লেখিকাঃ ৰুমী শৰ্মা বৰঠাকুৰ
আজিৰ পৰা প্ৰায় এশ বছৰৰ আগতে অসমৰ কামৰূপ জিলাৰ ভিতৰুৱা এখন গাঁৱৰ এগৰাকী নাৰীয়ে যুঁজি নিজে ইতিহাস ৰচি গৈছে, সেই গৰাকীয়েই হৈছে- অসমৰ নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া তথা প্ৰগতিশীল চিন্তাৰ নাৰী চন্দ্ৰ প্ৰভা শইকীয়ানী ৷
তেখেতৰ জন্ম ১৯০১ চনত কামৰূপ জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰী গাৱঁত ১৬ মাৰ্চত৷ দেশপ্ৰেমী চন্দ্ৰপ্ৰভা শইকীয়াক চিৰবিদ্ৰোহিনী, অগ্নিকন্যা, মুক্তি সংগ্ৰামী আদি যি নামেৰেও বিভূষিত কৰিলে কম হয়। যি সময়ত অসমৰ নাৰীৰ শিক্ষা দিক্ষা নাছিল সেই সময়ত নদ-নদী সাঁতুৰি-নাদুৰি বহুদূৰ বাটকুৰি বায় ল’ৰাৰ স্কুললৈ পঢ়িবলৈ গৈছিল৷ গাৱঁৰ ৰাইজৰ প্ৰবল আপত্তিত স্কুল এৰিলে যদিও নিজেই ভনীয়েকৰ স’তে মিলি গাঁৱত এখন প্ৰাথমিক বিদ্যালয় খুলি নাৰী শিক্ষাৰ পাতনি মেলে৷ এই অগ্ৰণী মনৰ গৰাকী হোৱা বাবেই চৰকাৰৰ সহায়ত চন্দ্ৰপ্ৰভাই নৰ্মাল পাছকৰি নগাঁৱৰ স্কুলৰ শিক্ষয়িত্ৰী হ’ল৷
ভাৰতত স্বাধীনতা আন্দোলনৰ বতাহ বলি থকা সময়ত তৰুণৰাম ফুকন আৰু নবীনচন্দ্ৰ বৰদলৈৰ আমন্ত্ৰণ ক্ৰমে গান্ধীজী অসমলৈ আহে (১৯২১ চন)৷ গান্ধীজীৰ আহ্বানতে অসমৰ মহিলা সকলো চন্দ্ৰপ্ৰভাৰ নেতৃত্বতে স্বাধীনতা আন্দোলনত জপিয়াই পৰে৷ গান্ধীজীৰ বিদেশী বস্ত্ৰ বৰ্জন অভিজানতো চন্দ্ৰপ্ৰভাই আগভাগ লৈছিল৷ এইগৰাকী সংগ্ৰামী নাৰীৰ জীৱন ইতিহাস এখন যেন উপন্যাসহে৷ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি মানৱপ্ৰেমী, নাৰী মুক্তি আৰু প্ৰগতিৰ বাবে এনেদৰে জীৱন উছৰ্গা কৰা তেওঁৰ জীৱন কথাৰে বহু গল্প, উপন্যাস, কাহিনী, জীৱনী ৰচনা হৈছে৷ “দৈৱজ্ঞ দুহিতা” তেনে এক উদাহৰণ ৷
চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল নাৰী মুক্তি আন্দোলনৰ একনিষ্ঠ নেত্ৰী, সমাজ তথা সাহিত্য সংস্কৃতিৰ সেৱক ,অন্যায় অবিচাৰৰ শক্তিশালী প্ৰতিবাদী কণ্ঠ৷ তেওঁৰ সকলো কাৰ্যৰ ভিতৰত আন এক উল্লেখযোগ্য অৱদান হৈছে অসম সাহিত্য সভাত নাৰী পুৰুষৰ সম মৰ্যাদা স্থাপন৷ এয়া আছিল ১৯২৫ চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বৰ নগাঁও অধিৱেশনৰ কথা৷ চন্দ্ৰপ্ৰভাও আছিল এই অধিৱেশনৰ এগৰাকী প্ৰতিনিধি৷ তেওঁ যদিও পুৰুষ সকলৰ লগত বহিছিল ,বাকী মহিলাসকল সেই সময়ৰ নিয়ম অনুযায়ী বাঁহৰ চিকৰ পৰ্দাৰ আঁৰত বহিছেল৷ চন্দ্ৰপ্ৰভাৰ এই বৈষম্য সহ্য হোৱা নাছিল ৷ সেইবাবে তেওঁ উদাত্ত কণ্ঠে