কলা আৰু সংস্কৃতি

শ্ৰীমন্ত শংকৰদেৱৰ অভিনৱ সৃষ্টিঃ পাৰিজাত হৰণ

post

Share

লেখিকাঃ ড পূৰৱী কলিতা

অসমীয়া জাতীয় জীৱন শৃংখলিত কৰিবৰ মানসেৰে শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰবত্তৰ্ন কৰি সেই ধৰ্ম প্ৰচাৰৰ অৰ্থে যিবোৰ  মাধ্যম ব্যৱহাৰ আৰু সৃষ্টি কৰিছিল, তাৰ ভিতৰত অংকীয়া নাটসমূহৰ কথা উল্লেখ কৰিব পাৰি৷ গুৰুজনাই সাধাৰণ মানুহৰ মনত আধ্যাত্মিক চেতনা জাগ্ৰত কৰাৰ এক  অৱলম্বণ হিচাপে নাটসমূহ ৰচনা কৰিছিল। উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বে ভাৰতৰ কোনো প্ৰান্ততে নাট্যাভিনয়ৰ যোগেদি ধৰ্মীয় বিষয়বস্তুক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা পৰিলক্ষিত নহয়৷ সেই অৰ্থতেই শ্ৰীমন্ত শংকৰদেৱ আছিল নাট্যাভিনয়ৰ দৰে শক্তিশালী গণ মাধ্যমৰ সফল বাটকটীয়া৷ গুৰুজনাৰ নাটক ৰচনাৰ মূল উদ্দেশ্য আছিল ভক্তিধৰ্মৰ সোঁত জনজীৱনৰ মাজলৈ প্ৰবাহমান কৰোৱা৷ সেয়েহে নাট্যাভিনয়ৰ মাজেদি জনসাধাৰণৰ হৃদয়ত ভক্তিধৰ্মৰ প্লাৱন তোলাৰ প্ৰয়াস কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱৰ অন্তপম সৃষ্টি নাটসমূহৰ ভিতৰত পাৰিজাত হৰণ নাটকীয় গুণেৰে সমৃদ্ধ এখনি জেষ্ঠ নাটক একশৰণ নামধৰ্ম প্ৰচাৰ আৰু ভগৱান শ্ৰীকৃষ্ণৰ গুণ- যশ আৰু লগতে শ্ৰেষ্ঠত্ব প্ৰকাশৰ মহৎ উদ্দেশ্যৰে গুৰু জনাই অভিনয়ৰ উপযোগীকৈ নাটকখনি ৰচনা কৰিছিল। ৰামচৰণ ঠাকুৰণ  ‘শঙ্কৰ চৰিতত’ উল্লেখ আছে যে গুৰুজনাই দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহি ‘পাৰিজাত হৰণ’ নাটক ৰচনা কৰিছিল৷

“পাৰিজাত হেন নাম অঙ্ক মহা অনুপম

কৰিলা শঙ্কঁৰ তাত পাছে৷”

