লেখিকাঃ ড॰ পূৰৱী কলিতা
মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ সুদীৰ্ঘ পৰিক্ৰমাত মানুহৰ মৌলিক প্ৰয়োজনৰ অন্যতম আহিলা অন্ন, বস্ত্ৰ, বাসস্থানৰ ধাৰণাবোৰৰ ক্ৰমান্বয়ে আমূল পৰিৱৰ্তন ঘটিবলৈ ধৰিলে৷ সৌন্দৰ্য্যবোধৰ চেতনা বিকাশৰ লগে লগে মানুহৰ সাজ- পাৰ, আ-অলংকাৰ এইবোৰে সভ্যতা আৰু সংস্কৃতিৰ পথ নিৰ্দেশন হৈ একোটা স্তৰ নিৰ্ণীত কৰিবলৈ সক্ষম হয়৷ ব্যৱহাৰিক প্ৰয়োজনৰ তাগিদাত সাজপাৰ প্ৰস্তুত কৰি ল’লেও ই প্ৰাকৃতিক আৰু ভৌগলিক পৰিস্থিতি অনুযায়ী প্ৰভাৱিত হয়৷ সেয়ে হয়তো পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজ-পাৰ, আ-অলংকাৰ এইবোৰৰ প্ৰভেদ আছে৷ এনেদৰে ব্যৱহৃত সাজ-পাৰ একোটা নিৰ্দিষ্ট অঞ্চল বা জাতিৰ জাতীয় সাজপাৰ হিচাপে পৰিগণিত হৈছে৷
মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত তিব্বতবৰ্মী ভাষা গোষ্ঠীৰ লোকসকলৰ ভিতৰত ‘তিৱা’ সকলো অন্যতম৷ অসমৰ মধ্যভাগত বিশেষকৈ নগাওঁ, মৰিগাওঁ আৰু কাৰ্বি আংলং জিলাৰ এক বৃহৎ অঞ্চল মূলতঃ তিৱা সকলৰ বাসভূমি৷ ইয়াৰ ওপৰিও মেঘালয় ৰাজ্যৰ ৰিভয় জিলাৰ কিছু অঞ্চল–কামৰূপ জিলাৰ দক্ষিণ পূৱ অঞ্চল আদিত যথেষ্ট সংখ্যক তিৱা লোকে বাস কৰে৷ পাহাৰ অঞ্চলৰ পৰা ভৈয়াম অঞ্চললৈ প্ৰব্ৰজিত হোৱাৰ পূৰ্বে তিৱা সকলৰ সাজ-পাৰ প্ৰায় একেই আছিল কিন্তু ভৈয়ামলৈ অহা সকলৰ সাজ-পাৰ বিলাক সংমিশ্ৰিত অসমীয়া সমাজৰ অনুকৰণেৰে পৰিধান কৰিবলৈ ধৰে৷ বয়ন শিল্প একপ্ৰকাৰ শিল্প কলা, তিৱা সমাজত ই পৰম্পৰাগতভাৱে বিকাশ লাভ কৰিছে৷
পণ্ডিতসকলে মঙ্গোলদয় প্ৰজাতিৰ লোকক বস্ত্ৰ শিল্পৰ জনক বুলি কয়৷ কোৱা হয় - মঙ্গোলীয় সকলেই প্ৰথমতে অসমত ৰেচম শিল্পৰ প্ৰচলন কৰে৷ তিৱাসকল মঙ্গোলয়দ প্ৰজাতিৰ লোক৷ সেয়ে হয়তো তিৱা লোক সকল ৰেচম সূতা উৎপাদন কৰা আৰু কাপোৰ তৈয়াৰ কৰা কামত পাকৈত ৷ তিৱা শিপিনীসকলে সাধাৰণতে মাটি তাঁতশাল, উৰা মাকো তাঁতশাল আৰু হাতশাল ব্যৱহাৰ কৰে৷ পাহাৰীয়া তিৱা সকলে হাতশাল বা ৰে-থাদ অধিক ব্যৱহাৰ কৰিলেও উৰা মাকো তাঁতশাল সকলোতে ব্যৱহাৰ কৰিবলৈ লৈছে৷
