মতামত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত

post

Share

লেখিকাঃ ৰিজু দেৱী

অসমত একশৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিভিন্ন ধৰণৰ কাব্য, নাট, ভক্তিতত্ত্ব গ্ৰন্থ, অনুবাদ গ্ৰন্থ আদি ৰচনা কৰাৰ উপৰি উচ্চ আৰু আধ্যাত্মিক ভাৱ-সম্বলিত বিবিধ ৰাগ-ৰাগিনী সংযুক্ত আৰু চৈধ্য প্ৰসংগৰ উপযোগী কিছুমান গীত ৰচনা কৰে যাক বৰগীত বুলি কোৱা হয়। ধৰ্মীয় শিক্ষাৰে সমাজ-সংস্কৃতি গঢ়াৰ স্বাৰ্থত সুদূৰপ্ৰসাৰী চিন্তাৰে সৰ্বজনগ্ৰাহ্য ৰূপত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰাণৰ উচ্ছ্বসেৰেৰে ভক্তি আন্দোলনৰ প্ৰসাৰ-প্ৰচাৰৰ অৰ্থে কাব্য-গীতৰ জন্ম দিছিল। অসমৰ বৈষ্ণৱ পৰম্পৰাত এই কাব্য-গীতসমূহে এক সুকীয়া তাৎপৰ্য্য বহন কৰি বৰগীত আখ্যা পায়৷ শংকৰদেৱ-মাধৱদেৱৰ বৰগীতৰ দুটা ধাৰা হৈছে – ‘বৰগীত আৰু ভটিমা৷ ’

শংকৰ-মাধৱৰ বহুকালৰ আগৰে পৰা অসমত ভালেখিনি গীত-মাতৰ প্ৰচলন হৈ আছিল যদিও এইবোৰ গীতক বৰগীত আখ্যা দিয়া হোৱা নাই। ‘‘পুৰণি সাহিত্যত গীতৰ প্ৰাচুৰ্য্য থাকিলেও বৰগীতবোৰ ভাৱ আৰু ভাষাত অতিশয় বেলেগ ধৰণৰ৷ সাহিত্য আৰু ধৰ্ম জগতত সেইবোৰে নতুন যুগৰ আগমন সূচনা কৰিছিল৷ এফালে লোকৰঞ্জক আৰু আনফালে অতৰ্কিতভাৱে আধ্যাত্মিকতাৰ ওখ আদৰ্শলৈ জনসমাজৰ মন-আকৰ্ষণ – এয়ে অসমীয়া গীত-সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব৷ ’’ (বাণীকান্ত কাকতি, পুৰণি অসমীয়া সাহিত্য, পৃ.৭৩)

বৰগীতক ধ্ৰুপদী সংগীত বুলিও কোৱা হয়৷ সংগীত শাস্ত্ৰৰ মহলত উত্তৰ ভাৰতৰ ক্লাছিকেল বা ধ্ৰুপদৰ যি বিশিষ্ট স্থান অসমীয়া সংগীততো বৰগীতৰ স্থান তেনেকুৱা বুলি সমালোচকসকলে মন্তব্য কৰে৷ বৰগীতক প্ৰাৰ্থনা গীত বুলিও কোৱা হয়। বৰগীতসমূহৰ নিজস্ব উপাদান আৰু বৈশিষ্ট্য আছে৷ বৰগীতসমূহৰ সুকীয়া গঠন প্ৰণালী আৰু বিভিন্ন ৰাগ-সম্বলিত শাস্ত্ৰীয় নীতি-নিৰ্ধাৰণৰ বাবে এক সৃজনশীল চিন্তাৰ মহত্ত্ব ফুটি উঠা দেখা যায়।

ভক্তিমূলক গীত হিচাপে বৰগীত সম্পৰ্কত বহুকেইজন পণ্ডিতে নিজৰ নিজৰ মতামত দাঙি ধৰিছে। ড॰ মহেশ্বৰ নেওগদেৱৰ মতে – ‘বৰগীত বুলিলে শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত নিৰূপিত ৰাগত পোৱা ন-কুৰি এঘাৰটি গীতৰ থুলক বুজায়। ’ ড॰ বাণীকান্ত কাকতিদেৱে বৰগীতসমূহক মহান গীত বা স্বৰ্গীয় গীত (Great song or song celestial) বুলি কৈছে। তেওঁ আকৌ কৈছে – ‘বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত। ’ ঠিক সেইদৰে অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী লেখক দেৱেন্দ্ৰ নাথ বেজবৰুৱাদেৱে বৰগীতক ‘পৱিত্ৰ গীত’ (Holy song) বুলি কৈছে। প্ৰত্নতাত্বিক ৰাজমোহন নাথদেৱে বৰগীত নামকৰণত সাংগীতিক দিশৰ পিনে লক্ষ্য ৰাখি ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ‘বড়াগানা বা বড়া খেয়াল’ৰ আৰ্হিত ‘বৰগীত’ নাম দিয়া হ’বও পাৰে বুলি অনুমান কৰিছিল।

