Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

২০২৭ৰ লোকপিয়লঃ সন্ধিক্ষণত  অসম

post
<

Share

লেখকঃ ড জ্ঞানেন্দ্ৰ বৰ্মন          ‌‌

ভাৰতৰ আন কিছু ৰাজ্যৰ দৰে অসমতো দুই এক জনজাতীয়/জনগোষ্ঠীয় নেতা আৰু দল সংগঠনে এইবাৰ লোকপিয়লত অসমৰ জনজাতি হিন্দুক হিন্দু ধৰ্মীয় পৰিচয়ৰ পৰিৱৰ্তে অন্যান্য ধৰ্ম আৰু ধৰ্মাৱলম্বী" (Other Religions and Persuasions)  শিতানত নাম অন্তৰ্ভুক্ত কৰাব খুজিছে; ইয়াৰ‌ বাবে ঠায়ে ঠায়ে সভা সমিতি অনুষ্ঠিত কৰি ৰাইজক বুজাইছে। লোকপিয়লত ধৰ্মীয় শিতানত হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আৰু অন্যান্য ধৰ্ম আৰু ধৰ্মাৱলম্বী" শিতান আছে। এতিয়া এজন বড়ো ব্যক্তিয়ে ধৰ্ম শিতানত বাথৌ' লিখিব খুজিলে বা এজন আহোমে ফুৰালুং' লিখিব খুজিলে সেয়া অন্যান্য ধৰ্ম আৰু ধৰ্মাৱলম্বী" শিতানত অন্তৰ্ভুক্ত হ'ব আৰু‌ ইয়ে অসমত হিন্দুৰ সংখ্যা হ্ৰাস হোৱাত সহায় কৰিব। বিদেশী অনুপ্ৰৱে, অসমানুপাতিক জন্মৰ হাৰ, বাল্য‌বিবাহ, হু বিবাহ আদি কাৰকে ইতিমধ্যে অসমত মুছলমান জনসংখ্যাৰ অসমানুপাতিক বৃদ্ধি ঘটাইছে আৰু হিন্দুৰ জনসংখ্যাৰ অনুপাত হ্ৰাস পাইছে। এনে পৰিস্থিতিত যদি জনজাতি বা জনগোষ্ঠীয় হিন্দু সমাজৰ একাংশই হিন্দু সুঁতিৰ পৰা আতৰি যায় তেন্তে ইয়ে অসমত হিন্দু সংখ্যালঘু হোৱা প্ৰক্ৰিয়া তৰান্বিত কৰিব। হিন্দু সংখ্যালঘু হ'লে ইছলামিক দল সংগঠনবোৰে মুছলীম লীগৰ ইছলামিক অসমৰ আধৰুৱা সপোন আগুৱাই নিবলৈ উৎসাহী হৈ পৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৩৩ চনত গঠন হোৱা আছাম বেকৱাৰ্ড ট্ৰাইবেল লীগে" জনজাতি সকলক ১৯৪১ চনৰ পৰিয়ালত অহিন্দু হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানৰ নেপথ্যত ছাদুল্লাৰ বিভাজনকামী ইছলামিক আঁচনিয়ে কাম কৰিছিল। ছাদুল্লাই কৌশলেৰে জনজাতি নেতৃত্বক নিজৰ ফলীয়া কৰিব বিচাৰিছিল ইছলামিক আঁচনি আগবঢ়াই নিয়াৰ স্বাৰ্থত। ছাদুল্লাই জনজাতি সমূহক পৰামৰ্শ দিছিল যে তেওঁলোকে হিন্দু হিচাপে নিজকে তালিকাভুক্ত কৰিব নালাগে...ভীমৰ দেউৰীয়ে ছাদুল্লাৰ পৰামৰ্শ যুক্তিসন্মত বিবেচনা কৰিছিল।" (যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, অসমৰ সাংস্কৃতিক ইতিহাস, পৃষ্ঠা নং ২২৬)।

