Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

ভূপেন হাজৰিকাৰ গীতত জনজাতীয় জীৱনৰ প্ৰতিফলন

post
<

Share

লেখিকাঃ নৱনীতা শইকীয়া

প্ৰস্তাৱনাঃ

ভূপেন হাজৰিকা একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, কথাছবি নিৰ্মাতা, পৰিচালক, সু-লেখক, সুবক্তা, আলোচনী সম্পাদক, সাংবাদিক, কথাশিল্পী, অধ্যাপক আৰু অসম সাহিত্য সভাৰ দৰে এটি বৃহৎ অনুষ্ঠানৰ সভাপতি আছিল। এই সকলো বিলাক প্ৰতিভাৰ অধিকাৰী ভূপেন হাজৰিকা বিশ্বত জনপ্ৰিয় আছিল এজন সংগীত শিল্পী হিচাপে। চিৰদিন মানুহৰ গীত-গোৱা, জন জীৱনৰ ছবি অংকন কৰা হাজৰিকাৰ গীতবোৰত আছিল হৰিজন, পাহাৰী, হিন্দু, মুছলমান, বড়ো, কোচ, কছাৰী, আহোম আদি জাতিৰে গঢ়া ভেদাভেদহীন এখন সমাজৰ ছবি। তেওঁৰ গীতত দলিত নিষ্পেষিত ব্যক্তিৰ পৰা বিখ্যাত ব্যক্তিলৈকে কাকো বাদ দিয়া নাই। তেওঁৰ গানৰ মাজেদি আমাক দিছে জন-জীৱনৰ বাৰ্তা, সচাঁ মানুহৰ সন্ধান, বিমূৰ্ত প্ৰেমৰ ছবি, জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ ছবি, পাহাৰ ভৈয়ামক একতাৰ এনাজৰীৰে বন্ধাৰ আহ্বান, আধুনিক চিন্তাধাৰাৰে সমাজৰ পুৰণিকলীয়া সংকীৰ্ণতা আৰু গোড়ামীক দলিয়াই সমাজ সংস্কাৰ কৰাৰ আহ্বান, বিদ্ৰোহৰ অগ্নিৰে শোষণকাৰীক বধকৰি এখন সমাজ গঠন কৰাৰ ইচ্ছা, অতীতৰ সোণোৱালী দিনবোৰক সোঁৱৰণ কৰি মানুহৰ মনত দেশাত্মবোধ জগোৱা, বিভিন্ন জাতি আৰু সংস্কৃতিৰ ঐতিহ্যক জিলিকাহই তোলা একো একোখন পূৰ্ণাংগ ছবি।

বিভিন্ন ধৰ্ম, জাতি আৰু গোষ্ঠীৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত ড০ হাজৰিকাৰ গীতে অনবদ্য ভূমিকা পালন কৰিছে । ড০ ভূপেন হাজৰিকাই পৰ্বত ভৈয়ামৰ মাজত আৰু অসমৰ জনজাতি সমূহৰ মাজত সম্প্ৰীতিৰ এনাজৰী এডাল গাঠবিলৈ  সক্ষম হৈছিল। অৰাজকতাৰে ভৰপূৰ উত্তৰপূবৰ পৰ্বতীয়া ভাই সকলে কৰা বিদ্ৰোহৰ মাজতো ভূপেন হাজৰিকাই সম্প্ৰীতিৰ গীত ৰচিছিল তেওঁৰ “চিয়াঙৰে গালং”, “লিয়েনমাকাত্ত”, “কহিমাৰে আধুনিকা ডালিমী”, “ অ’ মিচিং ডেকাটি”, “ডিফু হ’ল তোমাৰ নাম”, “বৰদৈচিলা এনে সৰুদৈচিলা” আদি গীতবোৰে এই ক্ষেত্ৰত বিশেষ কৃতিত্ব দাবী কৰিব পাৰে। ড০ হাজৰিকাৰ গীতত প্ৰকাশ পোৱা অসমখন আজিৰ অসম নহয়। নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিয় পৰিচয়ৰ উধৰ্বত নানা জাতি উপজাতিৰ সহাৱস্থান মানৱতাবাদী ভাৱধাৰাৰে পৰিচালিত এখন “বৰ অসম”। গুণ গৰিমাৰ কথা কৈ শেষ কৰিব নোৱাৰা অসমৰ শৌৰ্য বীৰ্যৰ স্বাক্ষৰ বহন কৰা বিভিন্ন জনগোষ্ঠী সমূহৰ মাজত ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিব খোজা ভূপেন হাজৰিকাৰ গীতত জিলিকি উঠিছে প্ৰায়কেহ×টা জনজাতিৰ সমন্বয়ৰ ছবি।

