Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ

post
<

Share

লেখকঃ কিশোৰ শিৱম

বৰ অসমৰ মনোমোহা প্রাকৃতিক পৰিৱেশ, নদ-নদী, পাহাৰ পৰিৱেষ্টিত পৰিৱেশ তথা নানা জাতি-উপজাতিৰ সমন্বয়স্থলী অসমৰ সমাজ ব্যৱস্থা, সৰ্বভাৰতীয় সমাজ ব্যৱস্থাৰ লগত বৈদিক যুগৰ পৰাই সাংস্কৃতিকভাৱে অভিন্ন। ফলত অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অর্থনীতি সমাজ জীৱন আদি সকলো দিশতে প্রত্যক্ষ অথবা পৰোক্ষভাৱে সৰ্বভাৰতীয় প্রভাব অদ্যপি বিৰাজমান। অতীতৰ ভাৰতবৰ্ষত বৈষ্ণৱ প্রবাহ বিয়পি পৰাৰ সময়তে অসমতো বৈষ্ণৱ ধাৰাৰ প্ৰভাৱ পৰে। সেই সময়ত পৰা অসমৰ জন জীৱনত কেবাগৰাকী মহাপুৰুষে স্ব-মহিমাৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। এই ক্ষেত্ৰত প্রধানতঃ অসমৰ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, শ্রীশ্রী দামোদৰদেৱ আৰু শ্ৰীশ্ৰী হৰিদেৱ মহাপ্রভু। এই চাৰিগৰাকী মহাপুৰুষে সম-সাময়িকভাৱে অসমত আবির্ভাব ঘটি অসমত বৈষ্ণৱ ধাৰাৰ প্ৰৱৰ্তন কৰিছিল।

আজিৰ অসমীয়া সমাজৰ এচাম লোকে শংকৰ-মাধৱক অর্থাৎ এই দুগৰাকী গুৰুক অকলে অসমীয়া জাতি গঠনৰ জনক বুলি স্বীকৃতি দিছে। এনে মতামত ইতিহাস সাপেক্ষে নহয় বুলি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে । কাৰণ, পুৰণি কামৰূপ তথা অসমৰ চুকে-কোণে থকা অসংখ্য শ্ৰীশ্ৰী হৰিদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ সত্ৰ আৰু লাখ লাখ অনুৰাগী শিষ্যই কিহৰ সাক্ষী প্ৰদান কৰে? আজিও এই সত্ৰবোৰে কোনো বিভাজন নোহোৱাকৈ পুৰণি ঐতিহ্য সংস্কৃতি বহন কৰি আহিছে। অসমীয়া সমাজ গঠনত শংকৰ-মাধৱৰ অৱদান অতুলনীয়। তৎসত্বেও অসমীয়া সমাজ গঠনত আন দুগৰাকী গুৰুৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। মন কৰিবলগীয়া কথা, উক্ত চাৰিগৰাকী মহাপুৰুষৰ ভিতৰত শ্ৰীশ্ৰী হৰিদেৱ জন্মত অগ্রজ আৰু অসমৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দিশত প্ৰথম বুলি জনা যায়। অসমৰ বৈদিক বৈষ্ণৱ ধৰ্ম আৰু নৱবৈষ্ণৱ ধৰ্মৰ যোগ সূত্ৰকাৰী আছিল মহাপুৰুষ শ্রীশ্রীহৰিদেৱ।

হৰিদেৱৰ পূৰ্বপুৰুষ আছিল নৰোত্তম। ৭ম শতিকাত কুমাৰ ভাস্কৰ বৰ্মাই কাশী ৰজাৰ ৰাজসভাৰ পৰা কামৰূপলৈ আনি অশ্বক্লান্তত সংস্কৃত টোল স্থাপন কৰি দিছিল। কুমাৰ ভাস্কৰ বৰ্মাই অশ্বক্লান্তত স্থাপন কৰি দিয়া সংস্কৃত টোলেই অসমত আনুষ্ঠানিকভাৱে টোলৰ জন্ম দিয়ে।

ভাগৱতা শ্ৰয়ী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বেদ দর্শনত ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ ১৩৪৮ শকত ভাদ মাহৰ শুক্লা পঞ্চমীৰ তিথিত অজনাভৰ ঔৰষত আৰু পাৰিজাতীৰ গৰ্ভত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ হৰিপুখুৰীৰ পাৰত জন্ম হয়। নিচেই সৰুতে হৰিদেৱ বেদ আৰু ধৰ্মশাস্ত্ৰ অধ্যয়ণৰ লগতে পাণিনীৰ ব্যাকৰণখন পঢ়ি পাণ্ডিত্যগুণ আয়ত্ব কৰিবলৈ সক্ষম হৈছিল।

