লেখকঃ অনিল ডেকা
অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহুৰ জৰিয়তে অসমীয়া সমাজ সম্বন্ধে এটি স্পষ্ট ধাৰণা কৰিব পাৰি৷ বিহু ঘাইকৈ কৃষিমুখী উৎসৱ৷ কৃষিক কেন্দ্ৰ কৰিয়েই অসমীয়া কৃষ্টি-সংস্কৃতি গঢ় লৈ উঠিছে৷ বহু শতিকাৰ আগতে মানুহে শস্য উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগেই বিহু উৎসৱৰ সূচনা হয় বুলি ক’ব পাৰি৷ জাতীয় সংস্কৃতি এদিনতে গঢ় লৈ নুঠে৷ যুগ যুগ ধৰি জাতিৰ যি জীৱন মন্দাকিনী বৈ গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে জাতিৰ সংস্কৃতিয়ে স্বকীয় ৰূপ লয়৷ প্ৰাচীন কালৰে পৰা যিবোৰ ক্ৰিয়া-কাৰ্য, অনুষ্ঠান-উৎসৱৰ মাজেদি অসমীয়া জীৱন যাত্ৰা আৰম্ভ হৈছে, সেই সকলোবোৰৰ সংগমতহে জাতীয় সংস্কৃতিৰ জন্ম৷
বিহু অসমৰ জাতীয় উৎসৱ৷ বিহু যদিও তিনিটা তথাপি ৰঙালী বিহু বা ব’হাগ বিহুতহে অসমীয়াই বেছি ৰং-ধেমালিৰে বিহু উৎসৱটো অধিক জীপাল কৰি তোলে৷ ৰঙালী বিহুত বিহুৱা ডেকা-গাভৰুৱে নৃত্য-গীত গাই বিহুক আদৰণি জনায় আৰু শেষত নৃত্য-গীতেৰেই বিদায় দিয়ে৷ ৰঙালী বিহু সাতদিন ধৰি চলে৷ অৱশ্যে আজিকালি মঞ্চবিহুবোৰত ব’হাগৰ গোটেই মাহটোজুৰি ‘ৰঙালী উৎসৱ’ নামেৰে বিহু পতা দেখা যায়৷ অসমৰ বিহুগীতবোৰ গাওঁতে বা বিহুনৃত্যবোৰ নাচোতে সাধাৰণে বিভিন্ন ধৰণৰ লোকবাদ্য সংগত কৰা দেখা যায়৷ এই বাদ্যযন্ত্ৰসমূহৰ জৰিয়তেই বিহুগীত আৰু বিহুনৃত্যৰ নিজস্বতা ফুটি উঠে৷ যিহেতু বিহু অসমৰ লোক উৎসৱ, গতিকে বিহুগীত আৰু বিহুনৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহো লোক-বাদ্য হোৱাটো স্বাভাৱিক৷ বিহু গাওঁতে বা বিহুনৃত্য কৰোঁতে ব্যৱহাৰ কৰা বাদ্যসমূহ হ’ল– বিহু-ঢোল, ম’হৰ শিঙৰ পেঁপা, বাঁহী, তাল, গগনা, টকা, সুতুলি আদি৷ ইয়াৰে বিহু-ঢোল, ম’হৰ শিঙৰ পেঁপা, বাঁহী, তাল আদি বাদ্যবোৰ ডেকাসকলে বজায় আৰু গাভৰু নাচনীসকলে টকা, গগনা, সুতুলি আদি বজায়৷
১৷ বিহু ঢোলঃ বিহুগীতত ব্যৱহাৰ হোৱা অতিকৈ দৰকাৰী বাদ্য বিধ হৈছে বিহু ঢোল৷ এই বিহু ঢোল আম, চাম, কঁঠাল, ক’লা জাম আৰু গমাৰি আদি গছৰ কাঠৰ পৰা খোলাটো সজা হয়৷ ঢোলৰ বাওঁহাতেৰে বজোৱা ফালটোক তালি আৰু সোঁহাতেৰে বজোৱা ফালটোক কোবনী বুলি কোৱা হয়৷ তালি ফালটোতকৈ কোবনী ভালটো কিছু ডাঙৰ৷ এই দুয়োটাফালে চামৰাৰে চোৱাই লোৱা হয়৷ দমৰা অথবা চেউৰী গৰুৰ ছাল ঢোল চোৱাবৰ বাবে উত্তম৷ সাধাৰণতে বিহু ঢোলবোৰৰ দীঘ ৪৫ চে.মি. আৰু ব্যাস ৩০ চে.মি. বা তাতকৈ অলপ বেছি হ’ব পাৰে৷ ঢোলৰ কোবনীৰ ছালখন জাতিবাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুত বৰতিৰে [বুঢ়া গৰু ছালৰ ডাঠ ৰছী] কোবনী ফালৰ ছালখনৰ লগত টনা-টনি কৰি টানকৈ বন্ধা হয়৷ এই বৰতিবোৰ যিমানে টনা হয় সিমানে ঢোলৰ সুৰো উচ্ছ হয়৷ বিহুগীতত আছে–