ড০ হাজৰিকাই এই কথা সচাঁ অৰ্থত উপলব্ধি কৰিছিল যে বড়ো, কাৰ্বি, ডিমাছা, মিচিং আদি জনগোষ্ঠী সমূহক বাদ দি অসমীয়া জাতি কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। এই থলুৱা জনগোষ্ঠী সমূহ আৰু অসমীয়াৰ আত্মিক সমন্বয়ৰ ৰূপ তেখেতৰ গীতত সজীৱ সপ্ৰাণ হৈ উঠিছে এনেদৰে----

                     “ৰংবং তেৰাং আৰু ৰংপি ক’তজনে

                     আমাক বুকুত সাবটি সপোন ৰহণ সানে হে।”

                                     (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪৬)

পৰিসৰঃ

বিষয়বস্তুৰ আধাৰত বিচাৰ কৰিলে ভূপেন হাজৰিকাৰ গীত সমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেই কেইটা হ’ল- আধ্যাত্মিক ভাৱধাৰাৰ গীত, বৈপ্লৱীক ভাৱধাৰাৰ গীত, মানৱীয় সত্তাৰ গীত, সমাজ সংস্কাৰধৰ্মী ভাৱধাৰাৰ গীত আৰু শ্ৰেণী সচেতন ভাৱধাৰাৰ গীত আদি। এই আলোচনাত জনজাতীয় জীৱন প্ৰতিফলিত হোৱা কেইটামান গীতৰ বাছি লোৱা হৈছে। আলোচনাৰ সুবিধাৰ বাবে আমি  প্ৰধানকৈ নিৰ্দিষ্ট কেইটামান জনজাতিৰ গীত বাচি লৈছো। সেইকেইটাৰ ভিতৰত, মিচিং, বড়ো, কাৰ্বি, চাহ জনজাতি, নেপালী জনজাতি, অৰুণাচলী জনজাতি, মেঘালয়ৰ জনজাতি আদি প্ৰধান ।

পদ্ধতিঃ

“ভূপেন হাজৰিকাৰ গীতত জনজাতীয় জীৱনৰ প্ৰতিফলন” এই আলোচনাত প্ৰধানকৈ বিশ্লষণাত্মক আৰু বৰ্ণনামূলক পদ্ধতিৰ সহায় লোৱা হ‘ব ।

বিষয়বস্তুৰ আলোচনাঃ

“আমি অসমীয়া নহওঁ দুখীয়া” বুলি সান্তনা লভি বহি নথকা ভূপেন হাজৰিকাহ× অসমৰ প্ৰতিটো দিশৰ প্ৰতি চকু ৰাখিছিল। ভাৰতক বিশ্বৰ আগত চিনাকী কৰি দিবৰ বাবে তেওঁ সদায় প্ৰয়াস কৰিছিল। বৰ অসমৰ প্ৰতিখন ৰাজ্য অৰুণাচলৰ পৰা মেঘালয়লৈকে প্ৰতিটো জনগোষ্ঠীৰ মাজত সম্প্ৰীতি অটুত থকাটো কামনা কৰিছিল। শংকৰদেৱৰ দিনৰ সেহ× বৰ অসম এটা সময়ত সাতখন ৰাজ্যত পৰিণত হ’লেও সামাজিক সাংস্কৃতিকৰ বান্ধোনেৰে যে সাতখন ৰাজ্যত এক হৈ আছে তাক উপলব্ধি কৰি তেওঁ গীতৰ মাজেৰে কৈছিল ---

                     “ আই অ’ আই আমি সাতজনী জী

                     লুইতৰ বালিতে ওমলি আছিলোঁ ৰ’দকাচলিত বহি”  শীৰ্ষক গীতটো।

সাতভনী উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ লগত অসমী আহ×ৰ সম্পৰ্ক, সম্প্ৰীতি ভূপেন হাজৰিকাৰ বহুতো গীতৰ মাজত পোৱা যায়। কাৰ্বি, ৰাভা, বড়ো, মিচিং আদি সকলো জনগোষ্ঠী মিলিত হৈ একতাৰ এনাজৰি গাঁঠিলে অসমক যে চীনৰ দৰে মহা শত্ৰুৱেও পৰাজিত কৰিব নোৱাৰিব সেয়া ভূপেন হাজৰিকাই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল।

মিচিং জনগোষ্ঠী

              “বোলোঁ........

