কলা আৰু সংস্কৃতি

বিহু আৰু গামোচা

post

Share

লেখিকাঃ লখিমী মহন্ত

যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কৃষ্টি-সংস্কৃতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে৷ অতীতৰ গাঁৱৰ গছৰ তলত পতা বিহু আজিৰ সমাজত লুপ্ত পাই অহাত গাঁওবোৰত পতা বিহুলৈও পৰিৱৰ্তনৰ বা বলিছে৷ এই যান্ত্ৰিক যুগত অতীতৰ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা মাদকতা আজিৰ সমাজত বিলুপ্ত হৈ পিঠা-পনায়ে এখন বজাৰ দখল কৰাত কৃষিজীৱী অসমীয়া গৰু-ম’হৰ পৰিৱৰ্তে ট্ৰেক্টৰে হাল বোৱা, কৃত্ৰিমভাৱে উৎপাদন কৰা বস্ত্ৰ আদিৰে বজাৰ ভৰি পৰাত আমাৰ সংস্কৃতিয়ে বিকৃত ৰূপ লোৱাত সহজ হৈ পৰিছে৷ কালক্ৰমত আচল ৰীতি-নীতিবিলাকো নাইকিয়া হৈ আত্মীয়-স্বজনৰ মাজতো আত্মীয়তাৰ দূৰত্ব বাঢ়ি গৈ ফাট মেলাৰ উপক্ৰম হৈছে৷

বিহুৰ বতৰত বিহুৱান নোপোৱা অসমীয়াজনে নিজকে দুৰ্ভগীয়া বুলি এটা সময়ত ভাবিছিল৷ কিন্তু বৰ্তমান সময়ত এনেকৈ ভাবিবলৈ মানুহৰ সময়ৰ নাটনি৷ এনে এটা সময় আহি পৰিছে যে মানুহৰ পিঠিতে ওলোমাই লোৱা মোনাখনত নিজৰ নিজৰ কাৰ্যালয়টো লৈ ঘূৰি ফুৰে৷ যাৰ ফলত নতুন প্ৰজন্মই বিহু বুলি ঘৰলৈ আহিলেও নিজৰ কেৰিয়াৰক লৈ ব্যস্ত থকাৰ ফলত এনে চিন্তা-ভাবনাই তেওঁলোকৰ মনত কোনো প্ৰভাৱ পেলাব নোৱাৰে৷ আমাৰ বস্তুবোৰ বজাৰমুখী হৈছে সঁচা, কিন্তু আমাৰ শিক্ষিত নতুন প্ৰজন্মই সেই বস্তুবোৰৰ মূল্যৰ প্ৰতি মনোযোগী হৈ পৰাত অৰ্থ উপাৰ্জনৰ প্ৰতি আকৃষ্ট হোৱাইয়ো লোকসংস্কৃতি ৰক্ষাত বাধা জন্মাইছে৷

আগৰ দিনত বিহুৱান অবিহনে উকা অসমীয়া সমাজ৷ বিহুগীতৰ সুৰে সুৰে, তালে তালে, ছন্দে ছন্দে মন উৰো উৰো কৰা ভাবনাৰে গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে বিহুৱানত সপোন ৰচে৷ অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ এই গামোচাখনৰ লগত বহুতো লোকবিশ্বাস জড়িত হৈ আছে৷ বিহুৰ আগতে লগোৱা তাঁতখন বিহুৰ আগেয়ে শেষ কৰিব লাগে, নহ’লে কাপোৰ বিহুচেৰা হয় বুলি কয়৷ লোকবিশ্বাস অনুসৰি বিহুচেৰা কাপোৰ ল’লে বা পিন্ধিলে লওঁতাৰ আয়ুস কমে৷ এই কথা কিমান সত্য সেয়া জনা নাযায় যদিও এটা কথা ঠিক যে ফাগুন চ’তত বেছি ঠাণ্ডা বা গৰমো নহয়৷ সেয়ে এই সময়ছোৱাত এনেদৰে তাঁতশালত নতুন উৎসাহেৰে কাম কৰিবলৈ সুবিধা হয়৷ নতুন শিকাৰু বা শিপিনীৰ বাবেও এই সময়ছোৱা উত্তম৷ বতৰ আৰু পৰিৱেশৰ লগত খাপ খোৱাকৈ বিহুচেৰা তাঁতৰ কাপোৰ শব্দৰ ব্যৱহাৰ হোৱা যেন অনুমান কৰিব পাৰি৷ যিহেতু আগৰ সময়ত বিহু বুলিলে গোটেই ব’হাগ মাহটোৱেই আলহী খোৱা বা আলহী অহা ব্যস্ততাৰে ভৰি থাকে৷

