মতামত

যৌগিক প্ৰাণায়ম

post

Share

লেখিকাঃ প্ৰতিভা টেৰণপী

ভাৰতীয় বিশ্বাস মতে ইশ্বৰপ্ৰণিত বেদ আৰু উপনিষদ  হৈছে বিশ্বৰ প্ৰথম দৰ্শনৰ লিখিত ৰূপ। এই বেদ-উপনিষদতেই ভাৰতীয় জীৱন-ধাৰণৰ শৈলী সমূহ সহজ-সৰল ইশ্বৰীয় ভাষা সংস্কৃতত লিপিবদ্ধ আছে। দৰ্শনৰ অৰ্থ হৈছে যিকোনো কথা ,কাম বা বস্তুৰ তত্বমূলক স্বৰূপ জনা বা বুজোৱা । বেদ-উপনিষদত উল্লেখ আছে  যে ভাৰতীয় সংস্কৃতিক উচ্চ মানদণ্ডৰ সংস্কৃতি ৰূপে গঢ় দিয়াত ছটা দৰ্শনৰ প্ৰভাৱ আছে । যাক একেলগে ষড়দৰ্শন বুলি কোৱা যায় । ষড়দৰ্শনৰ প্ৰণেতা আৰু নামসমূহ একেধাৰে ১। জেমিনী মুনিৰ ৰচনা  মীমাংসা দৰ্শন, ২। ব্যাস দেৱৰ ৰচনা বেদান্ত দৰ্শন, ৩। গৌতম  মুনিৰ ৰচনা ন্যায় দৰ্শন, ৪। কণাদ  মুনিৰ ৰচনা বৈষয়িক দৰ্শন, ৫। কপিল  মুনিৰ ৰচনা সাংখ্য দৰ্শন আৰু ৬। পতঞ্জলী  মুনিৰ ৰচনা যোগ দৰ্শন ।

ভাৰতভূমিত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী সন্তানেই গৌৰৱ অনুভৱ কৰা উচিত কিয়নো এইখন এনেকুৱা এখন দেশ য'ত মানৱৰ চিন্তা বহু দূৰদৰ্শী আছিল। যোগদৰ্শনৰ ইতিহাস খুচৰিলে যোগৰ সৃষ্টিৰ সময়ৰ কোনো সঠিক ধাৰণা আমাৰ ইতিহাসত নাই। যুগ-যুগান্তৰ ধৰি ঋষি মুনিৰ, বনবাসী আৰু বহুতো এনে বিদগ্ধ গুণী-জ্ঞানী লোক সকলে নিজৰ শাৰীৰিক, মানসিক, আবেগিক, বৌদ্ধিক আৰু ঐশ্বৰিক সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধনৰ বাবে কিছুমান বিশেষ সাধনা কৰিছিল । সেই সমূহ কেৱল  ইটোৰ পৰা সিটো প্ৰজন্মলৈ অভ্যাসৰ দ্বাৰা চৰ্চিত হৈ আছিল । পিছলৈ যোগ সাধনাৰ অভ্যাস সমূহ যাতে সমাজৰ মাজৰ পৰা হেৰাই নাযায়, যুগ যুগ ধৰি যাতে মানৱ জাতিয়ে যোগৰ সাধনাৰ লাভালাভ সমূহ পায় যায় সেই ভাৱ ধাৰণাক লৈ মহিৰ্ষী পতঞ্জলীয়ে যোগৰ সূত্ৰ সমূহ “পতঞ্জলী যোগসূত্ৰ" নামেৰে এখন যুগান্তকাৰী দৰ্শন গ্ৰন্থ সৃষ্টি কৰি থৈ যায় । সাংখ্য আৰু যোগ দৰ্শন ভাৰতবৰ্ষৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰাচীনতম বৈদিক তথা বেদান্ত দৰ্শন । যোগদৰ্শন সকলো ধৰ্ম-সম্প্ৰদায়, মত-মতান্তৰ, বাদ-বিবাদৰহিত সম্পূৰ্ণ সাৰ্বভৌম আৰু ধৰ্মনিৰপেক্ষ দৰ্শন । যোগৰ মূলমন্ত্ৰ মানৱ সেৱা ।

মানৱ সেৱাৰ কথা উল্লেখ কৰাৰ লগে লগে মানৱ শৰীৰৰ সৃষ্টি ৰহস্যৰ কথা আহে । আমাৰ মানৱ চক্ষুৰে কেৱল ব্যক্তি এজনৰ বাহ্যিক অবয়ৱটোহে দেখো । শৰীৰৰ ভিতৰত যে সূক্ষ্মৰ পৰা সূক্ষ্মতম পাঁচটা শৰীৰৰ অস্তিত্ব আছে সেই গূঢ় ৰহস্য জনাত একমাত্ৰ যোগ সাধনাই সহায় কৰে। সূক্ষ্ম শৰীৰৰ অৱস্থিতি আমি কেৱল অনুভৱ কৰিবহে পাৰো, স্পৰ্শ তথা খাদ্য-সামগ্ৰী যোগান ধৰিব নোৱাৰো। উক্ত সূক্ষ্ম শৰীৰ সমূহক যোগৰ ভাষাত “কোষ" বুলি জনা যায় । সূক্ষ্ম পাঁচটা কোষক একেলগে “পঞ্চকোষ" বুলি কোৱা হয়। পঞ্চকোষ সমূহ হ'লঃ অন্নময়কোষ , প্ৰাণময়কোষ, মনোময়কোষ, বিজ্ঞানময়কোষ আৰু আনন্দময়কোষ ।

