মতামত

শংকৰদেৱঃ কৃতি আৰু কীৰ্তি

post

Share

লেখিকাঃ ড ডালিমা কাকতি  

১৪৪৯ খৃষ্টাব্দত কাতি মাহৰ বৃহস্পতিবাৰে অমাৱস্যা তিথিত মাজৰাতি কুসুম্বৰ ভূঞাৰ ঔৰসতআৰু সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হয়৷ (নেওগ, ডিম্বেশ্বৰঃ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী)৷ শংকৰদেৱ নামটো পৰৱৰ্তী কালৰহে৷ পূৰ্বতে  তেওঁৰ নাম গঙ্গাধৰ বুলি চৰিত পুথিত উল্লেখ আছে৷ গংগাধৰৰপৰা শংকৰ; শংকৰৰপৰা শংকৰদেৱ৷ পুৰুষৰূপে জন্মগ্ৰহণ কৰি মহাপুৰুষ বিশেষণেৰে পৰিচিত হোৱা এজন মনুষ্য৷ শৰীৰৰ মৃত্যুৰ প্ৰায় চাৰে পাঁচশ বছৰ অতিক্ৰম কৰিলেও নিজ কৃতি আৰু কীৰ্তিয়ে স্বনামক জীৱন্ত কৰি ৰাখিছে৷

শংকৰদেৱে বৰদোৱা নামৰ ঠাইখনৰ কথা আত্মপৰিচয়তে উল্লেখ কৰিছে–

                                                                                           বৰদোৱা নামে গ্ৰাম         শস্যে মৎস্যে অনুপাম

                                                              লোহিতৰ অতি অনুকূল৷

গতিকে শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বৰদোৱাত বুলি জ্ঞাত হ’ব পাৰি৷ উপৰি পুৰুষ চণ্ডীবৰ, চণ্ডীবৰৰ পুত্ৰ ৰাজধৰ, তেওঁৰ পুত্ৰ সূৰ্যবৰ, সূৰ্যবৰৰ পুত্ৰ কুসুম্বৰ আৰু কুসুম্বৰ ভূঞাৰেই পুত্ৰ শংকৰবৰ বা শংকৰদেৱ৷

গৌৰেশ্বৰ ধৰ্মনাৰায়ণ আৰু কমতেশ্বৰ দুৰ্লভনাৰায়ণৰ মাজত হোৱা সন্ধি মতে দুৰ্লভনাৰায়ণে সাতঘৰ ব্ৰাহ্মণ  আৰু সাতঘৰ কায়স্থক নিজ ৰাজ্যলৈ আনিছিল৷ এই সাতঘৰ কায়স্থৰ মাজত চণ্ডীবৰো আছিল৷ চণ্ডীবৰে হাজোৰ ওচৰৰ লেঙ্গামাগুৰিত বসবাস কৰিছিল৷ পাছত ভোটৰ আক্ৰমণত বৰদোৱাত বসবাস কৰে৷ শংকৰদেৱৰ পূৰ্বপুৰুষ শাক্ত আৰু শৈৱধৰ্মৰ উপাসক আছিল৷ পূৰ্বপুৰুষ লণ্ডাদেৱে চণ্ডীক উপাসনা কৰি চণ্ডীবৰক পুত্ৰৰূপে লাভ কৰিছিল৷ চণ্ডীবৰে আকৌ গৌড়ৰ গগৰীয়াপুৰত জান বান্ধি ৰাইজৰ উপকাৰ সাধি ৰাজধৰক পুত্ৰৰূপে লাভ কৰিছিল৷ সূৰ্যক উপাসনা কৰি ৰাজধৰে সূৰ্যবৰক পুত্ৰৰূপে লাভ কৰে৷ সূৰ্যবৰে আমোঘ মন্ত্ৰ জপ কৰাত পাৰিজাত কুসুম মূৰত পৰাৰ ফলতহে হেনো তেওঁৰ পত্নী গৰ্ভৱতী হয় আৰু কুসুম্বৰৰ জন্ম হয়৷

কুসুম্বৰে শিৱক আৰাধনা কৰি পুত্ৰ লাভ কৰাৰ বাবে সেই পুত্ৰক শংকৰবৰ বোলা হয়৷

গতিকে ক’ব পাৰি যে শংকৰবৰ বা শংকৰদেৱৰ পূৰ্বপুৰুষ অত্যন্ত ধাৰ্মিক আৰু পৰোপকাৰী আছিল৷ এই দুয়োটা গুণেই পৰৱৰ্তী কালত শংকৰদেৱে উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল৷

সৰু কালতেই শংকৰদেৱৰ পিতৃ-মাতৃৰ বিয়োগ হয়৷ এই সময় বিভিন্ন চৰিত পুথি মতে ভিন ভিন৷ ৰামচৰণ ঠাকুৰৰ চৰিত পুথি মতে শংকৰদেৱৰ জন্মৰ পোন্ধৰ দিনত মাতৃ, সপ্তম মাহত ককাক সূৰ্যবৰ আৰু পঞ্চম বছৰত পিতাকৰ মৃত্যু হয়৷

