লেখিকাঃ ভাস্বতী কলিতা
অসমীয়া লোক সাহিত্যৰ পথাৰখন সংখ্যাতীত গীত-মাতে সামৰি আছে। বিষয়বস্তুৰ আধাৰ নিৰূপন কৰি আমাৰ লোকতাত্ত্বিক পণ্ডিতসকলে এই গীতসমূহক ভিন্ন শ্ৰেণীত ভাগ কৰিছে। ধৰ্মীয়, প্ৰণয়মূলক, নিচুকণি, কৰ্ম বিষয়ক আদি ভিন্ন লোকসৃষ্ট গীত ধাৰাৰে পৰিপূৰ্ণ হৈ আছে আমাৰ ভিন্ন লোকসমাজ। চহা জীৱনৰ আশা-নিৰাশা তথা দৈনন্দিন কাম, প্ৰেমাস্পদক স্মৰণ, উলিয়াই দিয়া জীয়ৰীৰ বেজাৰ– এই সকলোবোৰ মৰ্মস্পৰ্শী আৰু সহজভাবে প্ৰকাশ পাইছে এই গীত-পদেৰেই। ভিন্ন কৰ্ম বিষয়ক গীত যেনে– বৰশী বোৱা গীত, কুঁহিয়াৰ পেৰা গীত, মৰণা মৰা গীত, ৰন্ধা-বঢ়া গীত, ভূঁই ৰুৱা গীত, বোৱা-কটা গীত আদিৰ মধুৰতা বৰ্ণনাতীত। জনশ্ৰুতি মতে, এনেবোৰ কৰ্ম বিষয়ক গীতৰ দ্বাৰা সমাজৰ শ্ৰমৰ কষ্ট লাঘৱ হয়। সেই উদ্দেশ্যেই এনেবোৰ লোক গীত-মাতৰ সৃষ্টি আৰু উদ্দেশ্য। কৰ্ম বিষয়ক গীতৰ শ্ৰেণীৰ তালিকাত এনে এক গীত হৈছে ভিন্ন লোক সমাজৰ পৰম্পৰাগতভাবে প্ৰচলিত বোৱা-কটা গীত। যঁতৰত সূতা কাটি, মাকো ধৰি, তাঁতশালত বাছকবনীয়া ফুলৰ চানেকী তুলি মহিলাসকলৰ গুণগুণনিতেই সৃষ্টি হৈছিল হেনো বোৱা-কটা গীত পদসমূহ।
অসমখন বিভিন্ন জাতি-জনজাতিৰ বসতি ভূমি। এই ভিন্ন জাতি-জনজাতিৰ সুসমন্বয়ৰ মাজতে গঢ়ি উঠিছে অসম সাংস্কৃতিক স্তম্ভ। সেয়ে জনজাতি বিশেষে ঠায়ে ঠায়ে বোৱা-কটা গীতৰ সমাদৰ আৰু ঢৌ তাহানিৰে।
‘তাঁতৰে পাততে ৰাইজৰ মাজতে
তুমি শুৱনি আই,
হাতত মাকো যঁতৰৰ সুৰত,
গোসাঁনী আইনো ঘূৰি ৰৈ চায়।”
অসমীয়া ৰাইজৰ শিপিনী বিদ্যাৰ প্ৰতি কিমান শ্ৰদ্ধা আছিল তাৰ বিতোপন চানেকীৰ কথা উপৰোক্ত বোৱা-কটাৰ গীতফাঁকিতে প্ৰকাশ পায়। অসমীয়া ছোৱালীয়েও হিয়াৰ অনুভৱ প্ৰকাশ কৰিব জানে উঘা-চেৰেকীৰ ৰূপকৰ আলম লৈ। প্ৰেমাস্পদৰ পেটৰ কথা উঘা পকোৱাদি পকাই বোৱা-কটাৰ গীতেৰেই সুৰ ধৰে–
‘চেলেং বোৱা হৈছিল
অ’ মোৰ চেনাই ঐ
বহলে দিছিলো মৰম
বিহুতো নাহিলি মোকো নামাতিলি
ল’লিনে সতিনীৰ মৰম?”
