কলা আৰু সংস্কৃতি

শংকৰদেৱৰ অনুপম সৃষ্টি মুখা শিল্প আৰু ইয়াৰ চৰ্চা

post

Share

লেখকঃ ধীৰেণ শইকীয়া

মুখা মানুহৰ আদিম কৃতি৷ ই মানৱ সভ্যতাৰ ক্ৰমবিকাশৰো উল্লেখনীয় মাপকাঠি৷ পৰৱৰ্ত্তীকালত ই কলালৈ পৰ্যবসিত হল৷ আমাৰ অসমত মুখাৰ ব্যৱহাৰ আদিম কালৰ পৰাই আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই মুখাশিল্পক এক পৰিশীলিত ৰূপেৰে আগবঢ়াই লৈ আহিল৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত বৰগীত, নাট, বাদ্য, ভাওনা আদি মুখ্য মাধ্যম হিচাপে লৈ আগবাঢ়ি যাওঁতে যি এক সাংস্কৃতিক আন্দোলন গঢ়ি উঠিছিল সেই বিশাল সাংস্কৃতিক আন্দোলনত মুখাশিল্পয়ো বিশেষ ঠাই অধিকাৰ কৰি আহিছে৷ আমাৰ অসমত খেতি পথাৰত বা লোকনাট পৰম্পৰাসমূহত আগৰে পৰা মুখা বা মুখাসদৃশ সামগ্ৰী থকাৰ উমান পোৱা যায়৷ খেতি পথাৰত, নাৰিকল, তামোল বা অন্য ফলমূলৰ গছত চূণ সানি থোৱা টেকেলিটোত এঙাৰেৰে মুখাবয়ব এটা সৃষ্টি কৰা নতুবা ধান খেৰৰ জুমুঠি সাজি ভয়ংকৰ ৰূপ প্ৰকাশ কৰাৰ বাবেই জীৱ-জন্তুসমূহ সেই খেতিদৰাৰ ফালে নগৈছিল৷ আকৌ গ্ৰাম্যাঞ্চলসমূহত অতীজৰে পৰা চলি থকা যাত্ৰাপাৰ্টি, ঢেপাঢুলীয়া আদিতো দৈত্য, ৰাক্ষস, জীৱ-জন্তু বা ভয়ানক কিবা এটা বুজাবলৈ মুখাৰ ব্যৱহাৰ কৰি আহিছিল৷

আজিও অসমৰ বিভিন্ন ঠাই আৰু মাজুলীৰ বিভিন্ন সত্ৰসমূহত মুখাশিল্পৰ চৰ্চা ব্যাপকভাৱে দেখা যায়৷ অভিনয়ৰ লগত জড়িত প্ৰায়বোৰ অনুষ্ঠানেই আজি মুখাক পোনপতীয়াকৈ ব্যৱহাৰ কৰি আহিছে৷ স্থানীয়ভাৱে সহজলভ্য বাঁহ, বেত, কাপোৰ, গোবৰ মাটি, কাঠ, কুঁহিলা, কাগজ, আঠা, হেঙুল হাইতাল, বজাৰত উপলব্ধ ৰং, প্লাষ্টাৰ কাপোৰ আদিৰে এই মুখাসমূহ তৈয়াৰ কৰা দেখা যায়৷ অসমত মুখাৰ ব্যৱহাৰ আৰু জনপ্ৰিয়কৰণত শংকৰদেৱ গুৰুজনাই লোৱা প্ৰচেষ্টাক আজিও গৱেষকসকলে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে৷

