কলা আৰু সংস্কৃতি

বসন্তৰ গান

post

Share

লেখিকা - ভাস্বতী কলিতা

পৃথিৱীৰ প্ৰায় বোৰ জনগোষ্ঠী সমূহৰ মাজত কৃষি ভিত্তিক লোক উৎসৱ হিচাপে বসন্তকালীন উৎসৱ সমূহ অন্যতম।এই বসন্ত উৎসৱ অসমৰ জাতীয় জীৱনৰ এক বৰ্ণাঢ্য সংস্কৃতি।অসমৰ বুকুত বাস কৰা প্ৰতিজন মানুহৰ অফুৰন্ত আনন্দৰ বসন্তোসৱ হৈছে এক মহো্ৎসৱ।

“ বিহু আহে আমালৈ

সৰু বুলি নিঘিনায়

বৰ বুলি নোতোলে মূৰত

মৰমৰ বিহুটি সকলোৰে আদৰৰ

নিচিনে ঐ আপোনে পৰক ”

বংগৰ বিখ্যাত লোক সংস্কৃতিবিদ সুৰেন উপাধ্যায়ে কৈছিল- “উৎসৱৰ প্ৰকৃত আনন্দ ভোজন আৰু সংগীতহে।” সেয়ে আমাৰ সকোলোৰে জ্ঞাত যে – পৃথিৱীৰ যিকোনো লোক উৎসৱৰ মূল আধাৰ সুমিষ্ট ভিন্ন আহাৰ আৰু নাচ, গান, আনন্দ।বসন্ত উৎসৱক কেন্দ্ৰ কৰিওঁ অসমৰ ভিন্ন জনগোষ্ঠীৰ মাজত লোক গীত মাতৰ পৰম্পৰা আছে।অসমৰ ভূমি পুত্ৰ কৃষিজীৱি বড়োসকলৰ বাবে ‘বৈশাগী হ’ল ৰং ৰইচ, উৎসাহ উদ্দীপনা আৰু প্ৰেমময় যৌৱনৰ উৎস। অসমীয়া বিহুৰ দৰে বড়ো সকলেওঁ চ’তৰ মাহৰ সংক্ৰান্তিৰ দিনটোত গো পূজাৰে বৈশাগী উৎসৱ পালন কৰে। গৰুক গা ধুৱাই থকা সময়ত পুৰুষ মহিলা সকলে আনন্দ মনেৰে হাত চাপৰি বজাই  গায়-

“ দীঘলতি মাছোনি সুলি

দুদালি জাগান গায় ধুসিলি

দীঘলতি লাও থি, খ্ৰি খ্ৰি গানথি

জচনি মাছোৱা জাগান বলদ জাথি

জানায়  লংয়া গায়েদ থে ফ্ৰা

মাৰ্খা জাগান ফালানি বেহ্ৰা ।”

(গৰুৰ ঔষধী দীঘলতি, কপিলি গাই হব খীৰতি, দীঘলতিৰ লাঠি, ঘন ঘন গাঁঠি/ গৰু হ’ব আমাৰ বলদৰ লেখীয়া/ নহব চুটি চাপৰ/বৰকৈ যুঁজাৰু হ’ব পালৰ)

‘গিৰ্কায় ৰাভা সকলৰ এক বসন্তকালীন লোক উৎসৱ। এই উৎসৱত নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে জোঁৱাৰ উঠে। বহাগৰ পৰা অনুষ্ঠিত এই ৰ্গিকায় উৎসৱত লৰা-ছোৱালী বোৰে ঘৰে ঘৰে মাগি ফুৰে। এই একে পৰম্পৰা কামৰূপৰ ‘মহোহো’ গোৱালপাৰাৰ ‘এউৰি মাগা’ ৰে চাপৰিৰ ‘পুষুৱা উৎসৱৰ লগত ৰাভা সকলৰ এই উৎসৱৰ মিল আছে।তেওঁলোকৰ মাগনৰ গীত সমূহত বসন্তৰ অপূৰ্ব বৰ্ণনা আছে।

“ বিছুৱানি কদংছে ৰ্গিকায় নামেতা

মা টোৱা ৰাখদুং উত্তন ৰাঙোৱা

মান্দায় নেমেন নেমোৱা।”

ৰাভাসকলে বহাগৰ শেষৰ ফালে ‘বায়খো’ লোক উৎসৱ ও পালন কৰে। এই পূজাত তেওঁলোকে দল বান্ধি লৈ স্তুতিসূচক ‘হয়মাৰু’ বসন্তকালীন গীত পৰিবেশন কৰা দেখা যায়।

“ জেঠ লাংগ্ৰে নায় নায়

বায়খো ট্ৰমা নেমা

দৰে গাবুৰ মিলি ৰিবাংচালে

বায়খো চাতালয়না”

