Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

কলা আৰু সংস্কৃতি

ব্যাসকলাই আৰু কেন্দুকলাইৰ ‘ওজাপালি’

post

Share

লেখিকাঃ ববী কলিতা

লোক পৰিৱেশ্য কলা হিচাপে ওজাপালিৰ গুৰুত্ব অপৰিসীম। পৰিপূৰ্ণ লোকনাট্যৰ শাৰীত নেপেলালেও অসমৰ ওজাপালি অনুষ্ঠানৰ বিষয়ে আলোচনা নকৰিলে অসমৰ লোকনাট্যৰ বিষয় আধৰুৱা হব। কাৰণ পুতলা নাচৰ পাছতই প্ৰাচীন ওজাপালি অনুষ্ঠানৰ প্ৰভাৱ অকল শ্ৰীমন্ত শংকৰদেৱৰ নাট-ভাওনাৰ ওপৰতে সীমাবদ্ধ নাছিল। অসমৰ বিভিন্ন লোকনাট্যানুষ্ঠানত ইয়াৰ প্ৰভাৱ সূদূৰপ্ৰসাৰী। অসমৰ বিভিন্ন ঠাইত ওজাপালি অনুষ্ঠানৰ সমপৰ্যায়ৰ বিভিন্ন পৰিৱেশ্য কলা গঢ় লৈ উঠিল। অবিভক্ত গোৱালপাৰাত মাৰে গান, ভাষান গান, গীদালু গীত, নগাঁৱৰ নগঞা ওজাপালি, অবিভক্ত কামৰূপৰ আপী ওজাপালি, ৰাইমন ওজাপালি, ভাইৰা ওজাপালি, দুলড়ী ওজাপালি আদি দৰঙৰ ওজাপালি অনুষ্ঠানৰ আৰ্হিত গঢ়ি উঠা আঞ্চলিক ৰূপ।

ওজাপালি অসমৰ এক অৰ্ধনাটকীয় পৰিৱেশ্যকলা। সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত। ওড্ৰ-মাগধী শৈলীৰ চৰিত্ৰৰ লগত ভালেখিনি খাপখোৱা ওজাপালি অনুষ্ঠান ভাৰতীয় মাৰ্গীয় সংগীত পৰম্পৰাগত জন্ম। ইয়াৰ উদ্ভৱ আৰু বিকাশত ধৰ্মানুষ্ঠানৰ প্ৰভুত অৰিহণা আছে। এই ওজাপালি কলাশৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন মিথ (Myth) আৰু জনশ্ৰুতি জড়িত হৈ আছে। এক দৈৱিক মতবাদমতে, বৃহন্নলাৰূপী অৰ্জুনৰ দ্বাৰা এইবিধ কলা স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হয়। পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ®ৰ দ্বাৰা এই কলা আয়ত্ব কৰি শিষ্যসকলক শিকায় বুলিও বিয়াহৰ ওজাপালিসকলে বিশ্বাস কৰে। ব্যাসকলাই আৰু কেন্দুকলাই এই দুগৰাকী ব্যক্তি বিশেষো ওজাপালিৰ জনক বুলি জনশ্ৰুতি প্ৰচলিত। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ এগৰাকী বিশিষ্ট পণ্ডিত পণ্ডিত বেদাচাৰ্যৰ স্মৃতি ৰত্নাকৰ, অসমৰ তাম্ৰশাসন, গুৰু-চৰিত কথা আৰু বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যত এই ওজাপালি কলাশৈলী প্ৰাচীন কালৰে পৰা প্ৰচলন থকাৰ বিভিন্ন তথ্য দেখা পোৱা যায়। অসমৰ বিভিন্ন তথ্য দেখা পোৱা যায়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত। এই মাৰ্গীয় সংগীত পৰম্পৰাই মহাকাব্য অথবা পুৰাণৰ কাহিনী গীত, নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে প্ৰচাৰ কৰা এক জন চিত্ত বিনোদক লোককলাশৈলী ৰূপে বৰপীৰা পাৰি বহিল।

