মতামত

নাৰী শক্তিৰ ৰূপত দেৱী দুৰ্গাঃ এটি সূক্ষ্ম অৱলোকন

post

Share

লেখিকাঃ ৰিজু দেৱী

তেত্ৰিশকোটি দেৱ-দেৱতাৰ ৰম্যভূমি বুলি মানি অহা এই ভাৰতভূমিক এক অতিকে পুণ্যভূমি বুলি সৌ তাহানীযুগৰ পৰাই স্বীকাৰ কৰি অহা হৈছে। যুগ যুগান্তৰৰ পৰা ধৰ্মপ্ৰাণ ভাৰতীয় লোকসকলে ভিন্ন ভিন্ন দেৱী-দেৱতাৰ পূজা-অৰ্চনা কৰি আহি আছে। হিন্দুৰ চাৰি বেদ, চৈধ্য শাস্ত্ৰ আৰু ওঁঠৰ পুৰাণতো এইসকল দেৱ-দেৱতাৰ লীলা-মাহাত্ম্য আৰু গৌৰৱ গাথাবোৰৰ বৰ্ণনা আছে। ‘দেৱীভাগৱত মহাপুৰাণ’ত দুৰ্গোৎসৱ পালনৰ বিষয়ে সুন্দৰভাৱে উল্লেখ কৰা আছে।

গোৰ্খাসকলৰ দশৈঁক ঠাই বিশেষে দুৰ্গা পূজা, দশহৰা আদি নামেৰেও জনা যায়। দুৰ্গ নামৰ ৰাক্ষকক দেৱীয়ে বধ কৰিবলৈ সক্ষম হোৱাৰ বাবে দুৰ্গা নামেৰে পৰিচিত হোৱাৰ লগতে বিভিন্ন ধৰণৰ গ্ৰহ দোষ, দৈন্য, অশুভ কাৰ্যকলাপ, অশুভ সংস্কৃতি আদিৰ পৰা ৰক্ষা কৰিব পাৰে বাবে দেৱীক দশহৰা বুলিও কোৱা হয়। ভাৰত দেশ তথা অসম প্ৰদেশত বসবাস কৰি অহা সমস্ত গোৰ্খাসকলৰ অতি প্ৰিয় তথা আদৰৰ উৎসৱেই হৈছে দশৈঁ। যাক অন্য ভাষীসকলে দুৰ্গা পূজা বুলি কয়।

“ব্ৰহ্মবৈৱৰ্ত পুৰাণ” অনুসৰি মহাৰজা সুৰথে প্ৰথম দশভূজাৰ প্ৰতিমা নিৰ্মাণ কৰি দেৱী দুৰ্গাৰ উপাসনা কৰিছিল। তেনেকৈ আহোম ৰজাৰ দিনত, কোচ ৰজা বিশ্ব সিংহৰ দিনতো দুৰ্গা পূজা উদ্‌যাপন কৰা তথ্য পোৱা যায়। ভগৱতী দুৰ্গাৰ আৰাধনা কৰিলে সমস্ত জড়-জীৱকুলৰে উদ্ধাৰ হয় বুলি বিশ্বাস কৰাৰ পৰম্পৰা পূৰ্ব কালৰে পৰা নিয়মিতভাবে চলি আহিছে।

দেৱী দুৰ্গাৰ পূজা মানেই হ’ল মাতৃ পূজা। সন্তানে মাতৃদুগ্ধ ত্যাগ কৰাৰ পিছতে আই বসুমতীৰ বুকুত গজা শস্য, ফলমূল আদি সেৱন কৰে আৰু সেই ফলমূল, শস্যাদিয়েই মানৱ জীৱনক দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৱান কৰি তোলে। সেই বাবে আমি বসুমতীক মাতৃ জ্ঞান কৰি কৃতজ্ঞ হোৱাৰ লগতে শ্ৰদ্ধা অৰ্পণ কৰোঁ। বৈদিক ৰূপত নহ’লেও প্ৰায় জনগোষ্ঠীয়েই মাতৃ পূজা কৰি আহিছে। প্ৰাগ্‌বৈদিক যুগত কৰা বৃক্ষ পূজাও মাতৃপূজাৰে নামান্তৰ বুলি কোৱা হৈছে।

