Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চিন্তা-চেতনাত সমন্বয় আৰু মানৱতাবাদৰ প্ৰতিফলন

post
<

Share

লেখকঃ উত্তম বৰুৱা

সুবিশাল লুইতৰ বিশালতাক দুচকুত আঁকি লৈ ডাঙৰ হোৱা ভূপেন হাজৰিকাৰ মনৰ চোতাল স্বাভাৱিক ভাৱেই অন্য মানুহতকৈ বহল। শিশু বয়সতে চহা জনজাতীয় মানুহৰ অকৃত্ৰিম মৰমৰ পৰশে তেওঁৰ মন গগনত সমন্বয়ৰ এক চিৰস্থায়ী চাপ বহুৱালে, যাৰ প্ৰভাৱত যাযাবৰী হৈ পৃথিৱীৰ দিহিঙে দিপাঙে ঘূৰি ফুৰোতেও প্ৰতিনিয়ত তেওঁ দিয়া আৰু লোৱাৰ মাজৰে সমন্বয়ৰ সন্ধান কৰি গ’ল। বিভিন্ন জাতি-জনগোষ্ঠী, পাহাৰ-ভৈয়ামৰ মানুহৰ মাজত সাহিত্যৰ মাধ্যমেৰে, গীতৰ সুৰেৰে সমন্বয়ৰ বৰভেটি গঢ়াতকৈ আৰু কি ডাঙৰ সামাজিক দায়বদ্ধতা হ’ব পাৰে। তেওঁৰ জীৱনৰ মূল সপোনটোৱেই আছিল মানবীয় মূল্যবোধ সম্পন্ন এখন সুন্দৰ সমাজ গঢ়া। এনে প্ৰেক্ষাপটত স্বাৰ্থলোভী  মানুহৰ আচাৰ-আচৰণে তেওঁৰ সংবেদনশীল মনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। মানৱীয় প্ৰমূল্যক বিষৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা এনে মানুহক উদ্দেশ্যি তেওঁ লিখিছে- “সেই একেধৰণৰ যাত্ৰীয়ে ডাৱৰীয়া বতৰৰ এন্ধাৰখিনিৰ বাবেই হওক, তাৰ সীমাবদ্ধ দৃষ্টিশক্তিৰ বাবেই হওক, গভীৰতম ভাগলৈ বুৰ দিয়াৰ অক্ষমতাৰ বাবেই হওক, লৰালৰিকৈ পাৰৰ মৰা শামুকৰ খোলাকেইটিকে সজাই-পৰাই সাগৰ বুলি কাৰোবাৰ আগত দাঙি ধৰাৰ বৃথা চেষ্টা কৰে। পিছে দহজনৰ সাধাৰণ জ্ঞানে জানে শামুকৰ খোলাতকৈ সাগৰ বেছি গভীৰ। দহজনে জানে- আচল সাগৰে শামুকৰ খোলাবোৰ তাৰ জীৱন্ত বুকুৰ পৰা পাৰলৈ দলিয়াই দিয়ে, তাৰ গতিশীলতাক বাধা জন্মায় বুলিহে।”