বুঢ়ীমাক খেৰসুতী, ককাক সূৰ্যবৰৰ ভায়েক জয়ন্ত, মাধৱ আৰু হলায়ুধৰ নিৰ্দেশত পলমকৈ হ’লেও বাৰ বছৰ বয়সত শংকৰদেৱ পঢ়াশালিলৈ যায়৷ পাণ্ডিত্যসুলভ ঘৰুৱা পৰিৱেশ, গুৰু মহেন্দ্ৰ কন্দলিৰ জ্ঞানৰ গভীৰতা আৰু নিজৰ পৰিপক্ক বয়সৰ ওপৰত শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোলৰ এজন ওজা ছাত্ৰ হিচাপে পৰিচয় দিবলৈ  সক্ষম হৈছিল৷ জীৱনৰ প্ৰথম লিখিত সাহিত্যৰ জৰিয়তেই শংকৰদেৱে কৃষ্ণৰ গুণানুকীৰ্ত্তন  কৰিছিল৷ আকাৰ, ইকাৰ নোহোৱাকৈ ৰচনা কৰা  ‘কৰতল কমল’ নামৰ কবিতাটোৰ যোগেদি এনে সাহিত্যিক প্ৰতিভাৰ গুণত শংকৰক গুৰুৱে ‘দেৱ’ উপাধি প্ৰদান কৰিছিল৷ ছয় বছৰ গুৰু গৃহত থাকি চাৰিবেদ, চৈধ্যশাস্ত্ৰ, ওঠৰ পুৰাণ, কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদিৰ জ্ঞানেৰে শংকৰদেৱে নিজকে জ্ঞানী, পুৰুষ ৰূপে জাকত জিলিকা কৰি তুলিছিল৷ এই জ্ঞানে পৰৱৰ্তী কালৰ ধৰ্ম প্ৰচাৰ আৰু সাহিত্য ৰচনাত সহায় কৰিছিল৷

গুৰুগৃহতে কবি হিচাপে পৰিচয় দিবলৈ সক্ষম হোৱা শংকৰদেৱে গুৰুৰ টোলত থাকোঁতেই হৰিশ্চন্দ্ৰ উপাখ্যান ৰচনা কৰে বুলি প্ৰবাদ আছে৷ সোতৰ বছৰ বয়সত জ্ঞানপুষ্ট  শংকৰে শংকৰদেৱ ৰূপে স্বগৃহলৈ ঘূৰি আহে৷ শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰক দুৰ্লভ নাৰায়ণে শিৰোমণি ভূঞা নাম দি ভূঞাসকলৰ শাসক পাতিছিল৷ গুৰুগৃহৰ পৰা উভতি গৈ উত্তৰাধিকাৰীসূত্ৰে শংকৰদেৱে শিৰোমণি ভূঞাৰ বিষয় লাভ কৰে৷ শিৰোমণি ভূঞাৰ বিষয় ল’বলৈ ইচ্চা প্ৰকাশ নকৰা আৰু সংসাৰ ধৰ্ম পালন কৰিবলৈ ইচ্চা নকৰি ধৰ্ম চিন্তালৈ মন দিয়া শংকৰক তেওঁৰ পৰিয়ালবৰ্গই বিবাহ বান্ধোনেৰে বান্ধিবলৈ মন কৰিলে৷ শংকৰৰ ২১ বছৰ বয়সত হৰিবৰগিৰিৰ কন্যা সূৰ্যৱতীৰ লগত তেওঁলোকে বিবাহ কৰাই দিয়ে৷ সূৰ্যৱতীৰ এগৰাকী বিষ্ণুপ্ৰিয়া নামৰ কন্যাৰ জন্ম হোৱাৰ পিছতেই মৃত্যু হয়৷ পৰৱৰ্তী কালত ৰামভূঞাৰ জী কালিন্দীৰ লগত শংকৰৰ পুনৰ বিবাহ হয়৷ শংকৰদেৱ আৰু কালিন্দীৰ তিনি পুত্ৰ ক্ৰমে ৰামানন্দ, কমললোচন আৰু হৰিচৰণ আৰু এগৰাকী কন্যাৰ (হৰিপ্ৰিয়া) জন্ম হয়৷

শংকৰদেৱে সংসাৰ ধৰ্ম পালন কৰিও ধৰ্ম চিন্তা অব্যাহত ৰাখিছিল৷ মহেন্দ্ৰ কন্দলিৰ টোলত আহৰণ কৰা শিক্ষাই শংকৰদেৱৰ ধৰ্ম চিন্তাৰ সাৰ আছিল৷ ইয়াৰ উপৰিও অসমৰ প্ৰথম ভ্ৰমণকাৰী দলৰ এজন হিচাপে শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম আৰু আন আন সাংগঠনিক বিষয় সম্পৰ্কে জ্ঞান লাভ কৰিছিল৷ ৩২ বছৰ বয়সত সোতৰজন সংগী লৈ শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰে৷ গংগালৈ গৈ পিতৃ-মাতৃ আৰু ভাৰ্যাৰ অস্থি বিসৰ্জন দিয়ে৷ গয়ালৈ গৈ বিষ্ণু পদত পিণ্ড দান দিয়ে৷ ইয়াৰ পাছত গয়া আৰু বুদ্ধগয়ালৈ যায়৷ প্ৰয়াগ তীৰ্থলৈ গৈ শংকৰে মুণ্ডন কৰে বুলি  ‘সন্তাৱলী’ পুথিত উল্লেখ আছে৷ শংকৰদেৱে  কাশী, মথুৰা, বৃন্দাবন, সিন্ধুবন, তালকুণ্ড, ৰাধাকুণ্ড, শ্যামকুণ্ড, গোবদ্ধৰ্ন, হৰিদ্বাৰ, বদৰিকাশ্ৰম, দ্বাৰকা, জগন্নাথ, উৰিষ্যা ভ্ৰমণ কৰা বুলি চৰিত পুথিয়ে সাক্ষ্য প্ৰদান কৰে৷ শংকৰদেৱে বিভিন্ন ক্ষেত্ৰত দেখা ভাল ভাল বিষয়বোৰক হৃদয়স্থ কৰিছিল –

পুনৰ্বাৰ প্ৰৱেশিলা উৰিষ্যা নগৰ৷

ৰথ যাত্ৰা দেখিবাক বহিল শংকৰ৷৷

..................................................

শুনিয়োক বিতোপন কথা অনন্তৰ৷৷

তীৰ্থ ভ্ৰমণ কালতে শংকৰদেৱৰ হৰিব্যাস, ৰামানন্দ আৰু চৈতন্যদেৱৰ লগত সাক্ষাৎ হৈছিল –

[ক] জগন্নাথ পিতৃ শচী মাতৃৰ গৰ্ভত৷

নৱদ্বীপে জন্মি আছে শ্ৰী চৈতন্যসন্ত৷৷

[খ] হৰিব্যাস ৰামানন্দ শংকৰ চৈতন্য৷

..........................................................

বাক্যালাপ কৰে বসি পৰমাৰ্থত৷৷

বয়োবৃদ্ধ সবাহতে শংকৰ গোঁসাই৷

তীৰ্থ ভ্ৰমণৰ কালত শংকৰদেৱে বিভিন্ন প্ৰান্তৰ লগত ধৰ্ম কথা আলোচনা কৰে৷ শংকৰদেৱে ৯৭ বছৰ বয়সত দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ যায়৷ শংকৰদেৱৰ সমসাময়িক কালছোৱাত অসমত আৰ্য হিন্দু সকলৰ মাজত ব্যয়বহুল ভাৱে কৰা বৈষ্ণৱ ধৰ্মৰ আচাৰ অনুষ্ঠানে শ্ৰেষ্ঠত্ব লাভ কৰিছিল৷ প্ৰাক্‌ শংকৰী যুগৰ বহু সাহিত্যিকে  বৈষ্ণৱ ধৰ্মৰ কিছু গ্ৰন্থও ৰাজসাহায্য পাই অসমীয়া ভাষালৈ অনুবাদ কৰে বাবে বৈষ্ণৱ ধৰ্মই গা কৰি উঠিছিল৷ কিন্তু এই বৈষ্ণৱ ধৰ্ম শ্ৰেষ্ঠ আঢ্যৱন্ত  হিন্দুসকলেহে  চলাই নিবলৈ সক্ষম হৈছিল৷ সেয়েহে অসমৰ অনাৰ্য  লোকসকল, সমাজে বৰ্ণ বিভাগ কৰি কৰা -- নিম্ন শ্ৰেণী আৰু দুখীয়া হিন্দুসকলে শৈৱ আৰু শাক্ত ধৰ্মকে নিজ ধৰ্ম কৰি লৈছিল৷ উল্লেখযোগ্য যে আহোমসকলে শাক্ত আৰু কোনো কোনো আহোমে শৈৱ ধৰ্মকো ৰাজধৰ্মৰ স্বীকৃতি দিছিল৷

দ্বাদশ শতিকাত ভাৰতত মুছলমান সাম্ৰাজ্য স্থাপন হোৱাৰ লগে লগে ইছলাম ধৰ্মই ৰাজধৰ্ম ৰূপে স্বীকৃতি পাবলৈ ধৰিলে৷ বহু হিন্দুৱে ইছলাম ধৰ্মতো দীক্ষিত হ’ল৷ হিন্দুধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আৰু ইছলাম ধৰ্মৰ সমান্তৰালভাৱে অসমত বৌদ্ধ ধৰ্মৰ চৰ্চাও অতি প্ৰাচীন কালৰে পৰাই চলি আহিছে৷

