Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

সুধাকণ্ঠৰ গীতত প্ৰকৃতি, স্বদেশ প্ৰেম আৰু মানৱতাবাদ

post
<

Share

লেখকঃ ড০ পবিত্ৰ গগৈ

আৰম্ভণিঃ

অসম,অসমীয়াক সংগীতৰ সাধনাৰে বিশ্বৰ মজিয়ালৈ বাট চিকুনাই লৈ যোৱা শিল্পীসত্তাৰ নামেই হ’ল সুধাকণ্ঠ ভূপেন হাজৰিকা। সংগীতৰ পটভূমি যিয়েই নহওক কিয়, তেখেতৰ সুশৃংখলিত পৰিকল্পনা, ভাৱব্যঞ্জনাৰ লগত ৰজিতা খোৱা শব্দ নিৰ্বাচন, ধবনিতত্ত্বৰ সূক্ষ্মাতিসূক্ষম অভিজ্ঞতাই গায়কী সত্তাটোক অনন্য মাত্ৰা প্ৰদান কৰি প্ৰতিজন শ্ৰুোতাৰ হদয়ত অমিয়া ঝংকাৰ তুলিবলৈ সমৰ্থ হৈছিল। গণশিল্পী, ভাৰতকণ্ঠ, বিশ্ববন্দিত এইগৰাকী সংগীত সূৰ্য কলা নিপুণতাৰ অনন্য পৰিচায়ক। তেখেত আছিল একাধাৰে সংগীতজ্ঞ, সাংবাদিক, চিত্ৰকৰ, ৰাজনীতিবিদ, সংগীত আৰু কথাছবি পৰিচালক, লেখক, সম্পাদক, মানৱতাবাদী, বিশ্ব নাগৰিক, যুগভ্ৰষ্টা, কিংবদান্তি পুৰুষ আৰু বহুমুখী প্ৰতিভাসম্পন্ন সমন্বয়ৰ ৰূপকাৰ। কোনো বিশেষণেৰে অনতিস্পৰ্শ এই গৰাকী মহান শিল্পী প্ৰটিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ অক্ষত উৎস। প্ৰেম, প্ৰকৃতিক সুৰৰ কেনভাছত এনেদৰে বিন্যাস ঘটাইছিল যে, প্ৰতিটো কালজয়ী গীতেই লাভ কৰিছিল মহাকাব্যিক আয়তন। বিচিত্ৰতাৰ লীলাভূমি গোলকীয় পৃথিৱীতে অসমৰ চিৰশাশ্বত ঠিকনা হ’ল ভূপেন হাজৰিকা। জীৱন সংগ্ৰামত অথিৰ-অবিৰ হোৱা কণ্ঠহাৰাৰ বাবে এইগৰাকী সংগীতপ্ৰাণ হ’ল প্ৰেৰণা আৰু সৃষ্টিৰ উৎস। আজীৱন সাগৰ সংগমত সাঁতুৰি-নাদুৰি ক্লান্ত নোহোৱা  ভূপেন হাজৰিকাদেৱে বিধ্বংসী ধুমুহাৰ পৰা শক্তি আৰু বজ্ৰৰ পৰা কণ্ঠ আহৰণ কৰিব পৰাকৈ আছিল শক্তিমন্ত স্থিত প্ৰজ্ঞৰ প্ৰতীক।

চৌপাশৰ আবয়বিক বাতাবৰণ নৈ, পাহাৰ, গছ-গছনি, পথাৰ, চৰাই-চিৰিকটি, আকাশ, বতাহ এইবোৰেই প্ৰাকৃতিক উপাদান।

এই সকলোবোৰৰ সমষ্টিগত ৰূপটোৱে হ’ল প্ৰকৃতি। চহাজনৰ দৃষ্টিত প্ৰকৃতি প্ৰকৃতি হৈয়ে ৰয়। সদায় সুন্দৰ ৰূপত যুগে যুগে উপভোগ কৰি আহিছে। কিন্তু একেইখন প্ৰকৃতিয়ে কবিক কবিতা সৃষ্টি কৰিবলৈ, সংগীতজ্ঞক সুৰৰ লহৰ তুলিবলৈ, ঔপন্যাসিকক উপন্যাস লিখিবলৈ, গল্পকাৰক গল্প ৰচনা কৰিবলৈ আৰু নাট্যকাৰক নাটক লিখিবলৈ প্ৰবুদ্ধ কৰায়। প্ৰকৃতি, মানৱ সমাজক আধাৰ কৰি, প্ৰাচ্য আৰু পাশ্চাত্যত সৃষ্টি হোৱা অনেক যুগজয়ী সাহিত্যকৰ্মই সাহিত্যৰ ভড়াল চহকী কৰিছে। অসমৰ লোক জীৱনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা - স্বৰূপাৰ্থত তিনিমুঠি প্ৰসাদেই স্বকীয় গুণেৰে গুণাম্বিত একক আৰু অনন্য পথিকৃৎ। ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উত্তৰসুৰী যিগৰাকী বিশ্ববৰেণ্য সংগীত শিল্পীয়ে সুৰৰ অমিয়া ঝংকাৰু অসম মাতৃৰ শিৰ ওখ কৰিলে সেইগৰাকী ক্ষণজন্মী পুৰুষেই হ’ল ভূপেন হাজৰিকা। সংগীতৰ সাধনাৰে যাযাবৰী হৈ বিশ্বৰ অৰঙে-দৰঙে ঘূৰি ফুৰা এইগৰাকী মহান শিল্পীৰ সংগীতৰ সকলো দিশ নাতিদীৰ্ঘ লেখতে অন্তৰ্ভূক্ত কৰা সহজ নহযÿ। বহুধা বিভক্ত সংগীত সাগৰৰ পৰা দুটিমান গীতৰ আধাৰত এই লেখাত প্ৰকৃতি, স্বদেশপ্ৰেম আৰু মানৱতাবাদী দৃষ্টিভংগীৰ আলোকপাতৰ প্ৰয়াস কৰা হৈছে। তেখেতৰ গৱেষণালব্ধ গভীৰ উপলব্ধি প্ৰতিটো গীতেই হ’ল আমাৰ বাবে সোণসেৰীয়া নজহা-নপমা ফচল।

