লেখকঃ গৌতম শৰ্মা
আজি ২৫ ব’হাগ। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটি গৌৰৱৰ দিন। বংগ কেলেণ্ডাৰ অনুসৰি আজিৰ এই বিশেষ দিনটোত পৰাধীন ভাৰততেই ১২৬৮ বঙ্গাব্দত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ জন্ম হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ মূলতঃ এজন কবি নাছিল; সমাজৰ প্ৰতিটো ক্ষেত্ৰলৈ অসাধাৰণ অৱদান আগবঢ়োৱা ঠাকুৰদেৱ আছিল এজন বহুমুখী প্ৰতিভাৰ গৰাকী। তেওঁ ৰচনা কৰা “জন গণ মন” আজিও ভাৰতৰ জাতীয় সংগীত, আৰু “আমাৰ সোনাৰ বাংলা” বাংলাদেশৰ জাতীয় সংগীত। পৃথিৱীৰ ইতিহাসত ই নিশ্চিতভাৱে এক বিৰল কৃতিত্ব যে এজন কবিৰ ৰচনাই দুখন দেশৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰিছে। বিশ্বকবিৰ জন্ম জয়ন্তীত আজি আমি তেওঁৰ প্ৰতিভাক গুণানুকীৰ্তন কৰাৰ পৰিৱৰ্তে সাম্প্ৰতিক বিশ্বত তেওঁৰ প্ৰাসংগিকতাক বিচাৰ কৰিবলৈ যত্ন কৰিম।
ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল আধুনিক ভাৰতৰ অন্যতম মহান চিন্তাবিদ, যাৰ ভাবধাৰা আজিও একবিংশ শতিকাৰ বিশ্বত গভীৰভাৱে প্ৰাসংগিক। তেওঁ কেৱল কবি বা সাহিত্যিকেই নহয়; তেওঁ আছিল দাৰ্শনিক, শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু বিশ্বমানৱতাৰ প্ৰবক্তা। ঔপনিৱেশিক যুগত বাস কৰিলেও শিক্ষা, জাতীয়তাবাদ, মানৱতা, সংস্কৃতি, প্ৰকৃতি, গ্ৰামোন্নয়ন আৰু বিশ্বশান্তিৰ বিষয়ে তেওঁ আগবঢ়োৱা চিন্তাধাৰাই আজিৰ যুগতো মানুহক পথ প্ৰদৰ্শন কৰি আহিছে। বৰ্তমান বিশ্বত যিসময়ত ঐক্য-সংহতি, ধৰ্মীয় অসহিষ্ণুতা, পৰিৱেশ ধ্বংস, ভোগবাদ আৰু মানসিক অস্থিৰতাসমূহ দিনক দিনে প্ৰবলভাবে বৃদ্ধি পাইছে, সেইখিনি সময়তেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শনে এক সামঞ্জস্যপূর্ণ, সৃষ্টিশীল আৰু মানৱীয় সমাজৰ পথ আমাক দেখুৱাইছে।
১৯১৩ চনত 'গীতাঞ্জলি' গ্ৰন্থৰ বাবে ঠাকুৰে সাহিত্যৰ ন’বেল বঁটা লাভ কৰি বিশ্বৰ প্ৰথম অনা-ইউৰোপীয় ন’বেল বিজয়ী হিচাপে স্বীকৃতি লাভ কৰিছিল। কিন্তু তেওঁৰ গুৰুত্ব কেৱল সাহিত্যৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁ এনে এক সমাজৰ কল্পনা কৰিছিল য’ত স্বাধীনতা, সৃষ্টিশীলতা, সহানুভূতি আৰু বিশ্বমানৱতাৰ আদৰ্শই মানুহৰ জীৱন পৰিচালিত কৰিব। আধুনিক গৱেষকসকলেও মত প্ৰকাশ কৰে যে বৰ্তমান বিশ্বত দেখা দিয়া বহু সমস্যাৰ বিষয়ে ঠাকুৰে বহু আগতেই সতৰ্কবাণী উচ্চাৰণ কৰিছিল। ঠাকুৰৰ প্ৰাসংগিকতাৰ অন্যতম মুখ্য কাৰণ হৈছে তেওঁৰ মানৱতাবাদী দৰ্শন। তেওঁৰ মতে, ধৰ্ম, জাতি, ভাষা, বৰ্ণ নির্বিশেষে প্ৰতিজন মানুহ সমান মৰ্যাদাৰ অধিকাৰী। আজিৰ বিশ্বত যেতিয়া সাম্প্ৰদায়িকতা, বর্ণবাদ, যুদ্ধ আৰু সামাজিক বিভাজন বৃদ্ধি পাইছে, তেতিয়াই ঠাকুৰৰ বিশ্ব ভাতৃত্ববোধৰ বাণীবোৰ অধিক তাৎপৰ্যপূর্ণ হৈ উঠিছে। তেওঁ বিশ্বাস কৰিছিল যে সংকীর্ণ জাতীয়তাবাদ বা ৰাজনৈতিক বিভাজনতকৈ মানৱতা অধিক মহান। তেওঁৰ মতে, প্রকৃত সভ্যতা শক্তি বা সম্পদৰ ওপৰত নহয়; ই সহানুভূতি, সহযোগিতা আৰু পাৰস্পৰিক সন্মানৰ ওপৰতহে প্রতিষ্ঠিত।
ঠাকুৰৰ জাতীয়তাবাদ বিষয়ক চিন্তাধাৰাও বৰ্তমান বিশ্বত অত্যন্ত প্ৰাসংগিক। বিংশ শতিকাৰ আৰম্ভণিতে তেওঁ সতৰ্ক কৰিছিল যে উগ্ৰ জাতীয়তাবাদে মানুহৰ মাজত ঘৃণা, হিংসা আৰু অন্ধ আনুগত্য বৃদ্ধি কৰিব পাৰে। তেওঁ দেশপ্ৰেমৰ বিৰোধী নাছিল, কিন্তু সংকীর্ণ জাতীয়তাবাদক বিপজ্জনক বুলি ভাবিছিল। Nationalism শীৰ্ষক বক্তৃতাসমূহত তেওঁ উল্লেখ কৰিছিল যে যদি জাতীয়তাবাদ কেৱল ক্ষমতা আৰু প্ৰতিযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে ই দেশ আৰু সমাজ ব্যৱস্থালৈ নৈতিক অৱক্ষয় আনে। বৰ্তমান বিশ্বৰ বহু অংশত ৰাজনৈতিক উগ্ৰতা, ধৰ্মীয় অসহিষ্ণুতা, বিদেশী বিদ্বেষ আৰু আন্তঃৰাষ্ট্ৰীয় সংঘাতসমূহ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ঠাকুৰৰ চিন্তাধাৰাই আমাক স্মৰণ কৰাই যে দেশপ্ৰেম কেতিয়াও আনৰ প্ৰতি ঘৃণালৈ পৰিণত হ’ব নালাগে। তেওঁ বিশ্বমানৱীয় সহযোগিতা আৰু শান্তিপূর্ণ সহঅস্তিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, বিভিন্ন জাতিয়ে পৰস্পৰৰ পৰা শিকি মানৱৰ কল্যাণৰ বাবে একেলগে কাম কৰিব লাগে।
ঠাকুৰৰ শিক্ষাদৰ্শনো বৰ্তমান যুগত অত্যন্ত তাৎপৰ্যপূর্ণ। আধুনিক শিক্ষা ব্যৱস্থাক বহু সময় যান্ত্রিক, পৰীক্ষামুখী আৰু মানসিক চাপ বৃদ্ধি কৰা ব্যৱস্থা বুলি সমালোচনা কৰা হয়। বহু শিক্ষার্থী উদ্বেগ, হতাশা আৰু সৃষ্টিশীলতাৰ অভাৱত ভোগে। কাৰণ আজিৰ শিক্ষা কেৱল নম্বৰ, প্ৰতিযোগিতা আৰু চাকৰিমুখী সফলতাৰ মাজতে সীমাবদ্ধ হৈ পৰিছে। বহু আগতেই ঠাকুৰে ঔপনিৱেশিক শিক্ষা ব্যৱস্থাৰ কঠোৰতা আৰু বন্ধ কোঠাৰ ভিতৰত দিয়া-লোৱা কৰা শিক্ষাৰ সমালোচনা কৰিছিল। তেওঁৰ মতে, প্রকৃত শিক্ষাই