কলা আৰু সংস্কৃতি

অসমৰ জনগোষ্ঠীয় লোকবাদ্য- এটি চমু অৱলোকন

post

Share

লেখকঃ নিউটন কোঁৱৰ বসুমতাৰী

অসমৰ সমাজ জীৱনত অতীজৰে পৰাই বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, উৎসৱ, লোকবিশ্বাস, লোকনৃত্য, পৰম্পৰাগত সাজ-পাৰ, গীত-মাত, খাদ্যাভাস আদিৰ সংমিশ্ৰণ ঘটিছে৷ ইয়াৰ সমান্তৰালকৈ সামাজিক আচাৰ-অনুষ্ঠান, ধম¹য় অনুষ্ঠান, সাংস্কৃতিক, উৎসৱ-পাৰ্বণ, মৌখিক সাহিত্যৰ দৰে বিভিন্ন উপাদানত থলুৱা লোকবাদ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ বিশেষকৈ চহা সমাজত প্ৰচলিত এই বাদ্যযন্ত্ৰসমূহৰ সৃষ্টি কোনে কেতিয়া কৰিছিল সঠিককৈ জনা নাযায়৷ অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা নানাবৰণীয়া লোকসংস্কৃতিৰ সম্ভাৰ সমৃদ্ধি কৰাত এই লোকবাদ্যসমূহে প্ৰচুৰ অৰিহণা যোগাইছে৷ ঠাই বিশেষে ভিন্ন নাম, ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকবাদ্যসমূহৰ ব্যৱহাৰো ভিন্ন ধৰণৰ৷ থলুৱাভাৱে উৎপাদিত ভিন্ন সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰা লোকবাদ্যৰ প্ৰচলন অতীজৰ পৰাই চলি আহিছে৷ কাঠ, বাঁহ, কাঁহ, পিতল, তাঁৰ, জন্তুৰ ছাল, হাড়, ম’হৰ শিং আদিৰে পৰম্পৰাগত পদ্ধতিৰে আজিও এই লোকবাদ্যসমূহ তৈয়াৰ কৰি লোৱা দেখা যায়৷ ইয়াৰোপৰি অন্য সংস্কৃতিৰ প্ৰসাৰ অথবা নানান ধৰ্মৰ প্ৰচাৰৰ সময়ত চুবুৰীয়া ৰাজ্য বা অন্য প্ৰদেশৰ পৰাও আমদানি কৰাৰ কিছু উদাহৰণ অনুমান কৰিব পাৰি৷ এই লিখনিৰ জৰিয়তে জনগোষ্ঠীয় লোকবাদ্যসমূহৰ ব্যৱহাৰ আৰু কিছু আলোচনা কৰিবলৈ যত্ন কৰা হ’ল-

বড়ো জনগোষ্ঠীয় লোকবাদ্যঃ

খামঃ খাম হৈছে বড়োসকলৰ বিশেষধৰণৰ ঢোল৷ ই আকাৰত যথেষ্ট ডাঙৰ৷ খোলাটো আম, জাম, কঁঠাল আদিৰ কাঠেৰে বনোৱা হয়৷ দুয়োফালে দুটা হাতেৰে বজোৱা হয় আৰু খালী হাতেৰে বজোৱা হয়৷ খামৰ মাত গুৰু-গম্ভীৰ৷ বড়োসকলে ‘বৈছাগু’, ‘খৈৰাই ফুজা’, ‘আৰজ’ (প্ৰাৰ্থনা গীত), ‘হাবা মেথায়’ (বিয়া গীত), ‘বাগুৰুম্বা’ নৃত্য অথবা অন্যান্য উৎসৱত খাম বজালে উৎসৱভেদে খামৰ বুলনি বেলেগ বেলেগ হয়৷