              অ’ মিচিং ডেকাটি

              বজালিযে পেম্পাটি

              সুৰেৰে সজালি দেখোঁ

              দিচাং মুখৰ নিশাটি” (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৯)

জনজাতীয় জীৱনৰ বাৰ্তা বহন কৰা এই গীতটি ভূপেন হাজৰিকাই ১৯৬৩ চনত দিচাং মুখত অনুষ্ঠিত হোৱা সদৌ অসম দক্ষিণপৰীয়া ছাত্ৰ সন্মিলনলৈ আহি দিচাং মুখৰ প্ৰাকৃতিক পৰিবেশৰ মাজত গীতটো ৰচনা কৰিছিল। এই গীতটোৱে দিচাং মুখক একে ৰাতিৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল। এই গীতটোতে আৰু ভূপেন হাজৰিকাৰ হাততেই পোন প্ৰথমবাৰৰ বাবে অসমীয়া গীতত মিচিং শব্দৰ প্ৰৱেশ ঘটে।

মিচিং সমাজ সংস্কৃতিৰ প্ৰতি হাজৰিকাৰ গভীৰ টান আছিল । এই গীতটোত ব্যৱহাৰ কৰা পেম্পা (পেঁপা), মিবুগালুক (মিচিং উৎসৱত পিন্ধা চোলা), এগে (মেখেলা), পেৰেৰুম্বং (মিচিং মহিলাৰ চাদৰ), গুংগাং (গগনা), ৰিবিগাচেং (মেঠনি), আবু (নৈ) আদি মিচিং শব্দ সম্ভাৰক অসমীয়া গীতত ঠাহ× দিয়াৰ লগতে এই গীতটোৰ যোগেদি মিচিং জনগোষ্ঠীৰ সংস্কৃতিৰ ছবি এখন জীৱন্ত ৰূপত অংকন কৰিছে। এই গীতটোৱে “মিৰি জীয়ৰী” উপন্যাসৰ বিখ্যাত জংকি পানেইৰ প্ৰেম কাহিনীটো আকৌ এবাৰ সোঁৱৰণ কৰাৰ সুবিধা দিছে। হাজৰিকা পৰম আশাবাদী যে দিচাং নৈৰ সোঁতে লুহ×তৰ সোঁত বঢ়োৱাৰ দৰে মিচিং জাতিৰ গতিমুখী শক্তিয়ে সমগ্ৰ বিশ্বৰ শক্তি বঢ়াই তুলিব পাৰিব।

অৰুণাচলৰ জনজাতিঃ

                            “চিয়াঙৰ গালঙ

                           লুহিতৰে খামটি

                           আৰু টিৰাপৰে বানচুৱে মোক

                           কিয় মাতিছে ?

                           অসমীৰে পদুলি উদুলি যে মুদুলি

                           মৰম চেনেহৰে হাট বহিছে ।।”

       আকৌ কৈছে --

                           “আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে

                           অ’ চেৰদুকপেন আৰু টাংচাই

                           অঁকা আৰু বৰীয়ে

                           চেনেহ-এনাজৰীৰে বাট কাঁঢ়িছে”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ১৯৪)

ভূপেন হাজৰিকাই ১৯৬৯ চনত অৰুণাচলত ৰচনা কৰা এই গীতটোৰ মাজত সুন্দৰভাৱে উত্তৰ- পূবৰ তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচলৰ খামটি, গালং, ৱাঞ্চু, মনপা, আপাটানি আদি জনজাতিৰ লগত অসমী আইৰ সম্পৰ্ক দেখুওৱা হৈছে। জনগোষ্ঠী লোকসকলে তেওঁক পাই নথৈ আনন্দিত হৈছিল আৰু পৰম আবেগেৰে সাৱটি ধৰিছিল। তেওঁ কৈছে-

