কলা আৰু সংস্কৃতি

ভাওনাঃ সমন্বয়ৰ এক অনন্য মাধ্যম

post

Share

লেখিকাঃ দীপাৰাণী বৰুৱা

অসমত নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ পৰম্পৰাগত পৰিৱেশ্য কলাক এক অভিনৱত্ব প্ৰদান কৰিছে৷ শংকৰদেৱৰ নেতৃত্বত অসমত যি সবাৰ্ত্মক নৱ-বৈষ্ণৱ আন্দোলন গঢ় লৈ উঠিছিল তাৰ ফলস্বৰূপে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত নৱজাগৰণৰ সূচনা হৈছিল৷ বিশেষকৈ অসমীয়া পৰম্পৰাগত লোক পৰিৱেশ্য কলাৰ সমান্তৰালভাৱে সত্ৰীয়া সংস্কৃতিয়েও  গা কৰি উঠিছিল৷ শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে যিসমূহ গীত-নাট ৰচনা কৰিছে সেইসমূহে অসমীয়া পৰিৱেশ্য কলাৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি তুলিছে৷

অসমত নৱবৈষ্ণৱ আন্দোলনৰ এক বলিষ্ঠ  মাধ্যম হ’ল ভাওনা৷ ভাওনা শংকৰদেৱৰ অভিনৱ সৃষ্টি৷ দুবাৰকৈ তীৰ্থভ্ৰমণৰ অভিজ্ঞতাৰে গুৰুজনাই ভাৰতৰ বিভিন্ন ঠাইৰ নৃত্য-গীতৰ অনুষ্ঠানসমূহৰ পৰা উপাদান গ্ৰহণ কৰি অংকীয়া নাটসমূহ সৃষ্টি কৰিলে৷ এই অংকীয়া নাটসমূহ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতীয় সাহিত্যতে অনিৰ্বচনীয় সাহিত্য৷ গুৰুজনাৰ পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় এই ছখন নাটৰ লগতে মাধৱদেৱৰ ঝুমুৰা কেইখন আৰু তাৰ লগতে ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ আদিয়ে ৰচনা কৰা নাটসমূহে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিলে৷ এই নাট ভাওনাসমূহৰ জৰিয়তে শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ মমাৰ্থ সহজ-সৰল ভাষাত নৃত্য-গীত-অভিনয়ৰ দ্বাৰা জনসাধাৰণক বুজাব খুজিছিল৷ ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থে ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে ৷ এই তত্ত্বকে ভাওনাসমূহত অভিনয়ৰ জৰিয়তে ব্যাখ্যা কৰা হৈছে৷ ধৰ্মীয় তত্ত্ব ব্যাখ্যা কৰাৰ লগতে ভাওনা লোকৰঞ্জনৰো এক অন্যতম মাধ্যম হৈ পৰিছিল৷ মহাপুৰুষজনাই সৃষ্টি কৰি যোৱা ভাওনাসমূহে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে গুৰুদুজনাৰ বহুকালৰ পিছতো আধুনিক অসমীয়া ভাষাতো বহুতো নাট্যকাৰে ভাওনাৰ নাট ৰচনা কৰিছিল৷ এই নাটসমূহৰ কাহিনীবোৰ মহাভাৰত-ৰামায়ণৰ আধাৰত ৰচিত যদিও কিছুমান কাল্পনিক কাহিনীও পোৱা যায়৷

মূলতে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাওনাৰ সৃষ্টি হৈছিল যদিও ভাওনা জনশিক্ষা আৰু সমন্বয়ৰ এক উৎকৃষ্ট মাধ্যম৷ জনসাধাৰণৰ অজ্ঞাতে ভাওনাই কেনেদৰে সমন্বয়ৰ মাধ্যামৰূপে কাম কৰি আহিছে তাকেই আমি উনুকিয়াব বিচাৰিছোঁ৷

ভাওনাৰ জন্মৰ লগে লগে সেই ভাওনা অভিনয়ৰ বাবে এখন মঞ্চৰ প্ৰয়োজন আহি পৰিল৷ সেই প্ৰয়োজন পূৰণ কৰিলে নামঘৰে৷ গুৰুজনাই নামঘৰতেই অসমীয়া জাতীয় ৰংগালয়ৰ ভেটি বান্ধিলে৷ নামঘৰ জাতীয় ভাওনাঘৰ হ’ল৷ এই ভাওনাঘৰে অতীজৰে পৰা সৰ্বসাধাৰণ লোকৰ মাজত ঐক্য আৰু শান্তি-সম্প্ৰীতি বিলাই আহিছে৷ ভাওনাস্থলীলৈ  সকলো সম্প্ৰদায়ৰে বিনামূল্যে প্ৰৱেশৰ অধিকাৰ আছে, ধনী-দুখীয়া সকলোৰে বাবে একেই আসন৷ ইয়াৰ উপৰিও উপযুক্ত সকলো লোকেই ভাওনাত ভাও ল’ব পাৰে, সূত্ৰধাৰ, নটুৱা, গায়ন বায়ন হৈ ভাওনাত অংশগ্ৰহণ কৰিব পাৰে৷ এনেবোৰ চিন্তাধাৰা বা পৰম্পৰাই অসমীয়া সমাজত সমতা সংৰক্ষণ কৰিছে৷

