Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

ভূপেন হাজৰিকাৰ গীতত জনগোষ্ঠীয় সমন্বয়

post
<

Share

লেখকঃ ড০ চন্দ্ৰ কমল চেতিয়া

প্ৰস্তাৱনাঃ

ড০ ভূপেন হাজৰিকা একাধাৰ এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু কবি। এই কেওটা গুণৰ সমাহাৰত ভূপেন হাজৰিকাৰ স্বকীয় ব্যক্তিত্বই গঢ় লৈ উঠিছে। শৈশৱ কালৰ পলা জীৱনৰ শেষ বয়সলৈকে সংগীতৰ যোগেদি অসমৰ সাংস্কৃতিক পেৰক্ষাপটক বিশ্ব দৰবাৰত প্ৰতিনিধিত্ব কৰি অহা ব্যক্তিজনেই হল ড০ ভূপেন হাজৰিকা।

ভূপেন হাজৰিকাৰ গীতৰ ইতিবাচক দিশটোৱেই হল তেওঁৰ গীতে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজতে সমন্বয়ৰ সেতু ৰচনা কৰে। তেওঁৰ গীতৰ মাজত প্ৰতিধ্বনিত হয় পাহাৰ-ভৈয়ামা জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিয়ে। দিচাংমুখৰ মিচিং সমাজৰ পৰা নামনি অসমৰ বডো, ৰাভা, আৰ্লেঙৰ গিৰিশিখৰৰ কাৰ্বি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি খাচীয়া, জয়ন্তীয়া, নৃত্য কুশলী মণিপুৰী, মিজো, ত্ৰিপুৰী, নগা জনগোষ্ঠী সকলোৰে প্ৰতিফলন তেওঁৰ গীতত দেখিবলৈ পোৱা যায়। কেৱল জনগোষ্ঠীয় প্ৰতিফলনেই বৰঞ্চ গীতৰ যোগেদি তেওঁ সকলোৰে মাজত এক সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰাৰ যি অনন্ত প্ৰয়াস তাক আজীৱন কঢ়িয়াই ফুৰিছিল। তেখেতৰ গীতৰ ভাষাৰেই-

                                     “মোৰ গান হওক                             

                                                          বহু আস্থাহীনতাৰ বিপৰীতে

                                                          গভীৰ আস্থাৰ গান।।

এই  আস্থা সম্পূৰ্ণৰূপে মানৱতাবাদৰ ভিত্তিত প্ৰতিষ্ঠিত। ভূপেন হাজৰিকাৰ গানৰ লক্ষ্যই আছিল মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হৈ অনন্য শান্তিৰে জীৱন নিৰ্বাহ কৰাৰ যি ভাতৃতত্বাবোধৰ পৰিৱেশ  সেই  পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ গীতসমূহে অসম তথা উত্তৰ-পূৱৰ প্ৰেক্ষাপটত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

ভূপেন হাজৰিকাৰ গীতৰ শ্ৰেণী বিভাজনঃ

ভূপেন হাজৰিকাৰ গীতৰ পটভূমি আছিল বহুমুখী। যাৰ ফলত ভূপেন হাজৰিকাৰ গীতসমূহক শ্ৰেণীবিভাজন কৰা কাৰ্যটো বৰ সহজসাধ্য নহয়। তেখেতৰ গীতত মানৱৱতাবাদ, জাতীয় অনুৰাগ, সমাজৰ বিভিন্ন দিশৰ চিত্ৰণ যেনে ধনী-দুখীয়াৰ ব্যৱধান, জাত-পাতৰ সংকীৰ্ণতা, শোষকৰ শোষণ আদি, প্ৰেম-প্ৰণয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আদি প্ৰায় সকলো দিশেই দেখিবলৈ পোৱা যায়। তেখেতৰ গীতসমূহে একাধাৰে গীত আৰু কবিতা উভয়ৰে বৈশিষ্ট্য বহন কৰাৰ ফলশ্ৰুতিত ভূপেন হাজৰিকাৰ ভালেসংখ্যক গীতকে গীতি-কবিতাৰ স্থানতো ৰাখিব পাৰি। এই সকলোবোৰ দৃষ্টিকোণ চালি জাৰি চাই  দিলীপ কুমাৰ তেখেতৰ গ্ৰন্থ  ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথত  ভূপেন হাজৰিকাৰ গীতক তিনিটা বহল ভাগত বিভক্ত কৰিছে-

