Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

কলা আৰু সংস্কৃতি

ড° ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদৰ পোহৰ

post

Share

লেখিকাঃ গীতাঞ্জলি নাথ

এটা যুগৰ শ্ৰষ্টা ড° ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল শদিয়াত ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত৷ একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত, চলচ্চিত্ৰ পৰিচালক আছিল ড° ভূপেন হাজৰিকাদেৱ। বহুমুখী প্ৰতিভাৰ মহান পুৰুষগৰাকীৰ কণ্ঠস্বৰ কেৱল অসমীয়াই নহয় ভাৰতীয় মানুহৰ লগতে বাহিৰতো বহুতৰ চিনাকি। তেখেতৰ গীতত সমাজ, সংস্কৃতি, ঐতিহাসিক ইত্যাদি সকলো বিষয়েই সাঙোৰ খাই আছে। বৰ্তমান সময়ৰ মানৱীয় প্ৰমূল্যবোধৰ যি অপচয় তাৰ সম্পূৰ্ণ ছবি তেখেতৰ বহু গীতৰ মাজত দেখা যায়। মানৱতাবাদ তেখেতৰ জীৱনৰ মূল উদ্দেশ্য আছিল।

অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ তেজপুৰত ড° ভূপেন হাজৰিকা দেৱে ল’ৰালি থাকোতেই “শংকৰদেৱৰ তিথি" ত মাকে শিকোৱা এটি বৰগীত গাইছিল আৰু তেওঁৰ গীতত মুগ্ধ হৈ অসমীয়া সাহিত্যৰ দুই পুৰোধা পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেখেতক গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰিবলৈ ওলোৱা নাটত গীত গাবলৈ দিছিল। এনেকৈয়ে ভূপেন হাজৰিকাদেৱে  সাংগীতিক জগতৰ মাজত  ক্ৰমে নিজৰ প্ৰতিভা বিয়পাইছিল  আৰু  এটা যুগৰ শ্ৰষ্টাগৰাকীৰ জীৱনৰ সোনোৱালী অধ্যায় আৰম্ভ হৈছিল। 

ড° ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ মাজত আমি সদায়েই এখন সামাজিক চিত্ৰ দেখা পাওঁ। তেখেতৰ গীতসমূহত মানৱতাবোধ আৰু সমাজ সচেতনতা সুন্দৰভাৱে প্ৰকাশ হৈছিল। তেখেত এগৰাকী মানৱতাবাদৰ শিল্পী ৷ তেখেতৰ গীতত প্ৰতিধ্বনিত হয় সামাজিক বৈষম্য ,অন্যায় অবিচাৰৰ বিৰূদ্ধে উদাত্ত আহ্বান ৷ তেখেতৰ গীতত মানৱৰ কোমল হৃদয়ৰ স্পন্দন শুনিবলৈ আমি পাওঁ ---

        “মানুহে মানুহৰ বাবে 

        যদিহে অকনো নেভাৱে

        অকনো সহানুভূতিৰে 

        ভাৱিব কোনেনো কোৱা সমনীয়া ……|"

মানুহৰ দুখ-কষ্ট, দাৰিদ্ৰ বা যিকোনো শোকাকুল পৰিস্থিতিকে তেওঁ ৰুধিবলৈ চেষ্টা কৰিছিল। নিজৰ শিল্পৰ মাজেৰে তাৰ জীৱন্ত ছবিখন দাঙি ধৰিছিল ---

“কাৰ কপালৰ সেন্দূৰও মচা গ’ল, কোন মাতৃৰ বুকু শুদা হ’ল,

তোৰ ঘাম ভৰা নঙঠা পিঠি তপত ৰ’দত যায় ফাটি …"

