Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

মতামত

কাতি বিহু আৰু বিৱৰ্তন

post
<

Share

লেখিকা - ড ৰীতা দত্ত

কবিগুৰু ৰবীন্দ্ৰনাথৰ ভাষাত – শিপাই যেনেকৈ নিজকে মাটিৰ তলত লুকুৱাই গছজোপাক পত্ৰে-পুতে সুশোভিত কৰি ৰাখে, ঠিক তেনেকৈ লোকসাহিত্য বা লোক-সংস্কৃতিৰ মূলভাগো লোক জীৱনৰ মাটিৰ তলত লুকাই থাকে। আদিম অৱস্থাৰ পৰাই লোকজীৱনে প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল আছিল। প্ৰকৃতিৰ প্ৰতিটো বস্তুতে ঈশ্বৰতত্ব আৰোপ কৰি সকলো দেৱতাকে সন্তুষ্ট কৰি নিজেও নিৰাপদে থাকিবলৈ যত্ন কৰিছিল। দৈনন্দিন জীৱনযাত্ৰাত প্ৰকৃতিয়েই তেওঁলোকৰ অন্তৰঙ্গ সখী আছিল। সেয়ে দীৰ্ঘদিনৰ পৰ্যবেক্ষণৰ ফলস্বৰূপে আহৰণ কৰা অনেক অভিজ্ঞতাৰ জোৰ আজিও শিক্ষিত লোকে নেপায়। বিজ্ঞানৰ পাঠ নোহোৱাকৈয়ে তেওঁলোকে আৱিষ্কাৰ কৰিছিল প্ৰকৃতিৰ বহু ৰহস্য, সত্য, নীতি-নিয়ম। তেওঁলোকৰ ভাষাও হৈ পৰিছিল প্ৰকৃতিৰ উপমাৰে সমৃদ্ধ।

বিশেষকৈ বসন্তকালে অসমৰ মানুহৰ সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ প্ৰভূত অনুপ্ৰেৰণা যোগাই আহিছে। বসন্ত মানেই আনন্দ, বসন্ত মানেই আমোদ-প্ৰমোদ, বৰ্ষা ঋতুৱে পলস পেলাই শস্য উৎপাদনৰ উপযোগী কৰি যোৱা পথাৰত বসন্তৰ আগমনে সপোন সিঁচে, বহাগ কেৱল এটা ঋতু হৈ নেথাকে, ‘জনজীৱনৰ আয়ুসৰেখা’ ৰূপে চিহ্নিত হয়। মাঘ মাহত সেই শস্য লগে-ভাগে খাই কৃষকে আনন্দ কৰে আৰু কাতিমাহত ভঁড়ালত শেষ হৈ অহা শস্যলৈ চাই উৎপাদন বৃদ্ধিৰ কামনাৰে শস্য সুৰক্ষিত কৰি ৰাখিবলৈ শস্যৰ পথাৰত বন্তি জ্বলাই কীট-পতংগ নাশ কৰা হয়। এই সময়ছোৱাত ভঁড়ালত ধান শেষ হয়গৈ বাবে বিশেষ পিঠা-পনাত আয়োজন নকৰি নামঘৰত মাহ-প্ৰসাদ আগবঢ়াই সেৱা লোৱা হয়। কোনো কোনো ঠাইত আকাশবন্তি জ্বলোৱা হয়।

আধুনিক দৃষ্টিভংগীৰে চালে দেখা যায়, ‘কাতিবিহু’ উদযাপন পৰম্পৰাই অসমবাসীক আনবিহু দুটাৰ তুলনাত সুকীয়া আৰু দীৰ্ঘম্যাদী পথ নিৰ্দেশনা দি আহিছে। আমি এই বিহুটোক তলত দিয়া ধৰণেৰে বিশ্লেষণ কৰি চাব পাৰোঁ – (ক) কৃষিভিত্তক উৎসৱ হিচাপে বিহু, (খ) বৃক্ষপূজাৰ দ্বাৰা সংৰক্ষিত বনাঞল, (গ) পুলি ৰোপন আৰু প্ৰতিপালন ব্যৱস্থা, (ঘ) ঔষধি গুণসম্পন্ন তুলসী পূজা, (ঙ) বায়ু প্ৰদূষণৰোধ, (চ) প্ৰকৃতিৰ পাৰিপাৰ্শিক ভাৰসাম্যতা ৰক্ষা ইত্যাদি।