জোথাঃ জোথা হৈছে তাল আকৃতিৰ এবিধ বাদ্য৷

চিফুং -  চিফুং হৈছে বড়োসকলে ব্যৱহাৰ কৰা এবিধ বিশেষ বাঁহী৷ ইয়াৰ বৈশিষ্ট্যও সাধাৰণ বাঁহীতকৈ কিছু পৃথক৷ ইয়াৰ আকৃতি অলপ ডাঙৰ আৰু পাঁচটা ফুটা থাকে৷ বড়োসকলে প্ৰতিটো উৎসৱ-পাৰ্বণ, নৃত্য-গীততেই চিফুং ব্যৱহাৰ কৰে৷

ছেৰজাঃ বড়ো লোকসংস্কৃতিৰ ই এক অপৰিহাৰ্য বাদ্য৷ কাঠ আৰু তাঁৰেৰে এই বাদ্য তৈয়াৰ কৰা হয়৷ ভিন্ন নৃত্য-গীত আৰু কামৰূপীয়া লোকগীতত ইয়াৰ ব্যৱহাৰ হোৱা দেখা যায়৷ অসমৰ বহু ঠাইত ইয়াক চায়েনদাৰ বুলিও জনা যায়৷

জাবখ্ৰিং - জাবখ্ৰিং হৈছে হাতৰ আঙুলিৰ ফাঁকত সুমুৱাই বজোৱা এক বিশেষধৰণৰ বাদ্য৷ ইয়াক মূলতঃ কাঠৰ হেণ্ডেল আৰু ভিতৰত পিতলৰ পাতলীয়া মুদ্ৰাবোৰ সুমুৱাই সজোৱা হয়৷ গীতৰ ছন্দ আৰু তাল মিলাবলৈ ইয়াক ব্যৱহাৰ কৰে৷

থৰখাঃ অসমীয়া বিহুৰ সময়ত ব্যৱহূত টকা আকৃতিৰ এইবিধ বাদ্য বাঁহেৰে নিৰ্মাণ কৰা হয়৷ বিশেষকৈ ‘বৈছাগু মেথাই’ গোৱাৰ সময়ত এইবিধ বাদ্য ব্যৱহাৰ হয়৷

তিৱা জনগোষ্ঠীয় লোকবাদ্যঃ

তিৱাসকল উৎসৱ-পাৰ্বণ আৰু পূজা-পাতল আদিত বিশেষ চহকী৷ ভিন্ন উৎসৱত স্বকীয় সুৰৰ সমন্বয় ঘটা নানাবিধ বাদ্য ব্যৱহৃত হয়৷ এই লোকবাদ্যসমূহ তিৱাসকলে নিজে তৈয়াৰ কৰি লয়৷

খ্ৰামবাৰঃ খ্ৰামবাৰ’ক বৰঢোল বুলি ক’ব পাৰি৷ ইয়াৰ মাতটো গুৰু-গম্ভীৰ৷ খ্ৰামবাৰ’ৰ আকৃতি ডাঙৰ কিন্তু সাধাৰণ ঢোলতকৈ কিছু চুটি হয়৷ ইয়াক দুয়োফালে দুডাল মাৰিৰে বজোৱা হয়৷ তিৱাসকলে ‘ছগ্ৰা-মিছাৱা’, ‘ৱ্যানছুৱা’ আদি  বিশেষ উৎসৱৰ সময়তহে এই খ্ৰামবাৰ’ক ব্যৱহাৰ কৰে৷

খ্ৰাম পাণ্ঠাইঃ তিৱা সমাজৰ ই অতি ক্ষুদ্ৰ ঢোল৷ এই ঢোলৰ আকৃতি সৰু, দৈঘ্যৰ্ মাথো এহাত আৰু সন্মুখৰ দিশে বত্ৰিছ ইঞ্চি আৰু পিছৰ দিশে পঁচিছ ইঞ্চিমান৷ অৱয়বৰ তুলনাত ইয়াৰ শব্দধবনি অতি স্পষ্ট আৰু তীক্ষ্ণতৰ৷

