লেখিকাঃ ড॰ পূৰবী কলিতা
পঞ্চদশ শতিকাত অসমত আৱিৰ্ভাৱ হোৱা সৰ্বকালৰ সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ হূদয়ৰ স্পন্দন। গীত, নৃত্য, নাম-প্ৰসংগ, অভিনয়ৰ মাধ্যমেৰে ঈশ্বৰ উপাসনাৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম, সাহিত্য, সংস্কৃতি, সমাজ গঠন, ঐক্য-সংহতি, সম্প্ৰীতিৰ নিদৰ্শন অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। ‘এক দেৱ এক সেৱ, এক বিনে নাই কেৱ’ এই মহামন্ত্ৰৰে প্ৰচাৰ কৰিলে একশৰণ নামধৰ্ম। সমসাময়িক ৰাজনৈতিক অস্থিৰতাৰ মাজতো গুৰুজনাই অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ব’ঠা ধৰি গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰৱৰ্তন কৰিছিল। অস্পৃশ্যতা বৰ্জন, চিত্ৰকলাৰ বিকাশ, উচ্ছ মানবিশিষ্ট গীত-বাদ্যৰ প্ৰচলন, জনসাধাৰণৰ মনোগ্ৰাহী নাটকৰ প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এইদৰে গুৰুজনাই অসমীয়া সমাজক কু-সংস্কাৰমুক্ত কৰাৰ ওপৰত মনোনিৱেশ কৰিছিল৷ সাংস্কৃতিক প্ৰগতি আৰ্থিক প্ৰগতিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে গুৰুজনাই ধৰ্মসংস্কাৰৰ লগে লগে আৰ্থিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিছিল। অসমীয়া জাতিক কুটীৰ শিল্পৰ বিকাশৰ দ্বাৰা আৰ্থিকভাৱে নিৰ্ভৰশীল কৰি তুলিবৰ বাবে তেখেতৰ কৰ্মৰ দ্বাৰা পথ দেখুৱাইছিল।
গুৰুজনাই অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ বট বৃক্ষৰূপে প্ৰতিষ্ঠা কৰিলে ‘সত্ৰ’। ‘সত্ৰ’ৰ নামাকৰণ শংকৰ গুৰুৱে কৰা উল্লেখ পোৱা নাযায়। গুৰুজনাই উপাসনা গৃহৰূপে ‘থান’ বা কীৰ্তনঘৰ স্থাপনৰ কথা উল্লেখ পোৱা যায়। অসমৰ ধৰ্ম-সংস্কৃতিৰ ইতিহাসত শংকৰদেৱৰ বৰদোৱা বা বট্ৰদৱা থানখনক অসমৰ আদি আৰু পূৰ্ণাংগ বৈষ্ণৱ থান বুলি জনা যায়। ‘মধ্য অসমৰ বৰদোৱাত প্ৰথম বৈষ্ণৱ থান স্থাপন কৰি শংকৰদেৱে উজনি-নামনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱাৰ ফলত তেওঁৰ পৰা ধৰ্ম গ্ৰহণ কৰা ধৰ্মাচাৰ্যসকলে লুইতৰ ইপাৰ-সিপাৰত গাঁৱে-ভূঞে অনেক সত্ৰ পাতে, যাৰ ফলত সত্ৰ আৰু বৈষ্ণৱ ধৰ্ম সমাদৃত হৈ পৰে।’ সত্ৰৰ অন্যান্য প্ৰধান অংগ যেনে হাটী, কৰপাট, বিষয়ববীয়া আদি পৰৱৰ্তীকালৰ সংযোজন। মহাপুৰুষ শংকৰদেৱ এগৰাকী নিপুণ স্থপতিবিদ আছিল। কীৰ্তনঘৰ, নামঘৰৰ নিৰ্মাণশৈলী ভাৰতবৰ্ষৰ অন্যান্য সমসাময়িক উপাসনা গৃহতকৈ সম্পূৰ্ণৰূপে পৃথক। থলুৱাভাৱে উৎপাদিত বনজ সম্পদ যেনে বাঁহ-বেত, কাঠ, খেৰৰ দ্বাৰা ইয়াক নিমাৰ্ণ কৰা হয়। কীৰ্তনঘৰ বা নামঘৰৰ নিৰ্মাণ মধ্যযুগীয়া অসমৰ অৰ্থনীতিৰ সফল প্ৰয়োগ বুলি অভিহিত কৰিব