লেখিকাঃ ড০ প্ৰাঞ্জুমণি শইকীয়া
অসম বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত তিৱাসকল অন্যতম। তিৱাসকল আদিতে তিৰ্ববতৰ বাসিন্দা হৈ উত্তৰ-পূৰ্বাঞ্চলৰ মিকিৰ পাহাৰ, জয়ন্তীয়া ৰাজ্যত বাস কৰি পিছত নগাঁও জিলাত প্ৰধানভাৱে বসতি কৰিবলৈ লয়। তিৱাসকল বৰ্তমান সমগ্ৰ অসমতে বিস্তাৰিত হৈ আছে যদিও মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, কামৰূপ আৰু কম-বেছি পৰিমাণে লখিমপুৰ, ধেমাজি, তিতাবৰ আদিত দেখিবলৈ পোৱা যায়।
সামাজিক আৰু সাংস্কৃতিক দিশত তিৱাসকল চহকী। তিৱা জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ’লে তেওঁলোকৰ সাজপাৰ, লোককলা, খাদ্যকলা, স্থপতিবিদ্যা, বয়নশিল্প, আচাৰ-অনুষ্ঠান, জীৱিকা, কৃষি আদি বিভিন্ন দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পাৰি। এই দিশসমূহৰ ভিতৰত স্থপতিবিদ্যা সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।
স্থপতিবিদ্যা ভৌতিক সংস্কৃতিৰ অন্তৰ্গত এটা ভাগ। সাধাৰণতে গৃহনিৰ্মাণ বিদ্যাক লোকস্থপতিবিদ্যা বুলি কোৱা হয়। এই স্থপতিবিদ্যাৰ ভিতৰত গৃহনিৰ্মাণ কৌশলৰ লগতে বাৰী, পুখুৰী, ঘৰ সজাৰ বাবে মাটি নিৰ্বাচন আদিকো অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উপৰিও সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান, মঠ-মন্দিৰ আদিৰ নিৰ্মাণ শৈলীকো লোকস্থপতিবিদ্যাৰ অন্তৰ্গত কৰা হৈছে। শংকৰদেৱৰ দিনতেই অসমৰ স্থাপত্যই এক অভিনৱ ৰূপ লাভ কৰে আৰু তাৰেই চানেকী দেখিবলৈ পাওঁ নামঘৰবোৰত। গৃহ হৈছে নিৰাপদ আশ্ৰয় আৰু বিশ্ৰামৰ স্থান। কাঠ, বাঁহ, শিল, বালি যিহৰেই নিৰ্মিত নহওক কিয় ই মানৱ জীৱনৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰাৰ লগতে প্ৰতিভাত হয় এটা জাতি বা জনগোষ্ঠীৰ জীৱনশৈলী, ৰুচিবোধ আৰু সৌন্দৰ্য-স্পৃহা। তিৱাসকলৰ গৃহনিৰ্মাণ পদ্ধতিৰ মাজেদি প্ৰতিবিম্বিত হৈছে তেওঁলোকৰ লোকবিশ্বাস, দৈনন্দিন জীৱনযাত্ৰাৰ প্ৰণালী আৰু সংস্কৃতিৰ ভিন্ন দিশ।