শ্ৰীমন্ত শংকৰদেৱে ভাগৱত পুৰাণৰ দশম স্কন্ধৰ কাহিনী বিশে¡ষনৰ লগত হৰিবংশৰ বিষয়বস্তু সংযোগ কৰি নাটকখন ৰচনা কৰিছে৷ পাৰিজাত হৰণৰ কাহিনীটো ভাগৱতৰ দশম স্কন্ধৰ ত্ৰিচত্বািৰুশ আৰু চতুচ তাৰিংশ অধ্যায়তে সামৰা হৈছে যদিও ‘হৰিবংশত’ নৰকাসুৰ বধৰ ওপৰিও পাৰিজাত হৰণৰ ঘটনাংশই চৈধ্যতা অধ্যায় সামৰি লৈছে৷ গ্ৰন্থখনৰ বিষ্ণুপৰ্ব খণ্ডৰ চৌৰাল্লিছ অধ্যায়ত নৰকাসুৰ নিধন বৰ্ণনা কৰাৰ পাছত ৪৬ অধ্যায়ৰ পৰা পচপন্ন অধ্যায় পৰ্য্যন্ত  ৰুক্মিনীয়ে পাৰিজাত ফুল লাভ কৰাৰে পৰা সত্যভামাই নিজ গৃহত ৰোপন কৰালৈকে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে৷ গুৰুজনাই শ্ৰীকৃষ্ণৰ ‘নৰকাসুৰ নিধন’ আৰু ইন্দ্ৰৰ অমৰাৱতীৰ পৰা ‘পাৰিজাত বৃক্ষ হৰণ’ এই দুটি মূল কাহিনীক নাৰদ চৰিত্ৰটোৰে সংযোজন কৰি নাধ্যবস্তু অধিক আকৰ্ষণীয় কৰি তুলিছে। ‘পাৰিজাত হৰণ’ নাটকৰ বিষয়বস্ত এনেধৰণৰ – দেৱৰাজ ইন্দ্ৰই অমৰাৱতী শোভবদ্ধৰ্ন কৰা পাৰিজাত ফুলক কেন্দ্ৰ কৰি ‘পাৰিজাত হৰণৰ’ বিষয়বস্তু সূচীত হৈছে৷

নৰকাসুৰে বিপৰ্যস্ত কৰা স্বৰ্গৰাজ্য ৰক্ষাৰ বাবে সহায় বিচাৰি দেৱৰাজ ইন্দ্ৰৰ লগত শ্ৰীকৃষ্ণৰ ওচৰলৈ অহা নাৰদে স্বৰ্গৰ পাৰিজাত পুষ্পা এপাহ কৃষ্ণক দিলে৷ নাৰদ মুনিয়ে পাৰিজাতৰ গুণানুকীৰ্তন কৰে এইদৰে – “ওমি দেৱ দুলৰ্ভ পাৰিজাত যে নাৰী পৰিধান কৰে, সে পুষ্পক মহিমায়ে পৰম সোভাগিনী হয়ঃ তাহেক বাৰী চাৰি স্বামী কোথায়ে যায়ে নাহি৷৷” নাৰদৰ কথা শুনি ৰুক্মিণীৰ ফুলপাহ লৈ হেঁপাহ জাগে আৰু ভক্তি ভাৱে শ্ৰীকৃষ্ণক ফুলপাহ দিবলৈ অনুৰোধ কৰে– “হে স্বামী হামু তোহাৰ প্ৰথম পত্নী, জানি ওহি দেৱদুৰ্লভ পাৰিজাত, প্ৰাণনাথ হামাক দেহু৷৷”

পত্নীৰ এনে কাতৰ বানী শুনি শ্ৰীকৃষ্ণই সেই ফুল ৰুক্মিণীৰ শিষত পিন্ধাই দিয়াৰ পাছত নাৰদে অন্তেষপুৰত থকা সত্যভামাক সেই বাৰ্তা দি সত্যভামাৰ সতিনী বিদ্বেষ গভীৰ কৰি তুলিলে। সতিনী ৰুক্মিণীৰ প্ৰতি ঈৰ্ষাৰ জ্বালাত দগ্ধহৈ দিক্‌ বিদিক হেৰুৱাৰ লগতে সত্যভামাই জ্ঞান হেৰুৱাই অচেতন হৈ পৰিল৷ কটা ঘাত চেঙা তেল দিয়া নাৰদে, তৎমুহুৰ্ততে সেই স্থান পৰিত্যাগ কৰি শ্ৰীকৃষ্ণৰ কাষ চাপি পৰিস্থিতি বিষম কৰাৰ অভিপ্ৰায়েৰে ক’লে–“আহে শ্ৰীকৃষ্ণ, তোহো এথা কোন সুখে ৰহৈছঃ সে প্ৰিয়া সত্যভামা পাৰিজাতক নিমিত্তে অপমানে অন্ন পান সৱ চাৰলঃ...........” তৎক্ষণাৎ শ্ৰীকৃষ্ণ সত্যভামাৰ ওচৰলৈ আহি প্ৰিয় পত্নীৰ মানভঞ্জন কৰি পাৰিজাত বৃক্ষজুপিকে দুৱাৰ মুখত ৰুই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷

“পাৰিজাত তৰু সমূলি উপাৰি৷

ৰোপন কয়ব আনি তুৱা বাৰি”

কৃষ্ণৰ কথাত পতিয়ন নগৈ নৰক বধৰ বাবে যোৱা কৃষ্ণৰ সহিতে সত্যভামাও কামৰূপলৈ যাত্ৰা কৰিলে। তাকে দেখি শ্ৰীকৃষ্ণ বিচিত্ৰ লীলা চাবলৈ সুযোগ বিচাৰি ফুৰা নাৰদে কৃষ্ণক ‘কামাজুৰ’ আৰু ‘স্ত্ৰীজিত পুৰুষ’ বুলি নিন্দাও কৰিলে৷ আমাৰ সমাজতো প্ৰত্যেকখন ঘৰতেই হয়তু এনে ঘটনা দেখিবলৈ পোৱা যায়। যিটো গুৰুজনাই নাটকৰ জৰিয়তে উপস্থাপন কৰি দৰ্শক শ্ৰেুাতাক আনন্দিত কৰি তুলিছে৷

নৰকাসুৰক বধ কৰি কৃষ্ণ সত্যভামা সহিতে স্বৰ্গলৈ যায়৷ স্বৰ্গৰাজ্যত সত্যতামাই পাৰিজাত ফুল দেখি আনন্দিত হ’ল যদিও সেই ফুল বিচাৰৰ পাছতেই ইন্দ্ৰপত্নী শচীৰ লগত সত্যভামা আৰু আনফালে ইন্দ্ৰৰ  লগত শ্ৰীকৃষ্ণৰ যুদ্ধ সংঘটিত হ’ল৷ ইন্দ্ৰৰ বজ্ৰৰ প্ৰহাৰ প্ৰতিহত কৰি কৃষ্ণই চক্ৰ তুলি লয় আৰু ভয়ত ইন্দ্ৰ পলাবলৈ ধৰে। শ্ৰীকৃষ্ণক ‘মানৱ’ বুলি ঠাট্টা কৰা ইন্দ্ৰই পলায়ণ কৰাত সত্যভামাই ইন্দ্ৰ-শচী দুয়োকে অনেক তিৰষ্কাৰ কৰে৷ কিন্তু ইন্দ্ৰই জগতৰ পতি নাৰায়ণৰ লগত যুদ্ধত হাৰি যোৱাটো কোনো লাজৰ কথা নহয় বুলি নিজকে ধিক্কাৰ দি কৃষ্ণৰ চৰণত শৰণাপন্ন হয়৷

“ অত অপৰাধ সহৰি হৰি মোই

চৰণে শৰণ লোলা অৱ তোই৷৷ ”

অৱশেষত ইন্দ্ৰই পাৰিজাত ফুলৰ গছৰ সৈতে শ্ৰীকৃষ্ণৰ পদ প্ৰান্তত অৰ্পন কৰিলে৷ ইফালে পাৰিজাত বৃক্ষ প্ৰাপ্তিত সত্যভামাৰ অহংকাৰ দুগুণে চৰিল। পাৰিজাত বৃক্ষ নিজ আবাসৰ সন্মুখত ৰোপন কৰিহে সন্তুষ্টি লভিলে। এইখিনিতেই পাৰিজাত হৰণ নাটকৰ বিষয়বস্তু যৱনিকা পৰিছে৷

