লেখকঃ অজয় বৰুৱা
কোনো এটা অঞ্চলৰ জনসাধাৰণৰ আশা-আকাংক্ষা, সুখ-দুখ, হাঁহি-কান্দোন, ৰীতি-নীতি, ভৌগোলিক, ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, আৱেগিক অনুভৱৰ মূর্ত প্রকাশ বা জনজীৱনৰ গীতবোৰেই লোকসঙ্গীত বা লোকগীত। এই গীতবোৰ কিছুমান বিশেষ অঞ্চল, বিশেষ জাতি-জনজাতি মাজত সমৃদ্ধ হৈ থাকে। মুখে মুখে প্রচাৰ হৈ অহা স্বাধীন, সৰল, অকৃত্ৰিম এই গীতবোৰ ৰচনাৰ বাবে বা গাবলৈ কোনো গুৰুৰ ওচৰলৈ বা পঢ়াশালিলৈ যাব নালাগে। লোকগীতবোৰ যদিও পৰম্পৰাগতভাৱে সৰল সাৱলীল তথাপি কিছুমান অলিখিত নিয়মৰ দ্বাৰা ই পৰিচালিত। সম্পূৰ্ণ আঞ্চলিক, আঞ্চলিক ভাষা, সুৰৰ ওপৰত নিৰ্ভৰ কৰি এই গীতবোৰ গঢ় লৈ উঠে। য'ত থাকে গাঁৱলীয়া সমাজৰ এক নিখুঁত ছবি, সাধাৰণ মানুহৰ চৰিত্ৰ কিম্বা জনজীৱনৰ জীৱিকা, সংঘাত, দুখ, সমস্যা, উত্তেজনা, শোষণ, বঞ্চনা মনোজগত আৰু হৃদয়াবেগৰ কথা। বিশেষকৈ উৎপাদমুখী, কঠোৰ পৰিশ্ৰম কৰা ব্যক্তি বা সমাজৰ বিশেষ চৰিত্ৰই এই লোকসঙ্গীত বা লোকগীতবোৰ সৃষ্টি কৰে। সুৰ,কথা,লয় সেই একেজন ব্যক্তিৰেই হয়। যেনে নাও বাই বাই সুখ বা বেজাৰত ওলাই অহা মনৰ ভাৱ, গৰু, ম'হ, হাতী, চৰাবলৈ যাওঁতে স্বাভাৱিকতে ওলাই কথাবোৰ গীত ৰূপ দিয়া।
কোনো সাহিত্যকর্মক বৈশিষ্ট্যপূৰ্ণ আৰু কালজয়ী ৰূপদানৰ ক্ষেত্ৰত বৈচিত্ৰ্যপূর্ণ চৰিত্রৰ ভূমিকা বিশেষভাৱে তাৎপর্যপূর্ণ। সেয়ে অতীতৰ সাহিত্যবোৰতো দেখা যায় লেখক এজনে চৰিত্র চিত্রণত সর্বাধিক গুৰুত্ব দিয়ে। য'ত চৰিত্রবোৰ প্রাণবন্ত হৈ থাকে। গোৱালপৰীয়া লোকগীতত এই স্বকীয় বৈশিষ্ট্য সততে বিদ্যমান। যাৰ বাবে গোৱালপৰীয়া লোকগীত সমূহ অনন্য হৈ পৰিছে জনমানসত। লোককবিয়ে লোকসমাজক আনন্দ আৰু শিক্ষাদান কৰিবৰ নিমিত্তে সৃষ্টিকর্মত আত্মনিয়োগ কৰে। লোককবিৰ জীৱন দর্শন লৌকিক আৰু তেওঁলোকে ৰচনা কৰা ভিত্তিসমূহ লোকসমাজ। এনে ৰচনাত চিত্ৰত হয় লোকচৰিত্র অস্তিত্বৰ সন্ধানৰ ফল। লোকগীতবোৰৰ ভাষা আৰু সুৰবোৰ সমাজৰ প্রতিজনৰে হৃদয়ত, মনত অতি সহজে স্থান পায়। কিছুমান বিশেষ শব্দ সংগীতত ব্যৱহাৰ হোৱা বাবে এই