‘আলি আই লিগাং’ মিচিং সকলৰ বসন্তকালীন উৎসৱতো অনেক প্ৰকৃতি বৰ্ণনা তথা বসন্তকালীন গীত পৰিবেশনৰ পৰম্পৰা আছে।

 “ অচি দাৰৌ পৰিলা কাগতি দী জিন্দুঃবং

   আগম দাৰী পৰিলা ঙকী অচিন জিন্দুঃবং”

( নৈৰ সোতত পৰি খাগৰিবোৰ তিৰবিৰকৈ কঁপি উঠিছে অ চেনাই, কথাৰ সোতত মোৰ মন কপিছে অ’)

‘পিচু’ দেউৰী জনগোষ্ঠীৰ লোক সকলৰ বসন্তকালীন লোক উৎসৱ।ধৰ্মীয় অনুশাসনৰ মাজত থাকিওঁ পৰম্পৰা ৰীতি নীতিৰ প্ৰতি শ্ৰদ্ধাশীল দেউৰী সকলে পালন কৰা বসন্ত উৎসৱ যৌৱন আৰু প্ৰেমৰ উৎসৱ বুলিও মনত ৰাখি দেউৰী ডেকা গাভৰু সকলে এনেদৰে প্ৰকৃতিৰ মায়া সানি বসন্তৰ গীত গায়-

“ দুৱা ঐ চাংনা জিংনা কেৰংলা

নিয় য়াহ কুদুংলা দুকুন।

মায়া ঐ চাংলা নিয় হে কুদুংলা

হে বুজ ৰমটেইক নিকুণ ”

(চৰাই ৰূপ ধৰি ঘৰৰ চালত, মায়াৰূপত তোমাৰ গাত সোমাই ৰেমচেইক বুলি মাতিম।)

পশ্চিম পাহাৰত বাস কৰা ‘টোটো সকলে বসন্তকালৰ লোক উৎসৱতেই প্ৰথমে শিশু সকলক গীত আৰু বাদ্যৰ আদি পাঠ শিকোৱা পৰম্পৰা আছে ।প্ৰকৃতিক ভগৱান বুলি বিশ্বাস কৰি অহা এই জনগোষ্ঠীৰ লোকে বসন্তকালত এনে বহু গীত আৰু সুৰ ৰচি দেৱ দেৱীক আৰাধনা কৰে। বিভিন্ন লোকবাদ্যৰ  সুৰ আৰু শৈলী এই বসন্তকালত অনুষ্ঠিত হোৱা লোক উৎসৱ অনুষ্ঠান আৰু পৰম্পৰাবোৰ পালন কৰোতে গোৱা দেখা যায়। জেষ্ঠজনৰ পৰামৰ্শ মতে এনে বসন্তকালীন গীতসমূহ কেৱল বহাগ আৰু জেঠ মাহলৈকে গোৱা নিয়ম। অন্যসময়ত ইয়াৰ সুৰ ধৰা নিষেধ।ঝুমইৰ গীতত এ আছে “ আসাম দেশৰ বৈশাখ বিহু কৰম পূজাৰ সমান ৰে।”

চাহ জনজাতিৰ লোকসকলেওঁ বসন্তকালত ‘চৈত পৰৱ’ অনুষ্ঠান পালন কৰে।বহাগ বিহুত গোৱা সেৱা কৰি হুচৰিৰ দৰে তেওঁলোকেও বসন্তকালীন ‘জাহলী গীত’ পৰিবেশন কৰে।

“ কালনাকে ঘৰে ভালা তুলসীক পিন্তা হো..

ওপৰে যে উৰে হাসা ৰাজং ৰে”

অসমৰ ৰঙালী বিহুৰ সময়তে তাই জনগোষ্ঠীৰ লোক সকলে ‘পয়চেংকেন উৎসৱ’  পালন কৰে।বিহু হুচৰি গোৱাৰ দৰেই তেওঁলোকেও বিভিন্ন বসন্তকালীন গীত গাই আৰু আনন্দত মতলীয়া হয়।

এনে ধৰণেৰেই আন বহু লোক সমাজ আছে য’ত বসন্তকালীন গীত সমূহ প্ৰকৃতিৰ নৱ ৰঙৰ উমান পাই কণ্ঠত সৃষ্টি হয়।মনুষ্যৰ সংবেদনশীল মনে বসন্তৰ মতলীয়া আচ্চাদনত সৃষ্টিৰ সফুঁৰা পূৰ্ণ কৰে। লোক পৰম্পৰা আৰু লোক বিশ্বাস মতে উৰ্বৰতা বৃদ্ধিৰ কামনাৰেও বসন্তকালীন গীত সমূহৰ সৃষ্টি। ইয়াৰ উদাহৰণ অসমীয়া বিহুগীতসমূহত স্পষ্ট হৈ আছে। বসন্তৰ এনে সেউজবুলীয়া ক্ষণত সকলোৰে জীৱনত আনন্দৰ জোৱাৰ উঠক....... ।

আপুনিও ভাল পাব পাৰে!