অসমত বিভিন্ন ধৰ্মৰ লোকৰ মাজত সকলোৰে বাবে সহজ ধৰ্মপন্থা অনুকৰণ কৰাৰ উদ্দেশ্যে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্ম বা মহাপুৰুষীয়া ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল৷

শংকৰদেৱৰ ধৰ্মত জাতিভেদ আৰু ধনী-দুখীয়াৰ স্থান নাই৷ এই ধৰ্ম লোৱাৰ বাবে সংসাৰ ত্যাগী হোৱাৰো প্ৰয়োজন নাই, ব্যয়বহুল পূজা পদ্ধতি, মূৰ্ত্তিৰ স্থানো এই ধৰ্মত নাই৷ অসমত সততে পোৱা এগছি মাটিৰ চাকি, সৰিয়হৰ তেল অকণমান  আৰু কপাহৰ এডালি শলিতাৰে এজন ভগৱন্ত কৃষ্ণক উপাসনা কৰিলেই সমগ্ৰ দেৱতা সন্তুষ্ট হয়৷ শাক্ত ধৰ্মৰ বলি বিধানৰ স্থানো এই ধৰ্মত নাই৷ কৃষ্ণৰ নাম মুখেৰে উচ্ছাৰণ কৰিলে, শুনিলে বা স্মৰণ কৰিলেও কৃষ্ণক পাব পাৰি৷ শংকৰদেৱে ধৰ্ম কথা চিন্তা কৰাৰ উদ্দেশ্যে বিজ্ঞানসন্মত মানসিকতা গ্ৰহণ কৰিছিল৷ ভকতসকলৰ মাজত ধৰ্ম কথা আলোচনা কৰাৰ সময়ত যাতে শাৰীৰিকভাৱে উপস্থিত থকাৰ লগতে মানসিকভাৱেও উপস্থিত থাকিব পাৰে তাৰ বাবে শংকৰদেৱে শৰীৰৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিছিল--

(ক) ধুতি, বিধুতি, বাহী, চুৱা চাৰিবিধ৷ শংকৰেহে প্ৰৱৰ্ত্তাইছিল সদাচাৰ শুদ্ধ৷৷ (পৃ-৬৯)

(খ) গধূলিত গা ধোৱা কোনো দেশে নাই৷ অসম দেশত শংকৰেসে প্ৰৱৰ্ত্তাই৷ (পৃ-৭০)

ধৰ্ম কথা আলোচনা কৰাৰ সময়ত থলুৱা খাদ্যৰ প্ৰচলনো শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰেই এক কৌশল আছিল৷

(ক) কেচা মাস চাউল দিবে শঙ্কৰে বোলয়৷ (পৃ-৭০)

(খ) সিংহাসন উপৰে আমহি ঘৰ দিল৷

.........................................

মাহ চাউল আদি দিয়ে তাৰ উপৰ৷ (পৃ-৭০)

(গ) তণ্ডুলৰ গুৰা গুড় সমে মিশ্ৰ কৰে৷

পকা মিঠৈ বুলি শ্ৰদ্ধা ভুঞ্জাই শংকৰে৷৷ (পৃ-৭১)

অসমত পোৱা এনে ধৰণৰ খাদ্য সম্ভাৰ প্ৰসংগৰ শেষত শঙ্কৰে দিয়াৰ নিয়ম কৰিছিল৷ প্ৰসংগৰ শেষত দিব বুলি কোনোৱে প্ৰসংগ আধাতে এৰি নগৈছিল৷ এক কথাত শংকৰদেৱ এজন মনোবিজ্ঞানীও আছিল –

তপ্তগুড় ভজা গুৰা মিঠাই বান্ধন্ত৷

নামত নিদিয়া তাক ৰাখয় গৃহত৷

প্ৰথমে যিজনে আসি লবয় শৰণ৷

সিটোজনে ইটো মিঠৈ কৰয় ভোজন ৷৷

.....................................................

মিঠৈৰ লোভত আসি শৰণ লবয়৷৷

এহিমতে বলে চলে কৌশল কৰিবা৷

শ্ৰীশঙ্কৰে কৰিলেক বহু শৰণীয়া৷৷ (পৃঃ৭৪)

অসমীয়া সমাজখনক সুসংগঠিত কৰিবলৈ ধৰ্মপ্ৰচাৰৰ উপৰিও শংকৰদেৱে বিভিন্ন কৰ্ম কৰিছিল৷ ১৪৬৭ খৃঃত শংকৰদেৱৰ নামঘৰ (হৰিগৃহ) আৰু নাম-কীত্তৰ্ন অনুষ্ঠিত হয়৷ ১৪৭০ খৃঃত অসমত প্ৰথম ফাগুৱা উৎসৱ অনুষ্ঠিত হয়৷ শংকৰদেৱে মানৱৰ লগত মানৱৰ আত্মিক সম্পৰ্কৰ উপৰিও মানৱৰ লগত সকলো প্ৰাণীৰেই আত্মিক সম্পৰ্ক আছে সেই কথা দেখুৱাবলৈ বিচাৰিছে৷ কাৰণ তেওঁৰ মতে সকলো প্ৰাণীৰ আত্মাত ৰামে বিৰাজ কৰে৷

