কলা আৰু সংস্কৃতি

কাৰবি লোকসমাজত বাঁহৰ চুঙা

post

Share

লেখিকাঃ গীতা হাঞ্ছেপী

চুঙা হৈছে এফালে গাঁঠি থকা বা নথকা এটা বাঁহৰ পাব৷ অতীজৰে পৰাই মানুহৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বাঁহ তথা বাঁহৰ চুঙাৰ গুৰুত্ব আজিও মন কৰিবলগীয়া৷ ঘৰুৱা যিকোনো কামতে ব্যৱহাৰ হোৱা বাঁহৰ চুঙাৰ লগত জনজীৱনৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ জুই ফুৱাবলৈ ব্যৱহাৰ কৰা চুঙাটোৰ পৰা আৰম্ভ কৰি শিপিনীসকলে তাঁতশালত ব্যৱহাৰ কৰা ব-চুঙাটোলৈকে বাঁহ নহ’লেই নহয়৷ এটা সময়ত আ-অলংকাৰ, দৰকাৰী নথি-পত্ৰ আদি সযতনে ৰাখিবলৈ বাঁহৰ চুঙাক চন্দুক হিচাপেও ব্যৱহাৰ কৰা হৈছিল৷ আৰু আজিও বহুসংখ্যক লোকে বাঁহৰ চুঙাত টকা-পইচা ভৰাই থ’বলৈ ভাল পায়৷ কোনো কোনো অঞ্চলৰ লোকে চাহ খোৱা পিয়লা হিচাপে নাইবা পানী খোৱা গিলাচ হিচাপেও চুঙা ব্যৱহাৰ কৰে৷ আজিৰ দিনতো কিছুমান লোকসমাজৰ বিয়া-সবাহ তথা সামাজিক অনুষ্ঠানসমূহত পানী খোৱা, মদ খোৱা আদি বিভিন্ন কামত পৰম্পৰাগতভাৱে চুঙাৰ বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়৷ অথাৰ্ৎ প্ৰত্যেক জাতি-জনগোষ্ঠীৰ জনজীৱনত তাহানিৰে পৰাই বাঁহৰ চুঙা এক অপৰিহাৰ্য সম্পদৰূপে পৰিগণিত হৈ আহিছে৷

সাহিত্যৰ পথাৰখনতো চুঙাৰ যথেষ্ট সমাদৰ আছে৷ সেয়ে চুঙাৰ লগত জড়িত অলেখ ফকৰা-যোজনাই অসমীয়া লোকসাহিত্যৰ ভঁৰাল টনকিয়াল কৰি ৰাখিছে৷ অসমীয়া লোক-সংস্কৃতিৰ পথাৰলৈ বাঁহৰ চুঙা জনজাতীয় লোকসকলৰ অৱদান বুলি কোৱা হয়৷ এই সন্দৰ্ভত ‘অসমৰ জনজাতীয় সংস্কৃতি’ নামৰ গ্ৰন্থত উল্লেখ আছে- ‘...অসমীয়া সংস্কৃতিলৈ চুঙাৰ আগমন হয় জনজাতিসকলৰ মাজেদি৷ বাঁহ সভ্যতাৰ ধবজাবাহী মংগোলীয়সকলে চুঙাৰ ব্যৱহাৰ ভালদৰে জানিছিল৷ মংগোলীয় সভ্যতা আৰু সংস্কৃতিত চুঙাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত আজিকোপতি দৈনন্দিন জীৱন-নিৰ্বাহ, শিল্পকলা, সংগীত, সাহিত্য আৰু ধৰ্মীয় পৰম্পৰাত চুঙাৰ পয়োভৰ আছে৷’