গীতটোত চিত্ৰিত হৈছে মৰম চেনেহৰ এনাজৰিৰে বন্ধা এখন মনোৰম চিত্ৰ। আপাতনি ভনিটিক সাৱটি ধৰি ৰঙৰ চকুলো বোঁওৱা ভূপেন হাজৰিকাই মন্‌পা ককাইক সাৱটি ধৰি এটি বুদ্ধৰ মূৰ্তি চেনেহৰ উপহাৰ পালে। বহু দিনৰ পিছত লগপোৱা পদম, ইদু, নক্তে ভাইসকলে “আহা” বুলি হিয়াৰ “আপং” যাচি মৰম কৰিলে। সেহ× চেনেহৰ এনাজৰী ডাল মজবুত কৰিবৰ বাবেহ× যেন চেৰদুকপেন, টাংচা, অকাঁ আৰু বৰীয়ে চেনেহৰ এনাজৰীৰ বাটি কাঢ়িছে। আহিবৰ সময়ত সকলোৱে তেওঁক ৰিঙিয়াই কৈছিল “আজি পাহাৰে ভৈয়ামৰ কলিজা চিনিছে।” এনে সম্প্ৰীতিৰ গীত ৰচা ভূপেন হাজৰিকাৰ বাবে অৰুণাচলৰ প্ৰৱেশদ্বাৰ সদায় খোলা আছিল। ভূপেন হাজৰিকাৰ গাত নেফাৰ তেজ আছে বুলি কৈ গৌৰৱ কৰা অৰুণাচলৰ সাংসদ ডাইংলুঙে সেয়ে হয়তো তেখেতক কৈছিল “আপোনাক একোছা অদৃশ্য চাবি দিলোঁ, আপুনি আমাৰ ইয়ালৈ আহি থাকিব, আপোনাৰ ক্ষেত্ৰত কোনো ইনাৰ লাইন পাৰমিট নালাগে। আপুনি আমাৰ অবৈতনিক সাংস্কৃতিক উপদেষ্টা হ’ব লাগিব।” (ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু দৃষ্টি, পৃঃ ২১)

ইয়াৰ উপৰিও ১৯৬৬ চনত ৰচনা কৰা “লটিঘটি” কথাছবিত থকা “টিৰাপ সীমান্ত” শীৰ্ষক বিখ্যাত গীতটোত প্ৰতিধবনিত হৈছে অসম আৰু অৰুণাচলৰ সমন্বয়ৰ ইতিহাস। টিৰাপৰ নক্তে, ৱাঞ্চু, টাংচা, য়ুগলি, লুংচাং আদি জনজাতীৰ সাজ পোছাক, জীৱন ধাৰণৰ প্ৰণালী সুন্দৰ প্ৰকাশ ঘটিছে। লগতে এই জনজাতি সমূহৰ সৈতে হোৱা অসমীয়াৰ সমন্বয় ইতিহাস এই গীতত জীৱন্ত হৈ উঠিছে---

                           “আহোম স্বৰ্গদেউৰ দিনতে

                           লোন বান্ধি নামিছিল নক্তে

                           তাহানিৰ শ্ৰীশ্ৰী ৰাম আতাই

                           নক্তে নৃপতিক দিছিলে শৰণ

                           কৰি নক্তে শিষ্যৰ নামকৰণ

                           নৰোৰ উত্তম ‘নৰোত্তম’

                           কৈছিল মানুহ মানুহ হ’লে

                           ইজনে সিজনক সাবটিলে

                           নহয় জাতি-কুল ভ্ৰষ্ট।”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪২)

ৰূপত অতুলনীয় তথা সেউজীয়াৰ সীমা নথকা টিৰাপক লৈ লিখিলে-------

                           “টিৰাপ সীমান্ত --

                           ৰূপৰ নাই অন্ত

                           নক্তেৱাঞ্চু---

                           টাংচায়ুগলিৰ

                           দেখিলোঁ মনৰ সেউজ দিগন্ত।”

                                  ( ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪১)

নক্তে, ৱাঞ্চু, টাংচা জনজাতীয়ে ডিঙিত লিকমনি পিন্ধি, মুৰত কাশ্বান মাৰি ‘শ্বোৱান’ নাচে। সেই শোৱানৰ তালে তালে গাভৰু সকলেও নাচোনৰ তাল দিয়ে। টিৰাপৰ চাংলাং বস্তিত বাসকৰা লুংচাং জনজাতিয়ে যেন পিঠিত খেতিৰ ফচলৰ হোৰা লৈ ভৈয়ামলৈ নামি আহে সম্প্ৰীতিৰ সেতু গঢ়িবৰ বাবে। গীতটোত পাহাৰীয়া জনজাতিৰ লোক-সংস্কৃতিৰ সুন্দৰ ছবি এখন ফুটাই তোলাৰ লগতে কৰ্ম-সংস্কৃতিৰো এখন মনোৰম ছবি ফুটাই তোলা হৈছে। টিৰাপ সীমান্তৰ এই ছবি অকল অৰুণাচলৰে নহয়, অসমৰ উত্তৰ-পূৱৰ মাৰ্ঘেৰিটা লিডুৰ এখন ছবিও ফুটি উঠা দেখা যায় ।

