লেখিকাঃ ড০ ডালিমা কাকতি
শংকৰৰ পৰা শংকৰদেৱ, পুৰুষৰ পৰা মহাপুৰুষ। এই পৰিৱৰ্তন কেৱল সময়ৰ ব্যৱধানত হোৱা পৰিৱৰ্তন নহয়। এজন তেজ মঙহৰ মানৱ পুৰুষে নিজ গুণেৰে তেওঁৰ সমাজখনক সু-শৃংখলিত কৰি মহাপুৰুষৰূপে সমাজৰ পৰা সন্মানিত হয়।
অসমীয়া সমাজ আৰু শংকৰদেৱ এয়া যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। শংকৰদেৱক বাদ দি অসমীয়া সমাজ-সংস্কৃতি-সাহিত্যৰ কথা ভাবিব নোৱাৰি। বহুতে প্ৰশ্ন কৰে-শংকৰদেৱৰ আৱিৰ্ভাব নহ’লে অসমীয়া জাতিৰ বা অসমীয়া সমাজৰ অস্বিত্ব বিপদাপন্ন হ’লহেঁতেন নেকি? এই প্ৰশ্নৰ উত্তৰ কোনো দিব পাৰে- শুদ্ধ ৰূপত। হয়তো থাকিলহেঁতেন বা নাথাকিলহেঁতেন। হয়তো অসমীয়া সমাজখন বহু শতিকা। পিছুৱাই গ’লহেঁতেন। অসমীয়া জাতিৰ অস্তিত্ব যেতিয়ালৈকে থাকিব শংকৰদেৱে তেওঁৰ সৃষ্টিৰ মাজত চিৰজ্যোতিষ্মান হৈ থাকিব।
মহাভাৰতত একেটা পৰিয়ালৰ মাজতে ধাৰ্মিক পাণ্ডৱ আৰু অধাৰ্মিক কৌৰৱসকল জন্মিছিল। তেনেক্ষেত্ৰত ভাল আৰু বেয়া দুয়োটা শব্দও একেলগে অৱস্থান কৰে। ভাল শব্দটোও সিদিনালৈকে জীয়াই থাকিব যিদিনালৈকে বেয়া শব্দটোৰ প্ৰচলন থাকিব। কোন শক্তিৰ ওপৰত কোনে আধিপত্য বিস্তাৰ কৰিব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে সমাজৰ অংগীভূত প্ৰতিজন সদস্যৰ ওপৰত।
শংকৰদেৱে গঢ়ি থৈ যোৱা সমাজৰ লগত সংগতি ৰাখি এজন সমাজৰ কুপ্ৰভাৱবোৰক আমি এনেদৰে ভাগ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ —
(১) জীৱন ক্ষন্তেকীয়া বুলি জানিও মায়া মোহত বন্দী
(২) ধৰ্মীয় চিন্তাৰ অভাৱ
(৩) নিজ নিজ ধৰ্মক শ্ৰেষ্ঠতাৰ আসন দিয়াৰ চেষ্টা
(৪) ধৰ্মৰ নামৰ প্ৰচলিত বলি-বিধান
(৫) ধৰ্মৰ নামত সমাজত চলি থকা তন্ত্ৰ-মন্ত্ৰ
(৬) ব্যয়বহুল আৰু অলাগতিয়াল পূজা-পাতল
(৭) ধৰ্ম, কৰ্ম আৰু জন্মৰ ভিত্তিত কৰা উচ্চ -নীচ মনোভাৱ
(৮) নিজক আনতকৈ শ্ৰেষ্ঠ বুলি ভবা ভ্ৰান্ত ধাৰণা
(৯) মাদক দ্ৰব্যৰ প্ৰচলন
(১০) মানসিক অসুস্থতা
(১১) শাৰীৰিক অসুস্থতা
(১২) চাৰিত্ৰিক ¦খলন
(১৩) পাৰিবাৰিক বান্ধোনৰ প্ৰতি উদাসীন
(১৪) নাৰী পুৰুষৰ মাজত ভেদভাৱ
