লেখিকাঃ পৰমেশ্বৰী দাস
সাৰাংশসাৰঃ অসমীয়া লোকসংস্কৃতিৰ ক্ষেত্ৰখনত লোকপৰম্পৰাই অধিকাংশ ঠাই আগুৰি আছে। লোকপৰম্পৰাত প্ৰাকৃতিক চিকিৎসাৰ ভূমিকা গুৰুত্বপূৰ্ণ। পুৰুষানুক্ৰমে চলি অহা লোকচিকিৎসাৰ অন্তৰ্গত প্ৰাকৃতিক চিকিৎসাই অসমীয়া সমাজখনক বিশেষভাৱে প্ৰভাবান্বিত কৰি আহিছে। প্ৰাচীন কালত অসমীয়া সমাজৰ মানুহে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ আশ্ৰয় লৈছিল। প্ৰকৃতিৰ পৰা আহৰণ কৰা চিকিৎসা পদ্ধতিয়ে হ’ল প্ৰাকৃতিক চিকিৎসা পদ্ধতি। প্ৰকৃতিৰ পৰা উপলব্ধ গছ, বন, ফল, ফুল, পাত, শিপা আদিয়েই হৈছে প্ৰাকৃতিক চিকিৎসাৰ মূল উৎস। এইবোৰক লোকঔষধ বুলি জনা যায়। লোকঔষধেই প্ৰাকৃতিক চিকিৎসাৰ মূল ভিত্তিস্বৰূপ। সাধাৰণ সৰু-সুৰা ৰোগৰ পৰা আৰম্ভ কৰি কিছুমান দূৰাৰোগ্য ৰোগৰ চিকিৎসাও লোকঔষধৰ দ্বাৰা কৰা হয়। বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো লোকঔষধক কোনেও এৰাই চলিব পৰা নাই। লোকঔষধৰ সামাজিক আৰু ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰিবলগীয়া। আমাৰ আলোচনা পত্ৰখনৰ দ্বাৰা অসমীয়া সমাজত প্ৰাকৃতিক চিকিৎসাৰ অন্তৰ্গত লোকঔষধৰ ভূমিকা, লোকঔষধৰ গুণাগুণ বিচাৰ আৰু অসমীয়া সমাজত লোকঔষধৰ স্থান সম্পৰ্কে আলোচনা কৰাৰ যত্ন কৰা হ’ব। আলোচনা পত্ৰখনত বিশেষকৈ বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰা হ’ব।
বীজ শব্দঃ অসমীয়া সমাজ, লোকপৰম্পৰা, প্ৰাকৃতিক চিকিৎসা, লোকঔষধ।
১.০০ অৱতৰণিকাঃ লোকসংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ’ল লোকচিকিৎসা পদ্ধতি। অসমীয়া লোক পৰম্পৰাৰ লগত লোকচিকিৎসাৰ সম্পৰ্ক ওতঃপ্ৰোত। অসমীয়া সমাজ-সংস্কৃতি লোক পৰম্পৰাৰ দৰ্শনেৰে চহকী। ভাৰতৰ দৰে অসমতো লোক চিকিৎসা পদ্ধতি সু-প্ৰাচীন। প্ৰাচীন কালত অসমীয়া সমাজখনে ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে লোক চিকিৎসাৰ আশ্ৰয় লৈছিল। লোকচিকিৎসাৰ পৰম্পৰা যুগ যুগ ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ আছে। মানুহ আৰু প্ৰকৃতিৰ এক সুসম্পৰ্কভিত্তিক চিকিৎসা পদ্ধতিয়ে হৈছে লোকচিকিৎসাৰ মূল আহিলা শক্তি। লোকচিকিৎসা পদ্ধতি অভিজ্ঞতা, পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা, পৰিৱেশ জ্ঞান, প্ৰকৃতি, ঔষধি গুণযুক্ত গছ-লতিকা, জৰা-ফুকা আদিৰ লগত নিবিড়ভাৱে জড়িত। ই বিশেষকৈ গ্ৰাম্য সমাজত জনস্বাস্থ্য ৰক্ষা, ক্ষুদ্ৰ ৰোগ নিৰাময় আৰু দৈনন্দিন ঘৰুৱা চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মূলতঃ লোকচিকিৎসা পদ্ধতি লোকসমাজৰ লোকসাংস্কৃতিক, অভিজ্ঞতা নিৰ্ভৰ আৰু প্ৰকৃতিযুক্ত জ্ঞানৰ ফচল।
“বিংশ শতিকাৰ আৰম্ভণিতে নৃতত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সমাজ আৰু সংস্কৃতিৰ সম্বন্ধে তথ্য সংগ্ৰহ কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থকা ঔষধ আৰু লোকচিকিৎসাৰ কথা পোহৰলৈ আনে। প্ৰখ্যাত ইংৰাজ চিকিৎসক আৰু নৃতত্ববিদ W.H.R. Rivers-এ ১৯২৮ চনতে পোন প্ৰথমে পৰম্পৰাগত চিকিৎসাৰ বিষয়ে চিন্তা-চৰ্চা কৰে। ৰিভাৰ্চৰ মতে পৰম্পৰাগত চিকিৎসা পদ্ধতিও আন আন সামাজিক নিয়মৰ দৰে যুক্তিসংগত আচৰণ। আদিমকালৰ এই চিকিৎসা পদ্ধতিৰ লগত অকল সাধাৰণ চিকিৎসা পদ্ধতিয়েই জড়িত নাথাকে তাৰ লগত ধৰ্ম আৰু যাদুবিদ্যাও ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে” (অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস,পৃ.৬৫)।
