লেখক ঃ লক্ষ্যজ্যোতি হাজৰিকা
“শৰীৰম আদ্য খলু ধৰ্ম সাধনম্” অৰ্থাৎ জীৱনত যিকোনো কামত সফলতা অৰ্জন কৰিবলৈ এটি সুস্থ, সবল, নিৰোগী স্বাস্থ্যৰ প্ৰয়োজন। হাওঁফাওঁ আৰু হজম শক্তিৰ আধাৰ উদৰক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰিলেই এটি সৰ্বাঙ্গ সুন্দৰ শৰীৰ লাভ কৰা সম্ভৱ, কিয়নো প্ৰায়বোৰ বেমাৰৰ বীজাণু এই দুই অঙ্গৰেই আমাৰ শৰীৰত প্ৰৱেশ কৰে৷ আমাৰ শৰীৰৰ অংগ সমূহক বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখি এটি সুস্থ সবল শৰীৰ লাভ কৰিবলৈ যোগ অভ্যাস আৰু প্ৰাণায়ম নিয়মিত কৰাতো নিত্যান্তই প্ৰয়োজন।
বৰ্তমান সময়ত সময় কাৰোৰে হাতত নাই প্ৰত্যেকৰে ভীষণ ব্যস্ততা। সময়ৰ অভাৱত আমি সকলো সম্পৰ্কৰ পৰা আঁতৰি আহিছো। আপোনজনক পাহৰি গৈছো, আমি পাহৰি গৈছো নিজক৷ প্ৰত্যেকেই নানা শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিবলৈ লৈছো। এই নানান অশান্তিৰ পৰা আমাৰ মন প্ৰাণক কিছু আৰামৰ প্ৰয়োজন আৰু এই আৰাম আমি লাভ কৰিব পাৰো কেৱল যোগৰ জড়িয়তে৷ যোগ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰ উৎকৰ্ষ সাধন কৰিব পাৰি।
যোগ শিক্ষাৰ আন আন ভাগবোৰৰ ভিতৰত এটা উল্লেখযোগ্য ভাগ হৈছে প্ৰাণায়ম৷ প্ৰাণায়মৰ [প্ৰাণ + আয়ম] অৰ্থ হ’ল আমাৰ প্ৰাণটোক আৰাম দিয়া৷ প্ৰাণায়ম মূলতঃ আঠ প্ৰকাৰে কৰা যায়৷ এই আঠ প্ৰাণায়মৰ ভিতৰত কপালভাতি আৰু অনোলোম বিলোম প্ৰাণায়মক শ্ৰেষ্ঠ আখ্যা দিব পাৰি৷ তলত এই আঠ প্ৰাণায়মৰ কৰাৰ নিয়ম,ইয়াৰ পৰা হোৱা লাভালাভ সমূহৰ বিষয়ে আলোচনা কৰা হ’লঃ
১) ভস্তিকা প্ৰাণায়মঃ আঠ প্ৰাণায়মৰ ভিতৰত প্ৰথমটো হ’ল ভস্তিকা৷এই প্ৰাণায়মৰ কৰাৰ নিয়ম হ’ল, নিজৰ সুবিধা হোৱাকৈ যিকোনো এখন আসনত বহি লৈ হাওঁফাওঁ পূৰ্ণ হোৱাকৈ দীঘল দীঘলকৈ উশাহ লৈ আকৌ এৰি দিব লাগে৷ এনেদৰে কৰাৰ ফলত আমাৰ হাওঁফাওঁ সবল হয় আৰু হাওঁফাওঁ যিমানেই সবল হয় শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সিমানেই বৃদ্ধি পায়৷ এই প্ৰাণায়ম কৰিলে পানীলগা, শ্বাসৰোগ, হাপানি, চাইনাছ, থাইৰয়ড, তনচিল, হৃদৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ই আমাৰ কুণ্ডলনী শক্তি জাগ্ৰত কৰাত বিশেষ ভাবে সহায় কৰে৷