ৰে-থাদ বা হাত শালখন পাহাৰীয়া তিৱা মহিলাই এমূৰত পেটীৰ ৰচী লগাই কঁকালত বান্ধি মাটিত বহি কাপোৰ বয়৷ অৱশ্যে কিছু ক্ষেত্ৰত পেটী নোহোৱাকৈয়ে শিপিনীয়ে মাটিত বহি বিশেষ পদ্ধতিৰে কাপোৰ বয়৷ এনে শালত কম পুতলৰ কাপোৰ যেনে তাগলা, নাৰা, থানা, ফালি আদি বৈ লয়৷ মাটিশাল বা উৰা মাকো তাঁতশালত বহল পুতলৰ কাপোৰ বয়৷ মাটি তাঁতশাল বা উৰা মাকো তাঁতশালত থকা সঁজুলিবোৰ হৈছে- টোলোঠা, যঁতৰ, নেওঠনা, দোৰ্পতি, চিপকাঠি লেটাই, হালমাৰি, সূতলাহি ব, ব চুঙা, বঢ়নিমাৰি, গৰকা, মহুৰা, উঘা, চেৰেকী, মাকো, চানেকি, কাঠি ৰাঁচ, ফুলৰ চানেকি, নাচনী, নাচনী জৰী, কাঁকৈ, পুলি খুঁটা, তাঁতৰ খুটা ইত্যাদি৷ ঠিক তেনেদৰে ৰে থাদ বা হাতশালখনত থকা কেইবিধমান সঁজুলি হ’ল- থাদ (টোলোঠা), ৰে-খুঁটা (ৰে’ মানে কাপোৰ), পহ’ (ব), পহ’ পাৰি বা বাৰি (ব ধৰি ৰখা শাল), খজং (ৰাঁচ), খুম খাটি (ফুল বছা কাঠি), থিচলি (মহুৰা), থাদম (কানমাৰি), লিজু (ৰচী) ইত্যাদি৷
তিৱা সকলে জাতীয় সাজ-পাৰ হিচাপে পৰিধান কৰা প্ৰায় সকলো বস্ত্ৰই নিজৰ তাঁতশালতে বৈ লয়৷ তাঁতশালত বৈ লোৱা কাপোৰত হস্তশিল্পৰ কাম কাজ কৰি অধিক আকৰ্ষণীয় কৰি লয়৷ হস্ত শিল্প খচিত কাপোৰৰ সাজবোৰ দেখিলে অতি চহকী আৰু বৰ্ণাঢ্য সংস্কৃতিৰ পৰিচয় পোৱা যায়৷ পুৰুষে পৰিধান কৰা বস্ত্ৰ কেইবিধ হ’ল থানা, তাগলা, থেনাচ, ফালি, বৰচুৰিয়া বা ধূতী, ফালিচা, ফাগা (পাগুৰি) ইত্যাদি৷ অৱশ্যে ভৈয়ামৰ তিৱা সকলে আজিকালি অন্যান্য সমাজত প্ৰচলিত সকলো ধৰণৰ সাজ যেনে লংপেণ্ট, চাৰ্ট, ধূতী, পাঞ্জাৱী চোলা, কোট, চুৱেটাৰ, আদি পৰিধান কৰে৷ পাহাৰীয়া তিৱাসকলৰ নতুন প্ৰজন্মৰ মাজতো এইবোৰ আধুনিক সাজ-পাৰ ক্ৰমান্বয়ে জনপ্ৰিয় হ’বলৈ ধৰিছে৷ তিৱা মহিলাসকলে পৰিধান কৰা জাতীয় সাজ-পাৰ হৈছে -কাচং, ফাচকাই, নাৰা, থেনাচ, ফালি ইত্যাদি৷
পুৰুষে পৰিধান কৰা তাগলা কেইবাবিধো দেখা যায়৷ তলত ৰঙা এৰা সূতা আৰু ওপৰত গাঢ় নীলা কপাহী সূতাৰ দুতৰপীয়া পুৰণি নক্সাৰ তাগলা, কাষলতিৰ তলত দুয়ো হাত চিলাই লোৱা এতৰপীয়া তাগলা, জেকেটৰ দৰে বুকু ফলা আধুনিক তাগলা আৰু খৰটেং তাগলা৷ খৰটেং তাগলা বিধ বিশেষ উপলক্ষতহে পৰিধান কৰা হয়৷ কোনো কেঁচুৱাৰ অসুখ-বিসুখ বা অপায়-অমংগল গুচাবলৈ কোনো মৃত ব্যক্তি যে পুনৰ জন্ম লোৱা বুলি জানিলে সেই মৃত ব্যক্তিৰ তাগলা থাকিলে শিশুটিক পিন্ধাই অপায় অমংগল দূৰ কৰিবলৈ চেষ্টা কৰে৷ ‘থানা’ হৈছে পুৰুষসকলে শৰীৰৰ নিম্নাংশত পৰিধান কৰা এবিধ অধোবস্ত্ৰ৷