প্ৰাকৃতিক চিকিৎসা লোকচিকিৎসাৰ অন্তৰ্গত এক উল্লেখযোগ্য উপাদান। প্ৰাকৃতিক চিকিৎসাক লোক ঔষধ হিচাপে বিবেচনা কৰা হয়। লোকঔষধৰ প্ৰথম চৰ্চা আৰু প্ৰয়োগ গ্ৰাম্য সামাজিক পৰিৱেশত হৈছিল। গছ-বন-লতিকা, ফুল-ফল-শিপা আদিতো যে ঔষধি গুণ আছে, সেই কথা গাঁৱলীয়া অশিক্ষিত মানুহেই প্ৰথমে উৎঘাটন কৰিছিল। মানৱ সমাজৰ সমান্তৰালভাৱে লোক ঔষধৰো সৃষ্টি হৈছিল বুলি ভাবিবৰ থ’ল আছে। আদিম মানৱে জীৱন-যাপন কৰোতে বা হাবি-জংঘলে খাদ্যৰ সন্ধানত ঘুৰি ফুৰোতে বিভিন্ন ৰোগ বা সৰু বৰ আকস্মিক দুৰ্ঘটনাত পতিত হ’ব লগা হৈছিল। তেতিয়া সেই ৰোগ নিৰাময় বা দুৰ্ঘটনাত পতিত দেহক সুস্থ কৰিবলৈ গছ-বন, পাত-লতিকা আদি খাইছিল আৰু জখম হোৱা ঠাইত ঘহি দিছিল। এনেকৈয়ে হয়তো লোক ঔষধৰ এটা পৰম্পৰা গঢ়ি উঠিছিল।
মানুহে অতীতৰ পৰাই নিজৰ লগতে পোহনীয়া জীৱ-জন্তুৰ চিকিৎসাৰ বাবে লোক ঔষধ ব্যৱহাৰ কৰি আহিছে। প্ৰাগ ঐতিহাসিক কালৰ পৰাই মানুহে লোকঔষধ ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰা দৃশ্যমান হৈছে। অতীতৰ লোকঔষধৰ পৰাই আধুনিক আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ সৃষ্টি হৈছে। অসমৰ গাঁৱে-ভূঞে, হাবি-বননিয়ে অজস্ৰ লোকঔষধ পোৱা যায়। অসমীয়া সমাজত প্ৰচলিত জৰা-ফুকা, তন্ত্ৰ-মন্ত্ৰসমূহকো লোকঔষধ হিচাপে গণ্য কৰি অহা হৈছে।
১.০১ অধ্যয়নৰ লক্ষ্যঃ প্ৰাকৃতিক চিকিৎসা লোক জীৱনৰ এক অন্যতম উপাদান। প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ লগত লোকজীৱন গভীৰভাৱে সংপৃক্ত। প্ৰাকৃতিক চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰি ঘৰুৱা আপদ-বিপদ আৰু বিভিন্ন ৰোগৰ পৰা তৎকালীনভাৱে আৰোগ্য লাভ কৰিব পাৰি। প্ৰাকৃতিক চিকিৎসা পদ্ধতি আধুনিক সমাজতো সাৰ্থকভাৱে ব্যৱহাৰযোগ্য আৰু গ্ৰহণযোগ্য। বৰ্তমান বিজ্ঞান প্ৰযুুক্তি বিদ্যাৰ চৰম উন্নতিৰ সময়তো প্ৰাকৃতিক চিকিৎসাই অসমীয়া সমাজক কেনেদৰে প্ৰভাৱিত কৰি আছে বা অসমীয়া সমাজত প্ৰাকৃতিক চিকিৎসাৰ স্থান নিৰ্ণয় কৰাৰ লক্ষ্যৰে আমাৰ অধ্যয়নৰ বিষয়টো নিৰ্বাচন কৰি লোৱা হৈছে।
১.০২ অধ্যয়নৰ গুৰুত্বঃ প্ৰাকৃতিক চিকিৎসা মানৱ জীৱনৰ প্ৰাথমিক চিকিৎসা পদ্ধতি। পৰম্পৰাগতভাৱে চলি অহা এই ঘৰুৱা চিকিৎসাক কোনোৱে উলাই কৰিব পৰা নাই। মানুহ আৰু জীৱ-জন্তু সকলোৰে ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসাৰ ব্যৱহাৰ শৰীৰৰ বাবে পাৰ্শ্ব-প্ৰতিক্ৰিয়াহীন। আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগতো প্ৰাকৃতিক চিকিৎসাক বিজ্ঞানে চেৰ পেলাব পৰা নাই। এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ প্ৰাকৃতিক চিকিৎসাৰ প্ৰয়োজনীয়তা সদায় অনুভৱ কৰা যায়। সেয়ে নিৰ্বাচিত বিষয়টোৰ গুৰুত্ব বিশেষভাৱে বিবেচনা কৰা হয়।
১.০৩ অধ্যয়নৰ পৰিসৰঃ অসমীয়া লোকপৰম্পৰাত লোকচিকিৎসাত প্ৰধানকৈ দুটা বিষয় জড়িত হৈ থাকে। এটা হ’ল- প্ৰাকৃতিক লোকচিকিৎসা আৰু আনটো হ’ল যাদুবিদ্যাত ধৰ্মীয় লোকচিকিৎসা। প্ৰাকৃতিক লোকচিকিৎসাই গছ, বন, লতা, ফল, ফুল, শিপা, গুটি, পাত আদিৰ দ্বাৰা কৰা চিকিৎসাক বুজায়। যাদুবিদ্যাত ধৰ্মীয় লোকচিকিৎসাই তন্ত্ৰ-মন্ত্ৰ, জৰা-ফুকা, তাবিজ-মাদুলি আদিৰে কৰা চিকিৎসা পদ্ধতিক বুজায়। আমাৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত প্ৰাকৃতিক লোকচিকিৎসাৰ অন্তৰ্গত লোক ঔষধক সামৰি লোৱা হৈছে। হাবি-বননিৰ গছ-গছনিৰ পৰা উপলব্ধ লোকঔষধি গুণযুক্ত উপাদানৰ দ্বাৰা ৰোগ নিৰাময়ৰ বিষয় সম্পৰ্কে আমাৰ অধ্যয়নত অন্তৰ্ভূক্ত কৰা হৈছে।