এই লিখনিত পঞ্চকোষৰ ভিতৰৰ দ্বিতীয়কোষ প্ৰাণময়কোষৰ ওপৰত কিছু বিশ্লেষণ আগবঢ়াব বিচৰা হৈছে। প্ৰাণময়কোষ আমাৰ ভৌতিক শৰীৰৰ উন্নতিৰ সাধনৰ এটি বিশেষ পথ। এই কোষক আমাৰ পাঁচটা জ্ঞানেন্দ্ৰিয় (চকু, কাণ, নাক, জিভা, আৰু ছাল) আৰু পাঁচটা কৰ্মনেন্দ্ৰিয় (হাত, ভৰি, ভাষা, হ'ৰমণ নিঃসৰণ গ্ৰন্থি আৰু সৃষ্টিৰ প্ৰণালীসমূহ)ই কাৰ্যক্ষমতা বঢ়োৱাত সহায় কৰে। প্ৰাণময় শৰীৰ পঞ্চপ্ৰাণ (প্ৰাণ, অপান, সমান, উদান, ব্যান)ৰ দ্বাৰা সঞ্চালিত হৈ ভৌতিক শৰীৰ সতেজ কৰি ৰাখে। পঞ্চপ্ৰাণে প্ৰাণময় শৰীৰক সূক্ষ্ম ৰূপত আৱৰি ৰাখে।

প্ৰাণ হ'ল উশাহ আৰু নিশ্বাসৰ দ্বাৰা যি জীৱনীশক্তি শৰীৰত সোমাই আমাক জীয়াই থাকিবলৈ সঞ্জীৱনী প্ৰদান কৰে। শৰীৰত জীৱনী শক্তি বিভিন্ন মাধ্যমৰে সোমাব পাৰে। প্ৰাণময় কোষৰ উন্নতি সাধনৰ বাবে যোগ গ্ৰন্থসমূহত যৌগিক প্ৰাণায়ামৰ বিশদ বিৱৰণ আছে।

প্ৰাণায়মৰ অভ্যাস নিয়মীত আৰু শুদ্ধ ৰূপত কৰিলে মানৱ জীৱনৰ আয়ুস বাঢ়ে, বিভিন্ন বেমাৰ-আজাৰ নাইকিয়া হয় আৰু বয়সৰ আচোৰ বাহ্যিক ভাৱে নিয়ন্ত্ৰণত ৰাখিব পৰা যায় ।

শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰনৰ কৌশলেই হৈছে প্ৰাণায়ম। প্ৰাণ আৰু অপান বায়ুৰ মিলনকো প্ৰাণায়ম বুলি কোৱা হয়। প্ৰাণায়মৰ মূলমন্ত্ৰ তিনিতা হ'ল – ৰেচক (লাহে লাহে শ্বাস এৰা), পূৰক (লাহে লাহে শ্বাস টনা) আৰু কুম্ভক (শ্বাস-প্ৰশ্বাস বন্ধ ৰখা) । কুম্ভক দুইধৰণৰ - সহিত আৰু কেৱল কুম্ভক। সহিত কুম্ভকত ইচ্ছানুসাৰে শ্বাস বন্ধ ৰখা হয়, কেৱল কুম্ভকত স্বতঃস্ফূৰ্ত ভাৱে শ্বাস-প্ৰশ্বাস বন্ধ হয় । কেৱল কুম্ভক প্ৰক্ৰিয়া একমাত্ৰ কপালভাঁটি ক্ৰিয়া সঠিকভাৱে কৰিলেহে হয়।

