Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

কলা আৰু সংস্কৃতি

কাৰ্বিসকলৰ পৰম্পৰাগত খেল-ধেমালি

post

Share

লেখিকা গীতা হাঞ্ছেপী

অৱতৰণিকাঃ প্ৰত্যেক জাতি-জনগোষ্ঠীৰে নিজা নিজা থলুৱা খেল-ধেমালি আছে। ৰং-ৰহইচ তথা অৱসৰ বিনোদনৰ বাবে খেলা খেল-ধেমালিবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰবি লোক জীৱনতো অতীজৰে পৰা বিভিন্ন ধৰণৰ খেল-ধেমালিয়ে প্ৰাধান্য লাভ কৰি আহিছে। তেওঁলোকৰ মাজত প্ৰচলিত খেল-ধেমালিবোৰেও সুস্থ শৰীৰ আৰু সুস্থ মন গঢ়ি তোলাত সহায় কৰি আহিছে। তেওঁলোকৰ জনসমাজত প্ৰচলিত খেলবোৰৰ কিছুমান খেল বহিঃক্ৰীড়া অৰ্থাৎ ঘৰৰ বাহিৰত (Outdoor) আৰু কিছুমান আন্তঃক্ৰীড়া অৰ্থাৎ ঘৰৰ ভিতৰত (Indoor) খেলা হয়। এই খেলবোৰৰ কিছুমান অৱসৰ বিনোদনধৰ্মী আৰু কিছুমান প্ৰতিযোগিতামূলক।

বিভিন্ন সময়ত সৰু সৰু ল’ৰা-ছোৱালীবোৰে অৱসৰ বিনোদনৰ বাবে ভিন্‌ ভিন্‌ খেল-ধেমালি কৰে। কণ কণ ল’ৰা-ছোৱালীহঁতক ওমলাবৰ বাবেও জ্যেষ্ঠসকলে কিছুমান খেল খেলিব লগা হয়। যেনে- তামোলৰ ঢকুৱাক বাহন সাজি ল’ৰা-ছোৱালীহঁতক বহুৱাই টনা খেল। লাটুম ঘূৰোৱা, সাঁতোৰা, জাঁপ মৰা, দৌৰা আদি খেলবোৰ চেমনীয়া, কিশোৰ-কিশোৰীহঁতে খেলা দেখিবলৈ পোৱা যায়।

কিছুমান খেলত নিৰ্দিষ্টকৈ ধৰা-বন্ধা নিয়ম থাকে আৰু হৰা-জিকা হয়। এনেধৰণৰ খেল-ধেমালি প্ৰতিযোগিতামূলক। এই খেলবোৰ এককভাৱে বা দলীয়ভাৱেও খেলা হয়। এককভাৱে খেলা খেলবোৰৰ ভিতৰত কণী যুঁজ, কড়ি খেল, ঘিলা খেল, টাংগুটি আদি। দলীয়ভাৱে খেলা খেলবোৰৰ ভিতৰত হাউগুদু, নাওখেল, ৰচী টনা খেল আদি।

কেতিয়াবা পোহনীয়া জীৱ-জন্তু, চৰাই আদিৰ জৰিয়তেও কিছুমান খেল অনুষ্ঠিত কৰা হয়। সেইবোৰৰ ভিতৰত বুলবুলি চৰাই যুঁজ, কুকুৰা যুঁজ, ম’হ যুঁজ আদি লেখত ল’বলগীয়া। কিছুমান খেল পুৰুষ-মহিলা উভয়ে খেলিব পাৰে আৰু খেলবোৰ পৃথকে পৃথকে খেলে। কিছুমান খেল কেৱল ল’ৰা বা পুৰুষেহে খেলে। আলোচনাটিত কাৰবি লোকসমাজত প্ৰচলিত পৰম্পৰাগত খেল-ধেমালিবোৰৰ এটি আভাস দিয়া হৈছে।