হিন্দু সমাজত গাঢ় হৈ পৰা বৰ্ণবাদী ব্যৱস্থায়ো জনজাতি সমাজক হিন্দু সুঁতিৰ পৰা আতৰাই নিয়াত সহায়‌ কৰিছিল। জনজাতি সমাজে নিম্ন বৰ্ণৰ হিন্দু" হিচাপে পৰিচয় ল'বলৈ প্ৰস্তুত নাছিল। ১৯২৯ চনত ছাইমন কমিছনক অসম কাছাৰী যুৱক সন্মিলনে দিয়া স্মাৰক পত্ৰত জনজাতি সকলক নিম্ন হিন্দু বুলি অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিছিল। ১৯৪১ চনৰ‌ লোকপিয়লত অসমৰ জনজাতি সমাজৰ এটা বৃহৎ অংশই অহিন্দু হিচাপে পঞ্জীয়ন কৰাইছিল। ইয়াৰ ফলত অসমত হিন্দুৰ‌ সংখ্যা ১৯৩১ চনৰ ৩৪,০৭,৮৩১ ৰ‌ পৰা ১৯৪১ চনত ২৮,০৪,২০২ লৈ হ্ৰাস পাইছিল; শতাংশ হিচাপত ১৭.৭% হিন্দুৰ সংখ্যা হ্ৰাস পাইছিল। ইয়াৰ‌ বিপৰীতে এই সময়ছোৱাত ৰাজ্যখনত মুছলীম জনসংখ্যা ৩৮.২% বৃদ্ধি পাইছিল। পৰৱৰ্তী সময়ত ছাদুল্লাই ১৯৪১ চনৰ লোকপিয়লৰ তথ্য আঙুলিয়াই দি অসমক হিন্দু সংখ্যালঘিষ্ঠ ৰাজ্য বুলি দেখুৱাই  অসমক ইছলামিক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ সপক্ষে যুক্তি আগবঢ়াইছিল। ছাদুল্লা চৰকাৰৰ ষড়যন্ত্ৰৰ কথা জনজাতি নেতৃত্বই  অনুধাৱন কৰিব পৰা নাছিল। ১৯৪১ চনৰ ৩১ জানুৱাৰীত অসম প্ৰদেশ মুছলীম লীগৰ অধিৱেশন ছাদুল্লাই ঘোষণা কৰিছিল যে মুছলমানসকল বংগ আৰু অসমত যদি সংখ্যাগৰিষ্ঠ হ'ব পাৰে উত্তৰ পূৱত এখন মুছলমান প্ৰদেশ গঠনত সহায়ক হ'ব।" ১৯৪১ চনৰ ৬ মাৰ্চত Land Development Scheme ত অনুমোদন কৰাই অসমৰ লাখ লাখ বিঘা মাটি পমুৱা মুছলমানক গোটাইছিল। ১৯৪৩ চনত ছাদুল্লা চৰকাৰে Grow more Crops" আঁচনিৰ নামত প্ৰকৃততে Grow more Muslims" নীতি কাৰ্যকৰী কৰিছিল; লাখ লাখ পমুৱা মুছলমানেৰে অসম ভৰি পৰিছিল; inner line ব্যৱস্থা উঠাই জনজাতি অঞ্চল সমূহতো পমুৱা মুছলমানক সংস্থাপনৰ ব্যৱস্থা কৰিছিল। ১৯৩৯ চনৰ পৰা ১৯৪৬ চনলৈ এই সাত বছৰ কালত অসমলৈ বঙ্গদেশৰ পৰা পমুৱা মুছলমানৰ সোঁত ইয়াত প্ৰবল হৈছিল যে ভাৰত বিভাজনৰ সময়ত জিন্না চাহাবে অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ‌ দাবী উত্থাপন কৰিছিল।" (সতীশ চন্দ্ৰ কাকতিৰ প্ৰবন্ধ লোকপ্ৰিয় বৰদলৈৰ ওপৰত গান্ধীজীৰ প্ৰভাৱ"ৰ পৰা উদ্ধৃত)। বঙ্গদেশৰ ৰংপুৰ আৰু মৈমনসিং জিলাৰ পৰা মুছলীম লীগৰ প্ৰৰোচনাত ছাদুল্লা চাহাবে লাখ লাখ মুছলমান আমদানি কৰিছিল।" (ঐ)