          ক। ৰাজনৈতিক পটভূমি আৰু বিদ্ৰোহৰ গীত

          খ। সামাজিক পটভূমিৰ গীত

          গ। অপৰূপ সৃষ্টিৰ তৰংগৰাশি।

এই ভাগকেইটিৰ উপৰিও ভূপেন হাজৰিকাৰ অনূদিত গীত আৰু কবিতা এই দুটা শ্ৰেণীও এই শ্ৰেণীকৰণত অন্তৰ্ভূক্ত কৰিব পাৰি।  উল্লেখ্য যে ভূপেন হাজৰিকাৰ ভালেসংখ্যক গীতেই প্ৰকৃততে কাব্যিকতাৰ গুণেৰে পৰিপূৰ্ণ। সাহিত্যিক বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি হাজৰিকাদেৱৰ এইশ্ৰেণীৰ গীতক  গীতি-কবিতাৰ চানেকি  হিচাপেও বিশে¡ষণ কৰাৰ অৱকাশ আছে। তেখেতৰ গীতত স্বদেশপ্ৰেম তথা জাতীয়চেতনা, মানৱতাবাদসুন্দৰৰ সাধনা, প্ৰণয়, আদিৰ লগতে অন্যায়ৰ বিৰোদ্ধে তীক্ষ্ণ হুংকাৰ তথা প্ৰতিবাদৰ সুৰো সততে ধ্বনিত হোৱা দেখা যায়।

ভূপেন হাজৰিকাৰ গীতত জনগোষ্ঠীয় সমন্বয়ঃ

ভূপেন হাজৰিকাৰ গীতত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ এক উজ্জ্বল চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়।  তাহানিৰ বৰ অসমৰ যি সমন্বয় সেই সমন্বয়ে আজিৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে সামৰি লৈছিল। লুইতপৰীয়া সভ্যতাৰ বুকুত বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠিছিল বৃহৎ অসমীয়া জাতিসত্ত্বাৰ বিশাল সৌধটো।

                             মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

                             কত যুগ ধৰি আহিছে প্ৰকাশি

                             সমন্বয়ৰ অৰ্ৰ্থ।

সেই সমন্বয় কেৱল আজিৰ অসমৰ সীমিত ভূখণ্ডৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সমন্বয়ৰ চিত্ৰখন উত্তৰ-পূৱৰ সাতোখন ৰাজ্যক সামৰি ভূপেন হাজিৰকাই তেখেতৰ গীতৰ মাজেৰে এনেদৰে ফুটাই তুলিছে -

                             আই অআই আমি সাতোজনী জী

                             লুইতৰ বালিতে উমলি আছিলোঁ

                             দ কাঁচিয়লিত বহি।।

লুইতপৰীয়া সভ্যতাৰ পুৱতিৰ কোমল ৰদত উমলি জামলি থকা সাতজনী জীয়েই হল আজিৰ অসম, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা। সময়ৰ সোঁতত ভাগ ভাগ হৈ আত্ম পৰিচয়েৰে নিজাকৈ আত্মপ্ৰকাশ কৰিলেও এই সাতভনীৰ মাজৰ যি সম্পৰ্কৰ বান্ধোন সেই বান্ধোন যাউতীযুগীয়া।

মেঘালয়ৰ পাহাৰীয়া ৰঙা মাটি কাটি কাটি কপালৰ ঘাম মাটিত পেলাই সেউজ সপোন ৰচা খাচীয়া কৃষকৰ লগত ভৈয়ামৰ অসমীয়া কৃষকৰ মাজত এক আত্মিক যোগসূত্ৰ ভূপেন হাজৰিকাৰ চকুত ধৰা দিছে। কৃষক কৃষকেই। পৃথিৱীৰ প্ৰটিটো প্ৰান্তৰ কৃষকৰ আনন্দ-বিষাদ, হাঁহি-কান্দোন, আশা-হেঁপাহৰ মাজত যেন এক সাৰ্বজনীন অনুভূতিসম্পন্ন সাদৃশ্য বিৰাজমান। এই ঐক্যসূত্ৰ ফুটি উঠিছে তেখেতৰ এই গীতফাকিৰ মাজেৰে-