গুৰুজনাৰ মূল উদ্দেশ্যই আছিল ভক্তিভাৱৰ উদ্ৰেক কৰি, সামাজিক শান্তি শৃংখলা বৰ্তাই একশৰণ নামধৰ্ম প্ৰচাৰ কৰা। ‘পাৰিজাত হৰণ’ নাটকতো তাৰ ব্যতিক্ৰম নহয়৷ জীৱনৰ শেষৰ ফালে ৰচনা কৰা ‘পাৰিজাত হৰণ’ গুৰুজনাৰ শ্ৰেষ্ঠতম নাট্যকৃতি৷ নাটক এখন সফল হ’বলৈ যিবোৰ গুণৰ আৱশ্যক সকলোবোৰেই ‘পাৰিজাত হৰণ’ত বিদ্যমান৷ বিশেষকৈ চৰিত্ৰাঙ্কঁণ আৰু সংলাপৰ ক্ষেত্ৰত নাট্যকাৰে প্ৰদৰ্শন কৰা চাতুৰ্য্যতাৰ বাবেই ‘পাৰিজাত হৰণ’ নাটকে অনন্য মাত্ৰা লাভ কৰিছে৷ নাটকখনত শ্ৰীকৃষ্ণ, সত্যভামা, শচী, ইন্দ্ৰ, ৰুক্মিণী, নাৰদ আদি প্ৰত্যেকটো চৰিত্ৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে৷ নাট্যকাৰে প্ৰতিটো চৰিত্ৰক এনেধৰণে উপস্থাপন কৰিছে যাৰ জৰিয়তে আমাৰ সমাজ জীৱনৰ একোটি চিনাকি ৰূপ প্ৰতিফলিত হৈছে৷ উদাহৰণস্বৰূপে কলহ-প্ৰিয় নাৰদৰ চতুৰালিয়ে দৰ্শক বিমল হাস্যৰসৰ যোগান ধৰাৰ লগতে নাটকীয় ঘটনাৰ যোগসুত্ৰ ৰক্ষা কৰিছে৷ গুৰুজনাই ধৰ্মীয় বিষয়বস্তুৰ মাধ্যমেদি ব্যক্তিৰ হৃদয়ত সুপ্ত হৈ থকা ভাৱৰাশিক অতি কলা সন্মতভাৱে নাটকখনত অৱতাৰণা কৰি ভক্তিধৰ্মক সাধাৰণ মানুহৰ কাষলৈ লৈ যোৱাত সফল হৈছে৷ গুৰুজনাই শ্ৰীকৃষ্ণক বীৰ, দয়ালু, পুৰুষ, প্ৰিয়তম আৰু জগতৰ পতি ৰূপে চিত্ৰণ কৰিছে৷ নৰকাসুৰৰ পৰা সকলো সম্পত্তি উদ্ধাৰ কৰি তেওঁ ইন্দ্ৰক প্ৰদান কৰিছে৷ সামান্য পাৰিজাত ফুলৰ বাবেই ইন্দ্ৰই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰিছে৷ পাৰিজাত ইন্দ্ৰক ক্ষমা কৰি কৃষ্ণই শ্ৰেষ্ঠত্বৰ চানেকি দেখুওৱাইছে ৷ নাটকখনত বহু পত্নীক পুৰুষৰ দুৰাৱস্থাৰ ছবি এখনো প্ৰতিফলিত হৈছে শ্ৰীকৃষ্ণৰ চৰিত্ৰত ৷ জগতৰ পতি হ’লেও পত্নীৰ কাষত তেওঁ দুৰ্বল আৰু অসহায় দেখা গৈছে৷ পৰম ভক্ত নাৰদৰ মুখেদি শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ সেই দিন অত্যন্ত ব্যঙ্গ ৰূপত উদ্ভাসিত হৈছে৷

“হে কৃষ্ণ জানল তোহো স্ত্ৰীক লাড়িকা, দেৱ কাৰ্য্য

সৱ  পৰি  ৰহলঃ তোহাৰ ভাৰ্য্যাক চাটু বুলিতে সৱ দিৱস গেল৷৷”