অসমৰ বাহিৰত মুখাশিল্পৰ ব্যৱহাৰ

ভাৰতবৰ্ষত মুখাৰ আৱিষ্কাৰ কেতিয়া কৰ পৰা হল কোনো তথ্যভিত্তিক প্ৰমাণ নাই৷ তথাপি খ্ৰীঃপূৰ্ব তেৰশ চনৰ আগতেই ভাৰতত মুখাৰ প্ৰচলন আছিল বুলি ঠাৱৰ কৰিব পাৰি৷ ভাগৱত পুৰানত বৰ্ণিত বিষ্ণুৰ নৃসিংহ ৰূপ, হিৰন্যকশিপু, ৰাৱন, পুতনা, জতায়ু, বকাসুৰ আদিৰ মুখা শংকৰদেৱ গুৰুজনাৰ আগৰ কালৰ সৃষ্টি বুলি বহুতে কব খুজিলেও গুৰুজনে এই মুখাশিল্পক অংকীয়া নাটত ব্যৱহাৰ কৰি গনমাধ্যমটোৰে হৰি কথা প্ৰচাৰ কৰিছিল৷ পণ্ডিতসকলৰ মতে, গ্ৰীক নাটকতো মুখাৰ ব্যৱহাৰ মন কৰা যায়৷ এই মুখাসমূহো জীৱ-জন্তুৰ ছাল-নোম-লাউৰ খোলা, গছৰ বাকলি, চৰাই পাখি আদিৰে তৈয়াৰ কৰিছিল৷ জনামতে, অল্ড টেষ্টামেন আৰু নিউ টেষ্টামেণ্টতো অসুৰ, ড্ৰেগন, সৰীসৃপ আদিৰ ছবি মুখাৰে সৈতে উপস্থাপন কৰিছিল৷ ভাৰতীয় নাট্য পৰম্পৰাৰ উৰিষ্যা, বিহাৰ, কেৰালাৰ লোকনাট্যসমূহতো ইয়াৰ প্ৰয়োগ দেখা যায়৷ উত্তৰ ভাৰতৰ ৰামলীলাতো মুখাৰ ব্যৱহাৰ আছে৷ চীন, জাভা, বালী দ্বীপ, জাপান আদিতো প্ৰাচীন লোক কলা কৃষ্টিসমূহত কাঠ বা বাহৰ মুখাৰ প্ৰয়োগ দেখা পাওঁ৷  ৰক্তিম ৰঞ্জন শইকীয়া, মনোৰঞ্জন বৰদলৈ সম্পাদিতভাওনা দৰ্পনগ্ৰন্থখনৰভাওনাৰ মুখাশিল্পনামৰ প্ৰবন্ধত ড ত্ৰিবেনীৰেখা শইকীয়াই স্পষ্টভাৱে লিখিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টিচিহ্নযাত্ৰাৰ আগত মুখাৰ ব্যৱহাৰ কোনো উল্লেখ নাই৷ গুৰুচৰিতত উল্লেখ কৰা সকলো কথা সঁচা বুলি ধৰিলে, ‘চিহ্নযাত্ৰানাটকতেই শংকৰদেৱে ভাওনাৰ কিছুমান উপাদান, যেনেগীতবাদ্য, মুখা আদি পুৰ্ণাঙ্গ ৰূপত পৰিৱেশন কৰিছিল৷ [পৃষ্ঠা ১১৮]

শংকৰদেৱ আৰু পৰৱৰ্তী সময়ত নৱ বৈষ্ণৱ ধৰ্মাৱলম্বী গুৰুসকলে প্ৰতিষ্ঠা কৰা সত্ৰসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা নাট ভাওনাসমূহতো মুখাই এক ব্যাপক ভূমিকা লৈছিল বুলি জনা যায়৷ এই মুখাসমূহৰ বেছিভাগেই পুৰুষ কেন্দ্ৰীক৷ নাৰীৰ ক্ষেত্ৰত ব্যৱহূত মুখাসমূহতো বহু সময়ত পুৰুষসুলভ ভংগীহে দেখা যায়৷ কেইবাগৰাকীও মুখাশিল্পীয়ে লিখামতে, মুখাত ব্যৱহূত ৰং সমূহ আদিতে খনিজদ্ৰব্য (হেঙুল, হাইতাল) বা গছৰ পৰা তৈয়াৰ কৰি ব্যৱহাৰ কৰা হৈছিল৷

কেনেদৰে বনোৱা হয় মুখা ?

মুখাশিল্পী ৰেৱকান্ত মহন্তদেৱে স্পষ্টভাৱে লিখিছেনিজৰ মুখখন ঢাকি ৰাখি আৱৰণৰ সহায়ত অন্যৰূপ প্ৰদৰ্শন কৰা বস্তুৱেই মুখা৷ ছো ঘৰতে এই মুখা যতনেৰে পিন্ধা হয়৷ সাধাৰণতে এই মুখা নিৰ্মাণত জাতি বাঁহেৰেটোমআকৃতিৰে বৈ বৈ সজা হয়৷ প্ৰথমে জকাটো বৈ লয়, পিছলৈ তাত কুমাৰ মাটি, বোকা গুলি নিৰ্মাণ কৰা হয়৷ ৰদ লগাই শুকোৱাৰ পিছত একেবাৰে শেষত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে৷