এইবোৰ কথাৰ পৰা প্ৰতীয়মান হয় যে - ‘‘সংগীত শাস্ত্ৰীয় কিছুমান ধৰা-বন্ধা নিয়ম মানি চলিলেই বৰগীত নহয়৷ বৰগীতৰ কিছুমান সুকীয়া বিশেষত্ব আছে৷ বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত আধ্যাত্মিকভাৱৰ উপাসনা প্ৰসংগৰ গীত৷ তদুপৰি ই মহাপুৰুষ বিৰচিত হ’ব লাগিব৷ একে প্ৰকাৰে বিবেচনা কৰিলে বৰগীতক এটা শ্ৰেণী নুবুলি একপঞ্জী বা থুপ বোলাহে সমীচীন হ’ব যেন লাগে৷ ’’ বৰগীতবোৰৰ ভাষা হৈছে ব্ৰজাৱলী ভাষা৷ ব্ৰজাৱলী এটা কৃত্ৰিম উপভাষা৷ ড॰ মহেশ্বৰ নেওঁগৰ মতে – ‘অসম, উৰিষ্যা আৰু বংগদেশৰ কবিসকলে পৰস্পৰৰ কিছু সমিল-মিল থকা এই ভাষাৰ সৃষ্টি কৰি ভাৱৰ আদান-প্ৰদান সহজ কৰি তোলাৰ লগতে বৈষ্ণৱসকলৰ মাজত প্ৰীতি বঢ়াবলৈ যত্ন কৰা যেন লাগে। মৈথিলী ভাষাই ব্ৰজবুলিৰ ভেঁটি। তাৰ ওপৰতে অসমীয়া বৈয়াকৰণ আৰু আভিধানিক ৰূপৰ লগতে পশ্চিমা-হিন্দীৰ ভগা-ছিগা টুকুৰা গোটাই আমাৰ ‘অসমীয়া ব্ৰজবুলি’ৰ ঘৰটো সজা হৈছে। ’ মহাপুৰুষ শংকৰদেৱৰ প্ৰথম বৰগীত হৈছে ‘মন মেৰি ৰাম চৰণহি লাগু’, যিটোৰ ৰচনা কৰিছিল বদৰিকাশ্ৰমত। চৰিতপুথিৰ আধাৰমতে, মহাপুৰুষ শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল। কিন্তু, চূণপুৰাৰ নিৱাসকালত কমলা গায়নে আওঁৰাবলৈ নিয়া বৰগীতৰ পুথিখন বনপোৰা জুইত পুৰিল।  ইয়ে শংৰকদেৱৰ মনত বহুত কষ্ট দিলে আৰু ভৱিষ্যতে বৰগীত নিলিখো বুলি সংগীতৰ ধাৰাটো আগুৱাই নিবলৈ তেৰাৰ প্ৰিয় শিষ্য মাধৱদেৱকে দায়িত্ব দিয়ে। গুৰুজনাৰ আদেশ শিৰোধাৰ্য্য কৰি মাধৱদেৱে ন-কুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত উল্লেখ থাকিলেও মাধৱদেৱৰ মুঠতে সাত-কুৰি সোতৰটা গীতহে ছপা আকাৰত পোৱা গৈছে। মুঠতে শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ থুলটোত ১৯১ টা গীত আছে৷