পাৰি। নামঘৰসমূহত ধৰ্ম চৰ্চা কৰাৰ উপৰিও আজৰি সময়ত ভক্তসকলে বিভিন্ন কুটীৰ শিল্পৰ সামগ্ৰী যেনে পাচি, খৰাহি, মুখা, সাঁচিপাতৰ পুথি প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল। সেইবাবেই নামঘৰে ৰজাঘৰৰ পৃষ্ঠপোষকতাৰ অবিহনেও ব্যাপক সমাদৰ লাভ কৰিছিল। মধ্যযুগৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে মহাপুৰুষগৰাকীয়ে নামঘৰ আৰু সত্ৰসমূহৰ স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ শিষ্যসকলে (আৱাসী) কেতিয়াও বাহিৰৰ সমাজৰ পৰা আৰ্থিক অনুদান বিচৰা পৰিলক্ষিত নহয়। কেৱলীয়া ভকতসকলে আজৰি সময়ত নানা শিল্প-কৰ্মত নিয়োজিত হৈ নিজৰ বাবে অথোৰ্পাৰ্জন কৰাৰ লগতে সত্ৰসমূহ, নামঘৰৰ মণিকূট, সিংহাসনৰ হাটীৰ সৌন্দৰ্যবদ্ধৰ্নৰ কাম কৰিছিল। কাঠৰ আচবাব, হাতীদাঁতৰ কৰ্ম, লিখন সামগ্ৰী, বন্তিধাৰক গছা, ভাওনাৰ পোছাক, অস্ত্ৰ-শস্ত্ৰ, কাঠৰ দেৱ-দেৱীৰ মূৰ্তি, সিংহদ্বাৰ, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী এই সত্ৰসমূহত নিৰ্মিত হৈছিল। আজিও এই পৰম্পৰা বৰ্তি থকা দেখা যায়৷ ইয়াৰ দ্বাৰা ভকতসকল স্ব-নিৰ্ভৰশীল হ’ব পাৰিছিল। আউনীআটি সত্ৰত বেতৰ বিচনী, বৰপেটা সত্ৰত হাতীদাঁতৰ কাম সংৰক্ষিত হৈ আছে৷
শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়। শাস্ত্ৰীয় লৌকিক নাট্যকলাৰ অপূৰ্ব সংমিশ্ৰণেৰে অংকীয়া নাটক ৰচনা কৰি অসমীয়া সমাজ আৰু সংস্কৃতিলৈ অনবদ্য অৱদান দি থৈ গৈছে। গুৰুজনাৰ আগেয়ে মুখাৰ ব্যৱহাৰৰ কোনো নিশ্চিত তথ্য পোৱা নাযায়। সিংহ, ভালুক, বৰাহ, পুতনা, বকাসুৰ, ব্ৰহ্মা, ৰাৱণ, অসুৰ আদিৰ নানা মুখা তৈয়াৰ কৰা হয়৷ মুখা চাৰিপ্ৰকাৰে প্ৰস্তুত কৰা হয়- ক] বাঁহৰ কাঠীৰে খ] কাঠৰ গ] কাপোৰৰ ঘ] সাঁচৰ৷ এই চাৰিপ্ৰকাৰৰ মুখাৰ ভিতৰত বাঁহৰ কাঠীৰ মুখায়েই ভাওনাত সৰ্বাধিক ব্যৱহাৰ কৰা হয়। কিয়নো বাঁহৰ কাঠীৰ মুখা তৈয়াৰ কৰিবলৈ সহজ, লঘু, কৌশলাংকৃত আৰু আহিলাৰ সহজলভ্যতা ইত্যাদি। ৰক্ত হিচাপে হেঙুল-হাইতাল, নীল, বালিচন্দা আৰু দাড়ি, চুলি লগাবৰ বাবে সাধাৰণতে মৰাপাট ব্যৱহাৰ কৰা হয়। আজিকালি ইয়াৰ পৰিৱৰ্তে আধুনিক প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়। শংকৰোত্তৰ কালছোৱাত মুখা শিল্প এক লাভজনক বৃত্তি হিচাপে পৰিগণিত হয়। বৰ্তমানে এই শিল্পৰ যথেষ্ট আদৰ দেখা যায় আৰু আন্তৰ্জাতিক স্তৰতো ইয়াৰ চাহিদা আৰু সমাদৰ দুয়োটাই দেখা পোৱা গৈছে।
শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া বন্তি প্ৰজ্বলিত তোৰণক অগ্নিগড় বোলা হয়। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, ‘অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত নটা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়৷ ইয়াক অগ্নিগড় বোলা হয়৷’ (পৰম্পৰাগত প্ৰাচ্য নাট্যাভিনয়, পৃষ্ঠা ৫৯) এই অগ্নিগড়ত সাধাৰণতে ধেনু আকৃতিৰ ঠাঁচ তৈয়াৰ কৰি দুয়োফালে মগৰৰ আকৃতিৰ ৰূপ দি হেঙুল-হাইতালেৰে বোল দি দেখনিয়াৰ কৰা হয়৷ প্ৰৱেশ পথত ইয়াক স্থাপন কৰি ন-ভক্তিৰ প্ৰতীক ন-গছি বন্তি জ্বলোৱা হয়। এই অগ্নিগড়ো অসমীয়া স্থানীয় শিল্পৰ অপূৰ্ব নিদৰ্শন আৰু ইয়াৰ মাধ্যমত অসমীয়া শিল্পীৰ কাৰ্যদক্ষতা ফুটি উঠে। ভাওনাৰ চৰিত্ৰসমূহ ফুটাই তুলিবৰ বাবে অংগ ৰচনা কৰা হয়। সাধাৰণতে ৰঙা, নীলা, বগা, হালধীয়া ৰঙৰ ব্যৱহাৰ কৰা হয়। এইবোৰ ৰং হেঙুল, হাইতাল, নীল, এঙাৰ, পিঠাগুৰি আদিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। অংগসজ্জাৰ কাম খনিকৰৰ দ্বাৰা কৰোৱা হৈছিল। এই খনিকৰে তেখেতৰ বিদ্যা-বুদ্ধিৰ দ্বাৰা ডেকাক বুঢ়া, পুৰুষক নাৰী কৰি তোলে। এই বিদ্যাৰ দ্বাৰা বহু অসমীয়া লোকে স্বাৱলম্বনৰ মুখ দেখা পাইছিল। কিন্তু আজিকালি ভাওনাৰ জনপ্ৰিয়তা ঠাই বিশেষে কিছু পৰিমাণে ম্লান পৰা দেখা গৈছে আৰু বহু লোকে এই সাতামপুৰুষীয়া বৃত্তি এৰি অন্যফালে ধাবিত হৈছে। ভাওনাৰ বাবে প্ৰয়োজনীয় বস্তুসমূহৰ পৰাও এক ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছিল। বিভিন্ন চৰিত্ৰ অনুসৰি বস্তুৰ প্ৰয়োজনীয়তা আহি পৰিছিল। সেয়ে এই ক্ষুদ্ৰ উদ্যোগেও থলুৱা অৰ্থনীতিত প্ৰভূত অৰিহণা আগবঢ়াইছিল। এনে বৃত্তিৰ লগত জড়িত লোকসকলক বেশকাৰ বোলা হৈছিল। ভাৱৰীয়াসকলে ব্যৱহাৰ কৰা অলংকাৰসমূহ কাঠ, মাটি, ডাঠ কাগজ, বনৰীয়া বনগুটিৰ ওপৰত ৰং প্ৰলেপ আৰু বালিচন্দা দি তৈয়াৰ কৰা হৈছিল।
বয়নশিল্প সেই সময়ৰ আন এক অৰ্থনীতিৰ আধাৰ আছিল। চৰিতপুথিসমূহত উল্লেখ পোৱা অনুসৰি ভৱানীপুৰ, বৰদোৱা, বৰপেটা আদি থানত তাঁতীসকলে বসবাস কৰিছিল। ইয়াৰ উপৰিও অন্যান্য কাৰিকৰ যেনে তেলী, কমাৰ, কুমাৰ আদিয়েও সত্ৰৰ আশে-পাশে আছিল৷ বৰপেটা সত্ৰৰ অধিকাৰ মথুৰা দাস আতা নিজেই তাঁতী আছিল৷ শংকৰদেৱৰ ৰচিত নাটসমূহৰ ভিতৰত ‘চিহ্নযাত্ৰা’ই সৰ্বপ্ৰথম নাট৷ গুৰুজনাই নিজেই কাপোৰত সাত বৈকুণ্ঠৰ চিত্ৰ অংকন কৰি গীতি-সূত্ৰ-ধেমালিৰ ঘোষা ভাওনাৰ বাবে ৰচনা কৰিছিল৷ পুৰুষোত্তম ঠাকুৰৰ গীতত এনেধৰণে বৰ্ণনা দিছে-
“দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মিলা৷
সাতো বৈকুণ্ঠৰ পট আঁকিয়া দেখাইলা৷৷”