আভিধানিক অৰ্থত গা ধুই গাৰ পানী মচা কাপোৰখনেই হৈছে গামোচা৷ কিন্তু ব্যৱহাৰিক দিশৰ পৰা চালে গামোচা কেইবা প্ৰকাৰৰ হ’ব পাৰে৷ বিশেষকৈ বিহুৰ বতৰৰ বিহুৱান গামোচাত জীয়ৰী-বোৱাৰীৰ আৱেগ-অনুভূতি, মৰম আৰু শ্ৰদ্ধা জড়িত হৈ থাকে৷ চেনেহ আৰু শ্ৰদ্ধাৰ প্ৰতীক গামোচাত ৰঙা সূতা ব্যৱহাৰ কৰাই এক বিশেষ তাৎপৰ্য বহন কৰি আহিছে৷ ৰঙা ৰং সাহস আৰু সৌন্দৰ্যৰ প্ৰতীক৷ অসমীয়া জাতিটো শৌৰ্য-বীৰ্যৰে ভৰপূৰ এটা সাহসী জাতি৷ মোগল আৰু মানসকলে অসম আক্ৰমণ কৰাত অসমীয়া লোকসকলে সাহসৰ পৰিচয় দিয়াত এই ৰঙা ৰং সম্বলিত গামোচাখনে তাকেই সোঁৱৰায়৷ বসন্তৰ আগমনৰ লগে লগে ৰঙালী বিহুৰো আগমন ঘটে৷ সেয়ে অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগতো এই ৰঙা আঁচুৰে বগা সূতাত বোৱা বিহুৱানৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ বসন্ত কালত ফুলা বেছিভাগ ফুলেই ৰঙা বা ৰঙচুৱা বৰণৰ হয়৷ গছে গছে কুঁহিপাত মেলি ফুলে-ফলে জাতিষ্কাৰ হৈ উঠে৷ ঠিক সেইদৰে শিপিনীৰ হাতেৰে ভমকাফুলীয়া গামোচাৰো সৃষ্টি হয়৷ এই গামোচাসমূহ দীঘলে ১৫০ ছেঃমিঃ আৰু বহলে ৭০ ছেঃমিঃ হ’লেহে উপযুক্ত হয়৷ কিন্তু আজিকালি গামোচাৰ জোখ-মাখ ওলট-পালট হোৱা স্বাভাৱিক হৈ পৰাইও গামোচাৰ মৰ্যাদা লাঘৱ কৰাত অৰিহণা যোগাইছে৷ এখন গামোচাই মৰম আৰু শ্ৰদ্ধাৰ প্ৰতীক হৈ বিহুৱান হিচাপে স্বীকৃত হয় অসমীয়া সমাজত৷

‘মৰমৰ দীঘ দি চেনেহৰ বাণীৰে

হেঁপাহৰ আঁচুৰে বোৱা

সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান’