ড০  ভূপেন হাজৰিকাৰ সাহিত্য আৰু সংগীত গভীৰভাৱে সামাজিক দায়বদ্ধতা আৰু সমন্বয়ৰ লগত সংপৃক্ত হৈ আছে। তেওঁৰ ৰচনাসমূহে সকলো শ্ৰেণী মানুহক শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে উদ্বুদ্ধ কৰে। তেওঁৰ বহুখিনি গান কৃষক, শ্ৰমিক, খিলঞ্জীয়া মানুহৰ দুখ-দুৰ্দশা, আৰ্থ-সামাজিক বৈষম্য আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আদিৰ আলমত ৰচিত হৈছে। তেওঁ আহোম, কছাৰী, চুতীয়া, মিচিং, দেউৰী, অঁকা, ডফলা, নগা, আবৰ, মণিপুৰী, খাছিয়া, বড়ো, ৰাভা, তিৱা, কাৰ্বি আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ সমন্বয়ৰ জৰিয়তে একতাৰ এনাজৰীডাল কটকটীয়া কৰাৰ মানস কৰিছিল। আৰ্তজনৰ কাষত থিয় দি বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাটো শিল্পীৰ কৰ্তব্য বুলি তেওঁ বিবেচনা কৰিছিল। তেওঁৰ মানৱ দৰদী মনে মানুহৰ মাজত শান্তি সম্প্ৰীতিৰে ভৰা এখন সমাজ গঠনৰ বাবে চিন্তা কৰিছিল, য’ত সোণতকৈ মানুহৰ মূল্য অলপ হলেও বেছি। দেশ-বিদেশৰ নাটঘৰে ঘূৰি ফুৰোঁতে বৈচিত্ৰ্যময় সমাজত লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰ মাজতো তেওঁ নিজৰ শিপাক পাহৰি যোৱা নাছিল। মানুহৰ পৃথিৱীত যাযাবৰী হৈ ঘূৰি ফুৰাৰ সমান্তৰালভাৱে তেওঁ মানুহৰ মন সাগৰতো জাহাজ চলাইছিল। কেতিয়াবা অনুভৱৰ চাবমেৰিনত উঠি মানুহৰ মন সাগৰৰ গভীৰত অৱগাহন কৰিছিল। মানৱতাবাদী আদৰ্শেৰে তেওঁ স্বাধীনতা, মমতা আৰু সমতাৰ ওপৰত গুৰুত্ব দি এখন মানৱীয় প্ৰমূল্যৰে চহকী সমাজ গঢ়িব বিচাৰিছিল। মানৱতাবাদ আৰু প্ৰকৃতি তেওঁৰ সাহিত্যৰ এৰাব নোৱাৰা অংগ আছিল। অসমীয়াৰ হদয়ত ঢৌৱেই থকা ব্ৰহ্মপুত্ৰ নদীয়ে তেওঁৰ ৰচনাত বিশেষ প্ৰাধান্য পাইছিল। এক বহনক্ষম জীৱন-চৰ্যাত বিশ্বাসী মহানুভৱ শিল্পী গৰাকীয়ে সমাজৰ সমতাপূৰ্ণ উন্নয়নৰ অবিহনে শান্তি আৰু সম্প্ৰীতিৰ প্ৰসাৰ সম্ভৱ নহয় বুলি বিশ্বাস কৰিছিল। ভূপেন হাজৰিকাৰ জীৱনত শংকৰদেৱৰ আদৰ্শই গভীৰ প্ৰভাৱ পেলাইছিল। অসমৰ সমাজ ব্যৱস্থাক শংকৰ গুৰুজনাৰ নিৰ্দেশিত পথেৰে আগবঢ়াই নিয়াৰ সপোন দেখিছিল। সমকালীন সমাজত শোষণ-নিষ্পেশন আৰু অমানবতাবাদী কামকাজৰ প্ৰতি একপ্ৰকাৰৰ বিদ্ৰোহ কৰি তেওঁ লিখিছিল-

       “অগ্নিযুগৰ ফিৰিঙতি মই

       নতুন অসম গঢ়িম

       সবৰ্বহাৰা সবৰ্বস্ব

       পুনৰ ফিৰাই আনিম

       নতুন ভাৰত গঢ়িম।”

কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত নিগ্ৰোসকলৰ সম-অধিকাৰ বিচাৰি গীতৰ মাধ্যমেৰে বিপ্লৱ কৰি থকা বিখ্যাত শিল্পী প’ল ৰ’বছনৰ সান্নিধ্য পোৱাটো ভূপেন হাজৰিকাৰ জীৱনৰ এটা উল্লেখযোগ্য ঘটনা আছিল। যিটোৱে তেওঁৰ পৰৱৰ্তী জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু আৰ্তজনৰ বাবে কাম কৰিবলৈ অধিক অনুপ্ৰাণিত হৈছিল। সুধাকণ্ঠৰ নিজৰ ভাষাত - “...We are in the same boat brothers’ শিকিছোঁ। জেফাৰছন স্কুল অব্‌ ছ’ছিয়েল চায়েন্সত নিশা extra ক্লাছ কৰিছোঁ। এই অনুষ্ঠান পুলিচৰ কোপদৃষ্টিত পৰা ৰঙা ৰঙা বিধৰ। তাত প’ল ৰ’বছনে ‘সমাজ পৰিৱৰ্তন আৰু সংগীত’ৰ বিষয়ে বক্তৃতা দিয়ে। স্পাৰ্টাকাচ খ্যাত হাৱাৰ্ড ফাষ্টে পঢ়ায় -‘জীৱন আৰু নাটক’। আজিও মনত আছে, কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা নিশা ইফালে সিফালে চাই যেতিয়া জেফাৰছন স্কুলত ৰ’বছনে লোৱা ক্লাছত বহোঁ তেতিয়া তেওঁ গীতাৰ এটা হাতত লৈ কৈছিল - “Guiter is not a musical instrument, it is a SOCIAL instrument.”(দিহিঙে-দিপাঙে, পৃষ্ঠা-৩৫)

