মতামত

হেৰাইছে নেকি ব’হাগৰ সৌন্দৰ্য?

post

Share

লেখক: গৌতম শৰ্মা

আকৌ আহিল ধৰাৰ বুকুলৈ ঋতুৰাজ বসন্ত। বসন্তৰ আগমনত গছ-লতিকাই প্ৰকৃতিৰ চিৰনিয়মক প্ৰতিষ্ঠা কৰি পুনৰবাৰ পিন্ধিছে এযোৰ নতুন পোছাক। বিহুৱতী চৰাইজনীও নামি আহিছে ভৈয়ামৰ বুকুলৈ সুমধুৰ কন্ঠৰে মিঠা-মিঠা গীত গাই। বসন্তই লৈ আহে প্ৰকৃতিৰ বুকুলৈ শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বতৰা। বসন্তৰ পৰশত মানুহৰ হৃদয়ৰ পৰস্পৰৰ মাজত গঢ়ি উঠে ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰৰ এনাজৰীডাল। বসন্তৰ উপস্থিতিয়েই আঁতৰাই সামাজিক হিংসা আৰু সন্ত্ৰাস। বসন্তই গঢ়ে সেউজীয়া ধৰা, সুনিৰ্মল আকাশ; বসন্তৰ সুকোমল পৰশত কবি-গীতিকাৰেও ৰচে ন-ন গীত আৰু কবিতা। বসন্তৰ আগমনত সেউজীয়া প্ৰকৃতি জগতখনে কি যে অপৰূপ সৌন্দৰ্য ধাৰণ কৰে তাৰ যে কোনো উপমা নাই। বসন্ত বুলিলেই মনলৈ আহে চিৰপৰিচিত প্ৰতি অসমীয়াৰ প্ৰাণৰো আপোন ব’হাগ বিহুটি; য’ত পোৱা যায় কেৱল আনন্দ আৰু আনন্দ। বসন্তৰ বুকুত উহ্য থকা এই ব’হাগ বিহুটিৰো আছে আকৌ এক সোণোৱালী ঐতিহ্য।

মূলতঃ পৰম্পৰাগত কৃষি তথা সৰ্বসাধাৰণৰ মাজৰ পৰাই বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশ হ’লেও সাম্প্ৰতিক সময়ত অসমীয়াৰ সাহ এই বিহুটিয়ে যেন পৰিৱৰ্তনৰ চাকনৈয়াত এক নৱৰূপ ধাৰণ কৰিছে। যি ৰূপত ইতিবাচকতাৰ বিপৰীতে দিনকদিনে বাঢ়ি গৈছে নানান নেতিবাচক কৰ্ম। যাৰ ফলত ব’হাগৰ বাঢ়িছে বহু বদনাম। প্ৰকৃতপক্ষে ইতিহাসৰ বুকুত বিহু সৃষ্টিৰ পটভূমিক নিৰীক্ষণ কৰিলে আমি পাওঁ যে বিহু আছিল কৃষিজীৱী, শ্ৰমজীৱী তথা সাধাৰণ মানুহৰ উৎসৱ। যি বিহুত পোৱা গৈছিল মানুহ আৰু প্ৰকৃতি জীৱন, যৌৱনৰ কেঁচা গোন্ধ; যি গোন্ধৰ সুবাসত আমোলমোলাই উঠিছিল ধৰণী। কিন্তু আজিও আছেনে বাৰু সেই বিহু, সেই বিহুৰ বৈশিষ্ট্যসমূহ?