মুখাশিল্পী ৰেৱকান্ত মহন্তদেৱে তেওঁৰ প্ৰবন্ধঅংকীয়াভাওনাৰ অন্যতম আহাৰ্য পৰম্পৰাগত মুখাশিল্পত স্পষ্টভাৱে লিখিছেমহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বাঁহৰ কাঠীৰে মুখাসাজি ভাওনা ঘৰত ব্যৱহাৰ কৰি দেখুৱা প্ৰথমজন শিল্পী৷ মহাপুৰুষ গুৰুজনাই সজা মুখাসমূহৰ ভিতৰত অনন্ত শয্যৰ, ব্ৰহ্মাৰ মুখা তথা ব্ৰহ্মাৰ বাহনৰাজ হংস’, শিৱৰ মুখা তথা শিৱৰ বাহনবৃষভ, বিষ্ণুৰ বাহনগৰুড়আদিয়েই প্ৰধান৷

মুখাৰ প্ৰকাৰ

মুখা কেইবা প্ৰকাৰো৷ নাট্যশাস্ত্ৰৰ মতে পুষ্ট মুখা আৰু সঞ্জীৱ মুখা৷ ব্ৰহ্মা, হিৰন্যাক্ষ, চক্ৰবাত অসুৰ, পুতনা আদি পুষ্টমুখা আৰু জীৱ-জন্তু, সৰীসৃপ, বগলী, চৰাই আদিৰ মুখাসমূহক নাট্যশাস্ত্ৰত সঞ্জীৱৰ অন্তৰ্ভূক্ত কৰিছে৷ আকৃতিৰ ফালৰ পৰা মুখা দুই-প্ৰকাৰৰ৷ যেনেমূৰ মুখা আৰু মুখ মুখা৷ মুৰ মুখাই কেৱল মুৰভাগ আঁৱৰি ৰাখে৷ আনহাতে মুখমুখাই শৰীৰৰ অন্যান্য ভাগটো আঁৱৰি ৰাখে৷

অসমত ৪ প্ৰকাৰৰ মুখা সজাৰ ব্যৱস্থা আছে

[] কাঠৰ মুখা, [] বাঁহৰ কাঠীৰ মুখা, [] কাপোৰৰ মুখা, [] সাঁচৰ মুখা৷

কাঠৰ মুখা  কাঠ মিস্ত্ৰীৰ সকলোবোৰ সামগ্ৰীৰে কাঠ এডোখৰ সুন্দৰকৈ কাটি এনেবোৰ মুখা বনোৱা হয়৷

বাঁহৰ কাঠীৰ মুখাঃ টোমৰ মোৰ, লখিমী মোৰ বা বিশ্বকৰ্মা মোৰ আদি ৬টা মোৰেৰে বাহৰ দৈ তুলাই (বহু সময়ত পানীত জুবুৰীয়াই থৈ) এইবিধ মুখা তৈয়াৰ কৰি পিছত কেইবাদিনো ৰদাই তাৰ ওপৰত বিশেষ একশ্ৰেণীৰ মাটি লিপি তাৰ ওপৰত ৰং ঘঁহি এই মুখা প্ৰস্তুত কৰা হয়৷

কাপোৰৰ মুখাঃ কাপোৰ, তুলা, বেজী-গুলি আদিৰ ব্যৱহাৰেৰে এই মুখা প্ৰস্তুত কৰা হয়৷ সাধাৰণতে ডাঢ়ি, চুলি, চেলাউৰি আদি এনেদৰে প্ৰস্তুত কৰে৷

সাঁচৰ মুখাঃ কাগজ, মৰাপাট, কলগছৰ আঁহ আটা, ময়দা, কেন্দুগুটি আদিৰে এইবিধ মুখা প্ৰস্তুত কৰা হয়৷ হেঙুল, হাইতাল, এঙাৰ, কেৰাচিন তেলৰ চাকিৰ ধোৱা, নীল, জামুগছৰ খৰিৰ এঙাৰ, খনিজ পদাৰ্থ, বগামাটি আদি বিবিধ পদাৰ্থৰে মুখাৰ ৰং প্ৰস্তুত কৰা হয়৷ আজিকালি বহুতে বজাৰত উপলব্ধ ৰঙো ব্যৱহাৰ কৰে৷ ৰামবিজয় ভাওনাত তাৰকা ৰাক্ষসী, মাৰীচ আৰু সুবাহুৰ মুখা, ৰাৱনৰ মুখা, সুৰ্পনখাৰ মুখা, হনুমান, বালী, সুগ্ৰীৱ, জাম্বৱন্ত আদিৰ মুখা আৰু নৃ-সিংহ যাত্ৰা ভাওঁনাত হিৰণ্যাক্ষ, হিৰন্যকশিপু, বৰাহ, নৰসিংহ, গৰুড়পক্ষী আদিৰ মুখা এইক্ষেত্ৰত লেখত লবলগীয়া৷