কাৰ্বিসকলৰ পৰিচয়ঃ কাৰ্বিসকল অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী। বসতি অনুসৰি পাহাৰ অঞ্চলত বসবাস কৰাসকলক সাধাৰণতে পাহাৰীয়া কাৰ্বি আৰু ভৈয়াম অঞ্চলত বসবাস কৰাসকলক ভৈয়াম কাৰ্বি বুলি অভিহিত কৰা হয়। ভাৰতীয় সংবিধান আৰু অসম বুৰঞ্জীত মিকিৰ নামেৰে লিপিৱদ্ধ থকা এই লোকসকলে পুৰুষ হ’লে ‘আৰ্লেং’ আৰু মহিলা হ’লে ‘আৰ্লেংপী’ বুলি নিজকে পৰিচয় দিয়ে।

প্ৰাগৈতিহাসিক কালৰেপৰা অসমত বসবাস কৰি অহা কাৰ্বিসকল নৃগোষ্ঠীয় বিভাজন অনুসৰি মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই লোকসকলক ‘অসমৰ কলম্বাছ’ আখ্যা দিছে। লীলা গগৈদেৱে ‘অসমৰ সংস্কৃতি’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে এনেদৰে— ‘মংগোলীয় জনসমষ্টিৰ অন্তৰ্গত এই মিকিৰ বা কাৰ্বিসকলেই সম্ভৱতঃ অসমৰ প্ৰাচীন আদিবাসী’। সুঠাম শৰীৰৰ গৰাকী কাৰ্বি লোকসকলৰ গাৰ বৰণ সাধাৰণতে মুগা। গড় হিচাপে পুৰুষৰ উচ্চতা ৫ ফুটৰ পৰা ৬ ফুটলৈ আৰু তিৰোতাৰ উচ্চতা সাধাৰণতে ৪.৫ ফুটৰ পৰা ৫.৫ ফুটলৈ। তেওঁলোকৰ চকু সৰু, নাক চুটি আৰু ভোটা। পুৰুষৰ দাড়ি-গোফ সেৰেঙা।

কাৰ্বিসকলৰ ভাষা এক স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ। তেওঁলোকৰ ভাষা মূলতঃ তিব্বত-বৰ্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত। কোনো কোনো পণ্ডিত আৰু সমালোচকে কাৰ্বি ভাষাক বড়ো-নগা ভাষাৰ অন্তৰ্ভুক্ত কৰিব বিচাৰে যদিও অধিকাংশই কুকি-চীন ভাষাগোষ্ঠীৰ লগতহে ওচৰ সম্বন্ধ থকাৰ কথা স্বীকাৰ কৰে। ৰংবং তেৰাঙেও কুকি-চীন ভাষাগোষ্ঠীৰ লগতহে কাৰবি ভাষাৰ বেছি ওচৰ সম্বন্ধ থকা বুলি কৈছে।

কাৰ্বিসকলৰ পৰম্পৰাগত খেল-ধেমালিঃ ডেকাচাং হৈছে কাৰ্বিসকলৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। ডেকাচাং তেওঁলোকৰ এক প্ৰকাৰৰ শিক্ষানুষ্ঠান। ডেকাচাঙৰ জৰিয়তে গাঁৱৰ ডেকাসকলক কৃষি কৰ্মকে আদি কৰি সামাজিক ৰীতি-নীতি, গাৰ্হস্থ জীৱন, কলা-কৃষ্টি আদি বিভিন্ন দিশৰ শিক্ষা প্ৰদান কৰা হয়। তেওঁলোকৰ মাজত প্ৰচলিত পৰম্পৰাগত খেলবোৰৰো এই ডেকাচাঙতে প্ৰশিক্ষণ দিয়া হয়। লগতে প্ৰতিযোগিতামূলকভাৱে খেলবোৰ ডেকাচাঙতে অনুষ্ঠিত কৰি ডেকাসকলে আনন্দ উপভোগ কৰে। উল্লেখ্য যে ১৯৭৪ চনৰ ২৫ তাৰিখে জন্ম লাভ কৰা কাৰবি যুৱ মহোৎসৱত ভিন্‌ ভিন্‌ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ২৬ টা মণ্ডলক প্ৰতিনিধিত্ব কৰি যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলৰ মাজত পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজ-পোছাক, আ-অলংকাৰ, শিল্প-কলা, বাদ্য-যন্ত্ৰ আদি প্ৰদৰ্শিত হোৱাৰ লগতে পৰম্পৰাগত নৃত্য-গীত, খেল-ধেমালি আদিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। বিভিন্ন সময়ত কাৰবি সকলে খেলা পৰম্পৰাগত খেল-ধেমালিবোৰ হ’ল—