বিহু কেৱল অসমীয়াভাষী লোক সকলৰেই একচেতিয়া উৎসৱ নহয়। বিহু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিপুত্ৰস্বৰূপ আদিম জনগোষ্ঠী মাত্ৰৰে উমৈহতীয়া এক জাতীয় উৎসৱ। অষ্ট্ৰ’-মংগোলয়ড সংস্কৃতিৰ উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠাপিত, আৰ্য-দ্ৰাবিড় সংস্কৃতিৰ উপাদানেৰে সংপৃক্ত তিনিওটা বিহুৰে চিত্ৰময় লোকাচাৰে ইয়াৰ সমন্বিত ৰূপৰ কথাকেই সূচায়। ভাৰতবৰ্ষৰ অন্য প্ৰান্তত প্ৰচলিত বৈশাখী, বিষ্ণু, পোঙ্গল আদিৰ দৰে প্ৰাচীন আৰ্যভাষী হিন্দুসকলৰ পৌষ-মকৰ সংক্ৰান্তি, চৈত সংক্ৰান্তি-বিষুৱন, গোৱামময়, ইন্দ্ৰধ্বজ, অতিৰাজ ইত্যাদি পৰ্বৰ সৈতে সাদৃশ্য থকা চাকমাসকলৰ বিঝু, তাই আহোমৰ পয়হু-পয়চাংখেন, চাহ জনগোষ্ঠীৰ টুছু, কৰম পূজা, কাৰ্বিসকলৰ ৱল’কেতৰ-চ’জুন, ৰিয়াঙসকলৰ বিসূচনী, কুকিসকলৰ আৰেম, নিচিসকলৰ চলুং, গালঙসকলৰ মপিন, ৰেংমাসকলৰ ছিচু, গাৰোসকলৰ ৱানগালা-ৰংছুগালা, ৰাভাসকলৰ বায়খো-খোকচি, তিৱাসকলৰ ছগ্ৰা-মিচাৱা-লাংখুন ইত্যাদি উৎসৱ-পৰ্বসমূহে ভাৰতীয় মহা-সংস্কৃতিৰ (আৰ্য-দ্ৰাবিড়-অষ্ট্ৰিক-মংগোলীয়) সমন্বিত ৰূপ ধাৰণ কৰাত বিশেষ অৱদান আগবঢ়াই আহিছে। বিশেষকৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংস্কৃতিৰ উমৈহতীয়া সমল হিচাপে একমাত্ৰ বিহু উৎসৱে এতিয়াও ইয়াৰ বহু প্ৰাচীন বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি যুগৰ সৈতে খাপ খাই জনজীৱনৰ সৈতে সংপৃক্ত আৰু প্ৰবাহিত হৈ আছে। বিহঙ্গম দৃষ্টিৰে চাবলৈ গ’লে বিহু আৰু ইয়াৰ লগত জড়িত নানাধৰণৰ ধৰ্মীয় আচাৰ-ৰীতি, লোকবিশ্বাস, লোকাচাৰ, লোকব্যঞ্জন, লোক-অভৰণ, লোকবাদ্য তথা ভৌতিক সংস্কৃতি, লোকনৃত্য-গীত তথা পৰিৱেশ্য কলা; বিশেষকৈ বিহুগীত, বনঘোষা, হুঁচৰি ইত্যাদিসমূহ ক’তো, কেনিও গাইগুটীয়া একক চৰিত্ৰত অক্ষুণ্ণ হৈ থকা নাই। সকলোতে এক সমন্বিত আৰু সমাহাৰিত ৰূপহে প্ৰকট হৈ আছে।

প্ৰকৃতিৰ চিৰসেউজ সৌন্দৰ্য আৰু মেটমৰা সম্ভাৰেৰে পূৰ্ণ, ঐতিহ্য আৰু মৌলিক পৰম্পৰাৰে সমৃদ্ধ লোকসংস্কৃতিৰ অনুপম ভূমি হৈছে অসম; য'ত ঋতুৰাজ বসন্তৰ আগমনত পৃথিৱী হৈ পৰে চিৰযৌৱনা। ঠিক তেনে সময়তে স্বতঃস্ফূৰ্তভাৱে বৰ আঁহতৰ তল, নৈৰ চাপৰি, বাৰীৰ চুক আৰু পথাৰৰ মাজত দৰ্শকবিহীন ঠাইত মনৰ পৰিধি ভাঙি হেঁপাহ পলুৱাই অসমীয়া ডেকা-গাভৰুৱে মুক্তমনে, আনন্দ মনেৰে বিহুনাম গাইছিল, নাচিছিল; স্পন্দিত হৈ পৰিছিল তেওঁলোকৰ দেহ, মন, প্ৰাণ। বিহুনামৰ বুকুভৰা মনপৰশা সুৰ আৰু শব্দই সকলোৰে অন্তৰ চুইছিল। ডেকা-গাভৰুৰ নাচৰ গিৰিপনি আৰু গোৰোহনিত ধৰিত্ৰী কঁপি উঠিছিল। গাঁওবোৰত, গৃহস্থৰ চোতালত বিহু সংস্কৃতিৰ অনুপম নিদৰ্শন হুঁচৰিয়ে চৌদিশ ৰজনজনাই তুলিছিল। হুঁচৰি পৰিৱেশনৰ লগতে গোহালিৰ গৰু, বাৰীৰ তামোল-পান, পুখুৰীৰ মাছ, গৃহস্থৰ কুশল-মংগল কামনা কৰি দিয়া আৰ্শীবাদ অতি তাৎপৰ্যপূৰ্ণ আছিল। যিসমূহে অসমীয়া জনজীৱনত প্ৰচলিত লোকাচাৰ, লোকবিশ্বাস, লোকপৰম্পৰা, লোকৰীতিসমূক চহকী কৰি গঢ়িছিল। কিন্তু সময়ৰ দ্ৰুত পৰিৱৰ্তনত কোনেও আশা নকৰাকৈয়ে বিহুৱে আজি দৰ্শক, বিচাৰকৰ সন্মুখত আধুনিক প্ৰতিযোগিতাৰ মঞ্চত প্ৰৱেশ কৰিলে। ফলত আলোকসজ্জিত মঞ্চত সাম্প্ৰতিক কালত বিহুৰ অৰ্থবহ ৰূপ, লোক-পৰম্পৰাৰ মৌলিকতাখিনিত এক ডাঠ আঁচোৰ পৰা যেন অনুভৱ হৈছে। 

বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ লোকনৃত্যৰ সম্পদখিনিক কাহানিও বিভাজিত কৰিব আৰু প্ৰলেপ সানিব নোৱাৰি। পৰা হ’লে ঐতিহ্য আৰু যুগজয়ী সভ্যতাৰ বুনিয়াদ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক ভিন্ন ৰঙেৰে আধুনিক ৰূপত সজাই তুলিব পৰা হ’ল হয়। প্ৰণিধানযোগ্য যে, এটা জাতিৰ লোকনৃত্য আৰু লোক সম্পদসমূহ সেই জাতিৰ লোককৃষ্টিৰ সম্ভ্ৰান্ত প্ৰতীক। এই লোককৃষ্টিৰ মাজেদিয়েই এটা সুসভ্য জাতিৰ স্বকীয় চিন্তা-চেতনাসমূহ প্ৰতিফলিত ঘটে। বৰ্ণাঢ্য উপদানেৰে পৰিপূৰ্ণ জাতীয় জীৱনৰ সাহ বিহু। ইতিমধ্যে কেঁচা মাটিৰ গোন্ধ সম্বলিত বিহুৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰতাই বৰলুইতৰ সীমা অতিক্ৰম কৰি আন্তৰ্জাতিক পৰ্যায়লৈ গতি কৰিছে। সেয়া সঁচাই অতি আমাৰ বাবে গৌৰৱৰ কথা। কিন্তু সমান্তৰালকৈ বিহু উৎসৱক উদযাপনৰ বিশেষত্বলৈ অহা কেতবোৰ অশনি সংকেতে আমাক বহু কথাই আজি চিন্তিত কৰি তুলিছে।

অভিজাত ৰঙীন আধুনিক মঞ্চসমূহত ডাঙৰ-ডাঙৰ বিজ্ঞাপনৰ বেনাৰ, হৰ্ডিং আঁৰি বিহু উদযাপন কৰিলেই জাতীয় সংস্কৃতিক স্বৰূপাৰ্থত প্ৰতিনিধিত্ব কৰা নুবুজায়। তাৰ পৰিৱৰ্তে এখন গাঁৱৰ সামগ্ৰিক সঁচা ছবিৰ আৰ্হি অংকন কৰিলে বিহুতলীসমূহ অধিক আকৰ্ষণীয় হ’ব। কিয়নো ইতিমধ্যে বিহুৰ লগত অতি নিবিড় আৰু কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নাঙল-যুৱলী, জাপি, মৈ, টকা, বিৰিয়া, বাওকা, হোলোকা, জাকৈ-খালৈ, তাঁতশাল, ঢেঁকী আদিক আজিৰ প্ৰজন্মই ক্ৰমাৎ নিচিনা হৈ আহিছে। আকৌ ধৰিত্ৰী আইৰ অবিহনে, বহল পথাৰক বাদ দি, গছ, তৰু-তৃণ বাদ দি বিহু কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। যিহেতু মাটি আৰু কৃষকৰ অনুভূতিৰ সম্পৰ্কযুক্ত সমন্ধক কস্মিন কালেও অস্বীকাৰ কৰিব নোৱাৰে। কেঁচা, বোকামাটিৰ গোন্ধ, মাটি আৰু পানীৰ স্পৰ্শ, প্ৰকৃতিৰ মনোৰম বৈশিষ্ট্য অবিহনে ব’হাগৰ মাদকতা কেতিয়াও উপভোগ কৰিব নোৱাৰি। ধৰিত্ৰী আৰু নাঙলৰ সঁচা আৰু অকৃত্ৰিম প্ৰেমতেই আছে বিহুৰ অন্তৰ্নিহিত অৰ্থবহ ৰূপ। যাক এৰি গ’লে বিহুৱে কাহানিও পূৰ্ণতা নাপায়। 