‘থেনাচ’ হৈছে পুৰুষ আৰু মহিলা উভয়ে ককাঁলৰ ওপৰৰ অংশত পিন্ধিব পৰা এখন বহল পুতলৰ কাপোৰ৷ থেনাচৰ দুয়োটা আঁচলতে ডাঙৰ ফুল আৰু দুয়ো মূৰত দহি থাকে৷ ই এক মৰ্যদাপূৰ্ণ বস্ত্ৰ৷ ফাগা বা ফাগুৰি - ই এবিধ পুৰুষসকলে মূৰত পাগুৰি হিচাপে পৰিধান কৰা বস্ত্ৰ৷ ফালি হৈছে পুৰুষ, মহিলা সকলোৱে ব্যৱহাৰ কৰা বস্ত্ৰ, ই গামোছাৰ দৰে দুয়োকাষে পাৰি দিয়া অৰ্থাৎ কাষৰি বা ‘তুৰুম’ থাকে৷ দুয়োটা মূৰত অথবা এটা মূৰত ফাল বাচে৷ ফালিচা – ইয়াক দীঘলকৈ মাফলাৰ দৰে বা গলাবান্ধৰ দৰে ডিঙিত ওলমাই লয়৷ ফালিচা বৰ্তমান জাতীয় প্ৰতীক হৈ পৰিছে৷ ধূতী-পাথৰ ভৈয়াম উভয়তে বাস কৰা তিৱা পুৰুষসকলে পৰিধান কৰা এবিধ বস্ত্ৰ৷
তিৱা মহিলাসকলে পৰিধান কৰা বস্ত্ৰ কেইবিধৰ ভিতৰত কাচং এবিধ উল্লেখযোগ্য বস্ত্ৰ। শৰীৰৰ তলৰ অংশত মেখেলাৰ দৰে পৰিধান কৰিলেও ই মেখেলাৰ দৰে দুয়োমূৰ চিলাই নিদয়া এখনীয়া নিসীয়া বস্ত্ৰ৷ কাচঙত ফুল নাথাকে কিন্তু পাৰি বা কাষৰি অৰ্থাৎ তুৰুম তিনিশাৰী থাকে৷ ই পাহাৰীয়া তিৱা নাৰী সকলৰ অপৰিহাৰ্য বস্ত্ৰ৷ জচ্কাই কাচঙৰ দৰে যদিও ই ভৰিৰ গেৰুৱাৰ তলৰ অংশ লৈকে পিন্ধা দীঘল মেখেলা৷ ফাচকাই তিৱা মহিলাই শৰীৰত আবুৰত ৰাখিবলৈ বুকুৰ কাঁচলি হিচাপে পৰিধান কৰে৷ ‘নাৰা’ মহিলাসকলে কঁকালত বান্ধ দি পিন্ধে৷ কাপোৰ বব নজনা ফুল বাছিব নজনা তিৱা যুৱতীৰ সতকাই বিয়া দিবলৈ কঠিন৷ সেয়েহে মাকবিলাকে নিজৰ জীয়কেহঁতক কাপোৰ ববলৈ শিকায়৷ লাংখুন পূজাৰ শেষত তিৱা যুৱকে ধুন-পেচ্ মাৰি অহা তিৱা যুৱতীক উদ্দেশ্য কৰি ঠাট্টা কৰি গোৱা এটি গীতৰ কলি এনে ধৰণৰে–
“মা কুৰুণে ফাৰা নাংজিল লাইনা
আচী কুৰুণে ফাৰা আংবাল খাইনা
আনী খ্লাপ না চামাই ফিদ’না
দামলং খলপ্ মা উৰুাই ফিদ’না
খাইনে ছ’নাগ’বাদ পৰাই লাপত্না
মামাইনে ফৰাগ’ আও পৰাই লাপত্না
হৰণ ৰি টালিদেই, বগন্ ৰি টালিদেই৷”
(লাংখুন পূজা)
ঔ গুৰিৰ অমৰা ফুলগুৰিৰ দমৰা
কাকমাৰিৰ জানকী বাই৷
এমোন এদাং কপাহেৰে চুৰিয়াখন লগালোঁ
পিন্ধোতে সুলকি যায়৷ (তিৱা বিহুগীত)
