মতামত

বৰ্ষা বৰ্ণনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত অসমীয়াৰ জনজীৱন

post

Share

লেখকঅজয় বৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি ৰাজিত অসমীয়া সমাজ জীৱন, অসমৰ প্ৰকৃতি, গ্ৰাম্য জীৱনৰ অতুলনীয় চিত্ৰ অংকন কৰি গৈছে৷ গুৰুজনাই প্ৰকৃতিৰ পৰা জীৱনবোধৰ সমল, প্ৰকৃতিৰ অনুপম সম্পদ শইচ-পথাৰ, ঋতু অনুযায়ী আদি লৈ প্ৰস্তুত কৰা কৰ্মসংস্কৃতি অসমীয়াক দি গৈছে৷ যাৰ সৈতে নিবিড় সম্পৰ্ক কৰি ৰ্মী আৰু সামাজিক জী যাত্ৰা আগবাঢ়ি গৈছে৷ তেওঁৰ ধৰ্ম প্ৰচাৰ কিম্বা সাহিত্য সংস্কৃতিৰ সৃষ্টিয়েই হওক সকলোতে বিৰাজমান চালিকা শক্তি ভগবান শ্ৰীকৃষ্ণ৷ তেওঁৰ জীৱন ধাৰণ সৰুৰ পৰাই কৃষক, গো-ধন কিম্বা গাঁৱৰ নান্দনিক পৰিবেশৰ লগত ওটপোটভাৱে জড়িত আছিল৷ গো-ধন ভাৰতীয় জীৱনৰ পৰম সম্পদ আৰু ইয়াৰ সৈতে উৎপাদন ব্যৱসায় সম্পৰ্ক গুৰুত্বপূৰ্ণ৷ ভগবান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামে ব্যৱহাৰ কৰা নাঙলে আমাক কৃষিৰ কথা, কৃষি কৰ্মৰ কথা সোঁৱৰাই দিয়ে৷ এনেদৰে তেতিয়াৰ পৰা কৃষি কৰ্ম কৰাই অহা নিদৰ্শন বিদ্যমান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ জনজীৱনৰ সবাটোতকৈ আপোন ৰ্ষা ঋতুৰ কথা ভাগৱতত বৰ্ণনা কৰিছে ...

শুকমুনি পৰীক্ষিত ৰাজাত কহিল৷

গ্ৰীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল ৷৷

বিবিধ মণ্ডলে কৰৈ সূয্যৰ্ৰ প্ৰকাশ৷

তাৰে ৰশ্মি চিকমিক দেখিয় আকাশ ৷৷

বহে খৰ্ব বায়ু নুশুনিয়া মাতবোল৷

গগনক ঢাকি মহা মেঘৰ আন্দোলন ৷৷

ভাগৱতৰ দশম স্কন্ধৰ ৭৭৬ নং পদৰ পৰা ৮২১ নং পদলৈ ৰ্ষা ঋতুৰ বৰ্ণনা পোৱা যায়৷ কৃষিভিত্তিক অসমৰ জনজীৱন ৰ্ষা ঋতুত প্ৰবল বৃষ্টি, বানপানী কেতিয়াবা খৰাং, এইবোৰৰ মাজটো কৃষকে সৃষ্টিৰ অপৰিসীম আনন্দ লভে৷ বছৰৰ প্ৰায় আঠমাহ সূৰ্যৰ প্ৰখৰ উত্তাপে দহন কৰা পৃথিৱীৰ ৰস নোহোৱা হৈ যায় আৰু বাৰিষা কালত প্ৰবল বৰষুণে সৃষ্টিৰ বতৰা কঢ়িয়াই আনে৷ খাল-বিল, নদ-নদী, জান-জুৰিয়ে পূৰ্ণতা পায়৷