১.০৪ অধ্যয়নৰ পদ্ধতিঃ ‘অসমীয়া লোকপৰম্পৰাত প্ৰাকৃতিক চিকিৎসা’ শীৰ্ষক গৱেষণা পত্ৰখনৰ বাবে বিশেষকৈ বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰা হৈছে। অধ্যয়নৰ তথ্য সংগ্ৰহৰ বাবে মুখ্য আৰু গৌণ দুয়োটা উৎসৰে সহায় লোৱা হৈছে।
২.০০ বিষয়বস্তুৰ বিশ্লেষণঃ অসম লোক ঔষধত চহকী ৰাজ্য। পৃথিৱীৰ ২,৫০,০০০ বিধ উদ্ভিদৰ ভিতৰত প্ৰায় ৮০,০০০ বিধ উদ্ভিদেই লোক ঔষধি গুণযুক্ত উদ্ভিদ। অসমতো এনে এখন ঠাই নাই, য’ত লোক ঔষধ গুণযুক্ত গছ-বন নাই। কোনোবা বিদেশী পৰ্যটকে অসমৰ অৰণ্যত ঠিয় দি কৈছিল, অসমৰ অৰণ্যত ভৰি থ’বৰ ঠাই নাই, সকলোবোৰ উদ্ভিদেই ঔষধিগুণযুক্ত। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসম বা অসমীয়া সমাজত লোক ঔষধৰ প্ৰভাৱ অতুলনীয়। অসমীয়া সমাজত প্ৰচলিত লোকাচাৰসমূহৰ লগত লোক ঔষধৰ এক নিবিড় সম্পৰ্ক আছে। লোকাচাৰসমূহৰ লগত গম নোপোৱাকৈয়ে বিজ্ঞান জড়িত হৈ আছে। ‘ব’হাগ বিহুৰ লোকাচাৰ আৰু লোক-ব্যঞ্জন’ শীৰ্ষক প্ৰবন্ধত উপেন ৰাভা হাকাচাম এ লিখিছে যে বেমাৰ আজাৰ, ৰোগ-ব্যাধি, এলাহ-ভাগৰৰ পৰা মুক্তি লাভৰ অৰ্থে নিজৰ বা পৰিয়ালৰে মাথোঁ নহয়, সমগ্ৰ মানৱ জাতি, পশু-পক্ষী বিশেষকৈ পোহনীয়া জীৱ-জন্তুৰ সুস্বাস্থ্য আৰু আশু আৰোগ্যৰ বাবে নানা লোকাচাৰ, বিধি-বিধান পালন কৰে। উজনি-নামনি সৰ্বত্ৰতে, সকলো জনগোষ্ঠীৰ মাজত ব’হাগ-চ’ত মাহৰ সংক্ৰান্তিত উদ্যাপিত ৰঙালী বিহুত কিছুমান পালিবলগীয়া লোকাচাৰৰ ভিতৰত কিছুমান ৰুচিকাৰক আৰু স্বাস্থ্যবৰ্ধক বনৌষধি বা বনজ খাৰধি গ্ৰহণ কৰাৰ বিধান আছে। এই সময়ছোৱাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সুজলা-সুফলা মাটিত সতেজ ৰূপত নানা তৰহৰ শাক-পাচলি, ফলমূলৰ গছ-লতিকা ডালে-পাতে লহপহীয়া ৰূপত জাতিস্কাৰ হৈ উঠে। সেইবোৰ চ’তৰ গৰু বিহুৰ দিনাখন নিচেই পুৱা বা আগদিনা সন্ধিয়া বাৰী লুৰুকি বা হাবি-বনৰ পৰা সংগ্ৰহ কৰি আনি একেলগে মিহলাই থেতেলিয়াই, গলাই বা ভজ-পোৰা কৰি বা সিজাই ৰান্ধি মৰ্দন-ৰঞ্জন, চৰ্বন-পেষণ বা পান-ভোজন কৰা হয়” (বৰ অসমৰ বৰ্ণিল সংস্কৃতি পৃ.২০৭)। এনে ৰুচিকাৰক আৰু স্বাস্থ্যবৰ্ধক বনৌষধিযুক্ত খাদ্য খোৱাৰ ৰীতি-নীতি অসমীয়া সমাজতো পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে।
অসমীয়া সমাজত ঠাই বিশেষে ব’হাগ বিহুত এশ এবিধ শাক, এশ সাতবিধ শাক, সাত শাক খোৱাৰ পৰম্পৰা আজিও চলি আছে। এই সকলোবোৰ শাক লোকঔষধি গুণযুক্ত। বছৰৰ আৰম্ভণিতে এই শাক খোৱা পৰম্পৰাৰ দ্বাৰা নতুন বছৰটো ৰোগ-ব্যাধি নঘটাকৈ ভালে কুশলে পাৰ হৈ যোৱাৰ বাবে কামনা কৰা হয়। দেহ-মন ৰোগমুক্ত হৈ পৰিয়ালটো স্বাস্থ্যবান কৰি ৰখাৰ চেষ্টা কৰা হয়। এই শাকসমূহ হ’ল- সৰু মানিমুনি, বৰ মানিমুনি, কেৰেলাপাত, চজিনাপাত, ওলকচু, কচুশাক, কঠালৰ মুচি, কলমৌ শাক, দুপৰ টেঙা, কাঠ আলুৰ পাত, কেঞাবন, অমিতা ফুল, কোমোৰা পাত, খুতৰা শাক, গাখীৰতি, চালকুঁৱৰী, চিৰতা পাত, চুকা শাক, চেংমৰা, ভেদাইলতা, নৰসিংহ, টেঙেচি শাক, ঢেঁকীয়া, লাই, লফা, পূৰে শাক, পালেং, মূলা শাক, দোৰোণ বন, দুবৰি, পদিনা, উৰহি, বেতগাজ, ঔটেঙা, তেঁতেলি, ৰঙালাও পাত, জাতি লাও, মধুসোলেং, কলমৌ, মেচেন্দৰী, জালুক, বেঙেনা, আমৰ কলি, মৰলীয়া বা ঠোঁঠনি শাক, তিতা ভেঁকুৰি, মৰিচা শাক, ব্ৰাহ্মীশাক, আদা, নহৰু, শুকলতি, মানধনিয়া, মহানিমৰ পাত ইত্যাদি।