কল্পনাশক্তি, নৈতিকতা, আবেগিক বিকাশ আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব লাগে। নিজৰ শিক্ষা চিন্তাক বাস্তৱ ৰূপ দিবলৈ ঠাকুৰে শান্তিনিকেতন আৰু পিছত বিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। য’ত মুক্তভাবে প্ৰকৃতিৰ মাজত শিক্ষা দিয়া হৈছিল। সাহিত্য, সংগীত, শিল্প, কৃষি, হস্তশিল্প আৰু সাংস্কৃতিক বিনিময় শিক্ষাৰ অংশ আছিল। ঠাকুৰৰ মতে, শিক্ষা কেৱল চাকৰি লাভৰ উপায় নহয়; ই স্বাধীন চিন্তাশীল আৰু দায়িত্বশীল বিশ্ব নাগৰিক তৈয়াৰ কৰাৰ মাধ্যম। বৰ্তমান বিশ্বত যি সামগ্ৰিক শিক্ষা, আন্তঃবিষয়ক অধ্যয়ন আৰু সৃষ্টিশীল শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তাৰ বহু ধাৰণা ঠাকুৰে বহু আগতেই প্ৰচাৰ কৰিছিল। ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বহু নীতিতো ঠাকুৰৰ শিক্ষাদৰ্শনৰ প্ৰভাৱ দেখা যায়।
ঠাকুৰৰ পৰিৱেশ চিন্তাধাৰায়ো আজিৰ বিশ্বত নতুন তাৎপৰ্য লাভ কৰিছে। বৰ্তমান বিশ্ব জলবায়ু পৰিৱর্তন, বনধ্বংস, প্ৰদূষণ আৰু জৈৱ বৈচিত্ৰ্য ধ্বংসৰ দৰে ভয়াবহ সংকটৰ সন্মুখীন হৈছে। পৰিৱেশবাদ বিশ্বজুৰি আলোচ্য বিষয় হোৱাৰ বহু আগতেই ঠাকুৰে মানুহ আৰু প্ৰকৃতিৰ আধ্যাত্মিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, মানুহে প্ৰকৃতিৰ সৈতে সম্প্ৰীতিৰ মাজেৰে জীৱন-যাপন কৰিব লাগে; কেৱল অৰ্থনৈতিক লাভৰ বাবে প্ৰকৃতিক শোষণ কৰা উচিত নহয়। শান্তি নিকেতনৰ শিক্ষা ব্যৱস্থা আৰু গছপুলি ৰোপণ উৎসৱৰ দৰে উদ্যোগসমূহে তেওঁৰ পৰিৱেশ সচেতনতাক স্পষ্টভাৱে প্ৰতিফলিত কৰে। সংস্কৃতি আৰু শিল্পৰ ক্ষেত্ৰতো ঠাকুৰৰ চিন্তাধাৰা আজিও গভীৰভাৱে প্ৰাসংগিক। আধুনিক বিশ্বত বিশ্বায়ন আৰু বাণিজ্যিকীকৰণে বহু সময় সাংস্কৃতিক স্বতন্ত্রতা আৰু সৃষ্টিশীলতাক দুর্বল কৰি আহিছে। ঠাকুৰে বিশ্বাস কৰিছিল যে সংস্কৃতিয়ে মানুহক একত্ৰিত কৰিব লাগে, বিভাজিত নহয়। তেওঁ পূৰ্ব আৰু পশ্চিমৰ সংস্কৃতিৰ মাজত সংলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বিশ্বভাৰতীৰ মূলমন্ত্ৰ—“য’ত বিশ্ব এক নীড়ত মিলিত হয়” — এই আদৰ্শকেই প্ৰতিফলিত কৰে।
