লেখকঃ ড০ নিৰঞ্জন কলিতা
ভগৱানপ্ৰদত্ত গুণ মানুহে জন্মতে লৈ অহা কাৰণেই সময়ৰ অভিযানত আগুৱাই মানুহ জীৱশ্ৰেষ্ঠ হ’ব পাৰিছে। আদিম মানৱে মৌলিক প্ৰয়োজনৰ তাগিদাতে এদিন বন্যৰ পৰা ঊৰ্ধ্বগামী হৈ সমাজ পাতি বসবাস কৰিব পৰা হ’ল। তেওঁলোকৰ জীৱন-জিজ্ঞাসাৰ ৰুদ্ধদ্বাৰ এখন এখনকৈ খোল খাই যাওঁতেই হয়তো অৱচেতনাত পোনপ্ৰথমবাৰৰ বাবে সংস্কৃতিৰ অংকুৰ হৈছিল। কিয়নো জীৱন, জগত আৰু প্ৰকৃতি সম্পৰ্কীয় ৰেনেচাচধৰ্মী নিত্যনতুন অভিজ্ঞতা আৰু উপলব্ধিয়ে সূৰ্যৰ ফালে মূৰ তুলিবলৈ তেওঁলোকক দিছিল সাহস। বিশ্ব প্ৰকৃতিৰ দৈৱিক, আধিদৈৱিক, ভৌতিক পৰিৱৰ্তনাদিৰ অন্তৰালত বিভিন্ন ঐশ্বৰিক সত্তাৰ উপলব্ধি, ভয়ৰ মাজেৰে বিশ্বাস, বাস্তৱৰ মাজেৰে কল্পনা, আনন্দ অনুভৱৰ মাজেৰে নৃত্যসম্ভাৰ, প্ৰকাশ যন্ত্ৰণাৰ তাড়নাত উদ্ভত স্বতঃস্ফূৰ্ত্ত শব্দমালা আৰু সুন্দৰভাৱে জীয়াই থকাৰ অদমিত আকাংক্ষাতেই এদিন জ্ঞানৰ বোধন যজ্ঞত সেই অচিন মানুহ পুৰোহিতৰ ৰূপত অভিষিক্ত হ’ল। ক’বলৈ গ’লে ইয়াতেই সংস্কৃতিৰো উন্মোচন অথবা সূচনা।
তথাপি সংস্কৃতিৰ ব্যাখ্যা সহজ নহয়। ইয়াৰ কাৰণে প্ৰয়োজন ভূমা দৃষ্টি, সুগভীৰ জীৱন-বোধ আৰু ত্ৰিকালৰ জ্ঞান। জাতিস্মৰজনেহে সংস্কৃতিৰ মৰ্মাৰ্থ ফঁহিয়াই দেখুৱাব পাৰে। মানুহৰ মহৎ চিন্তাৰ ফলশ্ৰুতি উচ্চকৰ্মসমূহেই হ’ল সংস্কৃতি। যি শিল্পকৰ্মত স্বভাৱিক সৃষ্টিধৰ্মিতা আছে, মনোৰঞ্জন আছে, মানৱতা আছে, সিয়েই সংস্কৃতি। সংস্কৃতিৰ কেন্দ্ৰত থাকে ধৰ্ম। এই ধৰ্ম কোনো জাতিগত আচাৰ-অনুষ্ঠান নহয়, ই হ’ল আত্মোৎকৰ্ষৰ ফল— অন্তৰক কৰ্ষণ কৰাতেই যাৰ সৃষ্টি। সেই কাৰণেই কৃষ্টি বা সংস্কৃতি শব্দটিৰ সৈতে কৰ্ষণ (cultivation) কথাটি জড়িত। স্বৰূপাৰ্থত মানৱ চিত্তভূমি কৰ্ষণৰ ফলত সৃষ্টি হোৱা ফচলেই সংস্কৃতি। ফচলৰ ভিতৰত পৰে শিল্প, সাহিত্য, দৰ্শন, ইতিহাস, স্থাপত্য, ভাস্কৰ্য, সংগীত, খাদ্য, পোছাক, ভাষা, সংস্কাৰ আৰু ধৰ্মচিন্তা। মানুহক এটা সংস্কৃত জীৱনৰ কাৰণে প্ৰয়োজন হোৱা সমলবোৰ হ’ল এনেকুৱা—
১। ভাষাঃ (ক) সাহিত্য, (খ) দৰ্শন, (গ) বিজ্ঞান
২। কলাঃ (ক) শিল্প, (খ) নৃত্য, (গ) গীত
৩। সমাজসেৱাঃ (ক) সমাজ কল্যাণ আৰু (খ) বিবিধ উপকৰণ
সংস্কৃতিৰ অংগ বিভাজনে উক্ত প্ৰত্যয়সমূহকে নিৰ্দেশ কৰে।
মানুহে পোনতে ঈশ্বৰৰ সন্ধান কৰিছিল বহিঃপ্ৰকৃতিত। ঈশ্বৰ সৎ-চিত্-আনন্দস্বৰূপ। মেটাৰলিংকৰ ‘ব্লু বাৰ্ড’ যে প্ৰকৃততে নিজৰ অন্তৰ বা হদয়তে থাকে এই বোধ মানুহৰ হ’ল লাহে লাহে। ব্ৰহ্ম দেখো আত্মস্বাদসহোদৰ। প্ৰাচীন ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিকতাই হৈছে ঈশ্বৰ উপাসনাৰ স্থল। ইয়াতেই অন্তৰসংস্কৃতিৰ জন্ম। ফলস্বৰূপে মানুহে নিজৰ মাজত থকা অনন্ত সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ গৈ নাম পালে— শিল্পী। এই শিল্পীৰ অন্তৰ্দৃষ্টিতে কলাৰ জন্ম। জীৱনৰ ভাঁজে ভাঁজে, ছন্দে ছন্দে, খোজে খোজে নৱৰূপে ওলাই আহিল বহুবিধ কলা। সেই অন্তৰতম দেৱতাৰ সৌন্দৰ্য স্তুতিয়ে শিল্পীপ্ৰাণ মানুহৰ জীৱন বৰণীয় কৰি তুলিলে। ছন্দ-গীতত তাৰেই প্ৰকাশ; নৃত্য-ছবিত তাৰেই প্ৰভা; শিল্প-সাহিত্যত তাৰেই আভা; আনকি প্ৰাত্যহিক জীৱনৰ বাহিৰ-ভিতৰ সকলোতে তাৰেই অৱস্থিতি। সভ্যতাৰ বুৰঞ্জীৰ প্ৰথম ঢাপৰ পৰা অবাৰিতভাৱে মানুহে