বোৱা-কটাৰ গীতসমূহত মান-অভিমান, সুখ-শান্তিৰ স্বাদ থকাৰ উপৰিও দুখৰো অনুভৱ নিহিত হৈ থাকে। যেনে–
“বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই,
লগৰ সমনীয়াই সোধে বেৰি বেৰি
সৰুতে মৰি গ’ল আই।”
আৰু যেনে– “তাঁতৰে শালতে বুকুৰ মাজতে
দুখে অগা-দেৱা কৰে
চেনাই ধন ক’লৈ গ’ল,
চেনাই ধন ক’লৈ গ’ল
শোকে বিন্ধা মাৰি ধৰে।”
সেই তাহানি আলাই-আথানি নোহোৱা তিৰোতাৰ বোৱা-কটাই যে জীৱিকাৰ প্ৰধান সম্বল আছিল তাৰ সুস্পষ্ট ছবি তুলি ধৰে এই গীতে–
“গুচি যাওঁ, গুচি যাওঁ
পানচৈ নাৱত গুচি যাওঁ
ক’ত মাৰে কিলে খাওঁ।
সতিনী যন্ত্ৰণা, নলওঁ মই সখী
কতনা কাটিয়েই খাওঁ।”
তাহানিৰ সময়ত অকল অসমীয়া জীয়ৰী-বোৱাৰীসকলৰ কণ্ঠত যে বোৱা-কটাৰ গীতে সাৰ পাইছিল এনে নহয়, ভিন্ন জাতি-জনগোষ্ঠীৰ মহিলাইও দখনা, আৰনাই, ফাচৰা, টাগলা, পাজাল, ফাকোই আদি ভিন্ন পৰম্পৰাগত সাজ-পোছাকৰ চানেকীৰ ফুল বাছি এই গীতত সুৰ ধৰিব জানিছিল আৰু ভাল পাইছিল। হালধিয়া দখনা প্ৰিয় বড়ো জনগোষ্ঠী সমাজতো মহিলাসকলে তাঁতৰ পাতত বহি সুৰ ধৰি ধৰি গীত গাই মন জুৰায়–
“বৈসাগু বৈসাগু
ৰঙেৰে বৈসাগু
বৈসাগু পালিবা কোনে?
মই শিপিনীয়ে তাঁতত ফুল তুলিছো
বৈসাগু আহিবৰ মনে।” (গীতটি বড়ো ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)
‘গিৰ্কায়’ লোক উৎসৱ প্ৰিয় ৰাভা লোক সমাজত, তাঁতশালৰ শুৱনি সখিয়েকৰ বেজাৰত এনেদৰে গায়–
“মাকো সৰি পৰে যঁতৰো নুঘূৰে
বহাগ পাবৰে হ’ল
লগৰে লগৰী তয়ো যাবি এৰি
তাঁতশাল মোৰ শুদা হৈ ৰ’ল।” (গীতটি ৰাভাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)
তিৱাসকলৰ ‘ছগ্ৰা মিছাৱা’ উৎসৱত প্ৰত্যেক গৰাকী মহিলাই সাধ্যানুসাৰে ‘টাগলা’ নামৰ এবিধ বিশেষ ধৰণৰ চোলা নিজ হাতে বোৱা দেখা যায়। সেয়ে তিৱা শিপিনীসকলেও উৎসৱে-পাৰ্বনে তাঁতশালত তিনিবাৰ প্ৰণাম কৰি এই গীত আজিও গায়–
“মোৰ বিদ্যা ভৰ দিয়া, তিনি প্ৰণাম গ্ৰহণ কৰা
বছৰে বাঢ়ক কাপোৰৰ দ’ম
পেৰা পুৰাই ভৰাই থ’ম।” (গীতটি তিৱা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)
পাতি ৰাভাসকলৰ শিপিনীয়েও অলেখ-অজস্ৰ বোৱা-কটাৰ গীতত সুৰ ধৰি মনৰভাব প্ৰকাশ কৰে। যেনে–
“আয়ৰা জানং, মৈৰা জানং, মাখিফুল তুলি