আদিৰ সজীৱ প্ৰকাশে সকলোৰে দুচকু সেমেকাই তোলে ৷

কুৰি শতিকাৰ শ্ৰেষ্ঠ মানৱ ড° ভূপেন হাজৰিকাৰ সৃষ্টিসমূহে মানৱতাৰপৰা ক্ৰমে আধ্যাত্মিকতালৈ গতি কৰা পৰিলক্ষিত হয়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰভাৱো তেখেতৰ সৃষ্টিৰ মাজত দেখা যায়। স্কুলীয়া দিনতে গুৰুজনাৰ জন্মস্থানৰ কল্পনা কৰি জীৱনৰ প্ৰথম গীত ৰচিছিল –

কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান
নামৰে সুৰতে আনন্দত নাচিছিল
পবিত্ৰ বৰদোৱা থান
মোৰ গুৰু ঐ, পবিত্ৰ বৰদোৱা থান||

অসমীয়া জাতীয় জীৱনলৈ ন-ন চিন্তা চেতনা গীতসমূহৰ মাজেৰে ড° হাজৰিকাদেৱে লৈ আনি অসমীয়া গীত-সাহিত্যৰ ভৰাঁল চহকী কৰি তুলিছিল৷ নিজৰ মাতৃভূমিৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আৰু সফলো হৈছিল। হিন্দী, বেংগলী  আদি ভাষাতো তেওঁ গোৱা ,ৰচনা কৰা গীত সমূহে বিপুল সমাদৰ তাভ কৰিছিল৷ বহু বৈপ্লৱিক গীতৰ মাজত ফুটি উঠা মানৱৰ হৃদয়ৰ প্ৰতিধ্বনি প্ৰকাশ পাইছিল তেখেতৰ গীতৰ মাজেৰে ৷ য’ত মানৱতাবাদৰ ছবিখন স্পষ্টকৈ ফুটি উঠিছে  --

“বুকু হ’ম হ’ম কৰে …

মোৰ আই …"

জীৱন সিন্ধু বহু বিন্দুতে হয় যদি…"

মানৱতাবাদৰ শিল্পী ড° ভূপেন হাজৰিকাদেৱৰ গীতত  চহা সমাজখনৰ পৰা আৰম্ভ কৰি সকলো জাতি - জনজাতি , ধৰ্ম ,বৰ্ণ ,ভাষা , পুৰুষ -নাৰী সকলোৰে মনৰ বতৰা প্ৰকাশ পাইছিল  ৷ তেখেতে চহা জীৱনগাথা এনেভাৱে প্ৰকাশ কৰে যে  সকলোৰে দুচকু সিক্ত হৈ পৰে।  তেখেতে গাইছিল --

 “শীতৰে সেমেকা ৰাতি 

  সেমেকা শীতৰে ৰাতি 

  বস্ত্ৰবিহীন কোনো খেতিয়কৰ 

  ভাগি পজাটিৰ ……"

অসমৰ সভ্যতাৰ মূল গৌৰৱ ব্ৰহ্মপুত্ৰক লৈও তেখেতৰ সৃষ্টি অপাৰ ৷ এই ব্ৰহ্মপুত্ৰক  শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ -ব্যথা ,নৈতিকতা , মানৱতাৰ স্খলন দেখি কেনেকৈ বৈ আছে বুলি প্ৰশ্ন কৰিছে …

    “বিস্তীৰ্ণ পাৰৰে 

     অসংখ্য জনৰে 

     হাহাকাৰ শুনিও

     নিশব্দে নিৰৱে

     বুঢ়ালুইত তুমি 

     বুঢ়ালুইত হোৱা কিয়? "

এই দুদিনীয়া মানৱ জীৱনত মিছা মায় মোহত আমি আবদ্ধ হৈ অহংকাৰ কৰি একো লাভ নাই। ধনী দুখীয়া সকলো একেখন নাৱৰে যাত্ৰী। গতিকে মানৱতাবোধ জীয়াই ৰাখি থকা দিন কেইটাত অশান্তি, হিংসা, বিদ্বেষবোৰ আতৰাই হাঁহি হাঁহি জীয়াব লাগে৷ আকুল কন্ঠেৰে তেখেতে গাইছে --