বিহু আহিলেই ডাঙৰক সৰুৱে, সৰুৱে ডাঙৰক একোখনকৈ ফুলাম গামোচা বিহুৱান হিচাপে যঁচাৰ নিয়ম আছিল৷ ব’হাগ বিহুত বিহুৱা দলে বিহু গোৱাৰ পিছত গৃহস্থই বিহুৱান স্বৰূপ গামোচা এখন তামোল-পাণৰ সৈতে আগবঢ়াই আশীৰ্বাদ লয়৷ নতুন তাঁতশাল শিকিলে জীয়ৰীজনীয়ে প্ৰথম গামোচাখন কীৰ্তনঘৰলৈ বুলি আগবঢ়োৱাৰ নিয়ম আছিল৷ চেনেহীজনীয়েও চেনাইলৈ মৰমৰ ভমকাফুলীয়া গামোচাখন যঁচাৰ নিয়ম আছিল৷

বৈষ্ণৱ যুগৰ ৰামচৰণ ঠাকুৰ ৰচিত ‘গুৰুচৰিত’ পুথিত প্ৰথমবাৰৰ বাবে ‘গামচা’ বা ‘গামোচা’ শব্দৰ উল্লেখ পোৱা যায়৷ অৱশ্যে গামোচাৰ উৎপত্তি সম্পৰ্কে কোনো প্ৰামাণিক তথ্য পোৱা নাযায় যদিও শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সময়ছোৱাত গামোচা ব্যৱহাৰৰ সম্পৰ্কে বহুতো কথিত কাহিনী আছে৷

ঋতুৰাজ বসন্তৰ পৰশত সেউজ কোমল কুঁহিপাত আৰু ফুলেৰে সুশোভিত হৈ পৰে গছ-লতিকা৷ কুলি, কেতেকী, মইনা, দহিকতৰা, বুলবুলি, বিহুৱতী, তেলীয়া সাৰেং আদি পক্ষীকুলৰ সুললিত কণ্ঠই মুখৰিত কৰা অমিয়া সুৰৰ কল্লোল ধবনিয়ে কঁপায় আকাশ-বতাহ৷  সমৃদ্ধিৰ সপোন কঢ়িয়াই অনা বসন্ত ঋতুতে উদযাপিত হোৱা অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিৰ লগত গামোচাখনৰ সম্বন্ধ অভিন্ন৷ ব্যৱহাৰিক দিশৰ পৰা চালে সাধাৰণতে পাঁচ প্ৰকাৰৰ গামোচা ব্যৱহাৰ কৰা হয়৷ প্ৰথমবিধ গামোচা ৰঙা পাৰি বা সেউজীয়া পাৰিৰ নিম্নমানৰ কপাহী সূতা অথাৰ্ৎ মজলীয়া সূতাৰ গামোচা ব্যৱহাৰ কৰা হয়৷ গাঁৱৰ পুৰুষসকলে ঘৰৰ বনবাৰী বা পথাৰত কাম কৰোঁতে পৰিধান কৰে বা মূৰত পাগ মাৰে নাইবা গা ধুই গা মচে৷ তিৰোতাসকলে গা মোচাৰ লগতে মূৰৰ দীঘল চুলিৰ পানী টুকিবলৈ ব্যৱহাৰ কৰে৷ এইবিধ গামোচা সাধাৰণতে ফুল নথকা দুয়ো মূৰে আঁচু দি বোৱা উকা হয়৷ দ্বিতীয়বিধ গামোচা পুৰুষে ধম¹য় অনুষ্ঠানত দেউৰী বা ৰান্ধনীৰ কাম কাৰোঁতে এখন মুখ ঢাকি মূৰত আৰু আনখন কঁকালত বান্ধি লয়৷ এই গামোচাসমূহ এটা মূৰে ফুল আৰু আনটো মূৰত আঁচু মৰা থাকে৷ সাধাৰণতে এইসমূহত ৰঙা ৰঙৰ আঁচুৰ ব্যৱহাৰ কৰা হয়৷ আকৌ তৃতীয়বিধ গামোচা উন্নতমানৰ কপাহী বা লুধিয়ন পাটৰ দুয়োফালে ফুল দি বোৱা হয়৷ মানুহে মেল-মিটিং বা ধম¹য় অনুষ্ঠানত গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ চতুৰ্থবিধ শৰাই, ভোৰতাল, হৰে কৃষ্ণ হৰে ৰাম, জয় আই অসম আদি বাক্য বচা গামোচাও সময় সাপেক্ষে স্থান কাল চাই মানুহে ব্যৱহাৰ কৰে৷ পঞ্চমবিধ অসমীয়া জীয়ৰী-বোৱাৰীৰ আৱেগ-অনুভূতি, মৰম আৰু শ্ৰদ্ধাৰ প্ৰতীক যাক বিহুৱান বুলি কোৱা হয়৷ এই গামোচাখন দৰাই ৰাতিপুৱাৰ পৰা সাঁজ নলগালৈকে পুৰোহিতৰ লগত ধৰ্মীয় কাম-কাজ কৰোঁতে গাত লৈ ফুৰে৷