২) কপালভাটি প্ৰাণায়মঃ কপালভাটিৰ অৰ্থ হ’ল কপাল মানে মস্তিষ্ক আৰু ভাটি মানে সুদিপ্ত কৰি তোলা৷ অৰ্থাৎ যি প্ৰাণায়ম কৰিলে আমাৰ মস্তিষ্ক তেজস্বী হয় তাকে কপালভাটি বোলে৷ কপালভাটি প্ৰাণায়ম হ’ল মূলাধাৰ চক্ৰ জাগ্ৰত কৰাৰ একমাত্ৰ উপায়৷
এই প্ৰাণায়ম কৰিবলৈ হ’লে কোনো এখন আসনত বহি লৈ জোৰ কৰি উশাহ বাহিৰলৈ উলিয়াই দিব লাগে৷ ইয়াত উশাহ লোৱাত গুৰুত্ব দিব নালাগে৷ উচ্ছ ৰক্তচাপ, হৃদৰোগ থকা সকলে এই প্ৰাণায়ম কৰাৰ সময়ত সাৱধান হোৱা দৰকাৰ৷ মাইকী মানুহৰ মাহেকীয়া অৱস্থা আৰু যিকোনো অপাৰেচনৰ ছয় মাহৰ পিছতহে কপালভাটি কৰিব লাগে৷ এই প্ৰাণায়ম কৰাৰ ফলত দেহৰ সকলো প্ৰকাৰৰ অসুবিধাৰ পৰা মুক্তি লাভ কৰিব পাৰি কাৰণে ইয়াক কলি যুগৰ অমৃত আখ্যা দিয়া হয়৷ এই প্ৰাণায়মৰ ফলত মগজুৰ বিকাশ হোৱা লগতে, মুখমণ্ডলৰ সৌন্দৰ্য, কফজনিত ৰোগ, চাইনাছ, বহুমূত্ৰ, গেছ, অম্লপিত্ত, অতিৰিক্ত মেদবহুলতা, কোষ্ঠ কাঠিন্যৰ পৰা হাত সাৰিব পাৰি৷ ইয়াৰ বাহিৰেও মনৰ স্থিৰতা, প্ৰফুল্লতা বৃদ্ধি আৰু ঋণাত্মক চিন্তাৰ পৰা হাত সাৰিবলৈ এই প্ৰাণায়ম অত্যন্ত উপযোগী৷
৩) বাহ্য প্ৰাণায়মঃ এই প্ৰাণায়মত তিনিটা দ্বাৰ বন্ধ কৰা হয়। গ্ৰিবা, উদৰ আৰু মূল অৰ্থাৎ উশাহ সম্পূৰ্ণ ৰূপে বাহিৰলৈ উলিয়াই দি থুতৰিৰে ডিঙিটো হেচি ধৰি বন্ধ কৰা হয় তাৰ লগতে পেট আৰু শৌচ দ্বাৰ৷ তিনি ঠাইত বন্ধ কৰা হয় বাবে ইয়াক ত্ৰিবন্ধ যুক্ত বাহ্য প্ৰাণায়ম বুলিও কোৱা হয়৷
এই প্ৰাণায়ম কৰাৰ পৰা হৃদয়দোষ, উচ্ছ ৰক্তচাপ থকা সকলে সাৱধান হোৱাৰ উপৰিও যিকোনো অপাৰেচন কৰা ছয় মাহলৈ আৰু মহিলাই মাহেকীয়াৰ সময়ত কৰাৰ পৰা বিৰত থাকিব লাগে৷ এই প্ৰাণায়ম পাইল্চ ৰোগীৰ কাৰণে অতি উত্তম৷
৪) উজ্জায়ী প্ৰাণায়মঃ বাহ্য প্ৰাণায়মৰ সমপৰ্যায়ৰ এই উজ্জায়ী প্ৰাণায়ম। বাহ্য প্ৰাণায়মত উশাহটো বাহিৰত উলিয়াই ডিঙি, পেট বন্ধ কৰা হয় কিন্তু এই প্ৰাণায়মত ডিঙিৰে শব্দ কৰি উশাহ লৈ ভিতৰত ৰাখি ডিঙি বন্ধ কৰি দি যিমান সময় পাৰি থাকি উশাহ এৰিবৰ সময়ত সোঁ নাক বন্ধ কৰি বাঁও নাকেৰে উলিয়াই দিব লাগে৷ এনেদৰে যিমান পাৰি কৰি থাকিব লাগে৷
