লেখিকাঃ মধুমিতা গোস্বামী বৰঠাকুৰ
নাৰী হ’ল সকলো সৃষ্টিশীল শক্তিৰ প্ৰতীক। নাৰী সুন্দৰতাৰ অন্য এটি নাম। নাৰীৰ অনেক ৰূপ, অনেক প্ৰকাশ-মাতৃ, ভগ্নী, পত্নী, সখী আৰু গৃহিণীৰূপেৰে নাৰী মহিমামণ্ডিতা। নাৰীৰ প্ৰাণত কামনা আছে বাবেই সমাজৰ মঙ্গল সাধনৰ বাবে অকুণ্ঠচিত্তে তেওঁলোকে বিবিধ ক্ষেত্ৰত সৃষ্টিসম্ভাৰ আগবঢ়াই আহিছে। বৈদিক যুগৰ মহিলাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কাললৈকে নাৰীয়ে বৌদ্ধিক প্ৰতিভাৰে নিজৰ উচ্চ আসন দখল কৰি আহিছে।
সংহিতা, ব্ৰাহ্মণ আৰু উপনিষদকে আদি কৰি বিশাল বৈদিক সাহিত্যত ভালেমান বিদুষী নাৰীৰ উল্লেখ পোৱা যায়। সেইসকলৰ ভিতৰত গাৰ্গী আছিল উচ্চশিক্ষিতা, বিদুষী আৰু যশস্বিনী নাৰী ঋষি; এওঁ বৈদিকযুগৰ বিদুষী নাৰীসকলৰ মাজত সৰ্বশ্ৰেষ্ঠা আছিল। ৰজা জনকৰ ৰাজসভাখন শিক্ষা আৰু ধৰ্মবিষয়ক আলোচনা, তৰ্ক-বিতৰ্কৰ কেন্দ্ৰস্থল আছিল। এই জনক ৰজাৰ ৰাজসভাত বিখ্যাত শাস্ত্ৰজ্ঞ ঋষি যাজ্ঞবল্ক্য আৰু অন্যান্য ঋষিসকলৰ ভিতৰত শাস্ত্ৰবিষয়ক তুমুল বিচাৰ বিতৰ্ক হৈছিল। যাজ্ঞবল্ক্যই যেতিয়া অন্যান্য ঋষিসকলক তৰ্কত, শাস্ত্ৰ বিচাৰত পৰাস্ত কৰিলে তেতিয়া গাৰ্গীয়ে তেওঁৰ লগত বিচাৰ কৰিবলৈ আগবাঢ়ি আহিল। বৃহদাৰণ্যক উপনিষদৰ ৩-৬ আৰু ৩-৪ খণ্ডত গাৰ্গী আৰু যাজ্ঞবল্ক্যৰ মাজত হোৱা শাস্ত্ৰবিষয়ক দুটা বিখ্যাত বিতৰ্কৰ উল্লেখ আছে। অন্যান্য সকলো ঋষিক তৰ্কযুদ্ধত পৰাস্ত কৰা যাজ্ঞবল্ক্যৰ নিচিনা প্ৰখ্যাত শাস্ত্ৰজ্ঞ, ব্ৰহ্মজ্ঞ, বিচাৰকুশলী তাৰ্কিকেও ব্ৰহ্মবাদিনী নাৰী ঋষি গাৰ্গীক তৰ্কত পৰাস্ত কৰিব নোৱাৰিলে।
বৈদিক যুগত অধ্যয়নৰতা ছাত্ৰীৰ বাহিৰেও শিক্ষয়িত্ৰী নাৰী আছিল। পাণিনিয়ে আমাক আচাৰ্য্যা আৰু উপাধ্যায়া, আচাৰ্য্যানী আৰু উপাধ্যায়ী এই কেইটা শব্দৰ সম্বন্ধে কৈ গৈছে। তেওঁ দুইযোৰা শব্দৰ পাৰ্থক্য ব্যাখ্যা কৰিছে। প্ৰথম দুটা শব্দই শিক্ষয়িত্ৰী নাৰীক আৰু পিছৰ দুটা শব্দই শিক্ষকৰ পত্নীক বুজায়। পাণিনিৰ এই সূত্ৰৰ ওপৰতে মন্তব্য কৰোঁতে পতঞ্জলিয়ে তেওঁৰ বিশ্ববিশ্ৰুত গ্ৰন্থ ‘মহাভাষ্য’ত আচাৰ্য্যা আৰু উপাধ্যায়া এই দুটা শব্দৰ উদাহৰণস্বৰূপে অতীত ভাৰতৰ কেইগৰাকীমান স্ত্ৰী শিক্ষয়িত্ৰীৰ নাম উল্লেখ কৰিছে। সেইসকলৰ ভিতৰত আপিশালী, ঔদমেধী আৰু কাশ্যকৃৎস্ন ব্ৰাহ্মণীৰ নাম উল্লেখনীয়।