নাটকখনৰ এই অংশটিত শ্ৰীকৃষ্ণৰ মানবীয় প্ৰবৃত্তিক কলাসন্মতভাৱে অৱতাৰণা কৰিছে৷ শ্ৰীকৃষ্ণ হ’ল জগতৰ পতি -নিগুৰ্ণ পৰম ব্ৰহ্মৰ সগুণ ৰূপ৷ সকলো দোষ গুণৰ অতীত৷ তেৰাৰ নীলা প্ৰকাশ কৰাহে গুৰুজনাৰ মূখ্য অভিপ্ৰায়৷ আনহাতে নাটকখনৰ গতি প্ৰবাহত নাৰদ চৰিত্ৰটিয়ে বিশিষ্ট ভূমিকা পালন কৰিছে৷ মুখত অহৰ্নিশে ভগৱানৰ নাম লৈ টুটুকীয়া আৰু কলহপ্ৰিয় ৰূপত প্ৰসিদ্ধি লাভ কৰা নাৰদ চৰিত্ৰ গুৰুজনাৰ অনুপম সৃষ্টি৷ এফালে তেওঁ পাৰিজাত ফুলৰ গুনৰাশি বৰ্ণনা কৰি সেই ফুল ৰুক্মিণীক দিয়াৰ উদ্দেশ্যে শ্ৰীকৃষ্ণক প্ৰদান কৰিছে৷ আনফালে সেই কথাৰ এগুণত দহগুণ কৰি অন্তেষপুৰত থকা সত্যভামাক অৱগত কৰি সতিনী বিদ্বেষ তীব্ৰতৰ কৰি ৰং চাইছে৷ অসমীয়া সমাজ জীৱনত এনেকুৱা কুটিল চৰিত্ৰ আজিও বিদ্যমান৷

পাৰিজাত হৰণ নাটকত পুৰুষ চৰিত্ৰৰ সমানেই নাৰী চৰিত্ৰৰ চিত্ৰণ আৰু নাৰীমনৰ গতি প্ৰকৃতিৰ নিৰীক্ষণত নাট্যকাৰ আধুনিক যুগৰ মনস্তাত্তিক চৰিত্ৰ ৰূপায়ণকাৰী সকলৰ এজন হৈ পৰিছে৷ নাৰীৰ সৌন্দৰ্য্যৰ প্ৰতি থকা চিৰন্তন দুৰ্বলতা আৰু সতিনী বিদ্বেষ, নাটকখনৰ অন্যতম প্ৰতিপাদ্য বিষয়৷ নাৰদৰ মুখে ‘পাৰিজাত ফুলৰ’ গুণাৱলী শুনাৰ পিছত ৰুক্মিণীৰ দৰে গুণৱতী নাৰীৰ হৃদয়ত অংকুৰিত হোৱা দুৰ্বলতাও অতি সুক্ষ্মভাৱে নাটকখনত উপস্থাপন কৰিছে৷

সত্যভামা চৰিত্ৰৰ মাজেৰে নাৰীৰ সহজাত প্ৰবৃত্তি, অত্যন্ত অভিমান পৰায়ণা, মুখৰা, ঈৰ্ষাম্বিতা, অহংকাৰী নাৰী ৰূপে চিত্ৰিত কৰাৰ ওপৰিও স্বামীক প্ৰণোদিত কৰি সকলো কাৰ্য্যৰ সমাধানৰ সুযোগৰ অন্বেষিকা হিচাপেও দেখুওৱাইছে৷ আনহাতে ইন্দ্ৰৰ পত্নী শচী চৰিত্ৰৰ মাজেৰে তিৰোতাই লাভ কৰা সামাজিক মৰ্য্যদাৰ অস্থায়ী অহংকৰাৰ চিত্ৰ প্ৰকাশ পাইছে৷ সত্যভামাৰ বিপৰীতে ৰুক্মিণীৰ চৰিত্ৰটো ধীৰ-স্থিৰ, গহীন-গম্ভীৰ, বিনয়ী আৰু দৃঢ়তা আদি গুণেৰে সমাদৃত হৈছে নাটকখনিত। সত্যভামাই স্বৰ্গৰ পৰা পাৰিজাত ফুলৰ গছ দ্বাৰকালৈ লৈ অহাৰ পিছতো সত্যভামাৰ ঈৰ্ষাৰ ভাৱ নাইকীয়া হোৱা নাই। তেওঁ পোনপ্ৰথমেই ৰুক্মিণীক লক্ষ্য কৰি কৈছে–  ‘‘হে বিদৰ্ভ ৰাজকুমাৰীঃ তোহো স্বামীক ঠাথে গোটা এক পাৰিজাত পুষ্পা পাৱলঃ দেখু দেখু যাৱত সোহি পাৰিজাত তৰু সমূলে উপাৰি কৃষ্ণক হাতে নাহি আনল, তাৱত চাবলো নাহি৷৷ হামাৰ সৌভাগ্যক মহিমা পেখো পেখো৷৷’’