একেসময়তে, ঠাকুৰে পশ্চিমক অন্ধ অনুকৰণৰো বিৰোধিতা কৰিছিল। তেওঁৰ মতে, আধুনিকতা মানে নিজৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য বিসর্জন নহয়। বৰং নিজস্বতাখিনিক অক্ষুণ্ণ ৰাখিও আধুনিক হ’ব পাৰি। আজিৰ বিশ্বত বহু সমাজে বিশ্বায়নৰ মাজত নিজৰ সাংস্কৃতিক পৰিচয় ৰক্ষা কৰাৰ চেষ্টা কৰিছে; এই ক্ষেত্ৰতো ঠাকুৰৰ দৃষ্টিভংগী বিশেষ তাৎপৰ্যপূর্ণ। গ্ৰামোন্নয়ন আৰু সামাজিক পুনর্গঠনৰ ক্ষেত্ৰতো ঠাকুৰৰ চিন্তাধাৰা আজিও প্ৰেৰণাদায়ক। তেওঁ উপলব্ধি কৰিছিল যে ভাৰতৰ প্রকৃত শক্তি গাঁৱত নিহিত। সেইবাবে তেওঁ শান্তি নিকেতনৰ কাষতে শ্ৰীনিকেতন প্ৰতিষ্ঠা কৰি আত্মনিৰ্ভৰশীলতা, সমবায় ব্যৱস্থা, বৈজ্ঞানিক কৃষি, ক্ষুদ্ৰ শিল্প আৰু সামাজিক কল্যাণৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ উন্নয়ন মডেল দানৰ ওপৰত নহয়; অংশগ্ৰহণ আৰু মর্যাদাৰ ওপৰত প্রতিষ্ঠিত আছিল। বৰ্তমানো ভাৰসাম্য গ্ৰামোন্নয়ন বহু উন্নয়নশীল দেশৰ অন্যতম বৃহৎ প্ৰত্যাহ্বান। এই ক্ষেত্ৰত ঠাকুৰৰ চিন্তাধাৰা আজিও বিশেষভাবে প্ৰাসংগিক।
সম্প্ৰতি ডিজিটেল যুগত মানুহৰ মানসিক জীৱনৰ ক্ষেত্ৰতো ঠাকুৰৰ দৰ্শন বিশেষ গুৰুত্বপূর্ণ। আধুনিক প্ৰযুক্তিয়ে যোগাযোগ সহজ কৰি তুলিলেও বহু মানুহ মানসিক চাপ, নিসংগতা আৰু আবেগিক বিচ্ছিন্নতাৰ সন্মুখীন হৈছে। অতিৰিক্ত বস্তুবাদ আৰু প্রযুক্তি নিৰ্ভৰ জীৱনে মানসিক শান্তি নষ্ট কৰিছে। ঠাকুৰে সৰলতা, সংগীত, সাহিত্য, সৃষ্টিশীলতা আৰু প্ৰকৃতিৰ সৈতে সংযোগক অৰ্থপূর্ণ জীৱনৰ মৌলিক উপাদান বুলি গণ্য কৰিছিল। তেওঁৰ দৰ্শনেই স্মৰণ কৰাই যে কেৱল বস্তুগত উন্নতিয়ে সুখ দিব নোৱাৰে। ঠাকুৰৰ সাহিত্য কৰ্মসমূহ আজিও সমানভাৱে প্ৰাসংগিক। তেওঁৰ উপন্যাস, কবিতা, নাটক আৰু গানত স্বাধীনতা, প্রেম, লিঙ্গ সমতা, আধ্যাত্মিকতা, সামাজিক বৈষম্য আৰু মানৱ মর্যাদাৰ দৰে চিৰন্তন বিষয়সমূহ আলোচনা কৰা হৈছে। গোৰা, ঘৰে-বাইৰে আৰু গীতাঞ্জলিৰ দৰে ৰচনাসমূহ বিশ্বজুৰি পাঠকৰ মাজত আজিও সমাদৃত। তেওঁৰ গানসমূহ আছিল (ৰবীন্দ্ৰ সংগীত বুলি জনা যায়) মানৱীয় আবেগ আৰু দাৰ্শনিক গভীৰতাৰ বাবে বিশেষভাৱে জনপ্রিয়।
অৱশ্যে, ঠাকুৰৰ বিষয়ে সমালোচনামূলক আলোচনা কৰাটোও প্রয়োজনীয়। বহু দিশত প্রগতিশীল হ’লেও কিছুমান গৱেষকে মত প্ৰকাশ কৰে যে তেওঁৰ চিন্তাধাৰাৰ কিছুমান অংশত সেই সময়ৰ সামাজিক সীমাবদ্ধতাৰ প্রভাৱ দেখা যায়। সমালোচকসকলৰ মতে তেওঁৰ জাতীয়তাবাদ বিষয়ক সমালোচনা বাস্তৱ ৰাজনৈতিক সংঘাতৰ তুলনাত কিছু আদৰ্শবাদী আছিল। আন কিছুমানে তেওঁৰ সমাজ চিন্তাত এলিট মানসিকতাৰ কিছু চিহ্ন লক্ষ্য কৰে। তথাপি, এই