১) হাম্বি কাপাথু (ঘিলা খেল)

২) কেংদংদাং কেদাম (বাঁহ দুডালত ভৰি দুখন দি খোজ কঢ়া)

৩) চিন কাপাথু (লাখুটি খেল)

৪) ছেকছেৰেক কাপাথু (কাঠি খেল)

৫) হাৰমু কেবাক (বাটলু গুটি ভগোৱা খেল)

৬) ফলং কাপাথু (লাটুম ঘূৰোৱা খেল)

৭) বাপথিলি কে’আপ (বাটলু গুটি মৰা)

৮) জৎজৎ কেমে (দোলনা খেল)

৯) আকেং ইহং কেকাত (একঠেঙীয়া দৌৰ)

১০) চিৰ কেজৰ (জাঠি দলিওৱা)

১১) লবং কেচেৱান (কলগছ কটা)

১২) অকহি কাংপ্লং (হৰিণা দৌৰ)

১৩) থাই কেআপ

১৪) ৰুংতুমা কেপাথু

১৫) চনচুৰি কাচেদই

১৬) চনচুৰি কাচেৱুং

১৭) আৰমু কাপাথু

খেলসমূহৰ চমু আভাস

হামবি কাপাথু (ঘিলা খেল) ‘হামবি’ শব্দৰ অৰ্থ হ’ল ঘিলাগুটি আৰু ‘কাপাথু’ মানে খেলা। ‘হামবি কাপাথু’ তথা ঘিলা খেল হৈছে কাৰবিসকলৰ মাজত প্ৰচলিত অন্যতম জনপ্ৰিয় খেল। এই খেল ৬-৭ বছৰ বয়সৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ ডেকাৰে অতি প্ৰিয়। এই খেল দুই দলৰ মাজত খেলা হয়। প্ৰতিটো দলত দুজনতকৈ অধিক খেলুৱৈয়ে খেলিব পাৰে আৰু প্ৰতিটো দলত এঘাৰজনতকৈ বেছি হ’ব নোৱাৰে। দুয়োটা দলৰে নাম দিয়া হয়— এটা দলৰ নাম ‘ৰংফু’ আৰু আনটো দলৰ নাম  ‘ৰংলিং’।

খেলখন মুঠ ২৬ টা স্তৰত খেলা হয়। খেল আৰম্ভ হোৱাৰ আগতে কোনটো দলে আৰম্ভ কৰিব তাক নিৰ্ণয় কৰা হয়। যিটো দলে খেলটো আৰম্ভ কৰিব তেওঁলোকে প্ৰথমে এজন এজনকৈ নিজা নিজা ঘিলাগুটিৰে বিপৰীত দলে শাৰী শাৰীকৈ পাতি থোৱা ঘিলাগুটিবোৰ ওফৰাব লাগে। ঘিলা ওফৰাব পৰা জনেহে পৰৱৰ্তী স্তৰত খেলিবলৈ আগবাঢ়িব পাৰে। ঘিলা ওফৰোৱা স্তৰক ‘ৰং কেফ্লক’ বা ঘিলা মুকলি হোৱা বুলি কোৱা হয়। প্ৰত্যেকজন খেলুৱৈয়েই ঘিলা মুকলি কৰিব পাৰিব লাগে। যদিহে কোনোবাই এই ক্ষেত্ৰত অসমৰ্থ হয় তেতিয়াহ’লে দলৰ কোনোবা এজনে হ’লেও ঘিলা মুকলি কৰি সহায় কৰিব পাৰে। ঘিলা মুকলি হোৱাৰ পিছতহে মূল খেললৈ আগবাঢ়িব পাৰে।