তোক মুহিবা পাৰং।” (গীতটি পাতিৰাভা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)
তাহানিৰ মণিকোঁৱৰ আদি মালিতাতো অসমীয়া ছোৱালীৰ তাঁত সূতা, গীত-পদৰ প্ৰতি থকা প্ৰীতিৰ পৰিচয় পোৱা যায় এনেদৰে– ‘তেনেই আকৰী ছোৱালী। তাই বোৱা-কটা, গাব-ব’বও নাজানে, অকল লোকৰ ঘৰে ঘৰে মেল পকোৱা।’
মণিকোঁৱৰৰ আন কিছুমান মালিতাত এই কথা স্পষ্ট যে আগতে অসম দেশৰ ৰাণীয়ে নিজেও বোৱা-কটাৰ গীত-পদৰ লগতে বয়ন শিল্প শিকি ৰাজকাৰেঙত দেশৰ আন ছোৱালী-বোৱাৰীক কাটিবলৈ-ব’বলৈ শিকাইছিল।
লোক-সংস্কৃতিৰ প্ৰাম ফকৰা-যোজনাসমূহতো বোৱা-কটাত কেন্দ্ৰ কৰি অলেখ-অযুত পটন্তৰ আছে। যেনে, বয়োজ্যেষ্ঠসকলে আজিও কয়– ‘বোলো ছোৱালী কেনে? ভাল ভাল, মাকো মাৰি হ’লেও ভাত খুৱাব গিৰিহঁতক।’
প্ৰত্যেক লোক সমাজতে শিপিনীসকলৰ তাঁতশালখন বৰ মৰমৰ, আদৰৰ আৰু পবিত্ৰ। সেয়ে ইয়াক কেন্দ্ৰ কৰিও ভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা পালন কৰা নীতি-নিৰ্দেশনা আছে। নিজ হাতে কাপোৰ বৈ, পিন্ধি ভাল পোৱা ডিমাছাসকলৰ শিপিনীয়ে নিজৰ নিজৰ তাঁতশালখনত সৰুকৈ হ’লেও ‘মকৰা’ চিহ্ন এটা আঁকি থয়। লোকবিশ্বাস মতে ‘মকৰা’ৰ চিহ্নৰ শুভ প্ৰতীকিয়ে শিপিনীৰ নিপুণ কৰে। তাঁতখালখন জ্ঞান কৰা শিপিনীসকলেও তাঁতৰ কাপোৰ তাঁত মাৰে। ঠিক তেনেকৈ তাঁতৰ পৰা উঠাৰ সময়ত সেৱা জনাইহে উঠে। নামনি অসমতো ঠাই বিশেষে আউসী, অমৱস্যা, শনিবাৰ, মঙ্গলবাৰ আৰু ঘৰত মৰাজহা বা অশৌচৰ লেঠা থাকিলে নতুন কাপোৰ তাঁতশালত নলগায়। অসমৰ ঠাই বিশেষে বহু ঠাইত নাৰীৰ মহেকীয়া ঋতুৰ সময়তো তাঁতশালখন নুচুৱে, তাঁতত নব’হে। পাহাৰীয়া অঞ্চলত বাস কৰা বহু জনগোষ্ঠীৰ লোকে তেওঁলোকৰ নতুন বছৰ সময়ত, তাঁতশালখনক অতি পবিত্ৰ জ্ঞান কৰি ‘জু’ অৰ্থাৎ মদ অৰ্পণ কৰাও লোক পৰম্পৰা আছে।
লোক সমাজ আৰু লোক সংস্কৃতিৰ প্ৰাণ শ্ৰমৰ কষ্ট লাঘৱ কৰিবলৈ প্ৰশান্তি সূচক এই গীত-পদবোৰ গোৱাৰ ফলত বয়ন শিল্পকে আদি কৰি আন ভিন্ন শ্ৰুতিমধুৰ গীতৰ ধাৰা বৈ আছিল অতীতৰ লোক সমাজত। যিবোৰ এতিয়া মাথো সোণালী ঐতিহ্যৰ স্বাক্ষৰ। সময়ৰ সোঁতে এই গীত-পদবোৰক আউল-বাউল লগালে। কিন্তু তথাপি এফাঁকি কথা চিৰসত্য যে ‘অতীত স্মৃতিয়ে বৰ্তমানক আগুৱাই নিয়ে।’