কাৰ্বি জাতিঃ

১৯৮২ চনত ডিফুত ৰচনা কৰা এটা গীত হ’ল “ডিফু হ’ল তোমাৰ নাম”। তেখেতৰ এই গীতটোৰ এটা পংক্তিৰে কাৰ্বি আলং নামৰ অৰ্থৰ বৰ্ণনা কৰিছে এনেদৰে---

                           “শুৱলা কাৰ্বি ভাষাতহে’ কাৰ্বি মানে পাহাৰ

                           আৰ্লেং মানে মানুহ আৰু স্বজাতি আমাৰ।”

                                   (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪৬)

কৰ্ম সংস্কৃতিক নিজৰ ধৰ্ম হিচাপে বহণ কৰা কাৰ্বি জাতিয়ে মৃতকৰ উৎসৱতো চমাংকান নৃত্যৰে আকাশ বতাহ কপাব পাৰে। এই কাৰ্বি জাতিৰ ইতিবৃত্ত সম্পৰ্কে ভূপেন হাজৰিকাই লিখিছে এনেদৰে---

                           “এ’ দেৱতা পূজাৰ বেদীত হে’ শৰাই আগবঢ়ায়

                           সেহি প্ৰথাক ’থেকাৰকিবি’ বুলি জনা যায় হে।”

                           এ’ কালক্ৰমত সেহি শব্দৰ ‘থে’ লুপ্ত হয়,

                           ‘কি’ শব্দ লুপ্ত হৈ কাৰ্বি মাথোঁ ৰয় হে।।”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪৬)

অসমত বুকুত ৰহণ চৰাবলৈ কাৰ্বি জাতি আজি পিছ পৰি ৰোৱা নাই। ৰংবং তেৰাং আদি সাহিত্যিকে অসমীয়া সাহিত্যলৈ যি অৱদান আগবঢ়াইছে সি সঁচাই প্ৰশংসনীয়। তেওঁলোকে লুইতপৰীয়া অসমীয়াৰ বুকুত কাৰ্বি আলংক জিলিকাই ৰাখিব পাৰিছে বাবে ভূপেন হাজৰিকাই গীতৰ যোগেদি তেওঁলোকক নমস্কাৰ জনাইছে-

                           ৰংবঙে সোঁৱৰায় কাৰ্বিৰে দান

                           ৰংমিলিৰ হাঁহি হৈ লাচিৰ জ্যোতিষ্মানহে’ ।।

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২৪৭)

বড়ো জনজাতিঃ

বড়ো জনজাতি লৈয়ো ভূপেন হাজৰিকাই গীত ৰচনা কৰিছে। বড়ো সকল যে অসম আৰু অসমীয়াৰ অভিন্ন অংগ সেই কথা তেওঁ বিভিন্ন প্ৰসংগত উল্লেখ কৰিছে। তেওঁ ১৯৬৮  চনত ৰচনা কৰা “বৰদৈচিলা নে সৰুদৈচিলা নে” গীতটোত বৰদৈচিলা শব্দটো বড়ো ভাষাৰ পৰা অহা বুলি উল্লেখ কৰিছে --

                     কথাঃ গাভৰুঃ বৰদৈ চিলা মানে কি অ’ ককাইটি ?

                     গীতঃ ডেকাঃ বড়ো ভাষাৰে

                     ‘বৰ’ মানে বতাহ

                     ‘দৈ’ মানে পানী

                     আৰু ’চিখ্‌লা’ মানে হ’ল গোসাঁনীজনী ।

                                     (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ৩৩৭)

মেঘালয় জনজাতিঃ

                     “তাতে

                     তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছাঁ

                     সেই ৰং লাগি হঁহা

                     শ্বৰাতি বাঁহীৰ

                     সেই ৰং লাগি হঁহা

                     শ্বৰাতি বাঁহীৰ

                     সুৰধবনি তুমি শুনিছাঁ ?”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ৪৪৮)

