Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

বিলুপ্তিৰ গৰাহত ঢেঁকী

post
<

Share

লেখকঃ সদানন্দ শইকীয়া

অসমীয়া চহা জনজীৱনৰ পৌৰাণিক ঢেঁকী। কেতিয়া ঢেঁকী প্ৰথম ব্যৱহাৰ হৈছিল জনা নগ’লেও নাৰদে যে ঢেঁকীত উঠি ভ্ৰমণ কৰিছিল তাক সৰুতে ককা-আইতাহঁতৰ সাধুবোৰত শুনি আহিছো। অসমৰ লগতে দাঁতিকাষৰীয়া বাংলাদেশ আৰু পশ্চিমবঙ্গতো ঢেঁকীৰ প্ৰচলন আছে। এক কথাত ধান, ঘেঁহু, চিৰা, সান্দহগুৰি, পিঠাগুৰি, শিশুৰ খাদ্য আদিবোৰ খুন্দি খোৱাৰ উপযোগী কৰা এবিধ কাঠৰ সঁজুলিয়েই হৈছে ঢেঁকী। প্ৰায় সাত আঠ ফুটমান দীঘল আয়তাকাৰ কাঠৰ টুকুৰা এটা ব্যৱহাৰ কৰা হয় ঢেঁকীৰ মূল হিচাপে। সাধাৰণতে শিলিখা গছৰ পৰাই গ্ৰাম্য সমাজত সৰহ সংখ্যক ঢেঁকী বনোৱা হয় বুলি আমাৰ ককাহঁতে কৈছিল। কাঠৰ টুকুৰাটোৰ আগফালে এটা ফুটা কৰি ভাল কাঠৰ প্ৰায় দুই ফুট দীঘলীয়া টুকুৰা এটা পৰিপাটীকৈ চাঁচি লগোৱা হয়। যাক ঢেঁকীথোৰা বোলা হয়। এই ঢেঁকীথোৰাটোৰ মুখত এটা লোহাৰ সুন্দৰ আঙঠি সদৃশ অলংকাৰ লগোৱা হয় যাক ‘বেৰি’ বুলি কোৱা হয়। এচটা ডাঙৰ শিলত এটা তিনি ইঞ্চিমান ব্যাসাৰ্দ্ধৰ গোলাকৃতি চাৰি ইঞ্চিমান গভীৰ গাঁত খান্দি ঢেঁকীথোৰাটোৰ পোনে পোনে স্থাপন কৰা হয়। ইয়াক ‘খুবলি’ (পোখলি) বুলি কোৱা হয়। একেবাৰে পিছফালৰ অংশক ফিছা বুলি কয়। ফিছাৰ পৰা অলপ আঁতৰত এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয়। ইয়াক ‘আশল শলা’ বুলি কোৱা হয়। এই শলাডাল থাকিবৰ বাবে দুয়োফালে দুটা ভলুকা বাহৰখুটা ৰখা হয়। ইয়াক কঁতৰা বুলি কোৱা হয়। ঢেঁকী দিওঁতাজনে ধৰিবৰ বাবে ওপৰৰ চালিত এডাল জৰী আৰি দিয়া হয়। ইয়াক ঢেঁকীজৰী বোলা হয়। ইয়াৰ উপৰি ঢেঁকী দিওঁতাজনে খুৱলিৰ চাউল, পিঠাগুৰি আদিবোৰ খুচৰি দিবৰ বাবে এডাল হাকতিৰ মুৰত ধানখেৰ বান্ধি লৈ ব্যৱহাৰ কৰে। ইয়াক হাকতিবাৰী বোলা হয়। নামনি অসমত ঢেঁকীৰ মাজৰ মাৰি ডালক মৌলাবাৰী, খুবলিক পখিল, ধান বঢ়াই দিয়া মাৰি ডালক লুৰিবাৰী বুলি কোৱা হয়।