বৃহদাৰণ্যকোপনিষদত উল্লেখ আছে যে সেইকালত পিতৃ-মাতৃয়ে কেৱল শিক্ষিত পুত্ৰ লাভৰ কামনাই কৰা নাছিল। তেওঁলোকে বিদুষী কন্যা সন্তানৰ জন্মও কামনা কৰিছিল। বৃহদাৰণ্যকোপনিষদ (৬-৪-১৭০) ত উল্লেখ থকা মতে কোনোৱে যদি দীৰ্ঘায়ু আৰু বিদুষী কন্যাৰ জন্ম কামনা কৰে তেন্তে তিলেৰে সৈতে চাউল সিজাই তাৰ লগত মাখন সানি তেওঁৰ পত্নীক খুৱাব লাগে। বৰ্ত্তমান সময়ত সচৰাচৰ শুনিবলৈ পোৱা কন্যাভ্ৰূণ হত্যা, পৰিয়ালৰ কন্যাসন্তানটিৰ প্ৰতি কৰা পক্ষপাত মূলক ব্যৱহাৰে আমাক চিন্তা কৰিবলৈ বাধ্য কৰায় সেইসময়ৰ নাৰীসকলক কিমান উচ্চ মানসিকাতৰ আছিল। শিক্ষাৰ যথোচিত ব্যৱহাৰেহে নাৰীসকলক এনে উচ্চ হৃদয়ৰ অধিকাৰিণী কৰিব পাৰে। বৰ্ত্তমানৰ আধুনিক মাতৃসকলে এই কথা হৃদয়ঙ্গম কৰিবলৈ যত্নপৰ হোৱা উচিত। গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈও তেওঁলোকক বিবাহৰ পূৰ্বে উপযুক্তভাৱে শিক্ষিতা কৰি তোলাৰ উদাহৰণো বৈদিক সাহিত্যই দি থৈ গৈছে। গাৰ্হস্থ্য জীৱনত সোমাবলৈ নিজকে উপযুক্তা কৰি গঢ়িবলৈ ব্ৰহ্মচৰ্য্য বা সংযমী জীৱন যাপন কৰা ছোৱালীৰ নাম অথৰ্ববেদত উল্লেখ আছে।
নাৰীৰ পাণ্ডিত্য আৰু তেওঁলোকৰ ব্ৰহ্মচৰ্য্যজীৱন অতীজৰে পৰা চলি আহিছে। ব্ৰহ্মবাদিনীৰ আদৰ্শ বৈদিক যুগৰ পিছতো দেখিবলৈ পোৱা যায়। ৰামায়ণত ৰামচন্দ্ৰৰ লগত সাক্ষাৎ হোৱা শবৰীৰ নিচিনা তাপসীক উচ্চ শিক্ষিতা সিদ্ধা বুলি কোৱা হৈছে। (জটিলা সিদ্ধা তাপসী)। মহাভাৰতত উল্লেখিত দ্ৰৌপদীৰ ৰাজনৈতিক আৰু আধ্যাত্মিক আলোচনাবোৰ, সংস্কৃত নাটকবোৰত থকা ভালেমান পৰিব্ৰাজিকা বা তপস্বিনীৰ চৰিত্ৰই বৈদিক যুগৰ পিছতো সেই সময়ৰ নাৰীৰ উচ্চশিক্ষাৰ স্বাক্ষৰ বহন কৰে।
বৈদিক যুগৰ পিছত সমাজত নাৰীৰ স্থান আৰু নাৰীৰ শিক্ষা ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰে। বৈদিক যুগৰ পিছত যি বিলাক সামাজিক বা ৰাজনৈতিক কাৰণে সমাজত নাৰীৰ স্থান ইমান তললৈ নমাই আনিলে সেই কাৰণবিলাক আজিও সাঁথৰ হৈয়েই আছে।