আন আন জনজাতীয় লোকসমাজৰ দৰে কাৰবিসকলৰ দৈনন্দিন জীৱনতো বাঁহৰ চুঙা অন্যতম অপৰিহাৰ্য সম্পদস্বৰূপ৷ পাকঘৰৰ তেল-লোণ, হালধি ভৰাবলৈ ব্যৱহাৰ কৰা বাঁহৰ চুঙাটোকে আদি কৰি ঘৰৰ প্ৰতিটো কামতে তেওঁলোকে বাঁহৰ চুঙা ব্যৱহাৰ কৰে৷ শুকান কাক বাঁহ, জাতি বাঁহ, ভলুকা বাঁহৰ চুঙাত সাঁচতীয়া বস্তুবোৰো তেওঁলোকে সযতনে বহুদিনলৈ সাঁচি ৰাখে৷ চুঙাৰ কাৰবি শব্দ হ’ল লাংপং৷ উল্লেখ্য যে ভিন ভিন কামত তেওঁলোকে ব্যৱহাৰ কৰা এই চুঙা বা লাংপঙৰ নাম বেলেগ বেলেগ৷ যেনে- পানী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা চুঙাৰ নাম ‘লাংথে লাংপং’, ধঁপাত-চাধা ভৰোৱা চুঙাৰ নাম ‘দুমা লাংপং’, চূণ ভৰোৱা চুঙাৰ নাম ‘ছাই নি লাংপং’, পইচা ভৰোৱা চুঙাৰ নাম ‘টাংকা লাংপং’, শুকান মাছ ভৰাবলৈ ব্যৱহাৰ কৰা চুঙাৰ নাম ‘মানথু লাংপং’, নিমখ ভৰোৱা চুঙাৰ নাম ‘ইংতি লাংপং’, খাৰণী থোৱা চুঙাৰ নাম ‘ফ’ল’ লাংপং’ ইত্যাদি৷ এইবোৰৰ উপৰিও তেওঁলোকে কেতিয়াবা ভাত, তৰকাৰী, মাছ-মাংস আদি ৰন্ধাৰ কামত কেঁচা বাঁহৰ চুঙা ব্যৱহাৰ কৰে৷ পাহাৰ অঞ্চলত বসবাস কৰা কাৰবি লোকসকলে আৰ খেতিত কাম কৰাৰ সময়ত নতুবা বিভিন্ন কামৰ বাবে দূৰণিবটীয়া ঠাইলৈ যাত্ৰা কৰাৰ পথত এসাঁজ ৰান্ধি খাব লগা হ’লে তেওঁলোকে বাঁহৰ চুঙাতেই ৰান্ধি খায়৷ কিয়নো এনে সময়ত ৰান্ধি খাবলৈ বাঁহৰ চুঙাই হৈছে আটাইতকৈ সুবিধাজনক আৰু সহজতে পোৱা পাত্ৰ৷

কাৰবিসকলে পানী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা চাৰি-পাঁচ পাবমান জোখৰ দীঘল চুঙাটোৰ নাম লাংথে৷ সাধাৰণতে লাংথেৰ বাবে তেওঁলোকে ডাঙৰ তথা আহল-বহল জোখৰ কাক বাঁহ ব্যৱহাৰ কৰে৷ বাঁহডালৰ এফালে গাঁঠি ৰাখি আনফালে খোলা ৰাখে আৰু বাকী পাবৰ গাঁঠিবোৰ ফুটা কৰি থয়৷ চুঙাৰ খোলা মুখেৰে পানী ভৰাই তেওঁলোকে খাঙেৰে নতুবা বৰতিৰে একেলগে থুপাই বান্ধি পিঠিত কঢ়িয়ায়৷ পানীৰ সুবিধা নথকা পাহাৰ অঞ্চলত বসবাস কৰা কাৰবি লোকসকলে দূৰ-দূৰণিৰ নিজৰাৰ পৰা দৈনিক প্ৰয়োজনীয় পানীখিনি কঢ়িয়াবলৈ এই লাংথে ব্যৱহাৰ কৰে৷ পৰম্পৰাগতভাৱে তেওঁলোকে পালন কৰি অহা উৎসৱ, পূজা-পাৰ্বণসমূহত গাঁৱৰ গাভৰুসকলে লাংখেৰে পানী কঢ়িয়াই পানীৰ যোগান ধৰে৷ এনেদৰে পানী কঢ়িওৱাটোও তেওঁলোকৰ অন্যতম পৰম্পৰা৷