পাট মুগা আৰু এড়ীৰ ব্যৱহাৰ তিৱা জনজাতি মাজত বিশেষভাৱে প্ৰচলিত৷ এতিয়াও কম-বেছি পৰিমাণে হ’লেও বিদ্যামান৷ এড়ী চাদৰখনো জনজাতিয়সকলৰ বৰ আদৰৰ বস্তু৷ তিৱা ভাষাত এড়ী কাপোৰ বা এড়ীয়া চাদৰখনক ‘এৰিণ ডিৰে’ বুলি কয়। তিৱাসকলে বনৰীয়াকৈ হোৱা এৰাগছৰ পাত সংগ্ৰহ কৰি এৰি পলু পোহে। প্ৰথমে সঁচলৈ এনা এড়ীলেটাৰ পৰা পখিলা হোৱা পিছত পখিলাবোৰক কোনো আধাৰত কণী পাৰিবলৈ যতন কৰি দিয়ে৷ তিৱাসকলে পখিলাক চকৰি বা চগৰি বোলে৷ চগৰিয়ে পৰা কণীক ‘চগৰিটুডি’ বুলি কোৱা হয়৷ কণী ফুটি ওলোৱা পোৱালিবোৰক ‘ইংগ্ৰত পিচা’, তাৰ কিছুদিনৰ পিছত মোট সলায় ডাঙৰ হ’লে ‘ইংগ্ৰুটুৰা’ পলুবোৰ পকিলে ‘ইংগ্ৰুটৱা’, পলুৱে লেটা হ’লে ‘ইংগ্ৰু মাখাই’ বুলি কোৱা হয়৷ এৰী লেটাৰ পৰা এড়ীয়া সূতা উলিয়াই কাপোৰ বৈ লয়৷ এড়ীপলুৰ লেটাবোৰ উলিয়াই খায় আৰু খোলাটো পানীত তিয়াই ৰাখি পিছত টুকুৰাৰে তাৰ পৰা সূতা কাটে৷ ইয়াকে ‘তবাৰৈয়া সুতা’ বুলি কোৱা হয়৷ তিৱা সমাজত এড়ী সূতা কটাৰ ক্ষেত্ৰত থকা এক বিশেষ পদ্ধতিৰ বাবে এনে কামত মহিলাসকল বিশেষভাৱে অনুপ্ৰাণিত হয় বুলি ক’ব পাৰি৷ এড়ী পলু প্ৰতিপালন কৰা তিৰোতাসকলৰ মাজত এড়ী সূতা কটাৰ বাবে প্ত গৰাকী বা তাতোধিক মহিলাই গোট বান্ধি কাম কৰে৷ ইয়াক হেদাৰি খেল বুলি কোৱা হয়৷ হেদাৰি খেলত অন্তৰ্ভুক্ত প্ৰত্যেকগৰাকী মহিলাৰ ঘৰতে এদিনকৈ, বিশেষকৈ সন্ধিয়াৰ ভাগত সূতা কাটি দিব লাগে৷ সূতা কটা কাম শেষ হ’লে সূতাবোৰ চেৰেকীত নেচা কৰি দিয়ে৷ এনেদৰে পৰম্পৰক সহায় কৰে৷ এনে কাম কৰোঁতে গৃহস্থৰ চোতালত বহি চাকিৰ পোহৰত হাঁহি-স্ফুৰ্তি কৰি আনন্দ মনেৰে কামবোৰ কৰি যায়৷
আজিও পাহাৰৰ তিৱা মহিলাসকলে সূতাত ৰং নিজে দি লয়৷ অৱশ্যে ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো বয়সস্থা মহিলাসকলে বিশেষকৈ অৱগত৷ ৰঙা, ক’লা, হালধীয়া, সেউজীয়া, মুগা বৰণীয়া, বিভিন্ন ৰংবোৰ, বিভিন্ন গছৰ পাতৰ জৰিয়তে তৈয়াৰ কৰি সূতাবোৰ বুলাই লয়৷ ইবোৰ আজিকালিৰ বজাৰত উপলব্ধ ৰং দিয়া সূতাতকৈ বহুগুণে স্থায়ী ৷ লা, শিলিখা, কেন্দুগছৰ গুটি, কেঁহেৰাজ প্ৰভুতি আৰু গছৰ পাত বটি সূতাত বোলাবলৈ ৰং প্ৰস্তুত কৰি লয়৷
তিৱাসকলৰ সূতাত ৰং দিয়া গীত –
সূত বলেৱানে কীও
কাছ্যং কজা কানা হালগাইদ’
চ’ লাহাবাৰী হানোৱানে কাচ্যুং কানা হালগাইদ’
চ’ হাজু জুনা লিনা
খছা হৰ্লাৱ’ খজাবাৰী লাৱ’
চ হাজু জুনা লিনা নাও
কজা য়ালিনে চাজ’ হংগাইদ’
