লেখকঃ ড০ ত্ৰিদিব গোস্বামী
অসমীয়া সমাজত নামঘৰৰ প্ৰাসংগিকতা আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। নামঘৰ হ’ল নামৰ ঘৰ, য’ত নাম গাই মানুহে মনত শান্তি লাভ কৰিব পাৰে। মহাপুৰুষজনাই প্ৰসাৰ আৰু প্ৰচাৰ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ চাৰি খুটি- নাম, দেৱ, গুৰু, ভকতৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পৰ্ক আছে এই নামঘৰৰ লগত। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ আগতে যে বৈষ্ণৱ ধৰ্ম আছিল সেই কথা ভাৰতৰ বিভিন্ন ঠাইৰ মঠ-মন্দিৰ, শিলালিপি আদিয়ে প্ৰমাণ কৰে।
শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ লৈ নামঘৰ স্থাপন কৰিলে আৰু এই নামঘৰ হৈ পৰিল অসমীয়া সমাজৰ ভাষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতিৰ নতুন কেন্দ্ৰস্থল। নামঘৰে অসমীয়া সমাজক নতুনত্ব দিলে। কলিকালত নামহে সাৰ আৰু অসমীয়া সমাজে নামৰ মাজেৰে নতুন সাৰ-পানী পাই উজ্জীৱিত হৈ উঠিল। নামঘৰৰ দ্বাৰা শংকৰদেৱে কৰা নতুনত্বৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে আমি তলত দিয়া ধৰণেৰে এখন তালিকা প্ৰস্তুত কৰিব পাৰো–
১। নামঘৰত হোৱা ভাওনাৰ বচনে আৰু গীত-মাতে সংস্কৃতিৰ চৰ্চাত সহায় কৰে।
২। ভাওনাত ব্যৱহৃত হোৱা সাজ-পোছাক, মুখা, ধনু, গদা আদিয়ে আমাৰ অতত সভ্যতাৰ সূচনা কৰে।
৩। নামঘৰৰ ডবা, তাল, নাগাৰাই আমাৰ পৰম্পৰাগত বাদ্যৰ বিষয়ে আমাক অৱগত কৰাই।
৪। নামঘৰৰ কঠ, ঢাৰিত বহা প্ৰক্ৰিয়া সম্পূৰ্ণ বিজ্ঞানসন্মত।
৫। নামঘৰত প্ৰতিষ্ঠা কৰা সিংহাসন, জয়-বিজয়, গড়ুৰ, হনুমানে আমাৰ বেদ উপনিষদ, ৰামায়ণ, মহাভাৰতৰ কথা সকিয়াই থাকে।
৬। নামঘৰত দিয়া প্ৰসাদ-বুট, মগু, আদা, নিমখৰ সমাহাৰ উৎকৃষ্ট আৰু প্ৰ’টিনযুক্ত। প্ৰসাদৰ লগত দিয়া ফলাহাৰত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় উপাদান নিহিত।
৭। নামঘৰত হোৱা ৰাইজ মেলে প্ৰাথমিক পৰ্য্যায়ত ৰাইজক ন্যায় প্ৰদান কৰাৰ কেন্দ্ৰ হিচাপে স্বীকৃত।
৮। নামঘৰত প্ৰৱেশ কৰাৰ পাছত ভাষাৰ উচ্চ-বাচ্য কোনেও নকৰে। অশ্লীল শব্দৰ ব্যৱহাৰ নামঘৰৰ ভিতৰত কৰা নিষেধ। সেয়েহে ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নামঘৰৰ পৰিৱেশে আমাক শিক্ষা দিয়ে।
৯। নামঘৰৰ ‘নামঘৰীয়া’ৰ চৰিত্ৰটো কৰ্মস্পৃহাৰ আন এক নাম। তেওঁ ঠাই সৰা, মোচাৰ পৰা আৰম্ভ কৰি নামঘৰৰ সামগ্ৰিক পৰিৱেশৰ ক্ষেত্ৰত সচেতন।
