লেখকঃ ড০ ত্ৰিদিব গোস্বামী
গীতং বাদ্যং তথা নৃত্যং ত্ৰয়ং সঙ্গীতমুচ্যতে (সঙ্গীত ৰত্নাকৰ শাৰঙ্গঁদেৱ)- গীত, বাদ্য আৰু নৃত্য এই তিনিওবিধ কলাক একেলগে সঙ্গীত বুলি কোৱা হয়। সংগীত মানে সম্ ঋ গীত। সংগীত শব্দৰ এই সংজ্ঞাক পাছৰ গ্ৰন্থকাৰসকলে সহজে মানি লৈছে। ভাৰতীয় পৰম্পৰা অনুসৰি গীতৰ স্থান প্ৰথম, বাদ্যৰ স্থান দ্বিতীয় আৰু নৃত্যৰ স্থান সৰ্বশেষত। সংগীতৰ উৎপত্তি সম্পৰ্কে সময়ে সময়ে পণ্ডিতসকলে মতামত দি আহিছে। কোনোৱে ব্ৰহ্মাক, কোনোৱে শিৱক সংগীতৰ স্ৰষ্টা বুলি ভাবে। ভাৰতীয় পৰম্পৰাত সংগীতৰ যি স্থান সেই একে স্থানেই অসমতো বিদ্যমান। প্ৰাচীন শাস্ত্ৰজ্ঞ পণ্ডিতসকলেও সংগীতৰ কথা আলোচনা কৰিবলৈ গৈ কৈছে- ‘ন হি বিদ্যা সংগীতাৎ পথ’- অৰ্থাৎ সংগীতৰ স্থান সকলো কলা আৰু বিদ্যাৰ আগত। আমাৰ পূৰ্বপুৰুষসকলে মনৰ আৱেগ-অনুভূতি, আনন্দ-দুখ আদি প্ৰকাশ কৰিবলৈ নৃত্য, গীত ব্যৱহাৰ কৰিছিল। পাছৰ পৰ্যায়ত নেদেখা শক্তিৰ পূজা আৰু এই পূজাৰ লগত জড়িত উৎসৱ-পাৰ্বণত নৃত্য, গীত, বাদ্যই বিশেষ স্থান অধিকাৰ কৰিছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহ সভ্য হ’ল, সমাজ পাতি বসবাস কৰাৰ ব্যৱস্থা হ’ল আৰু ফলশ্ৰুতিত সংগীতো পৰিমাৰ্জিত হ’ল। কিন্তু মানুহৰ জীৱনৰ এৰাব নোৱাৰা অংশ হিচাপে থাকিল। সেয়েহে শৃংখলিত, সভ্য মানুহে সংগীতক হেয় কৰিব নোৱাৰে। সংস্কৃতিৰ বিকাশত সংগীতে বিশেষ প্ৰভাৱ পেলায় আৰু সংগীতক এটা জাতিৰ প্ৰতিফলন বুলি ক’লেও বঢ়াই কোৱা নহ’ব।
অসমৰ সত্ৰসমূহে সংগীতৰ চৰ্চাত অগ্ৰণী ভূমিকা লৈ আহিছে। সত্ৰসমূহত চৰ্চিত আৰু পৰিৱেশিত সংগীতসমূহক সত্ৰীয়া সংগীত বুলি কোৱা হয়। কোনো কোনো সত্ৰত সত্ৰাধিকাৰসকলে বা সত্ৰৰ সত্ৰীয়াসকলে নিজে গীত ৰচনা কৰি পৰিৱেশন কৰে, আনকো শিকায় কিন্তু সত্ৰীয়া সংগীত বুলি ক’লে আমি গুৰু দুজনা শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত গীতসমূহ আৰু তেখেতসকলৰ দ্বাৰা বিৰচিত নাটকৰ ভিতৰৰ গীতসমূহকে বুজায়। বৰগীতৰ সৃষ্টিৰ আগতেও অসমত চৰ্যাগীতসমূহ আৰু ব্যাস সংগীত আৰু সুকন্ন্যপালি সংগীতৰ চৰ্চা আছিল। এই দুয়োপ্ৰকাৰৰ সংগীত অসমৰ প্ৰাচীন সংগীত পৰম্পৰাৰ বিশেষ নিদৰ্শন। অসমৰ সত্ৰসমূহৰ যোগেদি প্ৰচলিত মহাপুৰুষ দুজনাৰ গীতসমূহক বিষয়বস্তু, ৰাগ, তাল আদিৰ শ্ৰেষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি পণ্ডিতসকলে ‘বৰগীত’ আখ্যা দিছে।
অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত এই সত্ৰীয়া সংগীতসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। বৰগীত, নাটসমূহৰ গীত আদিৰ বাহিৰেও শংকৰদেৱ বিৰচিত ‘কীৰ্তনঘোষা’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ৰ পদসমূহতো সংগীত হিচাপে চৰ্চা কৰা দেখা যায়। সেইকাৰণে বৰগীত, গুৰু দুজনাৰ নাটকৰ গীতসমূহ আৰু কীৰ্তনঘোষা, নামঘোষাৰ পাছৰ সংগীত হিচাপে চৰ্চিত অংশসমূহক সত্ৰীয়া সংগীত বুলি বিবেচনা কৰা হৈছে আৰু সত্ৰীয়া নৃত্যৰ স্বীকৃতিৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া সংগীতক স্বীকৃতি দিবৰ বাবে অসমৰ লোকসকল উঠি-পৰি লাগিছে যাৰ দ্বাৰা গীতসমূহক এক প্ৰকৃত স্থান আৰু কাল দিয়া হ’ব।
অসমৰ সত্ৰীয়া সংগীতৰ অন্তৰ্গত বৰগীতসমূহ একো একোটা ৰাগত বন্ধা আছে। সেই ৰাগসমূহৰ লগত মিলাই নিৰ্দিষ্ট তালত বৰগীত গোৱা হয়। মহাপুৰুষ দুজনাৰ বৰগীতসমূহ তলত উল্লেখ কৰা তালসমূহত পৰিৱেশন কৰা দেখা যায়। সেইসমূহ হ’ল- অহিৰ, আলোৱাৰী, কল্যাণ, কানাড়া, কামোদ, কেদাৰ, কৌ, গৌৰী, তুড়, তুড়বসন্ত, তুড় অভাটিয়ালী, ধনশ্ৰী নাট, নাটমল্লাৰ, পূৰ্বী, বড়াড়ী, বসন্ত, বেলোৱাৰ, ভাটিয়ালী, ভূপালীমল্লাৰ, মাহুৰ, মাহুৰ ধনশ্ৰী, ললিত, শ্যাম, শ্যামগড়া, শ্ৰীশ্ৰী গান্ধাৰ, শ্ৰী গৌৰী, সাৰঙ্গঁ, সিন্ধৰা আৰু সুহাই। সেইদৰে অংকীয়া নাটসমূহৰ গীতসমূহ কেইখনমান নিৰ্দিষ্ট তালত পৰিৱেশন হয়। সেই তালকেইখন হ’ল- পৰিতাল, একতাল, চুথ’কলা, যতি, ধৰমযতি, ৰূপক, বিষম, দোমানি আৰু ঘৰমান। অৱশ্যে এই তালসমূহৰ একতাল আৰু ৰূপক ভাৰতীয় সংগীততো ব্যৱহাৰ হয়। শাস্ত্ৰীয় সংগীতৰ ৰাগৰ সময়ো বৰগীতত প্ৰযোজ্য হয় আৰু এই সময় সত্ৰসমূহত মানি চলা দেখা যায়। সময়মতে কৰা ৰাগৰ বিভাজন তলত উল্লেখ কৰা হ’ল-
ৰাতিপুৱা - অহিৰ, কল্যাণ, কৌ, পূৰ্বী, শ্যাম, ললিত ইত্যাদি।
দুপৰীয়া - অহিৰ, কল্যাণ।