আলোচনাঃ

ড০  ভূপেন হাজৰিকা এনে এগৰাকী বিশ্ববিশ্ৰুত সংগীতৰ ৰূপকাৰ, যি গৰাকীয়ে ভূমিৰ  পৰা ভূমালৈ ঐতিহ্য চেতনাক সুৰৰ মায়াজালেৰে কাব্যিক আবেদন আৰু দাৰ্শনিক মনোভঙ্গীক একত্ৰ  কৰিব পাৰিছিল। ফটিক পানীত জিলিকি উঠা মুকুতা মণিৰ দৰে প্ৰতিটো গীতৰে ভাৱ-ভাষা স্পষ্ট, স্বচ্ছ আৰু বাৰ্তাবাহক। মানৱতাবাদী, সংস্কাৰকামী চিন্তা তেখেতৰ সংগীতত বিশ্বৰ প্ৰেক্ষাপটত ৰজিতা খাই পৰিছে।

প্ৰকৃতিৰ ৰূপচিত্ৰ সংগীতত ভিন্ন ৰূপত, ভিন্ন দৃষ্টিৰে অংকণ কৰিছে। সমৰ সজ্জাৰে সাজু হোৱা সৈনিকৰ দৰে কলীয়া মেঘেৰে পৰিপূৰ্ণ বৰ্ষাৰ ৰূপবৰ্ণনাইও শ্ৰো¸তাক বাৰুকৈয়ে আপ্লুত কৰে। পানীৰ অভাৱত বাট চাই ৰোৱা কৃষক জনতাৰ বাবে এজাক বৰষুণৰ প্ৰয়োজন কিমান সেই ধাৰণা সুন্দৰ ৰূপত প্ৰকট হৈছে এনেদৰে—

          ‘মেঘে গি্‌ৰ গি্‌ৰ কৰে

      অহ্‌ হিৰ্ হিৰ্ মেঘে কৰে

      বা লাগি আগলতি

      কলপাত লৰে।

      এজাক যেন বৰষুণ

      আহোঁ আহোঁ কৰে।’

প্ৰতিটো ঋতুৱেই মানুহৰ মনোজগতত ৰং আৰু সুৰভি বিলাই যোৱাৰ সুন্দৰ বতৰা দিয়াৰ কথা শিল্পী হাজৰিকাদেৱৰো জ্ঞাত। ছয় ঋতুৰ ভিতৰত শৰতৰ আবেদনেই সুকীয়া। কপাহ কোমল নিয়ৰে অকাঁ ছৱি, আকাশত ডাৱৰৰ পতাকা আৰু স্বছন্দ প্ৰহৰী শৰালি চৰাইৰ  মুকুতিৰ চিত্ৰখনো অতি চিত্তাকৰ্ষক —

          ‘শৰতৰ শেৱালিৰ নতুন নিয়ৰে

       শুভ্ৰ শুভ্ৰ কিবা ছৱি আঁকে

       শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

       মুকুতিৰ গীত গাই শৰালিজাকে।’

গীতৰ শেণীবিভাজনঃ

হাজৰিকাদেৱৰ মন আৰু ব্যক্তিত্বৰ লগত পাণ্ডিত্যগুণে, বিশাল দৃষ্টিভংগীয়ে সংগীত সৃষ্টিৰ উৎস থলিখনো বৈচিত্ৰ্যময় কৰি তুলিলে। যি সময়ত যেনে পটভূমিৰ পৰিৱেশ লাভ কৰে, ঠিক হুবহু ৰূপত পৰিৱেশ পৰিস্থিতিক শব্দ গ্ৰন্থনৰ দ্বাৰা সুৰীয়া আৰু অৰ্থবহ একোটি কালোত্তীৰ্ণ সংগীতে জন্মলাভ কৰে। যাৰ ফলত তেখেতৰ সংগীতৰ মাজত প্ৰেম, প্ৰকৃতি, জনজাতীয় জীৱনচৰ্চা, আঞ্চলিক ৰূপৰেখা,ভৌগলিক বিৱৰণ, অৰ্থনীতি, ৰাজনীতি, সমাজচেতনা আৰু শ্ৰমজীৱী জনতাৰ অনুৰণনৰ সমাহাৰ ঘটিছে। তেখেতৰ অমূল্য গীতসমূহৰ মুখ্যভাৱ আৰু বৈচিত্ৰ্যলৈ লক্ষ্য ৰাখি নিম্নলিখিত শ্ৰেণীবিভাজন কৰিব পাৰি—