অসমীয়া সমাজৰ খাদ্যাভাসৰ পৰম্পৰা লোকঔষধি গুণযুক্ত। তিতা, টেঙা, খাৰ, মাছ, মাংস, শাক-পাচলি, মচলা, মুহুদি আদি সকলোতে লোক ঔষধ সমৃদ্ধ হৈ আছে। লোকঔষধসমূহৰ বৈজ্ঞানিক ভিত্তি যথেষ্ট আছে। “অসমৰ লোকসাহিত্যৰ পথাৰখনত লোকচিকিৎসা আৰু লোক ঔষধৰ ভালেমান সমল পূঞ্জীভূত হৈ আছে। একোটা জাতিৰ লোকসংস্কৃতিৰ স্বৰূপ তেওঁলোকৰ লোকবিশ্বাস, লোকাচাৰ আৰু লোকসাহিত্যৰ মাজেদিয়েই প্ৰকাশিত হয়। লোকসাহিত্যৰ অন্তৰ্গত ‘ডাকৰ বচন’ সমূহৰ বুকুত সঞ্জীৱিত হৈ থকা বিভিন্ন চিকিৎসা সম্পৰ্কীয় জ্ঞানৰ সম্ভেদে লোকজ্ঞান আৰু লোকপ্ৰজ্ঞাৰ মাজেদি গঢ় লৈ উঠা সাংস্কৃতিক উত্তৰাধিকাৰৰ বিষয়ে মানৱৰ ধাৰণা বিকশাই তোলে। ডাকৰ বচনত উল্লিখিত বিভিন্ন বনৌষধিক চিকিৎসাৰ তথ্যসমূহ আধুনিক বৈজ্ঞানিক গৱেষণাতো সত্য প্ৰমাণিত হৈছে” (ভদ্ৰকান্ত বৰা, পৃ,৬৫)।
লোকচিকিৎসাৰ ক্ষেত্ৰত অসমৰ প্ৰত্যেকটো পৰিয়ালত ব্যৱহাৰ হোৱা লোকঔষধসমূহক নিম্নোক্ত ধৰণে বিচাৰ কৰিব পাৰি-
১. প্ৰাকৃতিক লোকচিকিৎসা
২. যাদুবিদ্যাত ধৰ্মীয় লোকচিকিৎসা।
লোকঔষধ আশ্ৰিত চিকিৎসাই হ’ল প্ৰাকৃতিক লোকচিকিৎসা। প্ৰাকৃতিক লোকচিকিৎসাৰ সমল প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। প্ৰাকৃতিকভাৱে উপলদ্ধ লোকঔষধৰ ঔষধি গুণক ভিন্ন ভিন্ন ধৰণে বিচাৰ কৰিব পাৰি।
অসমীয়া সমাজত লতাজাতীয় লোক ঔষধৰ প্ৰভাৱ অপৰিসীম। লতাজাতীয় উদ্ভিদ ভেদাই লতাৰ গুৰুত্ব যথেষ্ট। স্ত্ৰী চিকিৎসাৰ ক্ষেত্ৰত ভেদাইলতাই বহুখিনি কাম কৰে। শাৰিৰীক দুৰ্বলতা, পেটৰ অসুখ, মহিলাৰ জৰায়ুৰ ৰোগ, এলাৰ্জি, বাতবিষ, হাড় ভগা আদি ৰোগত ভেদাইলতাই মহৌষধৰ দৰে উপকাৰ কৰে। ভেদাইলতাৰ ঔষধিগুণৰ কথা ডাকৰ বচনতো পোৱা যায়ঃ
ভেদালী লতাৰ শিপাতে আনি
কাথ কৰি লৈব তাৰ পানী।
লোণ জালুক দি পাগিয়া খাইবো
তেৰেস নাড়ী সুখাই যাইবো।।
কেৰেলাপাত, কোমোৰাপাত, ৰঙালাওৰ পাত আদিও লোকঔষধ হিচাপে ব্যৱহাৰ হয়। কেৰেলা পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে, কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে। শৰীৰৰ চৰ্বি কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কোমোৰা পাতে ৰক্তক্ষৰণ বন্ধ কৰি ঘাঁ শুকুৱায়, হৰমনৰ বিসংগতিৰ সমস্যা দূৰ কৰে, শৰীৰৰ ওজন হ্ৰাস কৰি মানুহক নিৰোগী কৰি ৰাখে। আকৌ ৰঙালাওৰ পাতে চকুৰ দৃষ্টি শক্তি বঢ়ায়, হাড়-দাঁত মজবুত কৰে আৰু ৰঙালাওৰ গুটিয়ে শুক্ৰ বৃদ্ধি কৰাত সহায় কৰে। লতাজাতীয় উদ্ভিদ হিচাপে বেতৰ গাজ কৃমিনাশক, ৰক্ত পৰিস্কাৰক আৰু অৰ্শনাশক। অপৰাজিতা ফুলে দৃষ্টিশক্তি আৰু স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে।
অসমত বিভিন্ন টেঙাজাতীয় উদ্ভিদ আছে। টেঙাজাতীয় উদ্ভিদসমূহৰ লোকঔষধিগুণ বিবেচনাযোগ্য। গোলনেমু, কাজিনেমু, কৰজা টেঙা, জৰা টেঙা, টেঙেচি, টেঙামৰা, অমৰা, মিৰিকা টেঙা, কৰ্দৈ টেঙা, কাউ থেকেৰা টেঙা, কুঁজী থেকেৰা টেঙা, জলফাই, বগৰী, ৰবাব টেঙা, সুমথিৰা, ঔটেঙা, তেঁতেলী টেঙা আদি বিভিন্ন টেঙা অসমীয়া সমাজত লোকঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। গোলনেমুৰ গছৰ শিপা, ফল, ফুল, গুটি, পাত আদি সকলো অংশই ঔষধিগুণযুক্ত। গোলনেমুৱে ছোৱালীৰ পয়া লগা, ছালৰ ৰোগ, পানী লগা, গ্ৰহণী, অজীৰ্ণ, উফি, শালমইনা আনকি কৰ্কটৰোগ ভাল কৰাতো সহায় কৰে। নেমুৰ গুটিয়ে কৃমি নাশ কৰে। পাত, শিপাই মেলেৰিয়া ৰোগ নাইকিয়া কৰে। কাজিনেমুক পেটৰ বিষ, গ্ৰহণী, পেটচলা, মেদবহুলতা আদি ৰোগৰ মহৌষধ বুলি ক’ব পাৰি। ইয়াৰ ফল আৰু পাতৰ ৰসে কৃমি নাশ কৰে। টেঙেচি টেঙাই খৰ, খজুৱতী, গ্ৰহণী, পেটচলা, পেটৰ বিষ, প্ৰস্ৰাৱৰ সমস্যা, মূৰৰ বিষ, কুষ্ঠ ৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ, নিদ্ৰাহীনতা, মদৰ নিচা আদি বিভিন্ন ৰোগৰ পৰা মানুহক ৰক্ষা কৰে। অমৰা টেঙা পেটৰ বেমাৰৰ মহৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। বাতবিষ, পানীলগা, অজীৰ্ণ, যক্ষ্মাৰোগ আদি ৰোগ প্ৰতিষেধক হিচাপে অমৰা টেঙাৰ মূল্য যথেষ্ট। কুঁজীথেকেৰা টেঙাই হাঁপানি, হৃদৰোগ, একাংগী ৰোগ, বমি, বাতবিষ, মেদবহুলতা আদি বিভিন্ন ৰোগৰ লোকঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে। অসমীয়া সমাজত ঔটেঙাৰ বৰ আদৰ। ই বহুমূত্ৰ ৰোগত বৰ উপকাৰী। কোষ্ঠকাঠিন্য, ব্ৰংকাইটিছ, কৰ্কট ৰোগ আদিত ঔটেঙাই ভাল কাম কৰে। ঔ টেঙাৰ ৰস ডেৰ কাপত তিনি চামুচ মৌ মিহলি কৰি খালে কাহ ভাল হয়। সেইদৰে তেঁতেলী টেঙাইও শৰীৰক বিভিন্ন ধৰণে সহায় কৰে। ই চৰ্বি, কলেষ্টৰেল, অৰ্শ ৰোগ, কফ, জ্বৰ আদি ৰোগ নাইকিয়া কৰে¸ তেঁতেলীৰ ক্কাথে মাতৃৰ স্তনত গাখীৰ বৃদ্ধি কৰিব পাৰে।
তিতাজাতীয় লোক ঔষধেও অসমীয়া সমাজক বিশেষভাৱে প্ৰভাৱিত কৰি আছে। চিৰতা, সৰু চিৰতা, তিতা ভেকুৰি, ব্ৰাহ্মী শাক, মহানিম, মিথি শাক, তিতাকেৰেলা, ছালকুঁৱৰী, শগুণীলতা, ঘোঁৰানিম, কেঁতুৰি, আদি বিভিন্ন তিতাজাতীয় লোকঔষধ আছে। তিতাজাতীয় লোকঔষধৰ ভিতৰত মহানিম শ্ৰেষ্ঠ। মহানিমৰ পাত, গছৰ ছাল, ফুল, শিপা, ডাল, বীজ আদি সকলো অংশকেই লোকঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। মহানিমে দাঁত, চকু, বসন্ত ৰোগ, মেলেৰীয়া জ্বৰ, বহুমূত্ৰ, ছাল- পেটৰ ৰোগ, ফোঁহা, কুষ্ঠ, কাহ, বমি, কৃমি, গ্ৰহণী, হাইজা, জণ্ডিচ, অনিয়মীয়া ঋতুস্ৰাৱ, পেটৰ অসুখ, কাণৰ অসুখ আদি এশ এবুৰি ৰোগ নিৰাময় কৰে। ব্ৰাহ্মী শাকে স্মৰণ শক্তি বৃদ্ধি কৰে। তদুপৰি চুলি সৰা, ধাতু দুৰ্বলতা, স্নায়ু দুৰ্বল, মৃগী, নিদ্ৰাহীনতা, প্ৰস্ৰাৱৰ সমস্যা আদি বহুতো বেমাৰৰ ৰোগনাশক হিচাপে গণ্য কৰা হয়। চিৰতা তিতাই ছালৰ ৰোগ যেনে যকৃত, বহুমূত্ৰ, মেলেৰিয়া আদি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে। কেঁতুৰি খৰ, খজুৱতী, অণ্ডকোষ, কৰ্কট ৰোগ আদি ৰোগৰ বাবে এই তিতা উপকাৰী। তিতা ভেকুৰি কুষ্ঠ, শ্বাসকষ্ট, শূলৰোগ আদিৰ বাবে মহৎ গুণসমৃদ্ধ লোক ঔষধ।
অসমীয়া সমাজত ফলমূলজাতীয় লোকঔষধ বহুলভাৱে প্ৰচলিত হৈ আহিছে। আম, অমিতা, মধুৰীআম, নাৰিকল, বেল, আপেল, কুঁহিয়াৰ, কল, ডালিম, কঁঠাল, খেজুৰী, তৰমুজ আদি বিভিন্ন ফলে মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি আছে। আমক ফলৰ ৰজা বুলি কোৱা হয়। কেঁচা আমতকৈ পকা আম শৰীৰৰ বাবে বেছি উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বল কাৰক আৰু পুষ্টিকাৰক লোক ঔষধ হিচাপে সৰ্বজনবিদিত। মগজু দুৰ্বললোকে একাপ পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস আৰু অলপ চেনি মিহলি কৰি দিনে এবাৰকৈ খালে মগজুৰ দুৰ্বলতা হ্ৰাস হয়। আমৰ কুমলিয়া পাতৰ ৰসে গ্ৰহণী ৰোগ, বমি ভাল কৰে। আমৰ বীজ দুটা পিহি এৰাতি গাখীৰত তিয়াই ৰাখি পিছদিনা মূৰ ধুলে চুলি সৰা বন্ধ হয়। আমৰ ছালৰ ৰসে পেটচলা ৰোগ নিৰাময় কৰাত সহায় কৰে। লোকঔষধি গুণযুক্ত ফল হিচাপে অমিতাক অমৃত ফল বুলি কোৱা হয়। অমিতাই বদহজম, পিত্তৰোগ, কোষ্ঠকাঠিন্য, অৰ্শৰোগ, হাকোটা পেলু, পেটৰ ঘা, জণ্ডিচ, কলেৰা, গলধনৰ বিষ, ৰক্তহীনতা, কৰ্কট ৰোগ আদি ভিন্ন ভিন্ন ৰোগ নিৰাময় কৰাত লোকঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। নাৰিকলে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে। বেল গছৰ ফল, পাত, শিপা আদি সকলো অংশই লোকঔষধি গুণযুক্ত। ঠিক তেনেকৈ মধুৰি আমৰ পাতে ৰক্তহীনতা দুৰ কৰি হিম’গ্লবিন প্ৰস্তুত কৰাত সহায় কৰে। কুহিয়াৰৰ ৰসে প্ৰস্ৰাৱ পোৰা, দাঁত পৰিস্কাৰ কৰা, পাথৰি ভঙা ইত্যাদি এশ একুৰি ৰোগত লোকঔষধৰ কাম কৰে।