সময়ৰ নিষ্ঠুৰ হাতোৰাৰ আঘাতত বিহু আজি বজাৰত কিনা-বেচা কৰা এবিধ পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হৈছে। বিহুক কিনা-বেচা, দৰ-দাম কৰাৰ লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি যাব ধৰিছে। যাৰ পৰিপ্ৰেক্ষিতত স্বতঃস্ফূৰ্তভাৱে বিহুৰ পৰা আঁতৰি গৈছে কৃষিজীৱী, শ্ৰমজীৱীৰ উৎসাহ-আনন্দ। আঁতৰি গৈছে বিহুত জড়িত থকা নানা লোক পৰম্পৰা। আজি সেই তাহানিৰ আঁহতৰ তল, নৈৰ চাপৰি, বাৰীৰ চুক, মুকলি পথাৰৰ বিহুৱে দখল কৰিছে বহু লাখটকীয়া, কোটিটকীয়া বিহুমঞ্চ আৰু চোতাল। অপ্ৰিয় হ’লেও এয়াই সত্য যে, আজি গাঁৱসমূহতো আচল বিহুৰ মাদকতা দেখিবলৈ পোৱা নাযায়, চহৰৰ কথা বাদেই দিলোঁ। বিহু, হুঁচৰি মৰা দলসমূহেও আজি মানুহঘৰ আৰ্থিকভাৱে টনকিয়াল হয়নে নহয় তাক চাইহে বিহু-হুঁচৰি মাৰে। য’ত নাই সৰ্বসাধাৰণ লোকৰ বিহুত অংশগ্ৰহণৰ সুবিধা। আজি বিহু গাবৰ বাবে প্ৰয়োজন এযোৰ অতি নামী আৰু দামী পোছাকৰ; যাৰ পৰা বঞ্চিত বহু বিহুৱা-নাচনী। বিহু সৃষ্টিৰ উপাদানবোৰক উপেক্ষা কৰি বিহুক আজি পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাটো বৰ দুৰ্ভাগ্যজনক। বিহু কাৰো ব্যক্তিগতভাৱে আৰ্জিত তথা পৈত্ৰিক সম্পত্তি নহয়, ই এক পৰম্পৰা। ইয়াৰ প্ৰকৃত গৰাকী বুলি নিজকে প্ৰতিজন অসমীয়াই দাবী কৰিব পাৰে। তেনেস্থলত যেতিয়াই তেতিয়াই বিহু মঞ্চ পাতি বিহু কৰাটো, বিহুক লৈ চলি অহা অজস্ৰ পৰম্পৰাক দোহাই দি বিহুৰ আচলত আঘাত সানি ইয়াৰ ঐতিহ্য আৰু পৰম্পৰাক নষ্ট কৰিবলৈ প্ৰয়াস কৰাৰ কাৰো অধিকাৰ নাই।

মানুহৰ আচাৰ-বিচাৰ, পৰম্পৰা আদিবোৰ সলনি হ’লেও সলনি হোৱা নাই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, বিস্ময় আৰু কর্মৰ। বসন্তৰ মধুৰ পৰশত আজিও গছ-বিৰিখত ন-কুঁহিপাত মেলে, কপৌ-ভাটৌৰ ফুল আৰু কুলি- কেতেকীয়েও বসন্ত অহাৰ বাতৰি দি লংঘন কৰা নাই ব’হাগৰ ঐতিহ্য। অথচ আজি আমি জীৱশ্ৰেষ্ঠ বিবেকৱান হৈয়ো পৰিৱৰ্তনক দোহাই দি ব'হাগৰ সৌন্দৰ্য আৰু মাধুৰ্যক চূড়ান্তভাৱে নষ্ট আৰু ধ্বংস কৰিছোঁ। এটা কথা আমি সদায় মনত ৰখোৱাটো উচিত হ’ব যে, সংস্কৃতিৰ সুশৃংখলিত সংস্কাৰ হোৱাটো আমাৰ কাম্য। কিন্তু এই সংস্কাৰ কৰিবলৈ যাওঁতে লোকসংস্কৃতিৰ সংস্কাৰকামী উপাদানবোৰত তীব্র আঁচোৰ পৰিবলৈ দিয়াটো আমাৰ কাম্য নহয়। বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু সৃষ্টিৰ উপাদানবোৰক বাদ দি সংস্কাৰ তথা ৰূপান্তৰ আনিব বিচৰাটো একেবাৰে অনুচিত। হাজাৰ বছৰীয়া এই উপাদান তথা লোকসংস্কৃতিৰ স্বকীয় বৈশিষ্ট্যবোৰক দলিয়াই দি বিহু সংস্কৃতিৰ পৰিৱৰ্তন তথা সংস্কাৰ আনিবলৈ গ’লে অচিৰেই এই সংস্কৃতি এৰা তথা মৰা সুঁতিত পৰিণত হ’ব।

আপুনিও ভাল পাব পাৰে!