ঢোলৰে বৰতি ঢিলা ঐ ঢুলীয়া
ঢোলৰে বৰতি ঢিলা
কালিৰে পৰা ভাতে নাইকিয়া
কঁকালৰ কাচুটি ঢিলা৷
কোবনীৰ ছালখন তালিৰ ফালে আহিব নোৱাৰাকৈ ৰাখিবৰ বাবে খোলাত এটা খাঁজ কাটি বাঁহৰ কিছুমান ফৰিঙা লগোৱা হয়৷ কোবনী বাঁহৰ বাওঁটোক মলোৱা আৰু তালি ফালৰ বৰতীৰে পকাই পকাই গঁথা সিঁয়নিটোক গুঠনি বুলি কোৱা হয়৷ আনহাতে ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰছীডালক কান্ধজৰী বা ঢোলজৰী বুলি কোৱা হয়৷ বিহু ঢোলৰ মাৰিডাল ন-দহ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি-চুচি উলিওৱা হয়৷ এইডালৰ নাম মাহিতা৷
২৷ ম’হৰ শিঙৰ পেঁপাঃ
ম’হৰ শিৰ পেঁপাটি নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে
পেঁপাৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ
হাতৰ বনে সৰি পৰে৷
ব’হাগ বিহুত বিহুনৃত্য-গীতসমূহৰ লগত বজোৱা এবিধ অপৰিহাৰ্য বাদ্য হৈছে পেঁপা৷ এই পেঁপাবোৰ ম’হৰ শিঙেৰে সজোৱা হয়৷ ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা ফুটা উলিয়াই লোৱা হয়৷ ইয়াকে পেঁপাৰ নলিচা বুলি কোৱা হয়৷ এই নলিচাডালৰ এফালে নল আৰু এফালে গাঁঠি থকা এটা পাব পাতলকৈ ফালি ‘চুপহি’ সাজি মুখেৰে ফুঁ দি বজোৱা হয়৷ এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দি পেঁ পেঁকৈ বাজি উঠে আৰু সেই শব্দক নলিচাৰ বিন্ধাকেইটাৰ সহায়ত ‘টিহিটি টিটিহি ৰম ৰম’ সুৰৰ লহৰ তোলে৷ ম’হৰ শিঙৰ পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে পেঁপা বজাওঁতে মাজত যদি নপৰে৷ অৰ্থাৎ পেঁপা বজাই থাকোঁতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই ঘূৰাই পেঁপা বাদন বন্ধ নকৰাকৈ বজোৱা হয়৷ বিহুত বজোৱা বাদ্যবোৰৰ ভিতৰত এক অন্যতম এই বাদ্যবিধ কেৱল মাত্ৰ পুৰুষেহে বজোৱাৰ নিয়ম৷ বৰ অসমৰ পৰ্বত-পাহাৰ-ভৈয়ামত বৰবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও বসন্তকালীন উৎসৱত ম’হৰ শিঙৰ পেঁপা বজাই আনন্দ উপভোগ কৰে৷ মিচিংসকলে এই পেঁপাক ‘পেম্পা’ বুলি কয়৷ ৰাভাসকলে ‘ছিংগা’ বোলে৷ বিহুতলীবোৰত পেঁপুৱাসকলে নাচনী ছেও তুলি নাচনীসকলৰ মন বলিয়া কৰে–
পেঁপাৰ ছেউ ধৰি বাবি ঐ পেঁপুৱা
পেঁপাৰ ছেৱে ধৰি বাবি
খৰকৈ নেবাবি উদাকৈও নেবাবি
নাচনী ছেৱকে বাবি৷