একেদৰে ৰাস ভাওঁনাতঅনন্ত শয্যা, শিশুকৃষ্ণ যমুনা পাৰ কৰোঁতে লগত যোৱা সাপডালৰ মুখা, বকাসুৰ, অঘাসুৰ, পুতনা আদিৰ মুখা স্যামন্তক হৰণত সিংহ, জাম্বৱন্ত, প্ৰসেনৰ ঘোঁৰা, বাঘ, হৰিণ আদিৰ মুখা, গজেন্দ্ৰ উপাখ্যানত গ্ৰাহ, গজেন্দ্ৰ, গৰুড়ৰ মুখা আদি অন্যতম এনে মুখা৷ নৃসিংহ মুখাভাগেই অসমৰ প্ৰাচীন মুখা বুলি জনা যায়৷ শিশু আৰু কিশোৰ কৃষ্ণক হত্যা কৰিবলৈ অহা ভয়ংকৰ বকাসুৰক কাঠ, বাঁহৰ শলা, ৰছী, কুঁহিলাৰে, কাগজ আদিৰে সজা মুখা পিন্ধাই দিয়া হয়৷

মুখাৰ সংৰক্ষণঃ

মুখাসমূহৰ সংৰক্ষণৰ বাবে যাদুঘৰৰ দায়িত্ব অপৰিসীম৷ চিত্ৰকলা মহাবিদ্যালয়, কলাক্ষেত্ৰ, ৰবীন্দ্ৰ ভৱন আদিয়ে এই মুখাসমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে অহৰহ চেষ্টা কৰি আহিছে যদিও আজিও সি যথোপযুক্ত নহয়৷ আমি জনামতে, কলাক্ষেত্ৰ সমাজৰ লগতে ভাৰত চৰকাৰৰ ললিত কলা অকাডেমীয়ে উত্তৰ পূৰ্বাঞ্চল আৰু অন্যান্য কলাকুশলীসকলৰ মাজত মুখাশিল্পৰ কেইবাখনো কৰ্মশালা পাতিছে আৰু থলুৱা শিল্পীসকলৰ অধীনত বিভিন্ন সত্ৰসমূহতো সৰু সৰু কৰ্মশালা অনুষ্ঠিত কৰিছে৷ পিছে এইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অধিক অৱকাশ আছে৷ মুখাশিল্পীসকল সদায় প্ৰচাৰ বিমুখ৷ গতিকে চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনে এই মুখাশিল্পীসকলক বিচাৰি আনি তেওঁলোকক আৰু অধিক প্ৰেৰণা যোগালে সমাজলৈ তেওঁলোকৰ বৰঙনি আৰু বাঢ়িব৷

মাজুলীৰ চামগুৰি সত্ৰৰ বাহিৰেও এলেঙি নৰসিংহ, বিহিমপুৰ, নতুন কমলাবাৰী আদি সত্ৰতো এই শিল্প বিধৰ সাধনা চলে৷ ড দেৱজিৎ শইকীয়াইমাজুলীপ্ৰবন্ধ সংকলনখনতমাজুলীৰ অৰ্থনৈতিক দৃশ্যপটপ্ৰবন্ধত লিখিছে– ‘মাজুলীৰ শিল্পীসকল মুখাশিল্পত ইমানেই সুনিপুন যে তেওঁলোকৰ দ্বাৰা সাধনাৰে নিৰ্মিত নৃসিংহ, ৰাৱন, পুতনা, ৰাক্ষস, সৰস্বতী আদিৰ মূৰ্তিবোৰ কেৱল জীৱটোহে দিবলৈ বাকী থাকে৷ চামগুৰি সত্ৰৰ শিল্পীৰ দ্বাৰা নিমি¸ৰ্ত মুখাৰ অসমৰ বিভিন্ন ঠাইত যথেষ্ট চাহিদা আছে৷ তদুপৰি বিভিন্ন সত্ৰৰ প্ৰায়বোৰ বৈষ্ণৱে ভাওনাৰ সাজ-পোছাক তৈয়াৰ কৰি লাভৱান হোৱাও দেখা গৈছে৷ এই শিল্পীসকলে মুখা বিক্ৰী অথবা ভাওনাৰ সাজভাড়ালৈ দি আয় অৰ্জন কৰে৷ ’ [২১৭ পৃষ্ঠা]