ড০ ভূপেন হাজৰিকাই তেওঁৰ গীতত প্ৰান্তীয় জনগোষ্ঠীসমূহৰ প্ৰতি গভীৰ সহানুভূতি, সংবেদনশীলতা আৰু সম-ন্যায় প্ৰদানৰ বাবে সংগ্ৰাম আৰু আকাংক্ষাৰ কথা প্ৰকাশ কৰিছে। কৃষক, শ্ৰমিক, খিলঞ্জীয়া সকলৰ লগতে চাহ বাগিচাৰ মহিলা  সকলৰ কথাও তেওঁৰ গানেৰে চিত্ৰিত কৰিছে। গীতত লিখিছে-

       অ’ আমি তেজাল গাঁৱলীয়া

       গাঁৱৰে ৰাখিমে মান

       নাঙল-যুঁৱলিৰে পৃথিৱী সজাওঁ

       ৰদত তিৰেবিৰায় জান।

একেদৰে তেওঁৰ গীতত উজ্জ্বলি উঠে কোনোবা চাওতালি গাভৰু অথবা পাহাৰৰ জনজাতীয় লোকৰ জীৱন-চৰ্যা। তেওঁৰ কৌতুহলী মনে তেনে লোকৰ মন-গহনত বিচৰণ কৰি অনতিৰৰ চকুত লুকাই থকা দুখ-দুৰ্দশাবোৰ জানিব বিচাৰে-

       ৰুম্‌ ঝুম্‌ নেপুৰ বজাই
       ঝুম্‌ ঝুম্‌ ঝুম্‌ ঝুমকা কঁপাই
       ৰূপসী নৈৰ পাৰেদি কোন
       চাওতালী গাভৰু যায় !

      আকৌ,

              চিয়াঙৰ গালং

              লুইতৰে খামটি

              আৰু টিৰাপৰে ৱানচুৱে মোক

              কিয় মাতিছে?

এনে গীতৰ জৰিয়তে চহা কৃষকৰ দায়িত্ববোধ আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতি থকা গীতিকাৰৰ সহমৰ্মিতা সুন্দৰভাৱে অনুৰণিত হৈছে। কৃষি নিৰ্ভৰ জনতাৰ জীৱন সংগ্ৰাম, আত্মস্বাৰ্থত মানৱতাক হেৰুৱাই পেলোৱা জীৱনৰ ছবিখন তেওঁ ‘অ’ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়’, ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ আদি গীতৰ মাজেৰে প্ৰতিফলিত কৰিছে। একেদৰে ‘মই এটি যাযাবৰ’ গীতত জীৱন যুঁজত ঠিকনা হেৰুওৱা উদ্ধাস্তু মানুহৰ জীৱন আৰু মৰ্মবেদনা চিত্ৰিত কৰিছে। তেওঁৰ গীত সমূহে ধৰ্মীয় সহনশীলতা আৰু সাম্প্ৰদায়িক সমাজৰ সমস্যাৰাজিৰ পৰ্যালোচনা আৰু সমাধানৰ বাবে উপায়ৰ ইংগিত দিয়ে। তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ এটা বাৰ্তা মানুহৰ মাজলৈ লৈ যাব বিচাৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষিক জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি উন্নয়নৰ বাটত আগবাঢ়ি যোৱাটো আছিল তেওঁৰ জীৱনৰ কাংক্ষিত লক্ষ্য। সেই উদ্দেশ্যৰে তেওঁ প্ৰায় সকলো জনগোষ্ঠীৰে সাংস্কৃতিক সমল আনি নিজৰ সাহিত্য -সংস্কৃতিৰ ভঁৰাল পৰিপূৰ্ণ কৰাই নহয় অসমীয়া সমাজ জীৱনলৈও এক সুকীয়া পৰিতৃপ্তিৰ উন্মাদনা নমাই আনিছিল। সমাজৰ ভাঙোনমুখী চিন্তা-চৰ্চা দেখি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল এনেদৰে—