(১৫) উপযুক্ত শিক্ষাৰ অভাৱ
(১৬) আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জ্ঞানৰ অভাৱ
(১৭) কৰ্মবিমুখিতা
(১৮) সৃষ্টিশীলতাৰ অভাৱ
(১৯) অদৃষ্টবাদক ধিয়াই আনৰ অন্যায় অবিচাৰ উৎপীড়ন সহ্য কৰা মনোভাৱ
(২০) বুদ্ধিতকৈ বলৰ প্ৰদৰ্শনৰ হাবিয়াস
সমাজৰ অশুভ দিশসমূহ দূৰ কৰিবলৈ মহাপুৰুষ শংকৰদেৱে অশেষ সাধনা কৰিছিল। আজিও অসমৰ প্ৰতিজন ব্যক্তিয়ে সংকটৰ মুহূৰ্তত শংকৰদেৱৰ এই সাধনাকে স্মৰণ কৰে।
অসমৰ এখন সৰু ঠাই- বৰদোৱাৰ আলিপুখুৰীত ১৪৪৯ চনত জন্ম লোৱা শংকৰদেৱে কেৱল নিজৰ জন্মস্থান উন্নতিৰ কথাই চিন্তা কৰা নাছিল। ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি জ্ঞানৰ ভঁৰাল চহকী কৰা মহাপুৰুষজনাই অসমৰ বুকুত অসমক প্ৰতিষ্ঠা কৰিবলৈ বিচৰা নাছিল। ভাৰতবৰ্ষ আৰু তাৰো উৰ্দ্ধলৈ গৈ বিশ্বৰ বুকুতহে অসমক জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল।
নামঘৰ, সত্ৰৰ আৰ্হি প্ৰতিষ্ঠা কৰি, সাহিত্য ৰচনা কৰি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচলন কৰি অসমীয়া সমাজক সুসংগঠিত কৰিবলৈ শংকৰদেৱে আহোপুৰুষাৰ্থ কৰিছিল। শংকৰদেৱৰ সৃজনী শক্তিয়ে অসমীয়া সমাজখনক কেনেদৰে ন-ৰূপ দিছিল তলত আলোচনা কৰা হওক —
পৃথিৱীৰ সমস্ত দৃশ্যমান বস্তুক দুটা ভাগত ভগোৱা হয়--- জীৱজগত আৰু জড়। জীৱজগতখন বৰ ক্ষণভংগুৰ। বিবেকবান মানৱ জাতিয়ে এই ক্ষন্তেকীয়া জীৱনৰ কথা জানিও মায়াত আবদ্ধ হৈ চিৰসত্য কথাটোক অবজ্ঞা কৰে।
শংকৰদেৱে তেওঁৰ ৰচিত বৰগীত, অংকীয়া নাট, কীৰ্ত্তন ঘোষা আদিৰ দ্বাৰা মানৱ জীৱনৰ অসাৰতাৰ কথা বৰ্ণনা কৰিছে।
ক) দেখহু খীন দিন দিন দেহা
আধি ব্যাধি বিঘাত। বৰগীত-৬৩
খ) মন আয়ু ক্ষণে ক্ষণে টুটে।
দেখু প্ৰাণ কোন দিনে চুটে। বৰগীত -৭৬
সহজ ভাষাৰে শংকৰদেৱে বাৰে বাৰে মানৱে পিঠি দিয়া সত্যক দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। বিভিন্ন উদাহৰণেৰে মানুহক অধৰ্মৰ প্ৰতি ভয় দেখুৱাবলৈ শংকৰদেৱে চেষ্টা কৰিছে। শংকৰদেৱে কৈছে- মায়া, মোহ, বিষয় সুখত বন্দী হৈ মানুহে মায়া সঁচা আৰু জগত মিথ্যা বুলি জ্ঞান কৰে। যিজনা পৰমব্ৰহ্মৰ দয়াত আমি ধন-জন পুত্ৰ-পৰিবাৰ লাভ কৰিছোঁ সেইজনা পৰম ব্ৰহ্মকেই মানুহে পাহৰে---