পৰৱত¹কালত অসমৰ অৰ্থনীতিত বয়নশিল্পই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছিল৷ আৰু আজিও সেয়া বৰ্তি আছে৷ গুৰুজনাৰ আৰ্থিক স্বাৱলম্বনৰ আন এক দিশ আছিল চিত্ৰকলা৷ তেওঁ নিজেই এগৰাকী চিত্ৰকৰ আছিল আৰু পৰৱত¹ সময়ছোৱাত সত্ৰসমূহে চিত্ৰকলাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ বিভিন্ন সাঁচিপতীয়া পুথিসমূহত তাৰে অপূৰ্ব নিদৰ্শন দেখা যায়৷ সত্ৰ, থান সমূহত বিভিন্ন চিত্ৰ, মূৰ্তি খোদিত কৰাই সাধাৰণ মানুহক ভক্তিধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা হৈছিল৷ ইয়াৰ ফলত সমাজত এক নতুন শ্ৰেণীৰ পেছাদাৰী ব্যক্তিৰ সৃষ্টি হৈছিল যাক খনিকৰ বোলা হয়৷ সত্ৰ, নামঘৰসমূহৰ সিংহাসনৰ গঠন প্ৰণালী, সিংহদ্বাৰ ইত্যাদি খনিকৰসকলৰ অপূৰ্ব সৃষ্টি৷
সৰ্থেবাৰীৰ কাঁহশিল্পৰ মুখ্য পৃষ্ঠপোষক আছিল এই সত্ৰ আৰু নামঘৰসমূহ৷ ইয়াত ব্যৱহাৰৰ বাবে প্ৰয়োজন হোৱা বৰকাঁহ, ভোৰতাল, সৰুতাল, শৰাই, জাপি, লোটা আদিৰ যোগান ধৰিছিল৷ ই পৰোক্ষভাৱে অসমীয়া লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা আগবঢ়াইছিল৷ গুৰুজনাই খোল, নাগাৰা, ডবা আৰু মৃদংগৰ ব্যৱহাৰ কৰিছিল৷ ইয়াৰ বাবেও কুটীৰ শিল্পৰ উদ্যোগ গঢ় লৈ উঠিছিল৷ নামঘৰত বহিবলৈ আসন হিচাপে ব্যৱহাৰ কৰা কঠৰ প্ৰচলনো সেই সময়ৰ পৰাই হৈছিল৷
গুৰুজনাই সত্ৰীয়া অৰ্থনৈতিক ব্যৱস্থাক সমাজৰ সাংস্কৃতিক ব্যৱস্থাৰ লগত জড়িত কৰিছিল৷ সত্ৰৰ আৰ্থিক ব্যৱস্থাটো সমবায়ভিত্তিক আছিল৷ ইয়াৰ অন্তৰ্ভুক্ত লোকসকলে নিজৰ ৰুচি অনুযায়ী সামগ্ৰী উৎপাদন কৰিছিল আৰু প্ৰয়োজনীয়তাৰ বাদে বাকীখিনি সত্ৰৰ বাবে আগবঢ়াইছিল৷ কথাগুৰু চৰিত অনুসৰি স্বয়ং শংকৰদেৱৰ খাট পামত এসময়ত ত্ৰিশ হাল বলধ, ছ-কুৰি গাই আৰু এশঘৰ গোলাম বহতীয়া আছিল৷ তেওঁ তেতিয়া শিৰোমণি ভূঞা আছিল৷ খেতিয়কসকলৰ লগত সত্ৰসমূহৰ নিকট সম্পৰ্ক আছিল৷ এই লোকসকলে সত্ৰৰ উৎপাদিত সামগ্ৰী যেনে কৃষি আৰু কুটীৰ শিল্পৰে নিৰ্মিত সামগ্ৰী বজাৰলৈ আনিছিল৷ এই কাৰিকৰ বণিকসকলক সত্ৰসমূহে পুঁজিৰ যোগান ধৰিছিল৷ এইক্ষেত্ৰত বৰপেটা কীৰ্তনঘৰৰ হাটী পুঁজি উল্লেখযোগ্য৷ ইয়াৰ যোগেদি অসমৰ অৰ্থনীতিত বেংকৰ দায়িত্বও পালন কৰিছিল এই সত্ৰসমূহে৷ এইদৰে গুৰুজনাই প্ৰৱৰ্তন কৰা কৰ্ম আঁচনিসমূহে অসমীয়া সমাজক আৰ্থিকভাৱে সবল কৰাত যথেষ্ট অৰিহণা যোগাইছিল আৰু আজিও ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি৷
সহায়ক গ্ৰন্থঃ
১] বৰকাকতি, ড॰ সঞ্জীৱঃ ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’৷
২] গুহ, ড॰ অমলেন্দুঃ ‘বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ’৷
৩] মহন্ত, বাপচন্দ্ৰঃ ‘যুগান্তৰত শংকৰদেৱ’৷
৪] দাস, ড॰ নাৰায়ণ, ৰাজবংশী পৰমানন্দঃ ‘অসমৰ সংস্কৃতি কোষ’৷
৫] বিভিন্ন আলোচনীৰ পৰা তথ্য সংগ্ৰহ৷