এই লিখনীৰ মূল বিষয়বস্তু নাৰী শক্তি দেৱী দুৰ্গাৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ ওপৰত আধাৰিত। “য়ত্ৰ নাৰ্য়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতাঃ।” অৰ্থাৎ য’ত নাৰীৰ পূজা হয়, তাত দেৱতাসকলেও আনন্দ কৰে। শ্ৰীমদ্ভাগৱত পুৰাণত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে নিজকে শক্তিৰূপা দেৱী দুৰ্গাৰ আজ্ঞাবাহী বুলি কৈছে। দেৱী ভাগৱতত স্বয়ং দেৱীয়ে কৈছে যে তেৱেঁই এই জগতৰ কৰ্তা আৰু জননী। সংসাৰক পৰিচালনা কৰা, সৃষ্টিস্থিতি, বিনাশ-পালন কৰোঁতা একমাত্ৰ তেঁৱেই হয়।

  “সৃষ্টি-স্থিতি বিনাশানাং শক্তিভূতে সনাতনি

  গুণাশ্ৰয়ে গুনময়ি নাৰায়ণি নমোস্তুতে।”

দুৰ্গোৎসৱে হিন্দু সমাজত এক উচ্চ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু সেই অনুসাৰে মাঁ দুৰ্গাক নাৰীশক্তিৰ প্ৰতিমূৰ্তি বুলি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। পিতৃপক্ষ (ষোল্ল শ্ৰাদ্ধ) শেষ হোৱাৰ পিছত আহিন/কাতি শুক্ল প্ৰতিপদৰ দিনৰ পৰাই নৱৰাত্ৰি (নৌৰথা/নৱৰথা) আৰম্ভ হয়, য’ত পুৰুষ-মহিলাসকলে অতি শ্ৰদ্ধা সহকাৰে ব্ৰত পালন কৰে। সমস্ত জগত জগত জননী দুৰ্গা মাঁৰ আগমনৰ বাবে মনত অপাৰ ভক্তি লৈ প্ৰতীক্ষাৰত হৈ থাকে।

মানৱ সভ্যতাৰ মূল আধাৰ স্তম্ভই হৈছে নাৰী। লৌকিক ব্যৱহাৰ, সংস্কাৰ, উৎপত্তি, বিকাশ আৰু নিৰন্তৰতা কায়ম ৰখাৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা উল্লেখনীয়। প্ৰকৃতি, জননী, বালিকা, তৰুণী, চঞ্চলা, জীয়ৰী, বীৰাঙ্গনা, আই, পত্নী, অৰ্ধাঙ্গিনী, বোৱাৰী, স্ত্ৰী আদি বিভিন্ন পৰ্যায়বাচী শব্দৰ নাম-উপনামেৰে নাৰী কেতিয়াবা কলুষিত আৰু কেতিয়াবা বিভূছিল হৈ ধৰ্ম-কৰ্মৰ তুলাচনীত জোখমাখ কৰিলেও নাৰীৰ স্থান গধূৰ আৰু সন্তোষজনক। কেৱল হিন্দুধৰ্মতেই নহয়, প্ৰাচীন সকলো ধৰ্মই নাৰীশক্তিক পৰমেশ্বৰীৰ বিভিন্ন ৰূপত পূজা কৰি আহিছে। প্ৰাচীন বেদবোৰতো দেৱী দুৰ্গাৰ পূজাৰ বিষয়ে উল্লেখ কৰা আছে। যজুৰ্বেদৰ ‘মহা নৰায়ণ উপনিষদ’ত ৰুদ্ৰৰ পত্নী অম্বিকাই দুৰ্গা মাৰ স্তুতি কৰিছে এনেদৰে-

“তামাগ্নিবৰ্ণা তপস্যা জ্বলন্তী

বৈৰচনীং কৰ্মফলেসু য়ুষ্টাং

দুৰ্গে দেৱি চৰণমহং প্ৰপদ্য

সুতৰসি তৰসে নমঃ”