          ১. স্বদেশ প্ৰেম প্ৰকাশক সংগীত

          ২. মানৱ প্ৰেমৰ সংগীত

          ৩. প্ৰেম বিষয়ক সংগীত

          ৪. জাতীয় চৈতন্য প্ৰকাশক সংগীত

          ৫. সমসাময়িক বিষয় প্ৰকাশক সংগীত

          ৬. নৃগোষ্ঠীয় জীৱন বৈচিত্ৰ্য প্ৰকাশক সংগীত

          ৭. লোকগীতৰ পৃষ্ঠভূমিত ৰচিত সংগীত

          ৮. শিশু মনস্তত্ত্ব প্ৰকাশক সংগীত।

বিশ্বৰ মানৱ সমাজখনক অনুভৱৰ নিয়াৰিত শিল্পী গৰাকীয়ে টুকুৰিয়াই টুকুৰিয়াই সাগৰ মণ্ঠন কৰি নিটোল ৰূপদান কৰিছিল প্ৰতিটো সংগীতক। দেশ-কালৰ পৰিধি অতিক্ৰমি যি সংগীত চিৰনতুন, ৰসোত্তীৰ্ণ আৰু প্ৰেৰণাৰ উৎস। জীৱন আৰু জগতৰ মাজত এই সংগীত মুঠিয়ে একপ্ৰকাৰ মনিকাঞ্চন সংযোগ স্থাপন কৰিছে।

প্ৰকৃতিঃ

অসম আৰু ভাৰতবৰ্ষ যে নদীমাতৃকা সেইকথাও গণশিল্পী গৰাকীয়ে সুৰ-সমলয়েৰে অনন্য সুন্দৰ ৰূপত ফুটাই তুলিছে। যি সংগীতৰ কলিটি শুনাৰ লগে লগে চকুৰ আগত ভাঁহি উঠে ব্ৰহ্মপুত্ৰ, গংগা, পদ্মা আৰু মেঘনাৰ চিৰপ্ৰৱহমানতাৰ ৰূপচিত্ৰ। তাতে আকৌ লুইতৰ পাৰত জন্মলোৱা আমাৰ শিল্পীগৰাকীয়ে লুইতৰ বৰ্ণনাত সংহাৰীৰূপৰ তাণ্ডৱৰ চিত্ৰখন যেনেদৰে ভয়াবহ, সমান্তৰালভাৱে সমন্বয়ৰ চিত্ৰখনো মনোমুগ্ধকৰ। বুঢ়া লুইতৰ বান বিভিষীকাত চকুলোৰে বাট নেদেখা জনতাই ঘৰ-বাৰী এৰিবলগীয়া মৰ্মস্পৰ্শী বেদনাই শিল্পীগৰাকীক বাৰুকৈয়ে মনোকষ্ট দিয়ে—

       ‘লুইতৰ বলীয়া বান

    তই ক’লৈনো ঢাপলি মেলিছ?

    হিৰ্ হিৰ্ শবদে কাল ৰূপ ধৰি লৈ

    কাকনো বাৰে বাৰে খেদিছ।’

একেখিনি লুইতেই জাতি, ধৰ্ম, বৰ্ণ, বৈষ্যমৰ উৰ্ধত অৱস্থান কৰি দুয়োপাৰে বাস কৰা সকলোকে চেনেহেৰে আতোল তোলকৈ সাৱটি  ৰখাত শিল্পীয়ে গৌৰৱ কৰি গাইছে প্ৰশান্তিৰ সংগীত—

          ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

      কত যুগ ধৰি আহিছে প্ৰকাশি

      সমন্বয়ৰ অৰ্থ।’

হিন্দু, মুছলিম, বৌদ্ধ, জৈন, শিখ, ঈষাই একেলগে সম্প্ৰীতিৰ দলিছাত বহা অসমখন শিল্পীগৰাকীৰ কাম্য। সকলোৰে মিলনত চেনেহৰ দীঘ দি মৰমৰ বাণি বৈ উলিওৱা বুটাবছা চাদৰ হৈ সৌন্দৰ্য বৰ্ধন কৰিব পাৰিলেহে অসমৰ সাম্য-মৈত্ৰী অটুট থাকিব বুলি সংগীতেৰে সোঁৱৰাই গৈছে।