এই প্ৰাণায়মে দেহৰ বহুতো উপকাৰ সাধন কৰা দেখা যায়৷ এই প্ৰাণায়মৰ কৰাৰ ফলত থাইৰয়ড, তনচিল, ফেংকাইটিজ, কথা লাগি ধৰা আদি শাৰিৰীক সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
৫) অনুলোম-বিলোমঃ আমাৰ শৰীৰৰ হাওঁফাওঁ হ’ল এনেকোৱা এটা অংগ যাৰ জৰিয়তে মানৱ শৰীৰত বেছিভাগ ৰোগৰ প্ৰৱেশ ঘটে৷ এই অংগটোক সবল কৰিবলৈ অনুলোম বিলোম হৈছে এটা অন্যতম মূখ্য প্ৰাণায়ম৷ এই প্ৰাণায়মে হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি কৰে৷ অনুলোম-বিলোমক নাড়ি শোধন ক্ৰিয়া বুলিও কোৱা হয়৷ মানৱ দেহৰ সমস্ত শিৰা-উপশিৰা ইয়াৰ জৰিয়তে শোধন কৰি সুস্থ শৰীৰ লাভ কৰিব পাৰি৷ এই প্ৰাণায়ম কৰিবলৈ প্ৰথমে যিকোনো এখন আসনত বহি লৈ সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে উশাহ লৈ উশাহ লোৱা নাকটোও বন্ধ কৰি কিছু সময় থাকিব লাগে৷ পিছত উশাহ লোৱা নাকটোৰ বিপৰীত নাকটোৰে উশাহ উলিয়াই দি পুনৰ সেই নাকেৰে উশাহ লব লাগে৷ এনেদৰে এই প্ৰক্ৰিয়া চলায় যাব লাগে৷
৬) ভ্ৰামৰি প্ৰাণায়মঃ মন আৰু মগজুক সন্তুলিত কৰি ৰাখিবলৈ ভ্ৰামৰি হৈছে এক উত্তম প্ৰাণায়ম৷ মন আৰু মগজু সন্তুলিত কৰিব পাৰিলেই জীৱনটোক এক সঠিক পথত লৈ যাব পাৰি৷ এই প্ৰাণায়মৰ বাবে যিকোনো এখন আসনত বহি চকু বন্ধ কৰি দুয়ো হাতৰ তৰ্জমা আঙুলি চেলাউৰিৰ ওপৰত ৰাখি, মধ্যমা, অনামিকা আৰু কনিষ্ঠা আঙুলি এক লগ কৰি চকুৰ ওপৰত ৰাখিব লাগে৷ দুয়ো হাতৰ বুঢ়া আঙুলিৰে দুয়ো কাণৰ বাঢ়ি অহা অংশক এনেদৰে হেচি ধৰিব লাগে যাতে বাহিৰৰ একো শব্দ শুনা নাযায়৷ তাৰ পিছত মুখেৰে শব্দ নকৰাকৈ ঔম ধ্বনি কৰিব লাগে৷ এনে কৰাৰ ফলত মগজুত এক তৰংগৰ সৃষ্টি হয়, যি মগজুৰ কাৰণে বহু উপকাৰি৷
৭ আৰু ৮) আঠ প্ৰাণায়মৰ ভিতৰত একেবাৰে শেষৰ প্ৰাণায়ম উদ্গীথ আৰু প্ৰনব প্ৰাণায়ম৷ এই দুই প্ৰাণায়ম মূলতঃ ধ্যান মূলক৷ উদ্গীথ প্ৰাণায়মত মুখেৰে শব্দ কৰি ঔম ধ্বনি উচ্ছাৰণ কৰিব লাগে আৰু প্ৰনবত মনটোক সকলো চিন্তাৰ পৰা উদ্ধত নি শান্ত ভাবে ধ্যান কৰিব লাগে৷ যি আমাৰ শৰীৰৰ বাবে বহুত উপকাৰি৷