গুৰুদুজনাৰ বৰগীতসমূহে এক সুকীয়া তাৎপৰ্য্য বহন কৰি আহিছে। বৰগীতসমূহৰ এনে তাৎপৰ্য্যই সত্য উপলব্ধি আৰু আত্মশুদ্ধি পথৰ সন্ধান দিয়ে। শ্ৰীকৃষ্ণৰ ৰূপৰ সৌন্দৰ্য্য আৰু মোহনীয় ৰূপ, সংসাৰৰ অনিত্যতা, জগতৰ অসাৰতা, ভক্তিৰ মহত্ত্ব, নাম-মহিমা, মন প্ৰবোধন, গোপী বিৰহ, কবিৰ দৈন্য, আত্মোৎসৰ্গৰ ভাৱনাৰে ৰচিত গীতসমূহৰ সুৰৰ প্ৰৱাহে সকলোৰে হৃদয় মন পৱিত্ৰতাৰে চুই গ’ল৷ ‘‘..... বৰগীতৰ সুৰৰ কঁপনি লাগিল মছজিদৰ মিনাৰত, বৌদ্ধ বিহাৰৰ স্তুপত, শিৱ মন্দিৰ, দুৰ্গা-কালী মন্দিৰ কলচিত৷ লুইতৰ সোঁতে সেই বাণীৰ সুৰৰ তৰঙ্গ বুকুত বান্ধি লৈ গ’ল পশ্চিমলৈ, কামাখ্যালৈ, নেতাই ধুবুনীৰ ঘাটলৈ৷ এই প্ৰশান্ত বৈষ্ণৱ বায়ুৱে সকলোকে এক খলকনি তুলিলে৷ ’’ [ধন্য নৰতনু ভাল, পৃ.৩০৭ - চৈয়দ আব্দুল মালিক৷ ]

ভক্তিমূলক গীত হ’লেই বৰগীত নহয়৷ শাস্ত্ৰীয় পদ্ধতিৰে গোৱা মুক্তক গীতসমূহকে বৰগীত বোলা হয়৷ পুৰুষোত্তম ঠাকুৰ, ভৱানীপুৰীয়া গোপালদেৱ [গোপাল আতা], হেঙুলীয়া যদুমণি প্ৰভৃতি পাছৰ যুগৰ বহুত গুৰুৱে ৰচনা কৰা গীতসমূহক বৰগীত বোলা নহয়৷ কিন্তু সেইবিলাক গীতো শংকৰ-মাধৱ বিৰচিত বৰগীতৰ সমপৰ্য্যায়ৰ৷ বৰগীতসমূহত ছয় ৰসৰ কথা পোৱা যায়৷ এই ছয় ৰস সমূহ হৈছে – বিৰহ, বিৰক্তি, চোৰ, চাতুৰি, লীলা আৰু পৰমাৰ্থ৷ স্তুতিমূলক এই গীতসমূহ ৰাগ-তালৰ সহযোগত গোৱা হয় আৰু এই গীতবোৰে নিৰ্ধাৰিত শাস্ত্ৰীয় ৰীতিৰ সন্ধান দিয়ে৷ বৰগীতৰ কথা, সুৰ, ৰাগ, তালবোৰ ব্যাকৰণসন্মত আৰু ইয়াৰ ধ্ৰুপদী আদৰ্শও অভ্যন্ত পৰিশীলিত আৰু বিধি সন্মত৷

ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে – ‘মহাপুৰুষ শংকৰদেৱৰ যিখিনি বৰগীত প্ৰচলিত আছে, সেইবোৰ বেছিভাগেই পৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তিভাৱ প্ৰকাশ পাইছে৷ দুই-চাৰিটা লীলা বিষয়ক গীতো আছে, কিন্তু চুৰি-চাতুৰি, খেলন আৰু নৃত্য বিষয়ক গীত নাই বুলিলেও হয়৷ ’ অৱশ্যে তেৰাৰ প্ৰাৰ্থনাসূচক গীতো কেইটামান আছে –

‘গোপালে কি গতি কৈলে৷

গোবিন্দে কি মতি দিলে৷ ৷

নাৰায়ণ কাঁহে ভকতি কৰো তেৰা,

পাৱে পৰি হৰি কৰোঁহো কাতৰি৷

নাৰায়ণ লীলা জনাব কোই,

জয় জয় যাদৱ জলনিধি যাদৱ ধাতা৷

নাৰায়ণ চৰণে কৰোঁহো গোহাৰি,

কৈছে নৰহৰি তৰুণ উপায় .... ইত্যাদি৷ ’

শংকৰদেৱৰ বৰগীতত মুঠ তেৰটা ৰাগ পোৱা যায়৷ সেইকেইটা হৈছে – আশোৱাৰী, অষ্টম, কেদাৰ গৌৰী, ধনশ্ৰীয় ৰাগৰ ভাৱ-বিৰহ, কৰুণা আদি৷