একাধিক ৰূপকল্প আৰোপ কৰি সংগীতৰ সুৰীয়া ফ্ৰেমত বান্ধিব পৰাকৈ গণশিল্পী গৰাকীৰ আছে এটি চিৰজাগ্ৰত মন। নদীৰ মায়াত স্বপ্নবিভোৰ হৈ দৰ্শন কৰিছে মাতৃৰ মমতাময়ী ৰূপ। মাতৃৰ সহমৰ্মিতা গুণ নদীৰ মাজতো বিৰাজমান। সেই বাবে ৰচনা কৰিছে—

          ‘গংগা আমাৰ মা

      পদ্মা আমাৰ মা

      আইৰ চকুলোৰে দুটি ধাৰা

      মেঘনা যমুনা।’

স্বদেশ প্ৰেমঃ

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতত দেশ-প্ৰেমৰ সুঁতি প্ৰোজ্বল ৰূপত প্ৰৱাহমন। বিশ্বৰ দিহিঙে দিপাঙে ঘূৰি জনতাৰ সান্নিধ্য লভিলেও আইমাতৃ অসমীৰ বাবে প্ৰতিনিয়ত চিত্ত উদ্‌বাউল হৈ থাকে। সেয়েহে হদয়ৰ নিভৃত কোণৰ পৰা সুৰৰ সমলয় তুলি দেশপ্ৰেম সংগীতলৈ গতি কৰিছে। দেশপ্ৰেমৰ ইংৰাজী প্ৰতিশব্দ  Patriotism যাৰ জড়িয়তে পিতৃ ভূমিলৈ থকা কৃত্ৰিম শ্ৰদ্ধা, মৰম আৰু ভালপোৱা  নিহিত থকা সূচায়। এই স্বদেশ প্ৰেমৰ গীত সমূহ কেতিয়াবা সম্ভাৱনাৰ বোলেৰে বুলাই শ্ৰোতাৰ মাজলৈ আগবঢ়াই দিছে। দেশৰ পৰা মহাদেশ ভ্ৰমি, সুউচ্চ গগণচুম্বী অট্টালিকা দেখি তাত ভোল যোৱা নাই। সূৰুজৰ সোণোৱালী কিৰণে প্ৰত্যুষতে চুমা দিয়া অসমী আইহে তেখেতৰ প্ৰিয়—

          ‘অসম আমাৰ ৰূপহী

      গুণৰো নাই শেষ

      ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’

মাতৃহীন দুৰ্ভগীয়া মাউৰা সন্তানটিলৈও সংগীতপ্ৰাণ হাজৰিকাদেৱৰ মমতাময়ী দৃষ্টি সংগীতত প্ৰকাশ পাইছে মিনতিৰ অবিব্যক্তিৰূপত। ধৰিত্ৰী উদাৰতাৰ চিৰন্তন প্ৰতীক। সকলো মাউৰা সন্তানকে কৃপনালি নকৰাকৈ ধৰিত্ৰীয়ে কোলাত তুলি আইৰ অভাৱ পূৰাব পাৰে।

          ‘মই হ’লো মাউৰা ল’ৰা

       মোৰ আই নাই

       কাবৌ কৰোঁ ধৰিত্ৰী মোৰ

       তুমি হ’বা আই’

হেজাৰ প্ৰত্যাহবান, সংঘাতে জুমুৰি দি ধৰিলেও গণশিল্পী গৰাকী আশাহত হোৱা নাই। সৰ্বহাৰা নিস্বজনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ অগ্নিযুগৰ ফিৰিঙতিৰ ৰূপ ধাৰণ কৰি হ’লেও এখন নতুন অসম, ভাৰত গঢ়াৰ মানসেৰে সেয়ে গাইছে —

          ‘অগ্নিযুগৰ ফিৰিঙতি মই

      নতুন ভাৰত গঢ়িম

      সৰ্বহাৰা সৰ্বস্ব

      পুনৰ ফিৰাই আনিম

      নতুন অসম গঢ়িম।’

নতুন দেশ এখন সবল ৰূপত গঢ়িবলৈ ন পুৰুষৰ ওপৰত সংগীতেৰে আশাব্যক্ত কৰিছে। নতুন পুৰুষৰ  দুনয়নত তিৰ্বিৰাই থকা অযুত তৰাৰ সম্ভাৱনাৰ দীপাৱলীত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ নিষ্ঠা আৰু আস্থা আছে। নতুন পুৰুষৰ অমিত শক্তিয়ে যুগসন্ধিৰ এলান্ধুকলীয়া শিকলি ডাল চিঙাৰ আশাত গাইছে —

          ‘মই বিচাৰিছোঁ হেজাৰ চকুত

      দীপ্ত সূৰ্য শিখা

      এই ভয়াবহ যুগসন্ধিৰ

      নাশিবলৈ বিভীষিকা।’               

কেতিয়াবা কোনোটো সংগীতত পোহৰক প্ৰতীকীৰূপত গ্ৰহণ কৰি সুন্দৰ ৰূপকল্পৰ সহায়ত এক মায়াময় আৱেগ সৃষ্টি কৰিছে। য’ত অসম দেশৰ প্ৰতিটো ধূলিকণাক উচ্চ প্ৰশংসা কৰি সেই মাটিত মুকলি মনেৰে শয়ন কৰা মালতীৰ পাপৰি উল্লেখ কৰিছে —