বৈদিক যুগৰ পিছত বিশেষকৈ ধৰ্মশাস্ত্ৰ আৰু মনুসংহিতাৰ দিনত মনুসংহিতাৰ নৱম অধ্যায়ত থকা এটা শ্লোকৰ এফাঁকি উক্তিৰ বিকৃত অৰ্থ কৰি মনুৱে নাৰীজাতিক অৱমাননা কৰিছে বুলি প্ৰায়েই কোৱা দেখা যায়। সেই শ্লোকটোৰ ১ শেষৰ পাদত থকা ‘ন স্ত্ৰীনাম স্বাতন্ত্ৰ্যমৰ্হতি’ কথাষাৰ ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় ইয়াত থকা ‘স্বাতন্ত্ৰ্য’ শব্দটোৰ অৰ্থ স্বাধীনতা বুলি ধৰি লোৱা সকলেহে কথাষাৰৰ অৰ্থ ভুলকৈ বুজে। শ্লোকটোৰ প্ৰকৃত অৰ্থ হ’ল - ‘শিশু অৱস্থাত পিতাকে, যুৱাবস্থাত পতিয়ে আৰু বৃদ্ধাৱস্থাত পুত্ৰই নাৰীক ‘ৰক্ষা’ কৰিব। ৰক্ষা কৰাৰ অৰ্থ স্বাধীনতা হৰণ নহয়। গতিকে শ্লোকাংশৰ প্ৰকৃতাৰ্থ হ’ল নাৰীক সকলো সময়তে সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব লাগিব। বৰ্ত্তমান সময়ত উচ্চ শিক্ষাৰে শিক্ষিত হৈ যি সকল নাৰীয়ে বা যুৱতীয়ে জ্যেষ্ঠজনৰ উপদেশ আওকাণ কৰি নিজকে ‘স্বাধীন’ বুলি বিবেচনা কৰি নানা ধৰণৰ বিপদৰ সন্মুখীন হৈছে সেই সকল নাৰীয়ে মনুৰ এই শ্লোকফাঁকিৰ যথাযথভাৱে আত্মবিশ্লেষণ কৰাৰ সময় আহি পৰিছে। একোখন সমাজত মহিলাসকলৰ চাৰিত্ৰিক কেলেঙ্কাৰী পুৰুষতকৈ অধিক বিপদজনক। সেইয়া কেৱলমাত্ৰ তেওঁলোকৰ শাৰীৰিক গঠনৰ কাৰণেহে। গতিকে তেওঁলোকক কোনোবাই ‘ৰক্ষা’ কৰি চলাটোৱে তেওঁলোকৰ আধুনিক অৰ্থৰ স্বাধীনতা খৰ্ব কৰা নুবুজায়। পিছৰ শ্লোকটিত মনুৱে কৈছে “উপযুক্ত সময়ত কন্যাক বিবাহ নিদিলে পিতাক গৰিহণাৰ পাত্ৰ, বিয়া কৰাই স্ত্ৰীক পত্নীৰ মৰ্য্যাদা নিদিলে পতি গৰিহণাৰ পাত্ৰ, স্বামীৰ মৃত্যু হ’লে পুত্ৰই মাতৃক ৰক্ষণাবেক্ষণ নিদিলে সেই পুত্ৰ গৰিহণাৰ পাত্ৰ।” গতিকে যি সকলে ভাৱে যে মনুৱে পুৰুষৰ সমানে নাৰীৰ মৰ্য্যাদা দিয়া নাই সেই সকলে এই শ্লোকটিলৈ লক্ষ্য কৰিলে দেখিব ইয়াত কেৱল পুৰুষকহে গৰিহণাৰ পাত্ৰ কৰা হৈছে। এক কথাত ক’বলৈ গ’লে এই শ্লোকটিয়ে পদে পদে পুৰুষজনৰ দায়িত্ববোধৰ কথা সোঁৱৰাই দিছে। বৰ্ত্তমান সময়ত সঘনাই হোৱা পত্নী নিগ্ৰহ, বিবাহ বিচ্ছেদ, বৃদ্ধ পিতৃ-মাতৃক কৰা দুৰ্ব্যৱহাৰ আদি ঘটনালৈ লক্ষ্য কৰিলে মনুৱে কৈ যোৱা এই শ্লোকফাঁকিৰ বৰ্ত্তমান প্ৰাসংগিকতা কিমান বেছি প্ৰত্যেকেই নিশ্চয় উপলব্ধি কৰিবলৈ সক্ষম হ’ব।