ইয়াৰ পৰা দুৰ্গা পূজাই প্ৰতিষ্ঠা বা গুৰুত্ব লাভ কৰা কাল বৈদিক উপনিষদ বুলি জানিব পাৰি। ‘আদিকাব্য ৰামায়ণ’ত ভগৱান ৰামে ত্ৰেতা যুগত সীতা উদ্ধাৰৰ নিমিত্তে নৱৰাত্ৰিত দুৰ্গাৰ উপাসনা কৰিছিল আৰু দশমী তিথিৰ দিনাই বিজয় প্ৰাপ্ত কৰিছিল। মৰ্য্যদা পুৰুষোত্তম ৰাম স্বয়ং সৰ্বশক্তিমান হৈ থাকোঁতেও মাৰ চৰণত পৰি কাকূতি কৰিছিল। মহাভাৰতৰ ‘ভীস্মপৰ্বত’ কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ কৰাৰ আগত অৰ্জুনে কৃষ্ণৰ আদেশ অনুসৰি দুৰ্গাৰ স্তুতি কৰিছিল। ঠিক তেনেকৈয়ে পুৰাণবোৰৰ মাজত বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, যোগিনীতন্ত্ৰ, বামন পুৰাণ, বৃহনাৰদীয় পুৰাণ আদিতো শক্তিবাদৰ প্ৰমাণ পোৱা যায়। এনেবোৰ তথ্যৰ যোগেদি এইটোৱেই প্ৰমাণ হয় যে দেৱী ভগৱতীয়েই হ’ল সমস্ত জগতৰ সাৰ।

কালিকা পুৰাণত শক্তিৰ বিভিন্ন ৰূপৰ বৰ্ণনা পোৱা গৈছে। যেনে-দশভূজা, অষ্টভূজা, উগ্ৰচন্দা, দুৰ্গা, ভদ্ৰকালী, তাৰা, চামুণ্ডা, কৌশিকী, শিৱদ্যুটি, দিক্কৰবাসিনী, উগ্ৰতাৰা, ললিতা, কান্তা, উস্মা, ৰুদ্ৰানী, ত্ৰিপুৰা, ভৈৰৱী, কালী, কাত্যায়নী, শাৰদা, শ্ৰীচণ্ডী, শাকম্ভৰী, অন্নপূৰ্ণা আদি। পুৰাণবোৰত উল্লেখ থকা অনুসৰি মহিষাসুৰ নামৰ এজন পৰাক্ৰমী দানৱে আদিকালৰ কোনো এটা সময়ত স্বৰ্গত আক্ৰমণ কৰি দেৱতাসকলৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে সৰগকো নিজৰ অধীনত কৰি লৈছিল। দেৱতাসকলৰ দুৰ্দশা দেখি, শুনি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ লগতে ত্ৰাসিত দেৱতাসকল মিলি মহিষাসুৰক দমন কৰাৰ কাৰণে উপায় চিন্তিবলৈ ধৰিলে। তেনে সময়তে ত্ৰিদেৱ আৰু ইন্দ্ৰাদি দেৱতাসকলৰ মুখৰ পৰা তেজ জ্যোতিপুঞ্জ নিঃসৃত হৈ এটা পৰ্বতাকাৰত পৰিণত হয় আৰু সেই তেজ জ্যোতিপুঞ্জৰ পৰাই দেৱী মহামায়াৰ আবিৰ্ভাৱ হয়। দেৱীক শিৱই ত্ৰিশূল, বিষ্ণুয়ে চক্ৰ, সৃষ্টিকৰ্তা প্ৰজাপতি ব্ৰহ্মাই ভালা আৰু কমণ্ডলু, বৰুণে শংখ আৰু নাগপাশ, ইন্দ্ৰই বজ্ৰ, অগ্নিয়ে শক্তি, বায়ুয়ে ধনুকাঁড়, ঐৰাৱতে ঘণ্ট, য়মৰাজে কালদণ্ড, কালে ঢাল-তৰোৱাল, সূৰ্য দেৱতাই তেজ, ৰত্নাকৰ সমুদ্ৰই আভূষণ আদি প্ৰদান কৰাৰ লগতে দেৱীক বুদ্ধি, ক্ষমতা, সৌন্দৰ্য আদি সকলো প্ৰদান কৰাৰ পিছত এক মহাশক্তি ৰূপৰ আবিৰ্ভাৱ হয় আৰু সময়ত অৰ্থাৎ দশমীৰ দিনাই এই মহাশক্তি ৰূপা দেৱীৰ দ্বাৰা মহিষাসুৰৰ নিধন হয়।