          ‘জোনাকৰ ৰাতি অসমীৰে মাছি

      জিলিকে জিলিকে পৰে

      মলয়াৰে ছাটি দুহাতে সাৱটি

      ধুনীয়া মালতী সৰে।’

সন্তানৰ বাবে মাতৃৰ বিপদৰ অশনি সংকেত শুভ হ’ব নোৱাৰে। যদিহে দৃষ্টিৰ অলক্ষিতে কোনোবা সীমনাৰ পৰিধিৰ বাহিৰত অৱস্থান কৰোঁতে মাতৃৰ অশুভ স্থান পোৱা যায়, তাৰ বেদনা অতি মৰ্মান্তিক। গণশিল্পীগৰাকীয়ে কেতিয়াও দেশমাতৃৰ চন্দ্ৰমাসদৃশ বদনত আন্ধাৰৰ কুৎসিত ৰূপ চাব নোখোজে। উপায়ন্তৰ হলে মৃত্যুকো গ্ৰহণ কৰিব, তথাপি দেশমাতৃৰ  ৰূপ-লাৱণ্য, যশ-খ্যাতি হিমালয়ৰ উত্তুংগ শিখৰ হৈ থকাতো বিচাৰে, —

          ‘দেশৰে চন্দ্ৰমা কাল আন্ধাৰে আৱৰে

      অগনি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে

      বুকু হম হম কৰে মোৰ আই

      পুত্ৰ হৈ মই কিমতে তৰো

      আই তোৰে হৈ মই মৰো।’

ঘৰ-বাৰী, সা-সম্পত্তি, নদ-নদী, পথাৰ-সমাৰ সকলোৰে গৰাকী আমি অসমীয়া জাতিয়ে একো নকৰিলেও খাব পাৰিম বুলি গৌৰৱত ওফন্দি উঠা, সপোন শেতেলিত সময় পাৰ কৰাটো শিল্পীৰ চিন্তাৰ পৰিপন্থী। অসমীয়াৰ মাজতে চকুতে থাকি বুকুত কামোৰ মৰা, কুটুটীয়া স্বভাৱে এদিন জাতিটোৰ গৰিমা অৱনমিত কৰাৰ কথা বহুদিনৰ পূৰ্বেই অনুমান কৰিছিল। শিল্পীৰ মনৰ কথাবোৰ সাম্প্ৰতিক প্ৰেক্ষাপটত ষোল্লঅনাই ৰজিতা খাইছে। স্বদেশৰ মাটিতে স্বজাতিৰ আজি না জল নাথল অৱস্থা। সেয়েহে স্বাৰ্থপৰতাৰ বিপৰীত বজ্ৰনিনাদেৰে গাইছে,—

          ‘আমি অসমীয়া নহওঁ দুখীয়া

      বুলি সান্তনা লভিলে নহ’ব

      আজিৰ অসমীয়াই নিজক নিচিনিলে

      অসম ৰসাতলে যাব।’

সমাজত চলি থকা শোষণ, নিষ্পেষণ, নিঃস্বজনৰ হা-হুমুনিয়াহ দেখি সুধাকণ্ঠ গৰাকীৰ হদয় বেদনাবিধুৰ হৈ পৰে। সমাজত ৰঘুমলাৰ দৰে জীয়াই থাকি গা-গছক নিশকটীয়া কৰা, চাল চাই কঠিয়া পৰা দানৱৰূপী দালাল শ্ৰেণীটোক পুলিয়ে পোখাই উভালিব নোৱাৰিলে সমতাৰ ভেটি স্থাপন নহ’ব বুলি আমাৰ শিল্পীজন দূৰদৃষ্টিসম্পন্ন। এচামে শোষণ কৰি ভোজ-ভাত খাই জীৱন কটাব, আন এচামে হাড়ভঙা পৰিশ্ৰম কৰিও সন্তানক এমুঠি অন্ন, এখন বস্ত্ৰ দিব নোৱাৰি মৃত্যু গহ্বৰলৈ ঠেলি পঠিয়াব। এনে অন্যায় মষিমূৰ কৰণাৰ্থে , গৰ্ব ধবংসৰ বাবে সেয়ে প্ৰতিবাদ কৰি হ’লেও অধিকাৰ সাব্যস্ত কৰাৰ পক্ষত থাকি গাইছে এনেদৰে—

          ‘(শুন) বুভুষ শিশুৰ আৰ্তনাদ

       সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ

       সেই সংবাদ শুনিও বধিৰ কিয়?

       তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ

       সংগ্ৰাম আন এটি নাম জীৱনৰ

       ইতিহাসে চিঞৰে জয় জনতাৰ

       ত্ৰাস কৰি দানৱক বধোগৈ আহ।’

মানৱতাবাদঃ

ভূপেন হাজৰিকাদেৱৰ সংগীত চৰ্চাৰ লক্ষ্য কৰিবলগীয়া অন্য এটি গুৰুত্বপূৰ্ণ দিশ হল মানৱতাবাদ। অসমৰ বাহিৰত কটোৱা  অধ্যয়নৰত দিনবিলাকত তেখেতে মানুহৰ মুক্তিপ্ৰয়াসী সংগ্ৰামী বিচিল দেখা পাইছিল। যিহেতু তেখেতে অসমৰ সমস্যা জৰ্জৰ শোষিত, লাঞ্চিতৰ ছৱিখন সৰুৰে পৰা দেখি আহিছিল। সেইহেতু অসমৰ আঞ্চলিক সমস্যা, অভিজ্ঞতাবিলাক আমেৰিকা, আফ্ৰিকা তথা বিশ্বৰ অন্য ঠাইসমূহৰ শোষিত লোকৰ সংগ্ৰামী সত্ত্বাৰ লগত মিলাই  প্ৰসংগক্ৰমে সেইবিলাক গীতৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ আগবঢ়াবলৈ যত্নপৰ হৈছিল। সামগ্ৰিক ৰূপত শিল্পীগৰাকীৰ প্ৰতিটো গীততে প্ৰেম বিৰাজমান। কেতিয়াবা বিদ্ৰোহী হৈ, কোনোবা গীতত ব্যস্তঙ্গগাত্মক ৰূপত, আকৌ সকীয়নী অথবা সচেতনতাৰে মানৱ কল্যাণৰ হকে গীত ৰচনা কৰিছে। তলত দুটিমান গীতৰ আধাৰত মানৱ প্ৰেমৰ আভাস দাঙি ধৰা হ’ল —

          ‘মানুহে মানুহৰ বাবে

      যদিহে অকনো নেভাৱে

      অকনো সহানুভূতিৰে

      ভাবিব কোনেনো কোৱা, সমনীয়া

      মানুহে মানুহৰ বাবে’

মানৱ সমাজৰ লক্ষ্য কেৱল ব্যক্তি স্বাছন্দ্যৰ মাজত সীমাবদ্ধ নহয়। সমাজৰ দুৰ্বলী জনকো সংগী কৰি আগবাঢ়িলেহে জীৱনৰ সাৰ্থকতাই পৰিপূৰ্ণতা লাভ কৰে। নিঃস্বজনৰ দুখত দুখী হ’ব পৰাকৈ ভাবিবলৈ এখন বহল হদয়ৰ গৰাকী হোৱাৰ ইংগিত গীতফাঁকিত দাঙি ধৰা হৈছে।

          ‘জিলিকাব লুইতৰে পাৰ

      এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ্‌জ্যোতিষত বয়

      জেউতি নিজৰাৰে ধাৰ

      শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে

      জিলিকাব লুইতৰে পাৰ।’

ঐতিহ্য চেতনাক সংগীতটিত সাঙুৰি লোৱা হৈছে। যি অসমভূমিত সাঁচিপাতৰ ভাষাই ঐশ্বৰ্য সোঁৱৰাই, চিফুং বাঁহীৰ সুৰত সমন্বয়ৰ বাৰ্তা ভাঁহি আহে আৰু শৌৰ্য-বীৰ্যৰ বাবে ৰংঘৰে দুৱাৰ মুকলি কৰে। এই অসমত নতুনৰ গতি খেদি জীৱন পথ সলনি কৰিবলৈ ওলাই অহা তৰুণ-তৰুণীয়ে বিজ্ঞানৰ জোৱাৰত আস্থা প্ৰতিষ্টা কৰিব। এন্ধাৰ নাইকিয়া হৈ আভাৰে আলোকিত হ’ব প্ৰাগজ্যোতিষপুৰ। আলোক উজ্বল দীপাৱলীৰ আয়োজনত লুইতৰ দুটি পাৰ আনন্দত নাচি উঠিব। প্ৰৱল আশাবাদ নতুন পুৰুষৰ ওপৰত হাজৰিকাদেৱে এই গীতটিত প্ৰতিষ্ঠা কৰিবলৈ লৈছে।

‘আমি একেখন নাৱৰে যাত্ৰী’ শীৰ্ষক গীতটিত (We are in the same boat brother) অনুৰণিত মানৱতাবাদ সীমাৰ পৰিধি ভাঙি বিশ্বজনীন পটভূমিত উপনীত। সমগ্ৰ পৃথিৱীবাসী নাবিকৰ ৰূপত একেখন নাৱৰে যাত্ৰী বুলি ইয়াত অভিহিত কৰা হৈছে।

একেখন আকাশৰ তলত, একেখন ধৰণীৰ বায়ু-পানী সেৱন কৰা মানুহ মানুহেই। হয়তো দেখাত বৰণ কাৰোবাৰ ক’লা কাৰোবাৰ  বগা হ’ব পাৰে। সংঘাত পৰিহৰি প্ৰগতিৰ জখলাত বগাবলৈহে হাজৰিকাদেৱে গীতটিত আহবান জনাইছে।