নাৰায়ণ চৰণে কৰহো গোহাৰি।
বিষয়-বিলাস-পাশে ছান্দি ইন্দ্ৰিয়
মোৰ ওহিলুটে বাটোৱাৰী। বৰগীত - ৬২
(নাৰায়ণ তোমাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। ডকাইতে যিদৰে বাটৰুৱাক বান্ধি ধন লুট কৰি নিয়ে, সেইদৰে মোকো ইন্দ্ৰিয়সমূহে বিষয়ভোগ আৰু বিলাসিতাৰ ৰছীৰে বান্ধি ধন লুটি নিছে।)
ভয়ৰ পৰাই মানুহৰ মনত ভক্তিৰ জন্ম হয়। ‘অজামিলে বেশ্যাত পতিত হৈ ’কেনেকৈ দুখ ভোগ কৰিছিল, ‘হৰমোহনত’ মায়াৰ পাশত আৱদ্ধ হৈ শিৱ কিদৰে আনৰ হাঁহিয়াতৰ পাত্ৰ হৈছে- কীৰ্ত্তনৰ জৰিয়তে শংকৰদেৱে বৰ সুন্দৰকৈ তাক বৰ্ণনা কৰিছে। এনে কাহিনীবোৰ সংস্কৃতৰ পৰা জনসাধাৰণৰ বোধগম্য কৰি সৰল অসমীয়ালৈ ভাঙনি কৰা বাবে জনসাধাৰণে হৃদয়ংগম কৰিব পাৰিছে।
মানৱ সমাজত প্ৰত্যেক ব্যক্তিয়ে নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি ভাবি আনৰ ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰে। কেতিয়াবা আকৌ বলেৰে বা ছলেৰে নিজৰ ধৰ্মক আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে। এনে কৰাৰ ফলতো সমাজত বিশৃংখলতাৰ সৃষ্টি হয়। শংকৰদেৱে তেওঁৰ নৱবৈষ্ণৱ ধৰ্ম কাৰো ওপৰত জাপি দিবলৈ চেষ্টা কৰা নাছিল। হৰিগৃহত সৰ্বধৰ্মৰ লোকক সমমৰ্যাদাৰে স্থান দিছে।
শংকৰদেৱৰ সমসাময়িক সমাজখনত প্ৰধানকৈ শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ সবল স্থিতি আছিল।
কছাৰী, চুতীয়া, দেউৰীসকলে-- শদিয়াৰ কেঁচাইখাতী, কোচসকলে-- নীলাচলৰ কামাখ্যা, জয়ন্তীয়াসকলে-- জয়ন্তেশ্বৰী, লালুংসকলে--গোভাৰ কেঁচাইখাতী, লখিমপুৰ আৰু নগাঁৱৰ ভূঞাসকলে গোসাঁনী পূজা কৰিছিল। শক্তিদেৱীৰ বিভিন্ন ৰূপক সন্তুষ্ট কৰিবলৈ জীৱ-জন্তু আনকি নৰবলিৰ প্ৰচলনো হৈছিল।
কামাখ্যাত স্বইচ্ছাই বলি যোৱাসকলক ভোগী বোলা হৈছিল। ভোগীসকলক বলিৰ আগে আগে নিজৰ ইচ্ছাৰে স্বাধীনভাৱে যিকোনো কাম আনকি যিকোনো নাৰীক উপভোগ কৰিবলৈ দিয়া হৈছিল। ফলত সমাজত নানা ব্যভিচাৰৰ সৃষ্টি হৈছিল। নৰবলি প্ৰথা স্বৰ্গদেৱ গৌৰীনাথ সিংহই (১৭৮০-৯৪ খৃঃ) বন্ধ কৰিলেও সম্পূৰ্ণ ৰূপে নিঃশেষ হোৱা নাছিল।