কৃষিভিত্তিক উৎসৱ হিচাপে বিহুঃ বহাগ মাহৰ পৰা ভাদ মাহলৈকে কৃষিজীৱি ৰাইজে পথাৰত শালি খেতি কৰে। কাৰণ শালি খেতি আহিন-কাতি মাহত লহ-পহকৈ বাঢ়ি আহে। আহিনমহীয়া শালি খেতিৰ তলীত যদি পানী ৰয়, তেতিয়া সেই মাহতে খেতিডৰা ঠন ধৰি উঠে। কাতিৰ সংক্ৰান্তিৰ দিনা শালিখেতিৰ ৰোৱাবিলাকে থোৰ মেলি ধানৰ চেৰ পেলায়। গতিকে খেতিডৰাক সুৰক্ষিত আৰু উৎপাদনক্ষম কৰি ৰাখিবলৈ কৃষক ৰাইজে লখিমী আইক সন্তুষ্ট ৰাখিবলৈ পথাৰত চাকি-বন্তি জ্বলায়। ধানেই হ’ল কৃষকৰ লক্ষ্মীদেৱী। পথাৰ ডৰাৰ মাজৰ আলিত তিনিখন তামোল দি চাকি জ্বলাই কল আৰু পিঠাগুৰিৰে প্ৰসাদ আগবঢ়ায়।

কাতিবিহুৰ দিনাখন কৃষিজীৱিসকলে কেৱল তুলসী তলতেই নহয়, ভঁড়ালৰ আগত, গো-লক্ষ্মী অৰ্থাৎ গৰুৰ গোহালিৰ আগত, মাৰল ঘৰ, বৰঘৰৰ মুখত, পদুলিৰ মূৰতো বন্তি জ্বলায়।

বৃক্ষপূজাৰ প্ৰতীকাত্মক অৰ্থত কাতিবিহুঃ হিন্দুসমাজৰ লোকবিশ্বাস অনুসৰি কাতি মাহত বোলে তেত্ৰিশগৰাকী দেৱতা স্বৰ্গৰ পৰা মৰ্ত্ত্যলৈ নামি আহে। সেয়ে কাতি মাহক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। সেয়ে বহুলোকে এই মাহত উপবাসেও থকা দেখা যায়। সেইদিনা ঘৰৰ গৃহিণীয়ে পথাৰডৰা পৰ্যবেক্ষণ কৰাটোও এক পৰম্পৰা। সন্ধিয়ালৈ গঞাঁবাসীয়ে নামঘৰত সমূহীয়াকৈ মাহ-প্ৰসাদৰ শৰাই আগবঢ়ায়। নামঘৰত কীৰ্তন-পাঠ আৰু নাম প্ৰসংগো কৰা হয়। এই কাতি মাহৰে লক্ষ্মী পূৰ্ণিমাৰ দিনা উজনি অসমৰ ৰাইজে ‘লখিমী আদৰা’ উৎসৱ পাতে।

কাতিবিহুত অসমৰ ঘৰে ঘৰে একোটি তুলসী পুলি ৰোপন কৰাৰ আন এক উদ্দেশ্য আছিল বৃক্ষপূজা। আদিম যুগত গছক দেৱতা জ্ঞান কৰা হৈছিল। উড়িয়া সমাজতো প্ৰতিঘৰ মানুহৰ চোতালত তুলসী আৰু সিঁজুগছ দেখা যায়। বৃক্ষপূজা এক প্ৰাচীন প্ৰথা। সমগ্ৰ পৃথিৱীতে এই পূজা কৰা হয়। ইয়াৰ প্ৰমাণ পোৱা যায় জন লাষক, টেইলৰ, ফাগ্ৰুছন আৰু মনিয়ৰ উইলিয়ামছৰ গ্ৰন্থত। গছপূজা একালত গ্ৰীছ, ফ্ৰান্স আৰু এচিৰিয়াত চলিছিল। বৰ্তমানো আফ্ৰিকা, পলিনোচিয়া, আমেৰিকা আৰু ভাৰতৰ বিভিন্ন সমাজৰে মানুহৰ মাজত ইয়াৰ প্ৰচলন আছে।

