অসমৰ ধৰ্মীয় তথা সাংস্কৃতিক জীৱনত বহুলভাবে উচ্ছাৰিত চাৰিপুথি (কীৰ্তন, দশম, ৰত্নাৱলী আৰু ঘোষা)ৰ সমাদাৰ এতিয়াও বিস্তাৰিত হৈয়ে আছে। চাৰিওখন পুথিৰে এক বিশেষ মহত্ত্ব ‘অসমীয়া’ (বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমাদৃত) সমাজত হাড়ে হিমজুৱে সোমাই আছে। জীৱৰ আদি স্তৰত ঘোৰ শাক্ত পন্থাত আসক্ত মাধৱদেৱৰ মহান সৃষ্টি ‘নামঘোষা’ৰ দাৰ্শনিক ভিত্তি বেদান্ত দৰ্শন। হেজাৰী ঘোষা হিচাপে খ্যাত নামঘোষাৰ চাৰিশমান শ্লোকৰ মূল সংস্কৃত ভাষাৰ গ্ৰন্থৰ প্ৰভাৱাম্বিত যদিও সম্পূৰ্ণ গ্ৰন্থখনকে বুলি ক’ব নোৱাৰি। মাধৱদেৱৰ হূদয়ৰ পৰা নিগৰি ওলোৱা ভক্তি সম্বলিত মৌ ৰসে হৈছে নামঘোষাৰ মূল। ভক্তি তত্ব নিৰূপক গ্ৰন্থ হিচাপে নিৰূপম কাব্য খনিত ভক্তই অনাবিল ভক্তি ৰস বিচাৰি পাই ৷
অৱতাৰবাদ, প্ৰসাদ, মায়া তৰণৰ উপায়, ভক্তিৰ শ্ৰেষ্ঠতা, শ্ৰৱণ-কীৰ্তনৰ শ্ৰেষ্ঠতা, সৎসঙ্গ মাহাত্ম্য, এক দেৱ এক সেৱ দাস্য ভক্তি, একশৰণবাদ আদি মহাপুৰুষীয়া পৰম্পৰাৰ মূল ধাৰণাবোৰ নামঘোষাৰ মাজত সোণালী আখৰেৰে লিখা আছে। নামঘোষাৰ আৰম্ভণিত যদুপতি ভগৱন্তক ভজনা কৰিছে এনেদৰে——
‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ি মাগহো ভকতি৷
সমস্তক মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেনো দেৱ যদুপতি৷৷’
মাধৱদেৱে ভাৰতীয় আদৰ্শৰ বিশেষ মান্যতা পোৱা মোক্ষ প্ৰাপ্তিক উলংঘা কৰি তেনে মুক্তিক অৱজ্ঞাৰে ভক্তি আচৰণৰে সিক্ত ভকতকহে নমস্কাৰ জনাইছে। তেনে ভকতৰ মাজতহে ভকতিৰ অমিয়া ৰস বিচাৰিছে৷ তেওঁ নিগুৰ্ণ নিৰাকাৰ ৰসৰ সাগৰ, সেয়ে ৰসময়ি; সমস্তৰে তেওঁ শিৰোমণি, সেয়ে তেওঁ ভজনাৰ যোগ্য আৰু ভকতৰ বৈশ্য। তেওঁ যদিও নিগুৰ্ণ কিন্তু সময় বিশেষে গুণ যুক্ত,———
‘তুমি প্ৰভু নিগুৰ্ণ, গুণৰ সীমা নাই৷
নিগুৰ্ণ হোৱয় জীৱ সেহি গুণ গাই ৷৷’
নামঘোষাৰ বিভিন্ন ঘোষাৰ মাজত ভক্তি ৰসৰ মৌ বৰিষণ বিন্দু বিন্দু হৈ মুকুতা মণিৰ দৰে জিলিকি আছে। ভগৱন্তৰ দশাৱতাৰৰ বৰ্ণনা আৰু প্ৰতিটো অৱতাৰৰ ব্যাখ্যা প্ৰখৰ ৰ’দত চিৰাল ফটা পথাৰৰ মাটিত বৰষুণ পৰি জিপাল হৈ পৰিছে। অভিনৱ এই ব্যাখ্যাই পাঠক পাঠেকীক ৰোমান্সিত কৰি তোলে। দশৱতাৰৰ উল্লেখ আৰু পদ, ছবি, দুলড়ী, আদি ছন্দৰে কাব্যৰ আভিজাতিক মান বহু ওপৰলৈ তুলি নিছে। ‘নামান্বয় খণ্ড’ নামঘোষাৰ অন্যতম সম্পদ। এই খণ্ডত ঈশ্বৰৰ বিভিন্ন নামৰ গুঢ়াৰ্থ অতি প্ৰাঞ্জল ভাব-অৰ্থৰে সুৰীয়া ৰূপত দাঙি ধৰিছে। ‘কৃষ্ণ’ শব্দৰ ঐতিহাসিক মহত্ব আৰু দাৰ্শনিক তত্বক সৰল অসমীয়া ভাষাত বোধ হয় পোন প্ৰথমে মাধৱদেৱে নামঘোষাত ভক্তি ধৰ্মৰ অনুকুলে ব্যৱহাৰ কৰিছিল।
“ ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱন য’ত
কৃষতা গুচয় নিৰন্তৰ৷
এহি হেতুসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ৷৷”
এক দেৱ এক সেৱৰ উপাসনা ‘নামঘোষা’ৰ মূল প্ৰতিপাদ্য লক্ষ্য। জড় চৰাচৰৰ মাজত কৃষ্ণ একমাত্ৰ চৈতন্য শক্তি। ‘ঈশ্বৰ নিৰ্ণয়’ খণ্ডত সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ ৰূপে কৃষ্ণ বা বিষ্ণুক সমস্ত জগতৰ সাৰ বুলি নিৰ্ণয় কৰা হৈছে।
‘কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ৷
সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি কেৱ
জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ৷৷’
“নামঘোষা’ত দাস্য ভক্তিৰ সুৰ আকাশী গঙ্গাৰ দৰে ধৰাৰ বুকুলৈ নামি আহিছে। মাধৱদেৱে মানস ঈশ্বৰক সখা আৰু সুহূদ বুলি কৈয়ো সেই পৰম পুৰুষৰ চৰণত দাস ৰূপেহে আত্মসমৰ্পন কৰিছে। তেওঁ ভক্ত হৈয়ো ভগৱন্তৰ ওচৰত নিজকে দাস, মুৰখমতি, অধম, মুঢ়মতি, পাপী, দুৰাচাৰ, অপৰাধী আদিৰে মানৱতাৰ যিমান তলত ৰিজাব পাৰে তাকে কৰিছে।
‘ নোহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহো আতি
নোহো ধৰ্মশীল দানব্ৰত তীৰ্থ গামী৷
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ্তা পদকমলৰ
দাসৰো দাস তান দাস ভৈলো আমি৷৷’
কৃষ্ণ-কিংকৰ হ’ব পৰাটোও মহাভাগ্য৷ পূণ্যফল তীৰ্থ-ব্ৰততকৈয়ো বেছি। কৃষ্ণৰ চৰণত আশ্ৰয় পালেই জীৱৰ বন্ধন নাথাকে৷ নামঘোষাত মায়া সম্পৰ্কে সঘনে বিভিন্ন উক্তি কৰা হৈছে৷ মায়া ৰহস্যময় শক্তি৷ এই শক্তিয়ে ব্ৰহ্মৰ স্বৰূপ আবৃত কৰি ৰাখে৷ অসত্যত সত্যৰ প্ৰতীতি স্থাপন কৰায় বিক্ষেপ শক্তিৰূপে৷ মায়া অনাদি নহয়৷ সৃষ্টিৰ আহিলাৰূপে মায়াক সৃষ্টি কৰে পৰম ব্ৰহ্মই৷ এই সংসাৰ নিৰ্মাণত তেওঁৰ সহায় হ’ল তেওঁৰে শক্তি মায়া৷ সংসাৰ মিচা, ধেমালিৰ সামগ্ৰী, এই কথা অজ্ঞ জীৱক বুজিবলৈ নিদিয়াটোৱেই মায়াৰ প্ৰধান কাম৷ মায়া জড়, হৰি চৈতন্য; মায়া অসত্য, হৰি সত্য৷ এই ধাৰণামায়া আৰু ব্ৰহ্মৰ মাজত বিদ্যমান৷ মায়াক হৰিয়ে পৰিচালনা কৰে৷ ‘অঘটন-ঘটন পটিয়সী’ মায়াৰ পাৰ পোৱা সহজ নহয়৷ তদুপৰি মায়া কপট গুণযুক্তা আৰু নিগ্ৰহ কাৰিণী৷ কপট গুণৰে মায়াই মনত ভ্ৰম উৎপাদন কৰে,
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহি আছে আমাক সমূলি৷
হৰি বিমুখ সকলেহে মায়াৰ নিৰ্যাতনৰ পাত্ৰ৷
তেনে লোককহে মায়াই মোহিত কৰে৷ গতিকে কোৱা হৈছে— ‘তুমি প্ৰিয় পৰম ভগবন্ত বুলি জানিও তোমাৰ প্ৰতি বিমুখ হ’লো৷ এতিয়া মায়াই মোক পৰম দুখ দিব ধৰিছে৷’
এই সংসাৰ-দুখৰ পৰা জীৱৰ নিস্তাৰ নাই৷ ব্ৰহ্মোপলব্ধি নোহোৱালৈকে বাৰে বাৰে জন্ম লৈ জীৱই নিকাৰ ভুঞ্জে৷ গতিকে জীৱই ক্ষুদ্ৰ সুখতে বহু পোৱা বুলি ভাবে৷ সেয়াই চৰম সুখ বুলি জীৱই তুচ্ছ আনন্দত জীৱনটো অতিবাহিত কৰে৷ আচলতে মায়া বা অবিদ্যাৰ হে জীৱ পুতলা৷ জীৱই যেতিয়া নিজকে সংসাৰৰ অনিত্যতা সম্ভন্ধে সচেতন হৈ উঠে তেতিয়াই নিজকে ব্ৰহ্মৰ অংশ বুলি উপলব্ধি কৰে৷ সেই উপলব্ধিয়েই হৈছে পৰম জ্ঞান৷ মায়া তৰণৰ উপায় হিচাপে নামঘোষাত ভক্তিকে প্ৰধান গুৰুত্ব দি কৈছে¸ –
‘আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়
নপায় জানা তাঙ্ক অবিদ্যাত.....৷৷
অবিদ্যা আতৰিলে ক_লগ্ন বস্তুৰ দৰে নিজৰ মাজতে সাক্ষাৎ সম্ভৱপৰ কৰি তোলে৷ অবিদ্যা লাভ কৰিবলৈ নিষ্কাম ভকতিৰ প্ৰয়োজন৷ নামঘোষাত নৱবিধ ভক্তি শ্ৰৱণ কীৰ্তন, স্মৰণ, অৰ্চন, পদসেৱন, দাস্য, সখিত্ব, বন্দন, অৰ্পণ’ৰ ভিতৰত শ্ৰৱণ-কীৰ্তনক শ্ৰেষ্ঠ স্থান দিছে৷ ভক্তি গাঢ় কৰাৰ বাবে হৰি কথা চৰ্চা আৰু শ্ৰৱণ-কীৰ্তন প্ৰশস্ত উপায়৷ ইয়াৰ বাবে সন্ত জনক লাগে সঙ্গ৷ একান্ত ভকতে যি স্থানত হৰিনাম কীৰ্তন কৰে, তেনে স্থানত কাল, মায়া আদিৰ প্ৰৱেশ নাই৷ কৃষ্ণৰ কীৰ্তন সুখেই হৈছে মুক্তিতকৈ শ্ৰেষ্ঠ৷ আত্মা উপলব্ধিৰ ক্ষেত্ৰত ভক্তি প্ৰধান আহিলা৷ গতিকে ভক্তি হ’ল একপ্ৰকাৰ সত্যস্পৃহা আত্মসমৰ্পণ৷ তাৰ লগত থাকে শ্ৰদ্ধা৷ এই দুইৰ সংযোগত জীৱ আৰু ব্ৰহ্মৰ অভেদত্ব আৰু অপ্ৰয়াস জ্ঞান লাভ হয়৷ ভক্তি যেতিয়া ঐকান্তিক হয়, সকলো চিন্তা আৰু সংকোচ আতৰাই থৈ ব্ৰজ গোপীকাৰ দৰে লোক-লজ্জা, চকু-লজ্জা এৰি অহৰ্নিশে কৃষ্ণ প্ৰেমত মগ্ন হ’ব পৰাই হৈছে প্ৰকৃত ভক্তি৷ ভক্তি মাহাত্ম্য সম্পৰ্কে নামঘোষাত বিস্তৃত বৰ্ণনা আে¸ছ৷ ভক্তিৰ মাজেৰে ভক্তই যি স্থানৰে নহওঁক তেওঁ ব্ৰাহ্মাণ কিম্বা চাণ্ডালো হ’ব পাৰে ভক্তিৰ বলত শ্ৰেষ্ঠ৷
“পৰম নিৰ্মল ধন হৰিনাম কীৰ্তনত
সমস্ত প্ৰাণীৰো অধিকাৰ৷’
এতেকেসে হৰিনাম সমস্ত ধৰ্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ৷৷”
ভকতিৰ এনে মহানতাৰ বৰ্ণনা ‘সাৰ নিৰ্ণয়’ত দাঙি ধৰা হৈছে৷ ‘নাম ঘোষা’ৰ ‘আত্ম- উপদেশ’ অধ্যায়ত মাধৱদেৱে অন্তৰেন্দীয় মন, বুদ্ধি, চিত্ত, অহংকাৰ আৰু জ্ঞাননেন্দ্ৰিয় জিহ্বা আৰু কৰ্ণৰ বিষয়ে যি উক্তি দিছে তাৰ জৰিয়তে ভক্তিৰ গাঢ়তা মুকলি হৈ প্ৰকাশ পাইছে৷ গুৰু মাহাত্ম্যত গুৰু প্ৰশাংসা আৰু কৃতজ্ঞতাৰ বিষয়ে সুন্দৰ ভাবে দাঙি ধৰিছে৷ মাধৱদেৱে শংকৰ গুৰুক শ্ৰদ্ধা জনাই কৈছে –
‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু৷
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু৷৷’
তাৰোপৰি গুৰু হৈছে ভকতৰ ত্ৰাৰ্ণকৰ্তা হৰি যদিও গুৰুৰ পৰা ভিন্ন বুলি ভবা হৈছে৷ দুয়োজন একে শৰীৰত মাত্ৰ ভিন৷’ হৰি, গুৰু, ভকতৰ লক্ষণ বৰ্ণনা কৰাৰ উপৰিও হৰি বিমুখৰ নিন্দা সুন্দৰ ৰূপত বৰ্ণনা হৈছে৷ মাধৱদেৱে গুৰুজনক ভগৱানৰ আসনত বহুৱাইছে৷ তেওঁ শংকৰদেৱক শুদ্ধমত বুলি ভকতক অন্য চিন্তাৰ পৰা আতৰি থাকিব কৈছে। আনহাতে বৈষ্ণৱ-নিন্দুক, বিষ্ণু-নিন্দুকৰ বিষ্ঠা, লুঠা, শূকৰক একেলগে স্ৰজন কৰা বুলি কৈছে৷ বৈষ্ণৱ নিন্দুক আৰু সূচকে সাধু সকলক সততে শুদ্ধ কৰাৰ দৰে শূকৰে গ্ৰাম্য মল-মূত্ৰ শোধন কৰে৷ নামঘোষাৰ অধিকাংশ ঘোষাক উত্তম কবিতাৰ শ্ৰেণীত পেলাব পাৰি৷ এই কবিতা যেন ৰহস্যবাদী কবিৰ অকৃটিম অনুভূতিৰ নিজৰা৷ সংসাৰ ত্যাগি মাধৱদেৱক দাস্য ভক্তিৰ মুৰ্তিমান স্বৰূপ বুলিব পাৰি৷ সংসাৰত তেওঁৰ নিজৰ বুলিবলৈ কোনো সম্বন্ধ এৰি থৈ যোৱা নাই৷ সাহিত্যৰ ক্ষেত্ৰতো তেওঁ দীন, হীন, মূৰখমতি আদিৰে আত্ম লঘিমাৰ লক্ষণ নামঘোষাৰ মাজত উজ্বল হৈ জিলিকি উঠিছে৷
নামঘোষাৰ প্ৰায় এহেজাৰৰ পাঁচ-ছয়শ মান পদেই নানা সংস্কৃত শ্লোকৰ ভাঙনি। সেইবাবে নামঘোষাক মৌলিক গ্ৰন্থৰ ৰূপত মান নিৰূপণ কৰা সম্ভৱ নহয়। তথাপি সাহিত্যৰ ৰূপত নামঘোষাৰ মৌলিকতা গুণ বিৰাজ মান৷ সাহিত্যিক গুণাগুণৰ ফালৰ পৰা নামঘোষাৰ মূল্য ইয়াৰ গভীৰ ভক্তি ৰসত৷ ভক্তিৰ ক্ষেত্ৰত ৰাম, কৃষ্ণ, শিৱ, দুৰ্গা, খ্ৰীষ্ট, মহম্মদ সকলো একে। নামঘোষাত প্ৰকৃতিৰ গছ-গছনি, তৰু-লতাৰ বৰ্ণনা নাই যদিও তাৰ ওপৰত পৰা অপৰূপ জেউতিৰ ৰসময়ী ভক্তিৰ দৰে নামঘোষাৰ সৌন্দৰ্য যুগজয়ী৷ তদুপৰি নামঘোষাত প্ৰতিফলিত হৈছে মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ প্ৰতিবিম্ব। তিৰোধানৰ আগেয়ে শিষ্যসকলক কৈছিল যে মই নোহোৱা হ’লেও নামঘোষাত বিচাৰিলে মোক পাব। এনে এক মহান গ্ৰন্থ নামঘোষাৰ সমালোচনা কৰা ধৃষ্টতা মাথোন। তথাপিও যি ধৰণে চিন্তাত লাগিছে, তাৰে প্ৰতিফলন হৈছে বুলি ক’ব পাৰি৷ অসমীয়া ভাষা-সাহিত্য আৰু অসমীয়া ফ্ৰান যেতিয়ালৈ থাকিব তেতিয়ালৈ নামঘোষাৰ সাম্প্ৰতিক চেতনা সদায় জাগ্ৰত হৈ থাকিব।
(লেখক যোৰহাট মহাবিদ্যালয়ৰ প্ৰৱক্তা, যোগাযোগ নম্বৰঃ ৯৯৫৪২১৮৬০১/৯১০১১২২৬৩৮)