ পানীত সেই ৰিপুবোৰক ধুৱাই লৈ যায়৷ ইয়াৰ উপৰিও অহংকাৰ, সমাজৰ প্ৰদূষণ, অন্তৰৰ মলিনতা, ধূলি-মাকতি নিৰ্মূল কৰটো এই বাৰিষাই যেন সহায়ক হয়৷

হুয়া নদীসৱ সৱে সঙ্গম সাগৰ৷

কৰিলে কল্লোল মহা উৰ্মি ভয়ঙ্কৰ৷

যেন যিটো যোগীৰ নগুচৈ কাম কষ্ট৷

বিষয়ক পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট৷

প্ৰাণীজগতৰ কল্যাণৰ বাবেও ৰ্ষা ঋতু একান্ত প্ৰয়োজন৷ এই ঋতুৱে সকলো মলি ধুই নিকা কৰাৰ দৰে কৃষ্ণৰ থকা অনুৰাগে মানুহৰ কলুষতা, জড়তা, অপাই অমংগল নিমূল কৰে৷

প্ৰশংসন্ত কৃষ্ণ বাৰিষাৰ শ্ৰীক চাই৷

উপকাৰী প্ৰাণীৰ ইহাত পৰে নাই৷

গুৰুজনাই সহজ সৰল ভাষাত কৃষিজীৱি গ্ৰাম্য সমাজৰ আনন্দ, সৌন্দৰ্য, ঐক্য প্ৰকাশ কৰিছে৷ গৰখীয়া জীৱনৰ আনন্দ, কষ্টৰ কথা অতিশয় স্বাভাৱিক ৰূপত অংকন কৰিছে৷ বৃন্দাবনত উমলি-জামলি আপোন পাহৰা হৈ কৃষ্ণৰ লগতে সমনীয়াৰ যি নান্দনিক আনন্দ কৰিছে সেয়া এতিয়াৰ প্ৰজন্মত নাই যদিও গোপসকলৰ অবিচ্ছেদ্য অংগ আছিল৷ গুৰুজনাই জনমানসত কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰতিপন্ন কৰাৰ বাবে, ৰ্মীয় অনুভূতি সুদৃঢ় কৰাৰ নিমিত্তে গৰখীয়া ৰূপৰ সৈতে কৃষ্ণৰ পৰম সৌন্দৰ্য সাঙুৰিছে৷ গৰখীয়া সকলো একে লগে গৰু চৰোৱা, কাৰোবাৰ ঘৰত কামত সহায় কৰি দিয়া, খেতি পথাৰত লাগি দিয়া আদি কাৰ্যই ঐক্যৰ, সংহতিৰ কথাকে দেখুৱাই৷ এতিয়াও গাঁৱলীয়া সমাজত এই পৰম্পৰা বিদ্যামান৷ বাৰিষা গাঁৱৰ মানুহবোৰ লগ হৈ কঠীয়া তোলা, ভূই ৰোৱা, হাল কোৰ মৰা তাৰেই নিৰ্দশন৷ মুঠতে গুৰুজনাইৰ্ষা বৰ্ণত বৈষ্ণৱ আদৰ্শৰে প্ৰভান্বিত হব পৰাকৈ বাৰিষাৰ অনুপম চিত্ৰ অংকন কৰি সেই তাহানিতে দি থৈ যোৱা নিদৰ্শন বোৰ এতিয়াও গাঁৱৰ জন-জীৱনত, সমাজ ব্যৱস্থান সুখ-দুখৰ, কৰ্মৰ লগৰী৷ গুৰুজনাৰ জীৱন কৰ্মই সেই তেতিয়াৰ অনুৰাগী সকল মুগ্ধ হোৱাৰ দৰে, তেওঁৰ আদৰ্শকে মূল হিচাপে লৈ কৰা এতিয়াও অসমীয়াৰ জীৱনৰ, কাৰ্যত দেখা যায়৷ খেতি পথাৰতে নহয় আধুনিক বিজ্ঞানে জীৱন যাত্ৰাৰ বহু সহজ-সুবিধাৰ সৃষ্টি কৰিছে৷ বিজ্ঞানে দিয়া সা-সুবিধাবোৰ গ্ৰহণ কৰি গুৰুজনা কৰ্মসংস্কৃতি আগত ৰাখি আমি কাম কৰা উচিত৷ 

গুৰুজনাৰ ব্যৱহাৰিক জীৱনৰ কৰ্তব্যৰ অতি সজাগ আছিল৷ গুৰুজনাৰ লগতে শিষ্য সকলে খেতি-বাতি, ব্যৱসায়-বাণিজ্য কৃষিজাত দ্ৰব্য উৎপাদন, কুটিৰ শিল্প আদিটো গুৰুত্ব দি ঋতু অনুযায়ী কৰ্ম-সংস্কৃতি গঢ়ি তুলিছিল৷

আপুনিও ভাল পাব পাৰে!