বৰ্তমান অসমত বননীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। শ্যামলী অসম, শ্যামলী ভাৰতৰ সজাগতা সৃষ্টিকাৰী অনেক চৰকাৰী পদক্ষেপ লোৱা হৈছে। কিন্তু কাতিবিহুত পৰম্পৰাগতভাৱেই বৃক্ষৰোপনৰ এক অঘোষিত তথা স্বতঃস্ফূৰ্ত বিপ্লৱৰ সূচনা হয়। ইয়াৰ উপৰিও তুলসীত দেৱত্ব আৰোপ কৰাৰ মাধ্যমেৰে গছজোপাৰ গুৰিত পানী দি প্ৰতিপালনৰ ব্যৱস্থাও কৰা হৈছে। অনেক লোকে মাহজোৰাকৈ তুলসীৰ তলত বন্তি জ্বলায় অৰ্থাৎ মাহ ধৰি পুলিটোৰ ওপৰত চকু ৰখা হয়। উড়িয়া সমাজত পুৱা স্নান কৰি উঠি তুলসী বা সিজুঁগছক পূজা সেৱা কৰি তুলসীৰ পাত এখিলা শিৰত দি মুখত লোৱাৰ নিয়ম আছে। তুলসীৰ ঔষধি গুণে পেটৰ যিকোনো ৰোগ প্ৰতিকাৰ কৰাত সহায়ক হৈ উঠে।

গতিকে দেখা যায় – পৰম্পৰাশ্ৰয়ী অশিক্ষিত লোকসমাজৰ ওচৰত আমি চিৰদিন মূৰ দোঁৱাবই লাগিব আৰু এই অৰ্থতো কাতি বিহু উদযাপনৰ যথেষ্ট গুৰুত্ব আছে বুলি ক’ব পাৰি। ধুমুহাৰ পৰা ৰক্ষা পাবলৈ পথাৰৰ চাৰিসীমাত সিজুঁগছ পোৱা হয়। ইয়াৰ আন এক উদ্দেশ্য হৈছে যাতে গৰু-ম’হৰ অত্যাচাৰৰ পৰা পথাৰডৰা ৰক্ষা পৰে। এনেদৰে ভিন-ভিন সময়ত হিন্দুসকলে বৰগছ, আঁহতগছ, কদমগছ, বেলগছ আদিক পূজা কৰাৰ ফলত বনাঞ্চল বহুপৰিমাণে সুৰক্ষিত হৈ পৰিছিল।

বায়ু প্ৰদূষণৰোধত তুলশীঃ তুলসী, নিমগছ, আদিয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে। আদিম সমাজে পালন কৰি অহা আমাৰ জাতীয় উৎসৱ বিহুটিৰ মাধ্যমেৰে বায়ু প্ৰদূষণ কিদৰে ৰোধ কৰা হৈছিল সেই কথা গ্ৰাম্যসমাজে বা কৃষিজীৱী চহালোক সমাজেও নেজানিছিল। আমাৰ কাহ-কফ আদি হয়, আমি তেতিয়া তুলসী, মৌ আৰু আদা মিহলাই খাওঁ আৰু কাহৰ পৰা উপশম পাওঁ। ঠিক তেনেদৰে বসন্তৰোগ আক্ৰমিত হ’লে নিমপাতেৰে ৰোগীক গা ধুওৱা হয়। নিমপাত ভাজি খায়ো পেটৰ ৰোগ নিৰাময় কৰিব পাৰি। নিমপাত ছালৰ ৰোগৰ প্ৰতিৰোধক। ছাল কুঁৱৰীৰ আঠাইও ছালৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।