মানৱ শৰীৰত উৰ্জা পৰিবহনৰ বাবে অদৃশ্যভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ নলীকা কিছুমান আছে যিবোৰক যৌগিক ভাষাত “নাড়ী" বুলি কোৱা হয়। বিভিন্ন যোগ সম্বন্ধীয় গ্ৰন্থত এই নলীসমূহৰ সংখ্যা বেলেগ বেলেগ দিছে যদিও পতঞ্জলী যোগ দৰ্শন মতে মুঠ ৭২০০০ নাড়ী বা উৰ্জা পৰিবহন নলী মানৱ শৰীৰত আগুৰি আছে। ৭২০০০ নাড়ীৰ ভিতৰত মূল তিনিতা নাড়ী প্ৰাণায়মত অধিকভাৱে ব্যৱহাৰ হয় । নাড়ী তিনিতা হ'ল – ইড়া (নাকৰ সোঁফালৰ বিন্ধা , চন্দ্ৰশক্তি), পিংগলা (নাকৰ বাঁওফালৰ বিন্ধা, সূৰ্য্যশক্তি), সুষূম্না (মেৰুদণ্ডৰ মাজত থকা উৰ্জা নলী)। উক্ত নাড়ী সমূহৰ পৰিস্কাৰকৰণত প্ৰাণায়মৰ বিভিন্ন প্ৰক্ৰিয়া সমূহে যথেষ্ট সহায় কৰে। প্ৰাণায়মৰ প্ৰক্ৰিয়াৰ মূলতে শৰীৰত থকা ক্ষুদ্ৰ সুপ্ত হৈ থকা শিৰা-উপশিৰা সমূহ মুক্ত হৈ পুণঃ সুস্থ হৈ পৰিচালিত হ'ব ধৰে আৰু শৰীৰ ৰোগ -ব্যাধি মুক্ত হৈ সুস্থ-সবল দেহৰ গৰাকী হ'ব পাৰে। প্ৰাণায়ম কৰাৰ সময়ত মেৰুদণ্ড পোণ কৰি বহি, মন শান্ত ৰখা উচিত । প্ৰাণায়ামে মানৱ শৰীৰৰ মেৰুদণ্ডত স্থিত সাতোটা উৰ্জা চক্ৰ উদ্বীপন কৰে ।

প্ৰাণায়ামৰ কিছু প্ৰক্ৰিয়া তলত উল্লেখ কৰা হ'লঃ

১। নাড়ীশুদ্ধিঃ নাকৰ বাঁও ফালৰ বিন্ধাৰে শ্বাস এৰা আৰু সেইফালেই লাহে লাহে শ্বাস টনা, সোঁফালেৰে শ্বাস এৰা আৰু শ্বাস লোৱা প্ৰক্ৰিয়া

২। চন্দ্ৰনাড়ী ভেদন প্ৰাণায়মঃ নাকৰ বাঁও ফালৰ বিন্ধাৰে শ্বাস লোৱা আৰু সোঁফালে লাহে লাহে এৰা ।

 ৩। সূৰ্য্যনাড়ী ভেদন প্ৰাণায়মঃ  নাকৰ সোঁফালৰ বিন্ধাৰে শ্বাস লোৱা আৰু বাঁওফালে লাহে লাহে শ্বাস এৰা।

৪। ভ্ৰমৰী প্ৰাণায়মঃ শ্বাস টানি মুখৰ ভিতৰত ভোমোৰা বা মৌমাখিৰ দৰে শব্দ কৰা হয় । সেই সময়ত নিশ্বাস শব্দৰে বাহিৰ হয়।

 ৫। শিতলীকৰণ প্ৰাণায়মঃ জিভাখন পাইপৰ দৰে ঘূৰাই জিভাৰে শ্বাস টনা আৰু নাকেৰে লাহে লাহে নিশ্বাস এৰা।

৬। শীতকাৰী প্ৰাণায়মঃ জিভাখন ওপৰ পাৰি দাঁতেৰে হেঁচি ধৰি জিভাৰ কাষেৰে শ্বাস টনা আৰু নাকেৰে নিশ্বাস এৰা ।

 ৭। স-দন্তা প্ৰাণায়মঃ দুয়োপাৰি দাঁত লগলগায় দাঁতৰ মাজেৰে শ্বাস টনা।

 ৮। উজ্জায়ী প্ৰাণায়মঃ ডিঙিৰে শব্দ হোৱাকৈ শ্বাস টনা ।

 ৯। ঔঁম কাৰ প্ৰাণায়মঃ অ,ও,ম অকলে অকলে ৫/৯ বাৰলৈ আৰু তিনিওটা মিলায় একেলগে ঔঁম শব্দটি শ্বাস দীঘলকৈ টানি যিমান দীঘলকৈ পৰা যায় শব্দ কৰি কৰিব লাগে।

১০। বিভাগ প্ৰাণায়মঃ শ্বাস টনা হয় প্ৰথমে পেট ফুলোৱা হয় দ্বিতীয়তে বুকু ফুলোৱা হয় তৃতীয়তে কান্ধ লৈ শ্বাস টনা হয় । নিশ্বাস এৰোতে প্ৰথমে কান্ধ পিছফালেৰে ঘূৰাই নামে, দ্বিতীয়তে বুকু নামে আৰু শেষত পেট সোমায় যায় ।

উক্ত প্ৰাণায়ম সমূহৰ নিয়মীয়া অভ্যাসে মাইগ্ৰেন, চাইনাচ, দৃষ্টি দোষ, ENT ৰ সমস্যা সমূহ লাঘৱ কৰাৰ লগতে, ককাঁলৰ বিষ নিৰাময়, মনৰ পৰা দুচিন্তা দূৰ কৰি এটি সুন্দৰ সুস্থ জীৱন যাপন কৰাত সহায়ক হয়।

শেষত এটি শ্লোকৰে সকলোৰে কুশল-মংগল কামনা কৰা হ'ল -

সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া ।

সৰ্বেভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ ।।

ঔঁম শান্তিঃ শান্তিঃ শান্তিঃ

(লেখিকা কটন বিশ্ববিদ্যালয়যোগ শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত)

আপুনিও ভাল পাব পাৰে!