কালিদাসৰ সময়তো স্ত্ৰীশিক্ষাৰ ধাৰা যে প্ৰৱাহিত হৈ আছিল তাক তেওঁৰে সাহিত্য পাঠ কৰিলে স্পষ্টভাৱে বুজিব পাৰি। প্ৰাচীন ভাৰতত গুৰু শিষ্য পৰম্পৰা হিচাবে শিক্ষাৰ স্ৰোত মুখে মুখে চলি আছিল। স্ত্ৰীসকলে আশ্ৰমত ঋষি মুনিসকলৰ পৰা মুখে মুখে শুনিয়েই শিক্ষা লাভ কৰিছিল। ‘অভিজ্ঞান শকুন্তলম’ত আমি দেখিবলৈ পাওঁ অদিতিৰ অনুৰোধক্ৰমে ভগৱান মাৰীচে মুনি পত্নীসকলক পতিব্ৰতাধৰ্মৰ শিক্ষা দিছিল।
দাক্ষায়না পতিব্ৰতাধৰ্মমধিকৃত্য পৃষ্টস্তস্যৈ মহৰ্ষি পত্নী সহিতায়ৈ কথয়তি। ২
এইখিনিতে আমি এটা কথা উনুকিয়াই থ’ব খুজিছোঁ। যে ইয়াত ‘ধৰ্ম’ শব্দই কোনো ধৰণৰ পূজা সেৱা বা যাগ যজ্ঞাদিক বুজোৱা নাই। ‘ধৰ্ম’ শব্দই এক ব্যাপক অৰ্থ বহন কৰিছে আৰু সেইটো হ’ল নৈতিকতা। সেইসময়ত নাৰীসকলক ‘পতিব্ৰতাধৰ্মৰ’ শিক্ষা এইকাৰণেই দিয়া হৈছিল যাতে তেওঁলোকে তেওঁলোকতকৈ বয়সত যথেষ্ট ডাঙৰ স্বামীসকলক অন্তৰেৰে সৈতে শ্ৰদ্ধা কৰিবলৈ শিকে। কিয়নো আন্তৰিক শ্ৰদ্ধা অবিহনে তেওঁলোকৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱ ঘাটিব আৰু তাৰ কু-প্ৰভাৱ তেওঁলোকৰ সংসাৰত, অৰ্থাৎ তেওঁলোকৰ সতি সন্ততিৰ ওপৰত বেয়াকৈ পৰিব। ইয়াৰোপৰি যিহেতু সেই সময়ত নাৰীসকলৰ যথেষ্ট কম বয়সতে বিবাহ কাৰ্য্য সম্পন্ন হৈছিল গতিকে গাৰ্হস্থ্য ধৰ্মৰ বাবেও অৰ্থাৎ সুকলমে ঘৰ সংসাৰ চলাবৰ বাবেও তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰি তোলা হৈছিল।
মহৰ্ষি কণ্বৰ আশ্ৰমৰ অনুসূয়া আৰু প্ৰিয়ম্বদা যে শিক্ষিত আছিল আৰু পুৰাণ ইতিহাস আদি যে তেওঁলোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল তাক তেওঁলোকৰ কথাৰ পৰাই বুজিব পাৰি। দুষ্ম¸্যন্তৰ প্ৰতি শকুন্তলাৰ অন্তৰত উদয় হোৱা প্ৰেমভাৱৰ কথা যেতিয়া তেওঁ অনসূয়া আৰু প্ৰিয়ম্বদাৰ আগত ব্যক্তকৰিবলৈ টান পাইছিল, তেতিয়া অনসূয়াই কৈছিল, ‘হেৰা শকুন্তলা, প্ৰেম বিষয়ে আমাৰ নিজস্ব অভিজ্ঞতা নাই সঁচা; কিন্তু ইতিহাস, পুৰাণ, লৌকিক কাহিনী প্ৰভৃতিত প্ৰেমিকসকলৰ যেনেকুৱা অৱস্থা হোৱাৰ কথা শুনিছোঁ, তোমাৰ অৱস্থাত তেনেকুৱাই দেখা গৈছে।’
এই ঘটনাৰপৰা স্পষ্টভাৱে এটা কথা প্ৰতীয়মান হয় যে সেইসময়ৰ নাৰীসকলে যিখিনি শিক্ষা লৈছিল তাক ব্যৱহাৰিক জীৱনত উপযুক্তভাৱে বিশ্লেষণ কৰি প্ৰয়োগ কৰিবও জানিছিল।