শংকৰদেৱৰ নিজৰ ৰচনাৰাজিৰে মানুহক বুজাবলৈ চেষ্টা কৰিছিল যে সকলো প্ৰাণীৰ আত্মাতে ভগৱান বিৰাজ কৰে। গতিকে ভগৱানক বলি দি নিঃশেষ কৰিলে ভগৱান কেনেকৈ সন্তুষ্ট হ’ব? মানুহৰ লগতে সকলো প্ৰাণীৰ প্ৰতি দয়াৱান হোৱা উচিত---
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কীৰ্ত্তন-৪৬৩
শৈৱ আৰু বৌদ্ধ ধৰ্মৰ আলম লৈ অসমত ঐন্দ্ৰজাল বিদ্যাই গা কৰি উঠিছিল। কিন্তু শংকৰদেৱে প্ৰচলন কৰা নৱবৈষ্ণৱ ধৰ্মই ঐন্দ্ৰজাল বিদ্যাক বিৰোধিতা কৰে।
শংকৰদেৱৰ আগতে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচলন নাছিল এনে নহয়। প্ৰাকশংকৰী যুগৰ সাহিত্যিকে বিষু্ণৰ বিভিন্ন ৰূপক লৈ সাহিত্য সৃষ্টিও কৰিছিল। কিন্তু বিষু্ণক কেন্দ্ৰ কৰি যি উপাসনাৰ প্ৰচলন সেই সময়ৰ অসমত চলি আছিল সেয়া বৰ ব্যয়বহুল হোৱা বাবে সৰ্বসাধাৰণে ইয়াৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। আকৌ এই পূজা পদ্ধতিত ব্ৰাহ্মণক অগ্ৰাধিকাৰ দিয়াৰ বাবে জাতিভেদ প্ৰথাই সমস্যাৰ সৃষ্টি কৰিছিল। এই পূজা পদ্ধতি সংস্কৃততে চলিছিল সৰ্বসাধাৰণৰ বাবে সেয়ে সংস্কৃতৰ দৰে দুৰ্বোধ্য ভাষা হৃদয়ংগম কৰি পূজা পদ্ধতিত মন দিয়া কঠিন হৈ পৰিছিল।
শংকৰদেৱে এইসমূহ কথা চালি জাৰি চাই এনে এটা ধৰ্মৰ প্ৰৱৰ্তন কৰিলে- য’ত সংস্কৃত ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাতেই ধৰ্মৰ তত্ত্ব ব্যাখ্যা কৰা হ’ব। ব্যয়বহুল পূজা পাতলৰ বিপৰীতে কেৱল এগছি বন্তিৰেই উপাস্য দেৱতাক উপাসনা কৰিব পাৰিব।
সমাজত প্ৰচলিত জাতিভেদ প্ৰথা, উচ্চ নীচ ভেদাভেদ দূৰ কৰিবলৈ শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মত ব্ৰাহ্মণ চণ্ডাল সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’লে চণ্ডালেও ধৰ্মগ্ৰন্থ পাঠ কৰিব পাৰে। হৰিগৃহতো সোমাবলৈ নিৰ্দিষ্ট জাতিৰ হোৱাৰ প্ৰয়োজন নাই। সকলো শ্ৰেণীৰ লোকৰে হৰিগৃহত প্ৰৱেশ অধিকাৰ আছে।
কৰ্ম আৰু জন্মৰ ভিত্তিতো সমাজে উচ্চ-নীচ জাতৰ বাচনি কৰে। এয়া অতি গৰ্হিত বুলি শংকৰদেৱে উল্লেখ কৰিছে —