কৰ্ম কৰাৰ আদৰ্শকো শংকৰদেৱে হাতে কামে দেখুৱাইছে৷ বিভিন্ন ধৰণৰ কুটিৰ শিল্প অসমৰ ভূ-খণ্ডত উৎপাদন হোৱাটো শংকৰদেৱে বিচাৰিছিল৷ শংকৰদেৱে নিজেও খোল, তাল আদি নিজ হাতে আৰু নিজৰ তত্ত্বাৱধানত তৈয়াৰ কৰিছিল৷

(ক)  কপিলী নদীৰ পৰা কুমাৰ অনাই

মাটি খোল গঢ়াইল শঙ্কৰ গোসাই৷৷

শালমৰা হন্তে মুচিয়াৰক অনাইল৷

আগে থাকি ভাল ৰূপে খোলক চোৱাইল৷৷

কৰকৰা ভাত লৌহ গুৰি মিশ্ৰ কৰি৷

শংকৰে দিয়াইল ঘুন খোল সুৰধাৰ৷৷ (পৃঃ ১০২)

(খ) পূৰ্বে অসমত সবে মৃদংগ বজাই৷

শঙ্কৰেসে খোলৰ বাজনা উলিয়ায়৷৷

মৃদংৰো গীত বাদ্য কৰিল স্ৰজন৷

ৰহাৰ কঁহাৰ আনি তালক গঢ়াইল৷৷

ভোৰ পাতি খুটি তাল আদি নাম দিল৷ (পৃ-১০২)

(গ) পাগ জামা নাট্যকক দিল পৰিপাটি

ছোঁ মুখা সাজিলেক কাঠবংশ কাটি (পৃঃ১০৩)

নামঘৰত ব্যৱহাৰ হোৱা সিংহাসন, আমহি ঘৰ, পুস্তকৰ ওপৰত কাপোৰ, তাৰ সোঁকাষে গছা, বন্তি, সঁফুৰা, দবা, কাঠ আদি দ্ৰব্যবোৰো শংকৰদেৱেৰ অজ্ঞাতেই প্ৰাণ পাই উঠিল৷

(ক) তাত পৰে দবা গোট শঙ্কৰে নিমিলা৷

স্বৰ্গৰ দুন্দুভি বুলি সবাকে কহিলা৷৷ (পৃঃ৭৪)

(খ) শঙ্কৰে নিৰ্ম্মিয়া আছে কুশিলাৰ কঠ৷

তাত বহি সৰ্বজনে ধৰিবাহা মঠ (পৃঃ২৮৭)৷

নাম-কীৰ্ত্তন, পাল নাম আদিও শংকৰদেৱৰেই সৃষ্টি৷ শংকৰদেৱে তেওঁৰ ধৰ্ম আৰু জ্ঞানৰ আদৰ্শৰে এচাম লোকক শিষ্য কৰি লৈছিল৷ পৰৱৰ্তী কালত এই শিষ্যসকলে শঙ্কৰৰ আদৰ্শক সৰ্বব্যাপি সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল৷

শঙ্কৰদেৱে তেওঁৰ সাহিত্য সৃষ্টিৰ জৰিয়তেও নিজৰ জ্ঞানৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷

গুৰুগৃহতে সৰুতেই লিখা - ‘কৰতল কমল’ গীতটোৰ  জৰিয়তেই  শঙ্কৰদেৱে সাহিত্যৰ বৰঘৰৰ প্ৰথম ঢাপটোত খোজ পেলাইছিল৷ গুৰুগৃহতে হৰিশ্চন্দ্ৰ উপাখ্যানো ৰচনা কৰি তেওঁৰ জ্ঞানৰ বিশালতাৰ পৰিচয় দিছিল৷ মাত্ৰ ঊনৈশ বছৰ বয়সতে ১৪৬৮ চনত পেহাক বুঢ়াখা, জয়ন্ত, মাধৱে আন ভূঞাসকলৰ লগত লগ হৈ বৈকুণ্ঠৰ চিত্ৰ  দেখুৱাবলৈ কোৱাত শঙ্কৰদেৱে চিহ্নযাত্ৰাৰ অভিনয়ো কৰিছিল৷ ৰামচৰণ ঠাকুৰৰ চৰিত্ৰপুথি মতে শঙ্কৰদেৱে  চিহ্নযাত্ৰাৰ দৃশ্যপট আৰু অভিনয় চাই শিক্ষাগুৰু মহেন্দ্ৰ কন্দলি আৰু কুল পুৰোহিত ৰামৰাম গুৰুকে ধৰি বহুতে শঙ্কৰদেৱৰ ওচৰত  শৰণ ল’বলৈ সাজু হৈছিল৷ গতিকে শঙ্কৰদেৱ  এজন চিত্ৰ শিল্পী আৰু অভিনেতাও আছিল বুলি বিনাদ্বিধাই  ক’ব পাৰি৷