“ ...আৰু এটা কথা হৈছে অসমত অসমীয়াই সদায় কৈ আহিছে বৰ লুইতৰ দৰে অসমীয়া সংস্কৃতি। বাকী গোষ্ঠী-উপগোষ্ঠীৰ সংস্কৃতি উপনৈ, নিজৰা সদৃশ। তেওঁলোকৰ লক্ষ্য হ’ল বৰ লুইত। এই কথাষাৰ স্বৰ্গীয় বিষ্ণুৰাভাদেৱেও কৈছিল। মই পিছে এই বিষয়ে এটা কথা ক’মেই। বৰ লুইতলৈ পৰ্বতৰ ওপৰৰ পৰা উপলৈ নিজৰা বৈ আহিবই জানো। পিছে যিসকলে নৈ-নিজৰা লুইতৰ ফালে বয়, সেই নিজৰাৰ বোঁৱতী সুঁতিত যদি জেং-জাবৰ বা কঠিন শিলে বাধা দিয়ে, তেন্তে ব্ৰহ্মপুত্ৰৰ কৰ্তব্য হ’ল- সেই নিজৰাৰ সোঁতক বাধা দিয়া জেং-জাবৰ আঁতৰোৱা। সেই দৃষ্টিভঙ্গীহে এতিয়াৰ দৃষ্টিভঙ্গী। তেতিয়াহে মূল সুঁতিৰ সৈতে সৰু-সৰু নৈ-উপনৈ, নিজৰাই সাংস্কৃতিক পবিত্ৰ পানীৰে বৰলুইতক শক্তিশালী কৰি তুলিব। এয়া-ইতিহাস বহুযুগীয়া, এয়া সত্য সমভাৱৰ, এয়েই পদ্ধতি সংহতিৰ।”(দিহিঙে-দিপাঙে, পৃষ্ঠা-২৩৪)

মানৱতাবাদ মূল বিষয়বস্তু হৈছে মানুহৰ কল্যাণ। মানুহৰ বাবে সু-সংস্কৃত জীৱন পদ্ধতি গঢ় দিয়া আৰু ভৱিষ্যতৰ বাবে এখন সুন্দৰ পৃথিৱী থৈ যাব পৰাটোৱেই মানৱতাবাদৰ মূল লক্ষ্য। বহুমাত্ৰিক প্ৰতিভাৰ অধিকাৰী ড০ ভূপেন হাজৰিকাৰ লেখনিত এনে মানৱতাবাদৰ সুৰ অন্তঃসলিলা ফল্গুৰ দৰে বৈ আছে। প্ৰকৃত মানৱতাবাদী হিচাপে তেখেতৰ সাহিত্য আৰু সংগীতত প্ৰেম-বুজাবুজি, দয়া-মমতা, অহিংসা-সহনশীলতা আদি দিশসমূহ সুস্পষ্ট ৰূপে প্ৰতিভাত হৈছে। তেওঁৰ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ গীতটো মানবীয় প্ৰমূল্যবোধৰ উৎকৃষ্ট উদাহৰণ হৈ জাতি-বৰ্ণ-ভাষা আৰু ধৰ্মৰ পৰিধি ভাঙি মানুহৰ হদয়ৰ পৰা হদয়লৈ সেঁতু হৈ জিলিকি আছে।

ভাষাক কেন্দ্ৰ কৰি এসময়ত গঢ়ি উঠা শ্ৰেণীৰ বিৰোধে সমাজৰ মাজত ভাঙোনমূখী চিন্তাৰ বীজ সিঁচি দি সমন্বয়ৰ সুঁতিটো বন্ধ কৰি দিব বুলি তেওঁ শংকা কৰিছিল। সেয়েহে ১৯৮২ চনৰ অসম সাহিত্য সভাৰ ডিফু অধিৱেশনত মুখ্য অতিথিৰ ভাষণত তেওঁ উল্লেখ কৰিছিল-“অৰুণোদয় ছপাবলে ইংৰাজ মিছনেৰীসকলেই অসমীয়া লিপি এদিন গ্ৰহণ কৰিছিল- এই কথাটো সোঁৱৰাও যুক্তিসঙ্গত হ’ব যেন লাগে। তেওঁলোকে বোধহয় দেখিছিল, উত্তৰ-পূৱ ভাৰতৰ সংযোগী ভাষা হিচাপে মূল অসমীয়া ভাষাৰ গুৰুত্ব। ....... লিপিতকৈ দৃষ্টিভঙ্গীহে ডাঙৰ কথা। লিপি বা ভাষা বা সাহিত্যই মনে মনে সেতুকে গঢ়ে, নেভাঙে।” সেয়েহে তেওঁ গীতত কৈছিল-