গীতসমূহে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। মাহুত, মইষাল, বাইসাল, গাড়ীয়াল, যাদু, আদি এনে শব্দ বা চৰিত্র। হস্তীৰ কন্যা খ্যাত গৌৰীপুৰৰ ৰাজবংশৰ জীয়ৰী তথা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীয়ে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেয়ে গোৱা লোকগীতবোৰত এই চৰিত্র সমূহ দেখা যায়। জনসংস্কৃতিৰ অভ্যন্তৰত সোমাই নিৰলস সাধনাৰে জীৱনজুৰি গোৱা গীতবোৰত প্রাণৱন্ত হৈ আছে আৰু থাকিব এই চৰিত্র সমূহ। বিশেষকৈ মাহুত আৰু মাইষাল এই দুই চৰিত্র প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতৰ প্রাণবুলি ক’ব লাগিব।
মাহুত চৰিত্র
অতীজৰে পৰা গোৱালপৰীয়া ৰাজপৰিয়ালত, জমিদাৰ, সমাজৰ ধনাঢ্য, অভিজাত তথা সন্মানিত ব্যক্তিসকলে নিজৰ গৌৰৱ আৰু আভিজাত্য প্রকাশৰ বাবে হাতী পুহিছিল। ইয়াৰ উপৰিও যুদ্ধ বিগ্ৰহ, বেহা-বেপাৰ, চিকাৰ আদিতো ব্যৱহাৰৰ বাবে হাতী ৰাখিছিল। এই হাতীবোৰক পোহ-পালন আৰু তদাৰকৰ বাবে কম দৰমহাত চাকৰি কৰা আর্থিকভাৱে দুৰ্বল আৰু অশিক্ষিত শ্রেণীৰ লোকক খটুৱাইছিল। যাক সাধাৰতে মাউত বা মাহুত বোলা হৈছিল। ৰ'দ বতাহ, শীত-গৰম আওকান কৰি প্ৰকাণ্ড জন্তুটো চলাইফুৰা এই মাহুতৰ কাম আছিল।দৰিদ্রতাৰ অতল পংকত এই মাহুতৰ আকণ্ঠ নিমজ্জিত হৈ জীৱনৰ সুখ-স্বাচ্ছন্দ্য হেৰুৱাই পেলাই।নিজৰ ঘৰ মাটিহীন, দুবেলা দুমুঠি ভাতৰ বাবে চিন্তাত জুৰুলা কোনো সামাজিক মৰ্যাদা, অনুকম্পা, স্বীকৃতি নোপোৱা এই শ্রমকাৰী, অনাদৃত, নিস্পেষিত মাহুত সকলকৰ জীৱন আৰু কৰ্মৰাজিৰক লৈ লিখা গীতবোৰেই মাহুত গীত। য'ত মাহুত চৰিত্রটো বাস্তৱিক ৰূপ পাইছে।এই গীতবোৰৰ মাজেৰে মাহুত চৰিত্রটো এক সংবেদনশীল ৰূপত প্ৰকাশ পাইছে।
“আইওক ছাড়িলং বাইওক ছাড়িলং
ছাড়িলং সোণাৰ পুৰী
বিয়াও কৰিয়া ছাৰিয়া আসিলং ও
সখী অল্প বয়সেৰ নাৰী সখী ও।
ও মোৰ দান্তাল হাতীৰ মাহুৰ ৰে
যেদিন মাহুত শিকাৰ যায়
নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে,,,,,। "