                             ৰঙা পাহাৰৰে মাটি কাটি

                             খাচী কৃষক খাটে-দিনে ৰাতি

                             ভৈয়ামৰো খেতি হেজাৰ ৰংমনে

                             সাৱটি ধৰিব সেই কৃষকক।।

পাহাৰ-ভৈয়াম দুয়ো প্ৰান্তৰ সহজ-সৰল ৰাইজৰ বুকুৰ মাজত একেটি জীৱনমুখী সুৰেই অনুৰনণ তোলে- সেই সুৰ পাহাৰীয়া শ্বৰাতিৰেই হওক বা ভৈয়ামৰ বাঁহীৰেই হওক, দুয়ো একেটি সুৰকে প্ৰতিনিধিত্ব কৰে।  শংকৰদেৱ গুৰুজনাই ৰোপণ কৰা কৃষ্ণ-সংস্কৃতিৰ লগত পৰিচিত ভৈয়ামৰ ৰাইজৰ পৰিচিত বাঁহীৰ সুৰ আৰু খাচীয়া গৰখীয়াৰ শ্বৰাতিৰ সুৰ যেন একে তালেৰেই বন্ধা-

                             কৃষ্ণ গৰখীয়াই বায় বাঁহী

                             খাচী গৰখীয়াই বায় শ্বৰাতি

                             দুয়োটি বাঁহী বাঁহৰে বাঁহী

                             দুয়ো প্ৰকাশে একেই সুৰক।

পাহাৰ আৰু ভৈয়ামৰ জনগোষ্ঠীয় সম্পৰ্কৰ আঁতডাল যাউতিযুগীয়া। পাহাৰ-ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীয় সমন্বয়ৰ এখন উজ্জ্বল চিত্ৰ প্ৰতিফলিত হৈ উঠিছে  অৰুণাচল প্ৰদেশৰ পটভূমিত ৰচিত এই গীতটিৰ মাজেৰে-

                             চিয়াঙৰে গালঙ্

                             লুইতৰে খামতি

                             টিৰাপৰে ৱানচুৱে

                             মোক কিয় মাতিছে

                             অসমীৰে পদূলি উদুলি যে মুদুলি

                             মৰম চেনেহৰ হাত বহিছে।

পাহাৰীয়া জনগোষ্ঠীয় প্ৰেক্ষাপট অসমৰ আনুভূতিক সম্পৰ্কৰ লগত ঐতিহাসিক কালৰেপৰা সংপৃক্ত হৈ আছে। চিয়াঙ উপত্যকাৰ আবুটানি ফৈদৰ গালং, ডফলা, আবৰ, অঁকালোহিতপৰীয়া খামতি, টিৰাপ সীমান্তৰ ৱানচু, কামেঙৰ চেৰদুক্‌পেন,মন্‌পা জনগোষ্ঠীৰ লগত অসমীয়া জাতিৰ যি আত্মিক সম্পৰ্ক সেই সম্পৰ্কই যুগ যুগ ধৰি অসম আৰু অৰুণাচলপ্ৰদেশৰ জনগোষ্ঠীসমূহক একাত্ম কৰি ৰাখিছে। অৰুণাচল বৰ অসমৰ পৰা পৃথক হৈ যোৱাৰ পাছত চল্লিছ বছৰৰো অধিক কাল ধৰি অৰুণাচলৰ বিদ্যালয় আৰু অফিচ কাচাৰীসমূহত অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বতঃস্ফূৰ্তভাৱে স্বীকৃতি লাভ কৰি আহিছিল। ইয়াৰ বিপৰীতে অসমীয়া ভাষা-সাহিত্য সংস্কৃতিলৈও অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় সমাজখনে অৰিহণা যোগাই আহিছে।

মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱে একশৰণ নাম-ধৰ্মৰ যোগেদি সকলো জাতি-জনগোষ্ঠীকে এক কৰাৰ চেষ্টা কৰিছিল।