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সবৰ্বজন।। কীৰ্ত্তন-৪৬৬
শংকৰদেৱে তেওঁৰ কীৰ্ত্তনত কৰ্ম আৰু জন্মগত সূত্ৰে সমাজে বিভাজন কৰা বৰ্ণৰ উল্লেখ কৰিছে —
তেলী মালী শিলাকুটী বণিয়া সূতাৰ।
চৰ্ম্মকাৰ চড়াল কুমাৰ কুম্ভকাৰ।।
চিত্ৰকাৰ কংসাৰ কুন্দাৰ বৈদ্য। অনেক কায়স্থ যায় ৰাজ্যৰ লগত।
নট ভাট নৰ্ত্তকী গায়ন অপৰ্যাপ্ত।
বিপ্ৰগণ নৃপতিৰ লগত চলন্ত।। -৫৩৭
শংকৰদেৱৰ সকলো সাহিত্য কৃতিতে সকলো বৰ্ণ ধৰ্মৰ লোকে মিলাপ্ৰীতিৰে সকলো কৰ্ম সম্পাদন কৰিছে। নিজৰ সামৰ্থ জানিও সমাজৰ বহু লোকে নিজক আনতকৈ শ্ৰেষ্ঠ বুলি মিছা অহংকাৰ কৰে। সমাজৰ অন্যান্য লোকক হীন বুলি ভবাৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত আউল লাগে —
মুৰ্খ হুয়া বোলে মঞি পণ্ডিত।
নষ্ট কৰি ফুৰে আনৰো চিত্ত।। কীৰ্ত্তন-২৫
শংকৰদেৱে এনে লোকক মূৰ্খ-সন্মানেৰে বিভূষিত কৰিছে।
সমাজ এখন সুস্থ হ’বলৈ হ’লে সমাজৰ প্ৰত্যেক ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হোৱাটো বাঞ্ছনীয়। জ্যেষ্ঠজনৰ ধৰ্ম চিন্তা আৰু সুস্থ চিন্তাৰ ফলত এজন সুস্থ উত্তৰ পুৰুষৰ জন্ম হয়। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মই মানৱৰ মনত সুস্থ চিন্তাৰ জন্ম দিছিল। নাৰী পুৰুষ উভয়ৰে অসৎ চৰিত্ৰক শংকৰদেৱৰ সাহিত্যই সমালোচনা কৰিছে—
(ক) স্ত্ৰী ধন জন যৌৱন মদে।
অন্ধ হোৱে বিদ্যা গবৰ্বৰ পদে। কীৰ্ত্তন -২৪
(খ) অজামিল নামে আছিল ব্ৰাহ্মণ
বেশ্যাত ভৈল পতিত। কীৰ্ত্তন-৪৩
স্ত্ৰী, ধন, জন, যৌৱন, মদ্যত আসক্ত পুৰুষে অন্ধ হৈ ভৱিষ্যতৰ কথা পাহৰি থাকে? অজামিলৰ দৰে ব্ৰাহ্মণে আগম্যা গমন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অৱশ্যে এই মহাপাপৰ ফল অজামিলে মৃত্যুৰ সময়ত পাহৰিছিল।
শিৱৰ দৰে পৰম যোগীজনেও নিজৰ স্ত্ৰী থকা সত্ত্বেও সুন্দৰী নাৰীৰ পিছে পিছে ঘূৰি দুৰ্গতি ভোগ কৰিবলগীয়া হৈছে। নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি ক্ষন্তেকীয়া মোহৰ পাছে পাছে ঢাপলি মেলা বাবে শিৱ লোক সমাজৰ হাঁহিয়াতৰ পাত্ৰ হৈছে —