ডিম্বেশ্বৰ নেওগে শংকৰদেৱৰ দ্বাৰা সৃষ্ট ‘উদ্ধৱ সংবাদ’’ নামৰ কাব্য এখনৰ নাম উল্লেখ কৰি সেইখনেই শঙ্কৰদেৱৰ প্ৰথম কাব্য বুলি কোৱা হৈছে৷

শঙ্কৰদেৱৰ অন্যান্য কাব্য সমূহৰ ভিতৰত ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃতমথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ আছে৷

শঙ্কৰদেৱৰ ‘হৰিশ্চন্দ্ৰ উপাখ্যান’কেই প্ৰথম কাব্য বুলি সৰ্বজনে স্বীকৃতি দিয়ে৷ কাব্যখনিত হৰিশ্চন্দ্ৰ ৰজাই গণেশক পূজাৰ আগভাগ নিদি বিষ্ণুক দিয়াৰ বাবে প্ৰথম অৱস্থাত অশেষ কষ্ট ভোগ কৰিও পিছত কিদৰে পৰম পদ লাভ কৰিছে সেয়া বৰ্ণনা কৰিছে৷ দৰাচলতে লোক সমাজত গণেশে প্ৰথম পূজাভাগ পাব লাগে বুলি যি প্ৰবচন আছে সেই প্ৰবচনক কাব্যৰ জৰিয়তে শঙ্কৰদেৱে খণ্ডন কৰিছে৷

‘ৰুক্মিণী হৰণ কাব্য’ত কৃষ্ণৰ দ্বাৰা শিশুপাল, ৰুক্মবীৰ আদি কৃষ্ণবিৰোধীৰ বধৰ দ্বাৰা লোকসমাজত কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে৷

‘বলিছলন’ত বলিৰ ভয়ত দেৱতাসকলে আত্মগোপন কৰি বিষ্ণুৰেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে৷

‘অমৃতমথন’ কাব্যত দেৱতা আৰু অসুৰৰ অমৃত মন্থন কৰাৰ কাহিনী, বিষ্ণুৰ মোহিনীৰূপে নীলকণ্ঠ নামেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰা সদাশিৱক কেনেদৰে কামুক কৰি লোকসমাজৰ হাঁহিয়াতৰ পাত্ৰ কৰি তোলা হৈছে সেয়া সুন্দৰভাৱে বৰ্ণনা কৰা কথাত এই গ্ৰন্থখনিৰ দ্বাৰাও বিষ্ণুক শ্ৰেষ্ঠত্ব প্ৰদান কৰা হৈছে৷

কৃষ্ণৰ নাম-কীৰ্ত্তনৰ মহিমাৰ বৰ্ণনাৰে শঙ্কৰদেৱে ‘অজামিল উপাখ্যান’ সৃষ্টি কৰিছিল৷ কৃষ্ণ আৰু আন যাদৱসকলৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা, বসুদেৱৰ কাব্য ৰচনা কৰা হৈছে৷ এই কাব্যসমূহ সাহিত্যিক গুণ, কৃষ্ণ-বিষ্ণুৰ মাহাত্ম্যৰ বৰ্ণনা আৰু নীতিশিক্ষাৰে সমৃদ্ধ৷

কেৱল ভক্তিতত্ত্ব প্ৰকাশ কৰিবলৈও শঙ্কৰদেৱে ভক্তিপ্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ আৰু অনাদিপাতন নামৰ গ্ৰন্থ ৰচনা কৰিছিল৷

‘ভক্তি প্ৰদীপ’ গ্ৰন্থৰ জৰিয়তে শ্ৰীকৃষ্ণ আৰু অজুৰ্নৰ ভক্তি সম্পৰ্কে মতামত দাঙি ধৰা হৈছে৷ শঙ্কৰদেৱ সংস্কৃত ভাষাত এজন বিদগ্ধ পণ্ডিত আছিল৷ ‘ভক্তি ৰত্নাকৰ’ নামৰ সংস্কৃত ভাষাত লিখা গ্ৰন্থখনিৰ জৰিয়তে এই কথাৰ উমান পাব পাৰি৷ এই গ্ৰন্থখন শঙ্কৰদেৱে পুৰাণৰ সংস্কৃত শ্লোক সংগ্ৰহ কৰি ৰচনা কৰিছিল৷ গ্ৰন্থখনি বিষ্ণুপুৰী সন্যাসীৰ ‘ভক্তি ৰত্নাৱলী’ৰ দৰেই৷ কিন্তু এইখনি গ্ৰন্থ পোৱাৰ আগতেই শঙ্কৰদেৱৰ ‘ভক্তি ৰত্নাকৰ’ ৰচনা কৰা হৈছিল বুলি কোৱা হয়৷