অসমীয়া লোক পৰম্পৰাগত শাক-পাচলি জাতীয় লোকঔষধৰ ভূমিকা অতুলনীয়। ঢেঁকীয়া, চুকা, পালেং, পুৰৈ, মৰিচা, লাই, মানিমুনি,¸ ৰঙালাও, মাটি কাঁদুৰি, চজিনাপাত, কঁঠালৰ মুচি, কলমৌ, খুতৰা, উৰহী, বিলাহী, আলু, মূলা, গাজৰ, কবি আদি বিভিন্ন শাক-পাচলি জাতীয় লোক ঔষধে বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। ঢেঁকীয়া শাকে পেট পৰিস্কাৰ কৰে। ৰক্তবৰ্ধক আৰু শুক্ৰবৰ্ধক হিচাপেও ই কাম কৰে। চুকা শাকক বায়ু ৰোগনাশক হিচাপে গণ্য কৰা হয়। মৰিচা শাকে স্মৰণ শক্তি বৃদ্ধি কৰে, শৌচ স্বাভাৱিক কৰে আৰু মৰিচা শাকক কৰ্কট ৰোগৰ পথ্য হিচাপে ব্যৱহাৰ কৰা হয়। মচন্দৰী শাক গ্ৰহণী জ্বৰ, পেটৰ অসুখৰ বাবে উপকাৰী। মধুসোলেং গ্ৰহণী আৰু পেটৰ যোগনাশক হিচাপে উল্লেখযোগ্য। মানিমুনি শাকে পেটৰ ৰোগ নাশ কৰে, স্নায়ু সবল কৰে আৰু স্মৰণ শক্তি বৃদ্ধি কৰে। উৰহীয়ে শৰীৰত শুক্ৰকাৰক আৰু বলকাৰক ৰূপে উপকাৰ কৰে। পূৰৈ শাক পুষ্টিকাৰক, কুকুৰীকণানাশক, স্মৃতিশক্তিবৰ্দ্ধক আৰু এলাৰ্জিনাশক ঔষধিগুণযুক্ত শাক। পচতীয়া পাতে ছালৰ ৰোগ নাশ কৰে আৰু কফ দূৰ কৰাত মহৌষধ হিচাপে কাম কৰে। পনৌনৌৱা শাকৰ লোকঔষধি গুণটো হ’ল যে ই ৰক্ত বৃদ্ধিকাৰক, শোথনাশক আৰু ঘা শুকুৱাত সহায়ক। পদিনাই গাৰ দুৰ্গন্ধ নাশ কৰে, ৰক্ত বৃদ্ধি কৰে আৰু পেটৰ বিষ উপশম কৰে। মুঠতে অসমৰ প্ৰত্যেকবিধ শাক-পাচলি লোক ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে।
পৰম্পৰাগত অসমীয়া সমাজত মচলাজাতীয় লোক ঔষধে এক বিশেষ স্থান অধিকাৰ কৰি আছে। আদা, নহৰু, নৰসিংহ, ধনিয়া, জালুক, লং, ডালচেনী, ভোট জলকীয়া, বন নহৰু, তেজপাত, পিয়াজ, ইলাচি আদি বিভিন্ন মচলাৰ অসমীয়া সমাজত আদৰ আছে। আদাই হজম শক্তি বৃদ্ধি কৰে, কাহ, বমি নাশ কৰে, দাঁত আৰু মূৰৰ বিষ নাইকিয়া কৰে। জালুক আৰু বেলপাতৰ মিশ্ৰণে শালমইনা প্ৰতিৰোধ কৰে। পিপ্লি ব্ৰংকাইটিচ ৰোগৰ বাবে উপকাৰী। ‘ডাকৰ বচন’ত আদা, জালুক আৰু পিপ্লিৰ গুণ সম্পৰ্কে এনেদৰে পোৱা যায়ঃ
“আদাৰে ভোজন, শিলিখাৰ শুদ্ধি
তেবেসে লভিবা আয়ুস বৃদ্ধি।
লোণ জালুকেৰে খুৱাবা জাল
তেহে স্তন ৰস হৈবেক ভাল।।”
অসমীয়া সমাজত এৰাব নোৱাৰা দুবিধ মচলা হ’ল পিয়াজ আৰু নহৰু। পিয়াজে মুখ আৰু খাদ্যনলীৰ বীজাণু নাশ কৰে, ৰক্ত, শুক্ৰ বৃদ্ধি কৰে আৰু যক্ষ্মাৰোগ প্ৰতিৰোধ কৰে। নহৰুৱে হজম শক্তি বঢ়ায়, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগ নাশ কৰাত সহায় কৰে। ধনিয়াই ৰক্তহীনতা, ছালৰ ৰোগ, হৃদৰোগ আৰু বেক্টেৰিয়া বীজাণু প্ৰতিৰোধ কৰি দেহটোক সুষ্ঠ কৰি ৰখাত মহৌষধৰ কাম কৰে। হালধিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, প্ৰস্ৰাৱ আৰু বহুমূত্ৰ ৰোগ বিনাশত সহায় কৰে। তদুপৰি হালধিয়ে ঘা শুকুৱাত তাৎক্ষণিকভাৱে কাম কৰে।