ভাওনাৰ অভিনয়ে সাধাৰণ লোকৰ মাজত গণতান্ত্ৰিক চিন্তাধাৰাৰো বিকাশ ঘটায়৷ ভাওনা অভিনয়ত জড়িত বিষয়বাব, সূত্ৰধাৰ, গায়ন-বায়ন, খনিকৰ আদি নিবাৰ্চনৰ ক্ষেত্ৰত গণতান্ত্ৰিক পদক্ষেপ লোৱা দেখা যায়৷ জাতি-বৰ্ণ নিৰ্বিশেষে গাঁৱৰ ভিতৰত সকলোতকৈ পাকৈত জনকহে এই বাববোৰ দিয়া হয়৷ চহকী ঘৰৰ বা উচ্ছ বৰ্ণৰ বুলি কোনোৱে  সূত্ৰধাৰ বা নায়কৰ চৰিত্ৰত অভিনয় কৰিব নোৱাৰে তাৰ বাবে তেওঁক অভিনয়ৰ পাৰদৰ্শিতাৰহে প্ৰয়োজন হয়৷ এনে প্ৰথা থকা বাবে গাওঁবাসীৰ মাজত প্ৰতিযোগিতাৰ ভাবৰ উন্মেষ ঘটে আৰু নৃত্য-গীত-অভিনয় চচাৰ্ৰ উন্নতি হয়৷

মনকৰিবলগীয়া কথা এয়ে যে অসমীয়া সংস্কৃতিৰ উদ্ভৱ আৰু ক্ৰমবিকাশৰ পটভূমি হ’ল অসমৰ গ্ৰাম্য সমাজ তথা সহজ-সৰল চহা জীৱনৰ ভাৱ-অনুভূতি৷ আজি পৰ্য্যন্ত এই গ্ৰাম্য সমাজেই অসমীয়া ৰীতি-নীতি পৰম্পৰাক জীয়াই ৰাখিছে৷ এই ক্ষেত্ৰত অসমৰ গাওঁ অঞ্চলৰ নামঘৰসমূহে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ অসমৰ নামঘৰসমূহত প্ৰতিবছৰে দুটা ধৰ্মীয় অনুষ্ঠান বিশেষভাৱে পালন কৰা হয়৷ সেয়া হৈছে ‘ভাওনা’ আৰু ‘বৰসবাহ’৷ উজনি অসমত এই দুটা অনুষ্ঠানৰ মাহাত্ম্য অধিক  প্ৰবলভাৱে বিশ্বাস কৰা দেখা যায়৷ সকলো ধৰণৰ হিংসা-কপট, ভেদভাৱ পৰিহাৰ কৰি সকলো গাওঁবাসী একত্ৰিত হৈ উলহ-মালহেৰে এই ভাওনা-সবাহ অনুষ্ঠান পালন কৰা হয়৷ নিজ গাঁৱৰ বাহিৰেও দূৰ-দূৰণি অঞ্চলৰ ৰাইজ ভাওনা গৃহত সমবেত হয় আৰু অভিনয়তো অংশগ্ৰহণ কৰে৷ ফলত বিভিন্ন ঠাইৰ মানুহৰ মাজত একতা-সম্প্ৰীতি গঢ় লৈ উঠে৷

ভাওনাই বৈবাহিক সম্বন্ধও গঢ়ি উঠাত সহায় কৰে৷ ৰঙালী বিহুত যিদৰে ডেকা-গাভৰুৱে জীৱন সংগী বিচাৰি লোৱাৰ সুবিধা আছে, ঠিক সেইদৰে ভাওনা গৃহতো ডেকা-গাভৰুৱে আনকি অভিভাৱক সকলেও নিজৰ পুত্ৰ-কন্যাৰ বাবে বিবাহ প্ৰাৰ্থী নিবাৰ্চন কৰাৰ সুযোগ পায়৷ বৈবাহিক সূত্ৰে সমন্বয় গঢ়ি উঠাৰ বহুতো নিদৰ্শন অসম তথা ভাৰতৰ ইতিহাসত দেখিবলৈ পোৱা যায়৷ অতীতৰ বহুতো প্ৰতাপী ৰজা-মহাৰজাই ৰাজ্য বিস্তাৰ বা সন্ধিৰ বাবে বিবাহৰ সহায় লৈছিল৷