আবেলি - বসন্ত ভাটিয়ালী, বড়াড়ী, তুড়বসন্ত, কেদাৰ ইত্যাদি।
ৰাতি - ধনশ্ৰী, আলোৱাৰী, শ্ৰীশ্ৰী গান্ধাৰ, কামোদ, কানাড়া, গৌৰী, ভূপালী ইত্যাদি।
শাস্ত্ৰীয় সংগীতৰ বিভিন্ন পদ্ধতিসমূহ সত্ৰীয়া সংগীতত ব্যৱহাৰ বা পৰোক্ষভাৱে হোৱা দেখা যায়। সত্ৰীয়া সংগীতত খোল, তাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ হয়। চৰিত পুথিৰ মতে বৰগীতত চাৰেংদাৰ আৰু ৰবাবৰ ব্যৱহাৰ হৈছিল কিন্তু কালক্ৰমত এই দুবিধ বাদ্যযন্ত্ৰৰ প্ৰয়োগ প্ৰায় কমি আহিছে।
অসমৰ সংগীতৰ জগতত সত্ৰীয়া সংগীতে যোৱা পাঁচশ বছৰতকৈ অধিক কাল বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমীয়া সংস্কৃতি বা সংগীতৰ ইতিহাসত কীৰ্তনঘোষা আৰু নামঘোষাক কেন্দ্ৰ কৰিয়েই বিভিন্ন ভক্তিভাৱৰ গীতৰ সৃষ্টি হৈছে। গুৰু দুজনাৰ বৰগীত আৰু অংকীয়া নাটৰ গীতসমূহৰ বাবে যিকেইখন তাল নিৰ্দিষ্ট কৰা হৈছে তাৰ বাদেও সত্ৰসমূহৰ নিজস্ব চৰ্চাৰ যোগেদি গীত, নাট আদিৰ বাবে নতুন নতুন তালৰ সংযোগ ঘটিছে। বৰ্তমানে অসমৰ সত্ৰসমূহত চলি থকা কুৰি-পঁচিছখন তালৰ উপৰিও ভাওনাৰ চৰিত্ৰসমূহৰ নাচৰ বাজনা আৰু মূল তালসমূহৰ অলংকৰণ হিচাপে বহুকেইখন বাজনা সত্ৰসমূহে সৃষ্টি কৰি ব্যৱহাৰ কৰি আছে আৰু এই বাজনাসমূহে বৰ্তমানে জনপ্ৰিয়তা লাভ কৰিছে।
এনেদৰে আলোচনা কৰিলে দেখা যায় যে অসমৰ সত্ৰীয়া সংগীতসমূহে ৰাগ-তাল আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰৰ নিজস্ব শৈলীৰে অসমৰ সংগীত জগতত বিশেষ স্থান অধিকাৰ কৰি আহিছে আৰু সত্ৰীয়া নৃত্য আৰু সংগীতসমূহৰ জনপ্ৰিয়তাৰ মূলতে গুৰু দুজনাৰ অৱদানক নুই কৰিব নোৱাৰি আৰু এই গীতসমূহে অসমৰ স্বতন্ত্ৰ শাস্ত্ৰীয় সংগীতৰ ধাৰাটো অব্যাহত ৰাখিছে আৰু এই গীতসমূহ মাৰ্গীয় সংগীতৰ এক চলমান ধাৰা।
সহায়ক গ্ৰন্থঃ
১) A Comparative Study of the pala art form of Assam and Orissa, phD thesis, 2009, G.U.- T. K. Goshwami
২) অসমৰ পৰিৱেশ্য কলা - ড০ নবীন চন্দ্ৰ শৰ্মা
৩) সংস্কৃতিৰ জলঙায়েদি (সঃ)- ড০ ত্ৰিদিব গোস্বামী
৪) সংস্কৃতিৰ সুগন্ধি বুটলি (সঃ)- ড০ ত্ৰিদিব গোস্বামী
৫) সত্ৰ সম্ভাৰ (সঃ)- ড০ ত্ৰিদিব গোস্বামী