কাৰবি লোকসকলে বাঁহৰ চুঙাত শুকান মাছ ভৰাই বহুদিনলৈ সাঁচি থয়৷ পুঠি, ডৰিকণা, খলিহনা আদি সৰু সৰু মাছ সংগ্ৰহ কৰি প্ৰথমে তেওঁলোকে মাছবোৰ জুইত নতুবা ৰ’দত শুকুৱায়৷ শুকোৱা মাছৰ লগত নিমখ পানী বা লাওপানী মিহলাই নতুবা কচুৰ ঠাৰি খুন্দি অতি সযতনে চুঙাত ভৰাই থয় আৰু চুঙাৰ মুখখনত শুকান কলপাতেৰে সোপা দি বোকা মাটি নাইবা ফুটছাই লিপি দিয়ে৷ বহুদিনলৈ সাঁচি ৰাখিব পৰা এই ‘মানথু’ বা চুঙামাছ যেতিয়াই খাবলৈ মন যায় তেতিয়াই তেওঁলোকে চুঙাৰ পৰা উলিয়াই ভিন্ন জুতিৰে ৰান্ধি খায়৷ শুকান মাছৰ দৰে কাৰবিসকলে বাঁহ গাজৰ খৰিছাও চুঙাত ভৰাই থৈ বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে৷ ভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰি ৰখা খৰিছাৰ ভিতৰত চুঙাত ভৰাই থোৱা খৰিছা তেওঁলোকৰ অতি প্ৰিয়৷ এই পদ্ধতিত তেওঁলোকে হাবিৰ পৰা সংগ্ৰহ কৰি অনা বাঁহৰ গাজবোৰ চকলা-চকলকৈ কাটি নাইবা মিহিকৈ কাটি প্ৰথমে চুঙাত ভৰায় আৰু মুখখন আটিলকৈ ঠিলা মাৰি গাঁতত পুতি থয়৷ পুতি থোৱা চুঙাৰ পৰা বাঁহৰ গাজ উলিয়াই তেওঁলোকে ৰুচি অনুযায়ী বিবিধ ব্যঞ্জন ৰান্ধি খায়৷ এইবোৰৰ উপৰিও কাৰবি লোকসকলে সৰহকৈ শুকান ৰঙালাওৰ গুটি, হানছেৰঙ (টেঙা মৰা)ৰ গুটি, তিল আদি ধুনীয়াকৈ ভাজি খুন্দি যতনে চুঙাত ভৰাই ৰাখে৷ সেইদৰে শুকান জলকীয়াও খুন্দি চুঙাত ভৰাই থয়৷ এনে কৰাৰ ফলত ৰান্ধনীগৰাকীৰ বহু সু্‌বিধা হয়৷

চুঙাত খাদ্য সিজোৱা পদ্ধতিটো হৈছে একপ্ৰকাৰ ৰন্ধনশৈলী৷ এই পদ্ধতিৰে খাদ্য প্ৰস্তুত কৰোঁতে বাঁহৰ চুঙাত খাদ্য সামগ্ৰীবোৰ ভৰাই জুইত পুৰি বা সেকি সিজোৱা হয়৷ এই পদ্ধতিৰে কাৰবিসকলে ভাত-আঞ্জা ৰান্ধি খাই ভাল পায়৷ খাদ্য ৰান্ধিবৰ বাবে কেঁচা বাঁহৰ এটা পাবত এফালে গাঁঠি ৰাখি আনটো ফালে খোলা ৰখা হয়৷ আঞ্জাৰ বাবে ৰান্ধিবলগীয়া পাচলিখিনিৰ লগত প্ৰয়োজন অনুসৰি নিমখ, হালধি, জলকীয়া, আদা-নহৰু আদি মিহলাই চুঙাৰ খোলা মুখেৰে ভৰাই দিয়া হয়৷ তাতে কিছু পৰিমাণৰ পানী দি চুঙাৰ মুখখন কলপাত বা হালধি পাত নতুবা লৰু গছৰ পাতেৰে আটিলকৈ সোপা দি জুইৰ তাপত সিজায়৷ শাক-পাচলিৰ দৰে মাছ বা মাংসও তেওঁলোকে চুঙাত ৰান্ধি খায়৷ ইয়াত তেওঁলোকে কোনো ধৰণৰ মচলা বা তেল ব্যৱহাৰ নকৰে৷ মচলা হিচাপে কেৱল আদা, নহৰু, কেঁচা হালধি, জলকীয়া, ধনীয়া পাত, লপং (বগা তুলসী পাতৰ লেখীয়া) পাত, মান ধনীয়াৰ পাত আদি ব্যৱহাৰ কৰে৷ আঞ্জাৰ দৰে তেওঁলোকে চুঙাতো বাত সিজাই খাই ভাল পায়৷ ইয়াৰ বাবে তেওঁলোকে প্ৰথমে চাউলখিনি ধুই কলপাত বা লৰু পাতত দীঘলে দীঘলে ভালদৰে মেৰিয়াই (চুঙাৰ জোখ অনুযায়ী) চুঙাত ভৰায় আৰু অলপ পৰিমাণৰ পানী দি চুঙাৰ মুখখন আটিলকৈ সোপা মাৰি জুইৰ তাপত সিজায়৷ চুঙাত সিজোৱা ভাতক কাৰবি ভাষাত কোৱা হয় ‘আন কিমুং’, সিজোৱা আঞ্জাখিনিক কোৱা হয় ‘হান কিমুং’, সিজোৱা মাছ বা মাংসখিনিক কোৱা হয় ‘অক কিমুং’৷ তেওঁলোকে পালন কৰা পূজা-পাৰ্বণলৈ অহা সন্মানীয় অতিথিক লাওপানী ভৰ্তি চুঙা আৰু চুঙাত সিজোৱা মাংসৰে সেৱা-সৎকাৰ কৰাৰ লগতে যাবৰ পৰত অতিথিক একোটাকৈ মাংসৰ চুঙা মাননি হিচাপে দি পঠোৱাটো কাৰবিসকলৰ অতি লেখত ল’বলগীয়া পৰম্পৰা৷