অসমীয়া সাহিত্য সংস্কৃতিৰ সতে ঢেঁকীৰ এক নিবিড় সম্পৰ্ক আছে। বিহু বুলিলেই ঢেঁকীৰ ব্যৱহাৰ অপৰিহাৰ্য্য। আমাৰ গ্ৰাম্যাঞ্চলত বিহুৰ সময়ত ঢেঁকীত পিঠাগুৰি, সান্দহগুৰি, নুখুন্দিলে বিহুয়েই আধৰুৱা হ’ব। চহৰ কিম্বা নগৰাঞ্চলত যন্ত্ৰৰ সহায়ত এইবোৰ কাম কৰা হয়। ঢেঁকীৰ সহায়ত বনা চাউলত ভিটামিন ৰৈ যায় বাবে আগৰ দিনৰ মানুহৰ স্বাস্থ্যৰ অৱনতি হোৱা নাছিল। বজাৰত ঢেঁকীত বনা চাউলৰ চাহিদা প্ৰচুৰ।

ঢেঁকীক লৈ আমাৰ সমাজৰ বিভিন্ন লোকাচাৰ দেখা যায়। বতৰ খৰাং হ’লে কোনো এঘৰৰ ঢেঁকী ৰাতিটোৰ ভিতৰত চোৰ কৰি ৰাস্তাত ওলোটাই পুতি থলে বৰষুণ দিয়ে বুলি বিশ্বাস। ন-কইনাক ঢেঁকীশাল দেখুৱাটো এটা পৰম্পৰা। ঢেঁকী নাৰদৰ বাহন হোৱা হেতুকে ইয়াক সকলোৱে অন্য ধৰণে সন্মান জনাই আহিছে। কিছুমানে বিশ্বাস কৰে যে ঢেঁকীত বহিলে শনিয়ে ধৰে, সেয়ে বহিব নাপায়। এখন ঘৰত দুটা ঢেঁকী থকাটো বেয়া, হাই-কাজিয়া বেছি হয়। সন্ধিয়া আৰু দুপৰীয়া ঢেঁকী দিব নাপায়। এনে বহু লোকাচাৰ আমাৰ সমাজত আছে যদিও ইয়াৰ কোনো ধৰণৰ বৈজ্ঞানিক সত্যসত্যতা নাই।

বিহু গীতৰ লগত বহুলভাবে ই জড়িত। ঢেঁকীক লৈ বহু শিল্পীৰ কণ্ঠত নিগৰি ওলাইছে অলেখ বিহুগীত, দৰঙীয়া নাঙলী গীত। ‘ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী, ঢেঁকীৰে চাবতে কঁপাই তোৰ চুবুৰী…’ বিভিন্ন কথাছবি, টেলিভিছনৰ চিৰিয়েল আদিত অসমীয়া জীয়ৰী-বোৱাৰীৰ ঢেঁকীৰ স’তে থকা সম্পৰ্কৰ সুন্দৰ চিত্ৰ অংকন কৰিছে। ঢেঁকী যে যান্ত্ৰিকতাৰ গৰাহত বিলুপ্তি হ’ব ধৰা অসমীয়াৰ মৰম আৰু চেনেহৰ আওঁপুৰণীয়া সম্পদ সেয়া সৰ্বজনবিদিত। ঢেঁকী অসমীয়া সমাজৰ এক প্ৰাচীন আৰু আটাইতকৈ দৰকাৰী সৰল যন্ত্ৰ আছিল। লাহে লাহে ই লুপ্তপ্ৰায় হৈ আহি সংগ্ৰাহলয়ত থিতাপি লৈছে। আজিকালি যান্ত্ৰিকতাৰ বজাৰত ঢেঁকীত ধান বানি ভাত খাবলৈ কাৰো সময় নাই। অত্যাধুনিক মেচিন বাদ দি ঢেঁকীত খাঁটি সৰিয়হৰ তেল পেৰিবলৈ কাৰো তৰণি নাই। এনেবোৰ কাৰণতেই বৰ্তমানৰ মানুহৰ বেমাৰ-আজাৰ বেছি হোৱা যেন অনুভৱ হয়। আগৰ পুৰণিকলীয়া পদ্ধতিবোৰ বাদ দি আধুনিকতাবাদৰ জখলাত বগাই দুৰাৰোগ্য বেমাৰত ভোগা নাইনে?

আপুনিও ভাল পাব পাৰে!