শকুন্তলাৰ সখীয়েক সকলৰ লগত হোৱা কথা বতৰাৰ পৰা বুজিব পাৰি সেই সময়ৰ তিৰোতাসকল লিখাতো অভ্যস্ত আছিল। তেওঁলোক ছন্দোৱদ্ধ কবিতা ৰচনাতো পাকৈত আছিল। প্ৰিয়ম্বদাই শকুন্তলাক দুষ্ম¸্যন্তলৈ প্ৰেমপত্ৰ লিখাৰ উপদেশ দি কৈছিল, “সখী তোমাৰ নিজৰ বিষয়ে কিবা এটা ছন্দোৱদ্ধ মধুৰ গীতকেই লিখিবলৈ প্ৰয়াস কৰাচোন।”
প্ৰিয়ম্বদা -তেন হ্যাত্মন উপন্যাসপূৰ্বং চিন্তয় তাবৎ কিমপি ললিতপদবন্ধনম। ৩
তেতিয়া শকুন্তলাই সখীৰ নিৰ্দেশ মতে পদুমৰ পাতত নখেৰে শ্লোক লিখি সেয়া সখীয়েকৰ অনুমোদনৰ কাৰণে পঢ়ি শুনালে আৰু কথাখিনি ঠিক হৈছেনে নাই সুধিলে। শকুন্তলাৰ এই কাৰ্য্যই প্ৰমাণ কৰে যে সেই সসময়ৰ নাৰী সকল লিখা পঢ়া সকলোতে পাৰ্গত আছিল আৰু সময় সাপেক্ষে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ তেওঁলোকে কাব্য আদি চৰ্চাও কৰিছিল।
কালিদাসৰ সাহিত্য অধ্যয়ন কৰিলে এটা কথা স্পষ্টভাৱে বুজিব পাৰি যে সেই সময়ৰ নাৰীসকল কেৱল লিখা পঢ়াতে নহয়, সংগীত নৃত্য আদিৰ চৰ্চাতো পাকৈত আছিল। শকুন্তলা নাটকৰ পঞ্চম অংকত বিদুষকে ৰজা দুষ্ম¸্যন্তক কৈছে, “বন্ধু সংগীতশালাৰ ভিতৰৰ পিনে কাণ দিয়াচোন। মধুৰ সংগীতৰ ধ্বনি ভাঁহি আহিছে। নিশ্চয় ৰাণী হংসগাদিকাই সংগীত অভ্যাস কৰিছে।”
বিদুষকঃ ভো বয়স্য, সংগীত শালান্তৰেহ্ৱধানং দেহি। কলবিশুদ্ধায়া গীতে ঃ স্বৰসংযোগঃ শ্ৰূয়¸তে। জানে তত্ৰভৱতী হংসপাদিকা বৰ্ণপৰিচয়ং কৰোতীতি।” ৪
সেইদৰে কালিদাসবিৰচিত ‘মালৱিকাগ্নিমিত্ৰ’ নাটকত নায়িকা মালৱিকাৰ নৃত্যত দৰ্শকবৃন্দ মুগ্ধ। মালৱিকাই ৰাজকীয় পৰিবেশত সুনিপুণ শিক্ষাৰ সহায়ত সংগীত বিদ্যাত বিশেষ পাৰদৰ্শিতা লাভ কৰিছিল। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি সেই সময়ৰ নাৰীসকলে কেৱল ঘৰ সংসাৰ চম্ভালাতে আত্মনিয়োগ কৰা নাছিল, তেওঁলোকৰ মাজত থকা সুপ্ত প্ৰতিভা সমূহৰ বিকাশৰো সুযোগ লাভ কৰিছিল আৰু নৃত্য গীত আদিৰ চৰ্চাৰে মানসিক পুষ্টি¸ যোগাইছিল আৰু মানসিক শান্তি লাভ কৰিছিল। তেওঁলোকৰ আজৰি সময়বোৰ এনেদৰে নানাধৰণৰ সৃজনীমূলক কৰ্মৰে পাৰ কৰাৰ উদাহৰণ বৰ্ত্তমান সময়ৰ শিক্ষিতা নাৰীসকলৰ কাৰণেও গ্ৰহণযোগ্য।