প্ৰাণায়মৰ লগত হস্ত মুদ্ৰাৰ বিশেষ সম্পৰ্ক আছে৷ প্ৰাণায়ম কৰাৰ সময়ত ৰোগ অনুযায়ী হস্ত মুদ্ৰা সমূহ গ্ৰহণ কৰিলে আৰু বেছি সুফল লাভ কৰিব পাৰি৷ বৰ্তমান সময়ত মানুহৰ বিভিন্ন বেমাৰ আজাৰৰ মূল কাৰণ হৈছে অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু এই অনিয়ন্ত্ৰিত জীৱন শৈলীক নিয়ন্ত্ৰণ কৰাৰ উপায় হৈছে যোগ৷ প্ৰত্যেক দিনাৰ যোগ অভ্যাসে আমাৰ জীৱন সুন্দৰ কৰাত বিশেষ অৰিহণা যোগাব পাৰে৷
মানৱ শৰীৰ মূলত পাঁচ তত্ত্বৰে গঠিত সেইকেইটা হৈছেঃ ক্ষিতি, অপ, তেজ, মৰুৎ আৰু ব্যুম৷ আচৰিত ভাৱে এই পাঁচ তত্ত্বক আমাৰ হাতৰ পাঁচ আঙুলিয়ে ধাৰণ কৰি আছে এনেদৰে ঃ বৃদ্ধ বা বুঢ়া আঙুলিত “জুই বা সূৰ্য”ৰ অৱস্থান, তৰ্জনিত “বায়ু”, মধ্যমাত “আকাশ”, অনামিকাত “মাটি”, কনিষ্ঠাত “পানী”৷ প্ৰানায়মৰ লগতে আন যিকোনো যোগাভ্যাস কৰা সময়ত যেতিয়া এই আঙুলি সমূহৰ সংযোগ কৰি বিশেষ মুদ্ৰা ধাৰণ কৰা হয় তেতিয়া ইটোৰ লগত সিটোৰ স্নায়ুৰ বিক্ৰিয়া ঘটি ৰোগ নিৰাময়ত সহায় কৰে ৷
তলত কি কি আঙুলিৰ সংযোগত কি কি মুদ্ৰা হয় আৰু ইয়াৰ লাভালাভ সমূহৰ বিষয়ে কিছু আলোচনা কৰাৰ প্ৰয়াস কৰা হ’লঃ
১) ধ্যান মুদ্ৰাঃ অংগোস্থা আৰু তৰ্জনি আঙুলিৰ সংস্পৰ্শত ধ্যান হয়৷ এই মুদ্ৰাক জ্ঞান মুদ্ৰা বুলিও জনা যায়৷ এই মুদ্ৰা ধাৰণৰ ফলত স্মৃতি শক্তিৰ লগতে একাগ্ৰতা বৃদ্ধি পায়৷ ইয়াৰ লগতে নিৰাশা, হতাশা, ঋণাত্মক চিন্তা ধাৰাৰ পৰা বহু পৰিমাণে আতৰত ৰাখে৷ ইয়াৰ বাহিৰেও মূৰৰ বিষ, অনিদ্ৰা, ক্ৰোধ নাইকিয়া কৰাত এই মুদ্ৰাৰ বিশেষ গুৰুত্ব আছে৷
২) প্ৰাণ মুদ্ৰাঃ বুঢ়া, অনামিকা আৰু কনিষ্ঠা আঙুলিৰ সংযোগত প্ৰাণ মুদ্ৰা হয়৷ ইয়াৰ জৰিয়তে শৰীৰ সু৫১ পৰা প্ৰাণশক্তি কেন্দ্ৰৰ জাগৰণ হয়৷ ইয়াক ধাৰণ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে শৰীৰৰ আৱশ্যকীয় ভিটামিন প্ৰাপ্ত হয়৷
৩) পৃথিৱী মুদ্ৰাঃ অনামিকা আৰু বুঢ়া আঙুলিৰ সংযোগত এই মুদ্ৰাৰ গঠন হয়৷ ই শৰীৰৰ পাচন ক্ষমতা বৃদ্ধি, দুৰ্বলতা নাইকিয়া কৰাৰ লগতে অতি ক্ষীণকায় ব্যক্তিৰ দেহৰ গঠন ভাল কৰে৷
