লেখিকাঃ ৰিজু দেৱী
অসম তথা ভাৰতবৰ্ষৰ বুকুত শ শ বছৰ ধৰি বসবাস কৰি ইয়াৰ মাটি-পানী-বায়ুৰ লগত একাকাৰ হৈ নিজৰ ত্যাগ আৰু বলিদানেৰে ইতিহাস ৰচিবলৈ সক্ষম হোৱা গোৰ্খা জাতি হল এটা অতি সাহসী আৰু বীৰ জাতি ৷ জাতীয় কলা-কৃষ্টি, নৃত্য-গীত, আচাৰ-ব্যৱহাৰ, ভাষা-শৈলী, ৰন্ধন-প্ৰকৰণ, খোৱা-বোৱাৰ পৰা আদি কৰি লোকাচাৰ, ধৰ্মীয় পৰম্পৰা, ৰীতি-নীতি জাতীয় চেতনাবোধ এই সকলোবোৰ দিশ সামৰি ভাৰতীয় গোৰ্খা জাতিৰ সংস্কৃতি এক ঐতিজ্যমণ্ডিত আৰু সমৃদ্ধ সংস্কৃতি বুলি সকলোৱে জানে ৷ সাংস্কৃতিক অনুষ্ঠান পালনৰ দ্ধাৰা জাতি এটাৰ সভ্যতা-সংস্কৃতি প্ৰদৰ্শিত হয় ৷ গোৰ্খা সংস্কৃতিত দঁশৈ (দুৰ্গাপূজা), তিহাৰ (দিপাৱলী), মকৰ সংক্ৰান্তি, আচাৰ পন্ধ্ৰ আদি উৎসৱ সমূহৰ লগতে আন এক নাৰীকেন্দ্ৰীক উৎসৱ হল তীজ ৷ তীজ নাৰীসকলৰ অতি মৰমৰ অতি চেনেহৰ উৎসৱ ৷ সকলো উৎসৱেই নাৰীৰ উপস্থিতি অবিহনে অসম্ভৱ, কিন্তু গোৰ্খা সম্প্ৰদায়ৰ তীজৰ কথা সুকীয়া ৷ তীজ পৰ্বৰ লগত নাৰীৰ প্ৰেম-বিৰহ, সুখ-দুখ, হা-হুতাশ, কাৰুন্য আৰু আধ্যাত্মিক চিন্তাৰাজি জড়িত হৈ আছে৷ পূৰ্বজ সকলৰ মতে আগৰ দিনত শিক্ষা গ্ৰহণ সহজলভ্য নোহোৱাৰ লগতে ৰাস্তা-ঘাট, খেতি-পথাৰ, নদী-পানী, বাসস্থান আদিও সুবিধাজনক নাছিল ৷ সেয়ে মাক-দেউতাকে ছোৱালীবোৰক সৰুতেই বিয়া দি পঠাইছিল, দৰাৰ ঘৰ যিমান দূৰতেই নহওক কিয় ৷ বিয়া হৈ গৈয়ো ছোৱালীবোৰে ঘৰৰ কামৰ উপৰিও বাহিৰলৈ গৈ ঘাঁহ কটা, খেতি কৰা, খৰি কটা, দূৰৰ পৰা পানী তুলি অনা, মৰনা মৰা আদি কামবোৰ কৰিব লগীয়া হৈছিল৷ যিবোৰ দেখি শুনি মাক-ডেউতাকৰ অন্তৰখন শোকত ভাগি পৰিছিল ৷ সেইবাবে তেওঁলোকে বাৰিষা খেতি লগোৱাৰ অন্তত নিজে গৈ অথবা নিজৰে পুত্ৰ-ভতিজাৰ হতুৱাই ছোৱালীজনীক এসাজ হলেও জুতি লগাকৈ খুৱাবলৈ বুলি নিজৰ ঘৰলৈ লৈ আহে ৷ সেই তেতিয়াৰ পৰাই প্ৰতি বছৰে তীজ উৎসৱ পালন কৰি অহাৰ কাৰণে ই গোৰ্খা সকলৰ অতি আদৰৰ সংস্কৃতি হৈ পৰে ৷
ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিৰ পৰা আৰম্ভ হৈ পঞ্চমীলৈকে অতি হৰ্ষোল্লাসেৰে এই তীজ উৎসৱ পালন কৰা হয় ৷ তীজত বিয়া দিয়া ছোৱালীবোৰে মা-দেউতা (মাইতী)ৰ চেনেহৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰথমা বা তাৰ দুদিনমান আগতেই ঘৰ আহি পায়হি ৷ দ্বিতীয়া অৰ্থাৎ ‘দৰ’ খোৱা দিনা সকলোৱে মিলি সুস্বাদু ভাৱে তৈয়াৰ কৰা মাছ-মাংস, দৈ, ঘিওঁ , ক্ৰীম, তিলৰ আচাৰ, ঔটেঙা-মটৰৰ আচাৰ, নানা ধৰণৰ ব্যঞ্জন আদিৰে এসাজ ভাত খায়, খোৱা ক্ৰমটো ৰাতি বাৰ বজাৰ আগলৈকে চলি থাকে ৷ ৰাতি আকৌ কেৱল ঘিওঁত চাউল ভাজি ‘পেলাৱ’ জাতীয় এক প্ৰকাৰৰ খাদ্য তৈয়াৰ কৰি খোৱা হয় যাক ‘ঢক্কনে’ বুলি কয় ৷ এনেদৰে ‘দৰ’ খোৱা পৰ্ব সম্পন্ন হয় ৷ বাৰ বজাৰ পিছত বেলেগ এটা দিনৰ বা তৃতীয়াৰ আগমন ঘটে ৷ মহিলাসকলে ৰাতি পুৱা শুই উঠি ঘৰৰ ভিতৰ-বাহিৰ পৰিষ্কাৰ কৰি নিজেও গা-পা ধুই পৰিষ্কাৰ হৈ শুদ্ধ মনেৰে ব্ৰতত লীন হয় ৷ এই ব্ৰতক ‘হৰিতালিকা’ ব্ৰত বুলি কোৱা হয় আৰু ইয়েই হৈছে তীজ পৰ্বৰ প্ৰধান আকৰ্ষণ ৷ পৌৰানিক আখ্যান অনুসৰি হিমালয়ৰ জীয়ৰী পাৰ্বতীয়ে শিৱক পতি ৰূপে পোৱাৰ উদ্দেশ্যে উপবাসে থাকি শিৱৰ আৰাধনা কৰিছিল আৰু পাৰ্বতীৰ এই মনোৰথ পূৰ্ণও হৈছিল ৷ সেই তেতিয়াৰে পৰা আজিকোপতি মহিলা সকলৰ এই ব্ৰত ধাৰণ প্ৰক্ৰিয়া অব্যাহত আছে ৷ পাৰ্বতীৰ লেখীয়াকৈ গোৰ্খা বিবাহিত মহিলা সকলে উপবাসে থাকি ৰঙা সাজৰ লগতে সোণৰ আ-অলংকাৰ পৰিধান কৰি পতিৰ দীৰ্ঘায়ু আৰু মংগল কামনা কৰি ব্ৰত পালন কৰে৷ ৰঙা ৰং তেজস্বীয়তা আৰু বীৰতাৰ প্ৰতীক ৷ অবিবাহিত ছোৱালীবোৰেও ধুনীয়া আৰু মনোবাঞ্চিত বৰ পাবৰ বাবে এই ব্ৰত পালন কৰে ৷ ঘৰৰ বয়সস্থ মহিলাগৰাকীয়েও পৰিয়ালৰ মংগল কামনা কৰি ব্ৰত ৰাখে ৷
‘হৰিতালিকা তীজ’ৰ যি পূজা অনুষ্ঠান সেয়া আবেলি পৰত গাঁৱৰ সকলো মহিলা এক গোট হৈ মন্দিৰ অথবা কোনো এক পবিত্ৰ ঠাইত অনুষ্ঠিত কৰে ৷ সকলো এক গোট হোৱাৰ পিছত আনন্দতে ‘আয়ো হেই তীজ চবই মিলি খুচি মনাওন (আমাৰ চেনেহৰ তীজ পালেহি সবে মিলি আঁহা আনন্দ কৰোঁ) বুলি ঢোল, মাদল, মজিৰা আৰু তাল লৈ নাচ-গান কৰে আৰু ভক্তি ভাৱত লীন হৈ ‘কাহামা জানচৌ ৰানী চৰী বগাল, বৰী লাই ভেটন ভজন-কীৰ্তন গাই আনন্দতে আত্মহাৰা হৈ পৰে ৷ পূজাৰ অন্তত সকলোকে প্ৰসাদ বিতৰন কৰি নিজেও ব্ৰত ভাঙে ৷ ৰাতি আকৌ অন্ন গ্ৰহণ নকৰি ৰুটি-তৰকাৰী আৰু ফলজাতীয় খায় ৷ তীজৰ ব্ৰতটো আটাইতকৈ কঠিন ব্ৰত বুলি ধৰা হয় ৷ কিয়নো এই ব্ৰতত নাৰী সকলে আনকি জল পৰ্যন্ত গ্ৰহণ নকৰে ৷ কিন্তু আজিকালিৰ সচেতন মনৰ নাৰী সকলে জল গ্ৰহণ কৰিব নোৱাৰাটোত বৈজ্ঞানীক কোনো যুক্তি নাই বুলি ভাবি আৰু শাৰীৰিক দুৰ্বলতা আৰু অসুস্থতাৰ কথা চিন্তা কৰি ঠাই বিশেষে জল গ্ৰহণ কৰায় ৷ সেয়া যিকি নহওক, এই ব্ৰতৰ দ্ধাৰা নাৰীসকল ঈশ্বৰ তত্ত্বৰ লগত একাকাৰ হৈ সাংসাৰিক উপলব্ধি সমূহক জয় কৰাৰ মানসিকতা প্ৰবল হোৱা দেখা যায় ৷
তীজ উৎসৱত গোৱা গীতবোৰৰ এক বিশেষ মহত্ত্ব আছে৷ এই গীতবোৰক সংগিনী গীত বোলা হয়৷ সংগিনী গীতবোৰ বিষাদাত্মক ৷ এই গীতবোৰত গোৰ্খা নাৰীসকলৰ দুখ-বেদনা, প্ৰেম-বিবাহ-হাঁহি-কান্দোন আৰু বিষাদৰ মৰ্মান্তিক অভিব্যক্তি ফুটি উঠে৷ তথাপি নাৰী সকলে নিজস্বতা পাহৰি নেযায় ৷ সময় অনুসাৰে প্ৰতিটো দুখ কিম্বা প্ৰত্যহ্বানৰ লগত সৎসাহসেৰে যুঁজি সম্পূৰ্ণ দায়বদ্ধতা আৰু কৰ্তব্য পৰায়ণতাৰ যোগেদি কৰ্মক্ষেত্ৰলৈ আগবাঢ়ি যোৱাৰ যি প্ৰৱণতা সেয়ে হৈছে তীজ পৰ্বৰ আচল গূঢ় তত্ত্ব ৷ সেয়ে তীজ পৰ্বত মাকৰ ঘৰৰ লোক (মাইতী) কোনো নিবলৈ নাহিলে ছোৱালীজনী বিষাদত ভাগি পৰে এইদৰে
মাইতীলে মায়া মাৰয়ো বৰিলই
চিন্দুৰে খোলো জন্মোকো ধলো
চাত ডাঁঢ়া পাৰি পুৰয়ায়ো চাৰেই
মাইতীলে মায়া মাৰয়ো ৷
সৰলাৰ্থঃ মাইতীয়ে তাইক দূৰ দেশলৈ বিয়া দি পাহৰিলে, তাইৰ প্ৰতি থকা মায়া-মমতা এৰিলে৷ তীজতো নিবলৈ নহা হল ৷
আকৌ, যেতিয়া মাইতী নিবলৈ যাই, তেতিয়া তাইৰ গা সাতখন আঠখন হৈ পৰে ৷ লৰালৰিকৈ তাইৰ কাপোৰ-কানি, আ-অলংকাৰবোৰ ঠিক কৰি শাহু-শহুৰক ‘মাইত’(মাৰ ঘৰ) যাবৰ বাবে অনুমতি বিচৰাত অনুমতি নাপাই দুখত চকুৰ লোতকেৰে সংসাৰ নেদেখা হয় আৰু সেই দুখতে এনেদৰে গায়ঃ
শিৰেই লাওনে শিৰফুল লামলা ভনি ঝিকেথে
চচুৰাকো বচনলে ভূঁইমা ৰাখেথে...
(শিৰত সোণৰ শিৰফুল পিন্ধিম গৈ ঘূৰি নাহিলেও প্ৰেমিকাই মনৰ দুখত হাঁহাকাৰ কৰি উঠে ৷) এনেধৰণৰ বহুতো গীত আছে যিবোৰ এইদৰে লিখি শেষ কৰাটো সম্ভৱ নহয় ৷
গণেশ চতুৰ্থীৰ দিনাখনো সেইদৰে মহিলা সকলে গণেশৰ পূজা কৰি কিছুমানে ব্ৰত পালন কৰে ৷ কিছুমানে লঘু আহাৰ গ্ৰহণ কৰে৷ ধৰ্মীয় আখ্যান অনুসৰি চতুৰ্থীৰ চন্দ্ৰ দৰ্শন হলে নিজৰ গাত মিছাতে কিবা এটা দোষ বা কলংক লগাৰ ভয় থাকে বেলেগৰ ঘৰত গৈ সৰু কিবা এটা অনিষ্ট সাধন কৰিলে সেই দোষৰ পৰা মুক্তি পাব পাৰি বুলি বিশ্বাস ৷ কিন্তু আজিকালি সকলো শিক্ষিত হৈ উঠাৰ বাবে এই নিয়মটো প্ৰায় এৰি পেলাইছে ৷
পঞ্চমী তিথিক ঋষি পঞ্চমী বুলি কোৱা হয় ৷ সংস্কাৰপুৰ্ণ আৰু ধৰ্মীয় আৱেগ জড়িত এক বিৰল অনুষ্ঠান ৷ এই অনুষ্ঠানৰ ওপৰত গোৰ্খা নাৰীসকলৰ আত্মিক বিশ্বাস নিহিত হৈ আছে ৷ তুলসী, আহত, আমলখি, আম গছৰ গুৰিৰ মাটি, অপমাৰ্গ, ফুল-প্ৰসাদ, চাকি-ধুপ আদি সামগ্ৰী তৈয়াৰ কৰি এই পূজা নদীত গৈ কৰা হয় ৷ ৰজস্বলা মহিলা সকলে অজানিতে কৰা কিছুমান ভুলৰ প্ৰায়শ্চিত্তৰ বাবেই এই পূজা কৰে৷ ইয়াতো শিৱ-পাৰ্বতীৰে পূজা-অৰ্চনা কৰা হয়৷ বৰ্তমান নাৰী স্বাবলম্বিতা, কৰ্মময় ব্যস্তজীৱন, চহৰমুখী প্ৰৱণতা, পৰ্য্যাপ্ত উপকৰনৰ অভাৱ আৰু বনধবংসৰ বাবে হওক বা অন্য কাৰণবশতঃ চহৰীয়া নাৰীসকলে এই সংস্কাৰ পৰ্ব বিশেষ ৰূপত কৰিব নোৱাৰিলেও গ্ৰামাঞ্চলত থকা নাৰীসকলে অতি হৰ্ষ-উল্লাষেৰে এই অনুষ্ঠান পালন কৰি অহা গম পোৱা যায় ৷
বিশেষতঃ ‘তীজ’ এনে এক উৎসৱ যিয়ে আত্মীয়-কুটুম্ব, ভাই-বন্ধু, আপোন-পৰ আদি সকলোকে প্ৰেমৰ এনাজৰীৰে বান্ধি ৰাখে ৷
মানবীয় প্ৰমূল্য, নিকা ভাতৃত্ব, নৈতিক চিন্তা আৰু আধ্যাত্মিক চৈতন্যবোধ জগাই তোলা এই উৎসৱে নাৰী হৃদয়ৰ কোমল অনুভূতি আৰু আত্মসন্মানক চিৰ মৰ্য্যদা প্ৰদাণ কৰি আহিছে ৷ সু-সংস্কৃতিৰ সাক্ষ্য বহন কৰা তীজ উৎসৱে গোৰ্খা নাৰীসকলৰ প্ৰতি থকা সমাজৰ দায়িত্ব আৰু কৰ্তব্যবোধক সদায়ে সোঁৱৰাই থাকিব ৷