মুঠ ২৬ টা স্তৰত এই হামবি খেল কেইবাধৰণেৰে খেল হয়। যেনে— হাতৰ আঙুলিৰে মৰা, হাতৰ পিঠিত ঘিলা থৈ দলিওৱা, ভৰিৰ আঙুলিৰে চেপি মাৰি দলিওৱা, দুই ভৰিৰ আঁঠুত ঘিলা থৈ জঁপিয়াই দলিওৱা, কপালত ঘিলা থৈ জাঁপ মাৰি দলিওৱা, পিঠিত ঘিলা থৈ জঁপিয়াই দলিওৱা ইত্যাদি।

চনচুৰি কাচেদই (লেজু ঠেলা খেল) এই খেল দুটা দলৰ মাজত খেলা হয়। এই খেলত দীঘল বাঁহ বা গছৰ ডাল লৈ ঠেলা-ঠেলি কৰে। যিটো দলে বিপৰীত দলক ঠেলিব পাৰিব তেওঁলোকেই জয়ী হয়। খেলৰ নিয়ম অনুসৰি দুয়োটা দলতে সমান সংখ্যক খেলুলৈ থাকিব লাগে।

চনচুৰি কাচেৱুং (লেজু টনা খেল) দুটা দলৰ মাজত খেলা এই খেলত গছৰ লতা নতুবা ৰচী লোৱা হয়। গাৰ জোৰেৰে যিটো দলে ৰচীডাল টানিব পাৰে তেওঁলোকেই জয়ী হয়। খেলৰ নিয়ম অনুসৰি দুয়োটা দলতে সমান সংখ্যক খেলুৱৈ থাকিব লাগে। খেলাৰ সময়ত ব্যৱহাৰ হোৱা ৰচীডাল সহজতে চিগি নোযোৱাকৈ মজবুত হ’ব লাগে।

ৰুংটুমা কাপাথু (গুটি উঠোৱা খেল) এইবিধ খেল এবাৰত দুজন খেলুৱৈৰ মাজত অনুষ্ঠিত হয়। খেলবিধ খেল খেলিবৰ বাবে মাটিত ঘূৰণীয়াকৈ এটা চক্ৰ আঁকি লোৱা হয়। ঘূৰণীয়া চক্ৰটোৰ সংযোগীকৈ পৃথক পৃথককৈ দীঘলীয়া চাৰিটা ঘৰ টনা হয় আৰু প্ৰতিটো ঘৰকে আকৌ তিনিটা ভাগত ভাগ কৰা হয়। প্ৰতিটো ঘৰতে তিনিটা, দুটা, এটাকৈ বাটলু গুটি বা সৰু সৰু শিলগুটি ৰাখি থয়। এজনে চক্ৰটোৰ কাষত থাকি খেলখন আৰম্ভ কৰে আৰু আনজন খেলুৱৈ অলপ দূৰত পিছ দি থাকে। খেলিবলৈ ধৰা খেলুৱৈজনে দূৰত থকা আনজন খেলুৱৈক সোধে ‘ৰুংটুমা’। অৰ্থাৎ  গুটিকেইটা উঠাও নে? প্ৰতিদ্বন্দ্বী খেলুৱৈজনে দূৰৰ পৰাই উত্তৰ দিব ‘ৰুং’ অৰ্থাৎ উঠোৱা। তেতিয়া ইজনে গুটিখিনি ঘৰটোৰ পৰা উঠাই বাহিৰত ৰাখে। তাৰপিছত খেলুৱৈজনে পুনৰ আনজনক সুধিব ‘উঠাও নে?’ যদি উঠাব নালাগে বুলি কয় তেতিয়াহ’লে গুটিবোৰ উঠাব নালাগে। কিন্তু ঘৰ খালী থকা সত্ত্বেও যদি ‘ৰুং’ বুলি উত্তৰ দিয়ে তেতিয়াহ’লে উত্তৰ দিওঁতাজন পৰাজিত হয়।