১৪৩৯ চন মানত সৌমাৰৰ ৰজা চুচেংফাৰ কোপ দৃষ্টি মহাপুৰুষ জনাৰ ওপৰত পৰাত তেখেতে নাৰায়ণপুৰ ত্যাগ করি প্রথমে অশ্বক্লান্ত মন্দিৰত বাহৰ পাতি হাজোৰ মন্দিৰ সমূহ দৰ্শন কৰি পুৰীলৈ ৰাওনা হয়। পুৰীৰ পৰা মহাপুৰুষ জনাই বৈদ্য নাথ, গয়া, কাশী বৃন্দাবন আদি তীর্থস্থান ভ্রমি জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰিছিল ইয়াৰ পিছত পুণৰ কামৰূপলৈ উভতি আহি পূৰ্বপুৰুষসকলৰ বাসস্থান বহতি বা বহৰি গাঁৱত ১৩৭৫ শকত সত্ৰ স্থাপন কৰে। ই অসমৰ আদি সত্ৰ। ইয়াৰ পূৰ্বে অসমত সত্ৰ স্থাপন কৰাৰ কথা জনা নেজায়। সেয়েহে মহাপুৰুষ শ্রীশ্রীহৰিদেৱক বৈষ্ণৱ সত্ৰ স্থাপনৰ বাটকটীয়া বুলি কোৱা হয়। কিছুদিন পিছত বাৰজন ভক্তক সত্ৰৰ ভাৰ অৰ্পণ কৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ নিৰ্জন ঠাইত আন এখন সত্ৰ স্থাপন কৰে। এই সত্ৰখনৰ নাম প্রথমতে হৰিদেৱাশ্ৰম আৰু গুৰুদেৱাশ্রম নামে জনাজাত হৈছিল।