৪) আপ্ৰাণ মুদ্ৰাঃ অনামিকা, বুঢ়া আৰু মধ্যমাৰ সংযোগত হয় আপ্ৰাণ মুদ্ৰা৷ এই মুদ্ৰাই শৰীৰৰ বিজতৰীয়া বাহিৰ কৰে, পেটৰ বিষ, কোষ্ঠকাঠিন্য, পাইল্চ, বায়ুবিকাৰ, মধুমেহ, মুত্ৰদোষ, কিডনীৰ সমস্যা, দাঁতৰ বিকাৰ, নিম্নৰক্তচাপ দূৰ কৰে৷ ইয়াৰ উপৰিও নাক, মুখ, চকু, কাণৰ বিকাৰ ভাল হয়৷
৫) বায়ু মুদ্ৰাঃ তৰ্জনি আঙুলিটো নি বুঢ়া আঙুলিৰ গুৰিত লগালেই এই মুদ্ৰা পোৱা যায়৷ এই মুদ্ৰা গেছৰ সমস্যা, গাঠিৰ বিষ, কম্পবাত, আঠুৰ বিষ, ডিঙি আৰু ৰাজহাঢ়ৰ বিষ, মুখবেকা হোৱা আদিত সুফল পাব পাৰি৷
৬) আপ্ৰাণ বায়ু মুদ্ৰাঃ বায়ু মুদ্ৰাত থাকি অনামিকা আৰু মধ্যমাক বুঢ়াৰ লগত সংযোগ কৰিলেই আপ্ৰাণ বায়ু মুদ্ৰা গঠন হয়৷ ইয়াক ধাৰণ কৰিলে বাতবিষ, মূৰৰ বিষ, হাপানি, উচ্ছ ৰক্তচাপ, গেছ-এচিডিটিৰ পৰা মুক্তি লাভ কৰিব পাৰি৷
৭) শূন্য মুদ্ৰাঃ ই মধ্যমা আৰু অংগোষ্ঠাৰ সংযোগত হয়৷ মনৰ অস্থিৰতা, দূৰ্বলতা, ডিঙিৰ যিকোনো বেমাৰৰ কাৰণে উপযোগী৷ এই মুদ্ৰা বেছি সময় ধাৰণ কৰি থাকিলে শৰীৰ দূৰ্বল হৈ পৰে৷ কলা, বোবা মানুহৰ ক্ষেত্ৰত ই বহুত উপকাৰী৷
৮) বৰুণ মুদ্ৰাঃ বুঢ়া আৰু কনিষ্ঠা আঙুলিৰ সংযোগত এই মুদ্ৰা হয়৷ শৰীৰত পানী কমিলে এই মুদ্ৰা ল’ব লাগে৷ ডায়েবেটিচ ৰোগীৰ কাৰণে ভাল৷
৯) সূৰ্য্য মুদ্ৰাঃ অনামিকা আঙুলিক মোটোকাই ৰাখি তাৰ ওপৰত বুঢ়া আঙুলিয়ে ধৰিব লাগে৷ এই মুদ্ৰাই শৰীৰৰ ওজন কমায়, মধুমেহ, যকৃতৰ দোষ দূৰ কৰাৰ লগতে আলস্যতা নাইকিয়া কৰি উৰ্জা শক্তি বৃদ্ধি কৰে৷
১০) সহজ শংখ মুদ্ৰাঃ এই মুদ্ৰাই মাত ভাল কৰা, পাচনতন্ত্ৰ সবল কৰাৰ লগতে যি সকলে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰে তেওঁলোকৰ কাৰণে বিশেষ উপযোগী৷
১১) শংখ মুদ্ৰাঃ ডিঙিৰ বিকাৰৰ পৰা উপশম পাবলৈ এই মুদ্ৰা ব্যৱহাৰ কৰিব পাৰে৷ এই মুদ্ৰাই পেটৰ তলৰ অংশৰ বিকাৰ নাইকিয়া কৰাত সহায় কৰে৷
১২) লিংগ মুদ্ৰাঃ দেহত অতি ঠাণ্ডা অনুভৱ কৰিলে এই মুদ্ৰা ধাৰণ কৰি হাত সাৰিব পাৰে৷
ওপৰত উল্লেখ কৰা মুদ্ৰা সমূহৰ উপৰিও নাগা মুদ্ৰা, যোনী মুদ্ৰা, ভৈৰৱ মুদ্ৰা আদিকে ধৰি বহুতো মুদ্ৰা আছে, যি সমূহ ধাৰণ কৰি আমি আমাৰ শৰীৰটো সৰ্বাঙ্গ সুন্দৰ কৰি তুলিব পাৰো৷