হাৰমু কাপাথু বা হাৰমু কেবাক (বাটলু গুটি ভগোৱা খেল) এইবিধ খেল খেলিবৰ বাবে মাটিত সৰু সৰুকৈ গাঁত খন্দা হয়। এই খেল এবাৰত দুজনৰ মাজত অনুষ্ঠিত হয়। মুখামুখীকৈ দুটা শাৰীত প্ৰতিজন খেলুৱৈৰ বাবে পাঁচটাকৈ গাত খন্দা হয় আৰু প্ৰতিটো গাঁতত পাঁচটাকৈ বাটলু গুটি ৰখা হয়। খেল আৰম্ভ কৰা খেলুৱৈজনে এটা গাঁতৰপৰা গুটিখিনি উলিয়াই বাকীখিনি গাঁতত এটা এটাকৈ ভগাই যায়। যিটো গাঁতত গুটিখিনি শেষ হ’ব তাৰেপৰাই আনজন খেলুৱৈয়ে গাঁতৰপৰা হৰমু গুটিখিনি (বাটলু গুটি) উলিয়াই গাঁতবোৰত গুটিবোৰ ভগাই যায়। ভগাই যাওঁতে এটা খালী গাঁত পালে তাৰ পাছতে থকা গাঁতটোত থকা গুটিবোৰ ল’ব পাৰে। এনেদৰে খেলি থাকোঁতে যিজনৰ হাতত এটাও গুটি নাথাকেগৈ সি পৰাজয় স্বীকাৰ কৰে। 

চেকচেৰেক কাপাথু (কাঠি খেল) সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত প্ৰচলিত এই চেকচেৰেক কাপাথু তথা কাঠি খেল বিধ কাৰবিসকলৰ অতি জনপ্ৰিয় খেল। এই খেল তিনি-চাৰিজন নতুবা কেইবাজনৰো মাজত অনুষ্ঠিত হয়। ২০ চেন্টিমিটাৰ বা এবেগেত মান জোখৰ মিহিকৈ চাঁচি লোৱা প্ৰতিগৰাকী খেলুৱৈৰ হাতত ছডালকৈ বাঁহৰ কাঠি থাকে। প্ৰথমে হাতৰ তলুৱাত কাঠিকেইটা ৰাখি তলুৱাৰ পৰা ঘূৰাই ওপৰৰ ফালে দলিয়াই তলুৱাৰ বিপৰীত অংশত কাঠিকেইডাল ৰাখি পুনৰ হাতৰ তলুৱালৈ আনে। এনেদৰে কৰোঁতে হাতৰ মুঠিত যিকেইডাল কাঠি ৰৈ যায় সেইকেইডাল যদি বিযোৰ সংখ্যা হয়; তেন্তে বিযোৰ হৈ ৰোৱা কাঠিডাল সাঁচি ৰাখিব লাগে। শেষলৈ যদি কোনো এজন খেলুৱৈয়ে ছডাল কাঠি পায়; তেতিয়াহ’লে এটা ঘৰ সাজিব পৰা হয় বুলি ধৰা হয়। শেষত থকা কাঠিডাল ছয়বাৰ মাৰিও যদি হাতৰ পৰা সৰি নপৰে তেন্তে খেলুৱৈজন জয়ী হোৱা বুলি ধৰা হয়।