সংস্কৃতিকে গঢ়ি আহিছে। সংস্কৃতিৰ এই চিৰ আকাংক্ষিত অসম্পূৰ্ণ ঠাই পূৰাবলৈয়ে যুগে যুগে বিশ্ব মানৱৰ সংগ্ৰামৰ অভিযান। মানুহৰ মৌলিক কোনো মহৎ প্ৰয়োজনে যদি যুদ্ধক আদৰি লৈছে সেয়াও সংস্কৃতি-ৰক্ষাৰ কৰ্মযুদ্ধহে। মহাকাব্য ৰামায়ণ-মহাভাৰতৰ বুকুৰ বিৰাট যুদ্ধ সংস্কৃতিৰ ৰক্ষণৰ সৰ্বোৎকৃষ্ট দৃষ্টান্ত। ভাৰতমাতাৰ বুকুতে সংঘটিত তেনে যুগজয়ী বৈপ্লৱিক আন্দোলন বিশ্ব-সংস্কৃতিৰ ইতিহাসত বিৰল। সেই কাৰণেই এই দুই মহাকাব্য-মহাশাস্ত্ৰৰ সাৰ্বজনিক আদৰ সমগ্ৰ বিশ্বজোৰা। “পৃথিৱীৰ প্ৰতিযুগৰ ইতিহাস মহাভাৰতেই। সেই একেই আৰম্ভ-একেই দ্বন্দ্ব-একেই পৰিণতি— মাত্ৰ ভাৱৰীয়াবোৰৰ ৰূপ আন আন।”
সংস্কৃতিৰ মৰ্ম কথাঃ
তেনেহ’লে সংস্কৃতিৰ মৰ্মকথা কি? উদ্দেশ্য কি? সংস্কৃতিৰ মৰ্মকথা আত্মিক উৎকৰ্ষৰ সাধনাৰে জনকল্যাণ— উদ্দেশ্য মানুহৰ দেৱত্বলৈ ক্ৰমবিকাশ হোৱাটো— নৰভূমিত সৰগ ৰচনাৰ উদ্যমেৰে কৰ্মযোগত নামি পৰাটো। অতীজৰে পৰা আৱহ বৰ্তমানলৈ সুন্দৰক আৱিষ্কাৰ কৰাৰ সকলো মহত্ত্বম চিন্তা আৰু উচ্চতম কল্পনাশক্তিৰ বাস্তৱ প্ৰকাশ হ’ল শ্ৰীকৃষ্ণ। “আৰ্য্যৰ বেদ-বেদান্ত, উপনিষদৰ চিন্তা, জ্ঞান, ধ্যান মানৱ প্ৰকৃতিৰ বিষয়ে অভ্ৰান্ত। সুগভীৰ অভিজ্ঞতা, জাগতিক সকলো বিষয়ৰে হেজাৰ হেজাৰ বছৰ ধৰি নিৰ্ভুল অভিজ্ঞতাৰ পৰা হোৱা চূড়ান্ত সিদ্ধান্ত হৈছে কৃষ্ণ। মানুহ জীৱনৰ মহাঅৰ্থ হৈছে কৃষ্ণ। কৃষ্ণ যি সত্যৰ প্ৰতীক সেই সত্যৰ ওপৰতেই আৰ্য্যৰ আন্তৰিক আৰু বাস্তৱিক জীৱন প্ৰতিষ্ঠিত। সেই সত্যৰ আলোকতে জীৱন নিয়ন্ত্ৰিত আৰু তাত যদি কিবা অসম্পূৰ্ণতা আছে তাকেই পূৰ্ণ কৰিবলৈ মানৱৰ প্ৰগতি যাত্ৰা। কৃষ্ণৰ জীৱনত কৃষ্ণই এই আলোকযাত্ৰী মানৱৰ জীৱনাদৰ্শ বাস্তৱত প্ৰতিফলিত কৰিছে। মানুহৰ এই যিটো জোনাকী বাটৰ জীৱনযাত্ৰাৰ কাৰ্যকৰী আদৰ্শ সেইটোৱেই মানুহৰ সংস্কৃতি। এই সংস্কৃতিৰ আদৰ্শৰে আমি জীৱনৰ যি বাস্তৱত সম্পাদিত প্ৰকাশ মাটি-পানী, ধূলি-বালিৰে দিওঁ, তাৰ কেৱল লাগতীয়াল ভাগটোক সভ্যতা বুলিব পাৰোঁ আৰু য’ত সজ্ঞানে প্ৰয়োগ কৰোঁ আৰু যিখিনি কেৱল সৌন্দৰ্যৰ পিয়াহ ভোক গুচাবলৈ সৃষ্টি কৰা আৰু লাগতীয়াল সকলোৱেই, বস্তুৱেই হওক, বা নীতিয়েই হওক বা প্ৰণালীয়েই হওক জীৱন নিৰ্বাহৰ তাক দুস্কৃতিৰ পৰা মুক্ত কৰি ৰাখি সুন্দৰ কৰিবলৈ যাওঁ, সিয়েই সংস্কৃতি প্ৰচেষ্টা আৰু এই সংস্কৃতি প্ৰচেষ্টাৰ ফলেই সংস্কৃতি।”
বহু হেজাৰ বছৰ আগেয়েই ভাৰতীয় উপনিষদত এদিন সংস্কৃতিৰ মোহন ধ্বনি প্ৰচাৰিত হৈছিল— ‘চৰৈৱতি, চৰৈৱতি।’ অৰ্থাৎ আগলৈ ব’লা আগলৈ ব’লা— অমৃতৰ সন্ধানত— প্ৰগতিৰ অভিযানত। উপনিষদৰ সিদ্ধান্ত মতে শুই থকাটো হ’ল কলিকাল, জাগিলেই হ’ল দ্বাপৰ, উঠি থিয় হোৱাই হ’ল ত্ৰেতা আৰু আগবঢ়াটোৱেই হ’ল সত্যযুগ। সত্যযুগ হ’ল ধ্যানৰ যুগ, বোধনৰ যুগ। সেই কাৰণেই হয়তো সত্যযুগৰ নৰশ্ৰেষ্ঠ ত্ৰিকালজ্ঞ ঋষিসকলে যি সংস্কৃতিৰ আদৰ্শ জীৱনত দেখুৱাই গ’ল কলিয়ে গৰকা আধুনিক মানৱে সেই মহা সংস্কৃতিৰ স্বৰূপ নুবুজি জীৱনৰ পৰা সুন্দৰক নিৰ্বাসন দিয়ালে। আধুনিক মনে ধৰ্মক অন্তৰৰপৰা বিসৰ্জন দিয়াৰ ফলস্বৰূপেই দুস্কৃতিৰূপ অশুভ শক্তিসমূহৰ বল-বীৰ্য বাঢ়ি গ’ল।