এই গীতটো মেঘালয়ৰ গাৰো পাহাৰৰ খাচী জনজাতি আৰু তেওঁলোকৰ জীৱনযাত্ৰাৰ পৰিচয় দিবলৈ ১৯৬৪ চনত ৰচনা কৰিলে। এই গীতটোৰ মাজত খাচী সংস্কৃতি আৰু জীৱনধাৰা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল গঢ়িবলৈ চেষ্টা কৰিছে। গীতটোৰ মাজত মন কৰিবলগীয়া আন এটা দিশ হ’ল ইয়াত ব্যৱহৃত হোৱা কেইটামান খাচী শব্দ। যেনে—ডিয়েংচি (সৰল গছ), শ্বৰাতি বাঁহী (গৰখীয়া বাঁহী), জেইনচেম (খাচী চাদৰ), খুবলেই শ্বিবুন (ধন্যবাদ) আদি। এই শব্দবোৰে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিব পাৰে ।

মিজোৰাম জনজাতিঃ

উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম ঠাই মিজোৰাম। ১৯৬৮ চনত ভূপেন হাজৰিকা মিজোৰামলৈ গৈছিল। মিজোৰামলৈ গৈ হোৱা মিঠা অভিজ্ঞতাৰ স্মৃতিৰে ৰচনা কৰিলে কাঃ মঙাইহ চেঃ মিজোৰাম (মিজোৰাম তোমাক নমস্কাৰ) শীৰ্ষক গীতটি। গীতটিৰ মাজত মিজোৰামৰ কৃষ্টি, বুৰঞ্জী তথা মিজো লোকসকলৰ জীৱনচিত্ৰ প্ৰতিফলিত হৈছে।  গীতটোৰ মাজত কিছুমান অঞ্চল আৰু উপজাতিৰ নাম পোৱাৰ লগতে মিজো লোকসকলৰ অতিথিপৰায়ণতা, কৰ্তব্যপৰায়ণতা, লোক-বিশ্বাস, সুহৃদয়তা আদি প্ৰকাশ কৰিছে। এই গীতটোৰ মাজত ব্যৱহৃত হৈছে কিছুমান থলুৱা মিজো শব্দ যেনে- চেইৰো, পাংকপাৰ (লোকনৃত্য), চিবায় (ধন্যবাদ), ছিনলুং (মিজো লোক-বিশ্বাস মতে এটি গাত), পাথিয়ান (মিজো সকলৰ ঈশ্বৰ), কলামতে (ধন্যবাদ), হমাৰ, পৈ লাখেৰ (মিজোৰামৰ দুটা উপজাতি) আদি। নানান ৰাজনৈতিক কাৰণত মিজোৰাম অসমৰ পৰা পৃথক হ’লেও সম্প্ৰীতি বান্ধোন যাতে সদায় অটুত থকে তাৰ কামনাৰে যেন সংগ্ৰামী মানুহৰ সমন্বয়মুখী মনটোৱে বিদায় পৰত কৈছে --

                           “বিদায়পৰত কওঁ কথা এফাঁকি---

                           ধন্যবাদ বা ‘কলাওমে’

                           সংঘাত নহয় মৰমে মৰমে ।

                           আজিৰ এইদিনে যেন ইতিহাস হয়

                           এনাজৰী যেন সদা দৃঢ়তৰ হয় ।”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ১৪১)

তাঁতৰ শালত সৰগ ৰচিব পৰা মিজোৰামৰ পাংক্‌পাৰ নৃত্যৰে মন জুৰ পেলাব পাৰে। মিজোৰামত বিভিন্ন ঠাই “বিলখাওটালি”, “লুংদাহই”, “বৈৰাংটে”, “লুংলে”, “থিংচুলহালিয়াই”, “শ্বেৰচিম”, “হুনাথিয়াল”, “কলাচিব” আদি সকলো ঠাহইৰ লোকে কৰ্তব্যক কেতিয়াও পাহৰি নাযায়। নিজকে হমাৰ, পৈলাখেৰ আদি উপজাতিৰ লোক বুলি পৰিচয় দি মিজোৰাম লোকসকলে বিশ্বাস কৰে যে তেওঁলোক ঈশ্বৰৰ দূত “পাথিয়ান”ৰ সন্তান। সেই পাথিয়ান আহিছিল “ছিনলুং” নামৰ এটা গাঁতেৰে। এনে এখন সুন্দৰ ঠাই মিজোৰামলৈ নমস্কাৰ জনাই হাজৰিকাই স্নেহৰ এনাজৰি ডাল সদায় দৃঢ়তৰ হৈ থকাৰ কামনা কৰিছে।