মহিলাসকলক আহ্বান জনালে- "আইসকল, আপোনালোকে এই অসন্মানৰ, এই অপমানৰ ওৰ পেলাই বাঁহৰ চিক ভাঙি-চিঙি মুক্ত মনৰ নাৰী হিচাপে ওলাই নাহে কিয়?” চন্দ্ৰপ্ৰভাৰ এই আহ্বানতে বাঁহৰ চিক ভাঙি আইসকল মুক্ত প্ৰাংগনলৈ ওলাই আহিল আৰু সকলোৰে লগত (পুৰুষ-মহিলা) একেলগে আসন গ্ৰহণ কৰে৷ এয়া অসমৰ মহিলাৰ প্ৰথম সামাজিক বিপ্লৱ৷ ১৯২৬ চনত ধুবুৰীৰ বিজনি হলত সাহিত্যিক বেনুধৰ ৰাজখোৱা প্ৰমুখ্যে পুলিচ বিষয়া তুৱন দত্ত আদিৰ উদ্যোগত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসম মহিলা সমিতি গঠন কৰে৷ এই সময়ৰ পৰা চন্দ্ৰপ্ৰভাৰ বৈপ্লৱিক জীৱনৰ নতুন গতিধাৰা আৰম্ভ হয়৷ তেওঁ স্কুলৰ চাকৰি ইস্তফা দি পাণ্ডু অধিৱেশনত স্বেচ্ছাসেৱিকা সকলৰ পৰিচালনাৰ দায়িত্ব লৈছিল৷ ১৯৩০ চনত গান্ধীজীৰ আইন অমান্য আন্দোলনত যোগদি চন্দ্ৰপ্ৰভাই ১৮মাহ কাৰাবাস খাটিছিল৷ মন্দিৰত নীচ জাত আৰু মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰতো চন্দ্ৰপ্ৰভাই মাত মাতিছিল৷ এনেদৰে সমাজত নাৰী পুৰুষৰ মাজত সমঅধিকাৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি শোষণ নিস্পেষণ, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বৈষম্যৰ বিৰুদ্ধেও তেওঁ একনিষ্ঠভাৱে যুজঁ দিছিল৷ নাৰীৰ অধিকাৰবোধ আৰু ব্যক্তিত্ববোধৰ দাবী প্ৰতিপন্ন কৰাটো আছিল তেওঁৰ জীৱনৰ ব্ৰত৷ তেওঁৰ আচৰণ বিচৰণ, লেখন-ভাষণত পৰিস্ফুট হৈছিল মানুহৰ সামাজিক বন্ধন মুক্তিৰ সৰব ধ্বনি৷ এইগৰাকী অগ্ৰগামী নাৰীবাদী সংগ্ৰামী নাৰীয়ে সেই সময়ত চাইকেল চলাই মহিলা সমিতিৰ কাম কৰিছিল৷ সেইসময়ত সমাজৰ কাম কৰিবলৈ নাৰীয়ে চাইকেল চলোৱা কাৰ্য এক বিৰল কৰ্ম৷
ভাৰতৰ স্বাধীনতা ৰণৰ বিদ্ৰোহী সেনানী গৰাকীক স্বাধীন ভাৰতৰ চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰাৰ দিন ঘোষণা কৰিছিল ১৯৭২ চনৰ ২৪ মাৰ্চ৷ সেই বিশেষ দিনটো পোৱাৰ আগতেই এই বঁটা ৱিজয়িনী নাৰীৰ ১৬ মাৰ্চত দেহাৱসান ঘটে৷ এইগৰাকী দেশপ্ৰেমী নাৰীৰ জীৱনে স্বৰ্ণমণ্ডিত ইতিহাস ৰচি গ’ল৷ তেওঁৰ এই বিৰল তথা প্ৰগতিবাদী সাহসী চিন্তাই অসমৰ নাৰী সমাজৰ বহুতকেই আজিও প্ৰভাৱান্বিত কৰে৷ প্ৰতিভাৰ আকৰ চন্দ্ৰপ্ৰভাৰ জীৱন ইতিহাসে নিজৰ জাতি নিজৰ দেশক ভালপোৱা নৰ-নাৰী সকলোকে যুগযুগান্তৰলৈ শক্তি তথা প্ৰেৰণা যোগাই থাকিব৷ এইগৰাকী নাৰীৰ জন্ম আৰু স্মৃতিদিৱসৰ (১৬ মাৰ্চ ১৯০১-১৯৭২) দিনা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ ৷