ভূপেন হাজৰিকাদেৱৰ অন্য এটি অন্যতম গীত হ’ল ‘তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি’। এই সংগীতত গতিক আধাৰ আৰু লক্ষ্য কৰি ৰচনা কৰা হৈছে। ৰেলগাড়ীৰ সাধৰণ শ্ৰেণীৰ ডবাত তৃতীয় শ্ৰেণীৰ যাত্ৰীৰূপে সকলো মানুহেই লক্ষ্য অভিমুখে গতি কৰিছে। অৰ্থাৎ ভূমিস্থকালৰ পৰাই প্ৰতিজন ব্যক্তিয়ে পোৱা নোপোৱাৰ বেদনাৰ ইন্ধনেৰে অতীতৰ কথাভৰা স্মৃতিক সাৱটি আগুৱাই যোৱাৰ যাত্ৰীৰ ৰূপকল্প সুন্দৰকৈ চিত্ৰিত হৈছে। আমাৰ ঐশ্বৰ্য বিভূতি, বেদনা সকলোবোৰ লক্ষ্যস্থান পোৱাৰ লগে লগে সমাপ্তি ঘটিব।

‘জীৱন জোৰা খ্যাতিয়ে যদি’ - শীৰ্ষক গাতটিত ধন-সম্পত্তি, যৌতুক আৰু মানৱতাৰ পৰস্পৰ পৰিপন্থী বুলি বাৰ্তা প্ৰেৰণ কৰা হৈছে। এই পৃথিৱীত মানুহ মানুহৰ অন্তৰায় ৰূপে থিয় দিয়াৰ বাবেই প্ৰেম, মানৱতা, দয়া, ক্ষমাৰ দৰে সৰগীয় অনুভূতিৰ এক নকল ব্যৱসায় গণশিল্পী গৰাকীৰ দৃষ্টিগোচৰ হৈছে। ধনলোভে মানুহক স্থিতা-স্থিত জ্ঞান শূন্য কৰি অমানুহ কৰি তুলিছে। এনে নকল খ্যাতিৰ শিল্পী গৰাকীয়ে ঘোৰ প্ৰতিবাদ জনাইছে।

‘পলাশৰে ৰং’- হাজৰিকাদেৱৰ জনপ্ৰিয় গীতৰ অন্যতম এটি গীত। প্ৰাকৃতিক উপাদান পলাশ ফুলক উপলক্ষ্য কৰি মানৱীয় অনুভূতিক সাঙুৰি গীতটো ৰচনা কৰা হৈছে। মানৱ সমাজ বৰ্তি থাকিবলে চেনেহ এনাজৰীৰ বান্ধোন কটকটীয়া হ’ব লাগিব। কোনোবাখিনিত শিথিলতা আহিলেই সমাজত যে ভাঙোন হ’ব সেই কথা সংগীত সূৰ্য হাজৰিকাদেৱে বাৰুকৈয়ে অনুভৱ কৰিছে। ভেদা-ভেদা পাহৰি মৰমৰ বান্ধোনেৰে মানৱ সমাজ একত্ৰিত হ’লেহে দানৱৰূপী বিভেদৰ বিকাৰ অন্ত পৰিব। এয়া যেন সমাজলৈ শিল্পীগৰাকীৰ এখন নিকা সমাজ গঠনৰ এক সুবাৰ্তা।