গুৰুজনাৰ সেই আদৰ্শই সকলো জনগোষ্ঠীকে আকৃষ্ট কৰিছিল।

                   আহোম স্বৰ্গদেউৰ দিনতে

                   লোণ বান্ধি নামিছিল নক্তে

                   তাহানিৰ শ্ৰীশ্ৰী ৰাম আতাই

                   নক্তে নৃপতিক দিছিলে শৰণ

                   কৰি নক্তেৰ নামাকৰণ

                   নৰৰো উত্তম নৰোত্তম

                   কৈছিল মানুহ মানুহ হলে

                   ইজনে সিজনক সাৱটিলে

                   নহয় জাতি-কুল ভ্ৰষ্ট।

অসমৰ জনগোষ্ঠীয় প্ৰেক্ষাপটত মিচিং জনগোষ্ঠীৰ যথেষ্ট অৰিহণা আছে। বিশেষকৈ ঐনিঃতমৰ সুৰৰ মাধুৰ্যই অসমীয়া সাংস্কৃতিক প্ৰেক্ষাপটক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। দিচাংমুখৰ মিচিং সমাজৰ ডেকাই নিশাৰ বতাহজাক পেঁপাৰ সুৰৰ মাধুৰ্যৰে সজাই তোলাৰ এখনি সজীৱ চিত্ৰ গীতিকাৰ ভূপেন হাজৰিকাই এনেদৰে অংকন কৰিছে-

                             বোলোঁ অমিচিং ডেকাটি

                             বজালি যে পেঁপাটি

                             সুৰেৰে সঁজালি দেখোঁ

                             দিচাংমুখৰ নিশাটি। 

এই জনগোষ্ঠীয় জনগাঁঠনি লগ হৈয়ে অসমৰ বৃহত্তৰ অসমীয়া জাতিসত্ত্বা গঠন হৈছে। এই সমন্বয় সাংস্কৃতিক সমন্বয়, এই সমন্বয় আনুভূতিক সমন্বয়। সেই কথা তেওঁ গীতেৰে প্ৰকাশ কৰিছে এনেদৰে-

                             কাৰ্বিআংলং অতীৱ ধুনীয়া

                             চিফুঙৰ সুৰটি বৈষ্ণৱ সুৰীয়া

                             প্ৰীতিৰ এনাজৰী মিচিং ভাই-ভনী

                             আমাৰ বুকুৰেই তেজ।

বৃটিছকালীন সময়ত অসমীয়া জাতিসত্তাত সংযোজিত হোৱা চাহজনগোষ্ঠীৰ লোকসকলৰ জীৱন পৰিক্ৰমা সম্পূৰ্ণৰূপে চাহখেতিক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে। পুৱাৰপৰা গধূলিলৈকে বাগিছাৰ কামত ব্যস্ত থকা বুধু, লচমী, জানকী, জুগনুহঁতৰ জীৱনৰ ৰঙ আৰু চাহগছৰ সেউজীয়া ৰং একাকাৰ হৈ পৰে। এই ব্যস্ততাৰ মাজতো ৰাধিকা আৰু জুগনুৰ মাজত প্ৰেম হয়, জুগনু আৰু ৰাধিকায়ো সপোন দেখে-

                             ৰাধাচূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা

                             চাহ  বাগিছাত ঝুমুৰ নাচি জুগনুক যাচে ফটিকা।

                             সেই ফটিকা প্ৰেম ফটিকা

                             তাত ভেজাত তেজাল একো নাই

                             কৃষ্ণচূড়াৰ ৰঙৰ দৰে সঁচা ৰঙ ছটিয়ায়

                             জুগনু বোলা শিৰীষ গছত

                             ৰাধা যেন লতিকা।।

ভাৰতৰ কোনোবা মুলুকৰ পৰা অহা চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ সংস্কৃতিৰ লগত নিজকে খাপ খুৱাই  বিহুৰ সুৰেৰে নিজকে অসমীয়া বুলি চিনাকি দিলে-

                             বাপ-দাদা আছিলে কোনোবা মুলুকত

                             পিছে আমি বিহু গাব জানো

                             এ হাঁহে হৈ চৰিমগৈ অমইনা তোমাৰেনো পুখুৰীত

                             পাৰ হৈনো পৰিমকৈ চালত।

                             ঘামে হৈ সোমামগৈ অমইনা তোমাৰেনো শৰীলত

                             মাখি হৈনো চুমা দিম গালত

পদ্মা নদীৰ পাৰৰ পৰা প্ৰাণৰ মমতাত দেশান্তৰী হোৱা এচাম মানুহ তাহানিতে আহি অসমৰ চৰ-চাপৰিত বসবাস কৰিবলৈ ললে।