যান্ত্ৰিক সুখানুভূতি আৰু আড়ম্বৰসৰ্বস্ব প্ৰাত্যহিক জীৱনৰ স্থ²ল গতানুগতিকতাই মানুহৰ ভোগৰ সহস্ৰ গোপন দুৱাৰ মোকোলাই দিয়াত আজি সংস্কৃতিৰ অপমৃত্যু হৈছে বুলি ক’ব পাৰি। যি চতুৰ্বৰ্গ, ধৰ্ম-অৰ্থ-কাম-মোক্ষৰ সাধনা ক্লাচিক যুগত সমানে চলিছিল, সেই ঠাই আজি পূৰাইছে অৰ্থ আৰু কামৰ উৎকট লালসাই। Pleasure সংস্কৃতিৰ লক্ষ্য নহয়; লক্ষ্য— bliss হে। কিয়নো pleasure হ’ল ইন্দ্ৰিয় সুখ; bliss স্বৰ্গীয় আনন্দ। এই ইন্দ্ৰিয় সুখেই হ’ল দুস্কৃতিৰ আলয়, যাক দমন কৰিবলৈ যুগে যুগে মহাপুৰুষসকলৰ আগমন। বুদ্ধ, যীশু, নানক, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, ৰবীন্দ্ৰনাথ, লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা— ইয়াৰ উদাহৰণ। এওঁলোক সংস্কৃতিস্ৰষ্টা জীৱন-শিল্পী।
কলাগুৰুৰ ভাষাতঃ
“এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। এজন হৈছে স্বয়ং শ্ৰীকৃষ্ণ। ‘কৃষ্ণ’ কৃষ্ ধাতু লগ্ন কৃষ্টিৰ আকৰ কাৰণে তেওঁক কৃষ্ণ বুলিছিল। তেওঁ কি নাজানিছিল, গীত, বাদ্য, নৃত্য, ৰাজনীতি, ধনুৰ্বিদ্যা ইত্যাদি। তেওঁ আছিল সৰ্বগুণনিধি আৰু এজন আছিল ইটালিৰ লিওনাৰ্দো দ্যভিন্সি— তেওঁ একেলগে বৈজ্ঞানিক, চিত্ৰকৰ আৰু ৰাজনীতিজ্ঞ পুৰুষ আছিল। আৰু এজন আছিল আমাৰ এই অসমৰে মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ, যাক আজিও অসমে গুৰু বুলি পূজা কৰি থাকে। সঁচাকৈয়ে আজি শ্ৰীশ্ৰীশংকৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শ্ৰীশ্ৰীশংকৰ নাথাকিলে অসমীয়াৰ একোৱেই নাথাকে। এনে যি শ্ৰীশ্ৰীশংকৰদেৱ তেৰাই কিনো নাজানিছিল, কিনো নিদিছিল আৰু কিনো নিলিখিছিল। অসমীয়াক তেৰাই সকলো দি গৈছিল। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ, সঞ্চৰাগ, সাহিত্য ভাওনা, নাম-কীৰ্তন, ঘোষা, বৰগীত, অংক, নাট, নামঘৰ, খোল, মৃদংগ, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটী, ধনপুঁজি, সমাজ, ধৰ্ম, বিচাৰনীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি সকলো শ্ৰীশ্ৰীশংকৰদেৱেই অসমীয়াক দি গৈছিল।”
জনতাক উল্লাস আৰু প্ৰগতিৰ পথ দিওঁতাজনকহে মহাপুৰুষ কয়। তেওঁ আলোক-সন্ধানী শিল্পী। তেওঁৰ যি কৰ্ম সেয়াই সংস্কৃতিৰ কৰ্ম; কিয়নো তাত থাকে বহুতৰ মংগল-সাধনৰ উদ্দেশ্য। আনকি তেওঁৰ সকলো কথাই বাণীস্বৰূপ। তেওঁহে কাঠী-কামি, ৰুৱা-মাৰলি দি কৃষ্টিৰ বিতোপন ঘৰটো সাজে, সাধাৰণে তাকেই ব্যৱহাৰ কৰে। তেওঁ সংস্কাৰমুখী চেতনা লৈ নিকাকৈ ঘৰটোৰ চাৰিঢাপ মাৰে, দহে তাত মাথোঁ বসবাসহে কৰে। এয়েই অন্তৰ সংস্কৃতিৰ মূলকথা।
কিন্তু সাধাৰণ অৰ্থত সংস্কৃতি বুলিলে যি বুজোঁ সেয়া এটা জাতিৰ লোকৰ সামগ্ৰিক জীৱন প্ৰণালীৰ মাজত নিহিত থাকে। আমি সংস্কৃতিৰ স্থল অৰ্থটোহে লওঁ বা ব্যৱহাৰ কৰোঁ। কিয়নো তাক গঢ়ি-পিতি লোৱা সহজ। অৰ্থাৎ ঐতিহাসিক স্তৰত এটা উন্নত জাতিৰ স্বাভাৱিক পৰিচয় থাকিবই। সেই পৰিচয় বহন কৰি আনে জাতিটোৰ ধৰ্ম, সামাজিক লোকাচাৰ, উৎসৱ-পাৰ্বণ, লোক-সাহিত্য, আহাৰ-বিহাৰ, পোছাক-পৰিচ্ছদ, সামাজিক বান্ধোন, সংগঠন, বিচাৰধাৰা আদিয়ে। এইবোৰক কৃষ্টি বোলা হৈছে। কৃষ্টি হ’ল মানুহ হিচাপে জীৱন ধাৰণৰ প্ৰয়োজনীয় সামাজিক আহিলা যিবোৰ ভৌগোলিক পৰিৱেশ আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। অসমীয়া কৃষ্টিৰ উদাহৰণ লোৱা যাওক। যেহেতু ই বিভিন্ন