৩৷ বাঁহীঃ বিহুৰ আন এবিধ জনপ্ৰিয় আৰু দৰকাৰী বাদ্য হ’ল বাঁহী৷ বাঁহী সাধাৰণতে মুখেৰে ফুঁ দি বজোৱা হয়৷ বাঁহীবোৰ বাঁহৰ চুঙাৰ পৰাই সজোৱা হয়৷ ইয়াৰ ভিতৰখন ফোঁপোলা আৰু নিৰ্দিষ্ট দূৰত্বত সাতটামান বিন্ধা থাকে৷ মিচিংসকলে এই বাঁহীক কুৰুলি পুলি, বড়োসকলে চিফুং বুলি কয়৷ চিফুঙৰ মাত বৰ মধুৰ আৰু শুৱলা৷ আনহাতে তিৱাসকলৰ বাঁহী দুবিধ– পাংছি আৰু থুৰাং৷
৪৷ তালঃ বিহুৰ লগত ব্যৱহাৰ হোৱা আন এবিধ বাদ্য হ’ল তাল৷ তাল সাধাৰণতে ধাতুৰে নিৰ্মাণ কৰা হয়৷ নৃত্যগীতত তাল ৰাখিবৰ বাবে এইবিধ বাদ্য ব্যৱহাৰ কৰা হয়৷ বিহুৰ বাবে তাল এবিধ অপৰিহাৰ্য বাদ্য৷ ঢোলৰ লগত তালযোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ কিবা যেন উকা উকা লাগে৷ বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়৷ ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়৷ তালৰ শব্দই ঢোলৰ চেওঁবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে৷ অসমৰ এই লোকবাদ্যবিধ কেইবা প্ৰকাৰৰো আছে৷ যেনে– খুটিতাল, ভোৰতাল আদি৷
৫৷ টকাঃ টকা বা থৰ্কাক আদিম ঘনবাদ্য বুলি ক’ব পাৰি৷ নৃত্য-গীতত ইয়াক প্ৰয়োগৰ কৰা লগতে সংগীতৰ সৈতে সম্পৰ্ক নথকা দুই-এক কামতো ব্যৱহাৰ কৰা দেখা যায়৷ জাতি বাঁহ এডালৰ এক-ডেৰ মিটাৰ দৈৰ্ঘৰ এফালে এটা গাঁঠি থকা এপাব বাঁহেৰে এই টকা বা থৰ্কা সজা হয়৷ বাঁহ পাবৰ এফাল গাঁঠিটোৰ তলত কাটি দীঘে দীঘে ফালিব লাগে৷ নফলা মূৰটোৰ প্ৰথম প্ৰান্তৰৰ দুফালে কোণীয়াকৈ অলপ চাঁচি লৈ তাক হাতেৰে ধৰিব পৰাকৈ কৰা দৰকাৰ৷ চাঁচি চিকুণাই লোৱা এই অংশটোতে দুয়োখন হাতেৰে ধৰি লৈ এফাল বাঁহেৰে আনফাল বাঁহত কোবাই টক্ টক্ শব্দ কৰি এই বাদ্য বজোৱা হয়৷ বিহুগীত-নৃত্যৰ ক্ষেত্ৰত টকা বাদ্যবিধ অপৰিহাৰ্য৷
টকাৰ সৰু সৰু মাতে হৰি হৰি
টকাৰ সৰু সৰু মাত
টকাৰ মাতে শুনি ৰ’বকে নোৱাৰি
এৰি যাওঁ পেটৰে ভাত৷
ঔৰে গছতে মৌৱে বাহে ল’লে
ককাই পাৰি দিয়া খাওঁ
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ৷
সৰুটি পিলিঙাই টকা সাজি দিবা
বিহু মাৰিবলৈ লাগে৷
সাধাৰণতে বিহুগীতবোৰত নাচনীসকলে টকা বজাই বজাই নাচে৷ তেনেদৰে জেং বিহুত তিৰোতাসকলে টকা লৈ নচা দেখা যায়৷ আনকি কামৰূপ অঞ্চলত ম’হ খেদা গীত গাওঁতেও টকাৰ ব্যৱহাৰ কৰা দেখা যায়৷ বিহুত ডেকাবোৰে বজোৱা টকাক ‘জেং টকা বা ধুতং টকা’ বুলি কয়৷ ত্ৰিপুৰাত তন্ত্ৰীযুক্ত এবিধ টকাৰ ব্যৱহাৰ আছে যাক ‘লেবাংগুমানি’ বুলি কোৱা হয়৷