                             পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে

                             হে আমাৰ সোণৰ ঘৰে বাৰী

                             হে উজনি পানীতে সাঁতুৰি পালোঁহি

                             বৰ লুইতৰ চাপৰি।

আকৌ,

                             পদ্দানদীৰ ধুমুহাত পৰি কত শতজন আহিলে

                             লুইতৰ দুয়োপাৰে কতনা  অতিথি আদৰিলে।

অসমীয়া মূল সূঁতিৰ পৰা সততে নিলগত অৱস্থান কৰা এই মানুহখিনিৰ প্ৰতি হদয়ৰ অন্তৰতম কোণত  মানৱদৰদী ভূপেন হাজৰিকাই আজীৱন এক সহমৰ্মিতা সাঁচি ৰাখিছিল। চৰ-চাপৰি অঞ্চলত বসবাস কৰা এই নতুন জনসমূহৰ লগত থলুৱা  জনগোষ্ঠীসমূহৰ সমন্বয়ৰ এক ইতিবাচক দৃষ্টিকোণ  ভূপেন হাজৰিকাৰ গীতত প্ৰতিফলিত হৈছে-

                             মনৰে বননিত সমনীয়া চেনেহৰ নিজৰা

                             পানীকে এটুপি পিওঁ

                             তোৰাসৱ ভেটিতে ঐ চেনাই তুমি ঘৰে বান্ধা

                             আমি টঙাল তোলায়ে দিওঁ

                                      ................

                             তুমিয়ে মইয়ে দেশখন গঢ়োতে

                             যদিহে কেঁচাঘাম সৰে

                             দুয়োৰে ঘামৰে মিলনে দেখিবা

                             বুৰঞ্জী ৰচনা কৰে।

এই সমন্বয় হল মানুহে মানুহৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গঢ়ি উঠা সমন্বয়। এই  জাতি-জনগোষ্ঠীৰ আত্মিক সমন্বয়ৰ ফলতে বৃহত্তৰ অসমীয়া জাতিসত্তাৰ বৰঘৰটো গঢ় লৈ উঠিছে। এই সমন্বয়েই অসমীয়া জাতিৰ প্ৰকৃত জাতীয় পৰিচয়। ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰেই-

                             কাৰ্বিআংলং বড়ো ৰাভা মিলিলে

                             অসমক জিনোতা নাই

                             সেই মহা মিলনৰ প্ৰতিজ্ঞা ভঙাৰ

                             শতৰুৰ কলিজা নাই।

                             মিলনৰ গীত গাই গাই।

উপসংহাৰঃ

ভূপেন হাজৰিকাৰ গীত সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত চিৰসেউজ ৰূপে স্বীকৃতি লাভ কৰাৰ মূললেই হল তেওঁৰ গীতৰ মাজত শ্ৰোতাই নিজে নিজকে কোনোবাখিনিত বিচাৰি পায়। মানৱতাবাদ আৰু সমন্বয়ৰ সুৰৰ অনুৰনন প্ৰতিধ্বনিত হোৱাৰ বাবেই ভূপেন হাজৰিকাৰ গীত জাতি-জনগোষ্ঠী, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ এক সাঁকো বুলি পৰিগণিত হৈ আহিছে। ভূপেন হাজৰিকাৰ গীতৰ এনেধৰণৰ বৈশিষ্টৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰি ভূপেন হাজৰিকাৰ গীত কেৱল মাত্ৰ শ্ৰোতাক মনোৰঞ্জনৰ যোগান ধৰা এক সাংগীতিক লয়লাসেই নহয় বৰঞ্চ তেওঁৰ গীতৰ অন্তৰালত নিহিত হৈ আছে ঐক্যবদ্ধতাৰে ভৰা এক সমন্বয়ৰ বাৰ্তা। এই বাৰ্তাই  অসমীয়া জাতিসত্ত্বাৰ মূল চালিকাশক্তি।

আপুনিও ভাল পাব পাৰে!