খ্ৰাম লোডাং - পাহাৰীয়া তিৱাসকলৰ ডেকাচাঙত সৰ্বদা তিনিবিধ বাদ্য মজুত থাকে৷ ডেকাসকলৰ মন আনন্দোচ্ছল অৱস্থাত সেই বাদ্যবোৰেৰে নিজৰ অনুভূতি প্ৰকাশ কৰে৷ সেই বাদ্যকেইবিধৰ ভিতৰৰে এবিধ হ’ল ‘খ্ৰাম লোডাং’ ৷ দীঘলে তিনিহাত এই বাদ্যটি অসমীয়া পাতিঢোলৰ দৰে৷

দগাৰা বা তুম্বাং - দগাৰা বা তুম্বাঙৰ আকৃতি ৰঙালাউৰ দৰে৷ দুহাতে দুডাল মাৰি লৈ বজোৱা এইবিধ বাদ্যক নাগাৰাৰ সৈতে তুলনা কৰিব পাৰি৷

মুহুৰি বা ফেম্বা - পোন গছৰ ডাল চাঁচি, কাটি বেলেগ বেলেগ দুটা অংশ সংযুক্ত কৰি মুহুৰি তৈয়াৰ কৰা হয়৷ সন্মুখৰ পোন অংশটোৰ মাজেদি বাঁহৰ পাবৰ দৰে পোনে পোনে ফুটা কৰি দিয়া হয় আৰু বাঁহীৰ দৰে ওপৰৰ অংশত ছটা ফুটা কৰা হয়৷

টুমডিং - টুমডিং হ’ল মাটিৰে নিৰ্মিত খোলৰ অনুৰূপ লোকবাদ্য৷ এই টুমডিঙৰ আৰ্হিতে সংমিশ্ৰিত অসমীয়া সংস্কৃতিক একত্ৰিত কৰা গুৰু শ্ৰীমন্ত শংকৰদেৱে সৰ্বজনবিদিত খোল নিৰ্মাণ কৰিছিল বুলি ধাৰণা কৰিব পাৰি৷

পাংচি - পাংচি হৈছে তিৱাসকলে ব্যৱহাৰ কৰা বাঁহী৷

থুৰাং - থুৰাং হৈছে দীঘলীয়া আকৃতিৰ বাঁহী৷ ‘ছগ্ৰা-মিছাৱা’, ‘লাংখন ফুজা’ আদি উৎসৱত এই থুৰাং ব্যৱহূত হয়৷

জেনথৰ - নৃত্যৰত অৱস্থাত তিৱা যুৱকসকলে প্ৰতীকী ভাব-ভংগী বিশেষৰূপে প্ৰকট কৰিব পৰা সুৰ সংযোনাৰ্থে যঁতৰাকৃতি বাদ্য জেনথৰ ব্যৱহাৰ কৰে৷

চাৰাংকাট - অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বাদ্যসম্ভাৰৰ মাজত ভিন্ন নামেৰে চাৰাংকাট অন্তৰ্ভুক্ত হৈ আছে৷ তিৱাসকলৰ মাজত ই চাৰাংকাট নামেৰেই পৰিচিত৷

ভৈয়াম কাৰ্বিসকলৰ লোকবাদ্যঃ

চেংপি (ডাঙৰ ঢোল) - এই ঢোলটো ষোল্ল-ওঠৰ ইঞ্চিমান দীঘল, দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰা হয়৷ ঢোলটো এফালে সৰু, এফালে ডাঙৰ৷ ঢোলটোৰ কোবনিখন গৰু ছালৰ আৰু তালিখন ছাগলী ছালৰ৷

দাংদ’ (এমুখীয়া ঢোল) - এই ঢোলটো ঢুলীয়াই কঁকালত বান্ধি থৈ বিহুৰ সময়ত ‘চেংবে’ৰ সৈতে বজায়৷ এই ঢোলটো দুখন হাতত দুডাল মাৰি লৈ বজোৱা হয়৷

কিথি কাৰহি আচেং - গাঁৱত কোনো লোকৰ মৃত্যু হ’লে একেদিনাৰ ভিতৰতে ঢোল কাটি, ঢোল খুলি, তাত চামাৰা-বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিবলগীয়া হয় সেই ঢোলটোৱেই হৈছে ‘কিথি কাৰহি আচেং’৷