এনে বিশ্বাস আৰু পৰম্পৰাৰ সূত্ৰে সমস্ত হিন্দু সমাজে প্ৰত্যেক বছৰে দেৱী দুৰ্গাৰ বন্দনা কৰি আহিছে। তাৰ মাজতে ভাৰতৰ ভূমিপুত্ৰ গোৰ্খাসকলে দুৰ্গা পূজাৰ পৱিত্ৰ ক্ষণত কোনো কোনোৱে নিজৰ সামথৰ্্য অনুসৰি ঘৰে ঘৰে পুৰোহিতৰ হতুৱাই পোটিক, চণ্ডীপাঠ, দেৱী ভাগৱত পাঠ আদি কৰা দেখা যায়। তেওঁলোকে নৌভৱানীৰ (নজনী দেৱী) অৰ্চনা কৰে। নৌভৱানী দেৱীৰ নামবোৰ এনেধৰণৰ- মণ্ডালিনী (মহাৰানী বুঢ়ীবজ্যু), চুঙ্গেলনী, পুঙ্গেলনী, ঢুঙ্গেলনী, বন্দেলনী, জলপা, মালিকা, কালিকা অথবা কামসুন্দৰী, কেশমালিনী (ত্ৰিপুৰাসুন্দৰী) আদি। নৌভৱানীক কুল দেৱতাৰ ভগ্নীৰ ৰূপত পূজা কৰা হয়। নৌলা পূজা, কুল পূজা, গোঠধুপ আদিত কুকুৰা, হাঁহ, পাৰ, খাহী আদি বলি বিধান কৰি সংসাৰৰ পৰা অপায়-অমংগল আদি দূৰ হওক বুলি কামনা কৰা দেখা যায়। কিন্তু আজিকালি ঘৰে ঘৰে বলি-বিধান কৰা কাৰ্য বহু পৰিমাণে কমি যোৱা দেখা যায়। ইয়াৰ কাৰণ দুইটা হ’ব পাৰে। প্ৰথম, মানুহৰ দেহত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে নিৰামিষ ভোজনৰ প্ৰতি আসক্তি আৰু দ্বিতীয় কাৰণ হ’ব পাৰে প্ৰাণীকুলৰ প্ৰতি থকা দৰদ, মায়া আৰু জাগ্ৰত চেতনা।

প্ৰাপ্ত তথ্যমতে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিধাত্ৰী- এই নৱম নাম আৰু ৰূপেৰে পৰিচিত দুৰ্গা দেৱীৰ প্ৰত্যেক ৰূপত ভিন্ন ভিন্ন বিশেষত্ব আছে। তদুপৰি দুৰ্গা মাৰ ১০৮টা নাম আৰু মন্ত্ৰ আছে। যিকেইটা নাম আৰু মন্ত্ৰ জপ কৰিলে সকলো প্ৰকাৰৰ দু: খ-কষ্ট, দৈন্য, যন্ত্ৰণা আদিৰ পৰা মুক্তি পাব পাৰি বুলি বিশ্বাস কৰা হয়। দুৰ্গোৎসৱত কৰা কুমাৰী পূজা অনুষ্ঠানতো দুইৰ পৰা দহ বছৰীয়া কন্যাসকলক লৈ কুমাৰী, ত্ৰিমূৰ্তী, ৰোহিণী, কালিকা, চণ্ডিকা, শাম্ভৱী, দুৰ্গা, সুভদ্ৰা নামেৰে দেৱী ৰূপ কল্পনা কৰি পূজা -অৰ্চনা কৰা হয়। ফুল-প্ৰসাদ, মিষ্টান্ন, আভূষণ আদি সংকল্প কৰি ভোগ দিয়া হয়। সৰু হওক অথবা ডাঙৰ এই কুমাৰী পূজনৰ দ্বাৰা নাৰীক সন্মান আৰু সেৱা প্ৰদান কৰাকে বুজা যায়।

বিজয়া দশমীৰ দিনাও “জয়ন্তী মঙ্গলাকালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱ ধাত্ৰী স্বাহা স্বধা নমোস্তুতে” বুলি নাৰীক যশস্বী হোৱাৰ আশীৰ্বাদ প্ৰদান কৰা হয়।

দুৰ্গা দেৱীক নাৰীশক্তি বুলি আৰধনা কৰাৰ মূলতে হ’ল নাৰীয়েই দেৱীস্বৰূপা। কিন্তু পুৰুষপ্ৰধান সমাজত (কিছু সংখ্যকক এৰি) পূৰ্ণৰূপে এই ধৰণৰ চিন্তাধাৰা বাস্তবায়িত হ’ব পাৰিছেনে? নাৰীক এফালে লক্ষ্মী, সৰস্বতী, দুৰ্গা আৰু কালীৰ ৰূপ বুলি আৰধনা কৰাৰ বিপৰীতে সেই নাৰীৰ ওপৰতে শোষণ, অত্যাচাৰ, বলাৎকাৰ জাতীয় ঘৃণনীয় আৰু সমাজ বিৰোধী কৰ্ম কৰা দেখিবলৈ পোৱা যায় পেপাৰে-পত্ৰে, য’তে ত’তে। নাবালিকাৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে বিকৃত মানসিকতা বা কামনাৰ বলি হোৱা দেখিবলৈ পোৱা যায় এইখন সমাজতে। দিনক দিনে সমাজত বাঢ়ি অহা এই অপসংস্কৃতিৰ বিষবাষ্পক মূলতে ধ্বংস কৰাৰ উত্তৰ দায়িত্বও এইখন সমাজৰে হয়। নাৰীক সৃষ্টিৰ আধাৰ বুলি কোৱাৰ পিছতো নাৰী প্ৰৱঞ্চনা, শোষণৰ বলি হয়। পণ্য দ্ৰব্যৰ দৰে ব্যৱহাৰ কৰা হয়। আজিৰ নতুন প্ৰজন্মই এই কথা বুজিবৰ হ’ল। এজনী নাৰী ছোৱালী, পত্নী, মাতৃ হোৱাৰ উপৰিও সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা-দীক্ষা আৰু অন্যান্য দিশত নিজৰ সাহস, অধিকাৰ, বিচাৰ-বিবেচনা আৰু নৈপুণ্যতাৰ বলত দেশ তথা সমাজৰ হিতকৰ্মত অগ্ৰসৰ হৈ আহিছে। কিন্তু তাইৰ সুৰক্ষাৰ ক্ষেত্ৰত সদায় এটা প্ৰশ্নচিহ্ন আমি দেখিবলৈ পাওঁ। আজিৰ নাৰীয়ে নিজৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে সাহসিকতাৰে মাত মতাৰ সময় সমাগত। নিজৰ সুৰক্ষা, হিত আৰু দেশৰ উন্নতিৰ বাবে চিন্তা কৰাৰ সক্ষমতা থাকিব লাগিব আজিৰ নাৰীৰ। কৃত্ৰিম ভোগ-বিলাসত ভোল নগৈ সচেতন, সজগ হৈ খোজ দিয়াৰ সময় এতিয়া। সেইবাবে সকলো নাৰী শিক্ষিত হোৱাটো অতিকে প্ৰয়োজন। এই ক্ষেত্ৰত ঘৰৰ পৰিয়াল তথা সমাজৰো সিমানেই দায়িত্ববোধ থাকিব লাগিব যে কেনেকৈ এগৰাকী নাৰীক উৎসাহ আৰু প্ৰেৰণা দি আগুৱাই লৈ যাব পাৰি।