চাহ জনজাতিঃ

ইয়াৰ উপৰিও এটি কুঁহি দুটি পাতে অসমীৰ মান উজ্জ্বল কৰা চাহ বাগিছাৰ জন জীৱনক লৈ ভূপেন হাজৰিকাই ৰচনা কৰিলে কেইবাটাও সুন্দৰ গীত। সুদূৰ বিদেশৰ পৰা অসমলৈ ফাঁকি দি অনা চাহ বাগিছাৰ বনুৱা সকল এতিয়া অসমৰ স্থায়ী বাসিন্দা। অসমৰ হাৱা পানী খাই অসমীয়া সংস্কৃতিক আকোঁৱালি লৈ নিজকে অসমীয়া বুলি কৈ ভালপোৱা এই বনুৱা সকলে মাদলৰ চেৱত ঝুমুৰ নাচি দেহা মন শাঁত পেলাই। ৰাধাচূড়া ফুল গুজি ৰাধিকাই জগনুক প্ৰেমৰ ফটিকা যাচে, জগনু আৰু লছমীৰ বিয়াৰ দিনা মাদলৰ ধমধম শব্দত ৰতনপুৰ বাগিছাত জোৱাৰ আহে, আহিন মাহৰ দূৰ্গা পূজাত ৰঙা শাৰী পিন্ধা ৰূপহী গাভৰু দেখি প্ৰেমিক বলিয়া হয়।

                           “জিগিজা গিজাও অ’ গিজাও

                           ছোট ঘৰেৰ বহু বেটী, পিঠে পড়ে চুল গ’

                           যৌৱনেৰ আঙ্গিনাই উড়ে গেন্দা ফুল গ’ ।।”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ২২০)

       ---বুলি ঝুমুৰ নাচি আপোন পাহৰা হোৱা চাহ মজদুৰ ভাই সকল ভূপেন হাজৰিকাৰ নিচেই আপোন।

নেপালী জনজাতিঃ

অসমৰ প্ৰতিটো জনগোষ্ঠীকে ভাতৃত্বৰ দৃষ্টিৰে চোৱা ভূপেন হাজৰিকাই  নেপালী সম্প্ৰদায়কলৈও গীত ৰচনা কৰিছে।  ১৯৫৫ চনত বাছেৰে নগাঁৱৰ পৰা গুৱাহাটিলৈ গৈ থকা পথত ক্ষেত্ৰীত গাই এজনীৰ পিচে পিচে এগৰাকী গোৰ্খালী গাভৰু দেখি হাজৰিকাই ৰচনা কৰিলে ---

                           “ফুট গধূলিতে কপিলী খুঁটিত

                           কোন গোৰ্খালী গাভৰুৰে গাইজনী হেৰাল ।।”

                                  (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী, পৃঃ ৩৩১)

এই গীতটোত প্ৰতিধবনিত হৈছে গাখীৰৰ বাৱসায়েৰে জীৱন নিৰ্বাহ কৰা নেপালী সম্প্ৰদায়ৰ কৰ্ম-সংস্কৃতিৰ এখন জীৱন্ত ছবি।

সামৰণিঃ

এনেদৰে বিচাৰ কৰিলে দেখা যায় যে ড০ ভূপেন হাজৰিকাই প্ৰায় বিলাক গীততে অসমীয়াৰ জয়গান গাইছে। তেওঁৰ গীতৰ আটাইতকৈ ডাৰ ধনাত্মক দিশটো হ‘ল তেওঁ উত্তৰ-পূবৰ প্ৰায়েবাৰ জনজাতিয় লোকৰ মাজত সমন্বয়ৰ বাতৰি বিলাই ফুৰিছিল। বড়ো, মিচিং, কাৰ্বি, নক্তে, ৱাঞ্চু, মিজো, মজদুৰ, নেপালী সকলোৰে মাজত সম্প্ৰীতিৰ গীত গাইছে। সকলোকে একতাৰ এনাজৰীৰে বান্ধ খাবলৈ আহ্বান জনাইছে। অৰুণাচলৰ পৰা মিজোৰামলৈ এই উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ মাজত সম্প্ৰীতি অটুট থকাটো কামনা কৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা হেৰাই যাব খোজা একত্ৰ শক্তিক পুনৰ জাগ্ৰত কৰিবৰ বাবে বৰদৈচিলাক আহ্বান জনাইছে। পাহাৰ ভৈয়ামৰ মাজত আজি ভেদাভেদৰ প্ৰাচীৰ ভাগি গৈছে। পাহাৰৰ গাভৰুৱে তাহানিতে কোঁৱৰ গদাপাণিক পতি বৰণ কৰাৰ দৰে আজি পুনৰ সেই সম্বন্ধৰ অটুট ৰাখিব বিচাৰিছে আধুনিক ডালিমী গদাপাণি হতে। ড০ হাজৰিকাৰ হাতত সেই সম্বন্ধৰ ডোল দাল সুদৃঢ় হৈ পৰিছে।