বিভিন্ন উৎসৱ-পাৰ্বণ, পূজা-পাতল, বিবাহ-সকাম আদি সামাজিক অনুষ্ঠানবোৰতো বাঁহৰ চুঙাত পানী আৰু মদ পান কৰাটো কাৰবিসকলৰ অন্যতম পৰম্পৰা৷ সেয়ে এইবোৰ অনুষ্ঠানত ব্যৱহাৰ কৰিবৰ বাবে তেওঁলোকে আগতীয়াকৈ বাঁহৰ চুঙা যতনাই ৰাখে৷ ভৈয়ামবাসী কাৰবি তথা ডুমুৰালি কাৰবিসকলৰ বিবাহ-সবাহ, পূজা-পাৰ্বণ আদি অনুষ্ঠানবোৰত মদ আৰু পানী খাবৰ বাবে বিধে বিধে চুঙা ব্যৱহাৰ কৰা দেখা যায়৷ যেনে- ৰাজহুৱা সকামত নতুবা ঘৰুৱা কামত মদ খাবলৈ ‘হৰপং’ বা ‘টেংচপ’ নামৰ এবিধ চুঙা ব্যৱহাৰ কৰে৷ দেৱতালৈ মদ আগবঢ়োৱাৰ সময়ত আৰু মৃতকক পিণ্ড দিয়াৰ সময়তো তেওঁলোকে এইবিধ চুঙা ব্যৱহাৰ কৰে৷ তেওঁলোকে পালন কৰা দেহাল পূজা, জহং পূজা, চাৰকিদুং পূজা আদিত মদ খাবলৈ ‘চৰপং’ নামৰ আন এবিধ চুঙা ব্যৱহাৰ কৰে৷ তেওঁলোকে যিকোনো ৰাজহুৱা অনুষ্ঠানত পানী খাবৰ বাবে ‘লাহানপে’ নামৰ চুঙাবিধ ব্যৱহাৰ কৰে৷ কোনো কোনো অঞ্চলত এবিধ মান ধৰা চুঙা ব্যৱহাৰ কৰা দেখা যায়৷ চুঙাটোক কোৱা হয় ‘লাহন ছামাৰী’৷ উল্লেখযোগ্য যে তেওঁলোকৰ বিবাহ অনুষ্ঠানত দৰা নাইবা কইনা ঘৰৰ বিয়াৰ আঁত ধৰোঁতা ব্যক্তি ‘আতামছাৰ’ক এইবিধ চুঙাতে মদ দি সন্মান জনায়৷ ডাঙৰ আৰু চুটি আকাৰৰ এই চুঙাটোৰ মুখখন ঘূৰণীয়াকৈ কটা৷ গোটেই গাতে সুন্দৰকৈ ফুল কাটি সজাই তোলা এই চুঙাটোৰ তলফালে তিনিডাল খুটি থাকে৷