সমালোচনাসমূহে তেওঁৰ গুৰুত্ব হ্ৰাস নকৰে। বৰং তেওঁৰ চিন্তাধাৰাক অধিক মানৱীয় আৰু আলোচনাযোগ্য কৰি তোলে। ঠাকুৰ নিজেও অন্ধ অনুসৰণৰ পক্ষপাতী নাছিল। তেওঁ সদায় স্বাধীন চিন্তা, প্রশ্ন আৰু বিতর্কক উৎসাহিত কৰিছিল। তেওঁৰ মহানতা এইটোৱেই যে তেওঁ সদায় সত্য, স্বাধীনতা আৰু মানৱ কল্যাণৰ সন্ধান কৰিছিল।
বৰ্তমান বিশ্বৰ বিভিন্ন সংকটৰ মাজত ঠাকুৰৰ প্ৰাসংগিকতা অধিক স্পষ্ট হৈ পৰিছে। যুদ্ধ, সাম্প্ৰদায়িক সংঘাত, পৰিৱেশ ধ্বংস, শৰণার্থী সমস্যা, অৰ্থনৈতিক বৈষম্য আৰু সামাজিক বিভাজনে বিশ্বত বহু অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত ঠাকুৰৰ বিশ্বমানৱতা, আন্তঃসাংস্কৃতিক সংলাপ, সহানুভূতি আৰু প্ৰকৃতিৰ সৈতে সম্প্ৰীতিৰ দৰ্শনে সমগ্ৰ বিশ্বকে নৈতিক পথ-প্ৰদৰ্শন কৰে। বিশ্বায়নৰ যুগত ঠাকুৰৰ “বিশ্বমানৱ” ধাৰণাও বিশেষ তাৎপৰ্যপূর্ণ। আজিৰ বিশ্ব অৰ্থনৈতিকভাৱে সংযুক্ত হ’লেও সাংস্কৃতিক আৰু ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। ঠাকুৰে বিশ্বাস কৰিছিল যে প্রকৃত বিশ্বায়ন কেৱল বাণিজ্য বা বজাৰৰ ওপৰত নিৰ্ভৰশীল নহয়; ই সাংস্কৃতিক বুজাবুজি আৰু নৈতিক দায়িত্বৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগে। তেওঁ বিশ্ব নাগৰিকতাৰ কথা কৈছিল, কিন্তু নিজস্বতা আৰু সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখিহে। আধুনিক গৱেষকসকলে এই চিন্তাক “rooted cosmopolitanism” বুলি উল্লেখ কৰে।
সেয়েহে ক’ব পাৰি যে ৰবীন্দ্ৰনাথ ঠাকুৰ আধুনিক যুগৰ অন্যতম প্ৰাসংগিক চিন্তাবিদ। মানৱতা, শিক্ষা, জাতীয়তাবাদ, পৰিৱেশ, সংস্কৃতি আৰু বিশ্বশান্তি বিষয়ে তেওঁ আগবঢ়াই যোৱা এনেধৰণৰ চিন্তাধাৰাসমূহে আজিও বিশ্ব সমাজক বহু সমস্যাৰ সমাধানৰ পথ দেখুৱাই আহিছে। তেওঁ নিজৰ সময়তকৈ বহু আগবঢ়া চিন্তক আছিল। আধুনিক যান্ত্রিক সভ্যতাৰ বিপদ, উগ্ৰ-জাতীয়তাবাদ, পৰিৱেশ ধ্বংস আৰু মানসিক শূন্যতাৰ বিষয়ে তেওঁ বহু আগতেই সতৰ্ক কৰিছিল। একেসময়তে তেওঁ সৃষ্টিশীলতা, সহানুভূতি, স্বাধীনতা আৰু সম্প্ৰীতিৰ ওপৰত ভিত্তি কৰি এক ইতিবাচক বিকল্প দৰ্শনক উপস্থাপন কৰিছিল। সময় সলনি হ’লেও মানৱ জীৱনৰ মৌলিক সমস্যাসমূহ আজিও একেই আছে। সেইবাবেই হয়তো ঠাকুৰ কেৱল অতীতৰ চিন্তাবিদ নহয়; তেওঁ ভবিষ্যতৰ পথ-প্ৰদৰ্শক ৰূপত আজিও আমাৰ মাজত জীয়াই আছে।
লেখকৰ ফোন: ৯৯৫৪০-০০২০০