চিৰ কেজৰ (যাঠি দলিওৱা খেল) কাৰবি লোকসমাজতো যাঠি দলিওৱা খেল অতি জনপ্ৰিয়। এই খেল খেলিবৰ বাবে বাঁহৰ আগটো জোঙা কৰি লোৱা হয়। যিয়ে বাঁহডাল বেছি দূৰলৈ দলিয়াই মাটিত বিন্ধাব পাৰে তেঁৱেই জয়লাভ কৰে।

লবং কেহেৱান (দাৰে কলগছ ঘপিয়াই কটা) শাৰীকৈ দুই-তিনিডালমান কলগছ পুতি দাৰে একেঘাপতে কাটিব পাৰিব লাগিব। যিজনে এবাৰতে বেছিকৈ কাটিব পাৰিব তেঁৱেই জয়ী হ’ব।

আকেং ইহং কেকাত (এক ঠেঙীয়া দৌৰ) এখন ভৰি দাঙি আন এখন ভৰিৰে দৌৰা। এখন ভৰিৰে দৌৰি গৈ যিজনে লক্ষ্যস্থানত উপনীত হ’ব তেঁৱেই জয়ী হয়।

নুজক কাৰল’ (বাঁহ বগোৱা) এডাল বাঁহ পুতি বাঁহডালত তেল সানি পিছল কৰি থোৱা হয়। এই পিছল বাঁহডাল বগাই ওপৰত গৈ পাব লাগিব।

অক্‌হি কাংপ্লং (হৰিণা দৌৰ) খেলুৱৈসকলে এখন ভৰি মাটিত আৰু হাত এখন বুকুত থৈ দৌৰিব লাগে। দৌৰি যাওঁতে ভৰি আৰু হাত সলাই সলাই দৌৰিব লাগে।

বাপথেলি কেআপ (বাটলু গুটি মৰা) বাঁহেৰে সজা বাটলুগুটি ধনুত বাটলু গুটি লগাই লক্ষ্য স্থানলৈ মাৰিব দিয়া হয়। যিয়ে লক্ষ্যস্থানত বাটলুগুটি লগাব পাৰে সিয়ে বিজয়ী হয়।

থাই কেআপ (ধনুৰে কাঁড় মৰা খেল) কোনো এটা লক্ষ্য স্থানলৈ ধনুৰে কাঁড় নিক্ষেপ কৰিব দিয়া হয়। যিয়ে লক্ষ্যভেদ কৰিব পাৰে সিয়ে বিজয়ী হয়। এইবিধ খেল তেওঁলোকৰ মাজত অতি জনপ্ৰিয়।

জৎজৎ কেচন (দোলনা) সাধাৰণতে গাভৰুসকলৰ মাজত প্ৰচলিত এবিধ লেখত ল’বলগীয়া খেল হ’ল জৎজৎ কেচন অৰ্থাৎ দোলনা খেল। গছত নতুবা কোনো ওখ ঠাইত ৰচী বান্ধি দোলা দিয়ে।

এৎঅৎ কেচন এডাল খুঁটিৰ ওপৰত এডাল বাঁহৰ টুকুৰা বান্ধি দুয়োমূৰে দুজনে ওলমি এইবিধ খেল খেলে।

কেংদংদাং কেদাম (দুডাল বাঁহত ভৰি থৈ খোজ কঢ়া খেল) কেংদংদাং কেদাম হৈছে কাৰবিসকলৰ মাজত প্ৰচলিত অন্যতম আমোদপূৰ্ণ খেল। দুডাল গোটা বাঁহৰ আখীয়াত ভৰি দুখন দি খোজ কঢ়া খেল। এইবিধ খেলৰ প্ৰতিযোগিতাও হয়।