পৰৱৰ্তী সময়ত ইয়ে মানেৰী সত্ৰ নামে খ্যাত হয়। সম্প্ৰতি সত্ৰখন ব্ৰহ্মপুত্ৰৰ অটল গৰ্ভত লীন হৈ গৈছে। মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ এক বিশেষ বৈশিষ্ট্য আছিল- যিটো আন ধৰ্ম প্ৰচাৰকে আয়ত্ব কৰিব পৰা নাছিল বুলি জনা যায়। সেয়া হ'ল "চাৰিবেদ” অধ্যয়ণ আৰু তাৰ সৰল ব্যাখ্যাকৰণ। সেই সময়ত শ্রীশ্রী হৰিদেৱে কাশীধামত চাৰিবেদ পাঠ কৰি বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সৰ্বভাৰতীয় ধর্মীয় মার্গত মহাপুৰুষ গৰাকীৰ এই বৈশিষ্ট্যই আজিও উচ্চস্থান অধিকাৰ কৰি আহিছে৷ মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ একমাত্র উদ্দেশ্য আছিল যদিও সমাজ সংস্কাৰতো বিশেষভাৱে মনোনিবেশ কৰিছিল। কিয়নো মানুহৰ মন উচ্চ আৰু জ্ঞানী কৰিব নোৱাৰিলে বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ববোৰ জনসাধাৰণক বিশদভাৱে বুজোৱাটো কঠিন হ'ব বুলি তেখেতে বিশ্বাস কৰিছিল। এই কথা অনুধাৱন কৰি মহাপুৰুষ গৰাকীয়ে সমাজৰ নিম্নস্তৰৰ পৰা উচ্চস্তৰলৈকে মানুহক একত্ৰিত কৰি দয়া, মৰম, চেনেহৰ এনাজৰীৰ বান্ধোনেৰে সংস্কাৰৰ ওপৰত জোৰ দিছিল। মহাপুৰুষ জনাই তেখেতৰ জন্মস্থান নাৰায়ণপুৰতেই প্রথম সমাজ সংস্কাৰৰ কামত মনোনিবেশ কৰিছিল। বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্বসমূহ সৰ্বসাধাৰণলোকে বুজিব পৰাকৈ প্ৰচাৰ কাৰ্যত অগ্রণী ভূমিকা গ্রহণ কৰিছিল। তদুপৰি মহাপুৰুষজনাই বিষ্ণু পূজাৰ লগতে হৰি কীর্তন, নাম-প্রসঙ্গ আদি প্রথাও প্রচলন কৰিছিল। হৰি ভক্তিত দেশ কাল, জাতিৰ নিয়ম নাই আৰু হৰি সেৱা স্থানত যে সকলোৰে সম অধিকাৰ গুৰুজনাই তাক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি জনকল্যাণৰ বাবে সমাজ সংস্কাৰত মনোনিবেশ কৰিছিল। মহাপুৰুষ গৰাকীয়ে স্থাপন কৰা সত্ৰত্রসমূহত কিছু সংখ্যক সংস্কৃত শিক্ষাৰ কেন্দ্ৰও স্থাপন কৰিছিল, যাতে শিষ্যসকলক সংস্কৃত শিক্ষাৰ জৰিয়তে সমাজৰ নীতি-নিয়ম, আচাৰ। ব্যৱহাৰ, বেদ-বেদাঙ্গ তথা গীতাৰ জ্ঞান প্ৰদানৰ দ্বাৰা। প্রকৃত জ্ঞান লাভ কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰিব পাৰে আৰু ভগৱানৰ প্ৰতি প্রেমময় হ'ব পাৰে।  সেয়েহে হৰিগুৰুই নিজেই সত্ৰ স্থাপন কৰাৰ উপৰিও ভক্তসকলৰ দ্বাৰাও সত্ৰ স্থাপন কৰিছিল। গুৰুজনাৰ  প্রথম কন্যা চিৰকুমাৰী ভূৱনেশ্বৰী দেৱীক মানেৰী সত্ৰৰ অধিকাৰিণী পাতি এক বিৰল কাৰ্য সম্পাদন কৰিছিল। কোনো ধর্মীয় অনুষ্ঠানত নাৰীক অগ্ৰাধিকাৰ প্ৰদান কাৰ্যত বিশ্ব তথা ভাৰতবৰ্ষৰ ইতিহাসত বিৰল। মানেৰী সত্ৰৰ জৰিয়তে ভূৱনেশ্বৰী দেৱীয়ে গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ সুশৃংখল সমাজ প্রতিষ্ঠা কৰিবলৈ সমর্থ হৈছিল৷ শ্ৰীশ্ৰীহৰিদেৱৰ সময়ত কু-সংস্কাৰ অন্ধবিশ্বাস আদিয়ে এক পংকিল অৱস্থাই ছানি ধৰিছিল। হৰিগুৰুই সত্ৰৰ জৰিয়তে সমাজখনৰ গতি শৃংখলাবদ্ধ ভাৱে ন-ৰূপত গঢ় দিবলৈ সক্ষম হৈছিল। তেৰাৰ ধৰ্মত ৰজা-প্রজা, পুরুষ-মহিলা, সুখী-দুখী, উচ্চ-নীচ, জাতি-বর্ণ নির্বিশেষে সকলোৱে সমান স্থান পাবলৈ সক্ষম হৈছিল। মহাপুৰুষ গৰাকীয়ে অসমীয়া সমাজখন সংস্কাৰ কৰি, লগতে ধৰ্মৰ বাণী প্ৰচাৰ কৰি, এখন সুস্থ, নিকা আৰু জনহিতকৰ সমাজ গঢ় দিবলৈ সমৰ্থ হৈছিল। পুৰণি সমাজ ব্যৱস্থাত থকা বিভিন্ন কু-সংস্কাৰ আঁতৰাই এখন নিকা সমাজ গঢ়ি সমাজত প্রচলিত পুৰণি নীতি-নিয়মবোৰ আঁতৰাই শাস্ত্ৰৰ বিধানৰ দ্বাৰা, নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ সমাজত প্রচলন কৰিবলৈ সমৰ্থ হৈছিল। এইজনা যোগসিদ্ধ আৰু স্থিতপ্রজ্ঞ মহাপুৰুষে আজীৱন অসমীয়া প্ৰজাৰ, শাৰীৰিক মানসিক আরু নৈতিক দিশৰ অশেষ কল্যাণ সাধি ১৪৮৮ শকৰ জেঠ মাহৰ অমাৱস্যা তিথিত মানেৰী সত্ৰত শেষ নিশ্বাস ত্যাগ কৰে।

আপুনিও ভাল পাব পাৰে!