খাল বাম ভৰি ভূমি ভাগি বৱৈ জান৷

যেন মহামহন্তে দুখীক দিলা ধান৷

গুৰুজনাই বৰ্ষা ঋতুৰ স্বাভাৱিক ৰূপৰ মাজেদি মানৱীয় ৰূপৰ মূল্যৰ প্ৰয়াস কৰিছে৷ ৰ্ষাকালত প্ৰবল বেগেৰে নামি অহা বৰষুণৰ পানীয়ে পৃথিৱী পৰিষ্কাৰ কৰাৰ দৰে জল-স্থলবাসী মনোহৰ হৈ উঠাৰ দৰে হৰিভক্তিয়ে মানুহৰ মন পৰিশুদ্ধ কৰে৷ সহজ সৰল গাঁৱলীয়া জন-সমাজক হৰিভক্তি মাহাত্ম্য বুজাবলৈ বেছি কথাৰ প্ৰয়োজন নাই মাথোঁ অন্তৰ শুদ্ধ হলে মানসিক দিগন্ত প্ৰসাৰিত হয়, চিন্তাৰ পৰিধি বিশাল হয়৷ মানুহৰ মনৰ দৃঢ়তা অটুট ৰাখিবলৈ আৱশ্যক হয় এক অৱলম্বন৷ গুৰুজনাই ভগৱান কৃষ্ণক সেই অৱলম্বন হিচাপে লৈছে৷ মানসিক দৃঢ়তাৰ ওচৰত সকলো অসুভ শক্তি, সমস্ত বাধা-বিঘিনি পৰাভূত হয়৷

যদ্যপি মূষলধাৰে মেঘে বৰষিল

তথাপি পৰ্বতে পীড়া কিছু নজানিল৷

যি জনৰ ভৈল মন কৃষ্ণত প্ৰৱেশ৷ তাক যেন লংঘিবে নুৱাৰৈ দুখ ক্লেশ৷কৃষিক অৱলম্বন কৰি জীয়াই থকা অসমৰ কৃষিজীৱি ৰাইজ বাৰিষাৰ সৈতে এক নিটোল সম্বন্ধ৷ কৃষকৰ হাঁড়ভগা শ্ৰমত শস্য পথাৰ শ্যামলী হয়৷ গুৰুজনাই এই সমস্ত কথাকে নিপুন হাতেৰে অংকন কৰিছে

বৃষ্টি জল পায়া শস্য কৰৈ হলফল৷

দেখি কৃষকৰ মনে মহা কৌতূহল৷৷

বাৰিষাই আনে সৃষ্টিৰ প্ৰতিশ্ৰুতি৷ পথাৰত সিঁচা খেতিৰ বাৰিষাৰ জলপান কৰি গছ-গছনি, ডাল-পাত মেলি ফল-ফুলেৰে জাতিস্কাৰ হৈ উঠে৷ একেদৰে পৰম দুখৰ সময়ত, নানা সমস্যাত শক্তিহীন হৈ পৰাৰ সময়ত হৰি ভক্তিয়ে নতুন শক্তি যোগান ধৰে৷ মানুহৰ জীৱনত থকা ৰিপুবোৰ বাৰিষাৰ ফেনফোটোকাৰৰ লগত তুলনা কৰি গৈছে যে বাৰিষাৰ নদীৰ ভৰুণ পানীত সেই ৰিপুবোৰক ধুৱাই লৈ যায়৷ ইয়াৰ উপৰিও অহংকাৰ, সমাজৰ প্ৰদূষণ, অন্তৰৰ মলিনতা, ধূলি-মাকতি নিৰ্মূল কৰটো এই বাৰিষাই যেন সহায়ক হয়৷

হুয়া নদীসৱ সৱে সঙ্গম সাগৰ৷

কৰিলে কল্লোল মহা উৰ্মি ভয়ঙ্কৰ৷

যেন যিটো যোগীৰ নগুচৈ কাম কষ্ট৷

বিষয়ক পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট৷

প্ৰাণীজগতৰ কল্যাণৰ বাবেও ৰ্ষা ঋতু একান্ত প্ৰয়োজন৷ এই ঋতুৱে সকলো মলি ধুই নিকা কৰাৰ দৰে কৃষ্ণৰ থকা অনুৰাগে মানুহৰ কলুষতা, জড়তা, অপাই অমংগল নিমূল কৰে৷