সেই একেখন নাটকতে আমি পাওঁ কৌশিকী এগৰাকী বিদুষী নাৰী আছিল। তেওঁক পণ্ডিত কৌশিকী বুলি অভিহিত কৰা হৈছিল। ‘পণ্ডিত কৌশিকী খলু ভগৱতী’। (৫) আচাৰ্য্যসকলৰ মাজত কোনো মতভেদ হ’লে তাৰ বিচাৰৰ ভাৰ পৰিছিল কৌশিকীৰ হাতত। কালিদাস বিৰচিত ‘ৰঘুবংশ’ মহাকাব্যতো আমি দেখিবলৈ পাওঁ মহাৰাজ অগ্নিবৰ্ণই নিৰ্জনত ৰমণীসকলক আহিক, বাচিক আৰু সাত্ত্বিক এই ত্ৰিবিধ নৃত্যাভিনয় শিকাইছিল আৰু তাৰ প্ৰদৰ্শন কৰি সহচৰসকলৰ সন্মুখত অভিনয়নিপুণ নাট্যাচাৰ্য্যসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। (৬) কালিদাসৰ সময়ত প্ৰায়বোৰ তিৰোতাৰে বিবাহ হৈছিল আৰু যিবিলাকৰ বিবাহ হোৱা নাছিল তেওঁলোকে শিক্ষাকে আজীৱন ব্ৰত হিচাবে আচৰণ কৰিছিল।
বৈদিক যুগৰ বা তাৰ পিছৰ যুগৰ নাৰীসকলৰ তুলনাত কুৰি শতিকাৰ বা একবিংশ শতিকাৰ নাৰী অধিক শিক্ষিতা, আত্মনিৰ্ভৰশীলা আৰু স্বকীয় প্ৰতিভাৰে মহিমামণ্ডিতা। বৰ্ত্তমান দেশ আৰু জাতিৰ সৰ্বতোপ্ৰকাৰ মঙ্গল সাধনৰ বাবে, সকলো সমস্যা দূৰীকৰণৰ বাবে নাৰীশক্তি আগবাঢ়ি আহিছে। ইয়াতকৈ আৰু সুখৰ কথা একোৱেই নাই। বৰ্ত্তমান পৰিৱৰ্ত্তিত ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক জীৱন যাত্ৰাত বহুতো নাৰীয়ে নিজৰ নিজৰ অৱদান আগবঢ়াই নাৰী জাতিক ধন্য কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পৰা আৰম্ভ কৰি কলা শিল্পলৈকে সমাজৰ বিভিন্ন দিশত আজিৰ নাৰীয়ে পুৰুষৰ সমানে খোজত খোজ মিলাবলৈ সক্ষম হৈছে। জীৱিকাৰ ক্ষেত্ৰখনত নাৰীৰ কাৰণে সংৰক্ষিত আসনৰ ব্যৱস্থা কৰা হৈছে। কন্যাসন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হৈছে। কিন্ত সমাজৰ এই পৰিবৰ্ত্তিত অৱস্থাটোৰ পিছতো নাৰীৰ প্ৰতি অন্যায় অবিচাৰ যেন দিনে দিনে বাঢ়িছেহে। এইটো অত্যন্ত চিন্তনীয় বিষয়, ভাৰতবৰ্ষত প্ৰতিদিনে ধৰ্ষণ, কন্যা ভ্ৰূণ হত্যা, পত্নী হত্যা, পত্নী নিগ্ৰহ, দাইনী সন্দেহত হত্যা আদি বিভিন্ন ধৰণেৰে নাৰী নিৰ্যাতিতা হৈ আহিছে। এই অৱস্থাৰ অন্ত পেলাবলৈ নাৰী সকলেই আগবাঢ়ি আহিব লাগিব। অতীতৰ তুলনাত আজিৰ নাৰী অধিক শিক্ষিতা হ’লেও অতীতৰ সেই নাৰীৰ মহিমাময়ী ৰূপ যেন আজিৰ নাৰীৰ মাজৰ পৰা হেৰাই গৈছে। নাৰীৰ সেই মমতাময়ী, লাৱণ্যময়ী, সহনশীলা ৰূপ আজিৰ নাৰীৰ মাজত দেখিবলৈ পোৱা নাযায়। স্বামী বিবেকানন্দৰ কবিতাত আমি সততেই পঢ়িবলৈ পোৱা ‘ত্ৰিভূবন যে মায়েৰ মুৰ্তি’- সেই মাতৃৰূপ যেন আজি ক’ৰবাত হেৰাই গৈছে। কেৰিয়াৰ সৰ্বস্ব আজিৰ নাৰীয়ে নিজৰ কেৰিয়াৰৰ পিচত দৌৰোতে নিজৰ ঘৰখনলৈ পিঠি দিবলৈ লৈছে। তাৰ কু-প্ৰভাৱ পৰিছে তেওঁলোকৰ সতি সন্ততিৰ ওপৰত। ঘৰুৱা ভৃত্যৰ লগতে দিনটো অতিবাহিত কৰিবলগীয়া হোৱা ল’ৰা-ছোৱালীহঁতে মাকৰ মৰমৰ উম বিচাৰি নাপাই অন্তৰেৰে সৈতে হাঁহাকাৰ কৰিবলগীয়া হয়। তাৰ অভাৱতে তেওঁলোকে আশ্ৰয় লয় বৈদ্যুতিক মাধ্যমৰ নানা ধৰণৰ মনোৰঞ্জনৰ সামগ্ৰীৰ। এনেদৰেই আজিৰ প্ৰজন্মৰ মাজৰ পৰা হেৰাই গৈছে সম্পৰ্কৰ বান্ধোন। পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, ওচৰচুবুৰীয়াৰ প্ৰতি সমমৰ্মিতা আজিৰ প্ৰজন্মই বুজি নাপায়।
এইখিনিতে প্ৰশ্ন হয় শিক্ষা কেৱল কেৰিয়াৰ উন্নীতকৰণ কাৰণেই জানো? প্ৰতি গৰাকী মাতৃয়ে যদি কেৱল আৰ্থিক দিশত পৰিয়ালটোৰ স্বচ্ছলতাৰ কথাহে চিন্তা কৰে তেতিয়াহ’লে সেইগৰাকী শিক্ষিতা মাতৃৰ শিক্ষা যেন ক’ৰবাত আধৰুৱা হৈ ৰ’ব এনে ভাৱ হয়। কিয়নো মাতৃগৰাকীয়ে ঘৰখন কেনেদৰে সুকলমে পৰিচালনা কৰিব সেইয়া এজন পুৰুষে যত্ন কৰিলেও সাৰ্থক ৰূপত কৰিব নোৱাৰে। এয়াই প্ৰকৃতিৰ নিয়ম। গতিকে প্ৰতি গৰাকী নাৰীয়ে তেওঁলোকৰ শিক্ষাৰে সমাজলৈ অৰিহণা যোগোৱাৰ লগতে ভাৰসাম্য ৰক্ষা কৰি নিজৰ পৰিয়ালটোক সময় দিব লাগিব। এনেদৰে প্ৰতিটো পৰিয়ালৰ পৰাই আমি বৰ্ত্তমান সময়ত একোখন সুন্দৰ, নিৰ্মল বায়ু প্ৰৱাহিত সমাজৰ কল্পনা কৰিব পাৰিম। মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আদি মহান মনীষীসকলেও সেয়েহে নাৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছিল। স্বাধীনতাৰ পূৰ্বেই মহাত্মা গান্ধীয়ে নাৰীসকলক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ মানসেৰে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। গান্ধীজীয়ে ভাবিছিল যে অৰ্থনৈতিক স্বাধীনতা থাকিলেহে নাৰীয়ে সুস্থ চিন্তাৰে নিজে একোটা সুস্থ সিদ্ধান্তত উপনীত হ’ব পাৰিব।