১০। নামঘৰত ‘বুঢ়া ডাঙৰীয়া’ ওলাই বুলি জনশ্ৰুতি আছে। নামঘৰৰ ‘বুঢ়া ডাঙৰীয়া’ বগা সাজ পিন্ধা, ওখ দেৱতা সদৃশ ব্যক্তি, শুভ্ৰতাৰ প্ৰতীক।
১১। নামঘৰৰ গায়ন-বায়নে ক্ৰমে তাল আৰু খোল বজায়। তেওঁলোকে পৰম্পৰাগত বাদ্যৰ চৰ্চা কৰাৰ লগতে ভাওনাৰ সামগ্ৰিক ৰূপক অৱগত কৰাত পৰোক্ষভাবে সহায় কৰে।
১২। নামঘৰত নাম গাওঁতে কিছুসংখ্যক লোকে হাত চাপৰি বজায়। এই চাপৰি বজোৱা কাৰ্য স্বাস্থ্যসন্মত।
১৩। ভাদ মাহত পুৰুষসকলৰ লগতে আই সকলেও নাম ৰাখে। ভাদ মাহৰ নামে অসমত এক বিশেষ ধৰ্মীয় পৰিৱেশৰ সৃষ্টি কৰে।
১৪। নামঘৰত গুৰু তিথিসমূহ, বিহু তিনিটা, জন্মাষ্টমী আদি উদযাপন কৰা হয়। এই উদযাপনে নামঘৰৰ অন্তৰ্গত লোকসকলৰ মাজত প্ৰীতি-সদ্ভাৱ বঢ়ায়।
১৫। নামঘৰত পৰিৱেশিত খাদ্যই আমাক অখাদ্যৰ বিষয়ে বহুখিনি কথা অৱগত কৰে।
১৬। নামঘৰত পিন্ধিবলগীয়া সাজ-পোছাকে আমাৰ জাতীয় সংস্কৃতি ৰক্ষাত প্ৰত্যক্ষ-পৰোক্ষভাবে সহায় কৰে।
১৭। নামঘৰৰ বাটচ’ৰা আৰু মণিকূটৰ স্থাপত্য আৰু ভাস্কৰ্য্যই অসমীয়া সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।
১৮। নামঘৰত হোৱা ভাওনা, ভাগৱত পাঠ, বৰগীতৰ চৰ্চা আদিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে প্ৰাচীন অসমীয়া সাহিত্যৰ চৰ্চাত সহায় কৰে।
বৰ্তমান সময়ত নামঘৰসমূহে কেনেকুৱা হ’লে এই অনুষ্ঠানে অসমীয়া জাতিৰ উৎকৰ্ষ সাধনত সহায়ক হ’ব সেই সম্পৰ্কে তলত দিয়া হ’ল–
১। নামঘৰৰ চৌহদ চাফা হ’ব লাগে।
২। চৌহদৰ ভিতৰত প্লাষ্টিক ব্যৱহাৰ হ’ব নালাগে।
৩। নিতৌ বন্তি গছি জ্বলি থকাৰ সুব্যৱস্থা কৰিব লাগে।
৪। নামঘৰত সংলগ্ন হৈ থকা কোঠাত ধৰ্মীয় গ্ৰন্থসমূহ ৰখাৰ ব্যৱস্থা কৰিব লাগে।
৫। বৰগীতৰ লিপি, ভাওনাৰ পোছাক, খোলৰ বাজনা আদিৰ বিষয়ে আলোচনা চক্ৰ আৰু কৰ্মশালা পাতিব লাগে।
৬। ভাওনাৰ স্ত্ৰিপ (Script) সমূহ লিখি প্ৰকাশ কৰা।
৭। খোলৰ বাজনা সমূহৰ সৰলীকৃত ৰূপ কৰি প্ৰকাশ কৰা।
৮। ৰঙচুৱা পোছাকৰ সলনি ভাওনা সমূহত স্থানীয় পোছাকৰ ব্যৱহাৰ কৰা।
৯। ভাওনাত দূত কেৱল হাঁহি খোৰাকৰেই উৎস নহৈ সমসাময়িক সমাজৰ সমস্যাৰাজিক অৱগতকৰণ কৰাৰ উৎস হওঁক।
১০। মূল বিষয়ৰ লগত সম্পৰ্ক নথকা ঘটনা বা চৰিত্ৰসমূহ আঁতৰাই ভাওনাত এটা নিৰ্দিষ্ট বিষয়ৰ উপস্থাপন কৰা।
১১। নামঘৰৰ ভিতৰত প্ৰৱেশৰ বেলিকা পুৰুষৰ ক্ষেত্ৰত চুৰিয়া আৰু মহিলাৰ ক্ষেত্ৰত চাদৰ-মেখেলা পিন্ধা বাধ্যতামূলক কৰা।
১২। উৎসৱ-পাৰ্বনত দিয়াৰ বাদেও নিজৰ আয়ৰ কিছু অংস নামঘৰত দান দিয়া।
১৩। নামঘৰ উন্নয়ন সমিতি গঠন হোৱা।
১৪। নামঘৰক Soceity Actৰ অধীনত ৰেজিষ্ট্ৰেচন কৰা।
১৫। সাংস্কৃতিক সঞ্চালকালৰী (Cultural Affairs)ৰ লগত যোগাযোগ কৰি অৰ্থনৈতিক সাহায্য আনিবৰ বাবে যত্ন কৰা।
১৬। নামঘৰৰ চৌহদত মাদক দ্ৰব্য (বিড়ি, চিগাৰেট, মদ, ভাং) সেৱন কৰি প্ৰৱেশ কৰা নিষেধ হওঁক।
১৭। পুৰুষানুক্ৰমে বা পৰিয়ালকেন্দ্ৰিকভাবে গায়নৰ পাছত গায়ন আৰু বায়নৰ পাছত পায়ন নহৈ গুণ আৰু পাৰদৰ্শিতাৰ ভিত্তিত যোগ্যজনে স্থান পোৱা উচিত।
১৮। নামঘৰ সম্পৰ্কীয় নথি-পত্ৰ, অতীতৰ বা-বাতৰি আদি সকলো লিখিত ৰূপত কম্পিউটাৰত সংৰক্ষণ কৰা।
অসমৰ বাহিৰেও ভাৰতৰ আন আন ৰাজ্যত আৰু ভাৰতৰ বাহিৰতো বৰ্তমান সময়ত নামঘৰ আৰু নামঘৰ সদৃশ প্ৰাৰ্থনা আৰু কীৰ্তন ঘৰ দেখা যায়। অসমীয়া সমাজৰ নামঘৰ অকল জাতীয় নাটশালেই নহয়, ই অসমীয়া সমাজ জীৱনৰ উত্তৰণৰ বৰ সেন্দুৰীয়া আলি। য’ত থাকি এজন ব্যক্তিয়ে নিজৰ, দহৰ, জাতিৰ আৰু দেশৰ হিত সাধন কৰিব পাৰে। সেয়েহে যুগে যুগে নামঘৰৰ প্ৰাসংগিকতা বাঢ়িছে আৰু আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক নি চন্দ্ৰ, মঙ্গল পোৱালেগৈও নামঘৰৰ ভৰা তালৰ শব্দই কাৰো কাণত তাল নামাৰে, বৰঞ্চ যি শব্দই মনক এক মিনিটৰ বাবে হ’লেও মৌন কৰি ঈশ্বৰমুখীহে কৰি তোলে।
নামঘৰৰ নিৰ্মাণ পূৱা-পশ্চিমাকৈ হয়। ইয়াৰ প্ৰথমেই স্থাপন কৰা খুটাটো লাইখুটা। সিংহাসন ৭/৯/১১/১৩ খলপীয়া হোৱা দেখা যায়। সিংহাসনত কাছ, হাতী, সিংহ আদি খোদিত কৰা দেখা যায়, য’ত কাছ-ধৰিত্ৰী, হাতী-পাপ আৰু সিংহ নামৰ প্ৰতীক। চাৰি অংশত বিভক্ত নামঘৰ– বাটচ’ৰা, মূল নামঘৰ, মণিকূট আৰু ছোঁ ঘৰ। প্ৰাপ্ত তথ্য মতে অসমত বৰ্তমান ৬ লাখতকৈও অধিক সৰু-বৰ নামঘৰ আছে। এই সমূহৰ ভিতৰত ঢেঁকীয়া খোৱা বৰ নামঘৰ আৰু শ্ৰীশ্ৰী আঠাখেলী নামঘৰ আৰু হাটবৰৰ ভৰালী নামঘৰে নিজা নিজা বৈশিষ্ট্যৰে ভক্তসকলৰ সোঁত বোৱাই ৰাখিবলৈ সমৰ্থ হৈছে।
আমাৰ প্ৰত্যেকটো নামঘৰেই অসমীয়া সাহিত্য-সংস্কৃতিৰ বাহক আৰু ধাৰক। ইয়াৰ কলেৱৰ কিমান। ই কিহেৰে তৈয়াৰী সেইটো ডাঙৰ কথা নহয়, ভিতৰত সোমালেই গম্ গম্ কৈ লগা পৰিৱেশ প্ৰত্যেকটো নামঘৰতে আছে আৰু সেই পৰিৱেশতে উজ্জীৱিত হৈছে আমাৰ প্ৰাণ, আমাৰ জীৱন।