এই লোকগীতবোৰত মাহুত চৰিত্রটোৰে পৰাধীন জীৱন যাপন কৰা, নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি, আত্মীয়-স্বজনৰ মৰম এৰি থৈ দেশ-দেশান্তৰৰ বননিৰ প্রান্তে প্রান্তে ঘুৰি ফুৰিব লগীয়া হয় তাৰে ছবি ডাঙি ধৰিছে। মাহুতৰ সদ্যবিবাহিত নাৰীয়েও এই বিচ্ছেদ সহ্য কৰিবলগীয় হয়। নতুন কইনাৰ অসহনীয় বিচ্ছেদ বেদনা, যন্ত্ৰণা উপৰোক্ত গীতৰ মাজেৰে প্ৰকাশ কৰিছে। মাহুত জীৱন বৰ বিপদ সংকুল, তদুপৰি অতিৰিক্ত পৰিশ্রম থকা-খোৱাৰ দুৰ্ভোগ আদি সকলো কষ্টকৰ অনুভৱ আঁতৰি যায়, তেতিয়া মাহুতে পত্নীৰ কথা মনত পেলায়। পত্নীৰ স্মৃতিয়ে মাহুতৰ মন ক্ষন্তেকৰ কাৰণে হ'লেও পুলকিত কৰি তোলে। হস্তীৰ কন্যা গীতটিত মাহুতে হাতী চিকাৰলৈ যোৱাৰ সময়ত পুত্র-কন্যা-পৰিবাৰক বিদায় দি যাত্রা কৰা দৃশ্য হৃদয় বিদাৰক।
“পুখুৰীতে নাইৰে পানী
নৌকা কেমন চলে
যে নাৰীৰ পুৰুষ নাই ও
তাৰে ৰূপ কি কাম কৰে সখী ও,,,। "
পত্নীৰ এই অনুভৱৰ কথা মাহুতে জানিও নাজানে, শুনিও নুশুনে। জীৱন-জীৱিকা নির্বাহৰ বাবে সি পত্নী-প্রেম আৰু ঘৰৰ মায়াকো আওকাণ কৰিবলগীয়া হয়। ইয়াত মাউতৰ কৰ্ত্তব্য নিষ্ঠা আৰু দায়িত্ববোধৰ ইংগিত পোৱা যায়। যিয়ে মাহতৰ অন্তৰত কোমল অনুভূতিবোৰ চূর্ণ-বিচূর্ণ কৰি দিয়ে। সেয়ে পত্নীয়ে অভিযোগ কৰিছে
“ৰাজাৰ ঘৰে নিয়া চাকিৰি
ছাৰিলেন ঘৰ বাৰী।
পাষাণ দিয়া বান্ধিলেন হিয়া,
তোমৰা নাই আসেন ফিৰি ৰে। "
পত্নীৰ কাতৰ অনুৰোধ উপেক্ষা কৰা মাহুত যেতিয়া হাতী লৈ গভীৰ অৰণ্যত প্ৰৱেশ কৰে তেতিয়া অৰণ্যৰ নিৰ্জনতাত আবেগিক হৈ পৰে আৰু হৃদয়ত প্রেমৰ মমতা, মায়াৰ অনুভূতি। হৃদয় মোচৰ খাই ঘৰত অকলশৰে এৰি অহা পত্নীৰ কথা ভাবি। প্রতিমা বৰুৱা পাণ্ডে গীতত আছে
“বালু তিল তিল পংখী কান্দে বালুতে পৰিয়া
গৌৰীপুৰীয়া মাহুত কান্দে ও।
সখী ঘৰ বাৰী ছাড়িয়া সখী ও,,,। "
মাহুতৰ এনেবোৰ কথাৰ পৰা দুই বিপৰীতমুখী চেতনাই এক বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে।
“হাতীৰ পিঠিত চৰিয়াৰে মাহুত
কিসেৰ বাবুল মাৰো
পৰাৰ ৰমণী দেখিয়া
জ্বলিয়া ৰমণী দেখিয়া
জ্বালা কেন মৰো ৰে।
হাতীৰ পিঠিত চৰিয়াৰে মাহুত
পৰাৰ কলা ভাঙো
পৰাৰ নাৰীৰ বেদনা
তোমৰা কিবা জানো ৰে। "