সকলো কামৰ একো একোটা গঠনাত্মক দিশ আছে। জীৱন নিৰ্বাহৰ বাবে ধন ঘটিবলৈ যেনেকৈ যোগ্যতাৰ প্ৰয়োজন, তেনেকৈ প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া ইত্যাদি কৰিবলৈও দক্ষতাৰ দৰকাৰ। ঘৰখন নিয়াৰিকৈ চলাবলৈ, নিজৰ সন্তানক যিমানখিনি পৰা যায় পঢ়া শুনাত সহায় কৰি দিবলৈ লগতে এজন সু-সন্তান হিচাবে গঢ় দিবলৈ প্ৰয়োজনীয় শিক্ষাখিনি দিবলৈও নাৰী গৰাকী শিক্ষিতা হোৱাটো বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
স্বামী বিবেকানন্দই অন্তৰেৰে সৈতে বিশ্বাস কৰিছিল যে আমাৰ জাতিৰ অভ্যুত্থান তেতিয়াহে হ’ব যেতিয়া নাৰীসকল শিক্ষিতা হ’ব। নিজৰ উপদেশসমূহত তেওঁ এই কথাকে কৈছে যে প্ৰথমতে স্ত্ৰী জাতিক সু-শিক্ষিতা কৰি তুলিব লাগে। তাৰ পিচত তেওঁ নিজেই নিজৰ সমস্যা সমাধান কৰিবলৈ সমৰ্থ হ’ব। নাৰীক আদৰ্শ গৃহিণীৰূপে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতেই স্বামীজীয়ে তেওঁলোকক সময়ৰ আহ্বান অনুসৰি শিক্ষা দিয়াৰ কথা চিন্তা কৰিছিল। মাত্ৰ বৌদ্ধিক বিকাশৰ দ্বাৰা মানৱৰ কল্যাণ হ’ব নোৱাৰে। মানৱৰ পৰম কল্যাণৰ বাবে আধ্যাত্মিকতাৰো যে যথেষ্ট প্ৰয়োজন আছে সেই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু ভাৰতীয় নাৰীৰ মাজত বিৰাজমান স্বভাৱজাত আধ্যাত্মিক মানসিকতাই তেওঁক আকৃষ্ট কৰিছিল।
মাতৃত্ব হ’ল ভাৰতীয় নাৰীৰ আদৰ্শ আৰু মাতৃ হৈছে ত্যাগ আৰু প্ৰেমৰ প্ৰতিমূৰ্ত্তি। গতিকে বৰ্ত্তমান সময়ত প্ৰতি গৰাকী নাৰীয়ে এই পৱিত্ৰ বন্ধন ‘মাতৃত্ব’ৰ আদৰ্শ আগত ৰাখি তেওঁলোকৰ শিক্ষাৰ যথোপযুক্ত ভাৱে ব্যৱহাৰ কৰিলে আমি নিশ্চয় স্বামী বিবেকানন্দই কল্পনা কৰা এখন সুন্দৰ ত্ৰিভুবন লাভ কৰিব পাৰিম।
পাদটীকাঃ
১। মনুসংহিতা ৯/৩
২। অভিজ্ঞান শকুন্তলম্ ৭ম অংক
৩। ঐ ৩য় অংক
৪। ঐ ৩য় অংক
৫। ঐ ৫ম অংক
৬। ৰঘুবংশ ১৯/þ৩৬
প্ৰসংগ পুথি
১। মনুসংহিতা - কিৰণ শৰ্মা, অসম বেদ বিদ্যালয়, গুৱাহাটী, ১৯৯৮
২। বেদৰ পৰিচয় - ড০ যোগীৰাজ বসু, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৭২
৩। কালিদাসৰ প্ৰতিভা - যোগেশ্বৰ শৰ্মা, লয়াৰ্ছ বুকষ্টল, গুৱাহাটী, ১৯৯১