জাতি-জনজাতিৰ সংগমক্ষেত্ৰ স্বৰূপ এক বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যময় কৃষ্টি; ইয়াত শংকৰদেৱৰ একশৰণ, ব্ৰাহ্মণসকলৰ শাক্ত মত, তিববতীয় প্ৰভাৱত বৌদ্ধ তথা শৈৱমতে একে ঘাটতে পানী খায়। ফলত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সুদূৰপ্ৰসাৰী ফল নৰবলি নতুবা বিভিন্ন জীৱ-জন্তুৰ বলি-পূজাকো একমাত্ৰ ধৰ্মীয় কাৰণতে কৃষ্টি বুলি সাবতি লোৱা হৈছে আৰু নিকা নামধৰ্মকো একে সন্মান দিয়া হৈছে। সেই কাৰণে সংস্কৃতি আৰু কৃষ্টিৰ মাজৰ বিৰোধৰ কথা উলংঘা কৰিব নোৱাৰি। আনহাতে আধুনিক জাতীয় জীৱনলৈ যি পৰিমাণে বজৰুৱা প্ৰভাৱ নিতৌ আহিব লাগিছে তাৰ ধ্বংসাত্মক পৰিণতিয়ে লাহে লাহে ঐতিহ্যকে বলিশাললৈ পঠাইছে। সময়ৰ কুটিল গতিত হয়তো তেনে আৱৰ্জনাও কৃষ্টি নামে ভূষিত হ’ব পাৰে। অপসংস্কৃতিক সংস্কৃতি বুলি আদৰিলে মানুহ আৰু পশুৰ মাজত কোনো ভিন্নতা নাথাকে। সেই কাৰণে সংস্কৃতিৰ ব্যাখ্যা আজি যুগ সংকটৰ ভয়াৱহ পৰিণতিলৈ লক্ষ্য ৰাখি হোৱা উচিত। যুগে বিচৰাখিনিকে সংস্কৃতি নকয়, কেনেকৈ বিচাৰিছে তাৰ সঠিক মূল্যায়নৰ ওপৰত সংস্কৃতিৰ দুৰ্মূল্য আহিলাবোৰ নিৰ্ভৰশীল।
আধুনিক চিন্তাৰ সৈতে সংস্কৃতি জড়িত। আত্মাৰ উৎকৰ্ষ সাধনৰ গতিটোৱেই যদি সংস্কৃতিৰো গতি হয় তেনেহ’লে ক’ব লাগিব বিশ্বৰ সকলো আধুনিক চিন্তা আৰু নতুন সৃষ্টিৰ মূলতেও সেই একেই আত্মোৎকৰ্ষ। আধুনিকতা শব্দটোও আপেক্ষিক। দৰাচলতে সময়ৰ জোখাৰে চিৰন্তন মূল্য থকা কোনো শিল্পকৰ্মৰ প্ৰাচীনত্ব নতুবা নতুনত্বৰ বিচাৰ কৰা নহয়; তাৰ বিচাৰ কৰা হয় বস্তুৰ মাজত নিহিত থকা গাম্ভীৰ্য আৰু আধ্যাত্মিক গুণাৱলীৰ মাজেদিহে। হিন্দুৰ মহাকাব্যকে ধৰি বিশ্বৰ সকলো প্ৰাচীন ক্লাচিক সাহিত্য, স্থাপত্য-ভাস্কৰ্য, চিত্ৰকলা আদি আজিও নিত্য নতুন হৈ আছে, যাক আধুনিক সৃষ্টিকৰ্ম বুলি ক’ব পাৰি। শুদ্ধ আধুনিক চিন্তা-চেতনা আৰু কৰ্মপ্ৰক্ৰিয়াত থাকে যুগধৰ্মিতাৰ উপৰিও সাৰ্বজনিক মহত্ত্ব। সেইঅৰ্থতে চাহজাহান-মমতাজক্ষাত তাজমহল, শংকৰদেৱখ্যাত সত্ৰ-নামঘৰ চিৰদিন আধুনিক সম্পদ। কিয়নো এইবিলাক ঐতিহ্য আৰু পৰম্পৰাৰ ভেটিতে গঢ় লৈ উঠা সাংস্কৃতিক সমল; যাৰ প্ৰয়োজনীয়তাক উলাই কৰাৰ অৰ্থ হ’ল স্বকীয় সংস্কৃতিৰ মূল পথটোকে হেৰুৱাই পেলোৱা।
সেইকাৰণে আধুনিক কৃষ্টি বা সংস্কৃতিৰ কৰ্মও ঐতিহ্যৰ ভেটিতে প্ৰতিষ্ঠিত হ’ব লাগিব। অনুকৰণতকৈ অন্তঃকৰণহে সংস্কৃতিৰ প্ৰয়োজনীয় আঁহিলা। কোনো বহিঃপ্ৰভাৱক জাতীয় চিন্তা আৰু ৰুচিৰ মাজত জীণ নিয়াব নোৱাৰিলে সি হৈ পৰে ক্ষয়ংকৰী। মিতিৰ নোহোৱাকৈ অচিনক লাই দিয়া বিপজ্জনক। সি সংস্কৃতিৰ শত্ৰু। গতিকে আধুনিকতা হ’ব লাগে ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত মৌলিক নতুন। এনে মৌলিক আৱিষ্কাৰ আৰু সংবাদে সংস্কৃতি-চৰ্চাক দুখোজ আগবঢ়ায় লগতে মানুহকো দেৱত্বৰ ফালে লৈ যায়। বিশ্ব-মানৱৰ মাটিৰ পৃথিৱীৰ পৰা দেৱতাৰ স্বৰ্গলৈ যোৱাৰ প্ৰগতিৰ আলোকযাত্ৰাই হ’ল সংস্কৃতি।
অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু যুগধৰ্মঃ