হাতীত উঠি নদ-নদী, পৰ্বত-পাহাৰ, অৰণ্য, চৰ-চাপৰি গুৰি ফুৰা মাহুতৰ নাৰীবিহীন ৰিক্ত জীৱনগাঁথা বেদনাপূর্ণ। মাহুতৰ এই বেদনাপূর্ণ জীৱনটোৰ প্রতি নাৰী প্রাণ সহানুভূতিশীল। এই সহানুভূতিৰ পৰাই নাৰী মনত সৃষ্টি হয় প্রেমানুভূতি। মাহুত এজন পৰকীয়া প্রেমৰো নায়ক। এই গীতবোৰৰ মাজত মাহুতৰ পৰকীয়া প্রেমৰ আবেগ-বিহ্বল আৰু স্বকীয় বৈশিষ্টৰ প্রোজ্জ্বল প্ৰকাশ হৈছে।
মাহুতৰ প্রতি প্রেমাসক্তা এগৰাকী নাৰীৰ অনুভূতি প্রকাশ কেতিয়াবা এনেদৰেও হয়,,
“তোমাৰ গেইলে কি আসিবেন
মাহুত বন্ধু ৰে।
হস্তী নৰান হস্তী চৰান
হস্তী গায় দৰি।
সত্য কৰিয়া কনৰে মাহুত
কোনবা দেশে বাৰীৰে। "
মাহুতৰ প্রতি কোনোবা নাৰীৰ সঁচা প্রেমৰ পৰিচায়ক ও মিলনবাসনাৰ সঁচা প্রতিফলত এই গীতবোৰত। যিবোৰ প্ৰতিমা বৰুৱা পাণ্ডে কণ্ঠত প্ৰাণ পাই উঠিছিল। প্ৰেমত ধনী-দুখীয়া, জাতি-অজাতি নাই। শ্রমকাৰী দৰিদ্ৰ মাহুতৰ প্রতি অভিজাত, বিলাসিতাত ডাঙৰ হোৱা নাৰীও আসক্তা।মাহুতৰ সতে বিবাহ হোৱাৰ সপোন ৰচিব পাৰে। তাৰেই বহিঃপ্রকাশ
“মুই নাৰীটা চাইনা থাকো়ং
সকালে আৰ বিকালে ৰে।
ৰাজাৰ ঘৰৰে মাহুত তই
মণ্ডলঘৰেৰ বেটী মুই
মোক নিয়া যান মাহুত
তোৰ সাথেৰে।
ৰাজবংশী লোকগীতত মাহুত চৰিত্ৰটো এটা মনোমোহা, আকৰ্ষনীয় আৰু গুৰুত্বপূৰ্ণ চৰিত্র। য'ত বিবাহিত জীৱন, বিবাহ বহিৰ্ভূত প্রথম আদি দিশ সম্বলিত চিত্র প্রকাশ হৈছে। বিশেষকৈ মাহুতক কেন্দ্ৰ কৰি প্রেমৰ বৈচিত্ৰ্যময় অনুভূতি দিয়াৰ লগতে এই গীতবোৰে এক বিশিষ্ট আয়তন প্রদান কৰিছে। মাহুতৰ সততা, সৰলতা, সাহস-শক্তি মৰমেৰে আবৃত হৃদয় আদি গুণেৰে পৰিপূর্ণ মাহুত গোৱালপৰীয়া লোকগীতৰ এক এৰিব নোৱৰা প্রাণসম চৰিত্র। যাক প্ৰতিমা বৰুৱা পাণ্ডেয়ে গীতৰ মাজেৰে জনমানসত তুলি ধৰিলে। তেওঁ মানুহৰ মন প্ৰাণত এই গীতবোৰ মচিব নোৱাৰাকৈ সোমোৱাই থৈ গ'ল। গোৱালপৰীয়া এই গীতবোৰ বিশ্বত তুলি ধৰিবলৈ সক্ষম হ'ল এই গৰাকী সংগীত শিল্পীয়ে। সেয়ে প্রতিমা বৰুৱা পাণ্ডে অসম পূর্বাঞ্চলৰ লোক-সংস্কৃতিৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি।
সহায়ক গ্ৰন্থ-
- অসমীয়া লোকগীত সমীক্ষা
- প্রতিমা এক সোণালী কণ্ঠৰ উৎস-সন্ধান।
- ও মোৰ হস্তীৰ কন্যাৰে