আজি জীৱন বুটলিবি

হাঁহি হাঁহি আহ

আজি মৰণ পাহৰিবি

হাঁহি হাঁহি আহ

বাহীটি লৈ আহ

আৰু হাঁহিটি লৈ আহ ৷"

এটা যুগৰ মানৱতাবাদক কেন্দ্ৰ কৰি নতুন নতুন চিন্তা, চেতনা ড° ভূপেন হাজৰিকাদেৱে অসমীয়া জাতীয় জীৱনলৈ লৈ আনিছিল। অসমীয়া ভাষাৰে যুগ চেতনা আৰু তেওঁৰ মনৰ মাজৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাক আন ভাষাৰ লোকে তেওঁৰপৰা উপগম কৰিব পাৰি অসমীয়া ভাষা আৰু গীতৰ প্ৰতি নতশিৰ হৈছে৷ এয়া জাতিৰ বাবে তেখেতৰ মহান অৱদান৷ তেখেতৰ গীতে আমাৰ মনলৈ আনি দিয়ে শক্তিৰ জোৱাৰ, হাজাৰ সংঘাতে জুৰুলা কৰিব বিচাৰিলেও মনলৈ আহি দিয়ে নৱ সৃষ্টিৰ প্ৰেৰণা।  ধ্বংসৰ স্থলীত যেন আনি দিয়ে তেখেতৰ সৃষ্টিয়ে মানৱৰ মাজত শান্তিৰ সমদল৷  তেওঁ গাইছে ---

“সাগৰ সংগমত

কতনা সাঁতুৰিলো

তথাপিতো হোৱা নাই ক্লান্ত

তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত ৷”

মানৱতাবাদৰ জাগ্ৰত চেতনাৰে তেখেতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি বুটলি ফুৰিছে জ্ঞানৰ সম্ভাৰ, মানুহৰ জীৱনৰ বেলেগ বেলেগ শৈলীবোৰ লৈ আনি চহকী কৰি তুলিছে নিজক, আৰু নিজৰ গীতৰ মাজেৰে মানৱৰ মাজত সেইসমূহ ভগাই দিয়াৰ চেষ্টা কৰিছে৷ শিল্পীগৰাকীয়ে দেশে বিদেশে ঘূৰি দেখিছে এফালে অট্টালিকাত বিলাস কৰা এচামৰ বিপৰীতে দৰিদ্ৰতাই গ্ৰাস কৰি পেলোৱা কংকাল সদৃশ গৃহহীন মানুহৰ কৰুণ আৰ্তনাদ , তেতিয়াই তেখেতৰ মানৱ দৰদী হৃদয় দুখত ম্ৰিয়মাণ হৈ পৰিছে আৰু “ মই এটি যাযাবৰ ” গীতটোৰ মাজেৰে কাতৰ কণ্ঠৰে গাইছে --

       “মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী

       তাৰ ছাঁতেই দেখিছো কতনা গৃহহীন নৰ নাৰী ”

  ধনী দুখীয়া ,টকা পইচাৰ অহংকাৰেৰে মত্ত হৈ এই দুদিনীয়া জীৱনৰ থকা দিনকেইটা যে অপচয় নকৰি মানৱ সেৱা কৰাত গুৰুত্ব দিৱ লাগে সেই কথা ড° ভূপেন হাজৰিকাদেৱৰ প্ৰায় সকলো সৃষ্টিতে দেখা যায়। আমি সকলো যে একেখন নাৱৰে যাত্ৰী সেই সত্যটো তেখেতে  পল ৰবচনৰ “ we are in the same boat brother '' শীৰ্ষক সেই বিখ্যাত গীতটোৰ আলমত মানৱতাবাদ তথা বিশ্ব ভাতৃত্ববোধৰ ভাৱ জগাই তুলিবলৈ গাইছিল ---