উপসংহাৰঃ

ড০ ভূপেন হাজৰিকাৰ সংগীতৰ অজেয় শক্তিয়ে জনতাৰ হদয়ত প্ৰজন্মৰ প্ৰজন্মলৈ সম্প্ৰীতিৰ ঘৰ সাজে। গানৰ সপ্তসুৰেৰে  সমাজ উত্তৰণ ঘটোৱা তেখেতৰ এক যুগান্তৰকাৰী বৈশিষ্ট্য সংগীত সাধনাত অৰ্ন্তহিত হৈ আছে। তেখেত আছিল বহুদিন আগতেই গানৰ মাধ্যমেৰে জোখতকৈ আগত খোজ দি জাতিক সকিয়নি দিয়া শিল্পী। হাজৰিকাদেৱৰ সংগীত  মানেই ভিন্ন ৰূপত ভিন্ন বেশত বিশ্বমানৱ, প্ৰকৃতিৰ চিত্ৰায়ণ। সংগীত কলা কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই হ’ল জাতীয় চেতনা, কৰ্মপ্ৰেৰণা জগাব পৰা ৰসোত্তীৰ্ণ কলা। ভূপেন হাজৰিকাদেৱৰ সংগীতে তাকেই সোঁৱৰায়। সকলো আছে বুলি হাত সাবটি নাথাকি সতৰ্ক হয় স্বকীয় দায়িত্ব পালন কৰাৰ বাবে আমি সংকল্পবদ্ধ হ’ব লাগিব। পল ৰবচন, পিটাৰ গেব্ৰিয়েল, জন এণ্ডাৰছন আদি শিল্পীৰ দৰে সুৰৰ সাধনাৰে মানৱতাৰ শিপা ধৰি সংগীত চৰ্চা কৰা শিল্পী হ’ল হাজৰিকাদেৱ। অসমৰ লোকসংগীতক সন্মান সহকাৰে গীতৰ সুৰ তোলাৰ উপৰিও পাশ্চাত্য ভংগিমাকো অসমীয়া জাতীয়তাৰ সোঁতত মিলাব পাৰিছিল সুৰৰ সৃষ্টিত। সচাঁ অন্তৰৰ চিন্তন আৰু মননৰ জৰিয়তেহে গীতসমূহ হদয়ঙ্গম কৰিব পাৰি। মৌ মাখিয়ে ফুলৰ কণ কণ মৌ চুহি মৌচাক সজাৰ দৰে তেখেতে অসমীয়া জনকৃষ্টিৰ উৰ্বৰা মাটিৰ শিপাৰ সন্ধানেৰে গীতি মাধুৰ্যৰ মেটমৰা সম্ভাৰ উপহাৰ দি গ’ল জাতিক আৰু সংগীতক লৈ গ’ল বিশ্বমানৱৰ অনুভূতিৰ সত্তালৈ। হাজৰিকাদেৱৰ গীতৰ কাব্যশৈলীটো আকৰ্ষণৰ অন্য এটি দিশ। তেখেতৰ সংগীত মানেই অৱহেলিত উপেক্ষিত সকলৰ বাবে ন্যায় আৰু প্ৰাপ্য শ্ৰমৰ পৰিশ্ৰমিক দাবীৰ চাক্ষুস সাক্ষী। অন্য এটি মনকৰিবলগীয়া কথা হ’ল সাংস্কৃতিক বৈচিত্ৰ্যক সংগীতৰ মাজেদি সন্মান  প্ৰদৰ্শন কৰা। সংগীতৰ সঁফুৰাখল খুলি চালেই সমন্বয়ৰ সুবাস, মানৱতাৰ জয়গান, নিষ্পেষিতৰ অধিকাৰ, জনগোষ্ঠীয় কৃষ্টি, আঞ্চলিৰ্ক  ৰূপবৈচিত্ৰ্য আৰু কৰ্তব্যজ্ঞানৰ বাৰুকৈয়ে উমান পাব পাৰি। তেখেতৰ সংগীত মানেই কৰ্মসম্পাদনৰ সকিয়নি, বৰ্তমান আৰু ভৱিষ্যতৰ পথ পোহৰোৱাৰ উপৰিও আশাবাদৰ প্ৰতীক। অসম আৰু অসমীয়া সন্দৰ্ভত এটি কথোপকথনত তেখেতে মন্তব্য কৰিছিল— “It we shun all forms of chauvinisim, and if the fruils of development are shared, then Assam’s future is bright. Assamese as a link language is a necessity, but no language must be thrust upon any other group. we have lost many of our brothers recently coustitutional compulsious must never again cost us the lives of so many people.”

তেখেতৰ সৃষ্টিশীল সম্পদ সাহিত্য, সংগীত, বোলছৱিৰ অন্তৰালত দৃঢ়পিনদ্ধ হৈ আছে জগত আৰু জীৱন বীক্ষাৰ অনুসন্ধিৎসা আৰু প্ৰগতিৰ সোপান ৰচনা কৰা চিন্তাশীল শিল্পী সত্তা। সাগৰ, মহাসাগৰ অতিক্ৰমি মানুহ বিচাৰি যোৱা, পাহাৰ, ভৈয়ামৰ এনাজৰী হোৱা  হাজৰিকাদেৱক কেৱল Global icon বুলি অভিহিত কৰাতকৈ, অমানৱীয় আচাৰ আচৰণে স্পৰ্শ কৰিব নোৱৰা এখন সুউচ্চ পৃথিৱীৰ উচ্চ চিন্তাৰ মানুহ বুলিব পাৰি।

সহায়ক গ্ৰন্থঃ

১. হাজৰিকা, সূৰ্য (সম্পা)ঃ ড০ ভূপেন হাজৰিকা ৰচনাৱলী(২য় খণ্ড) প্ৰকাশকঃ এছ,এইছ শৈক্ষিক ন্যাস প্ৰথম প্ৰকাশক, ২০০৮

২. হাজৰিকা, সূৰ্য (সম্পা)ঃ ড০ ভূপেন হাজৰিকা ৰচনাৱলী(৩য় খণ্ড) দ্বিতীয় পৰিৱৰ্ধিত সংস্কৰণ,২০১১

৩. হাজৰিকা, সূৰ্য (সম্পা)ঃ ড০ ভূপেন হাজৰিকা অনুলিখিত আত্মজীৱনী  মই এটি যাযাবৰ । প্ৰকাশকঃ এছ,এইছ শৈক্ষিক ন্যাস চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী পৰিৱৰ্ধিত সংস্কৰণঃ ২০১১

(লেখক, উপাধ্যক্ষ, লিডু মহাবিদ্যালয়, ভ্ৰাম্যভাষঃ ৯৮৫৪৮৪৭৫২৮)

আপুনিও ভাল পাব পাৰে!