গাঁৱৰ কোনো লোক বা পৰিয়াল কিবা দোষ নাইবা অপৰাধত এঘৰীয়া হৈ থাকিলে গাঁৱৰ বছৰেকীয়া কৰ্ম ভাওনাৰ সময়তে ৰাইজে একৰা দণ্ড-খৰছা লৈ নিজৰ বুকুত সোমোৱাই লোৱাৰ প্ৰথাও আছে৷ কাৰণ অসমীয়া ৰীতি-নীতি পৰম্পৰাই কাকো ঘৃণা কৰিবলৈ নিশিকায়, বৰঞ্চ দুখী-সুখী, পাপী-তাপী সকলোকে আদৰি লৈ একতাৰে জীয়াই থকাটোহে অসমীয়া সংস্কৃতিৰ মূল উদ্দেশ্য৷

বৰ্তমান সময়ত অসমীয়া ভাওনা অনুষ্ঠানে সমন্বয়ৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই গৈছে৷ কিয়নো আধুনিক শিক্ষিত অসমীয়া সমাজে ভাওনাৰ ক্ষেত্ৰতো আধুনিকীকৰণ ঘটাইছে৷ বৰ্তমান ভাওনা নামঘৰৰ মজিয়াত আৱদ্ধ নাথাকি সাৰ্বজনীন মঞ্চলৈ ওলাই আহিছে৷ আজি কিছু বছৰৰ আগৰ পৰা ‘ভাওনা সমাৰোহ’, ‘ভাওনা প্ৰতিযোগিতা’ আদি অনুষ্ঠানবোৰ অনুষ্ঠিত হৈছে৷ এই অনুষ্ঠানসমূহে ভাওনা আৰু ভাওনাৰ লগত জড়িত কলা শিল্পৰ মাজত প্ৰতিযোগিতা ভাৱ আনিছে৷ ফলত শিল্পীসকলৰ মনত প্ৰতিযোগিতাৰ ভাৱ অহাৰ লগে লগে সেইবিলাকৰ চিন্তা-চচাৰ্ বা প্ৰসাৰ-প্ৰচাৰৰ উত্তৰণ ঘটিছে৷ ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰিবলৈ অহা অসমৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত মত বিনিময় তথা ভাওনাৰ লগত জড়িত কাৰু-কাৰ্যৰ আদান-প্ৰদানো ঘটে৷

অভিনয়ৰ জড়িয়তে ভাওনাই কেনেদৰে সমতা স্থাপন কৰি আহিছে তাৰ আন এটা দিশ এইখিনিতে উল্লেখ কৰিব পাৰি৷ পূৰ্বতে ভাওনাৰ সকলো চৰিত্ৰত কেৱল পুৰুষসকলেই অভিনয় কৰিছিল৷ নাৰী চৰিত্ৰসমূহতো পুৰুষসকলে সুন্দৰ অভিনয় কৰি দৰ্শকক আমোদ দিছিল৷ কাৰণ ধৰ্মীয় ভাৱ-আদৰ্শ জড়িত এই নাটসমূহত নাৰীয়ে অংশগ্ৰহণ কৰাত সামাজিক ভাৱে বাধা নিষেধ আছিল৷ ভাল খবৰ যে বৰ্তমান এনে ধাৰণাৰ পৰিবৰ্তন ঘটিছে৷ শিক্ষা-দীক্ষা, আইন-কানুন সকলোতে নাৰীয়ে পুৰুষৰসৈতে সম মৰ্যদা লাভ কৰাৰ লগে লগে ভাওনাতো নাৰীসকলে সমানে আগভাগ লোৱাৰ সুযোগ পাইছে৷ আজিকালি ভাওনাত নাৰী চৰিত্ৰত নাৰীয়ে অভিনয় কৰিব পাৰে৷ ইয়াৰ উপৰিও কেৱল নাৰীসকলেও পুৰুষৰ চৰিত্ৰত অভিনয় কৰি সম্পূৰ্ণ নাট প্ৰদৰ্শন কৰে৷ এনেদৰে দেখা যায় যে সমগ্ৰ অসমীয়া সংস্কৃতিৰ ঐতিহ্য ৰক্ষা কৰি অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক সমন্বয়ৰ সংস্কৃতি কৰি তোলাত ভাওনাই গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছে৷

সামৰণিত ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভাষাৰে ক’ব পাৰি যে, ‘‘ভাওনা গুৰু গোঁসাইৰ ধৰ্ম উপদেশৰ বেদী, সাহিত্য চচাৰ্ৰ চ’ৰা আৰু নৃত্য-গীত-বাদ্যৰ অনুশীলন ক্ষেত্ৰ৷ পুৰণিৰ ওপৰতে নতুনৰ পাতনি, অসমীয়া জাতীয় জীৱনৰ বহুখিনি আনন্দ- উৎসৱ, চিন্তাধাৰা ভাওনা অনুষ্ঠানৰ মাজতে সন্নিহিত হৈ আছে৷ এই অনুষ্ঠানৰ সংস্কাৰ, উন্নতি আৰু উপলব্ধিৰ ওপৰতে অসমীয়া সাংস্কৃতিক জীৱনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে৷’’   

(লেখিকা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, ভ্ৰাম্যভাষঃ ৯৪৩৫৮২৪৭০৭)

আপুনিও ভাল পাব পাৰে!