গৌৰীশংকৰ ভট্টাচাৰ্য দেৱে কোৱাৰ দৰে অনগ্ৰসৰতাৰ হেতু একাংশ জনজাতি নেতাৰ সুবিধাবাদী আচৰণ' ৰ বাবেই হওক বা আন কাৰণতেই হওক ট্ৰাইবেল লীগে ১৯৩৯ চনৰ ১৭ নৱেম্বৰত গঠন হোৱা মুছলীম লীগ চৰকাৰক সমৰ্থন কৰে। ইয়ে অসমৰ ৰাজনৈতিক পৰিস্থিতি মুছলীম লীগৰ অনুকূল কৰি তুলিছিল আৰু অসমৰ জাতীয় স্বাৰ্থ সংকটত পৰাই আশংকা ঘনীভূত হৈছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে এদিন ছাদুল্লা চাহাবৰ‌ লগত বৰদলৈদেৱৰ মুখামুখি হোৱাত ছাদুল্লা চাহাবে বৰদলৈ দেৱক কৈছিল, “গোপী তুমি কেনেকৈ কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব  পাৰে বুলি কল্পনা কৰিছা? মোৰ হাতৰ মুঠিত ৩৪ জন মুছলমান, ৯ জন য়ুৰোপীয়, ৫ জন মজদুৰ,৭ জন জনজাতীয় লোক আছে...।" ( মহেন্দ্ৰ মোহন চৌধুৰীৰ লোকপ্ৰিয় বৰদলৈৰ বিচক্ষণ নেতৃত্ব" শীৰ্ষক প্ৰবন্ধৰ‌পৰা উদ্ধৃত)। সেই নিৰ্বাচনত গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছে জয়লাভ কৰিছিলবৰদলৈয়ে জটিল সন্ধিক্ষণৰ সময়ত জাতি-জনজাতি সকলোকে এক কৰি আগবাঢ়িছিল।

মুছলীম লীগে বৃটিছৰ পৃষ্ঠপোষকতা লাভ কৰিছিল; বংগৰ সৈতে অসমক সংযুক্ত কৰি ৰাখিব বিচৰা ছাদুল্লাৰ‌ যুক্তিক ভাৰত সচিব পেথিক লৰেন্সে সমৰ্থন কৰিছিল। মুছলীম লীগ আৰু বৃটিছৰ ষড়যন্ত্ৰ ওফৰাই গোপীনাথ বৰদলৈয়ে অসমক ৰক্ষা কৰিছিল জনজাতীয় নেতৃত্বৰ আস্থা অৰ্জন কৰি। জনজাতিৰ‌ বাবে ষষ্ঠ অনুসূচী আৰু ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ ব্যৱস্থা কৰিছিল বৰদলৈয়ে।

পশ্চিমীয়া ধ্যান ধাৰণাৰে দিগবিন্যাসিত এচামে মুৰ্ত্তি-প্ৰকৃতি উপাসক সকলক পৃথক কৰি চাব খোজে। কিন্তু পশ্চিমীয়া ধাৰণাৰে ধৰ্মৰ‌ শ্ৰেণী বিভাজন ভাৰতত প্ৰযোজ্য নহয়। Merrian Webster অভিধানত ধৰ্মৰ বাখ্যা দিয়া হৈছে এইদৰে- Relating to or manifesting faithful devotion to an acknowledged Ultimate reality or deity."

এই‌ সংজ্ঞাই ভাৰতীয় সনাতন ধৰ্ম, পৰম্পৰাক সাঙুৰি নলয় কিয়নো ভাৰতীয় সনাতন পৰম্পৰা এজন ঈশ্বৰৰ পৰিৱৰ্তে সৰ্বেশ্বৰবাদত বিশ্বাসী। হিন্দু সমাজত অনেক পন্থ অনেক বিচাৰ। বৃটিছ বিষয়াসকলেও হিন্দু"ক সংজ্ঞাবদ্ধ কৰিবলৈ যথেষ্ট জটিলতাৰ সন্মুখীন হৈছিল। ১৯১১ চনৰ লোকপিয়লৰ ৰিপোৰ্টত বৃটিছ  লোকপিয়ল বিষয়াই উল্লেখ কৰিছে The Hindu word “dharma" which corresponds most clearly to our word “religion" connotes conduct more than creed"

হিন্দু'ক পশ্চিমীয়া অৰ্থত ৰিলিজিয়ন হিচাপে সংজ্ঞাবদ্ধ কৰাত থকা জটিলতাৰ কথা অনুভৱ কৰি বিষয়াসকলে হিন্দু হিচাপে চিহ্নিত কৰিছিল সেইসকলক যি খ্ৰীষ্টান, মুছলমান আৰু পাৰ্চী নহয়। ১৮৮১ চনৰ পাঞ্জাৱ লোকপিয়লৰ অধীক্ষক Ebaston এ লিখিছিলঃ Every native who was unable to define his creed or described it by any other name than that of some recognized religion or of a sect of some such religion, was held to be and classes as a Hindu"

