লেখিকাঃ ঊষাজোন ফুকন হাজৰিকা
বাৰিষাৰ প্ৰথমজাক বৰষুণত গা তিয়াই, শেৱালিৰ সুগন্ধিৰে আমোলমোলাই, কুঁৱলীৰ সূতাৰে বোৱা ৰিহা গাত মেৰিয়াই, কপাহ-কোমল শুকুলা ডাৱৰৰ বোকোচাত উঠি নদী, বিল-পুখুৰী, জান-জুৰিটিৰ পাৰত হালি-জালি নাচি থকা কহুঁৱাৰ লয়লাস ভংগীত তাল মিলাই শৰতে প্ৰকৃতিৰ বুকুত আৱাহনী গীত জোৰে।
বিশ্ব সাহিত্য আৰু সংগীতৰ জগতখন অতীজৰে পৰা শৰতৰ অপৰূপ সৌন্দৰ্যই কবি, সাহিত্যিক, গীতিকাৰসকলৰ লগতে প্ৰতিগৰাকী সৌন্দৰ্যপিয়াসী ব্যক্তিক সততে আকৰ্ষিত কৰি আহিছে। শাৰদী ৰাণীৰ বিনন্দীয়া ৰূপ-গুণত মুগ্ধ হৈ মহাকবি কালিদাসৰ কলমেৰে নিগৰি ওলাইছিল ‘ঋতুসংহাৰ’, ‘মেঘদূত’ আদিৰ দৰে অমৰ সৃষ্টি। মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে শৰতৰ কালৰ অপূৰ্ব ৰূপৰ বৰ্ণনা কৰিছিল ‘কীৰ্তন’ আৰু ‘ভাগৱত’ত।
নোবেল বঁটা বিজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, আমাৰ অসমৰ বিহগী কবি ৰঘুনাথ চৌধুৰীকে প্ৰমুখ্য কৰি নৱকান্ত বৰুৱা, পাৰ্বতীপ্ৰসাদ বৰুৱা আদি বহু কেইগৰাকী বিশিষ্ট কবি-সাহিত্যিকৰ সৃষ্টিৰাজিত শৰতৰ প্ৰাধান্য পৰিলক্ষিত হয়।
অসমৰ সু-সন্তান ভাৰতৰত্ন সুধাকণ্ঠ গীতিকাৰ-সুৰকাৰ ড° ভূপেন হাজৰিকাৰ গীততো শৰত ঋতুৰ সমাহাৰ ঘটিছে। তেখেতে লিখিছে— “আমাৰ দেশৰ শৰত কালৰ ৰূপ সুকীয়া। আমাৰ মন শৰতৰ সৰোবৰ স্তব্ধ নিজৰাৰ কোলাহল সদৃশ নহয়। সৰোবৰ বুকুত চিৰকাল নীলা আকাশৰ স্কেচ। পাতবেঙ এটাই সৰোবৰত জাঁপ মাৰিলেও ছন্দ শুনো। কঁহুৱাৰ ফাঁকেৰে মলয়াই উমলিলেও সুৰ শুনো।”
সেয়েই গীতিকাৰ হাজৰিকাই শাৰদী ৰাণীৰ অবৰ্ণনীয় ৰূপ-লাবণ্যত মোহিত হৈ হিয়াৰ আবেগেৰে লিখিছিল—
“শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতক ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন।”
সুন্দৰৰ সাধক, গণশিল্পী, সাহিত্যিক ড° হাজৰিকাই শাৰদী ৰাণীক বুকুৰ আপোন হিচাপেই আকোৱালি লৈ ৰূপৰ সুধা পান কৰি কলমেৰে নিগৰাই সৃষ্টি কৰিছিল অনবদ্য সাহিত্য।
শৰতৰ অপৰূপ সৌন্দৰ্যই সকলো সময়তে আপ্লুত কৰি ৰখা বহু কালজয়ী গীতৰ স্ৰষ্টা ড° হাজৰিকাদেৱে কৈছে— “শৰত কালৰ মহিমা অপাৰ। সাধাৰণভাৱে নৰমনিচৰ মনটো স্বাভাৱিকতে প্ৰেমৰসেৰে জাগ্ৰত হয় এই শৰত কালতেই। শৰতৰ শাৰদী ৰাণীজনীয়েই আমাৰ প্ৰেয়সী হৈ আমাৰ মনত প্ৰেম জাগ্ৰত কৰে।”
শৰতকালৰ বিশাল নিৰ্মল নীলা আকাশখনৰ বুকুত কপাহ-কোমল শুকুলা ডাৱৰে লুকাভাকু খেলে। শৰতকালৰ আকাশত অহা-যোৱা কৰা শুকুলা ডাৱৰবোৰৰ হাতত গীতিকাৰ ড° হাজৰিকাই প্ৰেৰণ কৰিছে হিয়াৰ সমস্ত আবেগেৰে লিখা প্ৰেমৰ চিঠি—
“এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰ বনহংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকিমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।”
শৰতৰ সৌন্দৰ্যত বিমুগ্ধ হৈ ‘শৰতৰ শেৱালি’ শীৰ্ষক গীত ৰচনা কৰি তেখেতে লিখিছিল—
“শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে।
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালিজাকে।”
এই গীতটোৰ ৰচনাৰ পটভূমি সম্পৰ্কে কথাশিল্পীগৰাকীয়ে লিখিছে— “এই শৰতৰ শেৱালিৰ কোমল নিয়ৰ গাত সানি শৰালিজাক উৰিছে মুক্তভাৱে উন্মুক্ত আকাশত। অসমৰ শাৰদীয় বতৰত সৰুৰে পৰা দেখা আৰু শুনা কিছু চিত্ৰ বন্দী কৰাৰ মানসেৰে এই গীত ৰচনা কৰা হৈছে।”
“মুগ্ধ মুগ্ধ মই আকাশ দেখি
স্নিগ্ধ স্নিগ্ধ ফুলৰ মনেৰে লেখি
মুক্ত মুক্ত কঁহুৱাৰ নাচোনৰে
হঁহুৱাই নিলে
নিৰাশাৰ ফাঁকে ফাঁকে।”
শৰতৰ গীতত থকা আন এটি গীত হৈছে—
“তোমাৰ উশাহ কহুঁৱা কোমল
শেৱালি কোমল হাঁহি
হাঁহিৰে হৃদয় হৰিলে বজাই
এটি কিবা মিঠা হাঁহি।”
শৰতক কেন্দ্ৰ কৰি ৰচনা কৰা এই গীতবোৰৰ মাজেৰেই কলাৰত্ন, বহুতো কালজয়ী গীতৰ স্ৰষ্টা ড° ভূপেন হাজৰিকাদেৱে শৰত ঋতুৰ এক বাংময় ৰূপ চিত্ৰিত কৰি অসমৰ সংগীত জগতক সমৃদ্ধ কৰিছে।