সত্যভামাৰ চৰিত্ৰৰ বিপৰীতে পাৰিজাত ফুলৰ প্ৰতি স্বভাৱজাত দুৰ্বলতা থাকিলেও ৰুক্মিনী চৰিত্ৰটো স্বাভাৱিক গাম্ভীৰ্যৰে উপস্থাপিত হৈছে৷ ৰুক্মিনীয়ে স্বভাৱ সুলভ গাম্ভীৰ্য্যৰে ভগিনী বুলি সম্বোধন কৰি সপত্নীৰূপে সত্যভামা যে তেওঁৰ স্নেহৰ পাত্ৰী তাৰ পৰিচয় দিছে৷

“অয়ে ভগিনী সত্যভামাঃ কি কহৈছেঃ

জগতক পৰম গুৰু স্বামী কৃষ্ণঃ ঔনিকৰ

চৰণ সেৱা কৰিতেঃ ব্ৰহ্মাণ্ড ভিতৰে

দুল্লৰ্ভ থিকঃ................ তোহাৰি পাৰিজাত কোন কথা৷ ”

নাটখনিত ৰুক্মিণীৰ নিষ্কামভক্তি আৰু সত্যভামাৰ সকামভক্তিৰ চিত্ৰ ফুটি গুৰুজনাই নাটকখনিত সত্যভামাৰ দৰে ইন্দ্ৰ উঠিছে পত্নী শশীকো কথাই কথাই কাজিয়াত লিপ্ত হৈ গ্ৰাম্য কলহপ্ৰিয় নাৰীৰ ৰূপত উপস্থাপন কৰিছে৷ সেইকালৰ গ্ৰাম্যজীৱনৰ লগত খাপ খোৱাকৈ কথাবোৰ সংযোজিত কৰিছে৷ পাৰিজাত ফুলৰ বাবেই স্বকীয় মৰ্য্যাদা বিসৰ্জন দিয়া শশীয়ে সত্যভামাৰ প্ৰতি নিক্ষেপ কৰা বচনতেই তেওঁৰ কদৰ্ঘ ৰূপটোৰ প্ৰতিফলন ঘটিছে৷ সত্যভামাক আঘাত কৰিবলৈকে কৃষ্ণক তাচ্ছিল্য কৰি এনেধৰণে কয়৷ 

“অয়ে সত্যভামা, তোহাৰি স্বামী মাধৱক কথা হামু সৱ জানি, ওহি গোপী বিটাল গোপাল উনিকৰ আগু গোকুলক স্ত্ৰী নাহি বহল দেখু, কংসক দানী কুবুজী তাহেক হাত এৰাৱল নাহি তাহেক আৰ কি কহবঃ” গ্ৰাম্য সমাজৰ দৰ্শকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাই এনে ধৰণৰ ঘটনা নাটকখন উপস্থাপন কৰিছে৷