একেধৰণেই ১৮৯১ চনৰ অসমৰ লোকপিয়ল ৰিপোৰ্টত অধীক্ষক গেইটে লিখিছিলঃ I know that, as a general rule, a native of India is looked on as a Hindu, if he does not definitely say that he is something else"

১৮৮১ চনৰ‌ লোকপিয়লত বৃটিছ চৰকাৰে নিজস্ব খেয়াল খুচি মতে Hill Tribe নামৰ এটা নতুন ধৰ্মীয় শ্ৰেণীৰ সৃষ্টি কৰেঃ It should be explained that the term “Hill Tribes" has been used arbitrarily to designate certain non-Aryan tribes which are more decidedly hostile to Hinduism than Others...and it will be seen that Abors, Daflas, Garos, Khasis, Santangs, Kukis, Mikirs, Miris, Mishimis and Nagas are included under the head; while many other tribes which are classes as aboriginal such as Kacharis, Hajongs, Lalungs and others have been entered in the religion tables as Hindus" (The Assam Province Census Report, 1981)

হিন্দু আৰু এই আন আন ট্ৰাইবৰ মাজত‌ কোনো প্ৰত্যক্ষ পাৰ্থক্য নাই বুলি বৃটিছ বিষয়াসকলেও স্বীকাৰ‌ কৰিও মইমতালিৰে পৃথক ধৰ্মীয় শ্ৰেণীৰ সৃষ্টি কৰি বিভাজনৰ বীজ ৰোপন কৰিছিল। পৰৱৰ্তী সময়ত এই‌ Hill Tribe" ৰ ঠাইত Animism" শব্দ ব্যৱহাৰ কৰিছিল আৰু E. A. Gate এ এই শ্ৰেণীটোক inferior religion" বুলি অভিহিত কৰিছিল।

ঔপনিবেশিক স্বাৰ্থ সিদ্ধিৰ বাবে জনজাতি উপাসনা পদ্ধতিক inferior religion" বুলি অভিহিত কৰি মিছনেৰী সকলক বাট এৰি দিয়া হ'ল ধৰ্মান্তৰকৰণৰ বাবে। ১৮৭১‌ চনৰ‌ পৰা ১৮৯১ চনলৈ নাগালেণ্ডত খ্ৰীষ্টান জনসংখ্যা ১৮৯৫ ৰ‌ পৰা ১৪,৭৬২ লৈ বৃদ্ধি হ'ল।

স্বাধীনতাৰ পিছত সংবিধান সভা আৰু দেশৰ নেতৃত্ব এই‌ বিষয়ত‌ স্পষ্ট আছিল যে জাতিগত আৰু ধৰ্মীয় বিভাজন বৃটিছৰ Divide and Rule নীতিৰ সৃষ্টি আছিল; সেইবোৰ স্বাধীন ভাৰতত‌ প্ৰয়োগ কৰা উচিত‌ নহয়। জাতি আৰু ধৰ্মীয়‌ শ্ৰেণীবোৰ লোকপিয়লৰ পৰা আঁতৰ কৰিবলৈ মনস্থ কৰা হৈছিল কিন্তু ধৰ্মীয় শ্ৰেণী আঁতৰ কৰিব পৰা নগ'ল অনুসূচিত জাতিৰ বাবে থকা সাংবিধানিক ব্যৱস্থা আৰু বিশেষ অধিকাৰৰ পৰিপ্ৰেক্ষিতত। সাংবিধানিক ব্যৱস্থা অনুসৰি এজন ব্যক্তিয়ে যদি হিন্দু ধৰ্মৰ পৰা আন ধৰ্মলৈ ধৰ্মান্তৰিত হয়, তেন্তে সেই ব্যক্তিয়ে অনুসূচিত জাতিৰ বাবে থকা সুবিধা লাভ নকৰিব। গতিকে এজন ব্যক্তিৰ ধৰ্ম নথিভূক্ত কৰাটো প্ৰয়োজন হৈ পৰিল। ১৯৫১ চনৰ লোকপিয়লত ৬টা মূল ধৰ্মীয় শ্ৰেণী সৃষ্টি কৰা হ'ল---হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন। ইহুদী, পাৰ্চী আদিক যৌথভাৱে লৈ এটা শ্ৰেণী সৃষ্টি কৰা হ'ল---Other Religions and Persuasions (ORPs)