৬৷ গগনাঃ গগনা হৈছে এবিধ সুষিৰ বাদ্য৷ আগলি বাঁহৰে লাহৰি গগনা সজাৰ আদৱ-কায়দা বিহুগীতবোৰত আছে– ‘দুফালে দুচটি মাজতে এচটি মুগা সুতা লগায়ে বাওঁ৷’ দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই কঁপাই এই বাদ্যবিধ বজোৱা হয়৷ ইয়াৰ মাত অতি মিহি আৰু সুমধুৰ৷ মিচিং ভাষাত গগনাক ‘গুংগাং’ বুলি কোৱা হয়৷ নেপালী আৰু দুই-এটা জনজাতিয়ে বাঁহৰ উপৰি ধাতুৰেও গগনা সাজি লোৱা দেখা যায়৷ পুৰণি কালত মিচিং ডেকা-গাভৰুৱে গুংগাঙৰ জৰিয়তে মনৰ ভাব বিনিময় কৰিছিল৷ বিহুৱা অসমীয়া ডেকাই সাজি দিয়া বিজুলী বাঁহৰ গগনা তাঁতশালৰ শিপিনীজনীয়ে তাঁতৰ পাটত বহি বাইছিল আৰু কেতিয়াবা বঁট বা আঁহতৰ তললৈও ঢাপলি মেলিছিল৷
ধনে সাজি দিয়া লাহৰী গগনা
বহি বঁটৰ তলত বাওঁ
ধনো নাহিলে গগনা ফাটিলে
খৰিকা মঙলত চাওঁ৷
গগনা দুবিধ৷ ছোৱালীয়ে বজোৱা লাহৰী বা ৰূপহী গগনা আৰু ল’ৰাবোৰে বজোৱা ৰামধন গগনা৷
আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাটত বাওঁ
বিজুলী বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাটত বাওঁ৷
ত’তে শুনিলো ইয়াতে চিনিলোঁ
লাহৰীয়ে গগনা বায়
লাহৰী মাতেৰে মাতিলি মইনা
শৰীৰে সৰকি যায়৷
৭৷ সুতুলিঃ বাঁহীৰ দৰে ফুঁ দি বজোৱা এবিধ বাদ্যযন্ত্ৰ হৈছে সুতুলি৷ অসমীয়া সমাজত বিহুৰ বাদ্য হিচাপে সুতুলিৰ এক সুকীয়া আসন আছে৷ সুতুলি মাটিৰে তৈয়াৰ কৰা এবিধ বাদযন্ত্ৰ৷ ইয়াৰ নিৰ্মাণ প্ৰণালী অতিকৈ সহজ৷ সুতুলি সাজিবলৈ আলতীয়া মাটি যেনে– কুমাৰনী পোকে ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা মাটি, কেঁকোৰা গাঁতৰ মাটি অথবা পুখুৰীৰ তলৰ কোমল মাটি অতিকৈ উপযোগী৷ এই মাটিৰ পৰা এলদা মাটি লৈ প্ৰথমে দুহাতেৰে চেপেটা কৰি মাজত খালী ঠাই ৰোৱাকৈ চাৰিওফালে বন্ধ কৰি দিব লাগে৷ তাৰপাছত এবেলা ৰ’দত শুকুৱাই লোৱাৰ পিছত তাত তিনিটাকৈ বিন্ধা কৰি ল’ব লাগে৷ এই বিন্ধা তিনিটাৰ এটাত ফুঁ দি বাকী দুটাত আঙুলি বুলাই সুৰৰ লহৰ তোলা হয়৷ সাধাৰণতে সুতুলি মহিলাসকলে বজোৱা বাদ্য যদিও পুৰুষসকলেও ইয়াক বজোৱা দেখা যায়৷
ওপৰৰ আলোচনাটোৰ পৰা এই কথা বুজা যায় যে অসমীয়া সংস্কৃতি যথেষ্ট চহকী৷ গতিকে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ স্বৰূপ বিহুনৃত্য আৰু বিহুগীতত ব্যৱহাৰ হোৱা এই লোকবাদ্যসমূহৰো এক স্বকীয়তা সদা বিৰাজমান৷ অসমীয়া নিপুণ শিল্পী-কলাকুশলীসকলে নিজৰ ঘৰতে এইসমূহ লোকবাদ্য সাজি উলিয়ায়৷ এই লোকবাদ্যসমূহৰ জৰিয়তেই অসমৰ বিহুনৃত্য আৰু বিহুগীতে বিশ্বদৰবাৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷
[লেখকৰ ভ্ৰাম্যভাষঃ ৯৩৬৫৭৯৯৯৩৬]