‘পাৰিজাত হৰণ’ নাটকখনিত ভক্তিৰসৰ ওপৰিও বীৰ -ৰস, কৰুণ ৰস আৰু হাস্য ৰসৰ প্ৰাধান্য দেখা যায়৷ নাটকৰ সংলাপৰ ক্ষেত্ৰতো নাট্যকাৰে বিশেষ দৃষ্টি ৰাখিছে ৷ বিশেষ্যক টুটকীয়া নাৰদে পাৰিজাত ফুল সম্পৰ্কীয় কথাখিনি সত্যভামাৰ আগত অৱতাৰণা কৰোঁতে নাট্যোৎক_া গভীৰ কৰাৰ বাবে নাট্যকাৰে সংলাপৰ মনোৰম বিন্যাস ঘটাইছে এনে ধৰণে –

“নাৰদ বোল ৷৷ আহে দেৱী সত্যভামা, তোহাৰি স্বামী শ্ৰীকৃষ্ণক বৰি বিষম চেষ্টা দেখল, হাঁ হাঁ মাৱ, তুহু দুৰ্ভাগা ভেলি, হাসু আজুসে জানলোঁ৷৷”

সত্যভামা বোল ৷৷ হে মুণিৰাজ, তেহো কি কহৈছ হামু কিছু বুডায়ে নাহি৷৷

নাৰদ বোল ৷৷ হাঁ হাঁ তোহাক বিধি বঞ্চল, হে মাৱ, কি কহবঃ কহিতে বৰ দুখ লাগে৷৷”

শচী ঞ্চ সত্যভামাৰ মুখত থকা গালি-শপনিৰ সংলাপে দৰ্শকক আমোদ দিয়া দেখা গৈছে৷

নাট্যভিনয়ৰ যোগেদি জনগণৰ হৃদয় জয় কৰা সম্ভৱ৷ এই কথা উপলব্ধি কৰিয়েই গুৰুজনাই অংকীয়া নাটক ৰচনা কৰিছিল৷ যি সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে নাট্য ৰচনাত প্ৰবৃত্ত হৈছিল; সেই সময়ত নাট্য কলাক পূৰ্ণ বিকশিত কৰাৰ বাবে সন্মুখত কোনো আৰ্হি নাছিল। তথাপিও কাহিনী বা চৰিত্ৰঙ্কেনতেই হওঁক অথবা নাট্যশৈলীৰ উপস্থাপন কলাতেই  হওঁক বৈষ্ণৱ সাহিত্যৰ ইতিহাসত শ্ৰীমন্ত শংকৰদেৱৰ লগত তুলনা কৰিব পৰা দ্বিতীয় এজন নাট্যকাৰ বিচাৰি পোৱা নাযায় ৷ সেইদৰে সংলাপৰ চাতুৰ্যতা অথবা সংলাপহীনভাৱে কৰা চৰিত্ৰাঙ্কন - গুৰুজনাৰ অভিনৱ সৃষ্টি ৰূপে অসমীয়া নাট্য সাহিত্যত স্মৰণীয় হৈ থাকিব ৷ গুৰুজনাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মনোৰঞ্জন আৰু ভক্তিৰসক কেন্দ্ৰ কৰি ৰচনা কৰা নাটসমূহৰ জনপ্ৰিয়তা আজিও ৰক্ষিত হৈ আছে৷

সহায়ক গ্ৰন্থঃ

১) দেৱ গোস্বামী , ড॰ কেশানন্দ  [সম্পাদনা] ঃ  ‘অঙ্কঁমালা’, বনলতা, তৃতীয় প্ৰকাশ ১৯৯৯

২) বৰুৱা, পৰান কুমাৰ ; বৰুৱা মুৰুলী [সম্পাদনা] ঃ ‘সূত্ৰধাৰ’, নগাওঁ ভাওনা সমাৰোহ ২০১৩

৩৷ শইকীয়া, শৈলেন [সম্পাদনা] ঃ ‘দৌল’, স্মৃতিগ্ৰন্থ, শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ, বটদ্ৰৱা থানা পৰিচালনা সমিতি ২০২১

৪) বিভিন্ন বাৰ্তালোচনীৰ পৰা তথ্য সংগ্ৰহ৷

আপুনিও ভাল পাব পাৰে!