লক্ষ্যণীয়ভাৱে ১৯৫১-২০১১ সময়ছোৱাত দেশত দুটা শ্ৰেণীৰ জনসংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে ---‌মুছলমান আৰু অন্যান্য ধৰ্ম আৰু ধৰ্মাৱলম্বী'‌ চমুকৈ ORPsমুছলমান জনসংখ্যা ৪৫.২০% বৃদ্ধি পাইছে আৰু অন্যান্য ধৰ্ম আৰু ধৰ্মাৱলম্বী" বৃদ্ধি পাইছে ৫৩.৪৯%। আৰম্ভণিতে পাৰ্চী আৰু ইহুদী আদিক অন্তৰ্ভুক্ত কৰিবলৈ ORPs সৃষ্টি কৰা‌ হৈছিল‌ যদিও পৰৱৰ্তী সময়ত জনজাতীয় সম্প্ৰদায়ৰহে এই শ্ৰেণীত অন্তৰ্ভুক্তি বেছি হ'ব ধৰিলে। ২০১১ চনৰ লোকপিয়লত মুঠ ৮৬ টকা ধৰ্মক ORPs শিতানত অন্তৰ্ভুক্ত কৰা হৈছিল; ২০০১ চনত এই সংখ্যা আছিল ১০৮। ORPs শিতানত থকা মুঠ জনসংখ্যা হ'ল ৭৯,৩৭,৭৩৪; ইয়াৰে ৮৯.৩৯% হ'ল অনুসূচিত গ্ৰুপ। ইয়াৰ পৰা এইটো স্পষ্ট যে ORPs কেৱল এক পৰিসংখ্যাৰ শ্ৰেণী নহয়; ই জনজাতি সমাজক আন ভাৰতীয় মূলৰ সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ এক ষড়যন্ত্ৰ।

ভৌগোলিকভাৱে জনজাতি অধ্যুষিত ৰাজ্যসমূহত ORPs শ্ৰেণীত অন্তৰ্ভূক্ত লোকৰ সংখ্যা সৰ্বাধিকঃ অৰুণাচল প্ৰদেশত ২৬.৮০%; ঝাৰখণ্ডত ১২.৮৪%; । ১৯৯১ -২০০১ সময়ছোৱাত ORPs শ্ৰেণীত বৃদ্ধিৰ হাৰ ১০৩.০৯%। এই সময়ছোৱাত মণিপুৰত ORPs বৃদ্ধিৰ হাৰ ১৫.৬১%ছট্টিশগড়ত ২৭.৪৭%; ছিকিমৰ ৪২.৫৪%, মধ্যপ্ৰদেশত ১২.২৩%। খ্ৰীষ্টান আধিপত্য থকা মেঘালয়, নাগালেণ্ডত কিন্তু ORPs হ্ৰাসহে হৈছে। ১৮৮১ চনত নাগাসকলক Hill Tribe" শ্ৰেণীত অন্তৰ্ভূক্ত কৰি ৯৮% নাগাক ভাৰতীয় সনাতন সমাজৰ পৰা পৃথক কৰা‌ হৈছিল আৰু ১৯০১ ৰ পৰা ১৯১১ চনৰ সময়ছোৱাত নাগালেণ্ডত ৩৪.৩% খৃষ্টান জনসংখ্যা বৃদ্ধি হৈছিল। ১৯৫১ চনত ট্ৰাইবেল ধৰ্মীয় লোকৰ সংখ্যা ৫৯.৭৫% হ্ৰাস পালে আৰু খ্ৰীষ্টান জনসংখ্যা ৪৫.৩৬% বৃদ্ধি পালে। আজিৰ তাৰিখত নাগালেণ্ডত ৯৫%তকৈ অধিক লোক খ্ৰীষ্টান। ১৯৫১ চনত মেঘালয়ত ORPs শ্ৰেণীভূক্ত লোকৰ সংখ্যা আছিল ৫৮.১৩%; খ্ৰীষ্টান লোকৰ সংখ্যা আছিল ২৩.৭৭%। ২০১১ চনত এই ORPs ৮.৭% লৈ হ্ৰাস পালে আৰু খ্ৰীষ্টান জনসংখ্যা বৃদ্ধি পালে ৭৪.৫৯%। তথ্যবোৰৰ পৰা এটা আচনি স্পষ্ট ৰূপত ওলাই পৰে--- প্ৰথমতে পৃথক কৰা, তাৰ‌ পিছত ধৰ্মান্তৰকৰণ।

(লেখক সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, কটন বিশ্ববিদ্যালয়, ফোন নংঃ ৯৮৬৪৪৪৪৯৮৬)

আপুনিও ভাল পাব পাৰে!