ওজাপালি অনুষ্ঠানক বিষয়বস্তু অনুসৰি দুটা ভাগত ভাগ কৰিব পাৰিঃ

          (১) মহাকাব্য আশ্ৰয়ী আৰু

          (২) মহাকাব্য অনাশ্ৰয়ী

মহাকাব্য আশ্ৰয়ী ওজাপালিক আকৌ ৭টা উপভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হলঃ                        

(১) বিয়াহৰ অথবা সভাগোৱা  ওজাপালি।

(২) ৰামায়ণ অথবা ৰায়মন ওজাপালি।

(৩) ভাউৰা বা ভাইৰা ওজাপালি।

(৪) দুৰ্গাবৰী ওজাপালি।

(৫) সত্ৰীয়া ওজাপালি।

(৬) পাঞ্চালী ওজাপালি।

(৭) দুলড়ী ওজাপালি।

একেদৰে মহাকাব্য অনাশ্ৰমী ওজাপালিক ৫টা ভাগত ভগাব পাৰিঃ

(১) সুকন্নানী ওজাপালি।

(২) বিষহৰী গান।

(৩) মাৰে গান।

(৪) পদ্দা পুৰাণৰ গান।

(৫) টুকুৰীয়া ওজাপালি।

(৬) গীদালু গীত।

ওজা আৰু পালিঃ এই দুবিধ অনুষ্ঠান নিৰ্বাহিকৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত। পালি আকৌ দুবিধঃ দাইনা পালি আৰু সাধাৰণ পালি। নৃত্য, গীত, বাদ্য, ৰাগ, তাল, লয়, মুদ্ৰা, গতি, ভংগী আদিত সুদক্ষ ওজাৰ শাৰীৰিক গঠন আকৰ্ষণীয় হোৱা উচিত। প্ৰখৰ স্মৃতিশক্তি ওজাৰ এক প্ৰয়োজনীয় গুণ। নৃত্য-গীতৰ পৰিচালক ওজাই দিহা, ৰাগ আদি প্ৰথমে লগাই দিয়ে আৰু পালিসকলে সহযোগ কৰে। দাইনাপালি বা অন্য পালিৰ দ্বাৰা ওজাই পৰিৱেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাৱে অথবা অভিনয় ভংগীত দৰ্শকক বুজাই দিয়ে। দাইনা পালিৰ পিছতেই গোৰপালিৰ স্থান। ইয়াৰ পিছতেই সহায়ক বা আগপালিৰ গুৰুত্ব। ওজাপালিৰ ৰূপ অনুসৰি ওজা আৰু পালিসকলৰ সাজ-পোছাক বিভিন্ন ধৰণৰ। মাথো সকলোৱে বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰে। কোনো ওজাপালিৰ ওজাই জামাই উপৰিও মূৰত বিশেষধৰণৰ টুপী পিন্ধে অথবা পাগ মাৰে। মুখ্যতঃ ধৰ্মীয় দিশৰ লগত সম্পৃক্ত বাবেই ওজাপালিৰ সকলোৱে শুদ্ধ পোচাক পৰিধান কৰে। বিভিন্ন শাস্ত্ৰীয় ৰাগ-ৰাগিনী গোৱা ওজাপালি অনুষ্ঠানত সচৰাচৰ অংগৰ সংযুতি পৰিদৃশ্যমান। প্ৰাচীনকালৰে পৰা ৰজাঘৰ-প্ৰজাঘৰ উভয়পক্ষতে এই ওজাপালি অনুষ্ঠানে বিশেষ সমাদৰ লাভ কৰি আহিছে। 

লেখিকাৰ ভ্ৰাম্যভাষঃ ৮৪৮৬১৭১৬০৯

আপুনিও ভাল পাব পাৰে!