ঐতিহ্য বা পৰম্পৰা, যাক Tradition বুলি কোৱা হয়, একেষাৰে তাৰ সংজ্ঞা দিয়া টান। তথাপি ইয়ে একোটা উন্নত সুসভ্য জাতিৰ চিৰাচৰিত প্ৰথা, কলাশৈলী, বিষয়বস্তু, দৃষ্টিভংগী, ধ্যান-ধাৰণা, বাগি্বধি, দৰ্শন, বিচাৰ ইত্যাদি বিষয়ক কোনো নিৰ্দিষ্ট সময়ৰ মাজেৰে একত্ৰ কৰি চাবলৈ শিকায়। টি এছ এলিয়টে (Tradition and Personal Creativity) ‘পৰম্পৰা আৰু ব্যক্তিপ্ৰতিভা’ শীৰ্ষক প্ৰবন্ধটিত পৰম্পৰাক এখন সমাজৰ পৰিচয়ৰ সুপ্ৰকাশ বুলি কৈছে যি পৰিচয় প্ৰতিভাশীল ব্যক্তি আৰু সমষ্টিৰ সুখকৰ সম্পৰ্ক আৰু সৃষ্টিশীল মনীষাৰ মাজেদি গঢ় লৈ উঠে। ঐতিহ্য সৃষ্টিত যুগধৰ্ম আৰু কালধৰ্মৰ প্ৰভাৱেই আটাইতকৈ অধিক। সমাজ, সাহিত্য, ধৰ্ম, দৰ্শন ইত্যাদিক সংস্কৃতিৰ ঐতিহ্য বুলিলে সেই সেই বিষয়ৰ মূল আৰু পৰৱৰ্তী ভিন ভিন যুগৰ সমধৰ্মী বিচিত্ৰ উপাদানসমূহকে বুজায়।
সংশ্লেষণ, সংমিশ্ৰণ, সংৱৰ্দ্ধন, সংৰক্ষণৰ ভেটিত গঢ়ি উঠা অসমীয়া সংস্কৃতিৰ ঐতিহ্য প্ৰায় পাঁচহেজাৰ বছৰতকৈও অধিক পুৰণি। ‘মিলিবে আৰ মিলাবে’ আৰু ‘বহুজন হিতায় চ বহুজন সুখায় চ’ নীতিৰে মহাভাৰতখ্যাত বীৰ ভগদত্ত, সপ্তম শতিকাৰ ৰাজাধিৰাজ ভাস্কৰবৰ্মণ, তাৰো পূৰ্বৰ শোণিতপুৰৰাজ বাণ আৰু তেওঁৰ সমকালৰ অসম, আহোমৰাজ চুকাফা, প্ৰতাপসিংহ, কোচনৃপতি নৰনাৰায়ণ আদি মহাপ্ৰাণসসকলৰ ভাৰতচেতনাৰ মূলতে আছিল অসমৰ ঐতিহ্যপ্ৰীতি। শোণিতৰাজ বাণৰ জীয়ৰী ঊষাসখী পাৰংগতা চিত্ৰলেখাৰ অসামান্য নৃত্য-গীতৰ প্ৰভা সমগ্ৰ ভাৰততে বিচ্ছুৰিত হোৱাৰ কথা হৰগৌৰী সংবাদ, বিষ্ণুপুৰাণ আদিত থকা উল্লেখে প্ৰমাণ কৰে। পণ্ডিত মোক্ষমূলাৰৰ ভাষাত— এই চিত্ৰলেখা হ’ল ভাৰতবৰ্ষৰ ভিতৰতে earliest known painter। নন্দিকেশ্বৰৰ ‘অভিনয় দৰ্পণ’ৰ প্ৰথম শে¡াকটোতে আছে যে শোণিতৰাজকন্যা ঊষাই মহাদেৱপত্নী পাৰ্বতীৰ পৰা লাস্য নৃত্য শিকিছিল আৰু পিছত দ্বাৰকাৰ ৰমণীসকলক শিকাইছিল। ‘সাত্তৰ’ নামৰ অঞ্চলত ঊষাই শিকোৱা নৃত্যই জনপ্ৰিয়তা লাভ কৰি পিছলৈ তামিলভাষী মাদ্ৰাজত ‘দাসীআট্টম’ আৰু ক্ৰমে ‘ভাৰতনাট্যম’ নাম লৈ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নৃত্যলৈ উন্নীত হৈছে। এতেকে ‘ভাৰতনাট্যম’ৰ মূল নৃত্যশৈলীৰ উৎপত্তিস্থান প্ৰাচীন অসম বুলি নিশ্চিতকৈ ক’ব পৰা যায়। এয়া এক নিদৰ্শনহে মাত্ৰ। সেইদৰে প্ৰাচীন বৌদ্ধ পৰম্পৰাৰ চৰ্যাপদ, লোকপৰম্পৰাৰ দেহবিচাৰৰ গীত, ধৰ্মীয় ৰংসনা ৰাগাশ্ৰিত ওজাপালি অনুষ্ঠান, পুতলা নাচ, দেৱদাসী নৃত্য, খুলীয়া ভাওনা আদি অসমমুলুকৰ প্ৰাক্শংকৰী যুগৰেই সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী।
কোৱা হয় যে Folklore is the father of all story and folkpoem is the mother of all poetry। অসমৰ লোকসংস্কৃতি ইমানেই বৰ্ণাঢ্য আৰু প্ৰাণময় যে তাৰ বিশাল ক্ষেত্ৰখনৰ নানা ৰং, নানা ৰূপ। বাৰ মাহত তেৰ অনুষ্ঠানৰ ঠাই অসমত গীত-মাত, সাধুকথা, নাম, ফঁকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, ডাকৰ বচন আদি নানা জাতি-জনজাতিৰ বুকুত সংশে¡ষণৰ ভেটিত সৃষ্টি হৈও স্বকীয়তা ৰক্ষা কৰি অসমীয়া জাতীয় ঐতিহ্য সমৃদ্ধ কৰি ৰাখিছে। গংগা-যমুনা-সৰস্বতীৰ মিলনে দ্ৰাবীড়-আৰ্য্য-আলপাইনৰ সংহতি-একতাৰ পৰিচায়ক হৈ ভাৰততত্ত্বৰ গৌৰৱ বঢ়োৱাৰ দৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ পাহাৰ-ভৈয়ামত জীৱনধাৰা গঢ়ি তোলা অষ্টি˜ক-মংগোলীয়-আৰ্য্যৰ দিয়া-লোৱাৰ চমকপ্ৰদ অভিযানো একেদৰে অসমৰ সেউজ প্ৰকৃতি আৰু সমন্বিত জনসাধাৰণৰ বাবে ৰোমাঞ্চকৰ যাত্ৰা। এই যাত্ৰাত সৃষ্টি হৈছে ভাষা, ইতিহাস, ভূগোল, সাহিত্য, সংগীত, নৃত্য, কথা, স্থাপত্য-ভাস্কৰ্য্য, চাৰুকলা, কাৰুকলা, পোছাক-পৰিচ্ছদ, বিচাৰ, শিষ্টাচাৰ, সম্ভ্ৰম, লগতে সংস্কৃত জীৱনযাত্ৰাৰ বাহক অনেক সম্পদ— যিবিলাকে অসমীয়া সংস্কৃতিক স্বকীয়তাৰে মহত্ত্ব প্ৰদান কৰিছে। আন নেলাগে, কেৱল বিহু আৰু বিবাহৰ মাজেদিয়েই অসমীয়া সংস্কৃতিয়ে মহিমামণ্ডিত ৰূপ ধাৰণ কৰি আহিছে। এই দুই অনুষ্ঠানৰ ভিতৰুৱা অনেক লোকাচাৰ লোকানুষ্ঠানে পৰম্পৰাগত পুৰুষপ্ৰধান সমাজ হৈয়ো অসমীয়া নাৰীৰ স্বাতন্ত্ৰ্য আৰু মৰ্যাদাৰ ছবিখনি সুস্পষ্ট কৰি তোলে।
সংস্কৃতিৰ ধাৰিকা নাৰীক অসমীয়া সমাজে অৰ্থাৎ বৃহত্তৰ ভাৰতীয় সমাজে দেৱীৰ ৰূপত পূজা-উপাসনা কৰে; প্ৰয়োজনত এই নাৰী ৰাজসিংহাসনত বহি ফুলেশ্বৰীৰ ৰূপত ৰাজতন্ত্ৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ধৰ্মীয় বিপ্লৱৰ বীজ সিঁচে, প্ৰয়োজনত জাতিৰ কল্যাণৰ নিমিত্তে জয়মতীৰ ৰূপত সতীত্ব আৰু মহান ত্যাগৰ আদৰ্শৰে মানুহৰ বিবেক জাগ্ৰত কৰে। আৰু নাই কি? অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৃষ্টিত ইতিহাসৰ পশ্চাৎপটত ৰৈ যোৱা এনে অনেক মনস্বীনী নাৰী ওলাব, যিসকলৰ জীৱন মানৱতাৰ কাৰণে বেদস্বৰূপ। এইকালৰ সংস্কৃতি নিৰ্মাতা তথা গণতান্ত্ৰিক মানৱচেতনা আৰু অপ্ৰতিদ্বন্দ্বী বিপ্লৱী সত্তাৰ প্ৰতিভূস্বৰূপ জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কথাছবি ‘জয়মতী’; ৰূপালীম, নিমাতী কইনা, কাৰেঙৰ লিগিৰী আদি নাটত প্ৰেম-ত্যাগ-সাধনা-পৱিত্ৰতা আদি নাৰী অন্তৰৰ অসামান্য গুণৰাশি আৱিষ্কাৰ কৰি দৰাচলতে ভাৱীকালৰ সমাজৰ বাবে সংস্কৃতি নিৰ্মাণৰ আহিলাসমূহকে দান দি গৈছে। তাৰ মৰ্ম উলিয়াই ব্যৱহাৰিক আৰু আধ্যাত্মিক ক্ষেত্ৰত নাৰীৰ সেই গুণৰাশিক প্ৰাণ দিবলৈ প্ৰয়াস কৰিছে কিমানে? কিমানেইনো জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদক বুজে? বুজি শুদ্ধকৈ জীৱনত গ্ৰহণ কৰিবলৈ সাধনাৰ পথ লৈছে কিমানে? জীৱন্তে কিংবদন্তী হোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ধনঞ্জয় ব্যক্তিপ্ৰতিভা— যাৰ ৰিজনি কেৱল অসমীয়াৰ বৰপুত্ৰ মহাপুৰুষ শংকৰদেৱৰ লগতহে সম্ভৱ, সেইজনা ঝাঞ্জাবিজয়ী জীৱনশিল্পীয়েই বৰ্তমান কালৰ একমাত্ৰ ‘বৰঅসমৰ’ আৰ্হি দেখুৱাওতা। শংকৰদেৱ-জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ-ভূপেন হাজৰিকা অসমীয়াৰ সাংস্কৃতিক ঐতিহ্যৰ চাৰিগৰাকী প্ৰাজ্ঞেয় মুকুটবিহীন সম্ৰাট, যাৰ তুল্য প্ৰতিভা ৰাষ্ট˜ই নহয়; বিশ্বতে বিৰল। এইকেইগৰাকীয়েই অসমীয়াৰ শেষ সিদ্ধান্ত।
ঔপনিৱেশিকতাবাদী বৃটিছৰ দান ধনতন্ত্ৰবাদৰ কুফল ভোগবাদী মানসিকতা আৰু ব্যক্তিকেন্দ্ৰিকতাই যোৱা কেইটামান দশকত অসমীয়া সমাজক ক্ষিপ্ৰভাৱে প্ৰভাৱিত কৰাৰ ফলত সমাজসত্তা আৰু সাংস্কৃতিক ঐতিহ্যলৈ যি অৱক্ষয় কঢ়িয়াই আনিছে, সেয়া নিশ্চয়কৈ চিন্তাৰ বিষয়। উৎকট বিষয় সৰ্বস্ব বস্তুজীৱনৰ ধামখুমিয়াত এফালে চহৰ-নগৰৰ মানুহে হেৰুৱাইছে আত্মিক সুখক; আনফালে এশ-এটা আৰ্থ-সামাজিক সমস্যাৰ চেপা-খুণ্ডাত পৰ্যুদষ্ট দুখীয়া গঞা ৰাইজৰ জীৱনৰো গতি আশাহীন-সম্ভাৱনাহীনভাৱে অনুজ্বল। বণিকসুলভ উচ্চবিত্ত আৰু শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ সৰ্বত্ৰ নীতিহীনতা-চৰিত্ৰহীনতাই সমাজসত্তাৰ অস্তিত্ব প্ৰায় নোহোৱা কৰি পেলাইছে; পাহৰি গৈছে এই মানুহে প্ৰকৃতিৰ ৰং-ভাষা-সুৰ-আশাৰ কথা— হদয়ৰ অননুগন্ধা প্ৰেমৰ কথা— মানুহৰ সৈতে থকা হদ্যতাৰ কথা। বৰগীত, সত্ৰীয়া নৃত্য, সত্ৰ-নামঘৰ, মন্দিৰ-দেৱালয়, আপোন মাটিৰ গোন্ধসিক্ত ভাষা-সুৰ-ৰাগ-ৰাগিনী, বিনয়-সম্ভ্ৰম-একতা— যিবিলাক অসমীয়াৰ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যৰ বাহক তথা চৰ্চা-অনুশীলনৰ বিষয়, তাৰ মূলৰূপ যেন এতিয়া সামাজিক জীৱনৰ পৰা সুদূৰ পৰাহত। আধুনিক জীৱনচৰ্যাত ভোগ আৰু অনায়াসলব্ধ সুখস্বাচ্ছন্দ্যই একমাত্ৰ কাম্য হৈ পৰাটোৱে এটা জাতিৰ শ্মশানযাত্ৰাকে সূচায়; তাৰ বিপৰীতে সাংস্কৃতিক ঐতিহ্যৰ পুনৰুদ্ধাৰহে কাম্য হোৱা উচিত।
শ্ৰীকৃষ্ণই সংস্কৃতিৰ সৰ্বোত্তম নিৰ্মাতাঃ
মহাপুৰুষ শ্ৰীশ্ৰীকৃষ্ণৰ ৰূপ দুটাঃ “কৃষ্ণস্তু ভগৱানস্বয়ম্”— শ্ৰীকৃষ্ণই পৰম ভগৱান; আৰু শ্ৰীকৃষ্ণ এগৰাকী ঐতিহাসিক ব্যক্তি। পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণই ভূ-ভাৰ হৰণৰ নিমিত্তে দুষ্টক দমন, সন্তক পালন কৰি ধৰ্মৰাজ্য প্ৰতিষ্ঠাৰ দ্বাৰা অসাধাৰণ গুণেৰে মানৱ সমাজত অলৌকিক শক্তিধাৰী বিৰাট পুুৰুষৰূপে যি আদৰ্শ প্ৰতিষ্ঠা কৰিলে, সেয়া সৰ্বকালৰ সৰ্বস্থানৰ বাবেই উত্তমোত্তম।
শ্ৰীকৃষ্ণৰ জন্ম যাক পূৰ্ণাৱতাৰৰ ৰূপত আৱিৰ্ভাব বুলি কোৱা হয়, কেনে ৰসামৃতসুন্দৰ তেওঁৰ প্ৰকট হোৱাৰ ক্ষণ! ভাগৱতে কৈছে, ‘সৰ্বগুণোপেতঃ কালঃ পৰমশোভনঃ, নদ্য প্ৰসন্নসলিলা হ্ৰদা জলৰুহশ্ৰিয়ঃ। ববৌ বায়ুঃ সুখস্পৰ্শঃ পুন্যগন্ধবঃ মন্দং মন্দং জলধাৰা জৰ্গজ্জুৰনুসাগৰম্।’ অৰ্থাৎ তেওঁৰ জন্মক্ষণত আৱিৰ্ভাব হ’ল ৰমণীয় প্ৰাকৃতিক পৰিৱেশ। নদীৰ পানী নিৰ্মল হ’ল, পদুমৰ শোভাই হ্ৰদবোৰ আাদিত কৰিলে, সাগৰৰ গৰ্জনৰ লগে লগে মেঘেও ধীৰে ধীৰে গৰ্জন তুলিলে ... ইত্যাদি।
এনে চিত্তশোভাকৰ সুন্দৰ পৰিৱেশত পূবত উদিত পূৰ্ণচন্দ্ৰৰ দৰে লীলাধাৰী অন্তৰ্যামী বিষ্ণু স্ব-মহিমাৰে দেৱৰূপিনী দেৱকীৰপৰা আৱিৰ্ভূত হ’ল। ‘দেৱকাংদেৱৰূপিন্যাং বিষ্ণুঃ সৰ্বগুহাশয়ঃ। আবিৰাসীদ্ যথা প্ৰাচ্যাঃ দিশীন্দুৰিবপুষ্কলঃ।’ (ভাগৱত, ১০।৩।৮)
ব্ৰহ্মাণ্ডপুৰাণ মতে লক্ষীকান্ত শ্ৰীবিষ্ণু শংখ-চক্ৰ-গদা-পদ্মধাৰী চতুৰ্ভূজৰূপত দৈৱকীৰ গৰ্ভোদৰত প্ৰৱেশ কৰি আৱিৰ্ভাব হ’ল। ‘আৱিৰ্ভূত ভগৱান ‘স্বয়ম্ দেৱোৰামপতিঃ। দৈৱকী গৰ্ভদৰ্যান্তু শংখ চক্ৰ গদাধৰঃ” (৯।৭৫, ব্ৰহ্মাণ্ডপুৰাণ)
‘কৃষ’ ধাতু ‘ণ’ প্ৰত্যয়ৰ অন্বয় হৈ ‘কৃষ্ণ’ শব্দৰ নিস্পত্তি। ‘কৃষ্ণ’ শব্দৰ ব্যুপত্তিগত অৰ্থ হৈছে কৰ্ষণকাৰী আৰু আনক আকৰ্ষণ কৰা। ভগৱানে জীৱক পৰমমংগল আৰু আনন্দ দানৰ বাবে নিজৰ ফালে আকৰ্ষণ কৰে জীৱৰ মাজতে উপস্থিত থাকি। এই কথা মূঢ় জীৱই নুবুজে, জানিবলৈও প্ৰয়াস নকৰে। শ্ৰীকৃষ্ণৰ আকৰ্ষণ শক্তিয়েই প্ৰেম— পৰমপ্ৰেম বা পৰমানন্দ। তাৰ তুল্য ব্ৰহ্মাণ্ডত আন একো নাই। প্ৰতি জীৱ অজ্ঞানে-সজ্ঞানে এই পৰমানন্দৰ বাবে ব্যাকুল। কিন্তু মায়াই আবৃত কৰি ৰাখে বাবে জীৱই অৰ্থাৎ মানুহে নিজৰ স্বৰূপ নিচিনে।
তেন্তে জীৱৰ স্বৰূপ কি? জীৱৰ স্বৰূপ হৈছে আত্মানুসন্ধানৰ দ্বাৰা লাভ কৰা সত্য। ছান্দোগ্য উপনিষদত বৰ্ণিত মতে জাবালাৰ পুত্ৰ সত্যকামক শিষ্যৰূপে আদৰি লোৱা গৌতম ঋষিৰ কণ্ঠত ধ্বনিত হৈছিল এই মহাবাক্যঃ