কজা তালে লাৱ’ খজম ৱালিনে তিজ হংগাইদ
খজম তালে লাৱ কাছ্যং খজম হালগাইদ
চ’ নিলিফাং কাইনা নেমা মায়ালি পুৰীনে
পাৰিও নিলি কাইনা লিনালাও৷”
ভাবাৰ্থঃ যদি লা বৰণীয়া কাপোৰ পিন্ধিবলৈ মন আছে, লা খেতি কৰিবলৈ যাওঁ আহা, মেৰুণ ৰঙৰ কাপোৰ পিন্ধিবলৈ মন আছে যদি হাজু গছৰ শিপা খান্দিবলৈ যাওঁ আহা৷ তেনেকৈ ক’লা ৰঙৰ মেখেলা পিন্ধিবলৈ মন আছে যদি মাৰাৰ বাগানত নিলি গছ ৰুবলৈ যাওঁ আহা৷
যুগৰ পৰিৱৰ্তনে মানুহৰ চিন্তা, কৰ্ম আদিকো প্ৰভাৱিত কৰিছে৷ পৰিবত্তিৰ্ত সময়ত তিৱা সকলৰ সাজ- পাৰৰ ক্ষেত্ৰতো পৰিৱত্তৰ্ন আচোৰ পৰিলেও তিৱা সকলৰ জাতীয় চেতনা জাগ্ৰত হোৱা সময়ত এইবোৰৰ ব্যৱহাৰ আৰু উৎপাদনৰ ক্ষেত্ৰত কিছু উৎসাহজনক চিন্তা -চৰ্চা পৰিলক্ষিত হৈছে৷ পাহাৰীয়া তিৱাসকলে বিশেষকৈ পুৰুষসকলে পুৰণি ৰূপতে আৱদ্ধ নাথাকি পৰিৱেশৰ লগত মিলাই কিছু পৰিমাৰ্জিত ৰূপত পিন্ধিবলৈ যত্নপৰ হোৱা দেখা গৈছে৷ তথাপিও মৌলিকতাক বিসৰ্জন দিয়া নাই৷ পৰিৱৰ্তন আৰু পৰিৱদ্ধৰ্নৰ মাজেদি তিৱা সমাজৰ সাংস্কৃতিক উপাদানবোৰে গতি লাভ কৰিছে বুলি ক’ব পাৰি৷ জনগোষ্ঠীয় সংস্কৃতিৰ অন্যতম বাহক বয়নশিল্প৷ বয়ন শিল্পত জড়িত তিৱা মহিলাসকলে তাঁতশালত বিভিন্ন কাপোৰ তৈয়াৰ কৰি নিজৰ কাৰ্যকুশলতা বা নিপুনতাৰ চানেকি দাঙি ধৰি আহিছে৷ বয়নশিল্পই গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰনতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ শিপিনীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ মাধ্যমেৰে স্বাৱলম্বনৰ পথ মুকলি কৰি লোৱাৰ ওপৰিও নিজৰ পৰিয়ালটিক পোহপাল দিবলৈ সক্ষম হৈছে৷
সহায়ক গ্ৰন্থঃ
১৷ ফুকন, নীলমণি (সম্পাদনা) - ‘সংস্কৃতায়ন’, প্ৰকাশক মৰিগাওঁ মহাবিদ্যালয়, মৰিগাওঁ, ২০১৫
২৷ দাস, মুৰুলীধৰ, শইকীয়া, হেমন্তকুমাৰ (সম্পাদনা) - ‘লোকসংস্কৃতি’ প্ৰকাশক, উত্তৰ পূব ভাৰতৰ লোক সংস্কৃতি গৱেষণা কেন্দ্ৰ, নগাওঁ ২০১৮
৩৷ শইকীয়া, বোধেন কুমাৰ (সম্পাদনা) ‘স্বৰ্ণ- বৈভৱ’, প্ৰকাশক, মৰিগাওঁ মহাবিদ্যালয় শিক্ষক গোট, ২০১৪
৪৷ শৰ্মা, জয়কান্ত (সম্পাদনা) ‘অসমৰ জনজাতি সকলৰ ধৰ্মীয় আচাৰ আৰু সংস্কৃতি’, প্ৰকাশক, হেৰিটেজ ফাউণ্ডেশ্যন, গুৱাহাটী
৫৷ বিভিন্ন বাৰ্তা আলোচনীৰ পৰা তথ্য সংগ্ৰহ৷