তিৱাসকল কৃষিজীৱী লোক। তিৱাসকল পাহাৰ-ভৈয়াম দুয়ো অঞ্চলতে বাস কৰে। ঘৰ সাজিবলৈ মাটি পচন্দ হ’লেই তেওঁলোকে গৃহ নিৰ্মাণ নকৰে। ঘৰ সাজিবৰ কাৰণে তেওঁলোকে ঘৰৰ মুখিয়াল সহ গাঁৱৰ কেইজনমান লোক গৈ যি ঠাইত ঘৰ সাজিবলৈ বিচাৰে সেই ঠাইৰ অকণমান ঠাই চাফা কৰি আগলি কলপাত এখনত অলপমান চাউল ‘পচমতা’ (ভূমি দেৱতা) লৈ বুলি আগবঢ়াই আঁঠু লৈ ঘৰ বনাবলৈ অনুমতি বিচাৰি কণী এটা চাউল থকা কলপাতত জোৰেৰে পেলাই দি, কণীটো গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰে। যদি কলপাতত পৰি কণীটো ভাগি যায় তেতিয়াহ’লে ‘পচমতাই’ কণী গ্ৰহণ কৰি ঘৰ সাজিবলৈ অনুমতি দিছে বুলি বিশ্বাস কৰে আৰু সেই মাটিখিনিত ঘৰ সাজিবলৈ মূল খুটাটো পোতা হয়। যদি কলপাতত পৰি কণীটো নাভাঙে তেতিয়া ভূমিদেৱতাই অনুমতি নিদিয়া বুলি বিশ্বাস কৰে আৰু সেই ঠাইত কোনোবাই ঘৰ সাজিলে পদে পদে বিপদ হোৱাৰ আশংকা থাকে। গতিকে তিৱাসকলে পচমতা অৰ্থাৎ ভূমিদেৱতাৰ অনুমতি সাপেক্ষেহে ঘৰ সাজে।
তিৱাসকলে ঘৰ সাজিবৰ কাৰণে বাঁহ আৰু কাঠ ব্যৱহাৰ কৰে। তিৱাসকলৰ মাজত শাল, গমাৰি, শিলিখা আৰু সোণাৰু কাঠ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰে যদিও ঘৰৰ মূল খুটাটো গমাৰি কাঠেৰে নিৰ্মাণ কৰে। তমালৰ বাবে কাকবাঁহ আৰু ঘৰৰ দুৱাৰ, বেৰ, চাল আজিৰ বাবে জাতি বাঁহ ব্যৱহাৰ কৰে। তিৱা সমাজত হেদাৰি প্ৰথা বা বিনিময় প্ৰথাৰ প্ৰচলন আছে। এককভাৱে কৰিব নোৱাৰা কামবোৰ গাঁৱৰ ৰাইজে সমূহীয়াভাৱে কৰা কাৰ্যক হেদাৰি প্ৰথা বুলি কোৱা হয়। তিৱা সমাজত ঘৰ-দুৱাৰ সজাৰ ক্ষেত্ৰত গৃহস্থই ৰাইজক অৱগত কৰে আৰু এটা লাওৰ পাত্ৰত জ্যু আগবঢ়াই দি যদি মাননি বিচাৰে দিবলৈ প্ৰস্তুত বুলি জনায়। তেতিয়া সকলোৱে সন্মত হৈ গৃহস্থক নিৰ্দিষ্ট দিনত সকলোৱে কাম কৰিবলৈ আহে আৰু গৃহস্থই সামৰ্থ্য অনুযায়ী তেওঁলোকক মাননিৰে সন্তুষ্ট কৰে।
তিৱাসকলে মূল খুটাৰ চাৰিওকাষে চাৰিটা খুটা পোতে। মাটিৰ তলত তিনিহাত আৰু মাটিৰ ওপৰত আঠহাত জোখত খুটাবোৰ পুতি মাৰলিবোৰ উঠাই তমালেৰে বান্ধে। মূল খুটাৰ সমান্তৰালকৈ মুধচৰ খুটা পুতি এফালৰপৰা ৰুৱাবোৰ বান্ধি যায়। তাৰ পাছত খেৰ পাৰিবলৈ অলপ ডাঠ কামি পাৰি তমালেৰে বান্ধে। লাহে লাহে খেৰৰ ছাউনি তোলে। মুধচত খেৰ বান্ধি ঘৰৰ চাল ছোৱাৰ কাম শেষ কৰাৰ আগতেই ঘৰৰ বেৰবোৰ বান্ধে। তমালেৰে ফুল সাজি চালৰ ওপৰত আঁৰি ভালকৈ বান্ধি ঘৰ সজা কাম শেষ কৰে। ঘৰটোৰ কাষত বহলকৈ পিৰালি (খান্তা) সাজে। আলতীয়া মাটিৰে ২ ফুট ওখ কৰি ভেটি (নপিথা) সাজি গোৱৰ পানী লেপি কুচি চাফা কৰি ৰাখে। ঘৰৰ আগফাল, পাছফাল আৰু মাজত ৬ ফুট ওখ ৩ ফুট বহল তিনিখন দুৱাৰ সাজি লয়। পাছফাল আৰু সন্মুখৰ দুৱাৰত দুৱাৰদলি অকণমান ওখ কৰি নিৰ্মাণকৰে। তেওঁলোকৰ ঘৰবোৰত খিৰিকীৰ ব্যৱস্থা নাই। তিৱাসকলে সৌন্দৰ্য্য বৰ্ধনৰ কাৰণে সন্মুখৰ বেৰত হৰিণাৰ শিং আৰু ম’হৰ মূৰ আঁৰি থয়। ধান শুকোৱা, মৰণা মৰা, বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ, গৰমকালি বহি বতাহ ল’বলৈ এখন চোতাল প্ৰতিঘৰ মানুহৰ সন্মুখভাগত থাকে। কিছুমানে চোতালতে তাঁতশালখন পাতি লয়।
তিৱাসকলে ঘৰবোৰ পূবা-পশ্চিমাকৈ সাজে। আগফাল আৰু পাছফালে বাৰাণ্ডাযুক্ত ঘৰবোৰৰ দীঘ ৪০ হাত প্ৰস্থ ১২ হাত মান হয়। আগফালৰ বাৰাণ্ডাত আলহী-অতিথি আহিলে বহিবলৈ দিয়ে আৰু পাছফালৰ বাৰাণ্ডাত সাধাৰণতে দৈনন্দিন যাৱতীয় কামবোৰ কৰে আৰু তাঁতশাল পাতে। বাৰাণ্ডা পাৰ হৈ প্ৰথম কোঠাটোত (নমাজি) মানুহ বহা আৰু থকা-মেলা কৰে। আলহী-অতিথি আহিলে বহিবলৈ দিয়ে আৰু পুৰুষসকল এই কোঠাটোতে ৰাতি শোৱে। ইয়াৰ পিছৰ কোঠাটো হৈছে পাকঘৰ বা ৰান্ধনি ঘৰ। মাটিতে তিনিটা উধানেৰে চৌকা নিৰ্মাণ কৰি লয়। চৌকাৰ ওপৰত বাঁহৰ এখন চাং থাকে। সেই চাংখনত মাছ, নহৰু, জলকীয়া আদি শুকোৱায়। তাৰ ওপৰত আৰু এখন চাং থাকে সেইখন চাঙত বাচন-বৰ্তনবোৰ ৰাখে। চৌকাৰ বিপৰীত দিশতো এখন বাঁহৰ চাং সাজি লয়। ঘৰৰ আন আন সামগ্ৰীবোৰ আৰু সঘনাই প্ৰয়োজনীয় বাচনবোৰ থয়। ৰান্ধনিঘৰৰ পূবফালে মহিলাসকল শোৱে। ৰান্ধনিঘৰৰ পাছতেই যিটো কোঠা সাজে তাত গাভৰুসকল শোৱে আৰু তাৰ এটা কাষত ঢেঁকীশাল পাতে। তিৱাসকলে কাঠ আৰু বাঁহ খৰিৰ সহায়ত ৰন্ধা-বঢ়াকে আদি কৰি জুই ফুৰাবলৈও ব্যৱহাৰ কৰে। খৰি থ’বৰ বাবে ঘৰৰ কাষতে খৰিচালি সাজি লয়। পাছফালৰ বাৰাণ্ডাত পানী কঢ়িয়াই আনি ৰাখিবৰ কাৰণে ডাঙৰ তিতালাও আৰু বাঁহৰ চুঙা ৰাখে। ৰান্ধনিশালৰ একাষত বাঁহেৰে বৈ লোৱা জপাত মহিলাসকলে কাপোৰ থয়। আগফালৰ কোঠা নমাজিত এখন জুহাল থাকে। সেই জুহালত জুই ফুৱায় আৰু জুইৰ তাপত বস্তু শুকোৱাবৰ কাৰণে এখন শিকিয়া চাং থাকে। তিৱাসকলে নমাজিত মূল খুটাৰ গুৰিতে প্ৰাৰ্থনা কৰিবৰ কাৰণে এটুকুৰা আছুতীয়া ঠাই উলিয়াই লয়।