      “ আমি একেখন নাৱৰে যাত্ৰী,

        সহযাত্ৰী একেখন নাৱৰে … " ৷

মানৱতাবাদৰ শিল্পীগৰাকীৰ সৃষ্টিত আমি বিছাৰি পাওঁ মানুহৰ সুখ-দুখৰ জীয়া ছবিখন। তেখেতৰ গীত কিছুমান যেন ইতিহাসৰ একোখন দস্তাবেজ, য’ত ইতিহাসৰ বহু ঘটনাৰ কাহিনী সোমাই থাকে৷ তেনে এটি গীত হ’ল --

“ভৰ বাৰিষাৰ বানে 

খহাই নিলে গাওঁ

পাৰতে উচুপি কান্দে

দুখীয়াৰ ছাও। ” ( ছয়গাঁৱত বহা কৃষক সন্মিলনৰ বাবে ৰচা ১৯৫৪ চনত )

তেনে এক ইতিহাসৰ সাক্ষী অন্য এক মানৱতাবাদী গীত আছে, য'ত নেকি পানীৰ অভাৱত খৰাং বিহাৰৰ অভাৱনীয় দুখ-দুৰ্দশাৰ কথা জলজলপটপটকৈ ওলাই আছে ৷ সেই সময়ত বিহাৰত  কোটি কোটি মানুহৰ  শ্মশান জ্বলিছে ,সেউজীয়াবোৰ হেৰাই গৈছে, দাহিত আকাশৰপৰা যেন জুইহে বৰষি মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ এই বিষাদগ্ৰস্ত পৰিৱেশত মানৱতাৰ প্ৰতীক ড° ভূপেন হাজৰিকাদেৱে নিজৰ গীতৰ মাজেৰে অসমৰ জনগণক কৈছে --

                “ হে মোৰ অসমৰ শ্ৰোতা জনতা 

                  কি মতেনো বুজাম আমি 

                 বিহাৰ ৰাজ্যৰ কোটি কোটি লোকে

                  দেখিছে এক শ্মশান ভূমি ” ৷

মানুহৰ দুখৰ বিননি, দেশ-বিদেশৰ পৰা লৈ অনা জ্ঞানৰ জ্যোতি, জীৱন অভিজ্ঞতাৰ নিৰ্য্যাসবোৰ ড° ভূপেন হাজৰিকাদেৱে সুৰৰ মাজেৰে অমিয়া ঢালি, আৱেগ অথবা জৰ্জৰিত কণ্ঠৰে জনগনৰ হৃদয়লৈ লৈ গৈছে৷ সকলোৰে হৃদয়ত তেখেতৰ গীতে খলকনি তুলি মানৱতাৰ দিশলৈ ধাৱমান কৰিছে। নিজতকৈ আনৰ সুখত সুখী, আনৰ দুখত দুখী হোৱা এই মহান ব্যক্তিগৰাকীয়ে মানুহক তেখেতৰ সৃষ্টি সমূহৰ মাজতো আগ স্থান দিছিল ----

             “ মোৰ গীতৰ হেজাৰ শ্ৰোতা ৷

               তোমাক নমস্কাৰ ৷

               গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ

               প্ৰয়াস কৰো তোমাৰ মুখত হাঁহি বিলাবলৈ

               প্ৰয়াস কৰো তোমাৰ দুখত সচাঁই কান্দিবলৈ ৷”

(এটা যুগৰ বাহক ড° ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰ বিশালতা ইমান বিশাল যে তাক আলোচনা কৰাটো সহজসাধ্য নহয়৷ তথাপিটো সেই বিশাল সৃষ্টিৰপৰা মানৱতাৰ জয়গান গোৱা এই মহান আত্মাক শ্ৰদ্ধা জনাই তেখেতৰেই গীতসমূহৰপৰা মানৱতাৰ বিষয়ক প্ৰতিফলিত হোৱা বিষয়ক বিচাৰ কৰিবলৈ  চেষ্টা কৰিলো। )

আপুনিও ভাল পাব পাৰে!