ফলং কাপাথু (লাটুম খেল) কাৰ্বি লোকসমাজত প্ৰচলিত অন্যতম জনপ্ৰিয় খেল হ’ল ‘ফলং কাপাথু’ বা লাটুম খেল। এই খেলত খেলুৱৈ দুজনৰ পৰা দহজনলৈকে থাকিব পাৰে। বাঁহৰ মুঢ়া, তেতেলি, মধুৰী আদি গছৰ গাঁঠিৰ পৰা লাটুম তৈয়াৰ কৰা হয়। খেলুৱৈবোৰৰ প্ৰতিজনৰ হাততে একোটাকৈ লাটুম থাকে। গাৰ সমস্ত জোৰেৰে মাৰি লাটুম ঘূৰাব পৰা খেলুৱৈৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ’লে প্ৰথমে মাটিত এটা বৃত্ত অঁকা হয় আৰু তাৰ মাজত সকলো খেলুৱৈয়ে লাটুম ঘূৰায়। এনে কৰোঁতে যাৰ যাৰ লাটুম বৃত্তটোৰ ভিতৰত পৰি ৰয় সেই লাটুমকেইটাক লক্ষ্য কৰি আন খেলুৱৈকেইজনে নিজৰ নিজৰ লাটুমবোৰ মাৰি পঠিয়ায়। এনে কৰোঁতে জোৰেৰে মাৰি পঠিওৱা লাটুমৰ খোঁচত বৃত্তৰ ভিতৰত থকা লাটুম দুফাল হৈ পৰিবও পাৰে। মাৰি পঠিওৱা লাটুমৰ খুন্দাত বৃত্তৰ ভিতৰত থকা লাটুমকেইটা এটা এটাকৈ বাহিৰ হৈ আহিলে অৰ্থাৎ বৃত্তৰ ভিতৰত এটাও লাটুম নাথাকিলে খেল পুনৰ আৰম্ভ কৰা হয়। যিবোৰে গাৰ জোৰেৰে মাৰি লাটুম ঘূৰাব নোৱাৰে সিহঁতে আন ধৰণেৰে খেলে। যেনে- প্ৰথমে এজনে নিজৰ লাটুমটো মাটিত ঘূৰাই দিয়াৰ পাছত আন খেলুৱৈ কেইজনেও নিজৰ নিজৰ লাটুমকেইটা ঘূৰাই দি প্ৰথম লাটুমটোক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে। প্ৰথমতে মৰা লাটুমটোক কোনোটো লাটুমে স্পৰ্শ কৰিব নোৱাৰিলে সিয়েই জয়ী হ’ব।

কংকাং কেৱাৰ (ফৰ্মুটি মৰা খেল) সৰু সৰু ল’ৰাৰ মাজত অতি জনপ্ৰিয় এবিধ খেল হৈছে ‘কংকাং কেৱাৰ’ বা ফৰ্মুটি মৰা খেল। এই খেলবিধ প্ৰায় দহজন বা বাৰজন খেলুৱৈয়ে খেলিব পাৰে। প্ৰতিজন খেলুৱৈয়ে হাতে হাতে একোডালকৈ ফৰ্মুটি লয়। খেলৰ নিয়ম অনুসৰি যিজনৰ হাতৰ ফৰ্মুটি আটাইতকৈ সৰু সিয়েই যিমান পাৰে ওপৰলৈ ফৰ্মুটিডাল দলিয়াব লাগে। বাকী কেইজন খেলুৱৈয়ে সেই  ফৰ্মুটি ডাললৈ লক্ষ্য কৰি নিজৰ নিজৰ ফৰ্মুটি দলিয়ায়। উক্ত ফৰ্মুটিক যদি কোনেও স্পৰ্শ কৰিব নোৱাৰে তেতিয়া হ’লে সেইজনে পুনৰবাৰ দলিওৱাৰ সুবিধা পায়। কিন্তু পিছত মৰা কোনো এটা ফৰ্মুটিয়ে উক্ত ফৰ্মুটিডাল অৰ্থাৎ প্ৰথমে মৰা ফৰ্মুটিডাল স্পৰ্শ কৰিলে প্ৰথমজন মৰে। এনেদৰে এজনৰ পাছত আনজনে ফৰ্মুটি দলিওৱাৰ সুবিধা পায়।