‘সত্যমেব জয়তে নানৃতং
সত্যেন পন্থা বিততো দেবযান।
যেনাক্ৰমৃন্ত্যকয়ো হাপ্তকামা
যত্ৰ তৎ সত্যস্য পৰমং নিধানম্।।’
অৰ্থাৎ জগতত সত্যই একমাত্ৰ জয়লাভ কৰে। মিত্থাৰ পৰাজয় নিশ্চিত। সত্যৰ সাধনাই ব্ৰহ্মৰ সাধনা। সত্যাশ্ৰিত ঋষিসকলে সত্যৰ দ্বাৰাই উদ্ভাসিত হৈ ব্ৰহ্মলোক লাভ কৰে। জগতবাসীক সেই মহাসত্য দান কৰাৰ নিমিত্তেই যুগে যুগে অৱতাৰ। অৱতাৰ অৰ্থাৎ অৱতৰণ— সৰ্বব্যাপক সৰ্বস্পৰ্শী পৰমাত্মাৰূপী ভগৱানৰ বিভিন্ন ৰূপত পৃথিৱীলৈ আগমন। ভগৱানৰ জন্ম সাধাৰণ মানুহৰ দৰে নহয়; অথচ প্ৰকৃতিত অধিস্থিত নহ’লে তেওঁ ব্যক্ত হ’ব কেনেকৈ? সেয়ে স্বৰূপত প্ৰাকৃত অৰ্থাৎ সত্ব-ৰজঃ-তমঃ গুণধাৰী শৰীৰধাৰী নহৈও লৌকিক শৰীৰধাৰীৰ দৰে অৱস্থান কৰি মনুষ্যৰূপে শ্ৰীকৃষ্ণৰ বহিঃপ্ৰকাশ ঘটে। নহ’লে মনুষ্যৰ মাজত লীলা সম্ভৱ নহয়। ঈশ্বৰ আৰু ভক্তৰ মাজৰ দূৰত্ব লৌকিক কৃষ্ণই নোহোৱা কৰে।
লীলাধাৰীৰ অৱতৰণৰ সময়ত পাপৰ ভাৰে পৃথিৱী তলমল কৰিছিল। ধৰ্মহীন, আচাৰহীন, অসাধু লোকৰ ভৰত তেতিয়াৰ বিশাল ভাৰতবৰ্ষ অস্থিৰ। মদমত্ত ৰজা-দৈত্য-দানৱ-অসুৰ। জৰাসন্ধ, কংস, শিশুপালৰ দৰে অজস্ৰজন অত্যাচাৰী পাপাত্মা-দুৰাত্মাৰ প্ৰকোপত শান্তি বিঘ্নিত— সমাজ অধোগতিপ্ৰাপ্ত। আকাশস্পৰ্শী পাপৰ ভাৰ। সেয়ে সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ মাজেদি অংশাৱতাৰৰ পৰিৱৰ্তে পূৰ্ণাৱতাৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আৱিৰ্ভাবৰ আৱশ্যক। সনাতন ধৰ্মৰ বিপৰ্যয়ৰ সন্ধিক্ষণত সেয়ে গীতাৰ শ্ৰীকৃষ্ণই নিজেই নিজৰ উদ্দেশ্য ব্যক্ত কৰিলে এনেদৰেঃ
‘যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত।
অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্।।
বিনাশায় চ দুস্কৃতাম্ ধৰ্মসংস্থাপনাৰ্থায়
সম্ভৱামি যুগে যুগে।....’
এয়াই শ্ৰীকৃষ্ণ। মনুষ্যৰূপে শ্ৰেষ্ঠতম গুৰু। যুধিষ্ঠিৰক ৰাজসূয়-অশ্বমেধ যজ্ঞৰ দ্বাৰা সম্ৰাটৰূপে প্ৰতিষ্ঠিত কৰি ভাৰতবৰ্ষৰ ঐক্য সাধনৰ প্ৰয়াস কৰিছিল তেওঁ। ঐতিহাসিক শ্ৰীকৃষ্ণৰ উদ্দেশ্যই আছিল সত্য, ন্যায় আৰু ধৰ্মৰ আধাৰত সৰ্বশ্ৰেষ্ঠ দেশ নিৰ্মাণ কৰা— লোকক্ষয় নকৰাকৈ একক সাম্ৰাজ্যৰূপে দেশক গঢ় দিয়া। তাৰ বাবেই তেওঁ সন্ধিৰ প্ৰস্তাৱ লৈ কুৰুৰাজৰ সভাত উপস্থিত হৈছিল, বিশ অক্ষৌহিণী সৈন্যৰ অধিকাৰী মগধৰাজ জৰাসন্ধক ভীমৰ হতুৱাই হত্যা কৰাইছিল, পেহীয়েক শ্ৰুতশ্ৰৱাৰ পুত্ৰ শিশুপালৰ এশ অপৰাধ ক্ষমা কৰাৰ পিছত সুদৰ্শন চক্ৰৰে শিৰশ্ছেদ কৰিছিল। আৰু যে কত অজস্ৰ কাৰ্য সম্পাদন কৰা নাছিল তেওঁ কেৱল ধৰ্মৰাজ্য সংস্থাপনৰ নিমিত্তেই।
সেয়েহে শ্ৰীকৃষ্ণৰ চৰিত্ৰ আজিও ৰহস্য, অনাগত কালতো ৰহস্য হৈয়েই ৰ’ব। কিন্তু এই ৰহস্যৰ কাৰণ আজিৰ মানুহৰ সীমাৱদ্ধ জ্ঞানহে— স্বৰূপ বিচাৰত শ্ৰীকৃষ্ণ যে ঐতিহাসিক পুৰুষ সেয়া সত্য। শ্ৰীকৃষ্ণৰ জীৱনৰ প্ৰতিটো গতিতেই, সম্পাদন কৰা প্ৰতিটো কৰ্মৰ অন্তৰালত থকা মহৎ উদ্দেশ্যই সৃষ্টি কৰিছে মানৱসংস্কৃতি— ধৰাৰ বুকুত ঐক্যসাধনৰ মহামন্ত্ৰ তেওঁ কেৱল পাঞ্চজন্য শংখৰ মাজেৰে শুনাই গ’ল। তাকেই বিশাল ভাৰতীয় জাতিসত্তাৰ বিশ্বচেতনা বুলি ক’বই লাগিব। শ্ৰীকৃষ্ণভিন্ন সংস্কৃতিৰ আন ব্যাখ্যাহ’বই নোৱাৰে।