প্ৰশংসন্ত কৃষ্ণ বাৰিষাৰ শ্ৰীক চাই৷

উপকাৰী প্ৰাণীৰ ইহাত পৰে নাই৷

গুৰুজনাই সহজ সৰল ভাষাত কৃষিজীৱি গ্ৰাম্য সমাজৰ আনন্দ, সৌন্দৰ্য, ঐক্য প্ৰকাশ কৰিছে৷ গৰখীয়া জীৱনৰ আনন্দ, কষ্টৰ কথা অতিশয় স্বাভাৱিক ৰূপত অংকন কৰিছে৷ বৃন্দাবনত উমলি-জামলি আপোন পাহৰা হৈ কৃষ্ণৰ লগতে সমনীয়াৰ যি নান্দনিক আনন্দ কৰিছে সেয়া এতিয়াৰ প্ৰজন্মত নাই যদিও গোপসকলৰ অবিচ্ছেদ্য অংগ আছিল৷ গুৰুজনাই জনমানসত কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰতিপন্ন কৰাৰ বাবে, ৰ্মীয় অনুভূতি সুদৃঢ় কৰাৰ নিমিত্তে গৰখীয়া ৰূপৰ সৈতে কৃষ্ণৰ পৰম সৌন্দৰ্য সাঙুৰিছে৷ গৰখীয়া সকলো একে লগে গৰু চৰোৱা, কাৰোবাৰ ঘৰত কামত সহায় কৰি দিয়া, খেতি পথাৰত লাগি দিয়া আদি কাৰ্যই ঐক্যৰ, সংহতিৰ কথাকে দেখুৱাই৷ এতিয়াও গাঁৱলীয়া সমাজত এই পৰম্পৰা বিদ্যামান৷ বাৰিষা গাঁৱৰ মানুহবোৰ লগ হৈ কঠীয়া তোলা, ভূই ৰোৱা, হাল কোৰ মৰা তাৰেই নিৰ্দশন৷ মুঠতে গুৰুজনাইৰ্ষা বৰ্ণত বৈষ্ণৱ আদৰ্শৰে প্ৰভান্বিত হব পৰাকৈ বাৰিষাৰ অনুপম চিত্ৰ অংকন কৰি সেই তাহানিতে দি থৈ যোৱা নিদৰ্শন বোৰ এতিয়াও গাঁৱৰ জন-জীৱনত, সমাজ ব্যৱস্থান সুখ-দুখৰ, কৰ্মৰ লগৰী৷ গুৰুজনাৰ জীৱন কৰ্মই সেই তেতিয়াৰ অনুৰাগী সকল মুগ্ধ হোৱাৰ দৰে, তেওঁৰ আদৰ্শকে মূল হিচাপে লৈ কৰা এতিয়াও অসমীয়াৰ জীৱনৰ, কাৰ্যত দেখা যায়৷ খেতি পথাৰতে নহয় আধুনিক বিজ্ঞানে জীৱন যাত্ৰাৰ বহু সহজ-সুবিধাৰ সৃষ্টি কৰিছে৷ বিজ্ঞানে দিয়া সা-সুবিধাবোৰ গ্ৰহণ কৰি গুৰুজনা কৰ্মসংস্কৃতি আগত ৰাখি আমি কাম কৰা উচিত৷ 

গুৰুজনাৰ ব্যৱহাৰিক জীৱনৰ কৰ্তব্যৰ অতি সজাগ আছিল৷ গুৰুজনাৰ লগতে শিষ্য সকলে খেতি-বাতি, ব্যৱসায়-বাণিজ্য কৃষিজাত দ্ৰব্য উৎপাদন, কুটিৰ শিল্প আদিটো গুৰুত্ব দি ঋতু অনুযায়ী কৰ্ম-সংস্কৃতি গঢ়ি তুলিছিল৷

আপুনিও ভাল পাব পাৰে!