নিমি ৰজা আৰু নজন সিদ্ধৰ কথোপকথনেৰে ‘নিমি নৱসিদ্ধ সংবাদ’ গ্ৰন্থখনি ৰচনা কৰা হৈছে৷

শঙ্কৰদেৱৰ ‘অনাদিপাতন’ গ্ৰন্থখনিত সৃষ্টিতত্ত্ব, চৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰ কথা বৰ্ণনা কৰা হৈছে৷

শঙ্কৰদেৱ সংস্কৃত ভাষাত বিগদ্ধ পণ্ডিত আছিল বুলি যেনেকৈ তেওঁৰ ‘ভক্তি ৰত্নাকৰ’ নামৰ গ্ৰন্থখনিৰ জৰিয়তে জ্ঞাত হ’ব পাৰি, তেনেদৰে শঙ্কৰদেৱৰ অনুবাদ সাহিত্যয়ো শঙ্কৰদেৱক সংস্কৃত ভাষাত বিদদ্ধ পণ্ডিত বুলি স্বীকৃতি দিয়ে৷

ভাগৱতৰ প্ৰথম, দ্বিতীয়, ষষ্ঠ, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ অনুবাদত শংকৰদেৱে হাত দিছিল৷ সংস্কৃত বাল্মীকিৰ ৰামায়ণৰ পৰা ৰামায়ণৰ উত্তৰাকাণ্ডও অসমীয়ালৈ অনুবাদ কৰিছিল৷

শংকৰদেৱে ‘দশম’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল বুলি প্ৰবাদ আছে৷ দৰাচলতে শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ৯০ টা অধ্যায়ৰ ভিতৰত ৰ-৪৯ তম অধ্যায়লৈ অনুবাদ কৰিছিল৷ এই অংশকে আদি দশম বা চমুকৈ দশম বোলা হয়৷

শংকৰদেৱে কৃষ্ণৰ ভক্তি তত্ত্বক সৰ্বসাধাৰণৰ মনোৰঞ্জনৰ জৰিয়তে প্ৰকাশ কৰিবলৈ অংকীয়া নাটৰ আশ্ৰয় লৈছিল৷ অংকীয়া নাট ভাওনাৰ বিভিন্ন গাঁথনিয়ে বিভিন্ন পাঠক শ্ৰোতা, দৰ্শকক উদ্দেশ্য কৰি লৈছিল–

গায়ন-বায়নসবে সভাজয় কৰে

সূত্ৰ নাট্যগণে ৰসিকৰ মন হৰে

পণ্ডিতে বুজিবে শ্লোক কৰিল বচন

গীত অৰ্থ বুজিবেক বিজ্ঞ সভাগণ

ব্ৰজাৱলী ভাষাক বুজিবে গ্ৰাম্য লোকে

ছোঁ মুখা দেখিবেক অজ্ঞ মুঢ় লোকে

শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম ৷ (পৃঃ-১০৫)

কৃষ্ণৰ লীলা মালা প্ৰকাশৰ উদ্দেশ্যে পত্নী প্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামৰ লীলামালা প্ৰকাশৰ বাবে ৰামবিজয় নামৰ অংকীয়া নাটখনি প্ৰকাশ কৰে৷ এই অংকীয়া নাটসমূহৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যয়ো জন্ম যন্ত্ৰণা লাভ কৰাটো মন কৰিবলগীয়া বিষয়৷ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীত্তৰ্নৰ সুবিধাৰ বাবে শংকৰদেৱে ‘কীত্তৰ্ন ঘোষা’ ৰচনা কৰিছে৷

শংকৰদেৱৰ কীত্তৰ্নৰ নামাপৰাধ বৰ্ণনা (পদ্মপুৰাণ), পাষণ্ডমৰ্দন (ভাগৱত, বিষ্ণুধৰ্মোত্তৰ, বৃহন্নাৰদীয়, পদ্মপুৰাণ) আৰু ঊৰেষা বৰ্ণন (ব্ৰহ্মপুৰাণ)ৰ বাহিৰে সকলোবোৰ খণ্ড ভাগৱতৰ পৰা চয়ন কৰা হৈছে৷

কাব্য, নাট্য, সংস্কৃত সাহিত্য আৰু অনুবাদ সাহিত্যত শংকৰদেৱে যিদৰে নিজৰ অফুৰন্ত জ্ঞানৰ পৰিচয় দিছিল, তেনেদৰে বৰগীত, ভটিমা, টোটয় আৰু চপয়ে শংকৰদেৱৰ নাম গীতি সাহিত্যতো খোদিত কৰি ৰাখিছে৷ কথা গুৰু চৰিতৰ মতে শংকৰদেৱৰ বৰগীতৰ সংখ্যা বাৰকুৰি৷ ডিম্বেশ্বৰ নেওগৰ দৰে কোনো পণ্ডিতৰ মতে শংকৰদেৱৰ বৰগীত ৩৪ টা৷ আন কোনো কোনো পণ্ডিতৰ মতে ৩৫ টা৷ শংকৰদেৱৰ বৰগীতত কৃষ্ণৰ লগতে ৰামৰো গুণানুকীৰ্তন কৰা হৈছে৷