কিন্তু তুলসীৰ প্ৰভাৱ অন্যান্য। আগ্ৰাত থকা ছাহজাহানৰ তাজমহলৰ মাৰ্বলৰ সৰু সৰু কিছুমান দাগ দেখি বৌদ্ধিক মহল চিন্তিত হৈ পৰিছিল। বিজ্ঞানীসকলে পৰীক্ষা কৰি গম পালে যে সেয়া প্ৰদূষণৰ কু-ফল। সেয়ে তেখেতলোকে তাজমহলৰ বিস্তৃত এলেকাত তুলসী পুলি ৰুবলৈ দিয়া পৰামৰ্শই পুনৰ প্ৰমাণ কৰে যে তুলসীয়ে প্ৰদূষণৰোধ কৰাতো সহায় কৰে। গতিকে আমি কেৱল কাতিবিহু বুলিয়েই নহয়, বাৰীত প্ৰচুৰ পৰিমাণে তুলসী ৰোপন কৰা উচিত। উড়িয়া লোকসমাজে তুলসীক ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ বাসস্থান বুলি বিশ্বাস কৰে বাবে দৈনন্দিন তুলসীসেৱা কৰাৰ মাধ্যমেৰে পৰিবেশক নিৰ্মল কৰি আহিছে। আমিও এই শিক্ষা লোৱা উচিত।

প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাত কাতিবিহুৰ প্ৰভাৱঃ বৰ্তমান কাতিবিহুৰ পৰম্পৰালৈ বহুতো পৰিৱৰ্তন আহিছে। লাহে লাহে মানুহে এই বিহুটিক এলাগী কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে জগৰীয়া আমি নিজেই। যি সময়ত কৃষিজীৱী লোকে কেৱল পথাৰ, শস্য ৰক্ষা, শস্য উৎসাদন আৰু সঞ্চয়ত গুৰুত্ব দিছিল, সেই সময়ত অসমত জনসংখ্যাৰ হাৰ আছিল কম। সেয়ে বিস্তৃত ভূমিত তেওঁলোকে বিভিন্ন শস্য কৰিব পাৰিছিল। ঘৰে ঘৰে বৃহৎ বাৰী আছিল য’ত তামোল-পান, ফল-মূল, ভঁড়াল-গোহালি আৰু পুখুৰীৰ মাছে পূৰ্ণতা আনি দিছিল। গো-ধনৰ যথেষ্ট পৰিচৰ্যা কৰা হৈছিল। কাৰণ গৰু কৃষিৰ এৰাব নোৱাৰা অংগ। গৰুৰ গাখীৰ, গোৱৰ আদি মানুহৰ ক্ৰমে মূল খাদ্য, জীৱিকা তথা সাৰ আছিল।

কিন্তু বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কৃষিভূমি হ্ৰাস পাই আহিব ধৰিলে ফলত গৰু-ম’হো কমি আহিল। ঘৰত তামোল-পানৰ বাৰী নোহোৱা হ’ল। শেষ হৈ গ’ল গৰু-ম’হে খোৱা ঘাঁহ। শেষত গো-ধন বিক্ৰী কৰিবলৈ মানুহ বাধ্য হ’ল। নতুন প্ৰযুক্তিয়ে মানুহৰ শ্ৰম লাঘৱ কৰিলে। টেক্টৰৰ আগমণ ঘটিল। গ্ৰাম্যাঞ্চলৰ পৰা চাকৰিৰ সন্ধানত মানুহ নগৰমুখী হ’ল। পূৰ্বৰ যৌথ পৰিয়াল ভাগি সুকীয়া সুকীয়াকৈ মানুহে বসবাস কৰিবলৈ ল’লে। মানুহবোৰ আত্মকেন্দ্ৰিক হৈ পৰিল। বাৰী আৰু চোতালৰ অৱসান ঘটিল। বহু পশু-পক্ষীৰ বিলুপ্তি ঘটিল। হেৰাই গ’ল মূল্যবোধ।