আহন আপংছী (বৰবাঁহী) - আহন আপংছী মানে হ’ল বৰবাঁহী৷ এই বাঁহীত আঠটাকৈ ফুটা থাকে৷ কৃষি দেৱতাৰ পূজা ‘ৰেত আণাৰ্ম’, ‘আমৈ মৈ কিকান’, দেহাল পূজা, বাঁহ নৃত্য, ডেকা চাঙত মেল বহা দিনাখন, কোনোবা গৃহস্থৰ মাংগলিক অনুষ্ঠানত এই বাঁহী বজোৱা হয়৷

তুৰয়িত (বাঁহী) - তুৰয়িত হ’ল ওঁঠেৰে বজোৱা বাঁহী৷ এই বাঁহীটো প্ৰধানকৈ গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী বুলিও জনা যায়৷ এই বাঁহৰ বাঁহীটোত মাত্ৰ দুটা ফুটা থাকে৷ এই বাঁহী বন দেৱতাৰ পূজা ‘ইংলং আণাৰ্ম’টি’ পতাৰ পাছতহে তুৰয়িতটো বজাব পাৰে৷

বৰকালি আহনমুৰীত - কালিটোত মাইকী হাঁহৰ পাখিত ধানৰ নৰাদি বজোৱা হয়৷ দ’মাহী, দেওশাল ‘আণাৰ্ম কিপন’, গাভৰুসকলে দেহাল পূজাৰ সময়ত পিঠাগুৰি খুন্দোতে, ডেকাচাঙৰ বৰ খুঁটা ‘নুমপেটো’ আনোতে বজোৱা হয়৷

মুৰীতয’ৰা - এইবিধ বাদ্যত ভালেমান যোৰা থাকে কাৰণে ইয়াক মুৰীতয’ৰা বুলি কোৱা হয়৷ মুৰীতয’ৰা বাদ্যটো দেহাল পূজা আৰু দ’মাহীত ব্যৱহাৰ কৰা নহয়৷ এই দুটি অনুষ্ঠানৰ বাহিৰে অন্যান্য অনুষ্ঠানত মুৰীতয’ৰা বজোৱা হয়৷

মুৰীতজাংকেক (পেঁপা) - এই পেঁপাটো বন বাঁহৰ আগলিৰে বনোৱা হয়৷ ইয়াক হাদাৰী খেলোঁতে, খৰি-খেৰ কাটিবলৈ যাওঁতে, গৰু চৰাওঁতে বজোৱা হয়৷

পামপ্ৰপ - ই এটা বাঁহৰ চুঙাৰ বাদ্য৷ এইবিধ বাদ্য ‘আমৈ-মৈ-কিকান’ত বজায়৷

হাৰ্লি (তাল) - কাৰ্বি সমাজত তালৰ ব্যৱহাৰ নাই যদিও বাঘ মাৰি পতা অনুষ্ঠান ‘টিকে কিকান’ত তাল ব্যৱহাৰ কৰা হয়৷

বড়োসকলৰ দৰে ৰাভাসকলৰ মাজতো খামৰ প্ৰচলন আছে৷ ৰাভাৰ খ্ৰামটো দীঘলীয়া৷ ডিমাচাসকলৰ মাজতো খ্ৰাম বুলিয়েই পৰিচিত৷ সকলোবোৰ নৃত্য-গীততেই এই ‘খাম’ বা ‘খ্ৰাম’ জনজাতীয় লোকসকলে ব্যৱহাৰ কৰে৷ মিচিংসকলৰ ঢোলটোৰ নাম হৈছে ‘দুম্‌ দুম্‌৷ ঠিক তেনেকৈ বাঁহী, পেঁপা, তাল, গগণা আদিৰো ভিন্ন জনগোষ্ঠীৰ মাজত ভিন্ন নামেৰে পৰিচিত৷ একেটা ঠালৰে ভিন্ন শাখাৰ জনগোষ্ঠীসমূহৰ লোকবাদ্যসমূহৰ নাম, আকাৰ, আকৃতি আদিৰ মিল দেখা যায়৷ ইয়াৰ কিছুমান জনগোষ্ঠীৰ মাজত ব্যৱহূত বাদ্যসমূহৰ মাজত ঠাই বিশেষে কিছু অমিল হয়৷ জনগোষ্ঠী ভেদে বজোৱা শৈলী ভিন্ন ধৰণৰ, তৈয়াৰ কৰা পদ্ধতিও ভিন্নধৰণৰ হোৱা দেখা যায়৷