মাজুলীৰ শ্ৰীশ্ৰী এলেঙি নৰসিংহ সত্ৰ অন্যতম মুখাশিল্পৰ বাবে৷ বহু বছৰ ধৰি সত্ৰখনে ছোমুখা, লোটোকাই মুখা আৰু মুখ মুখা এই প্ৰতিবিধ মুখাই এই সত্ৰত নিৰ্মাণ তথা চৰ্চাৰ লগতে স্বৰ্গগামী সত্ৰাধিকাৰদ্বয় শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু শ্ৰীশ্ৰী প্ৰিয়কান্ত মহন্তৰ নাম অবিচ্ছেদ্যভাব্য জড়িত৷ ইতিমধ্যে অসমৰ কালছাৰেল এফেয়াৰ্ছৰ তৰফৰ পৰা আমন্ত্ৰিত হৈ ললিত চন্দ্ৰ মহন্ত আৰু গোপাল চন্দ্ৰ মহন্তৰ দ্বাৰা নিমিত মুখাৰে এক ভাওনা শংকৰদেৱ কলাক্ষেত্ৰত ২০০৬ বৰ্ষৰ জানুৱাৰীত প্ৰদৰ্শন হৈছে (প্ৰশান্ত কুমাৰ মহন্তৰ তথ্যৰ উদ্ধৃতিৰেঃমাজুলী গ্ৰন্থৰ পৰা)

মুখা সজা শিল্পীয়ে বাঁহৰ টুকুৰাবোৰ কেইবাদিনো পানীত তিয়াই থৈ তাৰ পৰা বিভিন্ন আকৃতিৰ দৈ তুলাই সেইবোৰ আকৌ যতনেৰে ৰদাই বিভিন্ন  ‘মোৰেৰে বৈ মুখা সজা হয়৷ তাৰ ওপৰত কুমাৰমাটি গুলি সেই বৈ লোৱা অৱয়বটোত বিশেষ প্ৰক্ৰিয়াৰে লেপি দিয়া হয়, বহুতে আজিকালি চিমেণ্ট, বালিৰ মিশ্ৰণো ব্যৱহাৰ কৰি পিছলৈ নিমজ কৰিবলৈ চিৰিজ কাগজ মাৰি দিয়ে৷ কাঠিবোৰ পানীত গোৰাই থোৱাৰ কাৰণ হল যাতে ই বেছিদিন পোক পৰুৱাই নষ্ট কৰিব নোৱাৰাকৈ ৰাখিব পৰা যায়৷

মুখাবিলাকৰ আকৃতি-অবয়ব তথা শিল্পসজ্জা অঞ্চলভেদে বেলেগ বেলেগ৷ থলুৱা চিন্তাচৰ্চাই মুখাক আজিও প্ৰভাৱন্বিত কৰি আহিছে৷ উদাহৰণস্বৰূপে বাস্তৱৰ পৰা আঁতৰিও বহু সময়ত মুখা প্ৰস্তুত কৰা দেখা যায়৷ অতিনাটকীয় ভংগিমা বা ভয়ভাব সঞ্চাৰৰ বাবেই কিজানি সৰীসৃপ, নৰসিংহ ব্ৰহ্মা আদিৰ মুখা এনেদৰে সাজিছিল বুলি ভবাৰ থল আছে৷ মুখাসমূহ সাধাৰণতে ভাওনাকেন্দ্ৰিক যদিও আজিকালি ৰাজহুৱা দৰ্শনীৰ বাবে বা বিদ্যায়তনিক দিশৰ বাবেও মুখা সজা দেখা যায়৷

মুখাৰ জৰিয়তে অতিনাটকীয়, ভয়াবহ পৰিৱেশ আৰু মুগ্ধ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে ব্যৱহৃত হৈছিল দৰ্শকক বীৰ, হাস্য, বীভৎস, অদ্ভুত, ভয়ানক ৰসৰ যোগান ধৰাই মুখাৰ প্ৰধান উদ্দেশ্য৷ ভাওনাৰ মুখাৰ বাবে স্থানীয়ভাৱে উৎপদিত সামগ্ৰী ব্যৱহাৰ কৰা হয়৷

আপুনিও ভাল পাব পাৰে!