লেখিকাঃ ড০ প্ৰবীণা শৰ্মা
বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকু হৈ পৰে প্ৰাণচঞ্চল, ৰমণীয়। ফুলি উঠে চৌদিশে নানাৰঙী মনোমোহা ফুলবোৰ। কপৌ, নাহৰ, তগৰ, কেতেকী, মদাৰ, শিমলু, পলাশ, চতিয়না, মাধৈমালতী আদি অসমীয়াৰ চিৰ চিনাকি ফুলবোৰে প্ৰকৃতিৰ বুকুত ছটিয়াই দিয়ে নানা ৰং আৰু সুবাসিত মলয়াবোৰ। সৃষ্টি কৰে এক মোহনীয় পৰিৱেশৰ। বুঢ়া আঁহতৰ ডালে ডালে পৰজীৱী ৰঘুমলাবোৰ জাকি মাৰি ফুলি উঠে। এনে মনোমোহা বসন্ত ঋতুৰ পিছতে প্ৰকৃতিৰ বুকু জীপাল কৰিবলৈ আগমন ঘটে গ্ৰীষ্ম ঋতুৰ। গ্ৰীষ্মৰ উমাল পৰশত প্ৰকৃতিৰ বুকুত ফুলি উঠে বগা, বেঙুনীয়া ৰঙেৰে সংমিশ্ৰিত এজাৰ ফুলবোৰ। এজাৰ ফুল ফুলাৰ লগে লগে অসমীয়া জাতিৰ হেঁপাহৰ মাহ ব’হাগৰ মাদকতা নোহোৱা হয়। সেয়েহে হয়তো গণশিল্পী খগেন মহন্তৰ কণ্ঠেৰে নিগৰিছিল অসমীয়াৰ হদয় চুই যোৱা এই গীতৰ কলিটি—
“এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ
কিয় মনে মাৰি থাক মোৰ দেহি ঐ
আছেনে মোলৈ তোলৈ যিটো মোৰ চিত
অ’ এজাৰ ফুলা দেখি............”
বসন্তৰ শেষত গ্ৰীষ্মৰ আগমনত বগা বেঙুনীয়া এজাৰ ফুলৰ নান্দনিক সৌন্দৰ্য অতি মনোমোহা। এই মনোমোহা ৰঙেও মানুহৰ হদয়ত বেদনাৰ সৃষ্টি কৰে। কাৰণ এজাৰ ফুলাৰ লগে লগে ব’হাগ মাহৰ বিদায় সমাগত। গোটেই ব’হাগ মাহটো অসমীয়া মানুহৰ মন আনন্দত উপচি থাকে। বাপতি সাহোন ৰঙালী বিহুটিয়ে প্ৰত্যেক মানুহৰ মনত এক নতুন আনন্দ আৰু মাদকতাৰ সৃষ্টি কৰে। সময় বাগৰাৰ লগে লগে বসন্তত ফুলি উঠা মন জুৰুৱা ফুলবোৰ গছৰ ডালতে মৰহিব ধৰে। ব’হাগে বিদায় ল’ব ওলোৱাৰ লগে লগে প্ৰকৃতিৰ বুকুত ৰং ছটিয়াই ফুলি উঠা এজাৰ ফুলে সেই আনন্দ আৰু মাদকতা নিঃশেষ কৰে।
এজাৰ ফুল অকল অসমতে নহয়, গোটেই বিশ্বতে পোৱা যায়। বিশেষকৈ ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্টে˜লিয়া, চীন আদি দেশতো এজাৰ ফুল দেখা যায়। ফুলবিধৰ বৈজ্ঞানিক নাম Lagerstroemia Speciosa, ইংৰাজীত Giant crape myrthe, Queen’s flower ইত্যাদি নামেৰে জনা যায়। ই এবিধ পৰ্ণপাতী উদ্ভিদ। এজাৰ ফুলে অকল প্ৰকৃতিৰ নৈসৰ্গিক শোভাই বৰ্দ্ধন নকৰে, ফুলবিধৰ বহু পৰিমাণে ঔষধি গুণো আছে। গছজোপা প্ৰায় দহৰ পৰা বিশ মিটাৰ পৰ্যন্ত ওখ হয়। ব’হাগৰ আগমনৰ লগে লগে গোটেই গছজোপা গাঢ় সেউজীয়া পাতেৰে উপচি পৰে। সেউজীয়া কোমল পাত ওলোৱাৰ লগে লগে দীঘলীয়াকৈ ফুলৰ কলিবোৰ ওলাব ধৰে। ব’হাগ মাহৰ শেষত গ্ৰীষ্মৰ উমাল পৰশত শাৰী শাৰী এজাৰ গছবোৰে পথ পথাৰ ওপচাই বেঙুনীয়া ৰং ছটিয়াই মানুহৰ মনত আনন্দৰ ৰং সিঁচি দিয়ে। যদিও ব’হাগৰ বিদায়ৰ বাতৰি কঢ়িয়াই অনা এজাৰজুপিক অসমীয়া মানুহে নিজৰ মনক বান্ধিব নোৱৰাকৈ ভাল পায়, তথাপি ব’হাগৰ বিদায় বেদনাই মন সেমেকাই তোলে।