অসমৰ বৈষ্ণৱ আন্দোলনত অনুভূতি প্ৰৱণ আৰু প্ৰাণ উচ্ছ্বসাৰক বৰগীতসমূহৰ এক সৃষ্টি ভূমিকা থকাটো নুই কৰিব নোৱাৰি৷ কবিত্বময় ৰূপ, ভাৱৰ মাধুৰ্য্য, বৰ্নণাৰ সৌন্দৰ্য্য, ৰসৰ মাধুৰ্য্য, দাৰ্শনিক তত্ত্বৰ সাৱলীল প্ৰকাশ, প্ৰতীক, চিত্ৰকল্প, ছন্দ, অলংকাৰাদিৰ সৰ্বজন গ্ৰাহ্য সৰল আৰু সূক্ষ্ম প্ৰকাশে বৰগীতক এক অনন্য মৰ্যাদা প্ৰদান কৰি আহিছে৷ ৰাগ-ৰাগিনী-সুৰ সম্বলিত এই গীতসমূহৰ বিশিষ্টতাই অসমৰ শিষ্ট সংস্কৃতিক বাৰুকৈয়ে প্ৰভাৱ পেলাই আহিছে৷

অৱশ্যে এটা কথা উল্লেখ নকৰাকৈ থাকিব নোৱাৰি যে বৰগীতৰ সুৰ আৰু ৰাগৰ ক্ষেত্ৰত ক্ৰমান্বয়ে পৰিৱৰ্তনে দেখা দিছে৷ প্ৰকৃত ৰাগ আৰু সুৰৰ বিকৃত পৰিৱেশনো কোনো কোনো ঠাইত কৰা দেখা যায়৷ এই ক্ষেত্ৰত জানিবপৰামতে, গুৰুজনাৰ তিৰোভাৰৰ পিছত উপযুক্ত প্ৰতিভাশালী সংগীতজ্ঞ নোলাল, যাৰবাবে বৰগীতৰ শিক্ষা আৰু পৰিৱেশনত কিছু আহুকালৰ সৃষ্টি হ’ল৷

বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু পুৰোষোত্তম দাসে ‘স্বৰৰেখাত বৰগীত’ নামৰ পুথিত কৈছে – ‘‘যিহেতু বৰগীত ধৰ্মানুষ্ঠানৰ লগত জড়িত, সেইবাবে বোধকৰোঁ ইয়াৰ সাংগীতিক ফালটোৰ উৎকৰ্ষ সাধনৰ বাটত কিছু বিজুতি ঘটিছে আৰু সেইবাবে এফালৰ উচ্ছস্বৰৰ সাংগীতিক মান থকা সত্ত্বেও আজি হয়তো চৰ্চা-গৱেষণাৰ অভাৱ আৰু আনকেতবোৰ কাৰণত বৰগীতৰ উচ্ছস্বৰৰ সাংগীতিক মান ক’ব নোৱাৰাকৈ লাহে লাহে কমি যাব ধৰিছে৷ বৰগীতবোৰত ৰাগৰ নাম উল্লেখ আছে, কিন্তু সেই ৰাগবোৰৰ ৰূপ আৰু আৱশ্যকীয় স্বৰসম্বন্ধে কোনোৱে একো ক’ব নোৱাৰে৷ মানুহৰ মুখে মুখে চলি অহাৰ বাবে আচল ৰূপৰ যে কিছুপৰিমাণে হীন-দেঢ়ি ঘটিব, সেয়া অতি স্বাভাৱিক কথা৷ ’’

কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে- গুৰুদুজনাৰ অতি উচ্চমান বিশিষ্ট আৰু সোণসেৰীয়া অৱদানে অসমৰ জাতীয় জীৱনৰ বহুকেইটা দিশ পোহৰাই ৰাখিছে৷ গুৰুদুজনাৰ সৃষ্ট গীত-মাতৰ ৰাগ-ৰাগিনীয়ে সৰ্বকালৰ বাবে মহাকল্যাণ সাধন কৰি সাংস্কৃতিক সৌন্দৰ্য্যৰ সোৱাদ দিলে৷ 

সংগ্ৰহঃ

১) বৰগীতৰ স্বৰলিপি বিশ্লেষণ আৰু বৈচিত্ৰ্য, সম্পাদনাঃ ড॰ মাধৱ বৰা, বিপুল কুমাৰ দিহিঙীয়া

২) শ্ৰীমন্ত শংকৰদেৱৰ কৃতিত্বৰ সুৱাস, ড০ ভূপেন্দ্ৰ ৰায়চৌধুৰী 

আপুনিও ভাল পাব পাৰে!