দুনাই লৱৰ দিলা বিমুকুত কেশে।
পাছত খেদন্ত হৰে উলঙ্গত বেশে।। কীৰ্ত্তন-১৪৩
শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মত নাৰী আৰু পুৰুষৰ মাজত ভেদাভেদ নাই। সত্ৰ-নামঘৰৰ সকলো কৰ্ম নাৰী-পুৰুষ উভয়ে কৰিব পাৰে। উল্লেখযোগ্য শংকৰদেৱৰ বংশৰ কনকলতাই সত্ৰৰ দায়িত্বও পালন কৰিছিল। বৰপেটা সত্ৰতো পূৰ্বতে নাৰীৰ প্ৰৱেশ নিষিদ্ধ নাছিল। শংকৰদেৱে তেওঁৰ সাহিত্যতো নাৰীক উচ্চ স্থান দিছে।
শংকৰদেৱে নাৰীৰ মুখত সাহসী বাক্যৱান দি দৰাচলতে নাৰী সমাজক সাহসী হ’বলৈ উৎসাহ যোগাইছে। শংকৰদেৱৰ স্বপ®ৰ সাহসী নাৰীয়ে প্ৰেমপত্ৰ লিখি যোগ্যজনক স্বামীৰূপে বৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে—
অঃ বিস্তাৰ কি কহব, এক পতিয়া লেখি দেঞু তাহে
লৈয়া যাৱ। ৰুক্মিণী হৰণ নাট-১৮
বিপদত ধৈৰ্য ধৰাতো জ্ঞানী লোকৰ লক্ষণ। শংকৰদেৱৰ পাৰিজাত হৰণ নাটৰ ৰুক্মিণীৰ গাত এনে ধৈৰ্য গুণ ফুটি উঠিছে—
জগতক পৰম গুৰু শ্ৰী কৃষ্ণ উণিকৰ চৰণ সেৱা কৰিতে ব্ৰহ্মাণ্ড
ভিতৰে কেনে দুৰ্লভ ঠিক-৮২
বিপদত ধৈৰ্য ধৰা ক্ষমতাই এজন সাধাৰণ লোকক অসাধাৰণৰ শাৰীলৈ তুলি নিয়ে। শিক্ষাৰ অভাৱে এখন সমাজক অন্ধকাৰ পথলৈ লৈ যাব পাৰে। এই শিক্ষা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুই প্ৰকাৰে হ’ব পাৰে। শংকৰদেৱে বিভিন্ন প্ৰকাৰে তেওঁৰ সমাজখনক শিক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। বৰভূঞা বিষয়বাব লোৱাৰ সময়ত হাতী মাৰি ভুৰুকাত ভৰাবলৈ চেষ্টা কৰাৰ জৰিয়তে নামঘৰৰ প্ৰাংগণত শিক্ষাৰ প্ৰচাৰৰ দ্বাৰা আৰু ৰচিত সাহিত্যৰ আদৰ্শৰে শিক্ষা দি সমাজক সুসংগঠিত কৰাৰ সপোন দেখিছিল। কথাগুৰু চৰিতৰ মতে - গোপাল আতাৰ কন্যা পদ্মাপ্ৰিয়াই সত্ৰীয়া পৰিৱেশত বৰ্ণমালা শিকিছিল। সংস্কৃত ভাষাত থকা সাৰগৰ্ভৰ কথা জনসাধাৰণে বুজাত অসুবিধা হ’ব বুলি ভাবিয়ে। শংকৰদেৱে জনসাধাৰণৰ মুখৰ ভাষাও শাস্ত্ৰত পদ পয়াৰ কৰিছিল।
ৰাজ্য বা সমাজ এখন সুচাৰুৰূপে চলাবলৈ ৰাজনীতিৰ জ্ঞানৰো প্ৰয়োজন। শংকৰদেৱেও প্ৰহ্লাদ চৰিত্ৰৰ মাজৰে ‘ৰাজনীতি’ শব্দৰ প্ৰয়োগ ঘটাইছে।