এনে বহু কাৰকৰ বাবে আজি কাতিবিহুত চাকি-বন্তি জ্বলাবলৈ পথাৰ নোহোৱা হ’ল। তথাপি যিসকলে ধানক বাদ দিও আন আন ৰোপনকৃষি, যেন – চাহ, কফি, ৰবৰ আদিত পোক-পৰুৱা নিধন কৰিব বিচাৰে তেওঁলোককো মূল্যবৃ্দ্ধিয়ে কোঙা কৰি পেলাইছে। অত্যাধিক মূল্যবৃদ্ধিৰ বাবে তেওঁলোকৰ খাবলৈ মিঠাতেল অকণ কিনিবলৈকে য’ত সামৰ্থ্য নাই, তাত মিঠাতেলৰ চাকি জ্বলোৱাৰ কথা কল্পনাও কৰিব নোৱাৰি।

তথাপি আমি পৰম্পৰাগ ধৰি ৰাখিবই লাগিব। সেয়ে কাতিবিহুৰ দিনা তুলসীৰ তলত, পদূলিত, কৃষিভূমিত চাকি জ্বলি আহিছে আৰু জ্বলি থাকিব। ঠিক তেনেকৈ শ-শ পোক-পৰুৱাৰো সলিল সমাধি ঘটিব। ফলত খাদ্যশৃংখলত প্ৰভূত পৰিমানে প্ৰভাৱ পৰিছে। গছ-বিৰিখ নোহোৱাৰ বাবে চৰাই-চিৰিকটিৰ জিৰণীৰ ঠাই নোহোৱা হৈছে। শ-শ পোক-পৰুৱাৰ মৃতু্য হোৱা মানেহ পক্ষীকুলৰ খাদ্যৰ অভাৱ হোৱাটো স্বাভাৱিক।

সেই বুলি আমি বিহুটি পালন কৰিবলৈ কোনো কাৰণতে এৰি দিব নোৱাৰো। এফালে পৰম্পৰা, আন এফালে বিজ্ঞান-প্ৰযুক্তি, এফালে লোকবিশ্বাস-লোকাচাৰ আৰু আনফালে প্ৰাকৃতিক ভাৰসাম্যতা। গ্ল’বেলাইজেচনৰ ফলত হাতৰ মুঠিতে পৃথিৱীখন দেখিবলৈ পোৱা আমাৰ ভৱিষ্যত প্ৰজন্মক এতিয়াই যদি আমাৰ পৰম্পৰা, উৎসৱ-পাৰ্বণ আদিক পৰিচয় কৰাই দিয়া নেযায়, তেন্তে বিহুটিলৈ কিন্তু ভাবুকি অহাটো নিশ্চিত। ৰীমাদাসৰ ‘ভিলেজ ৰকষ্টাৰ’ বোলছবিখনৰ গুৰুত্বও এইখিনিতে।

পৰম্পৰাই আমাক একত্ৰিত কৰি ৰাখে। মূল্যবোধৰ শিক্ষা দিয়ে। আধ্যাত্মিকতাৰ পোহৰ বিলায়। মাঘবিহুত অগ্নিদেৱতাক সেৱা কৰাৰ দৰে কাতিবিহুৰ বন্তি গছিয়েও তাকেই ইংগিত কৰে। বিহুদিনা গাঁৱৰ ৰাইজে লগে-ভাগে নামঘৰত সমূহীয়া শৰাই আগবঢ়ায়। নামঘৰতেই সকলো একত্ৰিত হয়। নাম-কীৰ্তনেৰে চুবুৰিটো পবিত্ৰময় কৰি তোলা হয়। পূৰ্বাপৰ চলি অহা লোকবিশ্বাস আৰু লোকাচাৰৰ ভিত্তিতেই অভিজ্ঞতা লাভ কৰা হয়। এইবিলাকত মানুহৰ ৰুচিৰ, কলা আৰু নীতিবিজ্ঞানৰ পৰশ আছে। আধুনিক দৃষ্টিকোণত কিছু এৰা-ধৰা থাকিলেও বিহুটি আমাৰ অতি আপোন, হিয়াৰ আমঠু।

আপুনিও ভাল পাব পাৰে!