তিৱাসকল যিহেতু কৃষিজীৱী গতিকে ধান থ’বৰ কাৰণে ভঁড়াল ঘৰ সাজি লয়। ঘৰৰ ভিতৰতে এফুটমান ওখ কৰি চাং সাজি বাঁহেৰে তৈয়াৰী টোমত ধান ভৰাই জাপি চাঙত উঠাই থয় আৰু খাবৰ বাবে চাঙৰ পৰা ধান নমাই কানি চাউল উলিয়াই লয়।
তিৱাসকলে গৰু, ম’হ, ছাগলী, গাহৰি, কুকুৰা আদি পালন কৰে। গৰু আৰু ম’হৰ বাবে গোহালি ঘৰ, কুকুৰাৰ বাবে চাংযুক্ত গড়াল, গাহৰিৰ বাবে গড়াল আৰু ছাগলীৰ বাবে দুফুটমান ওখ চাংযুক্ত ঘৰ সাজে। তিৱাসকলে ঘৰৰ বাৰীখন বাঁহৰ জেওৰা দি নিৰাপদ হৈ থাকে। “ঘৰৰ চৌহদত সোমোৱা জপনাখনক তেওঁলোকে লংৰা বোলে। লংৰাৰ প্ৰস্থ প্ৰায় তিনিফুট আৰু উচ্চতা প্ৰায় সাত ফুট। দুফালে প্ৰায় সাত ফুটমানৰ বাঁহৰ খুটা পুতি ওপৰত এডাল মিহি অথচ মজবুত বাঁহ বান্ধি লয়। তাৰ পাছত ১২ ডাল মান পোন বিজুলী বাঁহ (৬ ফুটমান জোখৰ) এটা ফালে পথালিকৈ ফুটা কৰি ওপৰৰ বাঁহডালত সুমুৱাই মাটিত নলগাকৈ ওলমাই দিয়ে। তলৰ ফালৰ পৰাও ডেৰফুট ওখকৈ বেৰ বান্ধি দিয়া হয়। যাতে চৌহদৰ ভিতৰলৈ ছাগলী আদি সহজে সোমাব নোৱাৰে। ঘৰৰ চৌহদলৈ কোনোবা সোমাই আহিলে ‘লংৰা’ৰ শব্দই অতিথি অহাৰ আগজাননী দিয়ে।” (দাস, ২০১৭, ১০৫)
সময়ৰ গতিশীলতাত তিৱাসকলৰ গৃহ নিৰ্মাণ শৈলীলৈ পৰিৱৰ্তন আহিছে। আগতে কাঠ-বাঁহ-খেৰৰ দ্বাৰা সজা ঘৰৰ উপৰি বৰ্তমান ইটা, বালি, চিমেণ্ট, টিনপাত আদিৰে ঘৰ সাজে। আৰ্থিকভাৱে স্বচ্ছল ব্যক্তিসকলে বহুমহলীয়া ঘৰ আৰু চৌহদত বাঁহৰ জেওৰাৰ সলনি দেৱাল আৰু জপনাৰ সলনি লোহাৰৰ গেট দিয়ে।
চামাদি বা ডেকাচাং - চামাদি তিৱাসকলৰ এক জীৱন্ত অনুষ্ঠান। চামাদি প্ৰস্তুত কৰোঁতে বহুতো নীতি-নিয়ম মানি চলিব লাগে। চামাদি গাঁৱৰ সোঁমাজত বা গাঁৱৰ একেবাৰে মূৰত সাজে। চামাদিত কোনো বেৰ নাথাকে, কাঠ, বাঁহ, খেৰ আদিৰে সজা চাংঘৰ। চামাদিত তিনিটা থুনাখুটা থাকে। এই থুনাখুটা হাবিৰ পৰা সংগ্ৰহ কৰিবলৈ যাওঁতে চাংদলৈ, চাংমাজি আৰু সৰুমাই উপবাসে থাকে আৰু তেওঁলোকৰ সহিতে ডেকা-বুঢ়া সকলোৱে গছ কাটিবলৈ হাবিলৈ যায়। যিজোপা গছ কটাৰ উপযুক্ত বুলি ভাবে সেইজোপা গছৰ তলত এশটা বাঁহপাত পাৰি তাৰ ওপৰত তামোল-পাণ, সিকি এটা আৰু মদ ঢালি মহাদেৱ আৰু চাৰি ভাই চাৰি কৰাক স্তুতি কৰি কি কাৰণে গছ কাটিব আহিছে সেই কথা কৈ বৃক্ষদেৱতাক প্ৰণাম জনায়। খুনাখুটাৰ কাৰণে কটা গছ ঘোঁৰা গাড়ী আৰু গৰুগাড়ীত