এহি হৌক বুলি পাছে মাতে দৈত্যেশ্বৰ।
শিখায়োক আক ৰাজনীতি নিৰন্তৰ।। কীৰ্ত্তন -৯৩
শংকৰদেৱে জনসাধাৰণক জীৱনটো ক্ষণভংগুৰ বুলি কৈ ধৰ্ম আচৰণ কৰিবলৈ আহবান জনাইছে। কিন্তু শংকৰদেৱে কৰ্ম নকৰি ধৰ্ম কৰিবলৈ দিয়া নাই। কৃষ্ণক পুত্ৰৰূপে লাভ কৰিবলৈ যশোদাই গৃহকৰ্ম পৰিত্যাগ কৰা নাছিল। ধৰ্ম কৰ্ম কৰাৰ বাবে সংসাৰত্যাগী বৈৰাগী হোৱাৰো প্ৰয়োজন নাই। শংকৰদেৱৰ নিজৰ জীৱনেই ইয়াৰ প্ৰকৃত উদাহৰণ। আজিও সত্ৰ, নামঘৰৰ চোতালত বিভিন্ন লোকে কুটীৰ শিল্প (মুখাশিল্প, জাপি,ঢাৰি, পাটী, পাঁচি, খৰাহি) তৈয়াৰীৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা দেখা যায়। আজিও সত্ৰ আৰু নামঘৰত সাঁচিপাতৰ শিল্প, ভাওনা, অংকীয়া নাটৰ প্ৰচলন আছে। এনে কৰ্মই মানুহৰ সৃজনীশীল প্ৰতিভাক বিকশিত কৰাত সহায় কৰে। এনে প্ৰতিভাই এখন সমাজক প্ৰগতিৰ পথত আগুৱাই নিয়ে। ভাওনা অনুষ্ঠানৰ দ্বাৰা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ঐক্যৰ বান্ধোন সুদৃঢ় হয়। গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰ পৰিকল্পনা ভাওনা অনুষ্ঠানৰ পাতনি মেলে।
হৰিৰ কীৰ্ত্তনে সকলো দোষ নিমিষতে দূৰ কৰি দোষীজনকো ন্যায় প্ৰদান কৰে বুলি সমাজে বিশ্বাস কৰে —
ব্ৰহ্মবধী গুৰুবধী যতেক।
পিতৃ-মাতৃবধী পাপী অনেক।।
কুকুৰ খায় হেন ম্লেচ্ছগণ।
সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে। কীৰ্ত্তন-২৯
ব্ৰহ্ম, গুৰু পিতৃ-মাতৃ বধ কৰোঁতা পাপীজন আৰু কুকুৰৰ দৰে অখাদ্য ভক্ষণ কৰা লোকসকলক ম্লেচ্ছ বোলা হৈছে। এইসকল লোকৰ লগতে তন্ত্ৰযানী বৌদ্ধসকলৰ দৰে ঐন্দ্ৰজাল বিদ্যাক সমাজত চলাই নিবলৈ চেষ্টা কৰা লোকসকলক কল্কিয়ে ধবংস কৰিব বুলি কোৱা হৈছে —
কলিৰ শেষত হৈবা কল্কি অৱতাৰ।
কাটি মাৰি ম্লেচ্ছক কৰিবা বুন্দামাৰ।।
সবাকো বধিবা বৌদ্ধগণ য’ত আছে।
কলিৰ শেষত সত্য প্ৰবৰ্ত্তাইবা পাছে।। কীৰ্ত্তন-৬
ধৰ্ম-কৰ্মৰ বিচৰণভূমি শংকৰদেৱৰ সমাজখন কেৱল অসম বা ভাৰতৰ নহয়। এই সমাজখনে ফেৰ মাৰিব পাৰিব লাগিব বিশ্বৰ সুসভ্য সমাজৰ লগত। শংকৰদেৱৰ লিখনিত সেয়ে বাৰে বাৰে উদ্ভাসিত হয়- ভাৰত আৰু তাৰো উৰ্দ্ধত পৃথিৱী শব্দৰ -