আজি সমাজ আৰু দেশত দিনক দিনে নৈতিক স্খলন হোৱা দেখিবলৈ পোৱা গৈছে। মানুহৰ মাজত থকা সদ্ভাৱনা, প্ৰেম, দয়া, বিশ্বাস সকলোবোৰ নোহোৱা হৈছে। ক্ৰমশঃ মানবীয় প্ৰমূল্য আৰু প্ৰবৃতিবোৰৰ বিলুপ্তি ঘটি আসুৰিক প্ৰবৃতিবোৰে মানুহৰ মন-মগজুত অধিকাৰ কৰি আহিছে। দকৈ গমি চালে আমি দেখিবলৈ পাওঁ যে আমাৰ শৰীৰতে দেৱশক্তি আৰু আসুৰিক শক্তি বিদ্যমান হৈ আছে। আত্মশুদ্ধি, আত্মানুসন্ধান আৰু আত্মসমালোচনাৰ দ্বাৰাই আমাৰ হৃদয়ত জ্ঞান উদয় হয় আৰু আমাৰ অন্তৰাত্মা বিশুদ্ধ পানীৰ দৰে হয়। মনত উৎপন্ন হোৱা দূষিত ধ্যান-ধাৰণা বা যিকোনো বিষয়-বাসনাক দমন কৰাৰ ইচ্ছাশক্তি যেতিয়া আমাৰ ভিতৰত জাগ্ৰত হয়, তেতিয়াই এই সংসাৰৰ পৰা অজ্ঞানতাৰ এন্ধাৰ, দুখ-কষ্ট, বিভিন্ন যাতনা আদি দূৰ হৈ ইজনে সিজনৰ প্ৰতি প্ৰেম, দয়া, সদ্ভাৱ, শ্ৰদ্ধা, ভাতৃত্ববোধৰ দৰে পৰম মানৱীয় গুণৰ উদ্ৰেক হ’ব নিশ্চয়। আকৌ তেতিয়া এগৰাকী নাৰী কেৱল মৃণ্ময় অৱস্থা বা ধৰ্ম-পুৰাণতে পূজিতা হৈ নাথাকি বাস্তবতে সকলোৰে দৃষ্টিত শ্ৰদ্ধাৰ পাত্ৰ হৈ উঠিব। দেৱী দুৰ্গাই উদ্ধাৰ কৰিব বা ৰক্ষা কৰিব, সমাজৰ যিকোনো পাপ, দুৰ্নীতি, মোচন কৰিব বুলি কেৱল প্ৰতিমাৰ চৰণত ফল-মূল, প্ৰসাদ, নৈবেদ্যৰ লগতে নিৰ্দোষ প্ৰাণীৰ উচ্ছৰ্গা কৰিলেই জানো বিশ্বৰ কল্যাণ হ’ব? সংসাৰৰ কোনো ধৰ্মই হিংসাৰ উপদেশ দিয়া নাই বা প্ৰাণী হত্যাৰ আদেশ দিয়া নাই। গতিকে, সুবিমল চিন্তা, সুবিচাৰ, সৎমাৰ্গ আদিয়েহে জীৱনক অমৃত প্ৰদান কৰিব। মহান গুৰু, পণ্ডিতসকলে এইদৰেই কৈ আহিছে আৰু এয়াই চিৰন্তন সত্য কথা।

প্ৰত্যেক বছৰে মা দুৰ্গাই এনে বাৰ্তাৰে সৈতে নিজৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ আহে। তেনে পৰমাসুন্দৰী, পৰমাশক্তিৰ বীৰত্ব, সাহস, মহানতা, দয়া-মমতাক অন্তৰ্মনেৰে উপলব্ধি কৰি অতি সজাগ-সচেতনতাৰে সমাজ অগ্ৰসৰ হোৱাৰ সময় আহিছে। নাৰীয়েও নিজৰ অস্তিত্বক হৃদয়ঙ্গম কৰাৰ ক্ষণ আহি পৰিছে।

আপুনিও ভাল পাব পাৰে!