লাং কাপাৰ্বিপ (পানীত ডুব মৰা খেল) এই খেলবিধ দহজন বা বাৰজন খেলুৱৈৰ মাজত খেলা হয়। খেলুৱৈকেইজনে প্ৰথমে ঘূৰণীয়া হৈ পানীত থিয় হয়। তাৰ পিছত সিহঁতে আঙুলিৰে পানীত টুকুৰিয়ায়। যিজনৰ টুকুৰ ফুটে তেওঁ হ’ব উদ আৰু বাকীবিলাক হ’ব মাছ। উদ হোৱাজনে বাকীবোৰক সুধিব— ‘অ’ পি অক ল?’ (অ’ কি মাছ?)। বাকীবিলাক খেলুৱৈ অৰ্থাৎ মাছকেইটাই উত্তৰ দিব— ‘অক ছাংতি’ (বটিকৰা মাছ)। উদে পুনৰ সুধিব— ‘নাংচ’ নন মা?’ (খাম নে?)। বাকীবোৰে উত্তৰত ক’ব— ‘নেফান চ’ নাংনে (মোক নাখাবি)। তাৰ পিছত মাছবোৰে পানীত ডুব মাৰিব আৰু উদেও মাছ ধৰিবলৈ চেষ্টা কৰি পানীত ডুব মাৰিব। যিটো মাছক উদে স্পৰ্শ কৰে সেই মাছ হোৱাজন উদ হৈ পৰে অৰ্থাৎ সি উদ হৈ মাছ ধৰিবৰ বাবে পানীত ডুব মাৰে। প্ৰথম উদ হোৱাজন মাছ হৈ খেলে। এনেদৰে প্ৰতিটো মাছক স্পৰ্শ কৰিব নোৱাৰালৈকে খেল চলি থাকে।

উপসংহাৰঃ

কাৰ্বি জনসমাজত প্ৰচলিত এই খেল-ধেমালিবোৰ অতি আনন্দদায়ক। এনে খেলে খেলুৱৈসকলক  অনাবিল আনন্দ প্ৰদান কৰাৰ লগতে শাৰীৰিক আৰু মানসিক শক্তিক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

প্ৰসংগ টোকাঃ

১। দাস, যোগেশ (সম্পা.), বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (দ্বিতীয় খণ্ড), পৃ. ৯৩৪

২। গগৈ, লীলা, অসমৰ সংস্কৃতি, পৃ. ৯৪

৩। তেৰাং, ৰংবং, পাতনি, কাৰবি লামতাচাম

৪। ক্ৰ’, বিদৰছিং, ‘কাৰবি সংস্কৃতিৰ অন্বেষণ’, পৃ. ৯৭

সহায়ক গ্ৰন্থপঞ্জী

১। ক্ৰ’, বিদৰছিং, ‘কাৰবি সংস্কৃতিৰ অন্বেষণ’, কাৰবি সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ডিফু, প্ৰথম প্ৰকাশ, ২০১৫

২। ক্ৰামছা, সুৰেন, ‘কাৰবি কৃষ্টিত এভুমুকি’, প্ৰিন্টৱেল, ডিফু, প্ৰথম প্ৰকাশ, ২০০৪

৩। গগৈ, লীলা, ‘অসমৰ সংস্কৃতি’, বনলতা, গুৱাহাটী, পঞ্চম সংস্কৰণ, ১৯৯৪

৪। তেৰাং, ৰংবং, ‘কাৰবি লামতাচাম’,

৫। দাস, যোগেশ (সম্পা.), বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (দ্বিতীয় খণ্ড), ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, গুৱাহাটী, দ্বিতীয় মুদ্ৰণ, ২০০৮

৬। দাস, বসন্ত, ‘কাৰবি সংস্কৃতিৰ ইতিহাস’, আঁক-বাঁক, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১০

(লেখিকা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা)

আপুনিও ভাল পাব পাৰে!