কাৰবি লোকসমাজত পালিত চ’জুন পূজাৰ সময়ত প্ৰয়োজন হোৱা শাক-পাত, মদ-পানী খোৱা চুঙা, পানী কঢ়িওৱা লাংথে আদি হাবিৰ পৰা সংগ্ৰহ কৰাৰ প্ৰথা আছে৷ ইয়াৰ বাবে পূজাৰ দুদিনমানৰ আগতে গাঁৱৰ ডেকা-গাভৰুসকলে দলবদ্ধভাৱে হাবিলৈ গৈ সংগ্ৰহ কৰে৷ ডেকাসকলে হাবিৰ পৰা বাঁহ কাটি আনি পূজাৰ বাবে ‘আৰনাম আলাংথে’ [পূজিত দেৱতাক পূজা কৰাৰ সময়ত ব্যৱহাৰ হোৱা লাংথে] তৈয়াৰ কৰে৷ এই ‘আৰনাম আলাংথে’ৰ গাত ফুল কাটি ধুনীয়াকৈ সজোৱা হয়৷ কাৰবি ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত হোৱা কাৰবিসকলৰ অন্যতম পূজা ৱ’ল’ কেতেৰ বা বতৰ কেকুৰ পূজাত ৰাজপুৰোহিত কাথাৰপ’ই বাঁহৰ চুঙা ফালি বছৰটোৰ বতৰ শুভ নে অশুভ হ’ব মঙল চায়৷

মন কৰিবলগীয়া কথাটো হ’ল অধিকাংশ জনজাতীয় লোকে বাঁহৰ চুঙাক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰে৷ সৰু জোখৰ বাঁহৰ চুঙাৰে তৈয়াৰী আৰু কাৰবি মহিলাসকলে কাণত পিন্ধা অলংকাৰবিধৰ নাম ‘ন’লাংপং’৷ প্ৰচলিত কিম্বদন্তীত পোৱা যায় যে কাপোৰত বিবিধ নক্সাৰ ফুল তুলি কাৰবি শিপিনী সমাজলৈ অৱদান আগবঢ়োৱা প্ৰথমগৰাকী শিপিনী দিহুনক প্ৰেমিক বাংফুৱে নিজ হাতে সজা বাঁহৰ ফুল কটা কাণফুলি ‘ন’লাংপং’ উপহাৰ হিচাপে দিছিল৷

লোকবাদ্যতো বাঁহৰ চুঙাৰ ভূমিকা লেখত ল’বলগীয়া৷ তেওঁলোকৰ প্ৰায়বোৰ লোকবাদ্যই বাঁহেৰে তৈয়াৰী৷ তেওঁলোকৰ মাজত প্ৰথমে ‘চেং’ অথাৰ্ৎ ঢোল বাদ্যৰ উৎপত্তি হৈছিল বুলি বহু লোকে ক’ব খোজে৷ এই ঢোল আছিল বাঁহৰ চুঙা৷ এটুকুৰা বাঁহৰ এটা মূৰে গাঁঠি ৰাখি আনটো মূৰ খোলাকৈ ৰাখে আৰু গাঁঠি থকাফালে থেকেচি থেকেচি এই বাদ্যবিধ বজোৱা হয়৷ এই বাদ্যবিধৰ পৰা দুই ধৰণৰ শব্দ বাহিৰ হয়৷ থেকেচা খোৱা গাঁঠিৰ ফালে এটা কঠিন শব্দ আৰু খোলা থকা অংশটোৰ ফালে এটা কোমল শব্দ ওলায়৷ এই বাদ্যবিধৰ নাম চেংলাংপং অথাৰ্ৎ চুঙাঢোল৷ মন কৰিবলগীয়া যে আজিকালি এই বাদ্যবিধৰ ব্যৱহাৰ নাই বুলিব পাৰি৷ কাৰবিসকলে বজোৱা আন এবিধ বাদ্যৰ নাম ‘পংছি’৷ বাঁহীকেই তেওঁলোকে ‘পংছি’ বুলি কয়৷ তেওঁলোকৰ সংগীত জগতত এইবিধ বাদ্য বহুলভাৱে প্ৰচলিত৷ ই কাৰবিসকলৰ অন্যতম প্ৰিয় বাদ্যৰূপে স্বীকৃত৷ সুৰ আৰু মাতৰ প্ৰয়োজন অনুসৰি তেওঁলোকে নানা আকাৰৰ বাঁহী তৈয়াৰ কৰি লয়৷ শব্দ ডাঙৰ কৰাৰ অৰ্থে বাঁহীতকৈ আকাৰত সৰু আৰু চুটি আগলি বাঁহৰ আগফালে কাঠৰ চুঙা আৰু বেঁকা আকাৰৰ শুকান তিতালাও লগাই তেওঁলোকে কেইবাপ্ৰকাৰৰো পেঁপা বজায়৷