অনা নিষেধ। কান্ধত তুলি গাঁৱৰ এমূৰলৈকে গছ কঢ়িয়াই আনিব লাগিব। চাঙত খুটা ব্যৱহাৰ কৰোঁতে বিষয়াসকলৰ সামাজিক মৰ্যাদা অনুপাতে পোতা হয়। “সন্মুখৰ প্ৰথম খুটাটো চাংদলৈৰ নামত চাংঘৰত লগোৱা হয়, দ্বিতীয়টো চাংমাজি আৰু তৃতীয় খুটাটো সৰুমাৰ নামত চাংঘৰত লগোৱা হয়। সেইদৰে থুনাখুটাৰ গছ কাটোতেও প্ৰথম চাংদলৈৰ খুটাটোৱেই কাটি অনা হয় আৰু তাকো বুধবাৰৰ দিনা। ক্ৰমান্বয়ে পিছৰ বুধবাৰকেইটাত চাংমাজি আৰু সৰুমাৰ খুটা দুটা অনা হয়।” (পাটৰ, ২০০৮, ৪১১)
বাঢ়ৈয়ে উপবাসে থাকি থুনাখুটা চাঁচি তাত নানা প্ৰকাৰৰ ফুল আদি অংকন কৰে। চাংদলৈ আৰু সৰুমাৰ খুটাৰ চতি দুটাতহে স্ত্ৰী স্তন অংকন কৰে কিন্তু চাংমাজিৰ খুটাত এনে অংকন কৰা নহয়। চাংমাজি খুটাটো পুৰুষ আৰু চাংদলৈ আৰু সৰুমাৰ খুটা দুটা স্ত্ৰীৰ প্ৰতীক হিচাপে ধৰা হয়।
ডেকা-বুঢ়া সকলোৱে মিলি চামাদিৰ খুটা, ৰুৱা, মাৰলি, কামি চাঁচি তমালেৰে গাঁঠি প্ৰস্তুত কৰে। পবিত্ৰ বুধবাৰত তিনিটা ৰঙা কুকুৰা কাটি চাৰিভাই চাৰিকৰা আৰু মহাদেৱক স্তুতি কৰি প্ৰথম চাংমাজিৰ খুটা পোতে আৰু পিছত এটাকৈ চৰাই দেৱতাৰ নামত উছৰ্গা কৰি চাংদলৈ আৰু সৰুমাৰ খুটা পোতে। চাং পাতি সকলো কাম শেষ কৰি পৱিত্ৰ বুধবাৰ এটাত চামাদি লোৱাৰ দিন ঠিক কৰে। চামাদি লোৱাৰ দিনা বানচ্যুৱা উৎসৱ পাতে, নৃত্য-গীত-বাদ্যৰ ধবনিৰে মুখৰিত কৰি চাৰিটা গাহৰি কাটি মহাদেৱ আৰু চাৰিভাই চাৰিকৰাক স্তুতি কৰি চামাদিৰ শুভাৰম্ভ কৰে। তিৱাসকলৰ প্ৰাচীন কৃষ্টি আৰু পৰম্পৰা স্মৰণ কৰি মন্ত্ৰ আৰু গীতেৰে পূৰ্বপুৰুষসকলকো পূজা কৰে।
চামাদিত খৰকিয়া পান্থাই, পান্থাই আৰু গ্ৰা-পান্থাই নামে তিনিবিধ পান্থাই আছে। ৭-১৬ বছৰ বয়সৰ ডেকাসকলক খৰকিয়া পান্থাই ১৭-১৮ বছৰৰ ভিতৰত ডেকাক পান্থাই আৰু ইয়াতকৈ অধিক বয়সৰ সকলক গ্ৰা-পান্থাই বোলে। তিৱাসকলৰ সামাজিক, সাংস্কৃতিক জীৱনত চামাদিৰ ভূমিকা উল্লেখযোগ্য। তেওঁলোকৰ শিক্ষা-দীক্ষা, নৃত্য, গীত, আত্মৰক্ষা, বৈষয়িক জীৱনৰ শিক্ষা, ঐক্য-সংহতিৰ প্ৰতীক হিচাপে চামাদিৰ উল্লেখযোগ্য বৰঙণি আছে। অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ আৰু চলোৱাৰ শিক্ষা, কৃষিকৰ্ম, বাঁহ-বেতৰ সঁজুলি নিৰ্মাণ, নৃত্য-গীতৰ চৰ্চাৰ কেন্দ্ৰস্থল হ’ল চামাদি। চামাদিত মহিলাৰ প্ৰৱেশ নিষেধ।