অসমীয়া সমাজত মুখশুদ্ধিৰ পৰম্পৰা অতি প্ৰাচীন। “অসমীয়া মানুহৰ ধৰ্মীয় আৰু সামাজিক জীৱনত গুৰুত্বপূৰ্ণ স্থান পোৱা মুখশুদ্ধি হিচাপে ব্যৱহৃত তামোল-পাণৰ ঔষধিগুণ অনস্বীকাৰ্য। তামোলৰ ঔষধি গুণাগুণ সম্পৰ্কে আয়ুৰ্বেদ, বৰাহ মিহিৰৰ “বৃহৎসংহিতা”, “কালিকাপুৰাণ” আদিত উল্লেখ পোৱা যায়। অসমীয়া নিদানমতে তামোল পাণ খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু ম’হৰ কেতবোৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়” (অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস, পৃ. ৭১)। মুখ শুদ্ধি হিচাপে লোকঔষধি গুণেৰে শক্তিশালী শিলিখা আৰু আমলখিৰ প্ৰমূল্য উল্লেখনীয়। লোকঔষধি গছ হিচাপে শিলিখা আৰু আমলখি অমৃত তুল্য গছ। দুয়োবিধ মুখশুদ্ধিৰ ঔষধি গুণ অজস্ৰ আছে। শিলিখা পেটফুলা, বমি, অৰ্শ, কুষ্ঠ, কৃমি, গ্ৰহণী, খজুৱতি, যকৃত বৃদ্ধি, কোষ্ঠ্যকাঠিন্য আদি বিভিন্ন ৰোগৰ বাবে অতি উত্তম। চেনীৰ লগত শিলিখা মিহলাই খালে বাতৰোগ আৰু গুড়ৰ লগত মিহলাই খালে শৰীৰৰ সকলো ৰোগৰ পৰা হাত সাৰিব পাৰি। সেয়ে ডাকেও শিলিখাৰে শুদ্ধি কৰিলে আয়ুস বৃদ্ধি হয় বুলি কৈছে। বিবিধ ঔষধিগুণযুক্ত আমলখিয়ে হাৰ্টৰ অসুখ, অৰ্শ, লিভাৰ, পেটৰ অসুখ, ডায়েৰিয়া, এজমা আদি ৰোগ প্ৰতিৰোধ কৰে। আমলখিয়ে হজম শক্তি, স্মৰণ শক্তি বৃদ্ধি কৰাৰ লগতে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
সৌন্দৰ্য চৰ্চাত লোকঔষধৰ ভূমিকা অপৰিসীম। পূৰ্বৰে পৰা অসমীয়া সমাজত প্ৰাকৃতিক উপাদানেৰে মানুহে নিজক সৌন্দৰ্যশালী কৰি ৰখাৰ পৰম্পৰা অব্যাহত আছে। ফল-মূল, শাক-পাত, গাখীৰ, দাইল, আদি বিভিন্ন লোকঔষধি গুণযুক্ত উপাদান সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হৈ আহিছে। ৰবাব টেঙা, তিয়ঁহ, অমিতা, কমলা টেঙা, বিলাহী, আমলখি, ঔ টেঙা, আম, মহানিমৰ গুটি, বেল, ক’লা জামু, তৰমুজ, জালুক, আপেল, ডালিম, শিলিখা, ভীমকল, ডাব নাৰিকল, তেজপাত, জেতুকা, ছালকুঁৱৰী, মৌজোল, হালধি, পিয়াজ, তিল, কেঁহৰাজ, জবাফুল, নৰসিংহৰ পাত আদি বিভিন্ন সৌন্দৰ্যচৰ্চাজাতীয় লোকঔষধ এইক্ষেত্ৰত প্ৰণিধানযোগ্য। পকা অমিতা গালত লগালে মুখ মসৃণ হয়। তেজপাত আৰু পদিনাৰ ৰসৰ মিশ্ৰণে ৰ’দে পোৰা ছাল ভাল কৰে। পকা চুলিত আমলখিৰ ৰসৰ লগত জেতুকাৰ পাতৰ ৰস মিহলাই লগালে চুলি ক’লা হয় আৰু পকা বন্ধ হয়। ছালকুঁৱৰীৰ ৰসে ছাল নিমজ, বগা আৰু উজ্জ্বল কৰে। “চাহ চামুচেৰে দুই চামুচ পকা বিলাহীৰ ৰসত সমান পৰিমানৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ক্ৰীম মিশ্ৰণ কৰি ছালত লগালে ছালত হোৱা সৰু সৰু ফোঁহা নাইকিয়া হয়। ......... কেঁচা আমলখিৰ ৰসত সমান পৰিমাণৰ জেতুকাৰ ৰস, শিলিখাৰ ৰস, কেঁহৰাজৰ পাতৰ ৰস আৰু মহাভৃংগৰাজৰ পাতৰ ৰস মিহলি কৰি গা ধোৱাৰ প্ৰায় আধা ঘণ্টাৰ আগতে মূৰৰ চুলিত ঘহি শুকুৱাব লাগে। মূৰত ঘহাৰ এঘণ্টাৰ পিছত ঠাণ্ডা পানীৰে মূৰ ধুব লাগে। ই চুলি ক’লা কৰে তদুপৰি মহাভৃংগৰাজৰ পাত আঞ্জা কৰি খালে পকা চুলি ছালৰ ভিতৰৰ পৰাই ক’লা হৈ ওলাই আহে। আমলখি আৰু মৌ একেলগে নিয়মীয়াকৈ খালে বৃদ্ধাৱস্থালৈ গাৰ ছাল সতেজ হৈ থকাৰ উপৰি যৌন অৱস্থা অটুট থাকে” (সমগ্ৰ বনৌষধি, পৃ. ৪)। বৰ্তমান সময়ত সৌন্দৰ্য চৰ্চাৰ গুৰুত্ব দিনক দিনে বাঢ়িছে।