কাৰবি শিপিনীসকলেও তাঁত বোৱাৰ সময়ত বাঁহৰ চুঙা ব্যৱহাৰ কৰে৷ তেওঁলোকৰ তাঁতশালত ব্যৱহাৰ হোৱা আহিলাসমূহৰ ভিতৰত ব চুঙা হিচাপে ব্যৱহাৰ হোৱা আহিলাবিধৰ নাম নাম ‘থেলাংপং’৷ মহুৰা ভৰাবৰ বাবে ব্যৱহাৰ হোৱা বাঁহৰ চুঙাটোৰ নাম ‘হনথাৰি লাংপং’৷ যাক মাকোৰ দৰে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ এটা মূৰ খোলা আৰু আনফালে গাঁঠি থাকে৷

আমাৰ সমাজ ব্যৱস্থালৈ আধুনিকতাই যথেষ্ট পৰিৱৰ্তন আনিছে যদিও কিছুমান দিশত এতিয়ালৈকে বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷ উদাহৰণ স্বৰূপে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বাঁহৰ গুৰুত্ব আজিও একেই থকা দেখিবলৈ পোৱা যায়৷ বৰং আজিকালি বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ চাহিদা অধিক বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে৷ আনহাতে বৰ্তমানৰ সময়ত বাঁহৰ চুঙাত ৰন্ধা খাদ্যই অধিক জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ যিবোৰ খাদ্য খাবৰ বাবে মানুহে বৰকৈ হেঁপাহ কৰে৷ মন কৰিবলগীয়া যে, সমাজ সচেতন ব্যক্তিসকলৰ প্ৰচেষ্টাতে সামাজিক তথা ৰাজহুৱা অনুষ্ঠানসমূহত থলুৱা সামগ্ৰীসমূহে বৰ্তমানেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আছে৷ সেয়ে আজিকোপতি আমাৰ সমাজত বাঁহ আৰু বাঁহেৰে তৈয়াৰী সামগ্ৰীবোৰৰ ব্যৱহাৰ হৈ আছে৷ এয়া শুভ লক্ষণ বুলিব পাৰি৷

প্ৰসংগ সূত্ৰঃ

১) ৰাভা হাকাচাম, উপেনঃ অসমৰ জনজাতীয় সংস্কৃতি, পৃ. ১৪৬

২) দাস, মুৰলীধৰঃ ভৈয়াম কাৰ্বিৰ লোক পৰম্পৰা আৰু গীত-পদ, পৃ. ৫০

সহায়ক গ্ৰন্থপঞ্জীঃ

১) দাস, মুৰলীধৰঃ ভৈয়াম কাৰ্বিৰ লোক পৰম্পৰা আৰু গীত-পদ, বহ্নিমান প্ৰিণ্টাৰ্চ, প্ৰথম প্ৰকাশ, ২০০৭৷

২) দাস, বসন্তঃ কাৰবি সংস্কৃতিৰ ইতিহাস, আঁক-বাঁক, প্ৰথম প্ৰকাশ, ২০১০৷

৩) হাকাচাম, উপেন ৰাভাঃ অসমৰ জনজাতীয় সংস্কৃতি, বাণী মন্দিৰ, সংশোধিত সংস্কৰণ, ২০১০৷

৪) হাঞ্ছেপী, গীতাঃ কাৰবি সাহিত্য-সংস্কৃতিৰ আভাস, সম্প্ৰীতি, প্ৰথম প্ৰকাশ, ২০১৯৷

আপুনিও ভাল পাব পাৰে!