(ক) আউৰ কি সেন্থৰে। ভাৰতভূমিত
হৈবাহা মনুষ্যজন্ম। কীৰ্ত্তন-৫৯
(খ) পৃথিৱীক ধৰিয়া দুহিলা সবৰ্বৰস।
জগততে ব্যাপিল তোমাৰ মহাযশ।। কীৰ্ত্তন-৮
শংকৰদেৱক কেৱল সাহিত্যিক, ধৰ্মগুৰু বা জাতিৰ গুৰু বুলি আখ্যা দিলে বিশেষণসমূহ আধৰুৱা হৈ ৰ’ব। শংকৰদেৱ এজন মনোবিজ্ঞানীও আছিল। মানুহৰ মনক তেওঁ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰিছিল।
ধৰ্ম আৰু শিক্ষাৰ প্ৰচাৰৰ বাবে শংকৰদেৱে নামঘৰ বা হৰিগৃহ স্থাপন কৰিছিল। হৰিগৃহত ধৰ্ম কথা আলোচনা কৰিলে সমাজে দেখা বা শুনা পাবৰ বাবে হৰিগৃহত চাৰিবেৰ সম্পূৰ্ণকৈ গাঁথি দিয়া নহৈছিল। বিভিন্ন থলুৱা বাদ্য যন্ত্ৰ, চৈধ্য প্ৰসংগৰ গীত, হাত চাপৰিৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছিল। সকলো লোকক আকৰ্ষণৰ বাবে মাহ-প্ৰসাদৰ ব্যৱস্থা কৰিছিল। কিন্তু মাহ-প্ৰসাদ আৰম্ভণিতে খাবলৈ দিলে মানুহে ধৰ্ম কথা আলোচনা কৰাৰ আগতেই বা মাজতে গুচি যাব পাৰে বুলি প্ৰসংগৰ শেষতহে মাহ প্ৰসাদ বিতৰণ কৰা হৈছিল। মাহ-প্ৰসাদৰ ব্যৱস্থাটোত সম্পূৰ্ণ থলুৱা খাদ্য ব্যৱহাৰ কৰোৱাই থলুৱা উৎপাদন সামগ্ৰীৰ চাহিদা বঢ়াবলৈ চেষ্টা কৰিছিল। আকৌ উপাসনা গৃহত যি ধূপ, দীপ, ধূনাৰ প্ৰচলন কৰিছিল তাৰ ফলতো বিভিন্ন কুটীৰ শিল্প (কুমাৰ, ধূপ-ধূনা তৈয়াৰ কৰা)ৰ প্ৰসাৰ ঘটিছিল। থলুৱা খাদ্য দ্ৰব্যৰে প্ৰসাদ তৈয়াৰ কৰা আৰু ধূপ, দীপৰ প্ৰচলন আজিৰ একবিংশ শতিকাতো একেদৰে আছে।
এনেবোৰ গুণৰ ফলতেই শংকৰদেৱ যুগে যুগে অসম আৰু অসমীয়াৰ হৃদয়ৰ মাজত মহাপুৰুষৰূপে জিলিকি থাকিব।
ধৰ্মনীতি, ৰাজনীতি, সমাজনীতিত সুদক্ষ শংকৰদেৱক সেয়েহে সমাজ সংগঠক বুলি বিনাদ্বিধাই ক’ব পাৰি।
সহায়ক গ্ৰন্থপঞ্জীঃ
১। দেৱগোস্বামী , কেশৱানন্দ (সম্পা)ঃ অংকমালা; বনলতা, ডিব্ৰুগড়, ১৯৯৯ চন।
২। মহন্ত, বাপচন্দ্ৰঃ প্ৰবন্ধ গানৰ পৰম্পৰাত বৰগীত;বনলতা, ডিব্ৰুগড়, ২০০৬ চন।
৩। হাজৰিকা সূৰ্যকান্ত (সম্পা)ঃ কীৰ্ত্তন-ঘোষা আৰু নামঘোষা (শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ); বাণী মন্দিৰ, গুৱাহাটী, ২০০৮ চন।