অসমীয়া সমাজৰ বিয়াৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা আন তিনিখন গামোচা হ’ল বিশেষকৈ নামনি অসমৰ নিয়ম অনুসৰি তেলচ গামোচা৷ বিয়াৰ দিনা দৰাই কলপুলিৰ তলত গা ধুওঁতে পৰিধান কৰে৷ এই গামোচাখন সাধাৰণতে দীঘলে দুই মিটাৰ আৰু বহলে এক মিটাৰ মান হয়৷ বিয়াৰ পিছতো এই গামোচাখন দৰাজনে কিছুদিনলৈ পৰিধান কৰে৷ আনাকটা গামোচাৰো এক পৰম্পৰাগত ৰীতি নামনি অসমত আছে৷ দীঘৰ সূতা নকটাকৈ এৰাতিত মাত্ৰ এখন গামোচা বয় বাবে আনাকটা নাম দিয়া হয়৷

দৰাবৰণ বা যোৰ গামোচা পৰম্পৰাগতভাৱে জোৰোণৰ দিনা কইনাঘৰৰ পৰা দৰালৈ পঠোৱা হয়৷ গামোচাখনৰ জোখ ফুলাম গামোচাৰ দৰে যদিও দীঘটো ২৫ ছেঃমিঃ মান হয়৷ এই গামোচাখনৰ দুটা মূৰত দীঘৰ সূতাৰ মাজত কেৰেচ বছা হয় আৰু এই কেৰেচৰ মাজেৰে পকোৱা সূতাৰ ৰছী এডাল পাৰ কৰি গুঁঠি লোৱা হয়৷ দুয়োমূৰ ভমকাফুলীয়া হয়৷ তদুপৰি লগুণ দিয়নি, চূড়াকৰণ আদিতো গামোচাৰ প্ৰয়োজন হয়৷ মুঠৰ ওপৰত গুৰুসেৱাৰ পৰা মৃতকৰ কাম-কাজকে ধৰি ছোৱালী এজনী এঘৰলৈ উলিয়াই দিয়াকে ধৰি খোজা বঢ়া কৰিবলৈ অহা মানুহক মান ধৰা হয় গামোচাৰেই৷ ধনী-দুখীয়া সকলোৰে বাবে গামোচাখন অতি আদৰৰ৷

বিহুৱানত অসমীয়া নাৰীৰ সৃষ্টিকৰ্মৰ শিল্প-দক্ষতা ফুটি উঠে৷ অসমীয়া সমাজত সুদূৰ অতীজৰে পৰা গামোচাই সুকীয়া স্থান দখল কৰি আহিছে৷ অসমীয়া জাতিৰ প্ৰাণৰ, হেঁপাহৰ, অসমীয়াৰ চিনাকিৰ মুখ্য আহিলা গামোচাখনে সৰলতাকে প্ৰতিনিধিত্ব কৰে৷ সেয়ে আমি প্ৰত্যেকজন অসমবাসীয়ে গামোচাখনক বিকৃত নকৰি সন্মান জনোৱা উচিত৷

ভ্ৰাম্যভাষঃ ৯৪৩৫৭০৩১১৩

আপুনিও ভাল পাব পাৰে!