সময়ৰ গতিশীলতাত এই চামাদি লাহে লাহে নাইকীয়া হৈ পৰিছে। নানা ঠাইত এই অনুষ্ঠানে মোট সলাই নামঘৰলৈ ৰূপান্তৰিত হৈছে।
নুবাৰ বা বৰঘৰ - তিৱাসকলৰ প্ৰধান উপাসনা গৃহ। তিৱা সমাজ-সংস্কৃতিৰ মূল কেন্দ্ৰস্বৰূপ। একে কুল বা বংশত কেইবাটাও নুবাৰ বা বৰঘৰ থাকে। প্ৰত্যেক মাতৃগোটৰ সুকীয়া সুকীয়া বৰঘৰ থাকে। বৰঘৰ পূবা-পশ্চিমাকৈ সাজে। বৰঘৰ দুকোঠলীয়া আৰু দুৱাৰৰ আকৃতি থিয়। প্ৰথম কোঠাটোক বাহিৰচ’ৰ (ন’মাজি’) ইয়াত আলহী-অতিথিক শুশ্ৰূষা কৰা হয়। দ্বিতীয় কোঠাটোক ভিতৰচ’ৰা (নু কঠি) ইয়াত দেৱ-দেৱীক পূজা কৰা হয় আৰু ৰন্ধা-বঢ়া কৰে। ন’বাৰৰ এটা খুটা গমাৰি কাঠেৰে হ’ব লাগে। পূবফালে মুধচত দিয়া পৱিত্ৰ খুটাটোক মিন্দাইনে থুনা বুলি কয়। নুবাৰত দুখন আসন পাতে এখন দেৱ-দেৱীৰ আনখন পূৰ্বপুৰুষৰ।
সচংঘৰ - সচংঘৰ তিৱাসকলৰ গোপন ধৰ্ম অনুষ্ঠান। দুকোঠলীয়াকৈ সজা গৃহটোৰ এটা কোঠাত ভকতসকল বহে আৰু আনটো কোঠাত ৰন্ধা-বঢ়া কৰে। বাঁহ আৰু কাঠেৰে সচংঘৰ সজা হয়। পিতৃধবজ নামৰ এগছি চাকি ফা মহাদেউৰ লিংগৰ প্ৰতীক হিচাপে সচংঘৰত জ্বলোৱা হয়। ৰান্ধনিঘৰত মাতৃধবজ নামৰ এগছি চাকি আই ভগৱতীৰ প্ৰজনন আৰু শক্তি বা বীজৰ প্ৰতীক হিচাপে জ্বলোৱা হয়।
তিৱাসকলৰ মাজত স্থাপত্য-ভাস্কৰ্যৰ আভাস পোৱা যায়। পবিতৰা অভয়াৰণ্যৰ বুকুৱেদি বৈ অহা গৰঙা বিলৰ পাৰত অৱস্থিত গৰঙা মন্দিৰ। গৰঙা মন্দিৰৰ কাৰুকাৰ্যখচিত দেৱালবোৰে স্থাপত্য-ভাস্কৰ্য্যৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। মৰিগাঁও জিলাৰ বহা পাহাৰৰ দাঁতিত শিলত খোদিত বিশাল গণেশ মূৰ্তি স্থাপত্য-ভাস্কৰ্য্যৰ নিদৰ্শন। জাগীৰোডৰ ওচৰত অৱস্থিত ‘সীতাজখলা’ নামে ঠাইত শিলৰ জখলা আৰু শিলেৰে নিৰ্মিত সীতাশাল পোৱা গৈছে। হনুমান আৰু সীতাৰ মূৰ্তি খোদিত কৰা মন্দিৰ আছে। মৰিগাঁও জিলাৰ অন্তৰ্গত বঘৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিছফালে প্ৰায় ৫০০ মিটাৰ মান দূৰত অৱস্থিত কন্যাকন্দা শিল। “কন্যাকন্দা শিলৰ আকৃতিসমূহ বিভিন্ন ধৰণৰ ডবা, নাগাৰা, মানুহ আকৃতিৰ, দৰা-কইনাৰ মূৰ্ত্তিকে ধৰি কেইবাটাও মূৰ্ত্তি পোৱা যায়।” (বড়া, ২০১৮, ৫১) কন্যাকন্দা শিলৰ গাতে লাগি আছে বঘৰাৰ তলাতল গুহা ৰাজ্যৰ অৱস্থিতি। বঘৰা পাহাৰত দুটা প্ৰাচীন গুহাৰ সন্ধান পোৱা গৈছে। আমচৈত থকা শিলৰ বাউলা কোঁৱৰৰ মূৰ্ত্ৰ্তি, শিৱকুণ্ড অঞ্চলৰ শিৱমূৰ্ত্ৰ্তি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা তিৱা ৰাজ-পাৰিষদবৰ্গ বহা শিলৰ আসন ‘শিলচাং’ আদি। প্ৰাচীন কীৰ্তিচিহ্নবোৰে তিৱা স্থাপত্য-ভাস্কৰ্য্যৰ সুন্দৰ চানেকী বহন কৰে। প্ৰাচীন বঘৰা ৰাজ্যৰ অনন্ত থানত দুটা মূৰ্ত্তিৰ ওপৰত সৰ্পই ফনা মেলি থকা, মায়ঙৰ কাছশিলা পাহাৰৰ শিলত খোদিত শিৱ-পাৰ্বতীৰ যুগল মূৰ্ত্তি, ধৰমতুলৰ বৰাহ-বিষু্ণৰ মূৰ্ত্ৰ্তি, কুমৈৰ কুমদাং পাহাৰত থকা কালিকা দেৱীৰ মূৰ্ত্তি, নেলীত থকা মহামায়া মূৰ্ত্তি, গোভাৰ কাঠেৰে সজা দাৰু-গোপাল (কৃষ্ণ) মূৰ্ত্তি, বসুন্ধৰী পাহাৰৰ গণেশ মূৰ্ত্ৰ্তি, মহাদেৱ পাৰ্বতীৰ শিলত কটা মূৰ্ত্ৰ্তি, বাৰূকটাৰ বিষু্ণমূৰ্ত্তি, নেলীৰ ভাগৱতী থানৰ ভাগৱতী মহামায়া, কেঁচাইখাইতী আৰু ডাকিনী চাৰিওগৰাকী মূৰ্ত্তি এটা স্তম্ভৰ চাৰিওকাষে খোদিত হৈ আছে। বগৰিগুৰিৰ মহাদেওশাল অঞ্চলৰ শিৱৰ মূৰ্ত্তি আদিয়ে তিৱাসকলৰ স্থাপত্য-ভাস্কৰ্য্যৰ উৎকৃষ্ট নিদৰ্শন।
ওপৰৰ আলোচনা পৰা দেখা গ’ল যে তিৱা জনগোষ্ঠীৰ লোক-স্থপতিবিদ্যাই তিৱা সংস্কৃতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গৃহনিৰ্মাণ প্ৰণালী, চামাদি নিৰ্মাণ, বৰঘৰ নিৰ্মাণ, সচংঘৰ নিৰ্মাণ শৈলী আৰু স্থাপত্য-ভাস্কৰ্য্যসমূহে তিৱা স্থপতিবিদ্যাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। সময়ৰ গতিশীলতাত আৰু আধুনিকতাৰ প্ৰভাৱত কিছু কিছু পৰম্পৰা লুপ্ত হ’বলৈ ধৰিছে যদিও সম্পূৰ্ণৰূপে বাদ দিয়া নাই। তিৱাসকল আজিও স্বকীয় মহিমাৰে মহীয়ান।
গ্ৰন্থপঞ্জীঃ
১। গগৈ, লোকেশ্বৰঃ অসমৰ লোকসংস্কৃতি, ৩য় খণ্ড, ক্ৰান্তিকাল প্ৰকাশন, ২০১০, নগাঁও
২। পাটৰ, পদ্মঃ জনজাতি সমাজ আৰু সংস্কৃতি, ৰিংচাং পাব্লিকেশন, ২০০৮
৩। দাস, মুৰুলীধৰ (মু.স.), শইকীয়া, হেমন্ত কুমাৰ (সম্পা.)ঃ লোকসংস্কৃতি, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংস্কৃতি গৱেষণা প্ৰতিষ্ঠান, ২০১৭, প্ৰথম বছৰ, প্ৰথম সংখ্যা, নগাঁও
৪। বড়া, দিগন্ত কুমাৰঃ মৰিগাঁৱলৈ আহিব, কস্তুৰী প্ৰকাশন, ২০১৮, গুৱাহাটী
(লেখিকা, সহকাৰী অধ্যাপিকা, জুৰীয়া মহাবিদ্যালয়)