শংকৰদেৱে ভটিমাও ৰচনা কৰিছিল৷ শংকৰদেৱে ৰচনা কৰা ভটিমা তিনিটা-দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাট ভটিমা৷

শংকৰদেৱে টোটক ছন্দত ৰচনা কৰা গীতসমূহক ‘টোটয়’ বুলি কোৱা হয়৷

মধু দানৱ দাৰণ দেৱ বৰম৷

ৱৰ-ৱাৰিজ লোচন চক্ৰ ধৰম৷৷

শংকৰদেৱে চপয় নামৰ ছন্দত ৰচনা কৰা গীতক ‘চপয়’ বুলি কোৱা হয়৷

শুন শুন ৰুক্মিণী আই৷

কৃষ্ণ গুণ কহন নযাই৷৷

শংকৰদেৱৰ আন এক অনুপম সৃষ্টি হ’ল ব্ৰজাৱলী ভাষা৷ ব্ৰজধাম বা কৃষ্ণৰ মুখৰ ভাষা বুলি জনসাধাৰণৰ এক বিশ্বাসৰ ফলতে ব্ৰজাৱলী নামৰ কৃত্ৰিম সাহিত্যিক ভাষা বিধক জনসাধাৰণে আঁকোৱালি লৈছিল৷ ফলত ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত সুবিধা হৈছিল৷ কীত্তৰ্ন আৰু প্ৰথমবাৰৰ তীৰ্থভ্ৰমণৰ আগৰ কোনো ৰচনাতে অৱশ্যে ব্ৰজাৱলী ভাষাৰ নিৰ্দশন পোৱা নাযায়৷

এক কথাত শংকৰদেৱ অসমীয়া সমাজ, সংস্কৃতি আৰু সাহিত্যৰ পুৰোধা ব্যক্তি৷ শংকৰদেৱৰ আৱিৰ্ভাব নোহোৱা হ’লে অসমে হয়তো সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বহুবছৰ পিছুৱাই গ’লহেঁতেন৷

শংকৰদেৱ আৰু শংকৰদেৱৰ সৃষ্টিৰাজিৰ আঁত ধৰিয়েই চৰিত পুথিৰ দৰে সাহিত্য, সত্ৰ, নামঘৰৰ দৰে স্থাপত্য-ভাস্কৰ্যৰ সৃষ্টি হ’ল৷ সত্ৰ, নামঘৰ আৰু ধৰ্মচৰ্চাৰ আঁত ধৰিয়েই পৰৱৰ্তী কালত গোসাঁই, মহন্ত, গোস্বামী, মহাজন, মেধি, সত্ৰীয়া, ভট্টাচাৰ্য আদি উপাধি আৰু বিষয়বাবৰো সৃষ্টি হ’ল৷

এজন পুৰুষ হৈও শংকৰদেৱে তেওঁৰ সমগ্ৰ জীৱন কালত কেৱল সৃষ্টিকৰ্মৰ বিশাল সাগৰ সৃষ্টি কৰি আজিও সকলোৰে বাবে আশ্চৰ্যকৰ হৈ আছে৷ সেয়ে তেওঁ সাধাৰণ পুৰুষ নহয়, মহাপুৰুষহে৷ যিজনে নিজ কৃতি আৰু কীৰ্তিৰে সদায় সৰ্বসাধাৰণৰ অন্তৰত জীয়াই থাকিব৷ সেয়েহে শংকৰ শ্ৰীমন্ত শংকৰদেৱ বা শ্ৰী শ্ৰী শংকৰদেৱ৷

এইজনা মহাপুৰুষে ১৫৬৯ খৃঃত ইহলীলা সম্বৰণ কৰে৷ সন্তাৱলী পুথিৰ মতে এই দিনটো আছিল শুক্ৰবাৰ, শুক্লপক্ষৰ দ্বিতীয়া৷

(উদ্ধৃতিসমূহ, ‘সন্তাৱলী’ চৰিত পুথিৰ পৰা তুলি লোৱা হৈছে৷)

সহায়ক গ্ৰন্থপঞ্জীঃ

১৷ নেওগ, ডিম্বেশ্বৰঃ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, প্ৰকাশ, গুৱাহাটী, ১৯৯৯ চন৷

২৷ নেওগ, মহেশ্বৰঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ২০০০ চন৷

৩৷ শৰ্মা, সত্যেন্দ্ৰনাথঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, প্ৰতিমা দেৱী, ৰিহাবাৰী গুৱাহাটী, ২০০১ চন৷

৪৷ হাজৰিকা সূৰ্য (সম্পা) ঃ সন্তাৱলী, শ্ৰী শ্ৰী.বৈকুণ্ঠনাথ দ্বিজ, এছ এইছ এডুকেশ্বনেল ট্ৰাষ্ট, চন্দ্ৰকান্ত হাজৰিকা পথ, গুৱাহাটী ২০০২৷       

আপুনিও ভাল পাব পাৰে!