অসমৰ জাতীয় উৎসৱ বিহুৰ লগতে বিহুৰ সমান্তৰালকৈ ভিন্ন জনগোষ্ঠীয়ে নিজ নিজ জনগোষ্ঠীয় পৰম্পৰাগত উৎসৱ পালন কৰে৷ ইয়াৰে সৰহসংখ্যক উৎসৱেই প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷ বিহুগীত গাওঁতে আৰু নৃত্য কৰোঁতে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ হৈছে- ঢোল, পেঁপা, বাঁহী, টকা, গগণা, সুতুলি ইত্যাদি৷ ইয়াৰোপৰি অসমীয়া সমাজত খোল, ডবা, শিঙা, টোকাৰী, মাদল, ভোৰতাল, বীণ, মৃদঙ্গ, দগৰ, নাগাৰা আদি লোকবাদ্যসমূহ অতীতৰে পৰাই প্ৰচলিত হৈ আহিছে৷

কৃষিকাৰ্যৰ ওপৰত ভিত্তি কৰিও বহুকেইটা উৎসৱ পালন কৰা হয়৷ যেনে, বিহু, বড়োসকলৰ বৈছাগু, খেৰাই আৰু মাইনাও লায়নায়, মিচিংসকলৰ আলি-আয়ে-লৃগাং আৰু পঃৰাগ, কাৰ্বিসকলৰ চ’জুন, ৱ’ল’কেতেৰ, লক্ষ্মী কেপ্লাং, ৰাভাসকলৰ বায়খো, মাম্বেবাকায়, গ্ৰিমবুদা, তিৱাসকলৰ ছগ্ৰা মিছাৱা, ইয়াংলি, ৱ্যানছুৱা, হাজংসকলৰ ৰোৱা লাগা, চাহ জনগোষ্ঠীৰ কৰম পূজা ইত্যাদি উল্লেখযোগ্য৷ বিয়া-সবাহ, মৃতকৰ পূজা, নানান ধম¹য় অনুষ্ঠানত অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ভিন ভিন উৎসৱ পালন কৰে৷ যেনে- কাৰ্বিসকলৰ চমাংকান, বড়োসকলৰ বাথৌ পূজা, ৰাভাসকলৰ বায়খো ইতাদি৷

ৰং-ৰহইচৰ বাবেই হওঁক বা পৰম্পৰাগতভাৱে চলি অহা গীত-নৃত্যই হওঁক সকলো জাতি-জনগোষ্ঠীয়েই নিজ নিজ শৈলীৰে লোকবাদ্যসমূহ সংগত কৰে৷ এই লিখনিত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকবাদ্যৰ বিষয়ে উল্লেখ কৰাটো সম্ভৱপৰ নহ’ব যদিও চমুকৈ আভাস দিবলৈ চেষ্টা কৰা হ’ল৷ যিহেতু বাদ্যযন্ত্ৰৰ জৰিয়তে নৃত্য-গীতৰ স্বকীয়তা ফুটি উঠে, সেয়েহে বাদ্যযন্ত্ৰৰ অবিহনে লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ অসম্ভৱ৷ সকলো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি জীয়াই থকালৈকে লোকবাদ্যৰ প্ৰচলনো চলি থাকিব৷   

আপুনিও ভাল পাব পাৰে!