মুঠতে জনতাৰ গীত গোৱা, আৰ্তজনৰ গীত গোৱা ভূপেন হাজৰিকাই আজীৱন লুইতৰ পৰা মিচিচিপিলৈকে সমন্বয়ৰ বতৰা বিলালে। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ ইতিহাস বিশ্লেষণ কৰি গীতৰ মাজেৰে এটা জাতিৰ সৈতে আন এটা জাতিৰ পৰিচয় কৰাই সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰিব বিচাৰিছিল। সেয়েহে তেওঁ গীতসমূহৰ মাজত অসমীয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় শব্দৰ প্ৰয়োগ কৰিছে। ক’ব পাৰি যে, ভূপেন হাজৰিকাৰ জনগোষ্ঠীক লৈ লিখা প্ৰায়বোৰ গীত জনগোষ্ঠীটোৰ সভ্যতা-সংস্কৃতিৰ দলিলৰূপে পৰিগণিত হৈছে। সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰা এই গীত সমূহত হাজৰিকাৰ অসম চেতনা উদ্ভাসিত হৈ উঠিছে। লগতে এই গীত সমূহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক একতাৰ দোলেৰে বান্ধি সামাজিক উৎকৰ্ষ সাধন কৰিব পাৰিব। বুঢ়া লুইত বৈ থকালৈকে ভূপেন হাজৰিকাৰ গীতে পাহাৰ ভৈয়ামৰ, জাতি-জনজাতিৰ সম্প্ৰীতিৰ বতৰা বিলাই থাকিব। অসম, ভাৰত তথা বিশ্ববাসীৰ কিংবদন্তী পুৰুষ ভূপেন হাজৰিকাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী সমূহৰ বাবে কৃষ্টিৰ পথাৰত যিখিনি বীজ চতিয়াই থৈ গ’ল সেই খিনিয়ে উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ বুকুত সদায় জিলিকাই ৰাখিব।

গ্ৰন্থপঞ্জীঃ

১। দত্ত, ড০ দিলীপ (সম্পা.)। ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ। চৰ্তুথ তাঙৰণ, আগষ্ট, ১৯৯২ ।

২। বৰুৱা, শান্তনু কৌশিক (সম্পা.)।  তথাকোষত ভূপেন হাজৰিকা, সাধনা, সিদ্ধি আৰু সৃষ্টি। প্ৰথম প্ৰকাশ, ডিচেম্বৰ ২০১১

৩। ভূঞা, ৰবীন (সম্পা.) । ড০ ভূপেন হাজৰিকা সৃষ্টি আৰু দৃষ্টি । প্ৰথম সংস্কৰণ, ডিচেম্বৰ ২০১১

৪। ৰাজখোৱা, অজন্তা, ড০ লাচিতবৰুৱা (সম্পা.) ।  ড০ ভূপেন হাজৰিকাঃ জীৱন আৰু ¸শিল্প। পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী । প্ৰথম প্ৰকাশ, ২০১২।

৫। হাজৰিকা, সূৰ্য (সম্পা.) । মই এটি যাযাবৰ। প্ৰথম প্ৰকাশ, ১৯৯৩

৬। হাজৰিকা, সূৰ্য (সম্পা.) । ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰঃ গীতাৱলী। তৃতীয় সংস্কৰণ, ২০১০ ।

৭। গৰীয়সী, উনবিংশ বছৰ, চতুৰ্থ সংখ্যা জানুৱাৰী ২০১২।

(লেখিকা সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, মেলামৰা মহাবিদ্যালয়)

আপুনিও ভাল পাব পাৰে!