জীৱ-জন্তুৰ লোকচিকিৎসাৰ ক্ষেত্ৰত লোকঔষধৰ গুৰুত্ব সৰ্বাধিক। গৰু-ম’হৰ শৌচ কঠিন, শৌচ-প্ৰস্ৰাৱ বন্ধ হোৱা, শৌচ পাতল হোৱা, শূল ৰোগ, বদহজম, পেট ফুলা, পেটত গেছ হোৱা, পেট কামোৰণি, পাকস্থলীৰ ৰোগ, বমি, তেজ হাগনি, কৃমি, ঘূৰণীয়া পেলু, হাঁকোটা পেলু, গল ফুলা, শিং ভঙা, গৰুৰ ওহাৰ ৰোগ আদি বিভিন্ন ৰোগ প্ৰাকৃতিক চিকিৎসা বা লোক ঔষধৰ প্ৰয়োগেৰে আৰোগ্য হয়। গৰু-ম’হ আদিৰ শৌচ পাতল হ’লে গহৰা গছৰ কুমলীয়া পাত পাতত দি খুৱালে আৰোগ্য হয়। জাৱ-জন্তুৰ পেট ফুলিলে নহৰু, পিয়াঁজ, কেঁচা হালধিৰ মিশ্ৰণৰ লগত ক’লা নিমখ দি খুৱালে ৰোগ নাশ হয়। ভীমকলৰ খাৰ আৰু পুৰণি গুড় মিহলি কৰি জিভাত ঘঁহিলে গৰুৰ চেৰণি বেমাৰ ভাল হয়। বৰ্তমান সময়তো জীৱ-জন্তুৰ চিকিৎসাত লোকঔষধ প্ৰয়োগত সুফল পোৱা যায়। লোকজীৱনৰ লগত জড়িত মানৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো বেমাৰ-আজাৰতে লোকঔষধৰ ব্যৱহাৰ অনস্বীকাৰ্য।
৩.০০ সিদ্ধান্তঃ
‘অসমীয়া লোকপৰম্পৰাত প্ৰাকৃতিক চিকিৎসা’ শীৰ্ষক আলোচনা পত্ৰখনৰ দ্বাৰা কিছুমান সিদ্ধান্তত উপনীত হ’ব পাৰি। সেইবোৰ হ’লঃ
১. লোকঔষধ প্ৰাকৃতিকভাৱে উপলদ্ধ।
২. লোকঔষধ প্ৰাথমিক চিকিৎসা পদ্ধতি।
৩. লোকঔষধৰ প্ৰয়োগত টকা-পইচা কমকৈ হানি হয়।
৪. লোকঔষধ পাৰ্শ্বপ্ৰতিক্ৰিয়াহীন।
৫. লোকঔষধ গ্ৰাম্য পৰিৱেশৰ বাবে সফল প্ৰায়োগিক ঔষধ।
৬. লোকঔষধ মানৱজীৱনৰ প্ৰকৃতি নিৰ্ভৰ জীৱন ধাৰণৰ প্ৰতিফলন।
৭. লোকঔষধ লোকবিশ্বাস আৰু লোকাচাৰৰ সৈতে সংম্পৃক্ত।
৮. লোকঔষধ লোকজীৱনৰ আৰ্থ-সামাজিক বাস্তৱতাৰ সৈতে সামঞ্জস্যপূৰ্ণ।
৯. লোকঔষধ সহজলভ্য।
৪.০০ সামৰণিঃ
অসমীয়া লোকপৰম্পৰাৰ লোকচিকিৎসাৰ ক্ষেত্ৰখনত প্ৰাকৃতিক চিকিৎসা বা লোকঔষধে এক পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্যৰূপে স্থান দখল কৰি আছে। যুগ-যুগৰ সঞ্চিত অভিজ্ঞতাৰ ফচল লোকঔষধযুক্ত প্ৰাকৃতিক চিকিৎসা পদ্ধতি অভিজ্ঞতা, পৰ্যবেক্ষণ আৰু প্ৰাকৃতিক ফলাফলৰ ওপৰত নিৰ্ভৰশীল। মানুহ, জীৱ-জন্তু আদি সকলোৰে ক্ষেত্ৰত যিকোনো ৰোগৰ প্ৰাথমিক চিকিৎসাত লোকঔষধে যথেষ্ঠভাৱে উপকাৰ কৰে। সাধাৰণ জ্বৰ, কাহ, পানীলগাৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগৰো নিৰাময়ৰ ক্ষেত্ৰতো লোকঔষধৰ সফল প্ৰয়োগ লক্ষ্য কৰা যায়। গ্ৰাম্যসমাজত বয়োজে‡্য, বেজ, কবিৰাজ, বৈদ্য আদি বিভিন্ন ব্যক্তিসকলে সংগ্ৰহ কৰা জ্ঞানৰ আধাৰত লোকঔষধ প্ৰচলিত হৈ আহিছে। মানুহৰ বাস্তৱ জীৱনত বিশেষকৈ সৰ্বসাধাৰণ লোকৰ বাবে উপযোগী লোকঔষধে এখন সুস্থ সমাজ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে। লোকঔষধ শাৰীৰিক মানসিক দুয়োটা দিশৰ বাবে এক উৎকৃষ্ট চিকিৎসা মাধ্যম। লোকপৰম্পৰাৰ অংগ হিচাপে প্ৰাকৃতিক চিকিৎসাৰ ক্ষেত্ৰত লোকঔষধৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব আজিও অক্ষুন্ন হৈ আছে।
গ্ৰন্থপঞ্জীঃ
খনিকৰ, গুণাৰাম। সমগ্ৰ বনৌষধি। ৰেখা প্ৰকাশন, গুৱাহাটী, দ্বিতীয় সংস্কৰণ, নৱেম্বৰ, ২০১৩
চেতীয়া, উমেশ।অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা। কিৰণ প্ৰকাশন, ধেমাজি, প্ৰথম প্ৰকাশ, মাৰ্চ, ২০০৮
বৰা, ভদ্ৰকান্ত।অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস। হৰ্ণবিল পাব্লিকেছন লিমিটেড, নগাঁও, প্ৰথম প্ৰকাশ, মাৰ্চ, ২০১৪
বুঢ়াগোহাঁই, প্ৰাৰ্থনা।অসমৰ লোকচিকিৎসাৰ অধ্যয়ন। গুৱাহাটী, শান্তি প্ৰকাশন, প্ৰথম প্ৰকাশ, আগষ্ট, ২০১৩
শৰ্মা, নবীন চন্দ্ৰ।লোক সংস্কৃতি। চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, তৃতীয় সংস্কৰণ, অক্টোবৰ, ২০১৫
হাকাচাম, উপেন ৰাভা।বৰ অসমৰ বৰ্ণিল সংস্কৃতি। গুৱাহাটী, বীণা লাইব্ৰেৰী, প্ৰথম প্ৰকাশ, মে, ২০০৪
(লেখিকা সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, জ্ঞানপীঠ ডিগ্ৰী কলেজ, নিকাচি, ভ্ৰাম্যভাষঃ ৮৪৭১৮৪৪৭৬১)