       ভাষা নুবুজিও যুগে যুগে আহে

              মানুহ মানুহৰ পিনে

       মৰমৰ ভাষাৰে আখৰ নাইকিয়া

              বুজিব খুজিলেই চিনে।

প্ৰকৃততে মানুহৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই আজীৱন মানুহৰ মুক্তি, শান্তি, বুভুক্ষ মানুহৰ বেথা উপলব্ধি আৰু প্ৰপন্ন জনতাৰ অন্তৰৰ বেদনা আৰু প্ৰতিবাদ ভাষাকে নিজৰ সাহিত্য ৰচনাৰ মূল উপজীব্য কৰি গ’ল। ভাৰতীয় গণ নাট্য সংঘত জড়িত হৈ থাকোতেও তেওঁৰ মূল উদ্দেশ্য একেতাই সমাজত সম্প্ৰীতিৰ বাৰ্তা বিলোৱা। শেষত ভূপেন হাজৰিকাৰ নিজৰ ভাষাৰেই সামৰণি মাৰোঁ- “পেৰিচৰ আধুনিক শিল্পীৰ চিত্ৰিত যদি উত্তৰ আফ্ৰিকাৰ লোকসকলৰ চাপ পাওঁ, ফিনলেণ্ডত বহি ‘ককো’ উৎসৱত যদি অসমৰ মাঘৰ বিহুৰ সুৰ পাওঁ, মস্কো মহানগৰীৰ পাঠশালাত অকণিৰ মুখত যদি পঞ্চতন্ত্ৰ কথামুখমৰ সাধু কথা শুনো, নিউঅৰ্লিয়েন্স চহৰলৈ গৈ যদি ফ্ৰন্সৰ স্থাপত্য পাওঁ, ওকলাহোমাৰ ৰেড ইণ্ডিয়ানৰ গাঁৱলৈ গৈ যদি বাঁহৰ চুঙাত চাউলৰ পিঠা খাওঁ, তেন্তে পৃথিৱীখনৰ সভ্যতাত এক মহা সমন্বয় কেতিয়াবাই হোৱা বুলি ক’লে নিশ্চয় অযুক্তিসংগত নহ’ব। আৰু সীমা সংখ্যা নোহোৱা প্ৰমাণ আছে ভাষাত, সংস্কৃতিত, সামাজিক জীৱন ধাৰণৰ প্ৰতি খোজত, প্ৰতি নিশ্বাসত। সেয়েহে এনে লাগে যেন সকলো দেশ সকলো জাতিয়ে উপলব্ধি কৰিছে— সকলো একেখন মানৱ সাগৰৰে অংগ।”

সহায়ক গ্ৰন্থপঞ্জীঃ

১/ দিহিঙে-দিপাঙে, সম্পাদনা-ৰতিমোহন, প্ৰথম প্ৰকাশ, ১৯৯৩, বাণী মন্দিৰ, গুৱাহাটী

২/ ড০ ভূপেন হাজৰিকা ৰচনাৱলী (দ্বিতীয় খণ্ড), সম্পাদক - সূৰ্য হাজৰিকা, (২০০৮)

৩/ Hazarika. Dr. Dulal, Songs of Bhupen Hazarikaজ্ঞ Community Life and Unity in Diversity, Sangeet Galaxy e-journal, vol.II, Issue-2(July 2022)

৪/Hazarika. Ranjit, Expression of Humanitarian and Egalitarian Comsciousness in Dr. Bhupen Hazarika’s Songsজ্ঞAn Analytical Study, Journal of Research in Humanities and Social Science, vo113, Issue 7 (july 2025)

৫/ Das, Bijoylakshmi, Bhupen Hazarika’s Contribution Towards Social Harmony in North-East-India, IJCRT, Vol-8, Issue3, March 2020

আপুনিও ভাল পাব পাৰে!